Home Blog Page 1181

একে দিনাই অশান্ত আচৰণৰ বাবে লোকসভাৰ পৰা নিলম্বিত ৩০ জনৰো অধিক সাংসদ

সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি ৩০জনৰো অধিক সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে। যোৱা সপ্তাহত সংসদৰ নিৰাপত্তা ভংগৰ প্ৰতিবাদৰ মাজতে সদনত অশান্তি সৃষ্টি কৰাৰ বাবে তেওঁলোকক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।


কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ মাজতে বিৰোধী সাংসদসকলে নতুন সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে। সংসদ কক্ষত জোৰেৰে চিঞৰ-বাখৰ কৰে।

প্ৰথমে অধ্যক্ষই সভাখন ২:৪৫ বজালৈ, তাৰ পিছত ৩:০০ বজালৈকে স্থগিত ৰাখিলে। তাৰ পাছতো পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে অধ্যক্ষই অধীৰকে ধৰি ৩০জনৰো অধিক সাংসদক নিলম্বন কৰে।

নিলম্বিত সাংসদৰ ভিতৰত আছে কে জয়কুমাৰ, বিজয় বসন্ত আৰু আব্দুল খালেকো। ২২ ডিচেম্বৰলৈকে চলিব শীতকালীন অধিবেশন।

তেতিয়ালৈকে এই সাংসদসকলে অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। এই অধিৱেশনত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৬৭ গৰাকী সাংসদক নিলম্বন কৰা হয়।

ভুৱা নথিৰে সংযোগঃ ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিলে ভাৰত চৰকাৰে

একে সময়তে ৫৫ লাখ মোবাইল ফোনৰ নম্বৰ ব্লক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে?

দৰাচলতে চৰকাৰে ব্লক কৰি দিয়া মোবাইল ফোনৰ গৰাকীসকলৰ পৰিচয় ভুৱা আছিল। ভুৱা তথ্য আৰু নথি-পত্ৰৰে তেনে ফোন নম্বৰসমূহ বহুতে লাভ কৰিছিল। নিজৰ নামত নথকা তেনে নম্বৰসমূহৰ পৰা বহুতেই ধন দাবীকে ধৰি আন বহু অপৰাধ সংঘটিত কৰি আহিছিল। এনে চাইবাৰ জালিয়াতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভুৱা নথিপত্ৰৰে প্ৰস্তুত কৰা চিমবোৰ অকামিলা কৰি দিছে।

উল্লেখ্য ভাৰতত চাইবাৰ জালিয়াতিৰ ঘটনা বৃদ্ধি পাইছে। চাইবাৰ কেলেংকাৰীৰ নতুন নতুন ঘটনা প্ৰতিদিনে পোহৰলৈ আহি আছে। চাইবাৰ অপৰাধীৰ জালত পৰি বহু লোকে লাখ লাখ টকা হেৰুৱাইছে। কিছু ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে বহু লোকৰ ছবি আদি ব্যৱহাৰ কৰিও ব্লেকমেইল কৰি আহিছে।

কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ মন্ত্ৰী দেৱুসিংহ চৌহানে সংসদত কয় যে ভুৱা পৰিচয় পত্ৰৰ সহায়ত লোৱা নম্বৰবোৰৰ সৰহভাগেই বন্ধ কৰা হৈছে। এই সংখ্যাটো প্ৰায় ৫৫ লাখ হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ১.৩২ লাখ মোবাইল ফোনো ব্লক কৰি দিয়া হৈছে।


উল্লেখ্য সঞ্চাৰ সাথী পৰ্টেলৰ যোগেৰে মোবাইল ফোনৰ বহু তথ্য লাভ কৰিব পাৰি। সঞ্চাৰ সাথী পৰ্টেল হৈছে ব্যৱহাৰকাৰীৰ ম’বাইল নম্বৰ প্ৰমাণিত কৰিবলৈ এটা অনলাইন প্লেটফৰ্ম। সঞ্চাৰ সাথী পৰ্টেলে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নামত জাৰি কৰা ম’বাইল সংযোগৰ বিষয়ে জানিবলৈ, অপ্ৰয়োজনীয় সংযোগ বিচ্ছিন্ন কৰিবলৈ, হেৰুওৱা মোবাইল ফোনবোৰ ব্লক আৰু ট্ৰেচ কৰিবলৈ তথা নতুন আৰু পুৰণি মোবাইল ফোন ক্ৰয় কৰোঁতে ডিভাইচৰ তথ্য পৰীক্ষা কৰাত সহায় কৰে।

ইয়াৰ উপৰিএই পৰ্টেলটোৱে আপোনাক বহুতো সেৱা প্ৰদান কৰে।এই পৰ্টেল আপুনি www.sancharsaathi.gov.in ছাৰ্চ কৰিলেই পোৱা যায়৷

দেশত বৃদ্ধি পাইছে কৰ’না, এদিনত পাঁচজন লোকৰ মৃত্যু! বিশ্ব স্বাস্থ্য সংস্থাইও জাৰি কৰিছে সতৰ্কবাণী

যোৱা ২৪ ঘন্টাত দেশত ৩৩৫ জন নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৫জন লোকৰ মৃত্যু। বৰ্তমান সমগ্ৰ দেশতে কৰ’না ৰোগীৰ সংখ্যা ১৭০১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫ জন লোকৰ ভিতৰত চাৰিজন কেৰালাৰ বাসিন্দা। তদুপৰি উত্তৰ প্ৰদেশৰ পৰা এজনৰ মৃত্যুৰ তথ্য পোৱা গৈছে। নতুন প্ৰকাৰৰ কৰ’নাৰ সন্ধান লাভ কৰাত কেৰালাত বৃদ্ধি পাইছে উদ্বেগ। যাৰ নাম JN.1।

Corona ৰ এটা নতুন ৰূপ Jn.1 যোৱা ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আমেৰিকাত পোৱা গৈছিল। তেতিয়াৰ পৰা এই ভাইৰাছৰ এই ভিন্নতা থকা কেইবাজনো ৰোগীৰ খবৰ পোৱা গৈছে। শেহতীয়াকৈ চীনত JN.1 চিন্তাৰ কাৰণ হৈ পৰিছে। সাতজন লোকৰ মৃত্যুয়ে সকলোকে ভয়াৰ্ত কৰি তুলিছে।

বিভিন্ন দেশত পুনৰ মূৰ তুলিবলৈ আৰম্ভ কৰিছে কৰ’নাই। এই সন্দৰ্ভত সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে বিভিন্ন দেশক এই ক্ষেত্ৰত অতিৰিক্ত সাৱধান হ’বলৈ পৰামৰ্শ দিছে। মাৰিয়া ভান কেৰকভ হৈছে WHO ৰ এগৰাকী বিষয়া যিয়ে কৰ’না বিষয়ৰ তদাৰক কৰে।

সংগঠনটোৱে ভিডিঅ’-মেছেজৰ জৰিয়তে তেওঁৰ এই পৰামৰ্শ প্ৰকাশ কৰে। বিষয়াগৰাকীয়ে ক’লে, কিয় এইবাৰ হঠাতে পুনৰ উত্থান হ’বলৈ আৰম্ভ কৰিছে ক’ৰ’না। ইয়াৰ লগতে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়েও বুজাই দিলে। বিভিন্ন দেশত নতুনকৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু JN.1 ধৰা পৰাৰ ফলত স্বাস্থ্য বিশেষজ্ঞসকল সতৰ্ক হ’বলৈ বাধ্য হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াগৰাকীৰ মতে, ৬৮ শতাংশ কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ শৰীৰত এক্সবিবি থাকে। ৰোগীৰ শৰীৰৰ বাকী অংশত JN.1 চলাচল কৰি আছে। শীতকালত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিয়া হৈছে।

লোকসভাত উত্থাপিত টেলিকম বিধেয়ক

বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে সোমবাৰে লোকসভাত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি, বৈদ্যুতিন আৰু দূৰসংযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন টেলিকম বিধেয়ক উত্থাপন কৰে। যদিহে নতুন টেলিকম বিল গৃহীত হয় তেন্তে ই ব্ৰিটিছ যুগৰ টেলিগ্ৰাফ আইন, বেতাঁৰ টেলিগ্ৰাফী আইনখনৰ ঠাইত এই খণ্ডটো পৰিচালনা কৰা নতুন আইন হিচাপে পৰিগনিত হ’ব।

কিন্তু বিৰোধীয়ে বিধেয়কখনৰ কেইবাটাও ধাৰাত আপত্তি দাঙি ধৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত যিকোনো কোম্পানীৰ দূৰসংযোগ সেৱা গ্ৰহণ বা বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্বিঘ্নে ক্ষমতা দিয়া হৈছে বুলি তেওঁলোকৰ অভিযোগ। ইয়াৰ উপৰিও নতুন বিধেয়কখনে ইণ্টাৰনেট ভিত্তিক ফোন আৰু মেছেজকো ‘টেলিকমিউনিকেচন’ৰ অধীনত আনিছে।

যোৱা আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেট বৈঠকত নতুন টেলিকম বিলৰ খচৰা গৃহীত হৈছিল। চৰকাৰে যুক্তি দিছিল যে ১৩৮ বছৰীয়া ব্ৰিটিছ যুগৰ টেলিগ্ৰাফ আইনখন ইণ্টাৰনেট ভিত্তিক দূৰসংযোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অকাৰ্যকৰী।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ বাবে নেট ভিত্তিক দূৰসংযোগ ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে নতুন আইন প্ৰণয়নৰ প্ৰয়োজন। অৱশ্যে ভৱিষ্যতে এই প্ৰস্তাৱিত আইনখন ৰাজনৈতিক কামত ব্যৱহাৰ হ’ব পাৰে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ এটা অংশই।

৭ বছৰীয়া শিশুক হত্যা কৰি যকৃত ভক্ষণ ! নৰখাদক দম্পতীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে কানপুৰৰ আদালতে…

যকানপুৰৰ ঘাটমপুৰৰ এজন বেজৰ নিৰ্দেশত ২০২০ চনৰ ১৪ নৱেম্বৰত এগৰাকী সাত বছৰীয়া কন্যা শিশুক হত্যা কৰিছিল এহাল দম্পতীে। তাৰ পিছত দম্পতীহালে শিশুটিৰ যকৃত আৰু অন্যান্য গুৰুত্বপূৰ্ণ অঙ্গ ভক্ষণ কৰিছিল। আৰক্ষীয়ে তদন্ত কৰি দম্পতীহালৰ লগতে মুঠ চাৰি জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ২০২০ চনৰ সেই নাৰকীয় ঘটনাটোৰ মূল অভিযুক্ত দম্পতীহালৰ লগতে চাৰিজন লোকক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। তিনি বছৰ ধৰি চলি থকা বিচাৰৰ অন্তত কানপুৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ (পকচো আইন) বাকুৰ শ্বামিম ৰিজৱীয়ে অভিযুক্ত দম্পতী পৰশুৰাম আৰু সুনয়নাক শাস্তি প্ৰদান কৰে।

তেওঁলোকৰ ভতিজা অংকুল আৰু তেওঁৰ সহযোগী বীৰেনকো যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। আদালতে অংকুল আৰু বীৰেনক ৪৫,০০০ টকা আৰু পৰশুৰাম আৰু সুনয়নাক ২০,০০০ টকাৰ জৰিমনাও বিহিছে। চৰকাৰৰ অতিৰিক্ত অধিবক্তা ৰাম ৰক্ষিত শৰ্মা, প্ৰদীপ পাণ্ডে আৰু অজয় কুমাৰ ত্ৰিপাঠীয়ে কয় যে ঘাটামপুৰৰ এজন বাসিন্দাই অভিযোগ কৰিছিল যে ১৪ নৱেম্বৰ, ২০২০ তাৰিখে তেওঁৰ সাত বছৰীয়া ছোৱালীজনীয়ে বাহিৰত খেলি থকাৰ সময়তে সন্ধানহীন হৈছিল ৷

পিছদিনা গাওঁখনৰ কাষৰে এখন পথাৰত শিশুটিৰ ক্ষতবিক্ষত মৃতদেহ পোৱা গৈছিল। তদন্ত চলাই আৰক্ষীয়ে পৰশুৰাম, সুনয়না, অংকুল আৰু বীৰেনক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে জানিব পাৰিছিল যে পৰশুৰাম আৰু সুনয়নাই বিবাহৰ ১৯ বছৰৰ পাছতো সন্তানহীন আছিল । সেয়ে তেওঁলোকে এজন বেজৰ কাষ চাপিছিল। বেজেই তেওঁলোকক এজনী ছোৱালীৰ যকৃত খাবলৈ কৈছিল। অংকুল আৰু বীৰেনে ছোৱালীজনীক যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ পিছত হত্যা কৰিছিল। তেওঁলোকেই ছোৱালীজনীৰ যকৃত উলিয়াই পৰশুৰাম আৰু সুনয়নাক দিছিল। অৱশেষত নৰখাদক দ্‌পতীৰ লগতে আন দুজনক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

গোলকগঞ্জৰ গংগাধৰ নৈত শোকাৱহ নাও দুৰ্ঘটনা…

গোলকগঞ্জৰ গংগাধৰ নৈত শোকাৱহ নাও দুৰ্ঘটনা।

নৈত ডুবি মৃত্যু মালেক আলী মণ্ডল নামৰ এজনৰ। ৰাইজে জীৱন্তে উদ্ধাৰ কৰিলে দুই কন্যা সন্তানক।

সন্তানক টুলুঙা নাৱেৰে বিদ্যালয়লৈ লৈ যোৱাৰ পথত এই দুৰ্ঘটনা।

বৰপথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত চাৰি জনকৈ লোক…

বৰপথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

আজি পুৱা চাৰি মান বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখুৱাৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত চাৰি জনকৈ লোক।

ডিমাপুৰ পৰা গোলাঘাটৰ দিশে গৈ থকা Nl 04 C 3801 নম্বৰৰ জিপচি আৰু বোকাজান অভিমুখে গৈ থকা AS01FJ 4114 নম্বৰৰ থাৰৰ মাজত মুখা-মুখী সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত জিপচিত অহা চাৰি জন লোক থিতাতে নিহত হোৱাৰ লগতে মহিন্দ্ৰা থৰ চলাই অহা আৰোহীজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনা স্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ মৃত দেহ নিজৰ জিম্মাত লোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।

তামিলনাডুত ধাৰাসাৰ বৰষুণৰ বাবে ১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা…

তামিলনাডুত ধাৰাসাৰ বৰষুণ। ১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা।

প্ৰতিকূল পৰিস্থিতিৰ বাবে জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৯ ডিচেম্বৰতো ৰাজ্যখনৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ ! সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ স্থান লাভ অসম দলৰ…

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ ৷ সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ স্থান লাভ অসম দলৰ ৷পাঞ্জাৱত অনুস্থিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যৰ ২৪ টাকৈ দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত৷কেইবাটাও দলক পৰাজিত কৰি পাঞ্জাৱ দলৰ সতে ফাইনেল খেলি তৃতীয় স্থান দখল কৰে অসম দলটোৱে ৷

২৪ টাকৈ দলৰ সতে প্ৰতিযোগিতাত অবতীৰ্ণ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জপদকেৰে সুনাম আজুৰিলে অসম চেষ্টোবল দলটিয়ে ৷ দলটিৰ পৰিচালক তথা অসম চেষ্টোবল সংস্থাৰ সভাপতি ডা° আক্ৰামুল হক, উপ: সভাপতি তথা নগাঁও গোপীনাথদেৱ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়া আৰু

প্ৰশিক্ষক আজাদ শইকীয়াৰ প্ৰশিক্ষণত তথা অসমবাসীৰ আৰ্শীবাদত দ্বিতীয়বাৰৰ বাবে অনুস্থিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ চেষ্টোবল প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰাৰ বাবে সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে৷ দলটি ২১ ডিচেম্বৰত উপস্থিত হ’ব অসমত৷

টেঙাখাত ৰংচঙীত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত…

সন্ধিয়া প্ৰায় ৫:৩০ বজাত টেঙাখাত আৰক্ষী থানা অন্তগত ৰংচঙীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘতীত হয় ৷
দুৰ্ঘটনাতো এজন ব্যক্তি থিতাতে নিহত হয় ৷

ব্যক্তিজনৰ নাম চাবোৱাৰ ৰবিন গগৈ (২২) বুলি জানিব পৰা গৈছে ৷ টেঙাখাতৰ পৰা ঘৰলৈ বুলি AS-23-AF-4893 নম্বৰৰ sccoty গৈ থাকোঁতে বিপৰীত দিশৰ পৰা অহা AS-06-AK-5956 নম্বৰৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱা ফলত দুৰ্ঘটনাতো সংঘতিত হয় ৷


মটৰ চাইকেলত থকা দুজন ব্যক্তি কৈশিক বৰুৱা (২১) আৰু দুলেশ্বৰ বৰাই (২২) গুৰুত্ব ভাৱে আহত হোৱাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
ইতিমধ্যে ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ ঘটনা বুজ লৈ তদন্ত অব্যাহত ৰাখিছে ৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ ৰিপৰ্ট