Home Blog Page 1183

কাৰখানাত তীব্ৰ বিস্ফোৰণ! থিতাতে৯ জন লোকৰ মৃত্যু, আন কেইবাজনো আহত

মহাৰাষ্ট্ৰৰ নগপুৰৰ এটা বৃহৎ অঞ্চল হঠাতে বিস্ফোৰণৰ শব্দই জোকাৰি গ’ল। বজাৰগাঁও অঞ্চলৰ ‘ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া লিমিটেড’ত সংঘটিত হোৱা বিস্ফোৰণত কমেও ৯ জন লোকৰ মৃত্যু হয়। আন কেইবাজনো আহত হয়। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আৰক্ষীৰ জনোৱা অনুসৰি, কাৰখানাটোৱে কয়লা বিস্ফোৰণৰ বাবে বিস্ফোৰক পেকিং কৰি আছিল। তেতিয়াই এই বিস্ফোৰণ হৈছিল। কেইবাজনো লোক ঘটনাস্থলীত সিঁচৰতি হৈ আছিল। তেওঁলোকৰ ছয়জনৰ মৃত্যু হৈছে। আন কেইবাজনো লোক আহত হৈছে। জনা যায় যে এই চৰকাৰী কাৰখানাত বিভিন্ন ধৰণৰ বিস্ফোৰক তৈয়াৰ কৰা হয়। বিস্ফোৰকবোৰ মুখ্যতঃ খনি অঞ্চল বা পৰ্বতবোৰ ফাটিবলৈ ব্যৱহাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এনে কাৰখানাত বিস্ফোৰক পেক কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰা হয়। কিন্তু দেওবাৰে পুৱা কৰা হৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰতিৰক্ষা বিভাগে সমগ্ৰ ঘটনাৰ বিতং তদন্ত কৰিছে।

‘এনিমেল’ৰ পৰা অনুৰাগীৰ সংখ্যা যিধৰণে বাঢ়িছে, সেয়া বিৰলঃ তৃপ্তি ডিমৰি

‘এনিমেল’ হিট হোৱাৰ পিছৰে পৰা নিশাৰ ভিতৰতে তৃপ্তি ডিমৰি লাইমলাইটলৈ আহিছে। যদিও তেওঁ পৰ্দাত বেছি সময় নাপালে, তথাপিও তেওঁ বিশেষ চৰিত্ৰত ছাপ এৰি থৈ গ’ল। ইয়াৰ পূৰ্বে তৃপ্তিয়ে ‘লয়লা মাজনু’, ‘বুলবুল’, ‘কালা’ আদি ছবিত কাম কৰিছিল। দৰ্শকৰ চিনাকি মুখ।

তৃপ্তিয়ে ‘এনিমেল’ ছবিত অভিনয় কৰি সফল হ’ল। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে অনুৰাগীৰ সংখ্যা। ইতিমধ্যে তেওঁ এনিমেলৰ পিছত ৰাষ্ট্ৰীয় ক্ৰাছৰ খিতাপ লাভ কৰিছে। ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সংখ্যা ৬ লাখৰ পৰা প্ৰায় ৩৯ লাখলৈ বৃদ্ধি পাইছে। এনে ঘটনা যথেষ্ট বিৰল। কম সময়ৰ ভিতৰতে ইমান জনপ্ৰিয়তাক লৈ কেনে অনুভৱ কৰে ক’লে তৃপ্তিয়ে।

শেহতীয়া এক সাক্ষাৎকাৰত অনুৰাগীৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভত তৃপ্তিয়ে কয় যে, মোৰ গোটেই পৰিয়ালে প্ৰতিদিনে মোৰ একাউণ্টটো চাই আছে। মোক প্ৰতিদিনে সুধিছে, কিমান ফ’ল’ৱাৰ? মোৰ বৰ ভাল লাগিছে। মানুহে মোক ভাল পায়। আশাকৰোঁ, এইদৰে মই আৰু মৰম পাম।”

অভিনেত্ৰীগৰাকীৰ ভাষাত “দৰ্শকৰ পৰা বহুত মৰম পাইছো আৰু এতিয়াও পাইছো।” মোৰ ফোনটো আজিকালি গোটেই দিনটো বাজি আছে। মানুহৰ পৰা ইমানবোৰ শুভেচ্ছা পাইছোঁ যে সকলোকে ৰিপ্লাই দিবলৈ ৰাতি টোপনি হেৰাই গৈছে!

৬০০ টকাতে লাভ কৰিব LPG চিলিণ্ডাৰ

৬০০টকাতে লাভ কৰিব চিলিণ্ডাৰ। কেন্দ্রীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে কৰিছে এই ঘোষণা।

নতুন LPGৰ সংযোগ ল’ব পাৰিব আপুনি। প্রধানমন্ত্রী উজ্জ্বলা আঁচনিৰ অধীত পাব নতুন কানেকশ্যন।

আপুনি লাভ কৰিব ৩০০টকা ৰাজ সাহায্য। এই ৩০০টকাতো পোনে পোনে জমা হ’ব আপোনাৰ একাউণ্টত। উল্লেখ্য যে ২০১৪ত LPGৰ উপভোক্তা আছিল ১৪ কোটি। বৰ্তমান এই সংখ্যা হৈ পৰিছে ৩৩ কোটি।

দৰিদ্ৰ লোকৰ বাবে ২০১৬ত অনা হৈছিল বিশেষ আঁচনি। এতিয়া আকৌ নতুনকৈ ৭৫লাখ কানেকশ্যন দিব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।

দীৰ্ঘায়ু হ’বৰ বাবে ঘিউ–মাখন উপকাৰী…

Pure or desi ghee (ghi), clarified melted butter. Healthy fats bulletproof diet concept or paleo style plan. Glass jars, silver spoon on vintage sackcloth. Wooden boards background, copy space

যদি আপুনি শৰীৰৰ বৰ্ধিত ওজন কমাবৰ কাৰণে কম চৰ্বিযুক্ত আহাৰ খাবলৈ আৰম্ভ কৰিছে আৰু শৰীৰৰ ওজন বৃদ্ধি নহ’বৰ কাৰণে যদি আপুনি ঘিউ, মাখন, পনিৰৰ দৰে চৰ্বিযুক্ত আহাৰ খাবলৈ এৰিছে, তেনেহ’লে আপুনি কিছু সাৱধান হোৱা ভাল। অতি সম্প্ৰতি এটি গৱেষণা হোৱাৰ ফলাফললৈ লক্ষ্য কৰি বিজ্ঞানী সকলে এটি দাবী কৰিছে যে, চৰ্বিযুক্ত আহাৰ আপোনাৰ দীৰ্ঘায়ু লাভৰ কাৰণে জৰুৰী। অৰ্থাৎ যদি আপুনি ঘিউ, মাখনৰ দৰে চৰ্বিযুক্ত খাদ্য বেছিকৈ খাবলৈ লৈছে, তেনেহ’লে আপোনাৰ আয়ুস বাঢ়িব।

অসময়ত মৃত্যুৰ আশংকা

গৱেষণাৰ ফলাফলৰ তথ্য অনুসৰি এই কথা কোৱা হৈছে যে, কম চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত অসময়ত মৃত্যু হোৱাৰ আশংকা বৃদ্ধি পায় অৰ্থাৎ দীৰ্ঘায়ু লাভৰ বাবে আপুনি মাখন, ঘিউ, কণী, মাছৰ দৰে খাদ্যদ্ৰব্য খাবই লাগিব।

কাৰ্বোহাইড্ৰেটৰ পৰা আঁতৰত থাকক

গৱেষণাৰ এই ৰিপোৰ্টটোৱে দাবী কৰি কৈছে যে, কাৰ্বোহাইড্ৰেট অধিক মাত্ৰাত সেৱন কৰিলে মৃত্যুৰ আশংকা বৃদ্ধি পায়। কানাডাৰ মেক মাষ্টৰ ইউনিভাৰচিটিৰ জ্যেষ্ঠ অধ্যাপক মহশীদ দহখানে কৈছে যে, – ‘চৰ্বিযুক্ত খাদ্য কমকৈ খালে কাৰ্বোহাইড্ৰেটৰ মাত্ৰা বৃদ্ধি পায়।

আমাৰ অধ্যয়নে কৈছে যে – দক্ষিণ এচিয়াৰ দৰে এলেকাৰ বয়োজ্যেষ্ঠ সকলে খাদ্যত অধিক চৰ্বিৰ ব্যৱহাৰ নকৰে বৰং কাৰ্বোহাইড্ৰেট বেছিকৈ সেৱন কৰে। এই অৱস্থা হ’লে কম বয়সতে মৃত্যু ভয় নিশ্চয় বাঢ়িব।

খাদ্যত চৰ্বিৰ ব্যৱহাৰৰ উপকাৰিতা সম্পৰ্কে কৰা গৱেষণাত পাঁচখন মহাদেশৰ প্ৰায় ১ লাখ ৩৫ হেজাৰ মানুহৰ ওপৰত প্ৰায় সাত বছৰ পৰ্যন্ত অধ্যয়ন চলোৱা হৈছিল। এই গৱেষণাৰ সবিশেষ লেনছেট আলোচনীত প্ৰকাশ পাইছিল। অধ্যয়নটোৰ শেষত গৱেসক সকলে এটা কথা কৈছিল যে, এতিয়া খোৱা – বোৱা সম্পৰ্কে মানুহৰ মাজত ভ্ৰান্ত ধাৰণাবোৰ নিশ্চয় দূৰ হ’ব।

তদন্তৰ প্ৰয়োজন, বিতৰ্কৰ নহয়: সংসদৰ নিৰাপত্তা উলংঘন সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সাক্ষাৎকাৰত যোৱা সপ্তাহত সংসদৰ বৃহৎ নিৰাপত্তা উলংঘনৰ বিতং তদন্তৰ আহ্বান জনায়।

ঘটনাসন্দৰ্ভত বিতৰ্কৰ বাবে বিৰোধী দলসমূহক উত্তৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত তেওঁৰ প্ৰথম মন্তব্য প্ৰকাশ কৰি কয়, “যি ঘটিছিল সেয়া অতি গুৰুতৰ। এই সন্দৰ্ভত বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই, এক বিতং তদন্ত হোৱা উচিত।”

মন্ত্ৰী আৱাসত জাগীৰোড সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্যই যোগদান কৰিলে বিজেপিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নীতিৰ প্ৰতি আকৰ্ষিত হৈ দেওবাৰে চৰকাৰী মন্ত্ৰী আৱাসত জাগীৰোড সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু সদস্যই ভাৰতীয় জনতা পাৰ্টিত অনানুষ্ঠানিকভাৱে যোগদান কৰে।

ব্যক্তিসকল হৈছেঃ-

অসম জাতীয় পৰিষদৰ পৰাঃ অজিত ডেকা (সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি), দীপামণি ডেকা ( মহিলা শক্তিৰ সাধাৰণ সম্পাদক)।

কংগ্ৰেছৰ পৰাঃ ৰাইজিং বৰদলৈ, প্ৰমিছ দৰফাং, পংকজ কোঁৱৰ,ৰমেন বৰদলৈ আৰু লিমন পাটৰ।

লাহোৱালৰ মোহনবাৰী হিন্দু গাঁৱত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক লাহোৱাল আৰক্ষীৰ…

নিশা লাহোৱালৰ মোহনবাৰী হিন্দু গাঁৱত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক লাহোৱাল আৰক্ষীৰ

লাহোৱাল আৰক্ষীৰ গোপন সূত্ৰৰ পমক্ষেদি মোহনবাৰী হিন্দু গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক হাতেলোটৈ ৩,৯০ গ্ৰাম ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে

লাহোৱালৰ ইকৰাতলী গাঁৱৰ অভিজীৎ গগৈ,অসীম হাজৰিকা মোহনবাৰী হাৰাবাৰী গাঁৱৰ, মনোৰঞ্জন গগৈ মিৰিপথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে।

উল্লেখ যে ইকৰাতলী গাঁৱৰ অভিজীৎ গগৈয়ে তিনিবাৰকৈ ড্ৰাগছ সৰবৰাহকাৰী হিচাপে জেল হাজোতলৈ গৈছিল

বৰ্তমান তিনিজনক লাহোৱাল আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে

মহিলাৰ স্তন কৰ্কট ৰােগ কি হয় জানক…

কিশোৰী এগৰাকীৰ বয়স ১০-১২ বছৰ হ’লেহে স্তনৰ বিকাশ হ’বলৈ ধৰে। বয়স বাঢ়ি অহাৰ লগে লগে গঠনগত ভাৱে স্তনযুৰিয়ে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ কাৰণে গাখীৰ উৎপাদনৰ বাবে পৰিপূৰ্ণতা লাভ কৰে। যুৱতী বা মহিলাৰ স্তন প্ৰধানকৈ তিনিটা অংশৰে গঠিত। সেই অংশকেইটা হৈছে- গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা ভিত্তি তন্তু আৰু ত্বক। স্তনৰ কৰ্কট হ’লে এই তিনিওবিধ অংগ ক্ষতিগ্ৰস্ত হয়। স্তন কৰ্কট এবিধ অতি মৰ্মান্তিক আৰু যন্ত্ৰণাদায়ক ৰোগ। স্তনৰ ভিতৰত নানা ধৰণৰ অৰ্বুদৰ উদ্ভৱ হ’ব পাৰে। সাধাৰণতে শান্ত আৰু দুষ্ট এই দুই ধৰণৰ অৰ্বুদ স্তনৰ ভিতৰত হোৱা দেখা যায়। ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা কেতিয়াবা শান্ত অৰ্বুদবোৰ পাছলৈ দুষ্ট অৰ্বুদলৈ পৰিণত হয়। জৰায়ুৰ পাছতেই বেছিভাগ মহিলাৰ ক্ষেত্ৰতে স্তনত কৰ্কট ৰোগ হোৱা দেখা যায়। স্তন গ্ৰন্থিৰ বহিঃস্তকীয় কোষত এইবিধ ৰোগৰ উদ্ভৱ হয়। সচৰাচৰ স্তনত স্কিৰাছজাতীয় কঠিন আৰু দুষ্ট অৰ্বুদ জন্মে। যৌৱনৰ শেষত বা মাজবয়সত, বেছিভাগ ক্ষেত্ৰ্তে ৪০-৫০ বছৰীয়া মহিলাসকলক সাধাৰণতে এইবিধ অৰ্বুদে অধিক আক্ৰমণ কৰা দেখা যায়। স্তনৰ ভিতৰভাগত নাইবা ছালৰ ঠিক তলৰপৰাই কঠিন অৰ্বুদৰ উদ্ভৱ হয় আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ ছালত সংলগ্ন হৈ পৰে। স্তনৰ ভিতৰত অৰ্বুদ স্থিৰ হৈ পৰে।

অৰ্বুদ স্তনৰ ছালৰ ঠিক তলতে থাকে, ছালৰ বৰণ সামান্য ধোঁৱা বৰণীয়া হয়। ছাল আৰু কলাসমূহত এই অৰ্বুদ খামুচ খাই ধৰাৰ পাছত বেজীয়ে বিন্ধাৰ নিচিনা বিষ হয়। কেচুঁৱাই গাখীৰ খাই থকা মহিলাৰ এই অৰ্বুদ হ’লে অৰ্বুদ কোমল আৰু বিষযুক্ত হয়। দুগ্ধবাহী নলীত এনে অৰ্বুদ হ’লে স্তনবৃন্তৰে তেজমিশ্ৰিত স্ৰাৱ নিঃসৰণ হয়। স্তনবৃন্ত বা স্তনৰ জোঙা আগটো ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যাব ধৰে আৰু এটা সময়ত নাভিৰ দৰে গাঁত হৈ পৰে। ৰোগৰ প্ৰকোপ বা বৃদ্ধি যদি প্ৰতিহত কৰিব পৰা নাযায়, তেন্তে কাষৰ গ্ৰন্থিসমূহো ক্ৰমান্বয়ে স্ফীত, কঠিন আৰু বিষময় হৈ পৰে। আৰু এনেকৈয়ে কাষলতি, পিঠি আৰু বুকুৰ মাজত থকা হাড়ডাল পাৰ হৈ আনটো স্তনলৈকে এই ৰোগ বিয়পি পৰে। স্তন-কৰ্কটৰ অৰ্বুদটো কোনো খোলা বা আৱৰণৰ দ্বাৰা আবৃত নোহোৱা হেতুকে ই ওচৰৰ যিকোনো কলা-কোষলৈকে বিস্তাৰিত হ’ব পাৰে। স্নায়ু-নলী, ৰক্তবাহিকা আৰু লসিকা-প্ৰণালীৰ দ্বাৰা শৰীৰৰ যিকোনো ঠাইলৈকে এই অৰ্বুদ বিয়পিব পাৰে। কাষলতি অঞ্চলৰ লসিকা গ্ৰন্থিসমূহ সহজেই আক্ৰান্ত হয়। ৰোগ লাহে লাহে বাঢ়িবলৈ ধৰে, বিষো ক্ৰমান্বয়ে অসহনীয় হৈ আহে। অস্ত্ৰৰ দ্বাৰা আঘাত কৰাৰ নিচিনা তীব্ৰ যন্ত্ৰণাত ভূগিবলগীয়া হয়। পাছলৈ বিষ আৰু যন্ত্ৰণাৰ বাবে ৰোগিনীয়ে এক মুহূৰ্তও স্বস্তি নাপায় আৰু ভালদৰে টোপনিও নহয়। অৰ্বুদ হঠাতে ফাটি যাব পাৰে আৰু পাছলৈ ছালত ফুটা হৈ গভীৰ ক্ষতৰ সৃষ্টি হয়। সেই ক্ষতৰপৰা অতি তীব্ৰ দূৰ্গন্ধময় ক্লেদ আৰু ৰস নিৰ্গত হ’বলৈ ধৰে। লগতে প্ৰচুৰ পৰিমানে ৰক্তস্ৰাৱো হয়।

এই ক্ষতৰ দাঁতি অসমান, উঠা আৰু বাহিৰলৈ ওলাই অহা ধৰণৰ। তলভাগ কঠিন, টেমুনাৰ দৰে। দেখিলে এনে ভাৱ হয় যেন এই মাত্ৰ ফাটি তেজ ওলাই আহিব! ক্ষতৰ চাৰিওফালে ঘামচিৰ দৰে সৰু সৰু টেমুনা কিছুমানৰ উদ্ভৱ হয়। দেখাত ৰংচুৱা। ক্ষত বাঢ়ি অহাৰ লগে লগে স্তনৰ মাংস ক্ৰমান্বয়ে শুকাই আহিবলৈ ধৰে। চিকিৎসাঃ ৰোগৰ আৰম্ভণীৰেপৰা হোমিঅ’পেথিক বিধান অনুযায়ী সুনিৰ্বাচিত ঔষধাদিৰ দ্বাৰা চিকিৎসা কৰিলে শান্ত অৰ্বুদ দুষ্ট অৰ্বুদলৈ পৰ্যবসিত হ’ব নোৱাৰে। আৰু দুষ্ট অৰ্বুদৰো বৃদ্ধি প্ৰতিহত হৈ আৰোগ্যৰ দিশলৈ উভতি আহে, ক্ষতৰ ৰস-ৰক্ত ক্ৰমশ কমি আহি শুকাবলৈ ধৰে। হোমিঅ’পেথিত স্তন কৰ্কট নিৰাময় কৰিবপৰাকৈ এপিচ মেল, আৰ্চেনিক, বেলেডোনা, কেলকেৰিয়া কাৰ্ব, কাৰ্ব’এনিমেলিচ, কোনায়াম, গ্ৰেফাইটিছ, লেলেছিছ ফছফৰাছ, চিপিয়া আদি শতাধিক ভেষজ আছে। মাথোন ৰোগীৰ মানসিক আৰু সাৰ্বিক লক্ষণ অনুযায়ী প্ৰয়োগ কৰিবপৰাটোহে আচল কথা।

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’ ! তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ…

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’। তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ।

লগতে তেওঁ কয় যে মুকলিৰ বাবে ৰাম মন্দিৰ প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বৰ বাবে আৰু ২ বছৰৰ প্ৰয়োজন হ’ব।

উল্লেখ্য, ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান।

ৰহাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত এজন স্কুটী আৰোহী…

ৰহাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত এজন স্কুটী আৰোহী, গুৰুতৰভাবে আহত হয় আন এজন। নিহতজনক ৰহাৰ মহম্মদ ইজাজ আনচাৰি বুলি চিনাক্ত কৰা হৈছে। ৰহা নতুন চাৰিআলিত সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

AS 02 AH 6687 নম্বৰৰ এখন স্কুটী আৰু নগাঁও অভিমুখী AS 02 AK 5290 নম্বৰৰ এখন বলেন’ বাহনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে স্কুটীত অহা লোকদুজনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতেই নগাঁও অভিমুখী তীব্ৰবেগী বলেন’ বাহনখনে প্ৰচণ্ড খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় স্কুটীখনত থকা আজিজ আনচাৰী। নিহত লোকজন ৰহাত টায়াৰ দোকানিী আছিল। গুৰুতৰভাৱে আহত হয় স্কুটীখনৰ আনজন আৰোহী। পিচত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক নগাঁও লৈ প্ৰেৰণ কৰে। আহত যুৱকজন দোকানৰ কৰ্মচাৰী আৰিফ বুলি জানিব পৰা গৈছে।