Home Blog Page 1179

লাইভ শ্ব’ত বিবিচি এংকৰে দেখুৱালে মধ্যমা আঙুলি! হেৰুৱালে চাকৰি, খুজিলে ক্ষমা…

মৰিয়ম মছিৰিঃ বিবিচিৰ সাধাৰণ কাউণ্টডাউন শূন্যত উপনীত হোৱাৰ লগে লগে পৰ্দাত দেখা দিলে মৰিয়ম মছিৰি। মূৰটো নমাই চকু দুটা মেলিছিল। একে সময়তে কেমেৰাৰ ফালে হাত দাঙি মধ্যমা আঙুলি দেখুৱালে এংকৰগৰাকীয়ে। বহু সময়ত এংকৰে লাইভ টিভিত এনেকুৱা কাম কৰে যাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়। বুধবাৰে বিবিচিৰ নিউজ এংকৰ মৰিয়াম মৰিয়ম মছিৰিয়ে লাইভ টিভিত মধ্যমা আঙুলি দেখুৱা এটা গোচৰ পোহৰলৈ আহিছে। এই ঘটনাটো ঘটিছিল যেতিয়া দুপৰীয়াৰ খবৰ উপস্থাপন কৰিবলৈ সাজু হৈছিল।



ভিডিঅ’টো ওলোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ পিছত তেওঁ ক্ষমা বিচাৰিলে। মৰিয়ম মছিৰিয়ে কয় যে এয়া ব্যক্তিগত কৌতুক আৰু কেমেৰাত ধৰা পৰিব বুলি মই ভবা নাছিল। তেওঁ ক’লে যে আমি যেতিয়া কাউণ্টডাউন এক নম্বৰত উপনীত হ’লোঁ, তেতিয়া মই কৌতুক হিচাপে আঙুলিটো লৰচৰ কৰিলোঁ আৰু মই গম পোৱা নাছিলো যে কেমেৰাত বন্দী হ’ব। এইটো দলৰ সৈতে ব্যক্তিগত কৌতুক আছিল আৰু মই বহুত দুখ পাইছো যে ই সম্প্ৰচাৰিত হ’ল।


আনহাতে, এই ঘটনাৰ পিছত বিবিচিয়েও এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। এটা বিবৃতিত কোৱা হৈছে যে এইটো এটা অগ্ৰাহ্যযোগ্য ঘটনা আৰু ইয়াৰ বাবে আমি ক্ষমা বিচাৰিছো। আমি বিষয়টোৰ তদন্ত কৰি আছো আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। সাধাৰণভাৱে সাংবাদিকতা আৰু পেছাদাৰীতাৰ বাবে পৰিচিত বিবিচিৰ বাবে এই ঘটনা এক অস্বাভাৱিক ঘটনা বুলি বিশেষজ্ঞসকলৰ মতে।

লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য আৰু জাতীয় চেতনা…

বেজবৰুৱাৰ সাহিত্য আৰু জাতীয়চেতনা

✍ হিমাংশু ৰণ্‌জন ভূঞা, জামুগুৰিহাট

অসমীয়া ভাষা, সংস্কৃতি, জাতি গঠনৰ ভূমিকাত মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে যি বৰঙণি আগবঢ়াই থৈ গ’ল, কালৰ কুটিল পৰিক্ৰমাত এইসমূহ পুনৰ নিঃচ্ছিন্ন হোৱাৰ পথতে লক্ষ্মীনাথ বেজবৰুৱাই পুনৰ ঠন ধৰাই তুলিছিল। সময়ৰ গতিশীল পাকচক্ৰত অসমীয়া ভাষাৰ দুৰ্যোগৰ সময়তে কেইগৰাকীমান উদাৰপ্ৰাণ খ্ৰীষ্টিয়ান মিছনেৰীৰ চেষ্টাত আৰু আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি অসমৰ সুযোগ্য সন্তানৰ নেতৃত্বত অসমীয়া ভাষাৰ পুনৰ উত্থান হ’বলৈ ধৰে। এই সকলৰ আশা-আকাংক্ষাৰ বাটত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত আৰম্ভ হোৱা জোনাকীয়ে সোণালী দলিচা পাৰি দিয়ে। জোনাকীত নৱ চেতনাৰ উন্মেষে আধুনিক অসমীয়া সাহিত্যক বৈচিত্র্যপূর্ণ সাহিত্য সম্ভাৰেৰে জীপাল কৰি পাশ্চাত্য সাহিত্যৰ লগত নতুন পৰিচয় কৰি দিলে। জোনাকীয়ে সৃষ্টি কৰিলে ‘ৰোমান্তিক যুগ’ ৰ দৰে নব্য ধাৰা। জোনাকীৰ বুকুত লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যৰ পাতনি মেলি ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈ সমগ্ৰ সময়খিনি একছত্ৰী সম্ৰাটৰ দৰে সাহিত্যৰ প্ৰধান জুমুঠিটোক দৃঢ়তাৰে ধৰি ৰাখিছিল। জোনাকীয়ে সৃষ্টি কৰা অসমীয়া সাহিত্যৰ যি নৱ উন্মেষিত যুগ বুলি পৰিচিত হৈছে তাৰে সিংহভাগ বৰঙণি বেজবৰুৱাৰ ৰচনাৱলীয়ে অধিকাৰ কৰি আছে। অসমীয়া জাতি, ভাষা, সাহিত্য আৰু সংস্কৃতিক নতুন ৰূপেৰে নিৰ্মাণৰ সাধনাৰে ব্ৰতী হোৱা বেজবৰুৱাই গোটেই জীৱন সাহিত্যৰ বৰপথাৰখনত অসমীয়া জাতিৰ বিকাশৰ বাবেই বিবিধ সামাজিক দিশক বিষয়বস্তু হিচাপে লৈ সাহিত্য ৰচনা কৰি গ’ল। তেওঁৰ সমগ্র সাহিত্য পুথি, ৰচনা, প্ৰৱন্ধ আদিবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ গোটেই জীৱনজুৰি সৃষ্টি কৰা বিবিধ দিশৰ সাহিত্যত এনেকুৱা এক বিষয় নাই যিটো সামাজিক অথবা সময়ৰ পৰিপ্ৰেক্ষিতত অপ্ৰাসংগিক।
লক্ষ্মীনাথ বেজবৰুৱাই অতি সৰুকালৰে পৰা ঘৰুৱা পৰিবেশত জাতীয় সত্তাৰ শিক্ষা পাইছিল। তেওঁৰ প্ৰায়বোৰ লেখনিতে জাতীয়তাবোধৰ নিদর্শন পোৱা যায়। যদিও কলিকতাত থাকি লক্ষ্মীনাথ বেজবৰুৱাই পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈছিল, তেওঁৰ অন্তৰত সন্তর্পণে শুই থকা জাতীয় সত্তাটোৰ মৃত্যু হোৱা নাছিল। বৰং পাশ্চাত্য শিক্ষাই এই সত্তাক তীব্ৰ ৰূপত প্ৰস্ফূটিত হোৱাত সাৰ পানীহে যোগান ধৰিলে। অসমীয়া জাতি, ভাষা সংস্কৃতিক অকৃত্ৰিমভাৱে ভাল পোৱাৰ স্বাৰ্থতেই বেজবৰুৱাই আধুনিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাষা-সাহিত্য-সংস্কৃতিক নতুন ৰূপত সজাই তোলাৰ চেষ্টা কৰিলে। অসমীয়া জাতীয় সত্তাৰ ধাৰণা তথা অসমীয়া বৌদ্ধিক সমাজত লক্ষ্মীনাথ বেজবৰুৱাই জাতীয়তাবোধৰ নৱ উন্মেষ ঘটাইছিল। তেওঁৰ অমৰ সৃষ্টি ‘অ’ মোৰ আপোনাৰ দেশ’, ‘অসম সংগীত’, ‘কদমকলি’, ‘পদুমকুঁৱৰী’, চুটিগল্পৰ সংকলনসমূহ, নাটক, কৃপাবৰী ৰচনা, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিষয়ক গ্রন্থ- এই সমূহত জাতীয়তাবাদী চেতনাসমূহ অতি সচেতনতাবে প্রকাশ কৰিছে। তেওঁ এই চেতনাক হাস্য ব্যংগ অথবা গহীন ভাব ভংগীৰে ফুটাই তুলিবলৈ সক্ষম হৈছে। তাৰোপৰি, জাতীয় চেতনাৰে উদ্বুদ্ধ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাবোৰত সমাজ সংস্কাৰৰো এক তীব্র চেতনা দেখা পোৱা যায়। কৃপাবৰী ৰচনা, চুটিগল্প প্ৰায়বোৰতে সমাজ সংস্কাৰৰ নিদর্শন দেখা যায়। তেওঁ সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, কু-সংস্কাৰ, শোষণ, মিছা অহংকাৰ, মিছা ভেম আদিবোৰক ব্যংগ বাণেৰে তীব্র সমালোচনা কৰাৰ লগতে সমাজৰ সু সংস্কাৰৰ বাবে অহোপুৰুষাৰ্থ চেষ্টাত কৰা দেখা যায়। তেওঁৰ গল্প আৰু কৃপাবৰী ৰচনাত এনে সংস্কাৰকামী দৃষ্টিভংগী পৰিলক্ষিত হয়।

লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জগতত প্রৱেশ কৰে লিতিকাই নামৰ ধেমেলীয়া নাট এখনৰ জৰিয়তে। ই এটা পুৰণি সর্বজনবিদিত সাধুকথাৰে নাট্যৰূপ। বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ মূল আধাৰ আছিল অসমীয়া সমাজখন। অসমীয়া সমাজ জীৱনৰ বিভিন্ন ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, বিশ্বাস-অন্ধবিশ্বাস, ধর্ম, আদর্শ, খাদ্য, সাজ-পাৰ ইত্যাদিৰ এখন সুন্দৰ চিত্ৰ তেওঁৰ প্ৰায়বোৰ ৰচনাৰ মাজতেই দেখা যায়।
মূলতঃ পাশ্চাত্য দৰ্শনৰ প্ৰভাৱে বেজবৰুৱাক প্ৰভাৱিত কৰিছিল যদিও জাতীয় সাহিত্যৰ উন্নতিহে তেওঁৰ মূল উদ্দেশ্য আছিল। অসমীয়া সাহিত্যত বেজবৰুৱাৰ যোগেদিয়ে প্ৰৱেশ কৰিলে পাশ্চাত্য দর্শন, নৱন্যাসবাদ আদিয়ে। পাশ্চাত্য দৰ্শনৰ দ্বাৰাই বেজবৰুৱাই অসমীয়া সাহিত্যক বস্তুনিষ্ঠ দৃষ্টিভংগীৰে সমৃদ্ধ কৰিলে। মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱৰ ধ্রুপদী সাহিত্যই যিদৰে এটা যুগ সৃষ্টি কৰিলে, সেইদৰে সেইসকল মনীষীৰ ৰচনাৰ পটভূমিত বেজবৰুৱাই সৃষ্টি কৰিলে জাতীয় ভাবযুক্ত দৃষ্টিভংগীৰে সমৃদ্ধ অসমীয়া সাহিত্যৰ এটি নতুন যুগৰ। জাতীয় সচেতনতা আৰু স্বদেশ স্বজাতিৰ উন্নতি সাধন বেজবৰুৱাই নিজৰ জীৱনৰ ব্ৰত হিচাপে গ্রহণ কৰিছিল। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰ কথা সোঁৱৰাই অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু ভাষা চেতনা জাগ্রত কৰাৰ মূলতে আছিল বেজবৰুৱা। “অসমীয়া ভাষা, সাহিত্যৰ সমৃদ্ধিয়েই হৈছে অসমীয়া জাতিৰ সমৃদ্ধি”- এই কথাষাৰকে মৰণপণ কৰি লোৱা লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া জাতিৰ উদ্ধাৰৰ হকেই হাতত কলম তুলি লৈছিল আৰু তেওঁৰ সেই কলম কেতিয়াও থমকি ৰোৱা নাছিল। অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্য উদ্ধাৰৰ হেতু প্রাণে-পণে লাগি জাতিটোৰ প্ৰাণ প্রতিষ্ঠা কৰাৰ বাবে বেজবৰুৱাৰ স্থান অসমীয়াৰ বুকুত চিৰদিন খোদিত হৈ ৰ’ব।

বেজবৰুৱাৰ সৃষ্টিৰাজী সম্পৰ্কত আলোচনা কৰিবলৈ হ’লে আমি সেই সময়ৰ অসমীয়া ভাষাৰ দুৰ্যোগপূর্ণ পৰিস্থিতিলৈ উভতি যাব লাগিব। কুখ্যাত ইয়াণ্ডাবু সন্ধিয়ে অসমৰ ৰাজনৈতিক, অর্থনৈতিক তথা সামাজিক ব্যৱস্থাকে ধ্বংস কৰি দিয়া নাছিল, ইয়াৰ লগতে ইংৰাজৰ আগমনে অসমীয়া ভাষালৈকো সংকটপূৰ্ণ অৱস্থাৰ সৃষ্টি কৰিছিল। কুটিল ৰাজনৈতিক ষড়যন্ত্রত অসমত বাংলা ভাষাৰ প্ৰচলনে অসমীয়া জনসমাজলৈ ভাবুকিৰ সৃষ্টি কৰিছিল। কিন্তু সেইসময়ত কেইগৰাকীমান উদাৰমনা বেপ্তিষ্ট মিছনাৰীৰ সহযোগত অসমীয়া ভাষাৰ ঐতিহ্যক স্বকীয়তাৰে ধৰি ৰখাৰ আপ্রাণ চেষ্টা কৰিলে। এই মিছনেৰীসকলৰ ভূমিকা অসমৰ জাতীয় জীৱনত চিৰস্মৰণীয় হৈ ৰ’ব। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে বাংলা ভাষাৰ দৌৰাত্ম্য আৰু অসমীয়া ভাষাক বিদ্রুপ কৰি আক্ৰমণাত্মক সমালোচনা কৰি কিছুমান প্রবন্ধ বাংলাভাষী আলোচনী প্রবাসী, মৃন্ময়ী আদিত প্ৰকাশ পাইছিল। কিন্তু কলিকতাত উচ্চশিক্ষা লাভ কৰি থকা প্রবাসী অসমীয়া ছাত্ৰৰ জাতীয়তাবোধৰ সন্মিলিত চেষ্টাত জন্ম হোৱা জোনাকী আৰু পিছলৈ বাঁহীত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা, সাহিত্য সম্পর্কে এলানী তথ্যপূর্ণ প্রবন্ধ ৰচনা কৰি অসমীয়া বিৰোধী ষড়যন্ত্ৰকাৰীসমূহক উচিত প্ৰত্যুত্তৰ দিছিল। অসমীয়া ভাষাৰ স্বকীয়তা, ঐতিহ্য, প্রাচীনতা আৰু বিকাশৰ দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে জোনাকী আৰু বাঁহী আলোচনীত গৱেষণাধর্মী কিছুমান প্রবন্ধ ৰচনা কৰি বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ দৃঢ়তাপূৰ্ণ স্থান নিৰ্ণয় কৰি থৈ গৈছে। বেজবৰুৱাৰ হৃদয়ত জাতিৰ প্ৰতি থকা দায়িত্ববোধ, ভাষাৰ প্ৰতি থকা উচিত মৰ্যাদাৰ কেতিয়াও হীন দেৰি হোৱা নাছিল। দেশাত্মবোধ, জাতীয়তাবোধ, সংস্কাৰমুখী, ভাবধাৰা, আত্মমর্যাদা আদি বেজবৰুৱাৰ মজ্জাগত বৈশিষ্ট্য আছিল। সেয়েহে তেওঁ কলিকতাত উচ্চ শিক্ষা লাভ কৰিবলৈ গৈ পাশ্চাত্য সাহিত্যৰ বহল ক্ষেত্ৰখনৰ লগত পৰিচিত হৈও অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে সমগ্ৰ জীৱন উচৰ্গা কৰি থৈ গ’ল । ভাষা সাহিত্যৰ উত্তৰণৰ বাবেই কলিকতাৰ প্রবাসী ছাত্ৰসকল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখে অসমীয়া ছাত্ৰ সকলৰ প্ৰচেষ্টাত ১৮৮৮ চনত ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ গঠন কৰে। এই সভাৰ মূখপত্ৰৰূপে ১৮৮৯ চনত জোনাকী আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্রকাশ হয়।

জোনাকীয়ে অসমীয়া সাহিত্যত এক নতুন যুগৰ সৃষ্টি কৰিছিল। লিতিকাইৰে সাহিত্যিক জীৱনৰ পাতনি মেলা লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা-সাহিত্যলৈ বৰ্ণাঢ্য বিষয়ক ৰচনা উপহাৰ দিলে। বেজবৰুৱাৰ নেতৃত্বতেই এমুঠি অসমীয়া লেখকৰ সৃষ্টি হৈছিল আৰু অসমীয়া সাহিত্যইও লাহে লাহে প্রাণ পাই উঠিছিল। বেজবৰুৱাই নিজেও সাহিত্যৰ আটাইকেইটা ঠালতেই হাত দিছিল। কবিতা, গল্প, উপন্যাস, নাটক, ৰম্যৰচনা আদি প্রায় সকলোবিলাক বিভাগতেই বেজবৰুৱাই এটা নতুন ধাৰাৰ সৃষ্টি কৰে। লগতে, বেজবৰুৱাৰ হাততেই আধুনিক অসমীয়া গদ্যই বিশিষ্ট শৈলী, সাৱলীলতা আৰু বিবর্তন লাভ কৰিলে বুলিও একেমুখে স্বীকাৰ কৰিব পাৰি। আকৌ, জোনাকীৰ পাছত, সম্পূর্ণ তেওঁৰ প্ৰচেষ্টাত প্রকাশিত হোৱা বাঁহী আলোচনীখনেও অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক বিশেষ স্থান লাভ কৰি আহিছে। নিভাঁজ অসমীয়া ৰচনা বীতি আৰু জাতীয়তাবাদৰ নতুন সুচনাৰে বাঁহী আছিল অসমীয়া সাহিত্যৰ ইতিহাসৰ বাবে সঞ্জীৱনী স্বৰূপ। বাঁহীয়ে অসমীয়াক নিজৰ জাতিকে চিনি পাবলৈ শিকাইছিল আৰু বেজবৰুৱা আছিল ইয়াৰ অন্যতম হোতা।

এটা কথা উল্লেখ কৰিব লাগিব যে, লক্ষীনাথ বেজবৰুৱাই সাহিত্য সাধনা কৰিছিল ঔপনিৱেশিকতাৰ কৱলত ককবকাই থকা জাতিটোৰ ভাষা-সাহিত্যৰ নিৰ্মাণ আৰু সমৃদ্ধিৰ বাবে। তেওঁ আছিল উত্তৰণৰ সাধক, প্রগতিশীল চিন্তাৰে পৰিপুষ্ট আৰু গভীৰ জীৱনবোধ থকা সাংস্কৃতিক খনিকৰ। অসমীয়া সাহিত্য সংস্কৃতিত বিশেষ অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰজানীতিৰ কথা কৈছিল। ব্রিটিছ বিৰোধী আন্দোলনৰ লগত তেওঁৰ পোনপটীয়া সম্পর্ক নাছিল যদিও একে সময়তে পৰাধীন জাতিৰ ৰাজনীতি থাকিব নোৱাৰে বুলিও বিশ্বাস কৰিছিল। তেওঁৰ মতে, স্বাধীন জাতীয় জীৱনবোধেহে সুস্থ সাহিত্য সৃষ্টি কৰিব পাৰে। ঔপনিৱেশিক শক্তিয়ে অসমীয়া ভাষাক নিজৰ মুলুকতে বিতাড়িত কৰি বঙালী ভাষাক চৰকাৰী ভাষাৰ মৰ্যদা দিব খুজিছিল। কিন্তু বিশ্বমুখী লক্ষ্মীনাথে ভাষা-সাহিত্যৰ উত্তৰণ যে বহিঃবিশ্বৰ সুস্থ সাহিত্য-সংস্কৃতিৰ চিন্তাৰ সতে হোৱা আদান-প্রদানৰ জৰিয়তেহে সম্ভৱ, সেই কথাও গভীৰভাৱে বিশ্বাস কৰিছিল আৰু তেনে এক অনুশীলনত বঙালী ভাষা সাহিত্যৰ সফলতাক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিছিল। পৰাধীন জাতি এটাৰ ৰাজনীতি থাকিব নোৱাৰে বুলি ভবা বেজবৰুৱাই আধুনিক বিশ্বত সংঘটিত যুদ্ধত ৰাজনৈতিক-অর্থনীতি যে সাম্রাজ্যবাদ সেই কথা স্বীকাৰ কৰিছিল। এয়া নিঃসন্দেহে বেজবৰুৱাৰ গভীৰ ৰাজনৈতিক দূৰদৃষ্টিৰ পৰিচায়ক। তাৰোপৰি, বেজবৰুৱাৰ সাহিত্যিক জীৱনত দুটা স্পষ্ট ধাৰা পৰিলক্ষিত হোৱা দেখা যায়। এটা সৃষ্টিশীল ধাৰা, আনটো সমালোচনামূলক ধাৰা। অৱশ্যে সৃষ্টিশীল সাহিত্যৰ মাজতো ব্যঙ্গকাৰ- সমালোচক বেজবৰুৱা সজীৱ হৈয়েই ৰৈছিল। সমালোচনামূলক ধাৰাটোৰ মূল সুৰ দুটা জাতীয় জীৱনৰ অতীত গৌৰৱ প্রতিষ্ঠা আৰু ব্যঙ্গৰ মাজেদি সমাজ সংস্কাৰ। বেজবৰুৱাৰ হাতত অসমীয়া ব্যঙ্গ সাহিত্যই যি মাত্রা পালে সেয়া আজিও অনতিক্রম্য হৈ ৰৈছে। সমালোচনামূলক ধাৰাটোৰ এক অনন্য সাধাৰণ স্মৃতি হ’ল বৈষ্ণৱ সাহিত্য-সংস্কৃতি বিষয়ক গহীন প্রবন্ধসমূহ। অসমীয়া জাতীয় জীৱনত শংকৰদেৱক আধুনিক ৰূপত প্রতিষ্ঠা আৰু জাতীয় পৰিচয়ৰ মধ্যমণি ৰূপে প্রতিষ্ঠাত বেজবৰুৱাৰ অৱদান অনন্য ৷

তেওঁ আছিল অসমীয়া চুটিগল্পৰ জন্মদাতা। অসমীয়া সমালোচনা সাহিত্যৰো প্ৰথম জন্মদাতা বুলি তেওঁকেই ক’ব পাৰি। দ্বিতীয়তে, হাস্য ব্যংগ ৰচনাত তেওঁৰ স্থান আজিলৈকে কোনেও দখল কৰিব পৰা নাই। বিশেষকৈ, কৃপাবৰ চৰিত্ৰ বেজবৰুৱাৰ অনন্য সৃষ্টি। তেওঁৰ আত্মজীৱনীমূলক ৰচনা মোৰ জীৱন সোঁৱৰণখনি অসমীয়া গদ্য সাহিত্যৰ উজ্জ্বল নিদর্শন হোৱাৰ লগতে সেই সময়ৰ অসমীয়া সমাজ জীৱনৰো এক জীবন্ত দলিল স্বৰূপ। জাতীয়তাবোধ, দেশপ্রেম আৰু ঐতিহ্যচেতনাই তেওঁক প্রথমৰ পৰাই উদ্বুদ্ধ কৰি আহিছে আৰু এই চেতনাৰেই সাহিত্য ৰচনা কৰি তেওঁ যুগে যুগে পাঠকৰ হৃদয় জয় কৰি আহিছে। তেওঁৰ কবিতা সম্ভাৰৰ ভিতৰত – ‘প্রিয়তমা’, ‘প্রিয়তমাৰ সৌন্দর্য’, ‘বীণ-বৰাগী’, ‘ধনবৰ আৰু ৰতনী’ আদি কবিতা আবেগ সঞ্চাৰী হোৱাৰ লগতে লোকউপাদানেৰেও সিক্ত। আনহাতে, ‘মোৰ দেশ’ বা “অ’ মোৰ আপোনাৰ দেশ”-এ অসম সঙ্গীতৰ মৰ্যাদা পোৱাটোও তেওঁৰ জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদর্শন। কদমকলি আৰু পদুমকলি কাব্যগ্রন্থ দুখনিয়ে বেজবৰুৱাৰ কাব্যপ্রতিভাক উজলাই ৰাখিছে। অসমৰ জাতীয় জীৱনৰ লগত বেজবৰুৱাৰ ইমানেই নিবিড় সম্পর্ক আছিল যে তেওঁৰ প্ৰতিটো ৰচনাতেই অসমৰ লোকসংস্কৃতি আৰু ভাষা-সাহিত্যৰ প্ৰতি অপত্য প্রেম জিলিকি উঠিছে। অৱশ্যে, এই কথাটোতো সন্দেহ নাই যে, বেজবৰুৱাৰ সৃষ্টিশীল সাহিত্য সৃষ্টিৰ অনুপ্ৰেৰণা ইংৰাজী অথবা বাংলা সাহিত্যহে আছিল। কিন্তু ইংৰাজী বা বাংলা সাহিত্যৰ আদৰ্শত গঢ় লৈ উঠিলেও তেওঁ কোনো বিষয়তে আনক অনুকৰণ কৰা দৃষ্টিগোচৰ হোৱা নাছিল। বৰঞ্চ বাহিৰৰ প্রভাৱত সম্পূর্ণভাৱে ঘৰুৱা ঠাঁচতহে তেওঁ সাহিত্যকর্ম সম্ভাৰ সৃষ্টি কৰিছিল। জাতিৰ আত্মাক জনাৰ প্ৰচেষ্টাৰ ফল স্বৰূপে আমি তেওঁৰ পৰা বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা, শ্রী শ্রী শংকৰদেৱ, মহাপুৰুষ শ্রীশংকৰদেৱ আৰু শ্রীমাধৱদেৱ আদি সাহিত্য লাভ কৰোঁ। ইয়াৰ বাহিৰেও ধৰ্মৰ গধুৰ তত্ত্ব সম্পর্কে জ্ঞান লাভ কৰিবলৈ তেওঁ আমাক দিয়ে ভগবৎ কথা, তত্ত্বকথা, শ্রীকৃষ্ণকথা আদিৰ দৰে আলোচনাসমূহ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, এটা সম্ভ্রান্ত বৈষ্ণৱ পৰিয়ালত জন্মগ্রহণ কৰাৰ ফলস্বৰূপেই বেজবৰুৱাই শংকৰদেৱৰ আদর্শ, চিন্তা-চৰ্চা আৰু কৰ্মৰ লগত পৰিচয় লাভ কৰাৰ সুযোগ পাইছিল আৰু তাৰেই প্ৰভাৱ তেওঁৰ সাহিত্যকৰ্মতো পৰিছিল।

বেজবৰুৱাৰ আধুনিক, সংস্কাৰমুক্ত দৃষ্টিভংগীৰ পৰিচয় তেওঁৰ হাস্য-ব্যংগ ৰচনাসমূহতো পোৱা গৈছে, যাৰ বাবেই তেওঁ ‘ৰসৰাজ’ উপাধি লাভ কৰিছিল। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আৰু বৰবৰুৱাৰ চিন্তাৰ শিলগুটি আদি তেওঁৰ ব্যংগ সাহিত্যৰ উৎকৃষ্ট সংকলন। অসমীয়া সমাজক অন্ধকাৰ আৰু কু-সংস্কাৰৰ গৰাহৰ পৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যৰেই তেওঁ উক্ত শ্ৰেণীৰ সাহিত্যৰাজীৰ সৃষ্টি কৰিছিল। ইয়াৰ বাহিৰেও নোমল, পাঁচনি, চিকৰপতি-নিকৰপতি আদি বিমল হাস্য ৰস যুক্ত প্রহসন কেইখনৰ উদ্দেশ্যও আছিল- হাস্যৰসৰ চলেৰে অসমীয়া সমাজৰ দুৰ্নীতিৰ স্বৰূপ উদঙাই দেখুওৱা। মুঠতে অন্ধবিশ্বাস, কু-সংস্কাৰ, ভণ্ডামি, হীনমান্যতা আৰু আনুকৰণপ্রিয়তা আদিক অসমীয়া সমাজৰ পৰা আঁতৰ কৰাৰ উদ্দেশ্যৰেই তেওঁৰ সমাজ সংস্কাৰকৰ ভূমিকাও গ্রহণ কৰিছিল। অসমীয়া চুটিগল্পৰ জন্মদাতা বেজবৰুৱাই আকৌ সাধুকথা আৰু চুটিগল্পৰ মাজত বিশেষ পার্থক্য ৰখা নাছিল। তেওঁ নিজেই সেই কথা উল্লেখ কৰিছে। সেয়ে বেজবৰুৱাৰ বহুতো চুটিগল্প প্রাচীন সাধুকথা আৰু আধুনিক চুটিগল্পৰ মাজৰ বস্তু। অসমৰ ঐতিহ্য সন্ধান কৰাৰ লগতে ইউৰোপীয় চুটিগল্পৰ সমন্বয় ঘটাই যে তেওঁ চুটিগল্প ৰচনা কৰিছিল, তাত সন্দেহ নাই। ‘ভোকেন্দ্র বৰুৱা,’ ‘ভেমপুৰীয়া মৌজাদাৰ’, ‘জাতিৰামৰ জাত’, আদিৰ দৰে গল্পত তেওঁৰ ঐতিহ্যৰ সন্ধানৰ লগতে আধুনিক সংস্কাৰকামী মনটোৰো প্ৰকাশ ঘটিছে। ইয়াৰ উপৰি ‘ভদৰী’, ‘মুক্তি’, ‘পাতমুগী’, ‘আমালৈ নেপাহৰিব’, ‘জয়ন্তী’, ‘চোৰ’, ‘কন্যা’ আদি গল্পত অসমীয়া লোকসমাজ, সমাজৰ ভিন্‌ ভিন্‌ স্তৰৰ স্ত্রী-পুৰুষৰ চৰিত্ৰ নিৰ্মাণ, ঠগ-প্ৰৱঞ্চনা-ভণ্ডামি আদিৰ লগতে প্ৰকৃতিৰ সতে লোকসমাজৰ অবিছিন্ন সম্পর্ক আদিক ফুটাই তুলিবলৈ যত্ন কৰিছে। সুৰভী, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি আদি তেওঁৰ চুটিগল্পৰ সংকলন।

আধুনিক অসমীয়া নাটকৰ ইতিহাসতো বেজবৰুৱাই উল্লেখযোগ্য স্থান দখল কৰিছে। চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী আদি নাটকত বুৰঞ্জীৰ পুনৰোদ্ধাৰৰ লগতে তেওঁৰ সৃষ্টিশীলতাৰো প্রকাশ ঘটিছে। উদাহৰণস্বৰূপে চক্ৰধ্বজ সিংহ নাটকখনত হাস্য ৰস সৃষ্টিৰ উদ্দেশ্যৰে সৃষ্টি কৰা গজপুৰীয়া, গজপুৰীয়ানী; উদাৰতা আৰু ত্যাগৰ প্রতীক হিচাপে জয়মতী কুঁৱৰী নাটকৰ ‘ডালিমী’ চৰিত্ৰটো বেজবৰুৱাৰ নিজা সৃষ্টি। ইয়াৰ বাহিৰেও তেওঁৰ প্ৰহসন জাতীয় নাটক কেইখনতো বিভিন্ন কাল্পনিক ৰহণেৰে অসমীয়া জাতীয় ঐতিহ্যৰ অস্তিত্ব ৰক্ষাৰ প্ৰয়াস দেখা গৈছে। তেওঁৰ একমাত্র উপন্যাস পদুম কুঁৱৰীৰ জৰিয়তেও তেওঁ ঐতিহাসিক সচেতনতা আৰুজাতীয় প্ৰীতিৰ সুন্দৰ সংযোগ ঘটাইছে। এইদৰেই দেখা যায় যে বেজবৰুৱাৰ সাহিত্যিক প্রতিভাই অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰাৰ লগতে এক বিশেষ ধৰণৰ প্ৰভাৱো পেলাই থৈ গৈছে। সেইদৰে, অসমীয়া সাংস্কৃতিৰ পথাৰখনলৈও বেজবৰুৱাই অভূতপূর্ব অৱদান আগবঢ়াইছে। প্রকৃতার্থত তেওঁৰ জাতীয় প্ৰীতিৰ মূলতে আছিল সাংস্কৃতিক সম্ভাবনা। জাতীয় চৈতন্য আৰু সাংস্কৃতিক চেতনাৰ উদ্রেক ঘটাবলৈকে বেজবৰুৱাই হাতত কলম তুলি লৈছিল বুলি ক’ব পাৰি। বহু ক্ষেত্ৰত কলা-সাহিত্যতকৈও জাতীয় আৰু সাংস্কৃতিক চেতনাৰ উদ্রেক ঘটোৱাটোহে তেওঁৰ মূল উদেশ্য আছিল যেন বোধ হয়।

আচলতে, বেজবৰুৱাৰ ভাষা প্ৰেমৰ মাজতেই লুকাই আছিল সাংস্কৃতিক পৰাকাষ্ঠা। এই ক্ষেত্ৰত প্ৰথমেই তেওঁৰ দ্বাৰা সংকলিত সাধুকথাখিনিৰ কথা ক’ব পাৰি। যিহেতু লোকসংস্কৃতিৰ অংশ হিচাপে সাধুকথাবোৰ জাতীয় জীৱনৰ এক মূল্যৱান সাংস্কৃতিক সম্পদ। বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা আদি আপুৰুগীয়া সংকলনবোৰৰ মাজত তেওঁৰ সেই প্রচেষ্টা দেখা যায়। সাধুকথাৰ আধাৰতেই ৰচনা কৰা তেওঁৰ ধেমেলীয়া নাট কেইখনতো লোকগীতৰ সুৰৰ সংযোগ ঘটা দেখা যায়, যিবোৰ সাংস্কৃতিক চেতনাৰে অপূর্ব নিদর্শন।

তেওঁৰ কাহিনী গীতৰ আধাৰত ৰচিত মালিতা কেইটিও সাংস্কৃতিক চেতনাৰেই নিদর্শন য’ত ৰন্ধ্রে বন্ধে জন-জীৱনৰ বং-বিৰঙী সাংস্কৃতিক চিত্র ফুটি উঠিছে। তেওঁৰ ‘বৰদৈচিলা’, ‘বিহুৱান’ আদি কবিতাতো অসমীয়া লোকসংস্কৃতিৰ উল্লেখ ঘটিছে-

যাগৈ বিহুৱা
চিলা বৰদৈয়া
খাগৈ মাৰৰ ঘৰত চিৰা।
উভতি আহোতে দৈ পইতা দিম
(বৰদৈচিলা) বহুৱাম পাৰি বৰপীৰা।।

ইয়াৰ বাহিৰেও তেওঁৰ ‘মোৰ দেশ’, ‘অসম সঙ্গীত’, ‘ব্রহ্মপুত্র সংগীত’, ‘আমাৰ জন্মভূমি’, ‘বিহু’, আদি গীতো লোকসংস্কৃতিৰ অন্যতম বার্তাবাহক। অসমৰ প্ৰতি থকা গভীৰ শ্রদ্ধা আৰু ভালপোৱাৰ বাবেই ‘মোৰ দেশ’ৰ দৰে তীব্র দেশাত্মবোধৰ কবিতা তেওঁ ৰচনা কৰিব পাৰিছিল। দেশৰ মাটি-পানী, পুৰাণ-ইতিহাস, স্থাপত্য- ভাস্কর্য, শিল্পকলা, উৎসৱ-অনুষ্ঠান, আচাৰ-বিচাৰ, ধৰ্ম-সংস্কৃতি আদি সকলোবোৰকে তেওঁ বুকুত কঢ়িয়াইছিল আৰু অসমীয়া বর্ণিল সংস্কৃতিক গীতটিৰ মাজত তুলি দিছিল। তেওঁৰ ‘অসম সংগীত’ নামৰ গীতটিত কুমাৰ ভাস্কৰ বৰ্মা, শংকৰদেৱৰ পৰা আৰম্ভ কৰি লাচিত, জয়মতী, মোমাই তামুলী, হেমচন্দ্র, ঢেকিয়াল ফুকন, গুণাভিৰাম, মাণিক চন্দ্র, জগন্নাথ বৰুৱা আদিৰ জয়গুণ গাইছিল। আমাৰ জাতীয় চৰিত্ৰসমূহক পুনৰ নিৰ্মাণ কৰি দেশক আগুৱাই নিয়াৰ উদেশ্য তেওঁৰ তীব্র জাতীয় দায়ৱদ্ধতা আৰু সাংস্কৃতিক চেতনাৰ পৰিচায়ক ৷ ‘অসম সঙ্গীত’ত বেজবৰুৱাই উল্লেখ কৰা আহ্বানৰ মাজত অসমীয়াৰ বাবে প্ৰচুৰ জাতীয়তাবোধ, দেশপ্ৰেম তথা সাংস্কৃতিক সচেতনতাৰ আহ্বান লক্ষ্য কৰা যায়-

হেৰা অসমীয়া
নোহোৱা দুখীয়া
কিহৰ দুখীয়া হ’বা?
নিজক নাপাহৰি
প্রভুক সুৱৰি
লাগাচোন সুফল পাবা।

‘অসম সঙ্গীত’ৰ দৰেই তেওঁৰ ‘ব্রহ্মপুত্র সঙ্গীতো’ সাংস্কৃতিক চেতনাৰ প্রতীক। বেজবৰুৱাই ৰচনা কৰা ‘বিহু’ নামৰ গীতটোত অসমীয়া বিহু কেন্দ্রিক আচাৰ-নীতিৰ পৰা আৰম্ভ কৰি ৰং- ৰহইচ তথা আনন্দ-উছাহৰ অপূর্ব সংযোগ ঘটিছে। অসমীয়া লোকসংস্কৃতিৰ অন্যতম বাহক বিহুৰ যি ৰং স্ফুর্তি সেয়া গীতৰ মাজেৰে হুবহুভাৱে তুলি ধৰি তেওঁ অসমীয়া সংস্কৃতিৰ ভৰাঁল টনকিয়াল কৰি গৈছে।

কবিতা আৰু গীত পদবোৰৰ বাহিৰেও তেওঁৰ বুৰঞ্জীমূলক নাটকসমূহত অসমীয়া সংস্কৃতিত প্ৰায়বোৰ দিশেই ৰক্ষিত হৈছে। তেওঁৰ প্রায়কেইখন নাটকতেই আহোম যুগৰ নীতি- আদৰ্শৰ লগতে আন আন ভালেমান সামাজিক ৰীতি-নীতি প্রতিবিম্বিত হৈছিল, যিবোৰ আছিল অসমীয়া সংস্কৃতিৰ ঐতিহ্যৰ বাহক। উদাহৰণস্বৰূপে ক’ব পাৰি আহোম ৰজাসকলে যুদ্ধৰ বাবে শুভক্ষণ গণনা কৰা, যুদ্ধত জয়ী হ’লে উৎসৱ-অনুষ্ঠানৰ আয়োজন কৰা, মন্দিৰ-দেৱালয়ত চাকি জ্বলোৱা, সৈনিক সেনাপতিক বটা-বাহন দিয়া, সত্র-থান আদিলৈ সোণ-ৰূপ আগবঢ়োৱা, গোঁসাই-ব্রাহ্মণক চাউল-সিধা দিয়া আদি পৰম্পৰাবোৰ উল্লেখযোগ্য। ইয়াৰ বাহিৰেও চক্ৰধ্বজ সিংহ নাটকত চেনেহীয়ে তাতঁশালত ফুল বোৱা, গদাধৰ ৰজাত কমলাই মুগা-ৰিহা বোৱা আদি নিঃসন্দেহে অসমীয়া সংস্কৃতি তথা ঐতিহ্যৰ পৰিচায়ক। ৰিহা-মেখেলা, আঁচু সূতাৰ ফুল তোলা, হাতত খাৰু পিন্ধা আদিবোৰ কথাই বেজবৰুৱাৰ সাংস্কৃতিক মনৰ পৰিচয় দিয়ে।

তেওঁৰ প্ৰায়বোৰ সাধুকথাতেই অসমৰ সহজ-সৰল লোকজীৱন ফুটি উঠিছে। তেওঁৰ হাস্য-ব্যংগ ৰচনাসমূহতো ঐতিহ্য আৰু সংস্কৃতি চেতনা পৰিলক্ষিত হয়। অসমীয়া গ্রাম্য সংস্কৃতিৰ নিভাঁজ চিত্র আঁকাৰ উপৰি তেওঁ পৰস্পৰকে নতুন দৃষ্টিভঙ্গীৰে চোৱাৰো প্ৰয়াস কৰিছিল তেওঁৰ কেইবাটাও গল্পত। বেজবৰুৱাৰ সংস্কাৰকামী মনটোৱে ঐতিহ্য ৰক্ষাৰ নামত অন্ধ অনুকৰণক সমর্থন কৰা নাছিল সেয়ে তেওঁ সংস্কৃতি চর্চাৰ জৰিয়তে সমাজৰ সংস্কাৰ সাধন কৰিবলৈ চেষ্টা কৰিছিল। বেজবৰুৱাৰ সংস্কৃতিৱান মনটোত শংকৰী সংস্কৃতিৰ প্ৰভাৱো মন কৰা যায়। তেওঁৰ বৈষ্ণৱধর্ম আৰু দর্শন সম্পৰ্কীয় ৰচনাসমূহত এই শংকৰী ধৰ্ম-সংস্কৃতিৰ শিক্ষাই যে গভীৰভাৱে প্রভাৱ পেলাইছিল সেয়া নক’লেও হ’ব। আগতেই উল্লেখ কৰি অহা হৈছে যে, বেজবৰুৱাৰ মতে বহিঃ বিশ্বৰ স’তে হোৱা আদান- প্রদানে ভাষা-সাহিত্যক পাৰস্পৰিক অৱদানেৰে সমৃদ্ধ কৰি তোলে। এই দৰ্শনৰ আধাৰতেই লক্ষ্মীনাথে ইংৰাজী সাহিত্য আৰু বঙলা সাহিত্যৰ বিচাৰ কৰিছে।

পৰিশেষত ক’ব পাৰি, মূলতঃ লক্ষ্মীনাথ বেজবৰুৱাই জাতি নিৰ্মাণৰ বাবেই সাহিত্য সৃষ্টি কৰিছিল। গল্প, কবিতা, নাটক অথবা ব্যংগ সাহিত্যৰ জৰিয়তে তেওঁ জাতীয় উত্তৰণত বাবে আহোপুৰুষাৰ্থ কৰিছিল আৰু তেওঁ সফলো হৈছিল। জাতিটোৰ প্ৰতি থকা এনে গভীৰ দায়িত্ববোধে তেওঁক এক বিশাল সাহিত্যৰাজী সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু কলমটোকে তেওঁ অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল। নক’লেও হ’ব যে জাতীয় সাহিত্যৰ লগত জাতীয় জীৱনৰ ওতপ্রোত সম্পর্ক। এই কথালৈ লক্ষ্য ৰাখিয়েই বেজবৰুৱাই এইবুলি কৈছিল যে “জাতীয় জীৱন সংকীর্ণ হ’লে জতীয় সাহিত্যও সেই সংকীর্ণতাৰ পৰা হাত সাৰিব নোৱাৰে। যি জাতিৰ জীৱন মুক্ত আৰু স্বাধীন, সেই জাতিৰ সাহিত্য মুক্ত, স্বাধীন আৰু অব্যাহত জাতি, সেই সাহিত্যই নির্ভয়ে, নিঃসংকোচে কল্পনা আৰু ভাবৰ ৰাজ্যত স্বচ্ছন্দে বিচৰণ কৰিব পাৰে, যি সোনকালে কদাপিও বিদেশী বিজাতিৰে সৈতে ভাৱ আৰু কল্পনাৰ আদান-প্রদানত নিজৰ অস্তিত্ব হেৰুৱাৰ ভয় কৰি নিজক সংকুচিত কৰি নুফুৰে।”

( লিখক শিক্ষাবিভাগৰ বিশ্বনাথ জিলাৰ নলবাৰী মণ্ডলৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক )

ডুবাইত আন্তঃৰাষ্ট্ৰীয় বক্সিং ফ’ৰামৰ বৈঠকত প্ৰতিনিধিত্ব কৰিব হেমন্ত কুমাৰ কলিতাই…

৮ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া আই বি এ জেনেৰেল কংগ্ৰেছ

আৰু আন্তঃৰাষ্ট্ৰীয় বক্সিং ফ’ৰামৰ বৈঠকত প্ৰতিনিধিত্ব কৰিব ভাৰতীয় বক্সিং ফেডাৰেচনৰ চেক্ৰেটেৰী জেনেৰেল হেমন্ত কুমাৰ কলিতাই।

ভাৰতীয় বক্সিং ফেডাৰেচনৰ ভোটিং প্ৰতিনিধি হেমন্ত কুমাৰ কলিতা।

ভুলতেও ঘৰৰ বেৰত নাৰাখিব এনে ছবি, ঘৰলৈ সুখৰ সলনি আহিব দুখ…

সকলোৰে আন্তৰিক ইচ্ছা এটা ধুনীয়া ঘৰৰ স্বতাধিকাৰী হোৱা। সেয়ে এই ইচ্ছা পূৰণৰ বাবে মানুহে নিজৰ ঘৰবোৰ বিভিন্ন ধৰণে সজাই-পৰাই তোলে। ঘৰৰ আঁৰি থোৱা এখন ধুনীয়া পেইন্টিং বা ফটোৱে সৌন্দৰ্য বৃদ্ধি কৰে। কিছুমান ফটো আছে যিবোৰত ঋণাত্মক শক্তি থাকে, সেয়েহে তেনে ফটো ঘৰত সজাই পৰাই ৰখা উচিত। এনে পৰিস্থিতিত ঘৰত পেইন্টিং বা ফটোগ্ৰাফ ৰখাৰ সময়ত ফেংছুইৰ নিয়মবোৰ মনত ৰখাটো অতি প্ৰয়োজনীয়। ফেং ছুইৰ মতে কোনখন ফটোৱে ঘৰত দুৰ্ভাগ্য কঢ়িয়াই আনে জানি লওক…

যদিও পাহাৰ বা সাগৰৰ পাৰৰ পৰা অস্ত যোৱা সূৰ্য্যৰ দৃশ্য অতি সুন্দৰ দেখা যায়। কিন্তু এনে ফটো কেতিয়াও ভুলতে হ’লেও ঘৰত ৰাখিব নালাগে। অস্ত যোৱা সূৰ্য্যৰ ছবিখন বৰ অশুভ, জীৱনত আশাৰ সলনি হতাশাৰ সৃষ্টি কৰে।


বৈ যোৱা জলপ্ৰপাত বৰ ধুনীয়া দেখা যায়, কিন্তু বাস্তুৰ মতে ঘৰত বৈ যোৱা জলপ্ৰপাতৰ ছবি ৰখাটো বৰ অশুভ। এনে ফটো ঘৰত লগালে অযথা খৰচ বাঢ়ি যায় অৰ্থাৎ টকা পানীৰ দৰে বৈবলৈ আৰম্ভ কৰে।

প্ৰায়ে মানুহে নিজৰ ঘৰৰ সকলো ঠাইতে ঈশ্বৰৰ ফটো ৰাখে। বাস্তু শাস্ত্ৰ আৰু ফেং ছুইৰ মতে এই কাম কৰাটো অতিশয় অশুভ। এনে কৰিলে ঘৰত লাভৰ পৰিৱৰ্তে লোকচান হয়। ভগৱানৰ ফটোৰ বাবে ঘৰতে এটা মন্দিৰ নিৰ্মাণ কৰক।


সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ – এটি বিশ্লেষণ…

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ:-এটি বিশ্লেষণ

আয়নাল হক ,ধুবুৰী

বৰ্তমান সময়ত হাইস্কুললৈ যোৱা কিশোৰ – কিশোৰীৰ পৰা আৰম্ভ কৰি অৱসৰ পোৱা বৰদেউতা – বৰমাহঁতৰ , তেওঁলোকৰ দৈনিক ৰুটিনখন কিছু অংশ হলেও ফেচবুক , টুইটাৰ , ইনষ্টাগ্ৰাম ইত্যাদি চ’ছিয়েল মিডিয়া এপচ্‌ বা অন্যান্য মিডিয়া বোৰে এতিয়াও অসমীয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত দকৈ শিপাৰ নোৱাৰিলেও , ফেচবুকৰ সাম্ৰাজ্যখন কিন্ত জুকাৰবাৰ্গ ককাইয়ে আমাৰ মাজত ভালকৈয়ে বহলাইছে । লাগিলে সেয়া জুকাৰবাৰ্গৰ ব্যাৱসায়িক বুদ্ধিমত্তা, বাবেই হওক বা আমাৰ মানুহৰ কথা পাতি ভালপোৱা স্বভাৱৰ বাবেই হওক । ককা – আইতাহঁতৰ দৰে বিয়াৰ নাম গাবলৈ গৈ কথাৰ মহলা মৰাৰ সময় আমাৰ নাই , কিন্ত সেই আড্ডাৰ পৰিৱেশটো যদি জাৰৰ নিশা বিছনাৰ পৰাই বা দুপৰীয়া অফিচৰ টেবুলৰ পৰাই অনুভৱ কৰিব পাৰি তেন্তে সেই সুবিধা নোলোৱাৰ কথাই নাহে ।
অৱশ্যে আজি মোৰ লেখাটোৰ উদ্দেশ্য চ’ছিয়েল মিডিয়াত হোৱা ভাত খোৱা , পানী খোৱা বা চেনীখোৱা আদি বিষয়বোৰক সমালোচনা কৰা নহয় ।

মোৰ আলোচনাৰ উদ্দেশ্য হ’ল আমি সদায়ে ব্যৱহাৰ কৰি অহা এই চ’ছিয়েল মিডিয়া জগতখনতো আমাৰ ব্যৱহাৰ কেনেকুৱা বা কেনে হোৱা উচিত আৰু চ’ছিয়েল মিডিয়াত হোৱা আমাৰ কথা – বাৰ্তা বা আচাৰ – ব্যৱহাৰ বোৰে আমাৰ অসমীয়া সাধাৰণ শ্ৰেণী সমাজ খনত কিবা প্ৰভাৱ পেলাই নেকি ? চ’ছিয়েল মিডিয়া ৱেবছাইট সমূহ আমাৰ ব্যৱহাৰ বা কথা – বাৰ্তা ধৰণ কেনেকুৱা হোৱাটো উচিত , সেয়া কম – বেছি পৰিমাণে উক্ত ৱেবছাইট সমূহৰ আৰম্ভণিতে নিৰ্দিষ্ট ৱেবছাইটটোৰ নীতি নিয়ম সমূহ লিখাই খাকে । তথাপিও আমি নিজেও কিছু কথা জানিব লাগে বা বুজিবলৈ চেষ্টা কৰিব লাগে , যিবোৰ কথা নাজানা বা নুবুজাৰ ফলতেই দৈনিক চ’ছিয়েল মিডিয়াৰ পৰা হোৱা বহু অসামাজিক বা বেয়া কথা আমাৰ দৃষ্টিগোচৰ হয় । আৰু ঘটনা এটা ঘটি যোৱাৰ পিছত ইয়াৰ বাবে সম্পূৰ্ণকৈ চ’ছিয়েল মিডিয়াকে দোষৰোপ কৰা হয় উপৰুৱাকৈ চাবলৈ গলে চ’ছিয়েল মিডিয়াক এটা যন্ত্ৰ বুলিয়ে নিশ্চয় সকলোৱে জানে , কিন্ত আমি এইটোও ভাবি চোৱা উচিত যে , ই যন্ত্ৰহলেও চ’ছিয়েল মিডিয়াই আমাক এখন কাল্পনিক ( virtual ) সমাজ উপহাৰ দিছে । যিখন সমাজৰ মাজলৈ আহিবলৈ ৰ’দ , বৰষুণ , বতাহ – ধুমুহা ইত্যাদি কৰাত আমাক কেতিয়াও বাধা দিব নোৱাৰে। ইয়াত মাত্ৰ আমি ইজনে – সিজনক শাৰীৰিক ভাৱেহে লগ নাপাওঁ। গতিকে চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে আমি এইটো কথা মনত ৰখাটো অতি প্ৰয়োজনীয় যে , বাস্তৱ সমাজখনৰ দৰে চ’ছিয়েল মিডিয়াটো কথা – বাৰ্তা হওঁতে আমি সৌজন্য মানি চলাটো অতি প্ৰয়োজনীয়।
উদাহৰণ স্বৰূপে , বাস্তৱক্ষেত্ৰত হলে হয়তো আড্ডাত অংশ গ্ৰহণ কৰা ব্যক্তি কেইজনৰ মাজত কিবা এটা মিলা – মিছা হোৱাৰ সম্ভৱনা থাকেই , কিন্ত চ’ছিয়েল মিডিয়াত হয় সম্পূৰ্ণ ওলোটা । শাৰীৰিক ভাৱে কোনেও কাকো লগ নাপায় , গতিকে আৰম্ভ হৈ যায় কথাৰ তৰোৱাল যুদ্ধ আৰু সমানে কাজিয়াখন বিয়পি পৰে এজনৰ পৰা আন এজনলৈ । মোবাইল বা কম্পিউটাৰৰ ছুইচত এটা টিপা মাৰাৰ লগে লগে গড়গাওঁ পায় কথা । আৰু সকলোতকৈ ডাঙৰ কথাটো হ’ল যিকোনো এটা কথাৰ সত্যাসত্য নিৰূপণ কৰা খুব কঠিন এই চ’ছিয়েল মিডিয়াত । যেতিয়ালৈ চ’ছিয়েল মিডিয়াৰ কথা এটাই বাস্তৱ সমাজৰখনত প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰে , তেতিয়ালৈ হয়তো ঘটনা বিলাকৰ সত্যাসত্য নিৰূপণ কৰিবলৈ প্ৰধান উৎসটোৱেই বিচাৰি পোৱাটো কঠিন হৈ পৰে। গতিকে এনেকুৱা অৱস্থাত আমাৰ মন মগজৱে ভুল কথা কিছুমানো শুদ্ধ বুলি মানি লবলৈ বাধ্য হৈ পৰে।

এই বিলাক কথা চ’ছিয়েল মিডিয়াত ব্যৱহাৰ কৰিব জনা প্ৰায় বোৰ মানুহেই জানে নিঃসন্দেহে । কিন্ত ব্যৱহাৰিক ক্ষেত্ৰত দেখোন আমি ইয়াৰ এক ওলোটা প্ৰতিচ্ছবিহে দেখিবলৈ পাওঁ । ইয়াৰ প্ৰধান কাৰক দুটা । এটা হ’ল , আমি কিছুমান কথা জানিও গুৰুত্ব দিব নোখোজো আৰু আনটো হ’ল ইচ্ছাকৃত বা নিজস্বাৰ্থ সাধনাৰ বাবে কৰা ভুল । নিজ স্বাৰ্থ সাধনৰ বাবে ইচ্ছাকৃত ভাৱে কৰা ভুল বিলাকৰ উদাহৰণ আমি ৰাজনৈতিক দল বা সংগঠন সমূহৰ পৰা দেখিয়ে থাকোঁ । এই বিলাক ভুলৰ শুধৰণি আমি একক ভাৱে কেতিয়াও কৰিব নোৱাৰোঁ । কিন্ত নিজে কৰা ভুলবোৰ আমি নিশ্চয় শুধৰণি কৰা উচিত । যিকোনো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে । সেইদৰে চ’ছিয়েল মিডিয়াৰ ক্ষেত্ৰতো এনে দুটা দিশৰ প্ৰভাৱ বিদ্যামান । ইতিবাচক দিশ হিচাপে, যিয়ে যেনেকৈ পাৰে লৈছে এটাকৈ মোৱাইল । সকলোৰে উন্নতি হৈছে । সকলোৰে প্ৰযুক্তিৰ সুবিধা লৈছে । দ্ৰুত পৰিবৰ্তনশীল সমাজখন সৈতে সমানে খোজ মিলাইছে। একোটা ক্লিকতে জকাইচুকৰজনেও বিশ্বনাগৰিক হোৱাৰ সুখ পাইছে । দ্ৰুতগতিত বিভিন্ন ধৰণৰ বাতৰি আৰু তথ্য সম্প্ৰচাৰ হৈছে।

বিশ্বায়নৰ প্ৰকৃত অৰ্থ এওঁলোকেও দ্বাৰা কৰিছে । তাৰ সুপ্ৰয়োগ কৰিছে । ছেগতে আজি কালি সকলোৱে আধুনিক হৈছে । বয়স , লিংগ ভেদে সকলো আজি কালি সক্ৰিয় । সকলোৱে আজি – কালি অতি সক্ৰিয় কেৱল সামাজিক – মাধ্যমত মানে চ’ছিয়েল মিডিয়াত । সকলো ব্যস্ত হৈ পৰিছে পৃথিৱীখন হাতত মুঠিত ভৰোৱাত । কিন্ত তথ্য প্ৰযুক্তিৰ অন্যান্য আশীৰ্বাদ স্বৰূপ এই বিয়োগোম এপচ্‌ বোৰক হাতত চলোৱাত নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হয়নে ? ইয়াৰ নিদিষ্ট ওজন আছে । চাপ আছে আমি অনুভৱ কৰাতকৈও হাজাৰগুণে অধিক।

ইয়াৰ সামাজিক হেঁচা বা নেতিবাচক দিশটো আলোচনা কৰিবলৈ লওঁতে চকুত পৰা মূল বিষয় বস্তুটোৱেই হ’ল চ’ছিয়েল মিডিয়াৰ দ্বাৰা সৃষ্টি হোৱা ‘ যৱ প্ৰজন্মৰ উচ্ছৃঙ্খলতা ‘ । মূল ৰূপে ছাত্ৰ এজনৰ জীৱনত এই সভ্যতাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। ছাত্ৰ এজনে নিজৰ পঢ়া – শুনাৰ লগতে ধেমালিও
কৰিব লাগে । কিন্ত সেই ধেমালি ক্ষন্তেকীয়া হোৱা উচিত । কিন্ত তেনে ধৰণৰ ধেমালিৰে তেওঁলোকে দিনৰ বেছিভাগ সময় অতিবাহিত কৰি দিয়ে । যেনে
( Android ) মোৱাইল ফোন এটা যদি এজন ছাত্ৰৰ হাতত দেখা দিয়ে , তেন্তে তেওঁ আচৰিত হোৱাৰ কোনো প্ৰশ্নই নাই । কিন্ত আচৰিত হোৱা যায় তেওঁ লোকৰ সেই ফোনটোৰ ব্যৱহাৰ দেখি । আজিকালিৰ বেছি ভাগ ল’ৰা – ছোৱালীয়ে এখন ( 4G sim ) বনাম বুলি মনত এটি হাবিয়াস জন্মায় আৰু তাক কিছুমানে ইতিমধ্যে পূৰণো কৰিছে । মাক – দেউতাকে তেওঁলোকৰ মনৰ কামনা পূৰণ কৰে কেৱল এই চিন্তা কৰিয়েই যে তেওঁলোকৰ সন্তানটিৰ পৰা যাতে এটা সু – ভবিষ্যত লাভ কৰিব পাৰে । কিন্ত কলে চাগৈ ভুল নহব যে ছাত্ৰ এজনক এখন 4G sim অথবা এটা Android মোৱাইল ফোনৰ কোনো পধ্যেই দৰকাৰ নাই । লাগে , যদিহে তেওঁলোকে তাক উচিত কামত খটুৱায় , তাৰ অবিহনে মাথো নিজৰ মনোৰঞ্জনৰ বাবেহে তেওঁলোকে চ’ছিয়েল তথা ইলে”ªনিক মিডিয়া বোৰৰ সুবিধা গ্ৰহণ কৰে । যুৱ প্ৰজন্মৰ বোধ – শক্তি , অভিজ্ঞতা আদি কম থাকে সেইবাবে তেওঁলোকে অনাষাসে চ’ছিয়েল মিডিয়াৰ ঋণাত্মক দিশবোৰৰ পিনে আকৰ্ষিত হোৱাৰ প্ৰৱণতা বেছি দেখা দিয়ে । কিছু সময়ত তেওঁলোকে চ’ছিয়েল মিডিয়াক কেৱল আন আন এপচ্‌ বোৰৰ দৰে এটা ‘ এপ ‘ হিচাপে সীমিত ৰাখে , ই যে এক সামাজিক দায়বদ্ধতা সেইখিনিও উপলব্ধি কৰাৰ ন্যূনতম জ্ঞান তেওঁলোকৰ মাজত নাথাকে। চ’ছিয়েল মিডিয়াৰ শক্তি পাৰমানৱিক আৰু ক্ষিপ্ৰ । এটা কথা ফেচবুকত লিখিম নে নিলিখিম , এইখন ফটো ইয়াত দিম নে নিদিম , এইটো মন্তব্য প্ৰকাশ কৰিম নে নকৰিম ইত্যাদি বিষয় অতি সূক্ষ্ম ভাৱে বিবেচনা কৰিব লাগে । অন্যথা সূলভ প্ৰযুক্তিৰ অতি নিকৃষ্ট প্ৰয়োগে সমাজ জীৱনত প্ৰায়েই ভয়ংকৰ জোকাৰণীৰ সৃষ্টি কৰে । চ’ছিয়েল মিডিয়াত এটা উৰা বাতৰি বা ভুল তথ্য সহজে প্ৰচাৰ হয় যাৰ ফলত সমাজত এক বিশৃংখলতাৰ পৰিৱেশ বিৰাজ কৰে ।
ইয়ো চ’ছিয়েল মিডিয়াৰ এক ঋণাত্মক দিশ ।

উদাহৰণ স্বৰূপে – জাতি – ধৰ্মৰ ভেদাভেদ , বিশেষকৈ
হিন্দু – মুছলমান ইত্যাদি ধৰ্মীয় কথাবোৰ
আমাৰ ৰাজ্যত বহুত পূৰণি । কবলৈ বেয়া লাগিলেও
এয়া এক সত্য । আমিবোৰ আধুনিক হৈ অহাৰ লগে লগে বা সৌজন্যবোধ অহাৰ লগে লগে এই
বিলাক বিষয় কিছু তল পৰিছিল বা আমি দেখা দেখিকৈ কবলৈ টান পাইছিলোঁ । কিন্ত এতিয়া এইটো বিষয়লৈয়ে দৈনিক গৰম হৈ থাকে চ’ছিয়েল মিডিয়াৰ । বহু জনা – বুজা মানুহেই শিক্ষা – সংস্কাৰ পাহৰি কাজিয়া কৰিবলৈ আহে এনেবোৰ অদৰকাৰী অথচ সংবেদনশীল বিষয়ত ।
কাজিয়া কৰাৰ সময়ত পাহৰি যায় , তেওঁৰ এটা বাক্যই কিমান আঘাত দিব পাৰে
তেওঁৰেই বন্ধু এজনক । সুস্থ সামাজিক পৰিৱেশ এটাৰ
মাজত কোনেও গম নোপোৱাকৈ এইবোৰ বিষবাষ্প আমিয়েই বিলাই নিদিলোঁ নে ? এইটো নামমাত্ৰ
উদাহৰণহে । এনেকুৱা বহু বাক্য বহু চিত্ৰ আমি চ’ছিয়েল মিডিয়াৰ যোগেদি বিয়পাই দিছোঁ , যিবোৰ এটা সভ্যতাক বা এটা জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ যথেষ্ট । এনেকুৱা কথা পঢ়িলে বা ভাবিলে
বহুতেই চাগে এতিয়াও ভাৱে যে চ’ছিয়েল মিডিয়াত প্ৰকাশ কৰা কথা সমূহে আমাৰ বাস্তৱিক সমাজখনত একো প্ৰভাৱ নেপেলায় বা এতিয়াও অসমীয়া ৰক্ষণশীল সমাজখনক চ’ছিয়েল মিডিয়াই গ্ৰাস কৰিব
পৰা নাই আৰু ইয়াৰ কাৰণেই আজি – কালি চ’ছিয়েল মিডিয়াত সুস্থ , যুক্তিনিষ্ঠ আলোচনা এটাও শেষত গৈ কাজিয়াৰ ৰূপ লয় গৈ । কিন্ত সঁচাকৈয়ে এতিয়াও চ’ছিয়েল মিডিয়াই আমাৰ সমাজখনত একো প্ৰভাৱ পেলাব পৰা নাই নে ?


সমীক্ষা এটাৰ পৰা পোৱা কিছু তথ্য এনেধৰণৰ—
গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চলোৱা এটা সমীক্ষা মতে মুঠ জনসংখ্যাৰ প্ৰায় ৯১ . ১১ শতাংশ মানুহে চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰে । ইয়াৰ মাজত যুৱক – যুৱতীৰ সংখ্যাই অধিক যদিও প্ৰাপ্ত বয়স্কৰ সংখ্যাও কম নহয় । এই সকল ব্যৱহাৰকাৰীৰ মাজত ৮৭.৬৭ শতাংশয়ে ফেচবুক , ৯ . ৫৯ শতাংশয়ে টুইটাৰ আৰু ২ .৭৮ শতাংশয়ে অন্যান্য ৱেবচাইট ব্যৱহাৰ কৰে । অৰ্থাৎ অসমত বৰ্তমানলৈ ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যাই অধিক ।
আকৌ ফেচবুক জড়িয়তে বাস্তৱত একলগ হোৱা মানুহ সংখ্যা হ’ল— ৩১. ৫১ শতাংশই গুৰুত্ব নিদিয়ে ।
৫২. ০৫ শতাংশই মাজে মাজে লগ হয় । ১৯ . ৮১ শতাংশই সদায় লগ হয় আৰু কিছু ধনাত্মক কাম কৰে ।

প্ৰায় ৮৬. ৩০ শতাংশই সামাজিক ঘটনা বা কাৰক বিলাক ।
৩৬. ৯৯ শতাংশই পৰিৱেশ
২৮. ৭৭ শতাংশ ব্যক্তিগত
সমীক্ষাটোৰ মতে আমাৰ মাজত ঘটি যোৱা কিছুমান ঘটনাৰ ওপৰত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ
অতি মন কৰিবলগীয়া আছিল । অসমৰ বাংলাদেশী কাৰক , গড় হত্যা কাৰক ইত্যাদি বিভিন্ন ঘটনাত চ’ছিয়েল মিডিয়াই অসমৰ সমাজখনৰ বহু প্ৰভাৱ পেলাই আহিছে ।
আনহাতে ফেচবুকৰ দৰে চ’ছিয়েল মিডিয়াই অসমীয়া বাস্তৱিক সমাজখনতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নে নোৱাৰে , তাৰ ওপৰত চলোৱা সমীক্ষাৰ ফল এনে ধৰণৰ —
৩৬.৯৯ শতাংশৰ মতে প্ৰভাৱ পেলাব পাৰে ।
৫৮.৯০ শতাংশৰ মতে মাজে মাজে প্ৰভাৱ পেলায় ।
৫. ৮৪ শতাংশ মতে নেপেলায়।

সমীক্ষাটোৰ পৰা আমি খোকোজা নলগাকৈ ধৰিব পাৰিলোঁ যে , ফেচবুকৰ দৰে চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ আমাৰ সমাজতো নিশ্চয়কৈ আছে । দিনক দিনে ব্যৱহাৰকাৰীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিছে , লগে লগে বাঢ়ি আহিছে চ’ছিয়েল মিডিয়াৰ যোগেদি সৃষ্টি হোৱা অশান্তি বিলাকো।গতিকে আমিও সজাগ হব লাগে। আমি যদি নিজৰ কিছু ভুল শুধৰাৱ পাৰোঁ তেন্তে চ’ছিয়েল মিডিয়া যোগেদি আজৰি সময় কটোৱাৰ উপৰিও আমি আমাৰ সামাজিক পৰিৱেশো সুস্থকৈ ৰাখিব পাৰিম পাঠক সকলৰ সুবিধাৰ্থে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰত কিছুমান বহুলভাৱে প্ৰচলিত ইংৰাজী শব্দৰ ব্যৱহাৰ কৰা হৈছে।শব্দবোৰক অশুৱলা ৰূপেৰে প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে নহয়।
তথ্য সমূহ মনোজ দেউৰী আৰু সুনীল কান্ত বেহ্‌ৰাই লিখা ‘Youth Activism through Social Media in Assam ‘ নামৰ গৱেষণা পত্ৰৰ পৰা লোৱা হৈছে।

মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ZPMৰ নেতা লালডুহোমাই…

মিজোৰামৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ZPMৰ নেতা লালডুহোমাই।


শপত বাক্য পাঠ কৰোৱালে ৰাজ্যপাল হৰিবাবু কাম্ভাপটিয়ে।


আইজলৰ ৰাজভৱনত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান।


২০১৯ চনত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন হোৱা জেড পি এম বিধানসভা নিৰ্বাচনত ২৭খন আসন লাভ কৰি বিজয়ী হৈছিল।

শীতকালত পানী কমকৈ খালে হ’ব পাৰে গুৰুতৰ ৰোগ, দিনটো কিমান পানী খাব জানেনে…

ঠাণ্ডা বতাহ আৰু প্ৰচণ্ড ঠাণ্ডাৰ বাবে বয়োজ্যেষ্ঠ আৰু শিশুৰ বহু ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে শীতকালত। এনে পৰিস্থিতিত শীতকালত যাতে শৰীৰত পানীৰ অভাৱ নহয় তাৰ বাবে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। শীতকালত ডিহাইড্ৰেচন কেনেকৈ হৈ থাকিব আৰু কিমান পানী খাব লাগে জানো আহক-


শৰীৰত পানীৰ অভাৱৰ বাবে বহুতো সমস্যা আৰম্ভ হয়। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পেটত পৰে। কোষ্ঠকাঠিন্যৰ পৰা গুৰুতৰ ৰোগলৈ। খাদ্য সঠিকভাৱে হজম কৰিবলৈ হ’লে প্ৰচুৰ পৰিমাণে পানী খোৱাটো জৰুৰী।

ঠাণ্ডাত পিয়াহ কম অনুভৱ কৰে। যাৰ বাবে মানুহে কম পানী খায়। পানী কম খোৱাৰ বাবে দুৰ্বলতা আৰম্ভ হয়। শৰীৰত পানীৰ অভাৱৰ বাবে শৰীৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। একে সময়তে শৰীৰত তেজ আৰু অক্সিজেনৰ অভাৱ হয়। যাৰ বাবে মানুহে ভাগৰুৱা অনুভৱ কৰে।

পানীৰ অভাৱত ছালখন নিৰ্জীৱ হৈ পৰে। সেইবাবে প্ৰতিদিনে ৫-৭ গিলাচ পানী খাব লাগে।

পানীৰ অভাৱত বৃক্কত বেয়া প্ৰভাৱ পৰে। বৃক্কত প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন। শৰীৰত পানীৰ অভাৱ হ’লে বৃক্কত অধিক চাপ পৰে। ইয়াৰ বাবে প্ৰস্ৰাৱৰ সংক্ৰমণ হ’ব পাৰে।

যদি আপুনি শীতকালতো সুস্থ আৰু জলসিঞ্চিত হৈ থাকিব বিচাৰে তেন্তে দিনটোত ৩-৪ লিটাৰ পানী খোৱাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ ফলত আপুনি সুস্থ আৰু সতেজ হৈ থাকিব।

৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিল অভিনয়, ২৫০ খনতকৈও অধিক ছবিত কৰিছিল অভিনয়…

জুনিয়ৰ মেহমুদৰ ৬৭ বছৰ বয়সত মৃত্যু: জুনিয়ৰ মেহমুদে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত ৭টা ভিন্ন ভাষাৰ ২৬৫খন ছবিত কাম কৰিছিল। জুনিয়ৰ মাহমুদে ৯ বছৰ বয়সতে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। শিশু শিল্পী হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৬৬ চনৰ ‘মোহব্বত জিন্দগী হায়’। ১৯৭১ চনত ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰে অভিনীত ছবি ‘ছ’তি বহু’ত জুনিয়ৰ মেহমুদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ছবিখনত জুনিয়ৰে নিকুৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোত হাস্যৰসৰ লগতে আৱেগিক স্পৰ্শও আছিল, যিয়ে সকলোৰে হৃদয় জয় কৰিছিল।

১৯৬৮ চনত শম্মি কাপুৰ আৰু মুমতাজ অভিনীত ‘ব্ৰহ্মচাৰী’ ছবিত অমিতৰ চৰিত্ৰত অভিনয় কৰিছিল। শিশু শিল্পী হিচাপে জুনিয়ৰ মেহমুদে ছবিখনত নিজৰ কমেডীৰে দৰ্শকক মনোৰঞ্জন দিছিল।

১৯৭১ চনত মুক্তি পোৱা ‘হাঠি মেৰে সাথী’ ছবিখন আছিল অতি আৱেগিক ছবি। বক্স অফিচ সংগ্ৰহৰ ক্ষেত্ৰত ১৯৭১ চনৰ আটাইতকৈ বেছি হিট ছবি আছিল ‘হাথী মেৰে সাথী’।

১৯৭০ চনত নিৰ্মিত সংগীত ৰোমান্টিক নাট্য ছবি ‘আন মিলো সজনা’ত ৰাজেশ খান্না আৰু আশা পাৰেখে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

জুনিয়ৰ মেহমুদে ১৯৬৭ চনৰ ‘নৌনিহাল’ ছবিত ‘বিল্লু’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল।


পাঁচ দশকৰো অধিক সময়ৰ কেৰিয়াৰত ২৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

কৰ্কট ৰোগৰ সৈতে যুঁজি প্ৰবীণ অভিনেতা জুনিয়ৰ মেহমুদৰ ৬৭ বছৰ বয়সত ৮ ডিচেম্বৰৰ নিশা মুম্বাইত মৃত্যু হয়।





কলকাতাৰ প্ৰেমিক আৰু পাকিস্তানৰ সুন্দৰী যুৱতীৰ বিয়াৰ মেনুত ‘পানীপুৰি আৰু বিৰিয়ানী’…

পাকিস্তান জাভেৰিয়া খানামঃ পাকিস্তানৰ পৰা বিয়া হ’বলৈ ৪৫ দিনৰ ভিছা লৈ ভাৰতলৈ অহা জাভেৰিয়া খানাম অতি সুখী। প্ৰেমৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা জাভেৰিয়া খানামৰ বিয়া ২০২৪ চনৰ জানুৱাৰী মাহত ভাৰতীয় দৰা সমীৰ খানৰ সৈতে। কৰাচীৰ বাসিন্দা জাভেৰিয়াই কলিকতাৰ সমীৰ খানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ভাৰতৰ বোৱাৰী হ’ব। পশ্চিম বংগৰ ৰাজধানীত দুয়োৰে বিবাহৰ প্ৰস্তুতি চলি আছে। বিয়াত অতিথিসকলক আদৰিবলৈ মেনুও প্ৰস্তুত কৰা হৈছে।

বিবাহ উদযাপনৰ সময়ত গোলগাপ্পা আৰু কলকাতা বিৰিয়ানীক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি সমীৰ খানে কয়, ‘এতিয়াই আমি আমাৰ পৰিয়াল আৰু গুৰুত্বপূৰ্ণ বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওঁ, তাৰ পিছত মই তাইক লৈ যাম যিবোৰ ঠাইত মই সততে যাওঁ। কলিকতাৰ ৰাজপথৰ খাদ্য অতি বিখ্যাত।

জাভেৰিয়া খানুমে কয় যে মানুহে আমাক বহুত মৰম দি আছে। আমাৰ বিয়া ৬ জানুৱাৰীত হ’ব।



ভাৰতীয় সংসদ ভৱন, সংবিধান সদন বনাম ৰাষ্ট্ৰীয় প্ৰতীক…

ভাৰতীয় সংসদ ভৱন, সংবিধান সদন বনাম ৰাষ্ট্ৰীয় প্ৰতীক

■ দিগন্ত বাইলুং

ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভাৰতীয় সংসদ ভৱন উদ্বোধনৰ সন্ধিক্ষণত সমালোচনা আৰু বিতৰ্কই ভাৰতীয় ৰাজনীতিত সংবাদ শিৰোনামা দখল কৰা সৰ্বজন বিদিত । ভাৰতীয় ৰাজনীতি আৰু বৌদ্ধিক মহলত এই বিষয়ত যথেষ্ট চৰ্চা পৰিলক্ষিত হল । আমাৰ দেশৰ মান মৰ্যাদা লাঘৱ হোৱা বিষয় কাৰো পক্ষে যোগাত্মক নহয় ! অনাহকত বিতৰ্ক হোৱাটো আমিও সমৰ্থন নকৰো । প্ৰকৃততে নতুন সংসদ ভৱনৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ বিতৰ্কিত বিষয়টো অলোকপাতৰ প্ৰয়োজনীয়তা আছে । বিমুদ্ৰাকৰণ, জি এছ টি বলৱৎকৰণ, কৰোণাকালত সৰ্বাত্মক তলাবন্ধ ঘোষণা, কৃষি আইন, অগ্নিপথ আঁচনিকে আদি কৰি অলেখ বিতৰ্কৰ পাছত নতুন সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা বিকৃত হোৱাৰ বিষয়টোৱে দেশজুৰি তীব্ৰ বিতৰ্ক সৃষ্টিয়ে বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উভয়তেই সংবাদ শিৰোনামা দখল কৰে ৷

বিৰোধী দলৰ সমালোচনাক ভাৰতীয় জনতা পাৰ্টী আৰু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ৷ শাসকীয় দল আৰু চৰকাৰে বিৰোধী দলে চৰকাৰক সমালোচনা কৰাৰ বাবে এটা কাৰণ বিচাৰি লৈছে বুলিহে মন্তব্য প্ৰকাশ কৰা দেখা গল ৷ নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক নিৰ্মাণ কৰা শিল্পী সুনীল দেওঁৰে এই মূৰ্তিত কোনো উগ্ৰ মনোভাব প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁক চৰকাৰে উগ্ৰমূৰ্তিৰ সিংহ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া নাই বুলি মন্তব্যৰে স্পষ্টিকৰণ প্ৰকাশ কৰা পৰিলক্ষিত হল ৷ নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক নিৰ্মাণৰ ঠিকা টাটা গোষ্ঠীৰ পৰাহে পাইছে বুলি শিল্পী গৰাকীয়ে উল্লেখ কৰি পৰোক্ষভাৱে শাসকীয় চৰকাৰৰ সপক্ষে মন্তব্য প্ৰকাশ কৰে । অন্যহাতে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া বি আৰ মানিয়ে সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহৰ মুখাবয়ৱ সাৰনাথৰ মূল সিংহতকৈ পৃথক বুলি গুৰুত্বপূৰ্ণ মন্তব্য দিয়া দেখা গল ৷ প্ৰত্নতাত্বিক জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে লগতে কয় যে, ১৯০৫ চনত সাৰনাথৰ খনন কাৰ্যত যি অশোক স্তম্ভ উদ্ধাৰ হৈছিল, তাত থকা সিংহকেইটাৰ প্ৰতিচ্ছবি পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰে ৷ তেওঁ নতুন সংসদ ভৱনত স্থাপন কৰা সিংহকেইটাৰ সৈতে মূল সিংহকেইটাৰ মিল নাই বুলি স্পষ্টভাৱে উল্লেখ কৰে ৷

নতুন সংসদ ভৱনৰ আশোকস্তম্ভ বিতৰ্কৰ পাছত ভাৰতৰ নতুন সংসদ ভৱনত নিৰ্মিত অখণ্ড ভাৰতৰ মিউৰেলক লৈ অন্য এক বিতৰ্কৰ সৃষ্টি হয় । দেৱাল বা চিলিঙত প্ৰত্যক্ষভাৱে অংকন বা আঁকোৱালি লোৱা এখন ডাঙৰ ছবিক মিউৰেল বোলা হয় । ভাৰতত মিউৰেল অংকনৰ ইতিহাস অতি পৌৰাণিক ব্যৱস্থা । গুহাৰ বেৰত নিজৰ জীৱনৰ লগত জড়িত ছবি অংকন কৰাৰ পৰাই এই ব্যৱস্থা আৰম্ভ হৈছিল যদিও পৰবৰ্তী সময়ত মিউৰেল অংকনৰ বহু পৰিৱৰ্তন হোৱা সততে অনুমেয় । মিউৰেলত ঐক্যবদ্ধ ভাৰতৰ মানচিত্ৰ দেখুওৱা হৈছে, যাৰ বাবে নেপালৰ ৰাজনৈতিক দলসমূহ ক্ষুব্ধ হোৱা পৰিলক্ষিত হৈছিল । গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী এই মিউৰেলত দেখুওৱা হৈছে। আচলতে নেপালে লুম্বিনীক নেপালী মানচিত্ৰৰ অন্যতম সাংস্কৃতিক কেন্দ্ৰ হিচাপে গণ্য কৰে, যাৰ বাবে নেপালত ক্ষোভৰ সৃষ্টি হয়।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন উদ্বোধন কৰাৰ পাছত সংসদ ভৱনৰ সিংহকেইটা সাৰনাথৰ মূল সিংহকেইটাৰ চেহেৰাতকৈ পৃথক আৰু বিকৃত হোৱাৰ অভিযোগ কেইজনমান সাংসদে সামাজিক মাধ্যম টুইটাৰত টুইট কৰি পোনপ্ৰথমে পোহৰলৈ আনে ৷ বিৰোধী ৰাজনৈতিক দলৰ বহুকেইজন নেতাই দাবী কৰা অনুসৰি এই ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহকেইটাৰ মুখাবয়ৱ হিংস্ৰ ৷ উল্লেখ্য যে, সাৰনাথৰ যি অশোক স্তম্ভৰ পৰা দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহণ কৰা হৈছে, তাত থকা চাৰিওটা সিংহৰ মুখৰ আকৃতি শান্ত আৰু সৌম্য ৷ নতুন সংসদ ভৱনত স্থাপন কৰা সিংহকেইটাৰ আক্ৰমণাত্মক প্ৰতিচ্ছবি পৰিস্ফুট মূৰ্তিৰ দাঁত উলিয়াই ৰখা বিষয়টো চিন্তনীয় আৰু উদ্বেগজনক ৷ চৰকাৰৰ সকলো কাম-কাজত ব্যৱহৃত আশোকস্তমৰ সিংহৰ ছবিকেইটাই দেশবাসীক সদায় আকৰ্ষণ কৰি আহিছে ৷ ইয়াৰ বিপৰীতে নতুন সংসদ ভৱনত স্থাপন কৰা অশোকস্তম্ভৰ সিংহকেইটাৰ ৰূপ সম্পূৰ্ণ পৃথক ৷ এনেদৰে হিংস্ৰ ৰূপৰ সিংহৰ ৰাষ্ট্ৰীয় প্ৰতীক নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰাত প্ৰশ্ন উত্থাপিত কিয়নো নহব ? বিৰোধী ৰাজনৈতিক দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এইকেইটা সিংহৰ চেহেৰাত চৰকাৰৰ চৰিত্ৰ ফুটি উঠিছে বুলি কটাক্ষ আৰু অভিযোগ কৰা বিষয়টো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা পৰিলক্ষিত হল ৷ সিংহকেইটাৰ চেহেৰা আৰু বিকৃত মূৰ্তিক লৈ প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু জহৰ চিৰকাৰে ৷ দুয়োজনে টুইটাৰত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মূল সিংহকেইটাৰ ফটো আৰু সংসদ ভৱনত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকৰ সিংহকেইটাৰ ফটো সামাজিক মাধ্যমত প্ৰদৰ্শন কৰি ইয়াৰ পাৰ্থক্য দেশবাসীক বুজাবলৈ প্ৰয়াস কৰি পোহৰলৈ আনা পৰিলক্ষিত হয় ৷ অন্যহাতে জহৰ চিৰকাৰে বিকৃত এই ৰাষ্ট্ৰীয় প্ৰতীক আঁতৰাই দিয়াৰ দাবী জনোৱা পৰিলক্ষিত হয় ৷ অন্যহাতে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিংহই টুইটাৰত টুইট কৰি লেখিছিল – ‘মই ১৩০ কোটি ভাৰতীয় জনসাধাৰণৰ পৰা জানিবলৈ বিচাৰিছো__ ৰাষ্ট্ৰীয় প্ৰতীক বিকৃত কৰাৰ প্ৰচেষ্টা দেশদ্ৰোহ নহয় নেকি ? ৰাষ্ট্ৰীয় জনতা দলে এই বিষয়ত কয় যে সাৰনাথৰ মন্দিৰৰ যি অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে তাৰ সিংহৰ মূৰ্তি সৌম্য আৰু শান্ত, ইয়াৰ তুলনাত নৱ নিৰ্মিত সংসদ ভৱনত স্থাপন কৰা অশোক স্তম্ভৰ মূৰ্তিৰ সিংহৰ ৰূপ হিংস্ৰ ৷ সেই সিংহক দেখিলে এনে লাগে যেন সিংহকেইটাই আক্ৰমণ কৰিবলৈহে উদ্যত হৈ আছে ৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰকৃত ৰূপ এনে নহয় বুলি উল্লেখ কৰি তীব্ৰ সমালোচনা কৰা অনুমেয় ।

অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ থাকে, এটা সিংহ পিছফালে থকাৰ পৰিপ্ৰেক্ষিতত যিকোনো ফালৰ পৰা তিনিটা সিংহহে পৰিলক্ষিত হয় । একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ থাকে । এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰক অশোক চক্ৰ বোলা হয় । ২৪ ডাল দাণ্ডি থকা অশোক চক্ৰক ভাৰতৰ জাতীয় পতাকাত স্থান দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে ২৪ টা আদৰ্শক প্ৰতিপন্ন কৰে ।

১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত অশোক স্তম্ভটো উদ্ধাৰ হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে অশোক স্তম্ভক ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় প্ৰতীকত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা “সত্যমেৱ জয়তে” (সত্যৰ সদায় জয় ) কথাফাঁকি দেৱনাগৰী লিপিত লেখা হৈছে। মূল অশোক স্তম্ভটো সাৰনাথৰ যাদুঘৰত সংৰক্ষণ হৈ আছে । ভাৰত চৰকাৰে প্ৰতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

দিগন্ত বাইলুং
কচুপথাৰ গাওঁ
গোলাঘাট