Home Blog Page 1182

মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ পথ দুৰ্ঘটনা ! ৩খন বাহনৰ সংঘৰ্ষত ৮জন লোকৰ মৃত্যু…

মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩খন বাহনৰ সংঘৰ্ষত ৮জন লোকৰ মৃত্যু।

পুৱতি নিশা পুণেৰ ডিংগোৰ অঞ্চলত এই দুৰ্ঘটনা। মৃত ৮জনৰ ভিতৰত আছে দুটা শিশু, এগৰাকী মহিলা।

নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক আৰু ৰিক্সাত খুন্দা মাৰে পিকআপ ভানে।

যোৰহাটৰ ৰজাবাৰীত নিশা ভয়ংকৰ ঘটনা ! ভাং বেপাৰীৰ আক্ৰমণত আহত পুৰুষ-মহিলাসহ ৫জন…

যোৰহাটৰ ৰজাবাৰীত নিশা ভয়ংকৰ ঘটনা। ভাং বেপাৰীৰ আক্ৰমণত আহত পুৰুষ-মহিলাসহ ৫জন।

আক্ৰমণত আহত কৃষ্ণ তাছা, কুলামণি তাছা, বিজয় তাছা, সুনিতা তাছা, ৰেখা তাছা । আহত আটাইকেইজনক চিকিৎসাৰ বাবে JMCHত ভৰ্তি।

ৰজাবাৰী বৌদ্ধ মন্দিৰৰ সমীপত এই ঘটনা। লালী নামৰ লোকজনৰ বিৰুদ্ধে ভাং-ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ।

আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমক বিহ খুৱাই হত্যাৰ চেষ্টা অচিনাক্ত লোকৰ…

আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমক বিহ খুৱাই হত্যাৰ চেষ্টা অচিনাক্ত লোকৰ !

সংকটজনক অৱস্থাত দাউদক পাকিস্তানৰ কৰাচীৰ চিকিৎসালয়ত ভৰ্তি ।

১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল দাউদ ইব্ৰাহিম।

দুৰ্ঘটনাত পতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ বাহন…

দুৰ্ঘটনাত পতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ বাহন। উইলিংটনৰ ডেলাৱেৰত সংঘটিত হৈছে এই ঘটনা।

পাৰ্কিঙত থকা অৱস্থাতে বাইডেনৰ SUV কাৰত খুন্দা এখন বাহনৰ।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি। ঘটনাৰ সময়ত বাহনখনত বহি আছিল জো বাইডেনৰ পত্নী জিল বাইডেন। অৱশ্যে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই কোনো।

কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী…

কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী। মেঘালয়ৰ বৰ্ণিহাটৰ পৰা জমিল আহমদক গ্ৰেপ্তাৰ।

জমিলৰ বিৰুদ্ধে নাৱালিকাক অপহৰণৰ অভিযোগ।

দেওবাৰে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উদ্ধাৰ কৰে অপহৃতাক। ধৃত জমিলৰ ঘৰ হোজাইৰ ফৰমাপাৰ গাঁৱত।

বিকশিত ভাৰত সংকল্প যাত্ৰাঃ অসমৰ কল্যাণী ৰাজবংশীৰ সফলতাৰ কাহিনী শুনি অভিভূত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ (ভিবিএছৱাই) হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে । চলিত যাত্ৰাৰ সময়ত এয়া প্ৰধানমন্ত্ৰীৰ তৃতীয়টো বাৰ্তালাপ আছিল। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এমহীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা হাজাৰ হাজাৰ গাওঁৰ লগতে ১৫০০ খন চহৰত উপস্থিত হৈছে৷ সেইবোৰৰ ভিতৰত সৰু চহৰসমূহো অন্তৰ্ভুক্ত হৈ আছে।

বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ এই বাৰ্তালাপৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰাকৃতিক কৃষি, গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণৰ নানান দিশ আৰু ভাৰতৰ গাওঁসমূহৰ বিকাশৰ বিষয়ে উল্লেখ কৰে। আজিৰ কাৰ্যসূচীত নগৰাঞ্চলৰ বহু সংখ্যক লোক জড়িত থকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ গুৰুত্ব নগৰ উন্নয়নৰ বিষয়ত হ’ব।

অসমকে ধৰি সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰে।

গুৱাহাটীৰ নুনমাটিৰ এগৰাকী হিতাধিকাৰী শ্ৰীমতী কল্যাণী ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ কথা বিনিময় কৰে৷ কেনেদৰে ডিএৱাই-এনইউএলএম, পিএমএফএমইৰ দৰে চৰকাৰী আঁচনিয়ে তেওঁৰ জীৱন এগৰাকী গৃহিণীৰ পৰা এগৰাকী আত্মনিৰ্ভৰশীল মহিলালৈ ৰূপান্তৰিত কৰিছে সেই বিষয়ে শ্ৰীমতী কল্যাণী ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীৰ আগত প্ৰকাশ কৰে৷ তেওঁ জনায় যে তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে পৰা লাভালাভ অৰ্জন কৰিছে আৰু প্ৰগতিৰ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰথমে ১০,০০০ টকাৰ ঘূৰ্ণীয়মান পুঁজিৰ সৈতে এটা কাঠফুলা গোট আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণ গোট এটা খুলিছিল। ইয়াৰ পিছত, তেওঁ ২০০ গৰাকী মহিলাৰ সৈতে এটা গোট প্ৰতিষ্ঠা কৰে।তেওঁৰ এই যাত্ৰাত শ্ৰীমতী কল্যাণী ৰাজবংশীয়ে কেনেকৈ তেওঁৰ অঞ্চলৰ আন মহিলাসকলক আত্মসহায়ক গোটত যোগদান কৰিবলৈ আৰু বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত বেংকৰ ঋণ লাভ কৰিব পাৰি সেই বিষয়ত অনুপ্ৰাণিত কৰিছিল সেই বিষয়ে মোদীৰ আগত বিৱৰি কয়৷

ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীক লগতে জনায় যে তেওঁ প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ পৰা লাভ অৰ্জন কৰাৰ বিষয়ত বিক্ৰেতাসকলক শিক্ষিত কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে অসম ৰাজ্যিক অসামৰিক বঁটা ‘অসম গৌৰৱ বঁটা’ লাভ কৰিছে।

যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ভিবিএছৱাই আইইচি ভানৰ বিষয়ে তেওঁৰ অভিজ্ঞতা বিষয়ে সুধিছিল, তেতিয়া তেওঁ উত্তৰ দিছিল যে তেওঁৰ অঞ্চলৰ লোকসকলে উৎসাহেৰে ভানখনক আদৰণি জনাইছে আৰু ইয়াৰ লাভালাভসমূহ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰি কয় যে তেওঁ কেৱল আত্মসহায়ক গোটৰ জৰিয়তে ভাল কাম কৰাই নহয়, তেওঁ সমাজকো সহায় কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক উৎসাহিত কৰে আৰু কয় যে শ্ৰীমতী কল্যাণী ৰাজবংশী আত্মনিৰ্ভৰ আৰু সমাজক লাভাৱান্বিত কৰা মহিলাসকলৰ এক জ্বলন্ত উদাহৰণ।

এই কাৰ্যসূচীত বৃহৎ সংখ্যক কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও যোগদান কৰে। অসমৰ বিভিন্ন স্থানত অনুষ্ঠানটোৰ লাইভ স্ক্ৰীণিঙৰ ব্যৱস্থা কৰা হয়৷

অসমত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ লাইভ স্ক্ৰীণিং প্ৰত্যক্ষ কৰে। শ্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে আঁচনিসমূহৰ সফলতা নিশ্চিত কৰাৰ বাবে সকলো যোগ্য হিতাধিকাৰীৰ ওচৰলৈ যোৱা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত দেশখন আজি অধিক শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে। “মোদী কি গেৰাণ্টি” আইইচি ভানৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ভানে নিশ্চিত কৰিছে যে দেশৰ প্ৰতিটো কোণৰ প্ৰতিজন হিতাধিকাৰীয়ে আঁচনিখনৰ লাভালাভ অৰ্জন কৰিব পাৰিব। তেওঁ কয় যে এই চৰকাৰে প্ৰতিজন ব্যক্তিক বিভিন্ন দিশত সবল কৰি তোলাৰ বাবে যোৱা চাৰে নটা বছৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় ভূ-বিজ্ঞান দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱেও গোলাঘাটৰ পৰা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পোনপটীয়া স্ক্ৰীণিং কাৰ্যসূচীত যোগদান কৰে।

এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰে।

চৰকাৰী আঁচনিসমূহৰ লাভালাভ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ ওচৰত উপনীত কৰোৱাবলৈ তথা চৰকাৰৰ ফ্লেগশ্বিপ আঁচনিসমূহৰ সফল ৰূপায়ণৰ লক্ষ্যৰে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে।

মাত্ৰ এমাহৰো কম সময়ৰ ভিতৰতে, এই যাত্ৰা দেশৰ৬৮,০০০ গাওঁ পঞ্চায়তৰ (জিপি) ২.৫০ কোটিৰো অধিক লোকৰ ওচৰত উপস্থিত হৈছে। তদুপৰি, প্ৰায় ২ কোটি লোকে বিকশিত ভাৰত সংকল্প গ্ৰহণ কৰিছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ২ কোটিৰো অধিক হিতাধিকাৰীয়ে ‘মেৰী কাহানী মেৰী জুৱানী’ উদ্যোগৰ অধীনত তেওঁলোকৰ অভিজ্ঞতাৰ বিনিময় কৰিছে৷

চৰকাৰী দৰমহা টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ

চৰকাৰী দৰমহা টকাৰে পেট নভৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ!

এটাৰ পিছত এটা ঘোচখোৰ আটক এইখন অসমত।

এইবাৰ হাত দাঙিলে জলসিঞ্চন বিভাগৰ সৰভোগ-জনীয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসে।

দেওবাৰে বৰপেটাত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক শাখাৰ দলে ঠিকাদাৰৰ পৰা ঘোচ লৈ থকা সময়তে কৰায়ত্ত কৰে কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসক।

ৰাম মন্দিৰ উদ্বোধনৰ এমাহ পিছত, অযোধ্যা চহৰৰ উপকণ্ঠত আৰম্ভ হ’ব নতুন মছজিদৰ নিৰ্মাণ…

যদি সকলো ঠিকে থাকে ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হ’ব।

উল্লেখ্য যে ৰাম মন্দিৰৰ সমান্তৰালকৈ মছজিদৰ প্ৰসংগও চৰ্চালৈ আহিছে। মছজিদটো মন্দিৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত অযোধ্যা জিলাৰ ধনীপুৰত নিৰ্মাণ কৰা হ’ব। ২০১৯ চনৰ নৱেম্বৰত, উচ্চতম ন্যায়ালয়ে প্ৰশাসনক ৰাম জন্মভূমি-বাবৰি জন্মভূমি গোচৰত মুছলমান পক্ষক পাঁচ একৰ ভূমি আৱণ্টন কৰিবলৈ নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশ চুন্নী চেণ্ট্ৰেল ৱাকফ বোৰ্ডে মছজিদনিৰ্মাণৰ তত্বাৱধানৰ বাবে ইণ্ডো-ইছলামিক কালচাৰেল ফাউণ্ডেচন ট্ৰাষ্ট গঠন কৰিছিল। ট্ৰাষ্টৰ মতে, কেৱল মছজিদই নহয়, ৫একৰ ভূমিত এখন চিকিৎসালয় আৰু এটা ভাগ-বতৰা কৰা পাকঘৰ নিৰ্মাণৰ পৰিকল্পনাও লাভ কৰা হৈছে।

ট্ৰাষ্টৰ অধ্যক্ষ তথা ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ জুফাৰ ফাৰুকীয়ে কয়, “মছজিদখন কেতিয়া সম্পূৰ্ণ হ’ব সেয়া কোৱা কঠিন। কিন্তু আমি আশা কৰোঁ যে মছজিদৰ নিৰ্মাণ অহা বছৰৰ মে মাহৰ পৰা আৰম্ভ হ’ব। “

ট্ৰাষ্টৰ মতে, মছজিদ নিৰ্মাণৰ ব্যয় পূৰণ কৰিবলৈ এখন পৃথক সমিতি গঠন কৰা হৈছে। মুম্বাইস্থিত সমিতিয়ে এতিয়ালৈকে ৫০ লাখ টকা সংগ্ৰহ কৰিছে, ট্ৰাষ্টসূত্ৰই জনায়। ট্ৰাষ্টৰ মতে, মছজিদৰ নক্সা প্ৰায় চূড়ান্ত কৰা হৈছে। ভাৰতৰ অন্যান্য মছজিদৰ দৰে, এই মছজিদতো মিনাৰ আৰু গম্বুজ থাকিব। ন্যাসে ইতিমধ্যে মন্দিৰৰ নক্সা অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছে।

জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ

জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ৷

ভঙাগড়ৰ সুমন দাস, সোণাইঘুলিৰ বাবু নেওগ, নালাপাৰাৰ পদুম বাহাদুৰ চেত্ৰী নামৰ বাইক চোৰ তিনিটাক আটক৷

শৰাইঘাট দলঙত তালাচীৰ সময়তে আটক চোৰকেইটাক৷

শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিক নিৰ্মল দাস স্মাৰক বক্তৃতানুষ্ঠান

দেওবাৰে শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিয্যমণ্ডিত তেজপুৰ সাহিত্য সভাৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয় সাংবাদিক নিৰ্মল দাস স্মাৰক বক্তৃতানুষ্ঠান।

বক্তৃতানুষ্ঠানৰ বিষয়: ভাৰতীয় সংবিধানৰ প্ৰমূল্য,গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সাংবাদিকতা।

এই কাৰ্যসূচীত আমন্ত্ৰিত অতিথি বক্তা, অধ্যাপক ড° অখিল ৰনজন দত্তই বক্তব্য প্ৰদান কৰাৰ লগতে শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ বিষয়ববিয়াসকলৰ লগত নিৰ্মল দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

শোনিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ নাথে এই অনুষ্ঠানৰ আঁত ধৰে। সভাত বিভিন্নজন গন্য-মান্য ব্যক্তি উপস্থিত থাকে।