Home Blog Page 1169

সন্দেহজনক বাংলাদেশী ভোট বেংকৰ বাবে এইবাৰ নগাঁও লোকসভা সমষ্টিত চকু গৌৰৱ গগৈৰ – পীযুষ হাজৰিকা…

সন্দেহজনক বাংলাদেশী ভোট বেংকৰ বাবে এইবাৰ নগাঁও লোকসভা সমষ্টিত চকু গৌৰৱ গগৈৰঃ পীযুষ হাজৰীকা
“কংগ্ৰেছে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট নোহোৱাকৈ জিকাটো বাদেই জিকাৰ কথা ভাবিবও নোৱাৰে”

আগন্তুক নিৰ্বাচনৰ বাবে নগাঁও লোকসভা সমষ্টিক লক্ষ্য কৰি লৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। সন্দেহজনক বাংলাদেশী ভোট বেংকৰ বাবে এইবাৰ নগাঁও লোকসভা সমষ্টিত চকু কংগ্ৰেছ সাংসদগৰাকীৰ। আজি এখন ৰাজহুৱা সভাত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি তেওঁ সামাজিক মাধ্যমযোগে কয় যে, প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বাৰে বাৰে নিজৰ কৰ্মৰ মাজেৰে নিজৰ চৰিত্ৰ উদঙাই আহিছে।

তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল যে, লোকসভাৰ ১৪ খন আসন।কিন্ত কংগ্ৰেছ ব্যস্ত এটা নিৰ্দিষ্ট সমষ্টিক লৈ।কংগ্ৰেছৰ ভ্ৰাম্যমাণ ,পেৰাচুট নেতা সকলোকে লাগে নগাঁও সমষ্টি! নিৰ্লজ্জভাবে এতিয়া প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত নগাঁও সমষ্টি লৈ চলিছে টনা-আজুৰা। তদুপৰি ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাওঁত অন্তৰ্ভুক্ত হৈছে বটদ্ৰৱা, ৰূপহী, চামগুৰি, লাহৰিঘাটৰ দৰে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোটাৰৰে ভৰি থকা সমষ্টি।

তাৰবাবেই পূৰ্বৰ সমষ্টি কলিয়াবৰ,এতিয়াৰ কাজিৰঙাত ৬ টাকৈ সমষ্টি থাকি যোৱা স্বত্তেও গৌৰৱ গগৈ ব্যস্ত নগাঁওক লৈহে। আজিৰ তাৰিখত কংগ্ৰেছে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট নোহোৱাকৈ জিকাটো বাদেই জিকাৰ কথা ভাবিবও নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, গৌৰৱ গগৈৰ বাবে কলিয়াবৰ, বোকাখাত,গোলাঘাট,সৰুপথাৰ,খুমতাইৰ থলুৱা ভোটাৰতকৈ বটদ্ৰৱা,ৰূপহী,চামগুৰি,লাহৰিঘাটৰ সন্দেহযুক্ত ভোটাৰহে বহুত বেছি গুৰুত্বপূৰ্ণ।

সৎ কৰ্মৰে পূৰ্বৰ পাপ খণ্ডাব পাৰি – শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ কথাৰে…

সৎ কৰ্মৰে পূৰ্বৰ পাপ খণ্ডাব পাৰি — শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ কথাৰে ।   মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অন্ন মুঠি যতে ততে গ্ৰহন কৰিবলৈ মানা কৰি এটা পৌৰাণিক আখ্যান আগবঢ়াইছে । আখ্যান মতে অন্ন মুঠি সদায় চাই চিতি গ্ৰহন কৰিব পাৰিলে ভাল । কিয়নো অন্যায়ভাৱে বা নীতি বিগৰ্হিত ভাৱে আহৰণ কৰা অন্নত পাপ মিহলি হৈ থাকে । তেনে ঘৰত গ্ৰহন কৰা অন্নই দাঁতাজনৰ পাপৰ ভাগ খোৱা জনেওঁ লব লগা হয় ।  আখ্যান মতে এজন চোৰ-ডাকু প্ৰকৃতিৰ মানুহৰ অত্যাচাৰত কোনো শান্তিৰে থাকিব পৰা নাছিল । বাটত লগ পোৱা মানুহক দাবি ধমকি দি বয় বস্তু কাঢ়ি নিছিল । বিচৰা বস্তু নাপালে মানহ জনক মাৰিও পেলাইছিল । এনেদৰে চোৰ জনে ধন-সম্পতিৰ পাহাৰ গঢ়িছিল । এদিন এজন মহাপূণ্যবান সদাচাৰী লোক ঘটনাক্ৰমে সেই পথেৰে আহিব লগীয়া হ’ল । ৰাতি হোৱা বাবে তেওঁ উপায়হিন হৈ পৰিল ।

তেওঁ ভাবিলে বাহিৰত থাকিলে মাৰধৰ কৰি বস্তু বাহিনী কাঢ়ি নিলেও অন্তত প্ৰাণটো ৰক্ষা পৰিব বুলি ভাবি ৰাতিটো ডকাইতৰ ঘৰতে আশ্ৰয় লোৱাৰ সিদ্ধান্ত ল’লে । ৰাতি ডকাইতে নিজৰ ঘৰত মানুহজনক দেখি আচৰিত হ’ল । ইমান বছৰৰ মুবত উপযাচি অহা মানুহ জনক ডকাইতে সুন্দৰকৈ ৰাখি সুস্বাদু ব্যঞ্জনেৰে এসাজ খুৱালে ।   সময়ত দুয়োজন মৰিল । যমৰজাই চিত্ৰগুপ্তক তেওঁলোকৰ পাপ পুণ্যৰ হিচাপ কৰিব দিলে । বিচাৰত ওলাল — ডকাইত জনে গোটেই জীৱন পাপ কৰিয়ে কটালে যদিও এজন সদাচাৰী লোকক এসাজ অন্ন খুৱাই অলপ পুণ্য অৰ্জণ কৰিলে । আৰু সদাচাৰী লোকজনে গোটেই জীৱন পুণ্য কৰিলে যদিও এজন পাপীৰ ঘৰত এসাজ খাই অলপ পাপ আৰ্জিলে ।

— যমৰজাই দুয়োজনাৰ পাপ পুণ্যৰ হিচাপ কৰি ৰায় দিলে যে –” এসাজ অন্ন খুওৱা ডকাইতৰ অকনমান ৰাজভোগ আছে আৰু ডকাইতৰ ঘৰত খোৱা সদাচাৰী জনৰ অলপ নৰকত ভোগ আছে । এতিয়া কোনে প্ৰথমতে কি ভোগ কৰিবা ।” ৰায় শুনি সদাচাৰীয়ে ভাবিলে — মোৰ জীৱনত গোটেই পুণ্য আছে যেতিয়া প্ৰথমতে নৰক যন্ত্ৰনা খিনিকে ভোগ কৰি লওঁ । আৰু ডকাইতে ভাবিলে গোটেই জীৱন নৰকভোগে আছে যেতিয়া প্ৰথমতে ৰাজভোগে লওঁ । এইবুলি দুয়ো নিজৰ সিদ্ধান্ত যম ৰজাক জনালে ।  কথামতে কাম । ডকাইত ৰজাৰ ঘৰত পুত্ৰৰূপে জন্ম ল’লে । সৎ সংস্কাৰী ঘৰত জন্ম লৈ তেওঁ ইটোৰ পিছত সিটো সৎ কাম কৰি পুৰ্ব জন্মৰ পাপ মোচন কৰি গোটেই জীৱন পুণ্য অৰ্জণ কৰিলে । আনহাতে সদাচাৰী জনে এটা নিকৃষ্ট জন্মত জন্ম লাভ কৰি ইটোৰ পিছত সিটো পাপ কৰ্ম কৰি পুৰ্বৰ পুণ্য শেষ কৰি নৰকগামী হৈ অধাচাৰী হৈ নৰকতে জীবনটো কটালে । সেয়েহে গুৰুজনাই সৎভাৱে উপাৰ্জণ কৰা লোকৰ পৰা দান আৰু অন্ন গ্ৰহণ কৰিবলৈ উপদেশ দিছে ।

লেখক –হেমন্ত কলিতা

আপোনাৰ মা এতিয়াও আপোনাৰ সৈতেই থাকে কিয় ! সাংবাদিকৰ এই প্ৰশ্নত কি উত্তৰ দিছিলে ক্রিষ্টিয়ানো ৰোনাল্ডোই…

সাংবাদিক এজনে ক্রিষ্টিয়ানো ৰোনাল্ডোক সুধিছিল-

আপোনাৰ মাক এতিয়াও আপোনাৰ সৈতেই থাকে কিয়?আপুনি দেখোন মানুহক মিলিয়ন মিলিয়ন ডলাৰ সাহায্য দিয়ে, তেনেহ’লে আপুনি কিয় আপোনাৰ মাৰ কাৰণে ঘৰ এখন বনাই নিদিয়ে?

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক্ৰিষ্টিয়ানো ৰোনাল্ডোই কৈছিল-

মোৰ মায়ে মোক বহুত কষ্ট কৰি ডাঙৰ-দীঘল কৰিছে আৰু তেখেত মোৰ কাৰণে নিজৰ জীৱনটোও দিবলৈ প্ৰস্তুত আছিল।তেখেত কেৱল মোৰ খাদ্য সংগ্ৰহ কৰিবলৈ কেতিয়াবা ভোকাতুৰ হৈও টোপনি গৈছিল। আমাৰ কোনো টকা,পইচা,ধন-সম্পত্তি নাছিল। মই মোৰ প্রথম বুট কিনিবলৈ ৭ দিন একেৰাহে দিনে আৰু ৰাতি ক্লিনাৰৰ কাম কৰিছো, যাতে মই এজন খেলুৱৈ হব পাৰো।

মোৰ সকলো সফলতা তেখেতলৈ উৎসৰ্গ কৰিছো আৰু মোক মৰম সহিতে মানুহৰ দৰে মানুহ বনোৱাৰ কাৰণে তেখেতক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু জীয়াই থকালৈকে মই সদায় বিচাৰো,তেখেত যাতে মোৰ কাষতেই থাকে।ধন সম্পত্তি অৰ্থৰে একোৱে নহয়। মই তেখেতক যি দিব পাৰো,সকলো তেখেতৰ আছেই। কিন্তু সন্তানৰ ভালপোৱা যত্ন সেৱাতকৈ ডাঙৰ আৰু কিনো হব পাৰে? পৃথিৱীখনত তেখেতেই মোৰ সকলোতকৈ ডাঙৰ আশ্ৰয়স্থল আৰু সৃষ্টিকৰ্তাৰ ফালৰ পৰা এয়া এক ডাঙৰ উপহাৰ।.

লেখিকা – শৰ্মিষ্ঠা কলিতা

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মহিলা এছ এল সম্পন্নঃ চূড়ান্ত খেলত চি জ’ন চেম্পিয়ন…

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এম এ চি  ছুপাৰ লীগ  ১৫ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰিছে ৷ কালি অনুষ্ঠিত হোৱা ফাইনেল খেলত চি জ’নে বি জ’নক ৩-০ গ’লৰ ব্যবধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে ৷ কালি খেলখনৰ প্ৰথমাৰ্ধৰ পৰাই চি জ’নে  আক্ৰমনাত্মক খেল আৰম্ভ কৰি বি জ’নক চাপত ৰাখি মাত্ৰ ৮ মিনিটৰ ব্যবধানত প্ৰথমটো গ’ল আহে চি জ’নৰ অভিজ্ঞ ষ্ট্ৰাইকাৰ জয়ন্তী চৰেণৰ পৰা ৷ চি জ’নৰ ৰাইট উইংগাৰ পাঁহি দলেয়ে ক্ৰছ কৰা বল জয়ন্তী চৰেণে কোনো ভুল নকৰাকৈ নেটলৈ ঠেলি পঠিয়াই ১-০ গ’লৈ চি দলক আগুৱাই নিয়ে ৷ প্ৰথমাৰ্ধৰ ২০ মিনিটত চি জ’নলৈ আন এটা গ’ল আহে ৷ চি জ’নৰ অভিজ্ঞ ডিফেণ্ডাৰ জোনাকী দলেয়ে মিড প্লেয়াৰ কুইন কুটুমলৈ ঠেলি দিয়ে আৰু কুইনে চি জ’নৰ লেফ্ট উইংগাৰ অষ্টমী বড়োলৈ প্লাছ কৰি দিয়াত অষ্টমীয়ে সুন্দৰ কোবাল চটেৰে বি জ’নৰ নেট কঁপাই দিয়ে ৷

  চি জ’নে বিৰতিলৈ ২-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে ৷ দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰা পুনৰ চি জ’নে বি জ’নৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে ৷  আক্ৰমণ চলি থাকোঁতে  ফুটবল খেলপথাৰৰ নৱাগত খেলুৱৈ তথা ৰাইট উইংগাৰ পাঁহি দলেয়ে চি জ’নৰ অভিজ্ঞ লেফ্ট ডিফেণ্ডাৰ মৰমী বড়োৱে দিয়া পাছ আয়ত্ত কৰি বি জ’নৰ তিনিগৰাকী ডিফেণ্ডাৰ পাৰ কৰি শক্তিশালী চটেৰে গ’ল দি  চি জ’নৰ বিজয় নিশ্চিত কৰে ৷ সমগ্ৰ টুৰ্নামেণ্টত চি জ’নৰ ডিফেণ্ডাৰ তথা মিডৰ খেলুৱৈ মধুস্মিতা গগৈয়ে প্ৰতিভা অনুযায়ী ভালদৰে খেলাৰ সুযোগ নাপালে ৷ সমগ্ৰ টুৰ্নামেণ্টত ১১ বছৰীয়া ছোৱালী তথা চি জ’নৰ মিড ফিল্ডাৰ কুইন কুটুমৰ খেলে সকলো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ উল্লেখনীয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ পৰা এ, বি, চি, ডি, ই, এফ বুলি ৬ টা জ’নত ভাগ ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত দহদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল ৷ উক্ত শিবিৰৰ পৰাই প্ৰতিটো জ’নৰ বাবে ১৮ জনকৈ খেলুৱৈ নিৰ্বাচিত কৰি এম এ চি ছুপাৰ লীগ অনুষ্ঠিত কৰিছিল ৷ টুৰ্নামেণ্টখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰি চি জ’নৰ কুইন কুটুমে ৷

শ্ৰেষ্ঠ গ’ল দাতাৰ সন্মান লাভ কৰে চি জ’নৰ অষ্টমী বড়োৱে ৷ অষ্টমীয়ে ৬ খন খেলত ৮ গ“ল দিবলৈ সক্ষম হয় ৷ ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চি জ’নৰ খেলুৱৈ জয়ন্তী চৰেণে ৷ জয়ন্তীয়ে ৬ খন খেলত ৭ গ’ল দিবলৈ সক্ষম হয় ৷ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান লাভ কৰে চি জ’নৰ বন্টি আয়ানে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাসকলে নগদ ১০ হেজাৰ টকা, মানপত্ৰ, সোণৰ পদক আৰু একোটাকৈ ট্ৰফী লাভ কৰে ৷  ফাইনেল খেলৰ চেম্পিয়ন চি জনে লাভ কৰে নগদ ১ লাখ টকাৰ লগতে এখন আকৰ্ষণীয় ট্ৰফী ৷ বিজিত দল বি জ’নে লাভ কৰে ৫০ হেজাৰ টকা, এটি ট্ৰফী,  মানপত্ৰ আৰু ৰূপৰ পদক ৷ চেম্পিয়ন চি জ’নক পুৰস্কাৰসমূহ প্ৰদান কৰে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূবন গাামে ৷ বিজিত দল বি জ’নক পুৰস্কাৰসমূহ প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে ৷ পুৰস্কাৰ বিতৰণী সভাত উপস্থিত থাকে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, জ’হান দলে, নৰেশ কুম্বাং, প্ৰভাত বসুমতাৰী, প্ৰশান্ত বড়ি, দেৱৰঞ্জন মৰাং, অধ্যক্ষ-সচিব যাদৱ পেগু,  সাধাৰণ সদস্য দিলীপ পেগু, ৰাজু পেগু, লাবন্য মিলি আদিয়ে। 

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মহিলা এছ এল সম্পন্নঃ চূড়ান্ত খেলত চি জ’ন চেম্পিয়ন…

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এম এ চি  ছুপাৰ লীগ  ১৫ বছৰ অনুৰ্ধ্ব মহিলা ফুটবল প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰিছে ৷ কালি অনুষ্ঠিত হোৱা ফাইনেল খেলত চি জ’নে বি জ’নক ৩-০ গ’লৰ ব্যবধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে ৷ কালি খেলখনৰ প্ৰথমাৰ্ধৰ পৰাই চি জ’নে  আক্ৰমনাত্মক খেল আৰম্ভ কৰি বি জ’নক চাপত ৰাখি মাত্ৰ ৮ মিনিটৰ ব্যবধানত প্ৰথমটো গ’ল আহে চি জ’নৰ অভিজ্ঞ ষ্ট্ৰাইকাৰ জয়ন্তী চৰেণৰ পৰা ৷ চি জ’নৰ ৰাইট উইংগাৰ পাঁহি দলেয়ে ক্ৰছ কৰা বল জয়ন্তী চৰেণে কোনো ভুল নকৰাকৈ নেটলৈ ঠেলি পঠিয়াই ১-০ গ’লৈ চি দলক আগুৱাই নিয়ে ৷ প্ৰথমাৰ্ধৰ ২০ মিনিটত চি জ’নলৈ আন এটা গ’ল আহে ৷ চি জ’নৰ অভিজ্ঞ ডিফেণ্ডাৰ জোনাকী দলেয়ে মিড প্লেয়াৰ কুইন কুটুমলৈ ঠেলি দিয়ে আৰু কুইনে চি জ’নৰ লেফ্ট উইংগাৰ অষ্টমী বড়োলৈ প্লাছ কৰি দিয়াত অষ্টমীয়ে সুন্দৰ কোবাল চটেৰে বি জ’নৰ নেট কঁপাই দিয়ে ৷  চি জ’নে বিৰতিলৈ ২-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে ৷

দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ পৰা পুনৰ চি জ’নে বি জ’নৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে ৷  আক্ৰমণ চলি থাকোঁতে  ফুটবল খেলপথাৰৰ নৱাগত খেলুৱৈ তথা ৰাইট উইংগাৰ পাঁহি দলেয়ে চি জ’নৰ অভিজ্ঞ লেফ্ট ডিফেণ্ডাৰ মৰমী বড়োৱে দিয়া পাছ আয়ত্ত কৰি বি জ’নৰ তিনিগৰাকী ডিফেণ্ডাৰ পাৰ কৰি শক্তিশালী চটেৰে গ’ল দি  চি জ’নৰ বিজয় নিশ্চিত কৰে ৷ সমগ্ৰ টুৰ্নামেণ্টত চি জ’নৰ ডিফেণ্ডাৰ তথা মিডৰ খেলুৱৈ মধুস্মিতা গগৈয়ে প্ৰতিভা অনুযায়ী ভালদৰে খেলাৰ সুযোগ নাপালে ৷ সমগ্ৰ টুৰ্নামেণ্টত ১১ বছৰীয়া ছোৱালী তথা চি জ’নৰ মিড ফিল্ডাৰ কুইন কুটুমৰ খেলে সকলো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ৷ উল্লেখনীয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ পৰা এ, বি, চি, ডি, ই, এফ বুলি ৬ টা জ’নত ভাগ ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত দহদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল ৷ উক্ত শিবিৰৰ পৰাই প্ৰতিটো জ’নৰ বাবে ১৮ জনকৈ খেলুৱৈ নিৰ্বাচিত কৰি এম এ চি ছুপাৰ লীগ অনুষ্ঠিত কৰিছিল ৷ টুৰ্নামেণ্টখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰি চি জ’নৰ কুইন কুটুমে ৷ শ্ৰেষ্ঠ গ’ল দাতাৰ সন্মান লাভ কৰে চি জ’নৰ অষ্টমী বড়োৱে ৷ অষ্টমীয়ে ৬ খন খেলত ৮ গ“ল দিবলৈ সক্ষম হয় ৷ ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চি জ’নৰ খেলুৱৈ জয়ন্তী চৰেণে ৷ জয়ন্তীয়ে ৬ খন খেলত ৭ গ’ল দিবলৈ সক্ষম হয় ৷ শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ সন্মান লাভ কৰে চি জ’নৰ বন্টি আয়ানে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাসকলে নগদ ১০ হেজাৰ টকা, মানপত্ৰ, সোণৰ পদক আৰু একোটাকৈ ট্ৰফী লাভ কৰে ৷  ফাইনেল খেলৰ চেম্পিয়ন চি জনে লাভ কৰে নগদ ১ লাখ টকাৰ লগতে এখন আকৰ্ষণীয় ট্ৰফী ৷ বিজিত দল বি জ’নে লাভ কৰে ৫০ হেজাৰ টকা, এটি ট্ৰফী,  মানপত্ৰ আৰু ৰূপৰ পদক ৷

চেম্পিয়ন চি জ’নক পুৰস্কাৰসমূহ প্ৰদান কৰে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূবন গাামে ৷ বিজিত দল বি জ’নক পুৰস্কাৰসমূহ প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলে ৷ পুৰস্কাৰ বিতৰণী সভাত উপস্থিত থাকে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, জ’হান দলে, নৰেশ কুম্বাং, প্ৰভাত বসুমতাৰী, প্ৰশান্ত বড়ি, দেৱৰঞ্জন মৰাং, অধ্যক্ষ-সচিব যাদৱ পেগু,  সাধাৰণ সদস্য দিলীপ পেগু, ৰাজু পেগু, লাবন্য মিলি আদিয়ে। 

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ…

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধ ঘোষণা উচ্চতম ন্যায়ালয়ৰ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে জম্মু-কাশ্মীৰৰ দ্বিখণ্ডিতকৰণক বৈধতা প্ৰদান কৰে।

জম্মু-কাশ্মীৰক সুকীয়া ৰাজ্যিক মৰ্যাদা প্ৰদানৰ লগতে লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছে। 

আনহাতে জম্মু কাশ্মীৰক শীঘ্ৰেই ৰাজ্যৰ মৰ্যাদাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ।

সামাজিক মাধ্যমযোগে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ক স্বাগতম জনাইছোঁ বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

লগতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কল চেণ্টাৰৰ গোচৰত ৫৩ অভিযুক্তৰ জামিন লাভ !প্ৰতিসপ্তাহত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব লাগিব অভিযুক্তই…

কল চেণ্টাৰৰ গোচৰত ৫৩ অভিযুক্তৰ জামিন লাভ। জামিন লাভৰ পাছতে ক্ৰাইম ব্ৰাঞ্চলৈ অভিযুক্তসকল।

প্ৰতিসপ্তাহত ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব লাগিব অভিযুক্তই। ২৬ ডিচেম্বৰলৈ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ। অভিযুক্তসকলৰ বেছিভাগেই বহিঃৰাজ্যৰ।

গুৱাহাটীৰ হোটেলে হোটেলে বাহৰ পাতিছে অভিযুক্তসকলে।

অভিনেতা জয়ন্ত দাসৰ অৱস্থা সংকটজনক ! প্ৰয়োজন হৈছে তেজৰ…

অভিনেতা জয়ন্ত দাসৰ অৱস্থা সংকটজনক

প্ৰয়োজন হৈছে তেজৰ

ইচ্ছুক ব্যক্তিয়ে 98640 56264 নম্বৰত যোগাযোগ কৰি কৰিব পাৰিব ৰক্তদান

সংকটজনক অৱস্থাত এপ’ল’ত চিকিৎসাধীন বিশিষ্ট অভিনেতা জয়ন্ত দাস।

অভিনেতাজনক প্ৰয়োজন বহু পৰিমাণৰ তেজৰ। হাতজোৰ কৰি পত্নীয়ে ৰাইজৰ পৰা বিচাৰিলে সহায়।

উচ্চতম ন্যায়ালয়ত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ মুখ্যমন্ত্ৰী যোগীৰ প্ৰথম প্ৰতিক্ৰিয়া…

জম্মু কাশ্মীৰ অনুচ্ছেদ ৩৭০ঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। চিজেআই ডি.ৱাই. চন্দ্ৰচুদে সোমবাৰে কয় যে ২০১৮ চনৰ ডিচেম্বৰ মাহত জম্মু-কাশ্মীৰত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ প্ৰয়োজন নাই। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

মুখ্যমন্ত্ৰী যোগীয়ে কয়, ‘৩৭০ আৰু ৩৫ ক ধাৰা সন্দৰ্ভত সন্মানীয় উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্ত প্ৰশংসনীয়। ইয়াৰ দ্বাৰা ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ শক্তিশালী হ’বলৈ গৈ আছে। শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জম্মু-কাশ্মীৰক দেশৰ মূলসুঁতিৰ সৈতে সংযোগ কৰাৰ ঐতিহাসিক কামৰ বাবে ৰাজ্যৰ ২৫ কোটি জনসাধাৰণৰ হৈ আমি পুনৰবাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো ‘জাতি প্ৰথম’ৰ মনোভাৱেৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘নিশ্চিতভাৱে প্ৰধানমন্ত্ৰীৰ সফল নেতৃত্বত জম্মু-কাশ্মীৰ আৰু লাডাখ অঞ্চলে সুশাসন, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব। জয় হিন্দ।’

জে পি নাড্ডাৰ প্ৰতিক্ৰিয়া
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয়, ‘৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত সন্মানীয় উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্তক ভাৰতীয় জনতা পাৰ্টিয়ে আদৰণি জনাইছে। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৩৭০ আৰু ৩৫এ ধাৰা আঁতৰোৱাৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰিছে, ইয়াৰ প্ৰক্ৰিয়া আৰু উদ্দেশ্য।

Lucknow, Feb 02 (ANI): Uttar Pradesh Chief Minister Yogi Adityanath addresses a press conference regarding the Union Budget 2023-24 and other issues, at his official residence, in Lucknow on Thursday. (ANI Photo)

তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে জম্মু-কাশ্মীৰক দেশৰ মূল মতাদৰ্শত অন্তৰ্ভুক্ত কৰাৰ ঐতিহাসিক কাম কৰিছে, ইয়াৰ বাবে মই আৰু আমাৰ কোটি কোটি কৰ্মীয়ে প্ৰধানমন্ত্ৰীৰ প্ৰতি আমাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। ” “

আপোনালোকক কওঁ যে উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্তত পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছে। সোমবাৰে আদালতে কয় যে অহা বছৰৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ ৰাজ্যত্ব অতি সোনকালে পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ দিয়ে।

মাজুলীৰ লুহিত খাবলু পঞ্চায়তত মৰ্মান্তিক ঘটনা: ১১ খনকৈ ১০৮ এম্বুলেন্স থাকিও নাপালে সেৱা, উন্নয়নৰ নগ্ন স্বৰূপ উদঙাই প্ৰসূতিয়ে ঘাটতে প্ৰসৱ কৰিলে সন্তান…

মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ অনুৰোধ লুহিত নদীৰ দাম্বুকীয়াল ঘাটত এখন পকী দলং দিয়ক,বাৰিষা টুলুঙা নাৱেই আমাৰ ভৰষা,খৰালি জৰাজীৰ্ণ বাঁহৰ দলং,আজি ৰাতি হোৱা হ’লে কি হ’ল হেঁতেন?মোৰ মানুহজনীয়ে বাট পথৰ অসুবিধাত বাটতে হাবি-বননিৰ মাজত গৰু-ছাগলীৰ দৰে সন্তান জন্ম দিছে।’এনেদৰে মাজুলীৰ লুহিত-খাবলু গাওঁ পঞ্চায়তৰ অন্তৰ্গত দাম্বুকীয়াল ১৬ মাইল গাঁৱৰ অনামিকা পায়েং নামৰ প্ৰসূতি গৰাকীৰ স্বামী উপায় পায়েং নামৰ লোকজনে দাম্বুকীয়াল ঘাটত দুৰ্বিসহ জীৱন-যাতনাৰ বাস্তৱ ছবিখন দাঙি ধৰি ‘অসমীয়া খবৰ’ৰ যোগেদি ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দাম্বুকীয়াল ঘাটত এখন পকী দলং নিৰ্মাণ কৰি দি অঞ্চলবাসীৰ সমস্যা সমাধানৰ বাবে আহ্বান জনায়।উল্লেখযোগ্য যে,স্বাধীনতাৰ ৭৭ টা বৰ্ষ অতিক্ৰমৰ পাছতো ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ উন্নয়ন নেদেখা মাজুলীৰ লুহিত খাবলু পঞ্চায়তৰ প্ৰায় ২৮ খন গাঁৱৰ ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে।কলিয়াপানী স্বৰূপ অঞ্চলটো পূৰ্বে লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও নিৰ্বাচনৰ পূৰ্বে ভোটভিক্ষাৰ বাবে অহাৰ বাদে কোনো জনপ্ৰতিনিধিয়ে আৰ্থ সামাজিক উন্নয়নৰ আঁচনি লৈ লুহিত খাবলু পঞ্চায়তলৈ নহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।বিভিন্ন সময়ত লুহিত খাবলুত টুলুঙা নাৱত সন্তান প্ৰসৱ কৰা,ঠেলা গাড়ীত সন্তান প্ৰসৱ কৰা,ঘোঁড়া গাড়ী,টেক্টৰত ৰোগী চিকিৎসালয়লৈ অনাৰ পাছত লুহিত নদীৰ জৰাজীৰ্ণ কাঠৰ দলঙত মৃতদেহ লৈ পথ অৱৰোধ কৰি পকী দলং নিৰ্মাণৰ দাবী জনাইছিল।

দাম্বুকীয়াল ঘাটত চলিত বৰ্ষৰ জুন মাহত এগৰাকী প্ৰসূতিয়ে বোকা-পানীৰ মাজেৰে ঠেলাত চিকিৎসালয়লৈ আহি নাৱৰ ওপৰতে সন্তান জন্ম দিয়া ঘটনা মাৰ নাজাওঁতেই পুনৰ আজি দাম্বুকীয়াল ঘাটত বাট-পথৰ দুৰৱস্থাৰ বাবে মাজুলীত মুঠ ১১ খনকৈ ১০৮ এম্বূলেন্স সেৱা থকাৰ পাছতো প্ৰসূতিৰ আত্মীয়ই ফোন কৰি ১০৮ সেৱা বিচাৰিছিল যদিও প্ৰায় দুঘণ্টা সময় পাৰ হৈ যোৱাৰ পাছত পথৰ দাঁতিত প্ৰসূতি গৰাকীয়ে উন্নয়নৰ নগ্ন স্বৰূপ উদঙাই মানৱ সমাক লজ্জানত কৰি দিনৰ পোহৰত পথৰ ওপৰতে বিপদসংকূলভাৱে অনামিকা পায়েং নামৰ প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান জশম দিয়ে।পৰিতাপৰ কথা সন্তান জন্মৰ পাছতো মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা স্থানত ১০৮ সেৱা গৈ নোপোৱাত খলাবমা পথৰ ওপৰেৰে এখন ই-ৰিক্সাত উঠাই মাতৃ আৰু নৱজাতকক গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰায় ৫ কিলোমিটাৰ পথ অনাৰ পাছত বহু পলমকৈ অহা ১০৮ এম্বূলেন্সখনেৰে নৱজাতক আৰু মাতৃ গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।বৰ্তমান মাতৃ আৰু নৱজাতকটি সুস্থ যদিও এনে মৰ্মান্তিক ঘটনাই মাজুলীৰ প্ৰকৃত উন্নয়নৰ বিপৰীত ছবিখন উদঙাই দেখুৱাইছে।লুহিত খাবলুবাসীয়ে দাবী জনাইছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দাম্বুকীয়াল ঘাটত পকী দলং নিৰ্মাণৰ নিশ্চিত সিদ্ধান্ত গ্ৰহণ নকৰিলে সমগ্ৰ অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰিব।