ধৰ্ষণৰ অভিযোগত কেৰালাত অসমৰ এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।

শনিবাৰে কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ফিৰদৌছক।

এগৰাকী ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ।
ধৰ্ষণৰ অভিযোগত কেৰালাত অসমৰ এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।

শনিবাৰে কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ফিৰদৌছক।

এগৰাকী ৫২ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ।
কেৰালাত চলিত মাহৰ ৮ তাৰিখে এগৰাকী ৰোগীৰ পৰীক্ষাৰ নমুনাত JN.1 নামেৰে ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ(Covid-19 sub variant) ধৰা পৰিছে। চৰকাৰী এক সূত্ৰই শনিবাৰে প্ৰদান কৰিছে এই তথ্য । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰাৰ অন্তত ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰটোৰ দ্বাৰা মহিলাগৰাকী সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ দেহত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (ILI)ৰ এক মৃদু লক্ষণো দেখা গৈছিল যদিও তেওঁ ক’ভিড-১৯ৰ এই সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ এইগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিডৰ এই নতুন চাব ভেৰিয়েণ্টবিধৰ অৱস্থিতি পোৱা গৈছিল যদিও ৰাজ্যখনৰ আন কোনো ঠাইত ইয়াৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই। ইফালে সূত্ৰটোৱে জনোৱা অনুসৰি, ‘এই এটা ঘটনাই পোহৰলৈ আহিছে যদিও এতিয়ালৈকে ভাৰতৰ আন কোনো প্ৰান্তত JN.1 ভেৰিয়েন্টত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই।’

উল্লেখ্য যে, ক’ভিড-১৯ ৰ উপ-প্ৰকাৰ (Sub variant) JN.1 প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল। কেইবাখনো দেশলৈ বিয়পি পৰা এই সংক্ৰমণ পিৰোলো ফৰ্ম (BA.2.86)ৰ সৈতে সম্পৰ্কিত। এটা সূত্ৰই জনোৱা মতে ইয়াত বিশেষকৈ স্পাইক প্ৰ’টিনত যথেষ্ট সংখ্যক অনন্য মিউটেচন থাকে, যিয়ে সংক্ৰমণ বৃদ্ধি কৰিব পাৰে। লগতে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, প্ৰাথমিক তথ্য অনুসৰি আপডেট কৰা ভেকচিন আৰু চিকিৎসাই অৱশ্যে এই JN.1 চাবষ্ট্ৰেইনবিধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব ।
জোনাই-বাহিৰ জোনাই অঞ্চলৰ বড়ো গাঁও পৰিদৰ্শন বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীৰ
জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন বড়ো গাঁৱত উপস্থিত হৈ গাওঁ সমূহৰ বিভিন্ন সমস্যাৰ বুজ লয় বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে।আজি পুৱা ১০-৩০ বজাত জোনাই হাতীজান গাঁৱত উপস্থিত হৈ বিকেডব্লিউএচিৰ প্ৰধান গৰাকীয়ে হাতীজান বড়ো গাঁৱৰ সভাপতি মেৰগা নাৰ্জাৰী আৰু গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হয়। আলোচনা কৰোঁতে জোনাই শিলিখাগুৰী, কৃঞ্চপুৰ,সোণাপুৰ, গৌজৌনপুৰ,বালাবাৰী,ৰায়াং কাঠনি,মিলনপুৰ,ৰাজাখনা বড়ো, উদয়পুৰ,ৰতনপুৰ,ধৰ্মপুৰ,মাইদাংশ্ৰী,
১ নং মাইনাওপুৰ,২ নং মাইনাওপুৰ,৩ নং মাইনাওপুৰ,১ নং লাডাংগুৰী, ২ নং লাডাংগুৰী, ৰাবাংগুৰী, জয়পুৰ, থাইগিৰগুৰী,দাঙাইগাঁও আদি বড়ো গাওঁ সমূহৰ শৈক্ষিক, ধৰ্মীয়, যাতায়ত আদি ক্ষেত্ৰৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে।ইয়াৰ পাছতে বাহিৰ জোনাই অঞ্চলৰ টাৰি কছাৰী গাঁৱত উপস্থিত হৈ অঞ্চলৰ বেৰা চাপৰি জলডুবি,শান্তিপুৰ,গোবিন্দপুৰ,ৰাভা কাঠনি আদি বড়ো গাওঁ সমূহৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। জোনাই আৰু বাহিৰ জোনাই অঞ্চলৰ বড়ো গাঁও সমূহ পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱাৰ পাছত ব বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ৰাইজক উদ্দেশ্যি কয় অসম চৰকাৰে বিকেডব্লিউএচিলৈ সীমিত বাৰ্ষিক পুঁজি আগবঢ়াই আহিছে।
যাৰবাবে আশা কৰা ধৰণে বিকেডব্লিউএচিয়ে উন্নয়নৰ আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি বক্তব্য ৰাখি তৎস্বত্তেও বিকেডব্লিউএচিৰ সীমিত পুঁজিৰে জোনাই হাতীজান গাঁৱৰ বাথৌ মন্দিৰৰ চৌহদ বেৰ নিৰ্মাণ আৰু তাৰি কছাৰী ৰাজহুৱা খেলপথাৰৰ চৌহদ বেৰ নিৰ্মাণ আঁচনি ঘোষণা কৰে আৰু পৰ্য্যায়ক্ৰমে ৰাইজৰ সমস্যাৰ সমাধানৰ আঁচনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ৰাইজক কিছুদিন ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়। পৰিদৰ্শন কালত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, বিটিআৰৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ উপদেষ্টা বিউটি গয়াৰী,ধেমাজি জিলা বড়ো সাহিত্য সভাৰ উপদেষ্টা ভূমিধৰ বড়ো,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, জোনাই আইটিডিপিৰ সভাপতি ফৈলাও মুছাহাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক তৰণি বসুমতাৰী, বাহিৰ জোনাই লুহিজান গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য বিজয় বসুমতাৰী,
শম্ভু দাস চিলাপথাৰ
অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী বৰ্ষ সহাৰোহখন অহা ৫,৬ আৰু ৭ জানুৱাৰী তাৰিখত ধেমাজি জিলাৰ চমকং সোণাপুৰ ব্ৰহ্ম মন্দিৰ প্ৰাঙ্গণত জাকজমকতাৰে আয়োজন কৰিছে। তিনিদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ আজি লাইখুঁটা স্থাপন কৰা হয়। পুৱা ৯ বজাত মাঙ্গলিক কাৰ্য্যসূচীৰে লাইখুঁটা স্থাপন কৰে সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি অশ্বিনী স্বৰ্গীয়াৰীয়ে। লাইখুঁটা স্থাপন কৰি আগবঢ়োৱা চমু ভাষনত সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে কয় ধৰ্মীয় ৰীতি-নীতিৰ আধাৰত এখন সমাজ শৃংখলিত হৈ থাকে এখন

সংস্কাৰমুখী আৰু সমৃদ্ধিশালী সমাজ গঢ় দিবলৈ আধুনিক ধ্যান ধাৰণা আৰু বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি আগন্তুক অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহখন সহায়-সহযোগিতাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ ধৰ্মপ্ৰাণ ৰাইজৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায়।

লাইখুঁটা স্থাপন অনুষ্ঠানত অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ মুখ্য প্ৰচাৰক আচাৰ্য্য লীলাকান্ত ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি চন্দ্ৰমোহন মুছাহাৰী,সাধাৰণ সম্পাদক মীন নাৰ্জাৰী,সদৌ ব্ৰহ্ম ধৰ্ম সমিতিৰ মুখপত্ৰ ‘ব্ৰহ্ম জ্ঞান’ৰ মুখ্য সম্পাদক ধনেশ্বৰ নাৰ্জাৰী,বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী,সদৌ ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ সাংগঠনিক সম্পাদক অৰুণ ব্ৰহ্ম,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম যুৱ সমিতিৰ সভাপতি সুজন বসুমতাৰী, সম্পাদক বিশ্বজিৎ স্বৰ্গীয়াৰী,অভ্যৰ্থনা সমিতিৰ সভাপতি সুকুৰাম ব্ৰহ্ম,কাৰ্য্যকৰী সভাপতি ৰাখেৱ নাৰ্জাৰী,সম্পাদক চৰণ বসুমতাৰী,চিমেন,চিলাপথাৰ আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি, সম্পাদক সকল উপস্থিত থাকে।
শম্ভু দাস চিলাপথাৰ
পঞ্চভূতত বিলীন অভিনেতা জয়ন্ত দাসৰ নশ্বৰ দেহ।

নৱগ্ৰহ শ্মশানত নিশাই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় অভিনেতাগৰাকীৰ।

শিল্পীগৰাকীৰ অকাল বিয়োগত মৰ্মাহত প্ৰতিগৰাকী অনুৰাগী।

দৈনন্দিন বাৰ্তাৰ প্ৰতিবেদক,১৬ ডিচেম্বৰ :অৱশেষত জীৱন-মৃত্যুৰ সংগ্ৰাম কৰি আই চি ইউতেই আজি নিশা ৮.৪১ বজাত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে জয়ন্ত দাসে । দূৰদৰ্শন, ভিডিঅ’ ছবি, মঞ্চ নাটক, অনাতাঁৰ, চলচ্চিত্ৰকে ধৰি বিভিন্ন মাধ্যমত নিজৰ অভিনয়েৰে লক্ষজনৰ হৃদয় জয় কৰা জয়ন্ত দাস প্ৰকৃততেই আছিল এজন খোলা মনৰ মানুহ । সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা চৰকাৰী চাকৰিৰ অৱসৰ গ্ৰহণ কৰা জয়ন্ত দাসে অৱসৰৰ পিছতো অব্যাহত ৰাখিছিল নিজৰ অভিনয় । ১৯৮৪ চনৰ ৩১ জুলাইত মুক্তিপ্ৰাপ্ত পুলক গগৈ পৰিচালিত ‘সেন্দুৰ’ ছবিখনত অভিনয় কৰি ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল জয়ন্ত দাসে । জয়ন্ত দাসে অভিনয় কৰা ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য কিছু ছবি আছিল ‘নায়ক’, ‘কন্যাদান’, ‘বুকুৰ মাজত জ্বলে’, ‘ভুমিপুত্ৰ’, ‘মন’, ‘ৰিক্সাৱালা’, ‘আই ক’ত নাই’, ‘খেল’, ৰামধেনু’, ‘ইতিহাস’, ‘শকুন্তলা আৰু শংকৰ যোচেফ আলী’, ‘দ্বীপজ্যোতি’, ‘সূত্ৰপাত’, ‘পিতা-পুত্ৰ’, ‘আই মোৰ জনমে জনমে’, ‘অজলা ককাই’, ‘উত্তৰকাল’, ‘যখিনী’, ‘প্ৰভাতী পখীৰ গান’, ‘হলধৰ’, ‘উৰ্বশী’, ‘মীমাংসা’, ‘আবৰ্তন’, ‘সপোন’, ‘দেউতাৰ বিয়া’, ‘দেৱতা’, ‘মহাৰথী’, ‘এই মৰম তোমাৰ বাবে’, ‘প্ৰেম আৰু প্ৰেম’, ‘মিঠা মিঠা লগনত’, ‘অগ্নিসাক্ষী’, ‘ৰং’, ‘ধুনীয়া তিৰোতাবোৰ’, ‘আকাশ চুবলৈ মন’, ‘মুমতাজ’, ‘ককাইদেউ বিন্দাছ’, ‘ৰ’দ হৈ আহা তুমি’, ‘সাৰথি’, ‘কাদম্বৰী’ আদি । বহুকেইখন ছবিত অতিথি ভুমিকাতো অভিনয় কৰিছিল জয়ন্ত দাসে । অসমীয়া ছবিৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হোৱা তথা ১৯৯৮ চনৰ ১২ জুনত মুক্তি লাভ কৰা ‘যৌৱনে আমনি কৰে’ ছবিখনতো জয়ন্ত দাসে এটা অতিথি ভুমিকাত অভিনয় কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৬ বছৰ ।
■ ক্ৰিকেটৰ পৰা অভিনয়লৈ…
জয়ন্ত দাসৰ অভিনয় জগতলৈ আগমণ ঘটাৰো এক বিশেষ কাহিনী আছে । সেয়া ৮০ দশকৰ শেষৰফালৰ কথা । সেই সময়ত কটন কলেজিয়েটত অধ্যয়ন কৰি আছিল জয়ন্ত দাসে । এগৰাকী ক্ৰিকেট খেলুৱৈ হিচাপে তেতিয়া তেওঁ জনপ্ৰিয় আছিল । সেই সময়তে জ্যোতিৰূপাৰ একাংকিকা নাট প্ৰতিযোগিতাৰ বাবে ‘ঐক্যতান’ৰ বেনাৰত সঞ্জীৱ হাজৰিকাই পৰিচালনা কৰিবলৈ সাজু হৈছিল ‘দ্বীপ’ নামৰ এখন নাটক । এই নাটকখনৰ বাবে সঞ্জীৱ হাজৰিকাই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিলে ক্ৰিকেটাৰ জয়ন্ত দাসক । লক্ষ্যণীয়ভাবে সেই ‘দ্বীপ’ নাটকখনত অভিনয় কৰিয়েই জ্যোতিৰূপাৰ সেইবছৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় জয়ন্ত দাসে । ইয়াৰ পিছতেই ক্ৰিকেটাৰ জয়ন্ত দাসৰ এখন নতুন ক্ষেত্ৰত ব্যস্ততা বাঢ়ি গ’ল অভিনেতা হিচাপে । অৱশ্যে ক্ৰিকেট তেওঁ এৰি দিয়া নাছিল । প্ৰীতি ক্ৰিকেট মেচসমূহত পিছলৈও দেখিবলৈ পোৱা গৈছিল জয়ন্ত দাসক ।
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ প্ৰতিটো দিনেই দৰ্শকৰ হৃদয়ত জগাই তুলিবলৈ সক্ষম হৈছে মিঠা অনুৰণ। শনিবাৰেও চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থকা অভূতপূৰ্ব দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হয় চাৰিখন বোলছবি, দুখন তথ্যচিত্ৰ আৰু দুখন চুটি ছবি।
কালজয়ী বৈচিত্ৰ্য দৰ্শন শিতানৰ পৰা পৰিচালক সত্যজিত ৰায়ৰ বাংলা বোলছবি ‘জয় বাবা ফেলুনাথ’ প্ৰদৰ্শন কৰা হয়। প্ৰখ্যাত ছবি পৰিচালক ৰায়ৰ এই কালজয়ী ছবিখনত বৰ্ণনা কৰা হৈছে সম্পৰ্কীয় ভাতৃ আৰু বন্ধুৰ সৈতে এক ৰহস্যঘন অনুসন্ধানৰ যাত্ৰাত নামি পৰা এগৰাকী গুপ্তচৰৰ কাহিনী।
পৰৱৰ্তী সময়ত প্ৰতিযোগিতা শাখাৰ পৰা পৰিচালক শিৱধ্বজ ছেট্টীৰ তুলু বোলছবি ‘কোৰম্মা’ প্ৰদৰ্শিত হয়। আশীৰ দশকৰ পৰিৱেশত নিৰ্মিত এই ছবিখনে সামাজিক বাধা নেওচা এগৰাকী ‘অস্পৃশ্য’ৰ কাহিনী লাইট-কেমেৰা-একশ্যনৰ জৰিয়তে দৰ্শকৰ সন্মুখত তুলি ধৰিছে।
বিয়লি অসমীয়া কথাছবি ‘ওজা- দ্য ৰিদম অৱ লাইভ’ৰ ইণ্ডিয়া-প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হয়। পৰিচালক প্ৰণৱ জ্যোতি শৰ্মাৰ এই ছবিখন নিৰ্মাণ কৰা হৈছে উজনি অসমৰ লোকশিল্প ওজাক লৈ। স্থানীয় সংগীত আৰু গাঁৱৰ পটভূমিৰ আধাৰত নিৰ্মিত “ওজা- দ্য ৰিদম অৱ লাইফ”ত স্থানীয় লোকশিল্পী ৰন্তেশ্বৰ ওজাৰ অকথিত কাহিনী কাহিনীৰ জৰিয়তে তুলি ধৰা হৈছে।
ইফালে দিনটোৰ সামৰণি পৰে মনোজ শিণ্ডেৰ মনোৰঞ্জনধৰ্মী মাৰাঠী বোলছবি ‘বল্লী’ৰ প্ৰদৰ্শনৰ জৰিয়তে।

সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত শনিবাৰৰ দিনটোত প্ৰদৰ্শন কৰা হয় ক্ৰমে পৰিচালক ঋত্বিকা চৌহানৰ ‘পেহলা চাইকেল’ আৰু পৰিচালক প্ৰতীক মৈত্ৰাৰ ‘হাইম্চ ফ্ৰম দা ফৰেষ্ট’শীৰ্ষত চুটি ছবি দুখন।
একেদিনাই উপস্থাপন কৰা হয় পৰিচালক উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ ‘মাস্ক আৰ্ট অৱ মাজুলী’ৰো। নদীদ্বীপ মাজুলীৰ ৫০০ বছৰীয়া ইতিহাসসমৃদ্ধ মুখাশিল্প পৰম্পৰাক এই তথ্য চিত্ৰখনৰ জৰিয়তে দাঙি ধৰা হৈছে। এই তথ্যচিত্ৰখনৰ জৰিয়তে অসমৰ বৈষ্ণৱ হিন্দু সংস্কৃতি আৰু হেৰাই যোৱাৰ উপক্ৰম ঘটা অসমৰ প্ৰাচীন শিল্পকলাক নৱপ্ৰজন্মৰ মাজত পুনৰ এবাৰ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।
আনহাতে পৰিচালক ববিতা শৰ্মাৰ ‘জ্ঞানদা: ৰিফ্লেকশ্যন অৱ লাইট এণ্ড শ্বেড্’ নামৰ তথ্যচিত্ৰখনো প্ৰতিযোগিতা শাখাৰ পৰা প্ৰদৰ্শন কৰা হয়। সুপৰিচিত অভিনেত্ৰী জ্ঞানদা কাকতিৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনত অভিনেত্ৰীগৰাকীৰ অভিনয় কেৰিয়াৰৰ ঘাট-প্ৰতিঘাটসমূহ তুলি ধৰা হৈছে। উল্লেখ্য যে, ১৯৩৫ চনত জন্মগ্ৰহণ কৰা জ্ঞানদা কাকতিয়ে অসমীয়া ছবিজগতৰ সপ্তমখন ছবি ১৯৪৯ চনত মুক্তিলাভ কাৰা ‘পাৰঘাট’ছবিৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।
বি ভি এফ এফৰ তৃতীয় দিনটোত আয়োজন কৰা হয় ‘অসমীয়া চিনেমা আৰু ইয়াৰ বাণিজ্যিক সম্ভাৱনা’ বিষয়ক এক বাৰ্তালাপ অনুষ্ঠানৰো। ছবি পৰিচালক উৎপল বৰপূজাৰী, অভিনেতা যতীন বৰা, বৰষা ৰাণী বিষয়া, মঞ্জুল বৰুৱা আৰু শ্যাম বৰাই পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো পৰিচালনা কৰে নন্দিনী শৰ্মাই।
ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ (বিভিএফএফ) তৃতীয় দিনাৰ আন এক উল্লেখযোগ্য অনুষ্ঠান আছিল ‘মাষ্টাৰিং দ্য ইভলভিং লেণ্ডস্কেপ অৱ ৱেব ছিৰিজ’ বিষয়ক আলোচনাচক্ৰ। এই আলোচনাত পৰিচালক, লেখক আৰু প্ৰযোজক কৃষ্ণ ডি কে আৰু পৰিচালক, ঔপন্যাসিক আৰু লেখক সুমন কুমাৰ উপস্থিত থাকে। বি ভি এফ এফৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰচাৰ সঞ্চালক কৰ্ম পালজৰে আঁত ধৰা এই মননশীল অনুষ্ঠানত বৰ্তমানৰ চিনেমা জগতখনত ৱেব ছিৰিজ নিৰ্মাণৰ জটিলতাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
১৭ ডিচেম্বৰ, অৰ্থাৎ মহোৎসৱৰ সামৰণিৰ দিনটো আৰু অধিক আকৰ্ষণীয় কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে। ১৭ ডিচেম্বৰ, দেওবাৰে পুৱা ১১ বজাৰ পৰা কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শন আৰম্ভ হ’ব আৰু সন্ধিয়া ঠিক ৫:১৫ বজাৰ লগে লগে অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান।
পুনৰ ৰঙা চকু দেখুৱাই আহিছে কোভিডে। পুনৰ ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে কোভিডে।কোভিড এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই ৷ হয়, শেহতীয়াকৈ পোহৰলৈ আহিছে ইয়াৰ এক নতুন ভেৰিয়েন্ট ৷
আচলতে আজিকালি কোনেও জানিবই নিবিচাৰে কৰ’নাৰ বিষয়ে। ক’তো বিশেষ আলোচনাও নহয়, গতিকে বহুতৰে মনলৈ আহে এটা প্ৰশ্ন যে ক’ৰ’না সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে নেকি? উত্তৰটো হ’ল- নাই। হয়, শেষ হোৱা নাই মহাসংহাৰী ক’ভিড। যদিও ক’ভিডৰ বিষয়ে চৰ্চা কমি আহিছে, কিছু সময়ৰ পাছত নতুন ভেৰিয়েন্টৰ উন্মেষ ঘটিছে। শেহতীয়াকৈ ক’ৰ’নাৰ এটা চাব-ভেৰিয়েণ্ট JN-1এ আমেৰিকাত উত্তেজনাৰ সৃষ্টি কৰিছে, এতিয়া কেৰালাতো ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট।
যোৱা ৮ ডিচেম্বৰত কেৰালাত JN.1 sub-form Covid-19ৰ এজন ৰোগী ধৰা পৰিছে। শনিবাৰে চৰকাৰী সূত্ৰই এই তথ্য প্ৰদান কৰে এই তথ্য। ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰা হৈছিল, য’ত সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছিল।
এফালে নতুন Covid ভেৰিয়েন্ট আৰু আনফালে এই দেশে HV.1 ভেৰিয়েন্ট নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে। এতিয়া ভাৰতৰ জনসাধাৰণেও অলপ সাৱধান হোৱাটো প্ৰয়োজন। যদি আপুনি কেৰালাত থাকে তেন্তে ইয়াৰ আশংকা অলপ বেছি।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ স্বাস্থ্য ব্যৱস্থাৰ বাবে উদ্বেগ সৃষ্টি হৈছে কাৰণ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱ ৰাজ্যখনত ইতিমধ্যে বৃদ্ধি পোৱা ৰোগীৰ ওপৰত পৰিব পাৰে। ইফালে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ক’ভিড টাস্ক ফ’ৰ্চৰ সহ-সভাপতি ডাঃ ৰাজীব জয়দেৱনে কয় যে শেহতীয়াকৈ ভাৰতত বিশেষকৈ কেৰালাত ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে জেএন.১ এটা কাৰক হ’ব পাৰে।
১৯৭১ চনত ভাৰত – পাকিস্তান যুদ্ধত ১৬ ডিচেম্বৰৰ দিনটোতে ভাৰতে পাকিস্তানক পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল। এই দিনটোতে পাকিস্তান সেনাৰ লেফটেনেন্ট জেনেৰেল নিয়াজীৰ নেতৃত্বত ৯০ হাজাৰৰো অধিক পাকিস্তান সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পন কৰিছিল।
লগতে ভাৰতীয় সেনাই পাকিস্তানৰ দখলৰ পৰা পূব পাকিস্তানক স্বাধীন কৰিছিল। ভাৰতৰ সহযোগত গঠন হৈছিল স্বাধীন বাংলাদেশ নামৰ এখন দেশ। এই ঐতিহাসিক দিনটোত ভাৰতে সদায় বিজয় দিৱস হিচাপে পালন কৰি আহিছে।
ইয়াৰ অংশহিচাপে সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত শনিবাৰে বিজয় দিৱস পালন কৰা হয়।
দিবসৰ কাৰ্যসূচীত ভাগ লৈ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদৱে বিজয় দিৱসৰ দিনটোৰ তাৎপৰ্য দাঙি ধৰি সেই যুদ্ধখনত বি এছ এফে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা আৰু দেশমাতৃৰ হকে যুদ্ধ কৰি প্ৰাণ আহুতি দিয়া সকলো শ্বহীদ জোৱানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ই

ফালে ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদৰ সমান্তৰালভাবে তিনিওটা ছেক্টৰ মুখ্য কাৰ্যালয় অাৰু বেটেলিয়ান মুখ্য কাৰ্যালয় সমূহতো বিজয় দিৱস পালন কৰা হয়। দিৱসৰ কাৰ্যসূচীত বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বি টি আৰত শান্তি, স্মাৰ্ট আৰু সেউজ বড়োভূমি গঢ়াৰ লক্ষ্যৰে শপত গ্ৰহণ কৰা প্ৰমোদ বড়োয়ে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে। শনিবাৰে তিনি বছৰীয়া কাৰ্যকালৰ সফলতাৰ খটিয়ান দাঙি ধৰে৷ গুৱাহাটীৰ লিলি হোটেলত শনিবাৰে আয়োজিত এক সংবাদমেলত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে ১৯৫৭ ৰ পৰা বড়োভূমিত ৫০০০ লোকে শ্বহীদবৰণ কৰিলে৷ এটা সময়ত বি টি আৰত এক ভয়াৱহ পৰিৱেশ আছিল৷ কিন্তু এতিয়া সেই পৰিৱেশ সলনি হৈছে৷ বি টি আৰত ক্ৰমান্বয়ে শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ বড়োভূমিত হিংসা নাইকিয়া কৰি সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰা তথা শান্তি, স্মাৰ্ট আৰু সেউজ বড়োভূমি হিচাপে গঢ়ি তোলাৰ মূল লক্ষ্য বান্ধি লোৱা হৈছে৷
বিগত তিনিটা বছৰত বি টি আৰত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বড়োভূমিত ইউ পি পি এল, বিজেপি আৰু জি এছ পি তিনিটা দল মিলি বিভিন্ন জাতি-জনগোষ্ঠীক ঐক্যতাৰে আগবঢ়াই নিয়াৰ প্ৰয়াস চলোৱা হৈছে৷ পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বি টি আৰৰসাধাৰণ জনতাই শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে৷ সেই শংকা এতিয়া নাই৷ নিশাৰ ভাগলৈকেও ৰাইজে মুকলিকৈ চলন-ফুৰণ কৰিব পাৰে৷ তিনি বছৰত বড়ো-অবড়োৰ মাজত হোৱা নাই কোনো ধৰণৰ সংঘাত৷ সকলোৱে একেলগে আগবাঢ়ি গৈছে৷ প্ৰমোদ বড়োই আৰু কয় যে ১৭ বছৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিছিল৷ ১৭ বছৰত সেইসকল লোকে বি টি আৰবাসীৰ মাজত তিনিহাজাৰ কোটি টকাৰ ধাৰ জাপি দিছিল৷
কিন্তু এই তিনি বছৰত এই ধাৰৰ পৰিমাণ ১২০০ কোটি টকালৈ নামি আহিছে৷ তেওঁ কয় যে বি টি আৰৰ জনসংখ্যা ৩৫ লাখ৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে৷ যুৱক-যুৱতীয়ে, খেতিয়কে কি কৰিব, কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত বিভাগে বিভাগে সমীক্ষা চলাবলৈ পৰিকল্পনা হাতত লোৱা হৈছে৷ তেওঁ লগতে কয় যে ২০২০ চনত বি টি আৰ চুক্তিত স্বাক্ষৰিত হৈছিল৷ বি টি আৰ চুক্তিৰ ৮০-৯০ শতাংশ কাৰ্যকৰী হৈছে৷ শেহতীয়াকৈ ২০ টা ফেল’শ্বিপ প্ৰগ্ৰেম হাতত লোৱা হৈছে৷ বি টি আৰত ১০৬০ কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে৷ তিনি বছৰীয়া উন্নয়নৰ খটিয়ান দাঙি ধৰি বি টি আৰ প্ৰধানগৰাকীয়ে আৰু কয় যে বি পি এফে ১৭ বছৰত ৩৯ হাজাৰ গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল৷
কিন্তু বিগত তিনিটা বছৰত বি টি আৰত ৰ,৬৯,০৭৩ টা গৃহ নিৰ্মাণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ একেদৰে অংগৱাড়ী, বিদ্যালয়সমূহত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে৷ বি টি আৰ ভূমি নথি এশ শতাংশ ডিজিটেলাইজেশ্যন কৰা হৈছে৷ সেউজ বড়োভূমি গঢ়াৰ লক্ষ্যৰে বি টি আৰত জ্ঝ,২১,৭৩০ গছপুলি ৰোপণ কৰা হৈছে৷ অহা তিনি বছৰত এক কোটি গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ বি টি আৰত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে আৰু কয় যে বড়োভূমিত পাঁচহাজাৰ লোক বাহিৰত কৰ্মসংস্থাপন লাভ কৰিছে৷ বি টি আৰত এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ যাতে বি টি আৰৰ লোকসকলে কৰ্মসংস্থাপন লাভ কৰে আৰু অৰ্থনৈতিকভাৱে সবল হয়৷ ইপিনে, বি টি আৰৰ ৪০ টা পাৰিষদীয় সমষ্টিৰ প্ৰতিটো সমষ্টিটেই এক কোটি টকা ব্যয়ৰে এটাকৈ অডিটৰিয়াম নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে৷ আনহাতে প্ৰতিটো সমষ্টিত পাঁচ কোটি টকা ব্যয়ৰে এটাকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব৷ ৪২০ টা ভি চি ডিত এটাকৈ নলেজ চেণ্টাৰ গঢ়ি তোলা হ’ব৷

পূৰ্বৰ চৰকাৰৰ দিনত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ সেয়েহে সেই ভুক্তভোগী লোক, বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ মূৰব্বীসকলক লৈ অহা এক জানুৱাৰীৰ পৰা চিৰাঙত ইণ্টাৰনেচনেল পীচ এণ্ড হেপিনেছ প্ৰগ্ৰেমৰ আয়োজন কৰা হৈছে৷ এই কাৰ্যসূচীৰ জৰিয়তে সকলো জাতি-জনগোষ্ঠীৰ মাজত ঐক্যতা আৰু শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হ’ব৷ বি টি আৰৰ চাৰিশ হাস্পতালত ইতিমধ্যে চলাৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বি টি আৰক আৰু অধিক শক্তিশালী কৰা হ’ব৷ শেহতীয়াকৈ ছয়াবিন মিছনৰ কাম হাতত লোৱা হৈছে৷ ১৮০ হেক্টৰ ভূমিত ছয়াবিনৰ খেতি কৰা হৈছে৷ পিক মিছনৰ জৰিয়তে দৈনিক এক লাখ কেজি মাংস উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷
এহেজাৰ কৃষকক কাঠফুলাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ছুপাৰ ৪০১ জৰিয়তে এক বিশেষ পদক্ষেপ হাতত লোৱা হৈছে৷ এই ছুপাৰ ৪০ ৰ পৰাই ২৫ জন এ পি এছ চিৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ এইবাৰ ১৫০ যুৱক-যুৱতীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ দিল্লীত ৫০, গুৱাহাটীত ৫০ গৰাকীক আই আই টিৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে৷ অহা বছৰৰ পৰা বি টি আৰত নিজাববীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা হাতত ল’ব বুলি তেওঁ উল্লেখ কৰে৷ বিগত তিনিটা বছৰত ১২০০ বিদ্যালয় পুনৰ নিৰ্মাণ কৰা হৈছে আৰু ২০২৪ ৰ ভিতৰত সকলো বিদ্যালয় নতুন ৰূপত গঢ় দিয়া হ’ব৷ আনহাতে, বি টি আৰৰ দুখন জিলাত কৃষকৰ দাদাবেজ সম্পূৰ্ণ কৰা হৈছে৷ সেই জিলা দুখনৰ কৃষকসকলৰ যাৱতীয় নথি-পত্ৰ অনলাইনত উপলব্ধ হৈছে৷ বি টি আৰক প্লাষ্টিকমুক্ত কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে বৰিঙৰ পানীৰ ব্যৱহাৰ নাইকিয়া কৰিব৷ প্ৰাকৃতিকভাৱে যি উৎস থাকে, তাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হ’ব৷ ১১০০০ পৰিয়ালে ইতিমধ্যে বন অধিকাৰ এক্টৰ অধীনত অধিকাৰ লাভ কৰিছে৷
ইপিনে, মূলসুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ কৰ্মসংস্থাপনৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে৷ ইতিমধ্যে সেই সদস্যসকলক পাঁচ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ সকলোৱে এতিয়া সমবায়ৰ জৰিয়তে স্বাৱলম্বিতাৰ দিশত আগবাঢ়িছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে সহযোগিতা আগবঢ়াইছে৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনি বি টি আৰত ৰূপায়িত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া আৰু আগৰ পৰিৱেশ নাই৷ সম্পূৰ্ণ সলনি হৈছে৷ ৭২ হাজাৰ পৰিয়ালৰ ভূমিৰ সমস্যা নাইকিয়া কৰা হৈছে৷ স্বাধীনতাৰ ৫০ বছৰ ধৰি বি টি আৰত এক অস্থিৰতা আছিল৷ এতিয়া সেই অস্থিৰতা নাইকিয়া হৈছে৷ কেলেংকাৰীৰ আন এক প্ৰসংগ উত্থাপন কৰি কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বি টি আৰত ১৫০০ কোটিৰ কেলেংকাৰী সংঘটিত হৈছিল৷ ধন গৈছে, কিন্তু বিত্তীয় অনুমোদনেই নাছিল৷
অডিটত ইতিমধ্যে ধৰা পৰিছে কেলেংকাৰী৷ যোৱা বছৰ এই কেলেংকাৰীৰ চি বি আই তদন্তৰ বাবে পাৰিষদত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে৷ ইপিনে, ভূমিৰ অধিকাৰৰ প্ৰসংগ সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে ভূমিৰ অধিকাৰ পাবলৈ হ’লে ভাৰতীয় নাগৰিক হ’ব লাগিব৷ বি টি আৰত ২০০৩ ৰ আগৰ সকলো জাতি-জনগোষ্ঠীৰ লোকেই ভূমিৰ অধিকাৰ লাভ কৰিব৷ কোনো জাতি-জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নহ’ব৷ ইতিমধ্যে বি টি আৰত পি জি আৰ, বি জি আৰত কিমান লোক আছে তাৰ তথ্য সংগ্ৰহ কৰি থকা হৈছে৷ আজিৰ সংবাদমেলত পাৰিষদ ঘনশ্যাম দাস, গৌতম দাস, বি টি আৰ সচিব প্ৰধান আকাশদ্বীপৰ লগতে কেবাজনো বিষয়া উপস্থিত থাকে৷