Home Blog Page 1184

অনুভৱী হৃদয়ৰ আলাপ; গ্ৰন্থ উন্মোচনী সভাও ইমান পাগত উঠেনে বাৰু!

২৪ নৱেম্বৰত সাধাৰণতে প্ৰতিজন অসমবাসীয়ে বীৰ লাচিতক হিয়া উজাৰি স্মৰণ কৰে। এনে এক ঐতিহাসিক দিনটোতে নলবাৰীস্থ শংকৰদেৱ একাডেমীত কবি, প্ৰবন্ধকাৰ, শিক্ষক, সৰবৰহী সত্ত্বা নিতুল কুমাৰ দত্তই আত্মপ্ৰকাশ কৰে ঔপন্যাসিক হিচাপে। গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাখনত, সাৰস্বত সমাজৰ উপস্থিতিত দত্তৰ ‘ নাও মেলি ঢৌ খেলি’ উপন্যাসখন পঢ়ুৱৈৰ হাতত আলফুলে পৰে।

২০১২ চনতে উপন্যাসখন লেখা আৰম্ভ কৰা আৰু পুথি আকাৰে আজি প্ৰকাশ পোৱাটোত এক মধুৰ সপোন যেন সাকাৰ হয় দত্তৰ। টেট শিক্ষক হিচাপে মকৰল হোৱা দত্তই সমাজ জীৱনৰ বহুৰূপ দেখা পাইছিল, খিলঞ্জীয়া সকলৰ আৰু অভিবাসী মুছলমান সকলৰ জীৱন যাপন এই গোটেই ঘটনাবিলাকে দত্তৰ মনত ক্ৰিয়া কৰিছিল আৰু কালক্ৰমত ভাবিছিল যে এটা তুলনামূলক অধ্যয়ন কৰিব পাৰি নেকি উপন্যাসৰ জৰিয়তে, ইয়াৰ আলমতে ১৯৭৯ চনৰ পৰা ২০২০ চনলৈকে এক প্ৰামাণিক সময়ৰ ঘটনাবহুল পৰিক্ৰমাৰ কল্পনা-বাস্তৱৰ সমাহাৰ ঘটোৱাই ৰচা উপন্যাসখন পঢ়ুৱৈৰ সমাদৰ লাভ কৰিলে কষ্টৰ উপশম হোৱা যেন বোধ হ’ব নিতুল কুমাৰ দত্তৰ। ইতিমধ্যে সদাশয় পঢ়ুৱৈৰ মাজত সমাদৃত হোৱা, ২০১৮ চনত প্ৰকাশ পোৱা নিতুল কুমাৰ দত্তৰ কবিতা পুথি ‘একেলগে চাওঁ আহা মানুহৰ ৰং’ ৰ পিছত এইখন দ্বিতীয়খন পুথি প্ৰকাশি ওলাল।

নলবাৰী জিলাৰ নিজ পকোৱাত জন্মগ্ৰহণ কৰা দত্তই নব্বৈৰ দশকৰ পৰাই অসমৰ প্ৰায়বোৰ কাকত, আলোচনীৰ পৃষ্ঠা শুৱনি কৰি কবিতা, প্ৰবন্ধৰে সৃষ্টিশীল ৰচনাত নিমগ্ন হৈ থাকি আৰু দুই-এখন পুথি যন্ত্ৰস্থ: হৈ থকা বুলি জানিব পাৰিছোঁ।


যথাসম্ভৱ সকলো দিশ সামৰি গ্ৰন্থ উন্মোচনী সভাখনৰ বিষয়ত দীঘলীয়া আলচ কৰাৰ প্ৰয়াস কৰিছোঁ। বৌদ্ধিক জগতত সাহিত্য চৰ্চাকাৰী সকলৰ ভিতৰত নলবাৰীৰ এখন সুকীয়া আসন আছে। প্ৰজ্ঞানগৰী নলবাৰীৰ চকুত পৰা কবি, সাহিত্যিক, দত্তক অন্তৰেৰে ভালপোৱা এচাম অনুৰাগীৰ মিঠা উপস্থিতিত পোন পহিলাতে সভাৰ কাৰ্যসূচীৰ বিৱৰণী আৰম্ভ কৰে যুৱ সাহিত্যসেৱী, লেখক জয়ন্ত কুমাৰ ডেকাই।

জয়ন্ত কুমাৰ ডেকাই নামসমূহ ঘোষণা কৰি সানুনয়ে মঞ্চৰ আসন অলংকৃত কৰিবলৈ ব্যতিক্ৰমী সভাখনত সঞ্চালক হিচাপে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ অধ্যক্ষ , বিশিষ্ট কবি, কথাশিল্পী ড° বিনয় কুমাৰ মজুমদাৰক, গ্ৰন্থ উন্মোচক হিচাপে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক আনোৱাৰ হুছেইনক, অতিথি হিচাপে মঞ্চত উপবিষ্ট কৰাই সাংবাদিক জিতেন শৰ্মাক , সাংবাদিক কমলেশ শৰ্মাক , অসম টাইমৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক এম. মহিবৰ ৰহমানক, কবি-ঔপন্যাসিক-গদ্যলেখক পংকজ গোবিন্দ মেধিক আৰু স্বনামধন্য কবি শান্তনু শৰ্মাক আহ্বান জনায় ।

নিতুল কুমাৰ দত্ত আৰু শিক্ষয়িত্ৰী পত্নী দীপিকা ভৰালী দত্তৰ একমাত্ৰ মেধাৱী দুহিতা, একাদশ শ্ৰেণীৰ ছাত্ৰী তন্ময়ী তৰা দত্তৰ কন্ঠত এটি সুমধুৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা নিটোল অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘জোনাক’ মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক, কবি, লেখক পুলকেশ ৰায় বৰুৱাই। অকণমান পিছতে সভাৰ মাহেন্দ্ৰক্ষণটো যেন আহি পৰে! হৈ গ’ল উপন্যাসখনৰ মৌমিঠা উন্মোচন। শ্ৰোতা দৰ্শকক ভাষণেৰে মোহাবিষ্ট কৰা উন্মোচক, নিতুল কুমাৰ দত্তৰ শিক্ষাগুৰু আনোৱাৰ হুছেইনে নিজে পঢ়া অসমীয়া বহু উপন্যাসৰ উদাহৰণেৰে সৰস আলোচনা কৰি কয় যে,”গ্ৰন্থ এখনে যেতিয়া পাঠকৰ হৃদয় চুই যায় আৰু গ্ৰন্থখনে বহু ধৰণৰ চিন্তা উদ্ৰেককাৰী বাৰ্তা সমাজলৈ কঢ়িয়াই নিয়ে তেনে গ্ৰন্থই সমাদৰ লাভ কৰে আৰু তেতিয়াহে প্ৰকৃতাৰ্থত গ্ৰন্থখন উন্মোচন হ’ব বুলি ক’ব পৰা যায়, মাটিৰ গোন্ধ থকা কবিতা লিখি অহা দত্তৰ উপন্যাসখনৰ নামটোতো কবিতাৰ বৰ্ণিল সোৱাদ যেন সোমাই আছে” ।

পংকজ গোবিন্দ মেধিয়ে ঔপন্যাসিকক শুভাশা প্ৰদান কৰি ‘সাদিন’ত প্ৰকাশিত এক নতুন আংগিকৰ ‘দৃষ্টি বিভ্ৰম’ শীৰ্ষক গল্প সাৱলীলভাৱে পাঠ কৰে। শুভেচ্ছামূলক ভাষণ আগবঢ়োৱা জিতেন শৰ্মাই তেখেতৰ নিমজ বক্তব্যত কয় যে, “শিক্ষকসকলক, জ্যেষ্ঠসকলক সদায় উচ্চাসন দিব লাগে। কেতিয়াবা বৰ্তমান সময়ক অধ্যয়ন কৰিলে কৰিলে কিছু কবি, সাহিত্যিকক বৌদ্ধিক দৈন্যতাৰ মাজেৰেও যোৱা যেন লাগে। সমাজত কয় এটা আৰু নিজ পৰিয়ালত কিম্বা ব্যক্তিগত জীৱনত শিপাৰ পৰা অকাতৰে বিচ্ছিন্ন হোৱা দেখা যায়। নিতুল কুমাৰ দত্ত কেতিয়াও হোৱা নাই গণবিচ্ছিন্ন , দি আহিছে মানুহক সমন্বয়ৰ সুষম বাৰ্তা। সদা হাস্যময় ব্যক্তি, অভাৱ-অনাটনে জুৰুলা কৰিলেও হাৰ মনাব নোৱৰা সাহসী যোদ্ধা দত্ত শিপাক নাপাহৰা এগৰাকী সংস্কৃতিবান ব্যক্তি হৈ ছে দত্ত। যত দূৰ পাৰি সমাজক হিয়া উজাৰি দিয়াৰ পক্ষত সদায় নিতুল দত্ত আছে। সংকল্প, সাহস আৰু সমৰ্পিত মন — এই তিনিটা মানবিশিষ্ট গুণ আছে বাবেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দত্ত উজ্বলি থাকিব।”


কমলেশ শৰ্মাৰ বক্তৃতাৰ কিয়দাংশ এনে ধৰণৰ –“সাহিত্য সৃষ্টিশীলতাৰ ভিতৰত কবিতাই শ্ৰেষ্ঠ। ইতিমধ্যে দত্তই কাব্য সৃষ্টিৰে ৰচনা কৰিলে শ্ৰেষ্ঠ সাহিত্য। মানুহে বিচৰা, পঢ়ুৱৈয়ে সন্ধান কৰা এখন উপন্যাস হওক নাও মেলি ঢৌ খেলিখনে। সততে উত্থাপিত হোৱা অভিযোগ অসমীয়া মানুহে কিতাপ নপঢ়েত মই বিশ্বাসী নহয়। ভাল কিতাপ মানুহে পঢ়িবয়। উন্মোচন নকৰিলেও, বিজ্ঞাপন নিদিলেও ভাল গ্ৰন্থ পঢ়ুৱৈয়ে বিচাৰি আনি হ’লেও পঢ়িবয়। মাথোঁ চৰ্ত থাকিব কিতাপখন সুখপাঠ্য হ’ব লাগিব। উপন্যাসৰ এক অনামী শিহৰণ আছে, প্ৰতি গৰাকী পঢ়ুৱৈয়ে কোনোবা নহয় কোনোবা চৰিত্ৰত অজানিতে যেন নিজক বিচাৰি পায়।”

শান্তনু শৰ্মাই স্বৰচিত দুটি মহিমামণ্ডিত কবিতা পাঠ কৰি দত্তক সাধুবাদ দিয়ে। এম. মহিবৰ ৰহমানে চুটি বক্তব্য আগবঢ়ায় কয় যে, “সংস্কাৰী ঘৰৰ প্ৰগতিশীল চিন্তাৰ বাৰ্তাবাহক নিতুল কুমাৰ দত্ত। অনন্য জীৱন দৰ্শনেৰে তেওঁৰ দুহিতাকো গঢ়ি তুলিছে উপযুক্ত হিচাপে।”


সমজুৱাৰ পিনৰপৰা সংবেদনশীল লেখক সত্যেন শৰ্মাই কয়,”পঢ়ুৱৈ হিচাপে আমাৰ প্ৰথম পচন্দ উপন্যাস। উল্লেখ্য যে, সত্তৰৰ দশকত উপন্যাস পঢ়াটো বৰ এটা ভাল চকুৰে নাচাইছিল। ক্ৰমশঃ দিন বাগৰি যোৱাৰ লগে লগে সেই ভাবধাৰা সলনি হ’ল। বিষয়বস্তুৱেও মোট সলালে। কোনোবাই উপন্যাসত বুৰঞ্জীক টানিছে, আন কোনোবাই বা চৰাইৰ বিনন্দীয়া পৃথিৱীখনকে টানিছে। আগৰ সময়ত হিতেশ ডেকাৰ উপন্যাস আছিল হাৰ্টথ্ৰব। উপন্যাসৰ আলোচনাৰ নাই কোনো আদি-অন্ত। কালৰ বুকুত অৱগাহন কৰি উপন্যাসৰ নামবোৰো সলনি হ’ল। পাঠকে কি ধৰণে লয় উপন্যাস এখন সেইটোৰ ওপৰত সৱ নিৰ্ভৰ কৰে। আগতে আশী শতাংশ লোকেই বাহিৰা কিতাপ পঢ়িছিল। পঢ়া কিতাপৰ, উপন্যাস আদিৰ ওপৰত লগৰীয়াৰ লগত আলোচনা-বিলোচনা হৈছিল। দত্তৰ এই পুথিখন সুখপাঠ্য হওক।”


আন এগৰাকী সমজুৱাৰ পৰা কোৱা বক্তা, লেখক-অধ্যাপক ড° ৰাজেশ কাকতিয়ে তেখেতৰ মোলায়েম ভাষণত কয় যে –” সাহিত্যত নোবেল বঁটা পোৱা বাৰ্ট্ৰাণ্ড ৰাচেলৰ গ্ৰন্থ ‘In praise of idleness’ শীৰ্ষক পুথিখন ৰসস্বাদন কৰিব লগা অতি লাগতিয়াল পুথি। দত্তই এই পুথি প্ৰকাশেৰে জীৱনৰ অতি উৎকৃষ্টতম কাম এটি কৰিলে। সাংবাদিক আৰু কবি যদি ঔপন্যাসিক হয় তেনেহ’লে সেই উপন্যাসখন দুৰ্দান্ত হয়, এইয়া ইতিহাসপ্ৰসিদ্ধ কথা। কবি আৰু সাংবাদিক বিপ্লৱী হ’লেও তেখেতসকল হয় দুৰ্দান্ত।কবিসকলৰ ‘বেৰোমেটিক ফিলিংচ’ আছে।” জাকতজিলিকা সভাখনত নিতুল কুমাৰ দত্তৰ ককায়েক ৰমেন দত্তয়ো নিজৰ মনোভাৱ নিগৰাই ভায়েকৰ এই কৃতিত্বত সকলোকে কৃতজ্ঞতাৰে শলাগে।

কবি চম্পক তালুকদাৰে নিজৰ আৱেগিক ভাষণত দত্তৰ ঘৰখনৰ জীয়া-মৰ্মস্পৰ্শী কিছু নজনা কথা দোহাৰি এক নীৰৱ-নিতাল পৰিৱেশৰ সৃষ্টি কৰে। শিক্ষক, কবি গণেশ বৰ্মনে শুভাশিসমূলক মন্তব্যৰে দত্তক উদগণি জনায়। শিক্ষয়িত্ৰী ইনালী দত্তই এটি স্বৰচিত কবিতা পাঠেৰে দৰ্শকক আমোদ দিয়া সভাখনত শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক দীপাংকৰ দত্তই। সঞ্চালক ড° বিনয় কুমাৰ মজুমদাৰে বুদ্ধিদীপ্ততাৰে যিমানবোৰ তথ্যকেন্দ্ৰিক চিত্তাকৰ্ষক মন্তব্য ভাষণৰ পিছে পিছে দাঙি ধৰিছিল সভাখনত; সঁচাকৈয়ে অতিশয় মনোগ্ৰাহী হৈ পৰিছিল সেই সোণসেৰীয়া ক্ষণবোৰ। আৰ্নেষ্ট হেমিংৱেৰ উপন্যাস ‘বুঢ়া আৰু সাগৰ ‘ গ্ৰন্থখনে মাত্ৰ ৩৯ পৃষ্ঠাৰ কিতাপখনৰ বাবে নোবেল বঁটা লাভ কৰা, মাতৃভাষাৰে অধ্যয়ন কৰি তথা লেখা-মেলা কৰি ইহুদী সকলে যে সৰ্বাধিক নোবেল বঁটা পাই আহিছে তাৰ পাৰিসাংখ্যিক তথ্য প্ৰকাশ কৰি অনেক মেটমৰা কথাৰ সম্ভেদ দি সভাখন চলাই নি এক পাগত তুলিছিল শ্ৰদ্ধাৰ মজুমদাৰদেৱে।

লেখক-সাংবাদিক শংকৰ শৰ্মা, চিত্ৰশিল্পী দিগন্ত বৰ্মন, কবি কমল কুমাৰ শৰ্মা, নামজ্বলা লেখক-গল্পকাৰ-ঔপন্যাসিক কমল শৰ্মা, কবি-চিত্ৰশিল্পী অনুপ দত্ত, জেপ আলোচনী ‘গজালি’ পৰিয়ালৰ কেইবাজনো কৰ্মকৰ্তা, শিক্ষক-সাহিত্যকৰ্মী মানস কুমাৰ শৰ্মা, প্ৰকৃতিবিদ ভূপেন কুমাৰ দাসসহ অনেক গুণমুগ্ধই ভিৰ কৰা এই উন্মোচনী অনুষ্ঠানটো নান্দনিক সৌন্দৰ্যৰ আকৰ হোৱা বুলি ক’ব পৰা যায়,২২০ টকা মূল্যৰ ২৪০ পৃষ্ঠাৰ পুথিখন প্ৰকাশ কৰি উলিয়ায় পাণবজাৰৰ ‘আদি আৰু জেএছ’ প্ৰকাশনে।

ইতিবাচক কথা এটা থাউকতে উনুকিয়াই থওঁ যে সভাস্থলীতে নগদ ধন দি এই লেখকে পাঁচখন গ্ৰন্থ ক্ৰয় কৰাৰ পিছতে অনেকজনে উপন্যাসখন কিনাৰ বাবে অগ্ৰসৰ হয়। সভাৰ অন্তত সকলোৱে হাঁহিমুখে বিদায় লৈছিল যদিও অন্তৰৰ নিভৃত কোণত কঢ়িয়াই লৈ গৈছিল কবি, ঔপন্যাসিক নিতুল কুমাৰ দত্তৰ এই সুগভীৰ অনুষ্ঠানভাগিৰ এক সন্তষ্টিভৰা ‘কোৱালিটি টাইম’। জয়তু উপন্যাস ‘নাও মেলি ঢৌ খেলি’!!

-পুলকেশ ৰায় বৰুৱা

ৰেপিড’ চালিকা জেউতি বাইদেউৰ জীৱন সংগ্ৰামৰ কাহিনী…

প্ৰথমে ফটোখনত থকা বাইদেউ গৰাকীক চিনাকি কৰাই দিব বিচাৰো তেওঁৰ নাম জেউতি । এতিয়া মূল কথালৈ আহো কেইদিনমান আগৰ কথা ম‌ই ৰাতিপুৱা এঠাইত যাবৰ বাবে “Rapido book কৰিলো” তেতিয়া বাইদেউ গৰাকী আহিল সময়মতে । আগে পিছেও বহুত বাৰ এনেকৈ Rapido বাইকত অহা যোৱা কৰিছো যদিও এইবাৰ কথাটো ব্যতিক্ৰম কাৰণ কেতিয়াও মহিলা Rapido চালক পোৱা নাছিলো । প্ৰথমবাৰৰ বাবে মহিলা Rapido চালক ৰূপত বাইদেউ গৰাকীক লগ পালো গুৱাহাটীত । আচৰিত কথাটো সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে Rapido চলাইছে লগতে ম‌ই তেওঁৰ প্ৰথম যাত্ৰী । তেওঁ ক’লে ভণ্টি বেয়া নাপাবা ৰাস্তাটো ইমান নাজানো তেতিয়া ম‌ই ক’লো আপুনি চিন্তা কৰিব নালাগে ম‌ই চিনি পাওঁ আপুনি মাত্ৰ লৈ বল’ক ।

তেওঁক সুধিলো আপোনজনৰ Gpay বা Phone Pay আছেনে তেতিয়া তেওঁ ক’লে এইবোৰ একো‌ নাই , সেই মূহুৰ্তত ম‌ই কলো আপুনি এইবোৰ ফোনত কৰি ল’ব বহুত যাত্ৰী পাব মোৰ পিছত প‌‌ইচা নগদ নিদিয়ে অনলাইন কৰি দিয়ে । তেওঁক সুধিলো Rapido কেনেকৈ চলাম বুলি ভাবিলে তেওঁ ক’লে মোৰ স্বামী দূৰত চাকৰি কৰে দিনটো ঘৰত থাকিব লগা হয় সেইবাবে ভাবিলো নিজৰ ঘৰখনৰ অলপ সহায়ো হ’ব লগতে মনটো বেয়া হৈ নাথাকিব । তেওঁৰ প্ৰতি দুগুণ সন্মান বাঢ়ি গ’ল এগৰাকী মহিলা হিচাপে তেওঁ আনকাৰো কথা ভবা নাই কোনোবাই কি ক’ব মাত্ৰ নিজৰ ঘৰখনৰ উপাৰ্জনৰ বাবে আগবাঢ়ি আহিছে ।

ম‌ই নিজে এগৰাকী ছোৱালী হিচাপে তেওঁক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছো কিয়নো এই সমাজখনত এগৰাকী মহিলা আন‌ এগৰাকীক মহিলাক যেতিয়ালৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব সাহস হ’ব তেতিয়াই আৰম্ভ হ’ব পৰিৱৰ্তন । পৰা লৈকে কাকো নিৰাশ নকৰিব সাহস যোগাব , উৎসাহিত কৰিব চাবচোন তেতিয়া মহিলাসকল আগবাঢ়ি আহিবলৈ কুণ্ঠবোধ নকৰিব । নাৰীয়ে নাৰীৰ আটাইতকৈ ভাঙৰ সাহস । আপোনাৰ মা , বাইদেউ , ভণ্টি লগতে আপোনাৰ এগৰাকী ভাল বান্ধৱী কথাকে উদাহৰণ স্বৰূপে ল’ব পাৰে ।
জেউতী বাইদেউ অনুমতি লৈ ফটোখন তুলিছিলো লগতে তেওঁক কৈছিলো আপোনাৰ কথা ম‌ই ফেচবুকত লিখিম তেতিয়া তেওঁ কৈছিল হ’ব ভণ্টি । আমাৰ এইখন সমাজত আন বহুগৰাকী জেউতী বাইদেউ আছে মাত্ৰ আপুনি সহাঁৰি জনাওঁক সাহস দিওঁক ,ধন্যবাদ ।

জেবিন চুলতানা

“গেষ্ট্ৰিকে কেতিয়াবা মাৰ্ডাৰ কৰিব’’…

“গেষ্ট্ৰিকে কেতিয়াবা মাৰ্ডাৰ কৰিব’’
ৰিপণ জামান
হ’ল আজি কেইদিনমান, ফেচবুকত এটা পোষ্ট পাইছিলোঁ,পোষ্টটো আছিল“গেষ্ট্ৰিকে কেতিয়াবা মাৰ্ডাৰ কৰিব’’, পোষ্টটো মোৰ বন্ধুৰ তালিকাত থকা এগৰাকীয়ে দিছিল৷বিভিন্ন জনে বিভিন্ন মন্তব্য আগবঢ়াইছিল৷মন্তব্যত কোনোবাই কিবা খাবলৈ দিছিল,কোনোবাই আকৌ কিবা খাবলৈ বাধা দিছিল ইত্যাদি৷ মই মন্তব্য দিলোঁ“ এয়া মাৰ্ডাৰ নহয় আত্মহত্যাহে,কিয়নো গেষ্ট্ৰিক নিজে নিজে অহা নাই আপুনি মাতিহে আনিছে, গতিকে দোষ আপোনাৰেই’’৷প্ৰত্যুত্তৰত তেওঁ দোষ স্বীকাৰো কৰিলে৷যিকি নহওক এই অৱস্থা চাগে আজি প্ৰায় ভাগ মানুহৰে৷বোধকৰো ৯৫% শতাংশ মানুহেই আজি এই গেষ্ট্ৰিকৰ জ্বালা যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈছে৷অথচ মাত্ৰ কেইবছৰমান আগতে ইয়াৰ প্ৰকোপ ইমান নাছিল৷মনত পৰে চাকৰিৰ প্ৰথম অৱস্থাৰ কথা, হস্পিটেলত গেষ্ট্ৰিকৰ দৰৱ কেইটা দিলে বহুত সময়ত “এই সোপানো কিমান দিয়ে? নালাগে যাওক’’ এই বুলি বহুতেই ঘুৰাই দিছিল, আৰু আজি হস্পিটেলত যি বেমাৰৰ বাবেই নাহক কিয় গেষ্ট্ৰিক দৰৱ দুটামান লাগিবই৷একপ্ৰকাৰ দাবী কৰিয়ে লৈ যায়৷মানে এতিয়া পৰিৱেশ সম্পূৰ্ণ বিপৰীত৷ দহ বাৰ বছৰীয়া ল’ৰাছোৱালীৰ পৰা আৰম্ভ কৰি ল’ৰা,বুঢ়া ,ডেকা সকলো আজি গেষ্ট্ৰিকৰ কবলত৷হঠাতেই ইয়াৰ প্ৰকোপ কিয় ইমান বাঢ়িল বাৰু, ইয়াৰ কাৰণ সমুহ যদি আপুনি বিশ্লেষণ কৰিব যায় দেখিব মুলতঃ কাৰণ ইয়াৰ এটাই লাইফ ষ্টাইল৷আগৰ লাইফষ্টাইল আৰু এতিয়াৰ লাইফষ্টাইলৰ মাজত আকাশ পাতল প্ৰভেদ দেখা যায়৷ এতিয়াৰ লাইফষ্টাইল বহুত সলনি হ’ল মানুহৰ যাৰ বাবেই হয়তো আজি গেষ্ট্ৰিকৰ প্ৰভাবো ইমানকৈ বাঢ়িছে৷


লাইফ ষ্টাইলৰ লগতে আছে খাদ্যাভ্য৷খাদ্যাভাসৰো ভীষণ পৰিৱৰ্তন হ’ল৷ টেঙা,তিতা,খাৰ আদি কাৰো আজিকালি জিভাত নলগা হ’ল৷সকলোকে মাথো মচলা যুক্ত খাদ্যহে লাগে৷ লগতে ফাষ্ট ফুড বোৰতো আছেই জ্বলা জুইত ঘিউ ঢালিবলৈ৷এইখিনিতে খোৱাবোৱাৰ ক্ষেত্ৰত আৰু এটা কথ কব লাগিব সময়ানুৱৰ্তিা৷ খোৱাবোৱাত কোনেও আজিকালি সময়ানুৱৰ্তিতা মানি নচলে৷৷এনেকুৱা হ’ল যে সময়মতে খোৱাবোৱা কৰিবলৈও কাৰো সময় নোহোৱা হ’ল৷ গতিকে গেষ্ট্ৰিক বাঢ়িবই,নাবাঢ়িব কিয়৷ ৰাতি দেৰিকৈ শোৱাটো আজিকালি এটা ষ্টাইল হ’ল আৰু পুৱা দেৰিকৈ উঠাটোও এটা ফেশ্বনত পৰিণত হ’ল৷ফলত কি হ’ল, ৰাতিৰ আহাৰ আৰু পুৱাৰ আহাৰৰ মাজত এক বৃহৎ ব্যৱধানৰ সৃষ্টি হ’ল৷ তাতে আকৌ পুৱাই বিস্কুট দুখন মানেৰে চাহ একাপ খাই বেলি দুপৰলৈ ভাতসাঁজ খোৱাটো এটা অভ্যাসত পৰিণত হ’ল,এইটো আচলতে এট বদঅভ্যাস বুলিহি কব লাগিব৷কোৱা হয় সু স্বাস্থ্যৰ বাবে পুৱা ৰজাৰ দৰে আৰু ৰাতি দৰিদ্ৰৰ দৰে খাব লাগে,কিন্ত আজি আমি ইয়াৰ এক সম্পূৰ্ণ ওলোটা ছবিহে দেখা পাওঁ৷

এনেবোৰ কাৰণতেই গেষ্ট্ৰিকটোৱে দিনকদিনে লাই পাই গৈছে৷কাৰণ আৰু বহুত আচে,আৰু এটা কাৰণ কৈ থোৱা ভাল হব,কাৰণটো হ’ল টেনছন৷টেনছন নোহোৱা মানুহ চাগে আজি এজনো নোলাব৷এই টেনছনটোও গেষ্ট্ৰিকৰ এটা অন্যতম কাৰণ৷কিন্ত এইযে সাত আঠ বছৰীয়া ল’ৰাছোৱালীয়েও গেষ্ট্ৰিকৰ দৰৱ খাবলগীয়া হৈছে ইয়াৰ কাৰণটো কি জানেনে?মাকবাপেকৰ মৰম৷মৰমতে মাকবাপেকবোৰে চিপচ,কুৰকুৰী,বিভিন্ন ধৰণৰ ফাষ্ট ফুড সোপা আনি সন্তানক খুৱাব আৰু ক্ৰমাত সিহঁত আন খোৱা বস্তু এৰি এইবোৰৰ প্ৰতি আসক্ত হৈ পৰে৷ মাকবাপেকৰ এই মৰমেই এইদৰে সন্তানৰ স্বাস্থ্যৰ ক্ষতি কৰিছে৷
ভাবকচোন এবাৰ সাত আঠ বছৰ বয়সৰ পৰাই গেষ্ট্ৰিকৰ দৰব খাবলগীয়া হলে পিছলৈ কিয় অৱস্থা হব৷গতিকে মৰম কৰক,কিন্ত আপোনাৰ মৰমে যাতে আপোনাৰ সন্তানৰ স্বাস্থ্যৰ হানি নকৰে তালৈ চকু দিয়াটোও আপোনাৰ কৰ্তব্য৷
শেষত ফেচবুকৰ বন্ধু গৰাকীৰ লগতে আপোনালোককো কৈছো “গেষ্ট্ৰিকক মাৰ্ডাৰ কৰাৰ সুবিধা আপুনি দিয়েনো কিয়?’’অকনমাণ অভ্যাসৰ পৰিৱৰ্তন কৰকচোন ই আপোনাৰ কাষ চাপিবই নোৱাৰিব৷মচলাযুক্ত বা তেলজাতীয় খাদ্য এৰাই চলক৷সময়মতে আৰু নিয়মিত ভাবে সুষম খাদ্য গ্ৰহণ কৰক৷দুটা প্ৰধান আহাৰৰ মাজত ব্যৱধান কমাই আনক৷কম কমকৈ খাওক কিন্ত সঘনাই খাওক৷ৰাতি সোনকালে শোৱাৰ আৰু পুৱা সোনকালে উঠাৰ অভ্যাস কৰক৷নিয়মিত ভাবে ব্যায়াম আদি কৰক৷ ৰাতি উজাগৰে থকাৰ অভ্যাস পৰিহাৰ কৰক৷ এইকেইটা নিয়ম মানি চলিব পাৰিলেই গেষ্ট্ৰিকে আপোনাক “মাৰ্ডাৰ’’ কৰা দুৰৰ কথা আপোনাৰ কাষেই চাপিব নোৱাৰিব আৰু আপুনি সুন্দৰ ভাবে জীৱনটো উপভোগ কৰিব পাৰিব৷

IIT Madras Energy Consortium hosts Energy Summit 2023…

IIT Madras Energy Consortium hosts Energy Summit 2023

With Australia being one of earliest partners of Energy Consortium, the next edition of Energy Summit will be hosted by Australia during 2024: Ms. Sarah Kirlew, Australian Consul General

CHENNAI, 6th December 2023: Indian Institute of Technology Madras’ (IIT Madras) Energy Consortium is hosting its annual Energy Summit from 5th to 8th December 2023.

It features participation from Global thought leaders and experts drawn from the industry, academia, policy makers and government agencies that are working towards accelerating the development of technologies to enable energy transition towards a low-carbon future. More than 300 delegates are taking part including over 40 international speakers representing Australia, UK, US, Italy, South Korea, and Japan.

Delivering a virtual address from Dubai on ‘Energy Transition Priorities in the US’ during the plenary session today (6th Dec 2023), Dr. Bhima Sastri, Director (Energy Asset Transformations), Office of Fossil Energy and Carbon Management, Department of Energy, US, “The US DoE Energy Earthshots initiative aims to accelerate breakthroughs of more abundant, affordable, and reliable clean energy solutions within the decade. Hydrogen shots seek to reduce the cost of clean hydrogen by 80% to $1 per 1 Kilogram in 1 decade. Carbon management spans a value chain of technologies and infrastructure such as carbon capture, carbon dioxide removal, transport, conversion and permanent storage.”

Further, Dr. Bhima Sastri said, “The US Department of Energy is tasked with accelerating technology through four focus areas – Explore, align, accelerate, and collaborate – via the 17 labs across the country. Some of the outcomes include the ‘Sub-Surface guidance for oil recovery’ through machine learning and ‘Power Plant Cybersecurity.’ The Bipartisan Infrastructure Law allocated $12 Billion for carbon management and more than $8 Billion for hydrogen. This has given the opportunity to deploy technologies that have only been researched so far.”

Dr. Bhima Sastri added, “The law has resulted in big investments in carbon management and critical minerals. For a long time, we have been depending on China for critical minerals in key technologies, like MRI. Now, we are trying to revive mines. Retired or retiring coal mines are being repurposed mostly for clean energy technologies.”

Making a major announcement during her address, Ms. Sarah Kirlew, Australian Consul General for Chennai, said, “With Australia being one of the earliest partners of The Energy Consortium, the next edition of The Energy Summit will be held at Australia next year (2024).”

Ms. Sarah Kirlew added, “Australia has natural gifts that allow the country to become a renewable energy superpower. In Terms of the Australia-India partnership, renewable energy is a key focus. Australia and IIT Madras have deep collaborations through various MoUs. Many Australian companies have also set up their research centres.”

The key summit themes for 2023 are:

Ø Energy Storage and Green Hydrogen

Ø Carbon Markets, Energy Economics and Climate Finance

Ø Energy Efficiency, Energy Management and Modelling, Sustainable Buildings

Ø Microgrids, Power conversion systems and Power electronics

Speaking earlier, Prof. V. Kamakoti, Director, IIT Madras, said, “The Energy Summit must look at several challenges into the future. If a technology is introduced, how can it be scaled up, what will be the response and how it can handle disasters. IIT Madras is ‘IITM for all’ and we are open to any industry and stakeholder to join and collaborate with The Energy Consortium.”

Prof. V. Kamakoti added, “Under the ‘Institute of Eminence’ (IoE) scheme, the Institute provided US$ 2 million to The Energy Consortium. Carbon Capture, Green Hydrogen and Battery Research (effectiveness and recycling) are all important areas along with zero emission trucking. In the next 10 years, recycling is going to become more important than even computing jobs. The Institute is looking at such projects under our ‘Waste to Wealth’ agenda.”

The important outcomes from Energy Summit 2023 include:

Ø Launch of the CO2 capture demonstrator, to aid industries and researchers demonstrate technology scale-up

Ø Increasing collaboration with more academic and industrial partners to address the technology transition for decarbonisation goals of the government.

Ø Launch of Energy Audit app for use by MSME, Energy auditors and other industries

Ø

Highlighting the importance of the event, Prof. Satyanarayanan Seshadri, Convenor, Energy Summit 2023, said, “Developing resilience in our energy systems and addressing holistic development of technologies is imperative. This can only be achieved by collective action. The Energy Summit at IITM is one of the major global platform that is driving this.”

Other speakers include Prof. Mahesh Panchagnula, Dean (Alumni and Corporate Relations), IIT Madras.

A Special Magazine Issue ‘Path to Decarbonization’, which comprises a series of articles by energy experts from academia, industry and government, was unveiled on the occasion. A CO2 capture pilot demonstrator developed by the Energy Consortium as part of the Institute of Eminence Center of Excellence project was also unveiled on the occasion.

There were also two high powered panels that deliberated ‘Alternate fuels and green H2’ and ‘Importance of Digitalization in energy transition’. multiple invited presentations, flash talks and posters on cutting-edge research from academia and industry were also presented on the occasion.

ABOUT IIT MADRAS

Indian Institute of Technology Madras (IITM) was established in 1959 by the Government of India as an ‘Institute of National Importance.’ The activities of the Institute in various fields of Science and Technology are carried out in 17 academic departments and several advanced interdisciplinary research academic centres. The Institute offers undergraduate and postgraduate programmes leading to B.Tech., M.Sc., M.B.A., M.Tech., M.S., and Ph.D., degrees in a variety of specialisations. IITM is a residential institute with more than 600 faculty and 9,500 students. Students from 18 countries are enrolled here. IITM fosters an active entrepreneurial culture with strong curricular support and through the IITM Incubation Cell.

Recognized as an Institution of Eminence (IoE) in 2019, IITM has been ranked No.1 in the ‘Overall’ Category for the fifth consecutive year in India Ranking 2023 released by National Institutional Ranking Framework, Ministry of Education, Govt. of India. The Institute has also been ranked No.1 in the ‘Engineering Institutions’ category in the same Rankings for eight consecutive years – from 2016 to 2023. It was also adjudged as the ‘Top innovative Institution’ in the country in Atal Ranking of Institutions on Innovation Achievements (ARIIA) in 2019, 2020 and 2021. ARIIA Ranking was launched by the Innovation Cell of Ministry of Education.

Follow IIT Madras on FACEBOOK / TWITTER / LINKEDIN / INSTAGRAM / YOUTUBE

ABOUT ENERGY CONSORTIUM

The Energy Consortium is an umbrella initiative at IIT Madras that spans the whole spectrum of research in energy generation, storage, conversion, and distribution. We are an industry-academia-government collaborative effort established with the aim of accelerating the development of technologies that enable the transition toward a low-carbon future. The core expertise areas at the consortium include carbon capture and storage, gas hydrates, coal and biomass conversion to useful chemicals, renewable energy systems including applications in electrolyzer technologies for CO2 conversion and green hydrogen, energy storage technologies beyond lithium, and distributed energy management including for AC and DC microgrids. We have active participation from more than 50 IIT Madras faculty, with significant technology expertise and demonstrated contributions on the world stage. In addition, we have over 250 postgraduate students (PhD and MS) and about 20-30 post-doctoral fellows working in various domains related to energy research. Energy Consortium has global energy majors including Shell and Baker Hughes as well as the Energy vertical of NITI Aayog amongst our advisory board members.

কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱালৈ ‘ ‘আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা…

কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱালৈ ‘ ‘আপকুৰ শ্ৰেষ্ঠ সংগঠক বটা-2023 ‘

অসমৰ সংবাদ ক্ষেত্ৰখনত মফচলীয়া সাংবাদিক তথা সংবাদকৰ্মী সকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত 1993 চনৰ 30 এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰে চৰকাৰী পঞ্জীয়নভূক্ত সাংবাদিক সংগঠন ‘ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন ‘ চমুকৈ ‘ আপকু’ ৰ ষষ্ঠদশ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখন বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা সমিতিৰ আতিথ্যত আৰু গহপুৰবাসী ৰাইজৰ সহযোগত শ্বহীদ নগৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ Dr . ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অহা 9 আৰু 10 ডিচেম্বৰত, 2023 তাৰিখ শনি আৰু দেওবাৰে অনুষ্ঠিত কৰাৰ বাবে দিহা কৰা হৈছে।

এই অধিৱেশনৰ মুকলি সভাত ‘ আপকুৰ ফালৰ পৰা ঘোষণা কৰা 9 টাকৈ বটা প্ৰদান কৰা হ’ব। প্ৰথমটো বঁটা -আপকুৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়া সোঁৱৰণি আপকু জীৱনজোৰা সাধনা বঁটা-2023 বঁটাটো প্ৰদান কৰিব ডিব্ৰুগড়ৰ মনোজ সিংক। দ্বিতীয়টো বঁটা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান প্ৰয়াত ভৱেশ বৰুৱা সোঁৱৰণি আপকু জীৱনজোৰা সাধনা বঁটা-2023 বটাটো প্ৰদান কৰিব শিৱসাগৰৰ পদুম কুমাৰ শইকীয়াক। তৃতীয়টো বঁটা আপকু সদস্য মহীয়ান বটাঁ-2023 বঁটাটো প্ৰদান কৰিব গোলাঘাট ধনশিৰীৰ হেমন্ত মহন্তক।

চতুৰ্থটো বঁটা আপকু সদস্য মহীয়ান বঁটা -2023 বঁটাটো প্ৰদান কৰিব কামৰূপ জিলাৰ নগৰবেৰাৰ মঃ আব্দুল কালাম আজাদক প্ৰদান কৰিব। পঞ্চমটো বঁটা শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সঁ সোঁৱৰণি বটাঁ-2023 প্ৰদান কৰিব গোলাঘাটৰ ভৱানন্দ কলিতাক। ষষ্ঠটো বঁটা আপকুৰ শ্ৰেষ্ঠ সংগঠক বঁটা 2023 প্ৰদান কৰিব কামৰূপ মেট্ৰ’ৰ ৰতন কলিতাক। সপ্তমটো বঁটা আপকুৰ শ্ৰেষ্ঠ সংগঠক বটাঁ-2023 প্ৰদান কৰিব আপকুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা , ছ’লাংদু পেপাৰ আৰু Axom Today ৰ কাৰ্বি আংলং জিলাৰ লাংহিনৰ সাংবাদিক ৰবিন বৰুৱাক। অষ্টমটো বঁটা আপকুৰ শ্ৰেষ্ঠ জিলা সমিতিৰ বটা 2023 প্ৰদান কৰিব আপকুৰ তিনিচুকীয়া জিলা সমিতিক আৰু নৱমটো বঁটা আপকুৰ শ্ৰেষ্ঠ জিলা সমিতি বটা 2023 প্ৰদান কৰিব আপকু শোণিতপুৰ জিলা সমিতিক।

তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী ! বৃহস্পতিবাৰে শপতগ্ৰহণ…

তেলেংগানাৰ মুখ্যমন্ত্ৰী কোন হ’ব? এই প্ৰশ্নৰ এতিয়া উত্তৰ পোৱা গৈছে। কংগ্ৰেছৰ ৰেৱন্ত ৰেড্ডীক মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে দলটোৰ বিধায়িনী দলৰ মুৰব্বী হিচাপে বাছনি কৰা হয়। ফলত তেওঁ তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰিব। ৰাজ্য খনত বৃহস্পতিবাৰে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। জ্যেষ্ঠ কংগ্ৰেছ নেতা কে চি বেণুগোপালে এখন সংবাদমেলত এই কথা প্ৰকাশষ কৰে। এই ঘোষণাই দেওবাৰে ভোট গণনাৰ পিছতে মুখ্যমন্ত্ৰী পদকলৈ সৃষ্টি হোৱা অনিশ্চয়তা আৰু অনুমানৰ অন্ত পেলালে। অনুমুলা ৰেৱন্ত ৰেড্ডী হৈছে তেলেংগানা কংগ্ৰেছৰ মুৰব্বী, যিয়ে ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিছিল।

প্ৰত্যাহ্বানক হাঁহিমুখে গ্ৰহণ কৰিব পৰা ৫৪ বছৰীয়া ৰেড্ডীয়ে বিআৰএছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ দুৰ্গত সঠিক আঘাত কৰিবলৈ সক্ষম হৈছে। ৰেড্ডীয়ে আৰ এছ এছ-ৰ সৈতে জড়িত ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্য হিচাপে ৰাজনৈতিক কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছত তেওঁ কেচিআৰৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিত (টিআৰএছ) যোগদান কৰে।

সেই দলটোৰেই এতিয়া নাম হৈছে বিআৰএছ । অন্ধ্ৰ প্ৰদেশত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট প্ৰত্যাখ্যান কৰাৰ পিছত তেওঁ ২০০৬ চনত টিআৰএছ ত্যাগ কৰিছিল। দুবছৰ পিছত, তেওঁ এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত হয়। ডেড্ডীয়ে ২০০৯ চনত কোদাংগলৰ পৰা টিডিপিৰ প্ৰাৰ্থী হিচাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০১৭ চনত তেওঁ তেলেংগানা অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হোৱাৰ পিছত টিডিপিৰ প্ৰভাৱ হ্ৰাস হোৱা দেখি কংগ্ৰেছলৈ আহিছিল। ।তেওঁক ২০২১ চনৰ জুলাই মাহত তেলেংগানা কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্ত কৰা হৈছিল। টিডিপিৰ পৰা কংগ্ৰেছলৈ পৰিৱৰ্তন আৰু দলত তেওঁৰ পদোন্নতিয়ে ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিছে।

দেশত ৪% বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা, বিপৰীতে অসমত সামগ্ৰীক অপৰাধ হ্ৰাস পাইছে ৫০ শতাংশ…

দেশত ৪% বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা, বিপৰীতে অসমত সামগ্ৰীক অপৰাধ হ্ৰাস পাইছে ৫০ শতাংশঃ এনচিআৰবিৰ প্ৰতিবেদন

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোই প্ৰকাশ কৰিছে প্ৰতিবেদনত। প্ৰতিবেদনত নাৰীৰ বিৰুদ্ধে অপৰাধৰ তথ্যও প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা ৫০ শতাংশ হ্ৰাস পাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, “এনচিআৰবিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ চনৰ পৰা অসমত সামগ্ৰিক অপৰাধ প্ৰায় ৫০% হ্ৰাস পাইছে। আৰক্ষী বাহিনীত স্বচ্ছ নিযুক্তিৰ দৰে আমাৰ প্ৰচেষ্টাই ফল প্ৰদান কৰিছে। অসম অপৰাধমুক্ত নোহোৱালৈকে আমি বিশ্ৰাম নলওঁ”।

এনচিআৰবিৰ প্ৰতিবেদনত কোৱা হৈছে যে অপৰাধৰ হাৰ (প্ৰতি লাখ জনসংখ্যাত) আগৰ ৩৪১ ৰ পৰা ১৯৪.২ লৈ হ্ৰাস পাইছে, আনহাতে আইপিচি ধাৰাৰ ঘটনা পূৰ্বৰ ১,৩৩,২৩৯ ৰ পৰা ৬৮,৯৩৭ লৈ হ্ৰাস পাইছে। অসমত এনে ছবিৰ বিপৰীতে
দেশত সামগ্ৰীকভাবে ২০২১ চনৰ তুলনাত ভাৰতত মহিলাৰ বিৰুদ্ধে পঞ্জীয়নভুক্ত অপৰাধ ৪ শতাংশ বৃদ্ধি পাইছে। দেওবাৰে প্ৰকাশ পোৱা ২০২২ চনৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদন অনুসৰি এই তথ্য প্ৰকাশ পাইছে।

২০২২ চনৰ এনচিআৰবিৰ প্ৰতিবেদনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ অধীনত ৪,৪৫,২৫৬টা গোচৰ আছিল যদিও ২০২১ চনত এই সংখ্যা আছিল ৪,২৮,২৭৮টা। ২০২০ চনৰ এনচিআৰবিৰ প্ৰতিবেদনত ২০২০ চনৰ তুলনাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা ১৫.৩ শতাংশ বৃদ্ধি পোৱা দেখা গৈছিল।

ইফালে, ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধৰ পঞ্জীয়ন হ্ৰাস পাইছে – ২০২১ চনত ৩৬,৬৩,৩৬০ৰ পৰা ২০২২ চনত ৩৫,৬১,৩৭৯ লৈ হ্ৰাস পাইছে, যিটো ২.৭৮ শতাংশ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ২০২২ চনৰ তুলনাত ২০২১ চনত ১৩.৯ শতাংশ হ্ৰাস পাইছিল।

‘ৰাজ্যৰ বিৰুদ্ধে অপৰাধ’ৰ অধীনত ২০২১ চনত ৫,১৬৪টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২২ চনত ৫,৬১০টা গোচৰ পঞ্জীয়ন কৰা হৈছে — যিটো সামগ্ৰিকভাৱে ৮.৬ শতাংশ বৃদ্ধি। এই ৫,৬১০টা গোচৰৰ ভিতৰত ৪,৪০৩টা (বা ৭৮.৫ শতাংশ) গোচৰ দ্য প্ৰিভেনচন অৱ ডেমেজ টু পাব্লিক প্ৰপাৰ্টি এক্টৰ অধীনত পঞ্জীয়ন কৰা হৈছিল, তাৰ পিছত ১,০০৫টা (১৭.৯ শতাংশ) গোচৰ দ্য বেআইনী কাৰ্য্যকলাপ (প্ৰিভেনচন) এক্টৰ অধীনত পঞ্জীয়ন কৰা হৈছিল।

চাইবাৰ অপৰাধৰ অধীনত ৰিপ’ৰ্ট হোৱা গোচৰৰ সংখ্যাও ২৪.৪ শতাংশ বৃদ্ধি পাইছে — ২০২১ চনত ৫২,৯৭৪টা গোচৰৰ পৰা ২০২২ চনত ৬৫,৮৯৩টালৈ।

২০২২ চনত পঞ্জীয়ন হোৱা চাইবাৰ অপৰাধৰ ৬৪.৮ শতাংশ গোচৰ প্ৰৱঞ্চনাৰ উদ্দেশ্যত আছিল, তাৰ পিছত ধন দাবী (৫.৫ শতাংশ), আৰু যৌন শোষণ (৫.২ শতাংশ)।

ৰাজস্থান, ছত্তীশগড়, মধ্য প্ৰদেশত কোনে বহিব পাৰে মুখ্যমন্ত্ৰীৰ আসনত…

সিদ্ধান্ত চূড়ান্ত! ৰাজস্থান, ছত্তীশগড়, মধ্য প্ৰদেশত কোনে বহিব পাৰে মুখ্যমন্ত্ৰীৰ আসনত?

সিদ্ধান্ত চূড়ান্ত! মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে ঐতিহাসিক ইতিমধ্যে বিজয় সাৱত্য কৰাৰ পিছতে এতিয়া উক্ত ৰাজ্য কেইখনত মুখ্যমন্ত্ৰী বাছনি কৰাৰ কাম আগবঢ়াইছে। এই বৃহৎ বিজয়ৰ পাছত এই ৰাজ্যসমূহত মুখ্যমন্ত্ৰীৰ পদ সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ভাৰতীয় জনতা পাৰ্টীয়ে এই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম নিৰ্ধাৰণ কৰিছে। অৱশ্যে বিজেপিয়ে এই নামসমূহ এতিয়াও প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে জয়লাভ কৰিছে। মধ্যপ্ৰদেশৰ ১৬৩খন, ৰাজস্থানৰ ১১৫খন আৰু ছত্তীশগড়ৰ ৫৪খন আসন লাভ কৰি বিজেপিয়ে ইতিহাসৰ সৃষ্টি কৰিছে। আনহাতে তিনিওখন ৰাজ্যতে কংগ্ৰেছে এক গুৰুতৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে সকলোৰে মনত ক্ৰিয়া কৰা প্ৰশ্নটো হৈছে:

সংশ্লিষ্ট ৰাজ্যসমূহক কোনে নেতৃত্ব দিব? সূত্ৰসমূহে প্ৰকাশ কৰিছে যে তিনিওখন ৰাজ্যতে মুখ্যমন্ত্ৰী পদৰ নাম নিৰ্ধাৰণ কৰা হৈছে আৰু বিজেপিয়ে আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামত অনুমোদন জনাইছে। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই । ৰাজস্থানত, বসুন্ধৰা ৰাজে মুখ্যমন্ত্ৰীৰ পদৰ দৌৰত আগবাঢ়ি আছে, আৰু দলটোৱে তেওঁক আকৌ এবাৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। ইফালে মধ্য প্ৰদেশত, শিৱৰাজ সিং চৌহানক পছন্দ কৰা হৈছে বুলি জনা গৈছে ।

বিজেপিৰ শীৰ্ষ সূত্ৰৰ মতে তেওঁক আন এটা সুযোগ প্ৰদান কৰাৰ প্ৰস্তুতি চলি আছে।২০২৩ চনত শিৱৰাজ সিং চৌহানে ২০০৬ চনৰ পৰা তেওঁৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা বুধনী সমষ্টিৰ পৰা মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ছত্তীশগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা সিঙক মুখ্যমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে বাছনি কৰাৰ প্ৰক্ৰিয়া চলি আছে। । সূত্ৰসমূহে কৈছে যে বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ভৱিষ্যতৰ নেতৃত্বৰ ওপৰত দৃষ্টি ৰাখি মুখ্যমন্ত্ৰী বাছনি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পাছত দেওবাৰে সন্ধিয়া বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ নাম আলোচনা কৰা হয়৷ কোৱা হৈছে যে এই বৈঠকতে মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰা হৈছে।

ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা ঐতিহাসিক মিজো চুক্তিলৈ ! মিজোৰামৰ মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হ’ব লালদুহোমা…

ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা ঐতিহাসিক মিজো চুক্তিলৈ

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হ’ব লালদুহোমা

২০১৮ চনত তেওঁ মিজোৰামত দুটা দশকৰ দুদলীয় ৰাজনীতিৰ পৰম্পৰা ভংগ কৰিছিল। কংগ্ৰেছক তৃতীয় স্থানলৈ ঠেলি দি তেওঁ বিৰোধী দলৰ নেতাৰ পদ দখল কৰে। এইবাৰৰ বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টক পৰাস্ত কৰি মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে যোৰাম পিপলছ মুভমেণ্টৰ নেতা লালদুহোমা।লালদুহোমাই নৰ্থ ইষ্ট হিল বিশ্ববিদ্যালয়ৰ পৰা বিএ ডিগ্ৰী সম্পূৰ্ণ কৰে, আৰু পাঁচ বছৰ পিছত তেওঁ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে।তেওঁৰ জন্ম ম্যানমাৰৰ সীমান্তৱৰ্তী চম্ফাই জিলাৰ টুয়ালপুই গাঁৱত হৈছিল।১৯৮৪ চনত লালদুহোমাই আইপিএছ বিষয়াৰ চাকৰি ত্যাগ কৰে আৰু তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি কৰি কংগ্ৰেছ দলত যোগদান কৰিছিল। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষীৰ প্ৰাক্তন মুৰব্বী লালডুহোমা দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে আইজলৰ আসনত বহিব। ৪০ আসনৰ মিজোৰাম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে যাদুকৰী সংখ্যা ২১। জেড পি এম ২৭ খন আসনত জয়লাভ কৰে।

আশীৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল আই পি এছ বিষয়া লালডুহোমা। ১৯৮২ চনত অসমৰ পৰা দিল্লীলৈ বদলি হৈ ইন্দিৰাৰ নিৰাপত্তাৰক্ষীৰ দায়িত্ব দিয়া হয়। ইন্দিৰাই গম পালে যে ১৯৭৭ চনত আই পি এছ বিষয়া হোৱাৰ আগতে তেওঁ ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুঙৰ সহায়ক আছিল। লালডুহোমাৰ ৰাজনৈতিক জ্ঞান দেখি ইন্দিৰায়াই ১৯৮৪ চনত পুনৰ মিজোৰামলৈ পঠিয়াই দিলে। লালডুহোমাই আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰি লোকসভাৰ সদস্য হয়। ৰাজ্যৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও পালে।মিজো বিচ্ছিন্নতাবাদী আৰু এমএনএফৰ প্ৰতিষ্ঠাপক লালডেংগাৰ নেতৃত্বত মিজো নেচনেল ফ্ৰণ্টৰ বিদ্ৰোহ সমাধানৰ বাবে ইন্দিৰা গান্ধীয়ে লালডুহোমাক দায়িত্ব অৰ্পণ কৰিছিল।

তেওঁ লগ পাইছিল লণ্ডনত স্বনিৰ্বাসিত হৈ থকা লালডেংগাক৷ কোৱা হয় যে তেওঁ সেই বছৰৰ বিধানসভা নিৰ্বাচনত মিজো জনসাধাৰণৰ বাবে শান্তি ঘূৰাই অনা আৰু কংগ্ৰেছক বিজয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেইবছৰৰ শেষৰফালে, লালডুহোমা মিজোৰামৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হয়, কিন্তু ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত দলৰ ভিতৰতেই একাষৰীয়া হৈ পৰে তেওঁ৷ তেওঁ কংগ্ৰেছৰ সদস্যপদ প্ৰত্যাহাৰ কৰে আৰু ১৯৮৮ত দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা কৰা প্ৰথম সাংসদ হিচাপে চিহ্নিত হয়। ১৯৯৭ত লালডুহোমাই জোৰাম নেচনেলিষ্ট পাৰ্টি প্ৰতিষ্ঠা কৰে আৰু ২০০৩ত তেওঁ ৰাতু বিধানসভাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। দলটোৱে সেইসময়ত মিজো লোকসকলৰ বাবে শান্তিৰ প্ৰতিশ্ৰুতি দি কিছুমান ভোটাৰৰ মাজত গুৰুত্ব লাভ কৰিছিল, কিন্তু ই পৰ্যাপ্ত নাছিল।

আৰু তেনেকৈয়ে উত্থান-পতনৰ মাজেৰে আগবাঢ়িছিল লালডুহোমাৰ ৰাজনৈতিক জীৱন৷ আৰু এইবেলি এইগৰাকী লালডুহোমাৰ নেতৃত্বতে জোৰাম পিপ’লছ মুভমেণ্টে নতুন ইতিহাস ৰচিলে মিজোৰামত৷ গঠন কৰিলে চৰকাৰ৷ আৰু এতিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে এসময়ৰ আইপিএছ বিষয়া লালডুহোমা৷

ৰাজীৱ গান্ধীৰ কাৰ্যকালত লালডেংগাৰ নেতৃত্বত বিদ্ৰোহীসকলৰ সৈতে হোৱা ঐতিহাসিক মিজো চুক্তিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি অনাত তেওঁ যথেষ্ট সহায় কৰিছিল। প্ৰসংগক্ৰমে জোৰামথাংগা সেই সময়ত মিজো বিদ্ৰোহীৰ অন্যতম নেতা আছিল। শান্তি সন্ধিৰ পিছতে মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল লালডেংগা।

ইয়াৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী লালথানহাউলাৰ সৈতে সংঘাতৰ বাবে লালডুহোমাই প্ৰথমে কংগ্ৰেছ ত্যাগ কৰি মিজো জাতীয় সংঘ গঠন কৰে। পিছত আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী টি চাইলোৰ নেতৃত্বত গণ সন্মিলনত যোগদান কৰে। পৰৱৰ্তী গন্তব্যস্থান আছিল লালডেংগাৰ দলৰ এম এন এফ। লালডেঙাৰ মৃত্যুৰ পিছত লালডুহোমাই উত্তৰাধিকাৰী জোৰামথাংগাৰ সৈতে সংঘাতৰ বাবে জোৰাম নেচনেলিষ্ট পাৰ্টি গঠন কৰে। ২০০৩ আৰু ২০০৮ চনত তেওঁ বিধায়ক হয়।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ জেড এন পি আৰু আন কিছুমান আঞ্চলিক দলৰ সৈতে জেড পি এম গঠন কৰিছিল। নৱগঠিত দলটোৱে ৮খন আসন লাভ কৰে। এটা দশক ক্ষমতাত থকাৰ পিছত কংগ্ৰেছক মূল বিৰোধী শক্তি হিচাপে তিনি নম্বৰলৈ ঠেলি দিয়া হ’ল। কিন্তু নিৰ্বাচন আয়োগে এতিয়াও তেওঁলোকক ‘দল’ হিচাপে স্বীকৃতি নিদিয়াৰ বাবে জেড পি এমৰ প্ৰাৰ্থীসকলে ‘নিৰ্দলীয় প্ৰাৰ্থী’ হিচাপে যুঁজিছিল।

যদিও পলায়ন বিৰোধী আইনৰ বাবে বিধায়কৰ পদ হেৰুৱালে, উপ-নিৰ্বাচনত পুনৰ জয়লাভ কৰে। এইবাৰো তেওঁ সেই চেণ্টাৰত জয়লাভ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে মিজোৰামৰ দ্বিতীয় বৃহত্তম পৌৰসভা লুংলেইৰ আটাইকেইখন আসনত জেড পি এমৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। ইয়াৰ পিছতে লালদুহোমাৰ দলটো নিৰ্বাচনী পণ্ডিতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয়।

যোৱা ৪০ বছৰৰ নিৰ্বাচনী ইতিহাসে দেখুৱাইছে যে মিজোৰামে প্ৰতি দশকত চৰকাৰ সলনি কৰি আহিছে। সেই দফা অনুসৰি ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰৰ ঠাইত মিজোৰাই আহিছিল। ক্ষমতালৈ আহিল এম এন এফ। অৰ্থাৎ ভোটিং ব্যৱস্থা অনুসৰি এইবাৰো তেওঁলোক ক্ষমতাত থাকিব লাগিছিল। ইয়াৰ বাহিৰেও আশীৰ দশকৰ পৰা দ্বিমেৰু ৰাজনীতি (এমএনএফ বনাম কংগ্ৰেছ)ৰ বাবে ইন্দিৰাৰ প্ৰাক্তন দেহৰক্ষীৰ সফলতাত বাধাৰ সৃষ্টি হৈছিল। কিন্তু তেওঁ সকলো হিচাপ ভুল বুলি প্ৰমাণ কৰিলে।

ৰাজস্থানত অঘটন ! দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক…

ৰাজস্থানত অঘটনঃ দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক

ৰাজ্য খনত শাসনলৈ আহিছে বিজেপি। এনে সময়তে নতুন চৰকাৰৰ বাবে আহি পৰিছে এক প্ৰত্যহ্বান। ৰাষ্ট্ৰীয় ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক আজি জয়পুৰত দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। সুখদেৱক জয়পুৰত থকা তেওঁৰ নিজৰ ঘৰৰ ওচৰতে অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে । হত্যাকাণ্ডৰ দৃশ্য চিচিটিভি ফুটেজত বন্দী হোৱাৰ পিছত সেয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আক্ৰমণকাৰীসকলৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি সুখদেৱ মঙলবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত তেওঁৰ ঘৰৰ ওচৰৰে এজন পৰিচিত ব্যক্তিৰ ঘৰত আছিল। সেই স্থানত এখন স্কুটাৰত উঠি চাৰিজন দুৰ্বৃত্ত উপস্থিত হয়। চিচিটিভি ফুটেজত দেখা গৈছে যে কেইজনমান লোকে সুখদেৱৰ সৈতে বহি কথা পাতি আছে আৰু হঠাতে তেওঁলোকে বহাৰ পৰা উঠি কাৰ্ণী সেনাৰ সভাপতিজনৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰে। এই ঘটনাত সুখদেৱৰ সহযোগী অজিত সিং আৰু এজন নিৰাপত্তাৰক্ষীও গুৰুতৰভাবে আহত হয়। পিছত সুখদেৱক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

অজিত সিং আৰু নিৰাপত্তাৰক্ষীগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ৰাজস্থানৰ ডিজিপি উমেশ মিশ্ৰাই এক বিবৃতিত কয় যে প্ৰাথমিক প্ৰতিবেদন অনুসৰি চাৰিজন দুৰ্বৃত্তই দিনৰ পোহৰতে গুলীচালনা কৰি পলাই যায়। সুখদেৱৰ উপৰি তেওঁৰ নিৰাপত্তাৰক্ষী আৰু আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। কোনে হত্যাকাণ্ডটো সংঘটিত কৰিছে সেয়া তদন্ত কৰি থকা হৈছে। ইপিনে খবৰ পোৱা অনুসৰি আৰক্ষীৰ গুলীত এজন আক্ৰমণকাৰী নিহত হৈছে। নিহত আক্ৰমণকাৰী জনৰ নাম নবীন সিং শ্বেখাৱট বুলি জনা গৈছে।