Home Blog Page 1156

ফেলকণ মহোৎসৱৰ অনুভৱঃ শিখা বেজবৰুৱা গোস্বামী

যোৱা ৩০ নবেম্বৰ আৰু ১,২ ডিচেম্বৰ ২০২৩ত তিনিদিনীয়া কাৰ্যসূচীৰে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত তথা হাফলংৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উমৰাংচুত নৱমত্বম ফেলকণ মহোৎসৱ (9th Falcon Festival in Umrangshu) লৈ বুলি গুৱাহাটীৰ পৰা ৰাওনা হৈছিলো।বৃহস্পতিবাৰ সন্ধিয়াৰে পৰা আৰম্ভ হোৱা নৱম ফেলকণ মহোৎসৱৰ মূল উদ্দেশ্য চাইবেৰিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অহা পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ।উল্লেখ্য যে নবেম্বৰ মাহতে পৰিভ্ৰমী অমুৰ ফেলকণ পক্ষীৰ আগমন ঘটে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচুত আৰু এই পৰিভ্ৰমী পক্ষীৰ আগমন চাবলৈ উমৰাংচোত বহুতো পৰ্যটকৰ আগমন ঘটে।আৰু সেয়ে ছাগে নবেম্বৰ মাহত যোৱা কেইবছৰ মানৰ পৰা উমৰাংচুত ফেলকণ ফেষ্টিভেলৰ আয়োজন কৰি অহা হৈছে।


প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ পৰ্যটন বিভাগীয় মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্তমল্ল বৰুৱাও উপস্থিত আছিল।ভাষণ প্ৰসংগত উমৰাংচুত দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে অনতিপলমে এখন পন্চ তাৰকা(5star)হোটেল নিৰ্মাণৰ কথাও সদৰি কৰে। মহোৎসৱৰ উদ্বোধনৰ পাছতে প্ৰথমতে ডিমা জনগোষ্ঠীৰ শিল্পীসকলে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত বাদডিমা ,মিচ ফেলকন ফেশ্ব্যন শ্ব ‘আৰু সংগীত শিল্পী নীতি মোহনৰ সংগীতানুষ্ঠান।দ্বিতীয় দিনা নিশাও সকজিৎ আৰু পৰম্পৰা সুমধুৰ গীত পৰিবেশন,গীতৰ তালে তালে বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰায় সকলোৱে নৃত্য কৰি আমোদ ল’লে।

গুটেইবোৰ চাই ভালেই লাগিল।দিনৰ ভাগত কোনো অনুষ্ঠান নাথাকে বিপনি সমূহত দেশী বিদেশী মদ আৰু গাহৰি,মূৰ্গী আদি যেয়ে যি খাই ভাল পায় সকলো খাকে।প্ৰথম দিনা প্ৰবেশ বিনামূলীয়া আছিল যদিও দ্বিতীয় দিনাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাহিৰে বাকী সকলে টিকেট নকৰাকৈ সোমাবলৈ অনুমতি নাছিল।দ্বিতীয় দিনা জনপ্ৰিয় সংগীত শিল্পী জেকলিন আহিব বুলিও প্ৰচাৰ চলেৱাত যথেষ্ঠ মানুহৰ সমাগম হৈছিল।


সকলোখিনি ঠিকেই আছিল,খুউৱ সুন্দৰ ঠাই।কপিলি ৰিজাৰ্ভাৰৰ পাৰৰ মনোৰম প্ৰাকৃতুক পৰিবেশে সকলেকে আপোনহাৰা কৰি তুলিব।কিন্তু আমি ফেলকণ মহোৎসৱলৈ বুলি যিটো ধাৰণা মনত লৈ গৈছিলো,তাত গৈ নিৰাশ হ’লো।ভাৱিছিলো তাত ছাগে পৰ্যটকৰ কাৰণে বাইনকুলাৰ থাকিব আৰু সুদূৰ আকাশত আমিও অমূল ফেলকন পক্ষী উৰি ফুৰা দৃশ্য উপভোগ কৰিবলৈ পাম ইত্যাদি।কিন্তু সেইবোৰ অমূলক হ’ল!

এনে লাগিল পৰিভ্ৰমী পক্ষী অমূল ফেলকনৰ সুৰক্ষা,সংৰক্ষণৰ নামত সজাগতা আনিবলৈ আয়োজন কৰা বৃহৎ অনুষ্ঠানটোত ইমান উচ্চ স্বৰৰ সংগীত পৰিবেশন,মিউজিক চিষ্টেম,আতচবাজিত কিমান প্ৰজাতিৰ চৰাই মৰিল কোনে হিচাপ ৰাখিব! কেবল বনৰীয়া বা পৰিভ্ৰমী চৰাই বুলিয়েই নহয় শব্দ প্ৰদূষণত পোহনীয়া জীৱ-জন্তুৰো কিমান যে ক্ষতি হয় সেই বিষয়তহে সজাগতাৰ সৃস্টিৰ পৰিবৰ্তে এনেদৰে মহোৎসৱ পতাৰ কিবা যুক্তি যুক্ততা বা প্ৰয়োজনীয়তা অনুভৱ নকৰিলোঁ।

কেশৱ মহন্তৰ কবিতা- চমু আলোচনাঃ হিমাংশু ৰঞ্জন ভূঞা

অসমীয়া কবিতাই আধুনিকতাৰ যথাৰ্থ ৰূপ পৰিগ্ৰহ কৰাৰ ক্ষেত্ৰত যিসকল কবিৰ অৱদান অনস্বীকাৰ্য, সেইসকলৰ ভিতৰত কেশৱ মহন্তৰ নাম প্ৰণিধানযোগ্য ।কেশৱ মহন্ত একাধাৰে কবি, গীতিকাৰ, শিশু-সাহিত্য ৰচনাকাৰ, অনুবাদক আৰু নিবন্ধকাৰ। উল্লেখ্য যে, কেশৱ মহন্তই ‘জয়ন্তী যুগ’তে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল। জয়ন্তী যুগৰ কবি-সাহিত্যিকসকল সমকালীন সমাজক প্ৰভাৱিত কৰা কিছুমান ঘটনাৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। পাৰ হৈ যোৱা দুখন বিশ্বযুদ্ধই সমসাময়িক সমাজ জীৱনৰ ভেটি প্ৰৱলভাৱে জোকাৰি তুলিছিল।

ফলস্বৰূপে সমসাময়িক কবিকূলে ৰোমাণ্টিক ভাব বিলাসৰ আবৰ্তৰ পৰা নিজকে মুক্ত কৰি বাস্তৱ দৃষ্টিৰে সমাজখন প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিলে। অসমীয়া কাব্য-সাহিত্যলৈ এই সলনি হ’ব ধৰা সুৰটো কঢ়িয়াই অনাৰ দায়িত্ব পালন কৰে জয়ন্তী আলোচনীয়ে।


কবি কেশৱ মহন্ত উল্লেখ কৰা প্ৰগতিশীল ধাৰাটোৰ এগৰাকী লেখৰ কবি। এই সম্পৰ্কে হীৰেন্দ্ৰনাথ দত্তই আগবঢ়োৱা মন্তব্যটি উল্লেখযোগ্য – “কবি কেশৱ মহন্তৰ দীৰ্ঘকাল জোৰা কাব্য চৰ্চাৰ অন্তৰালত এটা প্রত্যয়ে নিৰন্তৰ ক্ৰিয়া কৰি আছে। সেইটো হৈছে সমাজবাদৰ ওপৰত তেখেতৰ অটল বিশ্বাস। এই বিশ্বাসৰ ভেটিত খোপনি ৰাখি তেখেতে বাস্তৱৰ জটিল আৰু বহুমুখী ৰূপ অনুধাৱন কৰে আৰু সংকটকালত তৰি থাকিবৰ বাবে মানুহৰ অপৰাজেয় শক্তি আৰু সম্ভাৱনাৰ কথা সুবিধা পালেই সোঁৱৰায় । ৰোমাণ্টিক ভাৱধাৰাৰ কবিতাৰ বিপক্ষে তাহানি চল্লিশৰ দশকতে স্থিতি লৈ তেখেতে সমাজমুখী বাস্তৱানূগ কবিতা ৰচিবলৈ আৰম্ভ কৰিছিল ।……যোৱা ষাঠি বছৰৰ অন্তৰ্গত কালছোৱাত কেশৱ মহন্তৰ সমাজবাদী ভাবধাৰাৰ কবিতাও বেলেগ বেলেগ ধাৰাৰে আগবাঢ়িছে, কাৰণ বিশ্ব বিয়াপি সমাজবাদী কবিতাই লক্ষ্যণীয় বিস্তৃতি লাভ কৰিছে আৰু আঙ্গিকৰ ক্ষেত্ৰতো নতুনত্ব আহি পৰিছে। মহন্তৰ কবি সত্তা নতুন গতিপথৰ সন্ধানী।”

সমাজবাদী চিন্তাৰ দ্বাৰা উদ্বুদ্ধ কবি গৰাকীৰ মন সমাজৰ অবহেলিত, নিপীড়িত, শোষিত-বঞ্চিতজনৰ প্ৰতি সহানুভূতিশীল। ব্যক্তি মনৰ নিষ্কলুষ ভাবনাৰ লগতে সমাজৰ তথাকথিত ‘বৰ মানুহ’ৰ কপটতা আৰু স্বাৰ্থপৰতাৰ নির্মোহ চিত্ৰ তেওঁৰ ভালেকেইটা লেখত ল’বলগীয়া কবিতাৰ মাজেদি প্ৰকাশ পাইছে। তাৰ বিপৰীতে তেওঁৰ কবিতাত চিত্ৰিত হোৱা গ্ৰাম্য জীৱনৰ সহজ-সৰল ৰূপৰ মাজেদি অসমৰ গ্ৰাম্য সমাজৰ এখন সার্থক প্রতিচ্ছবি প্ৰতিভাত হৈছে— য’ত অসমৰ লোকজীৱন, লোকমন, লোকচিন্তা আৰু বিশ্বাস-পৰম্পৰা কোঁহে-কোঁহে বিদ্যমান। গঞা জীৱনৰ চিত্ৰ ইমান নিহ-নিপানীকৈ ফুটাই তুলিব পৰা কবিৰ সংখ্যা অসমীয়া সাহিত্যত তাকৰ। কেশৱ মহন্তৰ চাৰিখন কাব্য সংকলন আছে। সেই কেইখন হৈছে আমাৰ পৃথিৱী (১৯৪৬), আগন্তুক (১৯৬৩), তোমাৰ তেজ (১৯৮৫) আৰু মোৰ শুকান কলিজাৰ কুঁহিপাত (২০০০)।

এই গৰাকী ‘মানুহকূলীয়া’ কবি কায়-মনোবাক্যে জনসাধাৰণৰ কবি আছিল। সমাজৰ নিচেই তুচ্ছ, সাধাৰণ মানুহজনৰ প্ৰতি কবিৰ মনত যি সমবেদনাপূর্ণ মনোভাব সেয়াই তেওঁৰ কাব্য সাধনাৰ পথত ন ন দিশৰ সন্ধান দিছিল। এগৰাকী স্বনামধন্য কাব্য সমালোচকৰ কথাত সুৰ মিলাই ক’বলৈ হ’লে কবি কেশর মহন্তই সমাজবাদক জীৱনৰ আদর্শ হিচাপে গ্রহণ কৰিলেও তেওঁৰ সেই সমাজবাদী বা বৈপ্লৱিক চিন্তা ওপৰতে ওলমি থকা নাই। তেওঁৰ কবিতা সামাজিক আৰু ৰাজনৈতিক চেতনাৰ শিল্পসম্মত প্রকাশ-

“পাইছ নে কংগোৰ খবৰ?
লুমুম্বাৰ মৰা পোনাটিক চাবলৈ নিদিলে সিহঁতে পলিন লুমুম্বাজনী শোকতে বাউলী” (সোণজিৰা মাহীৰ নাড়ী)

আনে সংঘাত জৰ্জৰ কংগোৰ খবৰ নাৰাখিলেও আমাৰ কবি কেশব মহন্তই ১৯৬০-১৯৬৬ চনলৈকে চলা কংগোৰ সংঘাতৰ খবৰ ভালদৰেই ৰাখিছিল ৷ অসমীয়া কাব্য সাহিত্যত ৰোমাণ্টিক যুগৰ অৱসানৰ পিছত আৰম্ভ হোৱা নতুন কাব্য ধাৰাটোৰ কবিকুলে সমাজ আৰু ব্যক্তিক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। কবিসকলৰ দৃষ্টি অসমীয়া সমাজক চেৰাই বিশ্ব সমাজলৈ প্ৰসাৰিত হ’ল। নতুন উপলব্ধিয়ে তেওঁলোকৰ অভিজ্ঞতাৰ জগত আৰু বৌদ্ধিক জগতৰ পৰিপুষ্টি সাধন কৰিছিল। এনে চিন্তাধাৰাবে পৰিপুষ্ট কবি কেশৱ মহন্তৰ ৰাজনৈতিক চেতনাই কংগোৰ সংকটক আওকাণ কৰিব পৰা নাছিল। সেই চেতনাৰ লগত তেওঁৰ সামাজিক চেতনাও সম্পৃক্ত হৈ আছিল। সেয়েহে কংগোৰ সংঘাত জৰ্জৰ পৰিস্থিতিৰ বলি হেজাৰ হেজাৰ জনতাৰ প্ৰতি তেওঁৰ মন সমবেদনাৰে পূৰ্ণ হৈছিল। নির্দোষী জনতাক নৰক যন্ত্রণা দিয়া পীড়কহঁতৰ প্রতি তেওঁৰ মন ঘৃণাৰে উপচি পৰিছিল। কিন্তু সমবেদনা প্রকাশ কৰাৰ বাহিৰে তেওঁৰ একো এটা কৰিবলৈ বাট নাছিল। উৎপীড়ক, স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে তেওঁৰ মন জাগ্রত হৈছিল। এই চেতনাৰে এটা শিল্প সম্মত রূপ ওপৰত উল্লেখ কৰি অহা কবিতা কেইফাকিৰ মাজেদি বিবৃত হৈছে।

মার্ক্সীয় আদর্শৰ দ্বাৰা প্রভাৱিত কবিয়ে তেওঁৰ ৰচনাত অর্থনৈতিকভাবে দুটা মেঝত বিভক্ত সমাজখনৰ কথাও আলোচনা কৰিছে –

“মোৰ অমাঙ্গলিক বাটৰ অন্ধকাৰৰ এটা খহনীয়া কেঁকুৰিত
এজনী সমকালীন এলান্ধুকলীয়া বিবর্জিতাই খুচৰি আছিল তাইৰ জীৱিকা ৰাজাধিৰাজৰ ৰাজসূয় যজ্ঞৰ চুৱা-পাতনিত”
(মোৰ চাকিগছ)

কবিতাটিত ধনী-দুখীয়া- এই দুই মেঝত বিভক্ত সমাজখনৰ নগ্ন প্রতিচ্ছবি প্রতিভাত হৈছে। ‘খহনীয়া কেঁকুৰি’ স্খলনমুখী সমাজখনৰ প্রতীক। স্তৱকটোৰ শেষৰ তিনিফাঁকি কবিতাই বাস্তৱৰ এখন নিঃকৰুণ, অমানৱীয় চিত্র প্রতিফলিত কৰিছে।

আগতেই উল্লেখ কৰা হৈছে যে কেশৱ মহন্ত এগৰাকী গীতিকাৰ হিচাপেও প্রসিদ্ধ। তেওঁৰ কবিতাসমূহলৈ গীতিকাৰ কেশৱ মহন্তৰ প্রভাৱ সংক্রমিত হৈছে। তেওঁৰ সেই সুৰীয়া অনুভূতিৰ লগত সম্পৃক্ত হৈ আছে সৰল চহা জীৱনৰ ৰূপ, বস, গোন্ধ। নানা প্রতীক আৰু চিত্ৰকল্পৰ সমাবেশত তেওঁৰ সেই কবিতাবিলাক ৰসগ্রাহী পাঠকৰ অতি আপোন হৈ পৰিছে। ‘আঘোণৰ কুঁৱলী’ তেওঁৰ এনে এটা মনোগ্রাহী, হৃদয়স্পর্শী কবিতা।

“কুঁৱলী নথকা হ’লে দেখিলোহেঁতেন বা পতা-সোণ-বৰণীয়া ধানৰ আঁচল,
আঙুলিৰে মুঠি মৰা
কেচ্ কেচ্ চিমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মুৰবোৰ ওপৰলে’ তুলিবৰে সময় নোপোৱা।”
(আঘোণৰ কুঁৱলী)

অসমৰ গ্ৰাম্য জীৱনত আঘোণৰ তাৎপর্যই বেলেগ। আঘোণত ধান পকে, দাৱনীহঁতে সোণালী শস্য লখিমী বুলি ভঁৰাললৈ চপাই আনে। মনত উল্লাস ভাব আৰু উৎসাহ-উদ্দীপনা লৈ জুম বান্ধি দাৱনীহঁত সোণালী দলিচা মেলি থোৱা বিস্তত পথাৰত ভৰি দিয়ে। “ওপৰলে’ তুলিবৰে সময় নোপোৱা” দাৱনীহঁতৰ খিলখিলীয়া হাঁহিয়ে পথাৰ-বন ঢৌৱাই যায়। সেই কষ্ট সহিষ্ণু দাৱনীহঁতৰ হাঁহিৰ টুকুৰাই কবিৰ কৰ্ণেন্দ্ৰিয়ক অনাবিল তৃপ্তি প্রদান কৰে। কিন্তু তেওঁ যেন হেঁপাহ পলুৱাই সেই বিমল আনন্দ উপভোগ কৰিবলৈ অপাৰগ। কাৰণ ‘কুঁৱলী’ আন একো নহয়- এয়া হৈছে কঠোৰ বাস্তৱিকতাৰে প্রতীক। অথচ কবিৰ কাপেদি নিসৃত হোৱা অনুপম শব্দবোৰৰ মাজেদি অসমীয়া সমাজ জীৱন, অসমৰ গ্ৰাম্য সভ্যতা, অসমৰ শৰৎকালীন সৌন্দৰ্যৰ টুকুৰা চিত্ৰ আৰু দৈনন্দিন জীৱনৰ দেনা-পাওনাৰ চিন্তাত নিমগ্ন হৈ থকা ব্যক্তি মনৰ যি অসহায় ৰূপ আৰু হতাশাগ্রস্ততা- সেয়া যেন কবিয়ে ‘সেউতী’জনীক হেৰোৱা দুখানুভূতিৰ লগত মিলি গৈছে।

“(বৌদেউ,
আপুনি যে কৈছিলে সেউতীৰ কথা!
মোৰ কথা সেউতীক কৈছিলে জানো?)

আঘোণৰ কুঁৱলীতে সেউতী হেৰালে ডাঙৰি বান্ধিম বলি তৰা-জৰী তোলাতে থাকিলে…

(আঘোণৰ কুঁৱলী)

অসমৰ অতীত সাংস্কৃতিক ঐতিহ্যৰ প্রতিও কবি শ্রদ্ধাশীল। অসমৰ পৰম্পৰাগত লোকগাথা, লোককাহিনী, গীত-মাত, বিশ্বাস-পৰম্পৰা সকলোৱে আহি তেওঁৰ কবিতাত ভুমুকি মাৰিছেহি- কেতিয়াবা প্রতীক, চিত্রকল্প হিচাপে আৰু কেতিয়াবা মটিফ হিচাপে –

তেজীমলা মৰা নাই
জৰাতেই তাইৰ জড় হৈ যোৱা নাই
তেজীমলাই ৰূপহে সলায় অত্যাচাৰৰ প্রতিশোধ লবল’ই
তেজীমলা জানো ফুল
‘হাতো নেমেলিবি ফুলো নিছিঙিবি
তেজীমলাহে মই’

তেজীমলা জানো লাও
‘… তেজীমলাহে মই”

(এটা কবিতা পঢ়ি)

আমাৰ প্ৰায় সকলোৱে তেজীমলাৰ সাধুটো জানে। মাহীমাকে অবর্ণনীয় অত্যাচাৰ কৰি তেজীমলাক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াইছিল। আজিৰ সমাজতো ‘তেজীমলা’ৰ অভাৱ নাই। কিন্তু আজিৰ তেজীমলাই প্রতিবাদ কৰিব জানে। আজিৰ তেজীমলাই মাহীমাক ৰূপী শোষক-উৎপীড়কক চিনি পোৱা হৈছে। সমাজ সচেতন কবি কেশর মহন্তই সৰ্বসাধাৰণ ৰাইজ ছদ্মবেশী শোষকসকলক চিনাক্ত কৰি সিবিলাকৰ শোষণ, উৎপীড়নৰ বিৰুদ্ধে প্রতিবাদ কল্পে যথোচিত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে।

এইদৰে সমাজ জীৱন আৰু ব্যক্তি জীৱনৰ বর্ণাঢ্য চিত্র কেশৱ মহন্তৰ কবিতাৰ মাজেদি ফুটি উঠিছে। সমাজবাদী চিন্তাৰ দ্বাৰা উদ্বুদ্ধ কবি গৰাকীৰ মন সমাজৰ অবহেলিত, নিপীড়িত, শোষিত-বঞ্চিতজনৰ প্রতি সহানুভূতিশীল। ব্যক্তি মনৰ নিষ্কলুষ ভাবনাৰ লগতে সমাজৰ তথাকথিত ‘বৰ মানুহ’ৰ কপটতা আৰু স্বাৰ্থপৰতাৰ নির্মোহ চিত্ৰ তেওঁৰ ভালেকেইটা লেখত ল’বলগীয়া কবিতাৰ মাজেদি প্ৰকাশ পাইছে। তাৰ বিপৰীতে তেওঁৰ কবিতাত চিত্রিত হোৱা গ্রাম্য জীৱনৰ সহজ-সৰল ৰূপৰ মাজেদি অসমৰ গ্ৰাম্য সমাজৰ এখন সার্থক প্রতিচ্ছবি প্রতিভাত হৈছে- য’ত অসমৰ লোকজীৱন, লোকমন, লোকচিন্তা আৰু বিশ্বাস-পৰম্পৰা কোঁহে-কোঁহে বিদ্যমান। গঞা জীৱনৰ চিত্ৰ ইমান নিৰহ-নিপানীকৈ ফুটাই তুলিব পৰা কবিৰ লেখ অসমীয়া সাহিত্যত তাকৰ। সেই কেইগৰাকী লেখৰ কবিৰ ভিতৰত কেশৱ মহন্তও অন্যতম।

( লিখক শিক্ষাবিভাগৰ বিশ্বনাথ জিলাৰ নলবাৰী মণ্ডলৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক )

সংসদত নিৰাপত্তাৰ সুৰুঙা কাণ্ডৰ আঁৰত আছে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি – ৰাহুল গান্ধী…

‘সংসদত নিৰাপত্তাৰ সুৰুঙা কাণ্ডৰ আঁৰত আছে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি’।

সংসদ-কাণ্ড সন্দৰ্ভত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। ১৩ ডিচেম্বৰত সংসদত সংঘটিত হৈছিল এই ঘটনা।

দৰ্শকৰ গেলেৰীৰ পৰা সদনৰ মজিয়াত জঁপিয়াই পৰিছিল দুজন লোক। সংসদ ভৱনৰ বাহিৰতো দুজন লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

ছেমচাং ফোন ব্যৱহাৰকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী…

ছেমচাং ফোন ব্যৱহাৰকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী৷

শীঘ্ৰে ছেমচাং ফোনসমূহ আপডেট কৰিবলৈ পৰামৰ্শ চৰকাৰৰ৷

ব্যৱহাৰীকাৰীৰ গোপনীয় তথ্য সহজে হেক হোৱাৰ সম্ভাৱনা৷

১১,১২,১৩ আৰু ১৪ নম্বৰৰ মডেলসমূহ আপডেট কৰিবলৈ পৰামৰ্শ৷

নিম গছৰ পাত ৰোগ নিৰাময়ৰ মহৌষধ…

ৰোগ নিৰাময়ৰ মহৌষধঃ

নিমগছ মানুহৰ বাবে অতি প্ৰয়োজনীয় গছ। সেয়ে প্ৰায় মানুহৰ ঘৰৰ বাৰীত নিমগছ দেখা যায়। ইয়াৰ কীটনাশক, বীজাণুনাশক আৰু বায়ু পৰিশোধনকাৰী গুণ আছে। ই সাধাৰণতে ১১-১২ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ পাত, ফুল, ছাল, শিপা, বীজ আদি ৰোগ নিৰাময়ৰ উত্তম দৰৱ। মহানিমৰ বৈজ্ঞানিক নাম Meliya Indica আৰু ইয়াৰ শাস্ত্ৰীয় নাম অৰিষ্ট, নিম্ব, গিচুমাৰ্দ, তিক্তক আদি। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বিভিন্ন হাবি-বননিত নিমগছ হয়। ৰোগ নিৰাময়ত নিমগছৰ গুৰুত্ব সৰ্বাধিক-

চৰ্মৰোগ, বমি, মেলেৰিয়া আদি ৰোগ নিৰাময়ত ইয়াৰ ছালৰ চূৰ্ণ মহৌষধ।

আথবাত ৰোগত ইয়াৰ বাকলি পানীত উতলাই খালে সুফল পোৱা যায়।

নিম গছৰ পাত আৰু ছাল বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণৰ মহৌষধ।

গ্ৰহণী ৰোগ নিৰাময়ত ইয়াৰ শুকান ফুল পানীত সিজাই চাউলৰ গুড়িৰ সৈতে সামান্য নিমখ মিহলাই খাব লাগে।

নিমপাতৰ চূৰ্ণ আমলখিৰ গুড়িৰ সৈতে মিহলাই খালে পিত্ত ৰোগ নিৰাময় হয়।

কুষ্ঠ ৰোগৰ বাবে নিমপাতৰ ৰসৰ লগত পটলৰ ৰস মিহলাই খালে সুফল পোৱা যায়।

যকৃতৰ দোষ আৰু কৃমি ধ্বংসৰ বাবে নিমপাতৰ ৰস মৌজোলৰ সৈতে মিহলাই খাব লাগে।

শৰীৰ দুৰ্বল আৰু অৰুচি হলে নিম গছৰ শিপাৰ ৰস খালে সুফল পোৱা যায়।

মূৰৰ বিষত ভুগিলে, বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিম গুটিৰ তেল মূৰত ঘঁহিব লাগে।

প্ৰমেহ, অৰ্শ বা কেঁচুমূৰীয়া আদি ৰোগত নিমগুটি খালে যথেষ্ট উপকাৰ পোৱা যায়।

নিমতেল মূৰৰ উফি আৰু ওকণি নাশ কৰাৰ পৰম মহৌষধ। ৰোগীয়ে নিমপাতৰ গুড়ি খালে ৰোগ নিবাৰণ হয়।

জণ্ডিচ আৰু এচিডিটীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিমপাতৰ গুড়ি পানীত মিহলাই খাব লাগে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত নিমপাত পৰম উপকাৰী।

গতিকে বিভিন্ন ৰোগ নিৰাময়ৰ এইবিধ পৰম উপকাৰী গছজোপাক জধেমধে কটাৰ বিপৰীতে আমাৰ প্ৰতিটো পৰিয়ালে ঘৰৰ বাৰীত একোজোপাকৈ হ’লেও ৰোপণ কৰি ইয়াক বিলুপ্তিৰ পথৰ পৰা ৰক্ষা কৰিব লাগে।

বিশিষ্ট সংগীতশিল্পী, সুৰকাৰ অনুপ ঘোষালৰ দেহাৱসান…

বিশিষ্ট সংগীতশিল্পী, সুৰকাৰ অনুপ ঘোষালৰ দেহাৱসান।

৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

শুকুৰবাৰে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে IAS শেৱালি দেৱীৰ জামিন…

IAS শেৱালি দেৱী শৰ্মাৰ জামিন নাকচ ৷ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন৷

SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত আছিল শেৱালি ৷

বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰতে আছে শেৱালি দেৱী শৰ্মা৷

মাজুলীত বিধ্বংসী অগ্নিকাণ্ড ! মঞ্জু পেগু নামৰ এগৰাকী মহিলাৰ হোটেলত অগ্নিকাণ্ড…

মাজুলীত বিধ্বংসী অগ্নিকাণ্ড৷

মঞ্জু পেগু নামৰ এগৰাকী মহিলাৰ হোটেলত অগ্নিকাণ্ড৷

জুইত জাহ যায় প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী ৷ শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷

সৰ্বভাৰতীয় অসামৰিক ক্ৰিকেট প্ৰতিযোগিতাত কেৰালাৰ বিৰুদ্ধে অসমৰ জয়লাভ…

সৰ্বভাৰতীয় অসামৰিক ক্ৰিকেট প্ৰতিযোগিতাত কেৰালাৰ বিৰুদ্ধে অসমৰ জয়লাভ

সৰ্বভাৰতীয় অসামৰিক সেৱা চমুকৈ এ আই চি এছ টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাত কেৰালাৰ বিৰুদ্ধে অসমে ৪৮ ৰাণত জয়লাভ কৰিছে । নতুন দিল্লীৰ ভাৰত নগৰ ক্ৰিকেট খেলপথাৰত ১৫ ডিচেম্বৰ, শুকুৰবাৰে অসম সচিবালয় দল আৰু কেৰালা ৰাজ্যিক সচিবালয় দল পৰস্পৰৰ মুখামুখি হয় ।

নক আউট টুৰ্ণামেণ্টৰ মেচখনত টছত জয়ী হৈ অসম সচিবালয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে ১৬৪ ৰাণ । অসম দলৰ অধিনায়ক পাৰ্থিব কাশ্যপ শৰ্মাই ২৯ বলত ৪৪ ৰাণ আৰু সিদ্ধাৰ্থ মেধিয়ে ২২ বলত ৪২ ৰাণ সংগ্ৰহ কৰে ।

প্ৰত্যুত্তৰত অসম দলৰ ক্ষুৰধাৰ বলিঙৰ সন্মূখত টিকিব নোৱাৰি কেৰালা সচিবালয়ে ১৭.৫ অভাৰত ১১৬ ৰাণতে ইনিংছ সামৰে । বলিঙত অসমৰ হৈ পাৰ্থিৱে ৩ টা, আকাশ মণ্ডল, মন্টু দাস আৰু মনীষ দাসে ২ টাকৈ উইকেট দখল কৰে ।
অসম সচিবালয়ে ১৭ ডিচেম্বৰ, দেওবাৰে পুডুচেৰী ৰাজ্যিক সচিবালয় দলৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব ।

স্বাস্থ্য ৰক্ষাত অসমীয়া জলপানে কেনেদৰে সহায় কৰে জানক…

অসমীয়া মানুহৰ বেছিভাগৰে আজি পুৱাৰ জলপান বুলি ক’লে ৰুটি-তৰকাৰি, ব্রেড-বাটাৰ, কণী আৰু বহুতৰ ঘৰত মেগি, ই-পি, চাওচাওৱে ঠাই পাইছে। অসমীয়া মানুহৰ পুৱাৰ যি জলপান আছিল তেনে জলপান মানুহৰ ঘৰত দেখিবলৈ পোৱা নাযায়। কেনেবাকৈ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে কেতিয়াবা চিৰা-পিঠাগুড়ি খালেও নতুন প্রজন্মৰ ল’ৰা-ছোৱালীয়ে অসমীয়া চিৰা-পিঠাৰ নামকে শুনিব নোখোজে। পিতৃ-মাতৃৰ কৃপাত আজিৰ বহু ল’ৰা-ছোৱালীয়ে অসমীয়া জলপান চিনিকে নাপায়। অসমীয়া জলপানৰ নামকে নাজানে। কিন্তু অসমীয়া জলপানসমূহে যে কিমান উপকাৰী। এই জলপান খায়েই অসমৰ গ্ৰামীণ সমাজৰ লোকসকলে বাৰী-ঘৰৰ কাম কৰিবলৈ গাত শক্তি পাইছিল। পথাৰৰ কাম কৰিছিল। চিৰা, কোমল চাউল, কল, গুৰৰ জলপানে দেহত কম শক্তি যোগাইছিল নে! এই জলপানৰ গুণ লাভ কৰিব পৰা যাবনে মেগি-চাওচাওৰ পৰা?

অসমীয়া জলপানসমূহ অসমীয়া খাদ্য-সংস্কৃতিৰ এটা সন্মানীয়, আদৰৰ-চেনেহৰ অংগ। কাঁহৰ বাটিত সজাই দিয়া জলপানৰ বাটিটো দেখিলেই মন ভাল লাগি যায়। অসমীয়া জলপান কেৱল দেখাতেই সুন্দৰ, আদৰৰ-চেনেহৰ বুলিয়েই নহয়, এই জলপান প্ৰচুৰ পুষ্টিগুণেৰে ভৰা। পিঠাগুড়ি, কৰাইগুড়ি, চিৰা-মুড়ি, আখৈ এই সকলোৰে পৰা খাদ্যপ্রাণ পোৱা যায়। এই জলপান খালে পেটটো লঘু হৈ থাকে। এই জলপানসমূহ তৈয়াৰীত কোনো কৃত্রিমতা নাই। সম্পূর্ণ অকৃত্ৰিম ৰূপত ঘৰৰ চাউলেলেই তৈয়াৰ কৰা হয়। সেইদৰে কোমল চাউল-চিৰা আদি খাবলৈ সোৱাদৰ লগতে ইয়াত প্ৰচুৰ খাদ্যগুণ পোৱা যায়।

পানীত তিয়াই থোৱা কোমল চাউলত আৱশ্যকীয় ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। চিৰাতো এইখিনি গুণ পোৱা যায়। সেইবাবেই অতীতৰ পুৰুষ-মহিলাসকলে এই জলপান খাই শৰীৰ আটিল আৰু কৰ্মঠ কৰি ৰাখিব পাৰিছিল। দিনজোৰা কৰ্মত ব্যস্ত থাকিব পাৰিছিল। জলপানৰ লগত খোৱা দৈয়ে আকৌ শৰীৰ সুৰক্ষিত কৰি ৰখা প্লাজমা প্ৰ’টিন, হ’ৰমন, উৎসেচক আৰু প্ৰতিজৈৱিক প্রস্তুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। দৈয়ে বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে। হাঁড়-দাঁতৰ গঠনত ইয়াৰ সবল ভূমিকা আছে। পেলুৰ সমস্যা, মানসিক চাপ আৰু উত্তেজনা নিয়ন্ত্ৰণত সহায়ক।

এনে জলপানত অভ্যস্ত আছিল বাবেই পূৰ্বৰ মানুহ যথেষ্ট নিৰোগী, মনোবল থকা লোক আছিল। আজিৰ ল’ৰা-ছোৱালীয়ে গুৰ নাখায়। কিন্তু গুৰত যথেষ্ট পৰিমাণে আইৰন, ফছফৰাছ, কেলচিয়াম, ভিটামিন-এ, বি নিহিত থাকে। গুৰে তেজ পৰিস্কাৰ কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। হৃদযন্ত্র শক্তিশালী কৰাত গুৰৰ বৃহৎ ভূমিকা আছে। গুৰে প্ৰস্ৰাৱৰ দোষ নাইকিয়া কৰাৰ লগতে বৃক্ক সবল কৰে। চিৰা, কোমল চাউল, পিঠাগুড়ি, মুড়ি আদিৰ লগত খোৱা কলৰ ভূমিকা জানো নতুনকৈ ক’বলগীয়া আছে। সকলোৱে জানেই কল ফলৰ ৰজা। ইয়াত আৱশ্যকীয় সকলো উপাদান আছে। তেনেহ’লে কিয় অৱহেলা কৰে আমাৰ জলপানৰ বাটিতো।

মেগি, চাও চাও আৱিস্কাৰ হোৱাৰ আগেয়ে এই জলপান খায়েই অসমীয়া মানুহে সমাজৰ গুৰি ধৰিছিল। সেই কথা পাহৰি গ’লে নচলিব। ঘৰখনত জলপান মজুত ৰাখিলে, পিতৃ-মাতৃয়ে নিজে খালে আৰু সন্তানক সৰুৰে পৰা এনে জলপান খোৱাৰ অভ্যাস কৰালে, খাদ্য সম্পর্কে মনত সচেতনতা বঢ়াই গ’লে এই খাদ্যগুণসম্পন্ন জলপানৰ দ্বাৰা পৰিয়ালটিক সুস্বাস্থ্যৰ কৰি গঢ়ি তুলিব পাৰি। আমাৰ জলপানসমূহ শুকান বাবে ঘৰতে তৈয়াৰ কৰি বা কিনি টেমাত ভালদৰে সাঁফৰ মাৰি সৰহ দিন ৰাখিব পাৰি। খাবৰ পৰত কষ্ট নকৰাকৈ সহজে লৈ খাব পাৰি। অতিথিক আমাৰ জলপান খুৱাবলৈ বেয়া পাব নালাগে, অতিথিয়েও খাবলৈ পালে মনত আনন্দহে পাব লাগে। ভাৰতৰ প্ৰত্যেক ৰাজ্যৰে নিজা খাদ্য সম্ভাৰ আছে আৰু তেওঁলোকে নিজ নিজ খাদ্য সম্ভাৰক স্বীকৃতি দিয়ে আৰু মানি চলে। এনেবোৰ কথাত আমি চকু দিব লাগে।

লেখিকা: অঞ্জু ৰাণী দেৱী