Home Blog Page 1187

লালডুহোমাঃ আইপিএছ বিষয়াৰ পৰা মিজোৰামৰ মুখ্যমন্ত্ৰী পদলৈ…

এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া। নিজৰ ৰাজ্য খনক ভালপোৱা সেইগৰাকী প্ৰাক্তন আইপিএছ বিষয়াই এতিয়া মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব। ২০১৮ চনত তেওঁ মিজোৰামত দুটা দশকৰ দু-দলীয় ৰাজনীতিৰ পৰম্পৰা ভংগ কৰিছিল। কংগ্ৰেছক তৃতীয় স্থানলৈ ঠেলি দি তেওঁ বিৰোধী দলৰ নেতাৰ পদ দখল কৰে। এইবাৰৰ বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টক পৰাস্ত কৰি মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে যোৰাম পিপলছ মুভমেণ্টৰ নেতা লাল দুহোমা। সোমবাৰে দুপৰীয়ালৈ স্পষ্ট হৈ পৰিল যে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেহৰক্ষীৰ প্ৰাক্তন মুৰব্বী লালডুহোমা দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে আইজলৰ আসনত বহিবলৈ গৈ আছে। ৪০ আসনৰ মিজোৰাম বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে যাদুকৰী সংখ্যা ২১। জেড পি এম ২৭ ৰানত জয়লাভ কৰে। বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগাৰ দল এম এন এফে ৯খন আসন লাভ কৰে। ১ ৰে আগুৱাই গৈছে। বিজেপিয়ে ২খন আৰু কংগ্ৰেছে ১খন বিধানসভা আসনত জয়লাভ কৰে।

আশীৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল আই পি এছ বিষয়া লালডুহোমা। ১৯৮২ চনত অসমৰ পৰা দিল্লীলৈ বদলি হৈ ইন্দিৰাৰ নিৰাপত্তাৰক্ষীৰ দায়িত্ব দিয়া হয়। ইন্দিৰাই গম পালে যে ১৯৭৭ চনত আই পি এছ বিষয়া হোৱাৰ আগতে তেওঁ ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুঙৰ সহায়ক আছিল। লালডুহোমাৰ ৰাজনৈতিক জ্ঞান দেখি ইন্দিৰায়াই ১৯৮৪ চনত পুনৰ মিজোৰামলৈ পঠিয়াই দিলে। লালডুহোমাই আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰি লোকসভাৰ সদস্য হয়। ৰাজ্যৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও পালে। ৰাজীৱ গান্ধীৰ কাৰ্যকালত লালডেংগাৰ নেতৃত্বত বিদ্ৰোহীসকলৰ সৈতে হোৱা ঐতিহাসিক মিজো চুক্তিৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যখনলৈ শান্তি অনাত তেওঁ যথেষ্ট সহায় কৰিছিল। প্ৰসংগক্ৰমে জোৰামথাংগা সেই সময়ত মিজো বিদ্ৰোহীৰ অন্যতম নেতা আছিল। শান্তি সন্ধিৰ পিছতে মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল লালডেংগা। ইয়াৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী লালথানহাউলাৰ সৈতে সংঘাতৰ বাবে লালডুহোমাই প্ৰথমে কংগ্ৰেছ ত্যাগ কৰি মিজো জাতীয় সংঘ গঠন কৰে। পিছত আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী টি চাইলোৰ নেতৃত্বত গণ সন্মিলনত যোগদান কৰে। পৰৱৰ্তী গন্তব্যস্থান আছিল লালডেংগাৰ দলৰ এম এন এফ। লালডেঙাৰ মৃত্যুৰ পিছত লালডুহোমাই উত্তৰাধিকাৰী জোৰামথাংগাৰ সৈতে সংঘাতৰ বাবে জোৰাম নেচনেলিষ্ট পাৰ্টি গঠন কৰে। ২০০৩ আৰু ২০০৮ চনত তেওঁ বিধায়ক হয়।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ জেড এন পি আৰু আন কিছুমান আঞ্চলিক দলৰ সৈতে জেড পি এম গঠন কৰিছিল। নৱগঠিত দলটোৱে ৮খন আসন লাভ কৰে। এটা দশক ক্ষমতাত থকাৰ পিছত কংগ্ৰেছক মূল বিৰোধী শক্তি হিচাপে তিনি নম্বৰলৈ ঠেলি দিয়া হ’ল। কিন্তু নিৰ্বাচন আয়োগে এতিয়াও তেওঁলোকক ‘দল’ হিচাপে স্বীকৃতি নিদিয়াৰ বাবে জেড পি এমৰ প্ৰাৰ্থীসকলে ‘স্বাধীন প্ৰাৰ্থী’ হিচাপে যুঁজিছিল। সেই ভোটত লালডুহোমাই চেৰচিপ আসনত কংগ্ৰেছৰ বিদায়ী মুখ্যমন্ত্ৰী লালথানহাউলাক পৰাস্ত কৰে। ইয়াৰ পিছত জেড পি এম আনুষ্ঠানিকভাৱে ‘ৰাজনৈতিক দল’ হিচাপে আত্মপ্ৰকাশ কৰে, লালডুহোমাক সভাপতি হিচাপে লৈ।

পলাশবাৰী ৰাসৰ সুন্দৰ বৰ্ণনা…

পলাশবাৰী ৰাস আৰু আমাৰ অনুভৱ

হাড় কপোৱা জাৰ-জহৰ মিঠা আমেজেৰে ভৰা শৰতৰ আগমণে জীৱজগতক ৰঙীন কৰি তোলে ৷ কঁহুৱা বনে হালিজালি কয় শৰৎ অহা বুলি ৷ তলসৰা শেৱালীয়ে আসনখন পাৰি দিয়ে শৰতক বিৰাজমান হ’বলৈ ৷ তাকে দেখি নিয়ৰৰ ৰূপালী টোপালবোৰে চৌদিশে আঁকি দিয়ে তৰাৰ তৰাৱলী।
ৰাসক্ৰীড়া অদৈহিক আনন্দ কেলি। পৰমাত্মাৰ লগত জীৱাত্মাৰ মধুৰ মিলনেই ৰাসক্ৰীড়া ৷ ৰাস মহোৎসৱ কেৱল আধ্যাত্মিক অনুষ্ঠানেই নহয়, এয়া সমন্বয় আৰু ভাতৃত্ববোধৰ যুগমীয়া চানেকি। ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মাহাত্ম্য আৰু গুণ-গৰিমাৰে উদ্ভাসিত এই পৱিত্ৰ উৎসৱৰ অন্তৰালত নিহিত হৈ আছে মানৱপ্ৰেম আৰু আমাৰ চহকী সভ্যতা-সংস্কৃতিৰ গূঢ়াৰ্থ।পৰমাৰ্থিক তথা আধ্যাত্মিক জ্ঞানসমৃদ্ধ ৰাসক্ৰীড়া উৎসৱ বা মহোৎসৱ জনসমাজত এক তাত্বিক আৰু ৰং- ৰস বিষয়ক উৎসৱ, যি লৌকিক ধৰ্ম বিশ্বাসৰ সৈতে জড়িত ৷
ৰাসক্ৰীড়া এক শাৰদীয় উৎসৱ ৷ ব্ৰহ্মবৈৱৰ্ত পুৰাণত ৰাসলীলাৰ সময় চ’ত মাহৰ শুক্ল পক্ষীয় ত্ৰয়োদশ তিথি বুলি কৈছে ৷ কিন্তু অষ্টাদশ পুৰাণৰ শ্ৰেষ্ঠ, পুৰাণৰ সূৰ্য শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত আঘোণৰ পূৰ্ণিমা নিশা যমুনাৰ বালিত ৰাসলীলা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে ৷ বৃন্দাবনত এই ৰাসলীলা শৰৎ কালৰ চন্দ্ৰাৱলী আটাইবোৰ নিশাতে অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে লগতে ঊনত্ৰিশ অধ্যায়ৰ পৰা তেত্ৰিশ অধ্যায়লৈ বৰ্ণনা কৰা হৈছে ৰাসক্ৰীড়া ৷ যাক ৰাস-পঞ্চাধ্যায় বোলা হয় ৷ মূলতঃ ’ৰস’ শব্দৰ পৰা উৎপত্তি হোৱা ৰাসৰ অভিধানিক অৰ্থ হ’ল শ্ৰীকৃষ্ণই ব্ৰজধামৰ ভক্তা গোপীসৱৰ সৈতে কৰা ৰসাত্মক নৃত্যক্ৰীড়া ৷ অৰ্থাৎ শ্ৰীকৃষ্ণৰ সৈতে গোপীসকলৰ অপূৰ্ব মিলনৰ ৰসোতীৰ্ণ কাহিনীয়ে হ’ল ৰাসক্ৰীড়া ৷ ৰাসক্ৰীড়াক সাধাৰণ দৃষ্টিত শৃংগাৰ বা আদিৰসে প্ৰাধান্য লাভ কৰিছে যেন লাগিলেও ইয়াত আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনিহে নিহিত হৈ আছে ৷ সাংসাৰিক আসক্তিত পৰি ভগৱানৰ প্ৰতি আকৃষ্ট নোহোৱা সাধাৰণ লোকক বহু সময়ত লৌকিক ৰসৰ জৰিয়তে ভগৱৎ ভক্তিলৈ মন নিবৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

“শৃংগাৰ ৰসে আছে যাৰ ৰতি ৷
আকে শুনি হৌক নিৰ্মল মতি ৷৷“

মহাপুৰুষ শংকৰদেৱে সেয়ে ৰাসলীলাৰ বিষয়ে লিখিছে-
“বৃন্দাৱনে আনন্দে কৰিলা ৰাসক্ৰীড়া ৷
গুছাইলা গোৱিন্দে গোপীকাৰ কাম পীড়া ৷৷
শুনিয়োক বুদ্ধজন জনম সাম্ফলি ৷
কামজয় নামে ইটো কেশৱৰ কেলি ৷৷“

ৰাসক্ৰীড়া আৰম্ভ হৈছে বস্ত্ৰ হৰণৰে গোপীসকলৰ অদ্বৈতভাৱৰ পৰীক্ষণৰ যোগেদি ৷ যাক মহৰ্ষি ব্যাসদেৱে গোপীসকলৰ ’আৰ্হতা’ বুলি কৈছে ৷ ’আৰ্হতা’ শব্দৰ অৰ্থ টীকাকাৰ শ্ৰীধৰ স্বামীৰ ভাষাত “ঈষৎ অক্ষত যোনী ৷“ যোনী মানে মায়া ৷ প্ৰথম পৰীক্ষণত গোপীসকল উত্তীৰ্ণ হ’ব নোৱাৰিলে ৷ কিয়নো গোপীসকল তেতিয়ালৈকে মায়ামুক্ত হ’ব পৰা নাছিল আৰু পৰম ব্ৰহ্ম কৃষ্ণই তেওঁলোকক অযোগ্য বিবেচিত কৰি পুনৰ এবছৰ সময় দিলে । তেতিয়া গোপীসকলে হেমন্ত ঋতুত কৃষ্ণক পতিৰূপে পাবলৈ কাত্যায়নী পূজিবলৈ কালিন্দীৰ পাৰত বালিৰে দেৱীমূৰ্তি নিৰ্মাণ কৰি কৃষ্ণক স্মৰণ কৰিলে-
“মহামায়া কাত্যায়নী দিয়ো এহি বৰ ৷
আমাৰ হোন্তোক স্বামী নন্দৰ কুমাৰ ৷৷
এহি মন্ত্ৰ মাত্ৰ পূজৈ প্ৰতিনিত ৷
কৃষ্ণেসে হৈৱন্ত পতি ৰাত্ৰি দিনে চিত্ত ৷৷“ ( ভাগৱত )

এনেদৰে যমুনাৰ জলত নগ্ন হৈ জল কেলি কৰি আহি ধূপ দীপ নৈবেদ্যসহ দেৱীক পূজা কৰি গোপীসকলৰ অন্তৰত বিশুদ্ধ কৃষ্ণ প্ৰেমত প্ৰসন্নহৈ কৃষ্ণই সন্মতি দিয়াৰ সিদ্ধান্ত কৰে –

“যোগেশ্বৰ কৃষ্ণে তাসম্বাৰ বুজি চিত্ত ৷
গোপগণ সমে আসি মিলিল তহিত ৷৷
গোপী সমস্তক দিবে লাগি কৰ্মফল ৷
চিন্তিবে লাগিলা পাচে ভকত বৎসল ৷৷“

এই ভাৱনাৰে কৃষ্ণই গোপীৰ বস্ত্ৰ হৰণ কৰি কদম গছত উঠিল , তলত যমুনাৰ পানীত বিবস্ত্ৰা গোপীগণ ৷ ইয়াৰ তাত্বিক বিশ্লেষণ – যমুনা এই ভৱসাগৰ , পানী মায়া, বস্ত্ৰ অহংকাৰ আৰু কৃষ্ণ পূৰ্ণকাম ভগৱন্ত ৷ এই ভৱসাগৰত কৃষ্ণৰ কৰুণা লভিবলৈ হ’লে মায়াক নিৰ্যান কৰি, অহংকাৰ শূন্য হৈ কৃষ্ণৰ চৰণত শৰণাগত হ’ব লাগিব ৷ গোপীসকলে এই কথা উপলব্ধি কৰিয়ে কৃষ্ণত শৰণাগত হ’ল –

“দুয়ো হাতে যেবে কৰিয়া প্ৰণাম
তেৱেসে ব্ৰত সুসাংগ ৷
শুনি দুয়ো কৰ শিৰত তুলিলা
তেজিয়া গুপত অংগ ৷৷
ব্ৰত ভংগ ভয়ে কৰিয়া কৃতাঞ্জলি
সিদ্ধি হৌক মনকাম ৷
সমস্ত ধৰ্মৰ ফল মূৰ্তি কৃষ্ণ
কৰিলা তাকে প্ৰণাম ৷৷“

গোপীসকলৰ প্ৰেমত সন্মতি জনাই তেতিয়াই তেওঁলোকৰ মনোৰথ পূৰণ কৰিৰ বাবে এবছৰৰ পিছত হ’ব লগা ৰাসক্ৰীড়াৰ কথা সোঁৱৰাই দিয়াত কৃষ্ণৰ পদধূলি শিৰে লৈ গোপীসৱ নিজ গৃহে উভতি যায় ৷

“আসিবে শৰত ৰাতি বিতোপন
বিকশিত বৃন্দাৱন ৷
মঞি সমন্বিত কৰিবাহা ক্ৰীড়া
পৰম আনন্দ মন ৷৷“

ইয়াৰ পাছত শৰতৰ চন্দ্ৰাৱলী ৰাতি পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি পূৰ্ণকাম ভগৱন্তই বৃন্দাৱনত গোপীৰ কামপীড়া গুচাবলৈ যোগমায়াৰ অচিন্ত্য শক্তিৰে বংশীত পঞ্চমনাদত ৰাগ দি গোপীসকলক ৰাসক্ৰীড়াৰ বাবে আহ্বন জনালে ৷ যমুনাৰ তীৰত কৃষ্ণৰ বংশীধ্বনিত গোপীসৱ কামে উত্ৰাৱল হৈ বংশীধ্বনি নিৰীক্ষি গাই-দামুৰী, পতি-পুত্ৰ সকলো এৰি বস্ত্ৰ অলংকাৰে বিভূষিতা হৈ প্ৰাণধন কৃষ্ণৰ কাষলৈ ঢাপলি মেলিলে –
“বনকো দেখিলা চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত ৷
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত ৷৷
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে ৷
দিলেকে লৱড় গীত ধ্বনি নিৰীক্ষণে ৷৷“

ভগৱানৰ মায়াৰ বলত কামে বিমোহিত হৈ যেতিয়া গোপীগণ কৃষ্ণৰ সন্মূখ হ’ল তেতিয়া কৃষ্ণই গোপীসকলক ক’লে- তোমালোক ইমান জয়াল ৰাতি এই অৰণ্যলৈ কিয় আহিলা ৷ এই দুৰ্ঘোৰ বনত ৰাতি প্ৰেত-পিশাচ, বাঘ, ঘোং, বৰাহ, ভালুকে বিচৰণ কৰে ৷ যাৰ মাত শুনি পুৰুষেও ভয় কৰে ৷ তোমালোক তিৰোতা মানুহ ৷ তোমালোকক ঘৰত নেদেখি ল’ৰা-ছোৱালী , স্বামীয়ে বিচাৰি অসহায় হৈ পৰিছে ৷ তোমালোক এতিয়াই ওলটি যোৱা আৰু স্বামী, ল’ৰা-ছোৱালীৰ সেৱা কৰাগৈ ৷

“দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি ৷
ঐত নাথাকিবা তোৰাসৱ স্ত্ৰীমতি ৷৷
তোমাসাক নেদেখিয়া পিতৃ- মাতৃচয় ৷
তাসম্বাক মনে মহা মিলিব সংশয় ৷৷
ওলটি ব্ৰজক যাহা কান্দে শিশুগণ ৷
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন ৷৷“

ইমানৰ পাছতো গোপীসৱৰ মনৰ পৰিৱৰ্তন নোহোৱাত কৃষ্ণই শেষবাৰৰ বাবে গোপীগণক পৰীক্ষা কৰি চাবলৈ ক’লে- সদাচাৰ আৰু গৃহস্থীধৰ্ম ৰক্ষা কৰাটো স্ত্ৰীৰ পৱিত্ৰ কৰ্ত্তব্য ৷ ইয়াৰ পৰা স্খলন ঘটিলে স্ত্ৰীৰ ধৰ্ম বিনষ্ট হ’ব ৷ উপপতিৰ সমে ক্ৰীড়া কৰা বৰ গৰহিত কাম , পাপ কৰ্ম ৷ গতিকে তোমালোকে সকলো চিন্তা এৰি নিজ গৃহলৈ গৈ পতি সেৱাত ব্ৰতি হোৱাগৈ ৷ জাগতিক ক্ষেত্ৰত মানুহে সাধাৰণতে প্ৰাণ ভয়, লোক ভয় আৰু ধৰ্ম ভয় এই তিনি ভয়ৰ পৰা হাত সাৰি থাকিব বিচাৰে ৷ কিন্তু কৃষ্ণপ্ৰেমত উত্ৰাৱল গোপীসকলক ইমান বুজনি দিও, এই তিনি ভয়েও টলাব নোৱাৰিলে তেতিয়া ভগৱন্তই গোপীসকলক ৰাস ক্ৰীড়ালৈ আহ্বান জনালে আৰু গোপীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে ৷

ৰাসলীলাৰ তাত্বিক দিশ অতি গভীৰ । শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱস অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্ ।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব ।
ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱব্ৰহ্মৰ সৈতে পৰমব্ৰহ্মৰ আলিঙ্গনৰ অভিনয়। সাংসাৰিক মায়া ত্যাগ কৰিব পাৰিলেই কামভাৱ নাথাকে আৰু কাম ত্যাগ কৰি আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ’বৰ একমাত্ৰ উপায় হ’ল প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী, ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী, পৰনাৰীৰূপে থিয় কৰি ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ’লেহে জীৱই ভগৱন্তক লাভ কৰিব ৷
( বিঃদ্ৰঃ ওপৰৰ শ্লোক তথা ইয়াৰ অৰ্থ প্ৰকাশ কৰোঁতে তথ্যখিনি অইনৰ পৰা সংগ্ৰহ কৰি সহায় লোৱা হৈছে ৷ সেইসকল নমস্য লেখকৰ ওচৰত কৃতজ্ঞতা জনালোঁ ৷ )

অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে পালন উদযাপন কৰা হয় এই পবিত্ৰ মহোৎসৱ ৷ উদযাপিত ঠাইসমূহৰ ভিতৰত পোন প্ৰথমে আমাৰ মন তথা ৰসনালৈ আগমণ ঘটে শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ উদ্যোগত ৩৫০ বছৰীয়া গৌৰৱোজ্জ্বল শেৱালি সুগন্ধিত দ্বিতীয়খন বৃন্দাৱন মাজুলী মানৱ ৰাস মহোৎসৱ লগতে বৰপেটা জিলাৰ কোঁচ ৰজা চণ্ডী বৰুৱাৰ ৰাজধানী হাউলীত এইবেলি ৯৬ বৰ্ষত পদার্পন কৰা শতবৰ্ষ গৰকিবলৈ চাৰি বছৰ বাকী থকা হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। তদুপৰি সমন্বয় আৰু মহামিলনৰ সেঁ‌তু গঢ়া নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ এক পবিত্ৰ তীৰ্থভূমি। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি ৯০ সংখ্যকত ভৰি দিয়া ঐতিহ্যমণ্ডিত নলবাৰীৰ মৃন্ময় ৰাস মহোৎসৱ তথা দক্ষিণ কামৰূপ ঐতিহ্যমণ্ডিত ৰাসক্ৰীড়া মানেই প্ৰাকৃতিক সুশ্ৰীৰে ভৰপূৰ য’ত নিৰৱচ্ছিন্ন ভাবে শুনিবলৈ, দেখিবলৈ পোৱা যায় মহাবাহুৰ লহৰৰ ধ্বনি যি ঠাইৰ নাম সুবিখ্যাত, অগ্ৰণী বাণিজ্যস্থলী
’পলাশবাৰী’ অসমবাসীৰ এটি চিনাকী নাম ৷

দেশ স্বাধীন হোৱাৰ বছৰ ১৯৪৭ চনতে এদিনীয়া ঘট পূজাৰে আৰম্ভ হোৱা ৰাস পূজাখন চলিত ইংৰাজী বৰ্ষত ৭৭ বছৰীয়া হ’ল ৷ ১৯৫০ চনত প্ৰতিমা সজাই আৰম্ভ কৰা পলাশবাৰী ৰাস পূজাখনৰ উত্তৰণ ঘটি বৰ্তমান ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা পলাশবাৰী ৰাস মহোৎসৱ ৷ কাতি আঘোণ মানেই যেন শৰৎ আৰু শৰৎ মানেই ভক্তিধৰ্মৰ মহামিলন ৷ শৰৎ ঋতুৰ পূৰ্ণিমাৰ জোনৰ নিভাঁজ পোহৰৰ সতে ৰাসক্ৰীড়াৰ আগমনী মানেই দক্ষিণ কামৰূপীয়াৰ ৰসনাত মাথোঁন ’পলাশবাৰী ৷’ শ্ৰীকৃষ্ণ সহিতে গোপীসমূহৰ মিলন মহানন্দৰ মহোৎসৱ মূলত আমাৰ আৱেগ, আমাৰ স্বাভিমান, আমাৰ গৌৰৱ, আমাৰ প্ৰাণ পলাশবাৰী ৰাস মহোৎসৱ ৷ কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰকাশ আৰু ৰাস-লীলাৰ ক্ৰীড়া-কৌতুকস্থলী মিলন বাকৰি পলাশবাৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ ৷ এক ভক্তিময় পৰিৱেশৰ মাজতে ঐতিহাসিক পলাশবাৰীৰ শ্ৰীকৃষ্ণময় হৈ পৰা মধুৰ ক্ষণত প্ৰভুৰ ভক্ত হিচাপে মন-প্ৰাণ জীপাল হৈ উঠে সমূহ ভক্তিপ্ৰাণ ৰাইজৰ ।

চলিত বৰ্ষত ১ কোটি টকা বাজেটেৰে ১৫ দিনীয়া কাৰ্যসূচীৰে ২৭ নৱেম্বৰ পৰা ১১ ডিচেম্বৰলৈ ৭৭ তম মহাৰজত জয়ন্তী গৰকা ঐতিহ্যমণ্ডিত পলাশবাৰীৰ ৰাসৰ আলোক-সজ্জা পৰিৱেশে হাত বাউলি মাতে দৰ্শনাৰ্থীক আৰু লোকাৰণ্য হৈ পৰে ৰাসস্থলী । সাংস্কৃতিক কাৰ্যসূচী সহিতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰত্যেকটো দিনেই ৷ কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা পলাশবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, পৰ্যটক, প্ৰতি নিশাই শ শ ভক্তিপ্ৰাণ লোকৰ আগমণ ঘটে। পলাশবাৰীৰ ৰাস মূৰ্ত্তি প্ৰধান । মৃৎ শিল্পীসকলে বহুদিন পূৰ্বৰ পৰাই মূৰ্ত্তি নিৰ্মাণৰ কামত ব্ৰতী থাকে।
সৰু সৰু কোঠা সজাই ধৰ্মীয় আখ্যানৰ পৌৰাণিক কাহিনীৰ আধাৰত মূৰ্ত্তিসহ ৰং-বিৰঙৰে সাজি তাত অত্যধিক বৈদ্যুতিক কলা-কৌশলৰ আলোক-সজ্জাই প্ৰতিবছৰে নতুন শৈলীৰে দৰ্শক ৰাইজক আত্মাহাৰা কৰে। ৰাধা-কৃষ্ণৰ যুগল মূৰ্তি , গোপী-কৃষ্ণৰ বৃন্দাৱনৰ মণ্ডলাকাৰ নৃত্য মূৰ্তি, শ্রীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা, ৰামায়ণ, মহাভাৰত, পুৰাণৰ বিভিন্ন কাহিনীৰ বাহিৰেও বুৰঞ্জীমূলক চৰিত্ৰ কিছুমান- জয়মতী কুঁৱৰী, লাচিত বৰফুকন; লোক-সংস্কৃতিৰ লগত জড়িত বোৱা-কটা, ঢেঁকীশাল তথা সমাজ সচেতনমূলক বিষয় কিছুমান মূৰ্তিৰ জৰিয়তে ৰূপায়ন কৰা হয় ৷ বিদ্যুৎ সজ্জিত সু-বিশাল ৰভা-তোৰণে আদৰি অনা দেখা যায় ৰাসপ্ৰেমী জনতাক। ইয়াত কোনো ধৰ্মৰ গোড়ামি বা সংকীৰ্ণতা নাই মাথো সৰ্ব ধৰ্ম সমভাৱে হয়। এই মহত্ত্ব ৰাজ্যখনৰ ভিতৰতে বিৰল। সকলো শ্ৰেণী, সকলো সম্প্ৰদায়ৰ লোকৰেই আদৰ আৰু শ্ৰদ্ধাৰ অনুষ্ঠান। ৰাসত ব্যৱসায় কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ীসকল ইয়ালৈ ঢাপলি মেলে। আনকি বহিঃৰাজ্যৰ ব্যৱসায়ী সকলৰো আগমন ঘটে। পলাশবাৰী ৰাসত আছে শৃংখলাবদ্ধতা। প্ৰতিদিনে লক্ষাধিক দৰ্শকে নিজে নিজে স্বেচ্ছাসেৱকৰ ৰূপত আন্তৰিকতাৰে পদাৰ্পণ কৰি এক নতুন মাত্ৰা দিয়ে। এই মহোৎসৱে আধ্যাত্মিক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে জনজীৱনৰ মোহনীয় সংস্কৃতিক ঐক্যবদ্ধ কৰি তোলে।
ৰাস মহোৎসৱৰ বাকৰিত আনন্দমেলা (মিনা বজাৰ) অভিমুখে ৰাওণা হ’বলৈ, প্ৰৱেশ আৰু প্ৰস্থান কৰাৰ মাধ্যম, শোভা বৰ্ধন কৰা কাঠেৰে নিৰ্মিত উৰণীয়া সেঁতু ৷ পলাশবাৰী ৰাস মহোৎসৱৰ মুখ্য তোৰণখনে প্ৰতিবছৰে নতুনত্বৰে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যেক বছৰেই ৰাস মহোৎসৱৰ বাকৰিৰ সমীপৰ মুকলি পথাৰখনত আয়োজন কৰা হয় বাণিজ্য মেলা লগতে এইবেলি আয়োজন কৰিছে পোন প্ৰথমবাৰৰ বাবে খাদ্য মেলা ৷


আমাৰ দেশে স্বাধীনতা প্ৰাপ্তিৰ বছৰটোৱেই হ’ল আমাৰ পলাশবাৰী বাস উৎসৱবোৰ জন্মক্ষণ। ঘট্ পূজাৰে গজালি মেলা অনুষ্ঠানটিয়ে মাথোঁ এটি-দুটি মৃন্ময় মূর্তিৰে ৰাসোৎসৱ উদযাপিত হৈ আজিৰ এই বৃহৎ আয়োজনত উপনীত হৈছে। গোটেই উত্তৰ-পূর্বাঞ্চলবে ই এটি ধর্মীয় সাংস্কৃতিক অনুষ্ঠান হিচাপে পর্যবসিত হৈ আমাৰ অঞ্চলৰ সুনামত অৰিহণা যোগাইছে ৷
মহাৰজত জয়ন্তীৰ দৰে গৌৰবোজ্জ্বল ক্ষণত উপনীত হোৱা আমাৰ এই অনুষ্ঠানৰ এক বর্ণাঢ্য ইতিহাস আছে। বৃহত্তৰ পলাশবাৰী অঞ্চলৰ মাটি-পানী-বায়ু-প্রকৃতি আৰু মানুহক ব্যৱহাৰ কৰি বিৰাট-বিশাল উদ্যোগ গঢ়ি উঠিছে। তদুপৰি ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যয়ো সকলোৰে মন মোহিত কৰি পেলাব পৰা এক মায়া আছে ৷ অধিক যান্ত্ৰিকতাৰ কোলাহলৰ প্ৰভাৱ নাই গুৱাহাটী জালুকবাৰীৰ পৰা প্ৰায় ১৬ / ১৭ কিলোমিটাৰ নিলগত অৱস্থিত এই সৌন্দৰ্য্যপূৰ্ণ ঠাইডোখৰ যি ঠাইত শুনিবলৈ পোৱা যায় মহাবাহু ব্ৰহ্মপুত্ৰৰ ঢৌৰ খেল ৷ চহৰীয়া পৰিৱেশ পঞ্চাশ শতাংশ আৰু গাঁৱলীয়া পৰিৱেশ পঞ্চাশ শতাংশৰ প্ৰভাৱেৰেই পলাশবাৰী গঢ়ি উঠিছে ৷ কেতিয়াবা এভূমুকি মাৰিবচোন পলাশবাৰীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ, সেই নীৰৱ নিস্তব্ধ মহাবাহু পাৰৰ সূৰ্যাস্তৰ মনমোহা দৃশ্য উপভোগ কৰি মৃদু বতাহৰ শীতলতা দেহত লাগি তন মন জুৰ কৰিবলৈ ৷ পলাশবাৰীৰ গাতে লাগি থকা সমীপৰ গাঁৱকেইখন আগছিয়া, পাৰ্ল্লী, মাজিৰগাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতুলনীয়, এই যে ধৰাৰ বুকুলৈ ঋতু হেমন্তৰ আগমণৰ লগে লগে প্ৰাতঃ ক্ষণৰ সেই ধৱলী পৰিৱেশ, চৌপাশে শ্যামলৰ ওপৰত শুকুলা কুঁৱলীৰ মিশ্ৰণত জিলিকি উঠা মুকলি শহতলী, মাজে মাজে আছে সৰু বৰ বিটপী আৰু তাৰ লগতে সিঁচৰতি হৈ কুসুমৰ সুগন্ধ ৷ এয়াই আমাৰ এই অঞ্চলৰ আগছিয়াৰ পৰা পলাশবাৰীলৈ সজীৱ হৈ থকা শ্যামলী পৰিৱেশ সৰু বৰ্ণনা যাৰ মহোমোহা দৃশ্য বৰ্ণনাৰেও উপসংহাৰ কৰিব নোৱাৰি ৷ ঋতুমণি দাস

ঋতুমণি দাস

আগছিয়া,পলাশবাৰী

মিজোৰামত উৰিল আঞ্চলিকতাবাদৰ নিচান, একক সংখ্যাগৰিষ্ঠতাৰে জোৰাম পিপলছ মুভমেণ্ট দল…

মিজোৰামত উৰিল আঞ্চলিকতাবাদৰ নিচান। দল গঠন কৰাৰ প্ৰায় ছয় বছৰৰ ভিতৰত জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) দলে মিজোৰামত চৰকাৰ কৰিব। সোমবাৰে ভোট গণনাৰ পিছত এয়া স্পষ্ট হৈ পৰে যে নতুন ৰাজনৈতিক দলটোৱে একক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে, তিনিখন ৰাজ্য হেৰুওৱাৰ পিছত কংগ্ৰেছে মিজোৰামতো বিশেষ একো ভাল ফল দেখুৱাব নোৱাৰিলে। উল্লেখ্য জেডপিএম ২০১৭ চনত কেইবাটাও ৰাজনৈতিক দলক একত্ৰিত কৰি গঠন কৰা হৈছিল। একে বছৰতে লালদুহোমাৰ দলে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে আৰু আঠখন আসন লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুখ্য বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ছয় বছৰৰ পিছত নিৰ্বাচনৰ ফলাফল অনুসৰি, দলটোৱে চৰকাৰ গঠন কৰিব পৰাৰ জোখাৰে আসন লাভ কৰিবলৈ সক্ষম হৈছে। এমএনএফে ১০ খন আসন লাভ কৰাৰ বিপৰীতে জেডপিএমে ২৭ খন আসনত বিজয় সাৱস্ত্য কৰে। আনহাতে কংগ্ৰেছে এখন আৰু বিজেপিয়ে ২ খন আসনত বিজয়ী হয়।

উল্লেখ্য মিজোৰামত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা ২১ । দলটোৰ প্ৰধান নেতা লালদুহোমা এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া । মিজোৰামৰ পৰম্পৰা অনুসৰি, প্ৰতি ১০ বছৰত চৰকাৰত দলৰ সলনি হয়। মিজোৰাম ২০০৮ চনৰ পৰা ২০১৮ চনলৈ কংগ্ৰেছৰ হাতত আছিল। কিন্তু জেডপিএম সেই ধাৰাটো ভংগ কৰিলে। মাত্ৰ ছবছৰৰ ভিতৰত দলটোৱে বিজেপিৰ ‘মিত্ৰ’ এমএনএফক সিংহাসনচ্যুত কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ ঘনিষ্ঠ বুলি জনাজাত দলটোৱে এইবেলি প্ৰায় ১৭ খনতকৈ অধিক আসন হেৰুৱাইছে। মিজোৰামৰ বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগা ইতিমধ্যে তেওঁৰ সমষ্টিতেই পৰাজিত হৈছে। দেশৰ আন তিনিখন ৰাজ্যৰ দৰে মিজোৰামতো কংগ্ৰেছৰ শোচনীয় অৱস্থা দেখা দিছে। ২০১৮ চনত ক্ষমতা হেৰুওৱা স্বত্বেও হাত শিবিৰে পাঁচখন আসন জিকিছিল। কিন্তু তেওঁলোকে ২০২৩ চনত মাত্ৰ এখন আসনতহে জয়ী হ’ব বুলি আশা কৰা হৈছে । আনহাতে, দুখন আসন বিজেপিলৈ যাব পাৰে। ২০১৮ চনত বিজেপিয়ে মাত্ৰ এখন আসন দখল কৰিছিল। অৱশ্যে, গেৰুৱা দলটোৱে মিজোৰামৰ সকলো সমষ্টিতে প্ৰাৰ্থী দিব নোৱাৰিলে।

এপিএছচি কেলেংকাৰিঃ এপিএছ সুকন্যা দাসক গ্ৰেপ্তাৰ, তিনি বিষয়াক হাজিৰ হোৱাৰ নিৰ্দেশ…

এপিএছচি কেলেংকাৰিত পুনৰ এছআইটিৰ জালত পৰিল এগৰাকী এপিএছ বিষয়া। এপিএছ সুকন্যা দাসক গ্ৰেপ্তাৰ কৰিছে এছআইটি-এ৷ আজি এপিএছগৰাকীক জেৰাৰ বাবে তলব কৰিছিল এছআইটি-এ৷ ৬ খনৰ পৰিৱৰ্তে সুকন্যাৰ ৮খন উত্তৰ বহী পাইছিল এছআইটি-এ৷ সুকন্যাৰ দুখন ভুৱা উত্তৰ বহীৰ তথ্য লাভ কৰিছে তদন্তকাৰী বিষয়াই৷ সোমবাৰে আদালতত হাজিক কৰোৱা হৈছে সুকন্যা দাসক৷ সুকন্যাৰ গ্ৰেপ্তাৰৰ উপৰি চিআইডিৰ কাৰ্যালয়ত অভিযুক্ত আন ২ ৰাজপত্ৰিত বিষয়াক মাৰাথন জেৰা চলাইছে এছআইটি-এ৷ সম্প্ৰতি এপিএছ নৱনীতা শর্মা আৰু এএছপি কল্যাণ কুমাৰ দাসক জেৰা চলাই আছে এছআইটি-এ৷ নিলম্বিত এপিএছ কল্যাণ কুমাৰ দাস টকাৰ বিনিময়ত উত্তীর্ণ হৈছিল পৰীক্ষাত৷ বৃদ্ধি কৰা হৈছিল কল্যাণ কুমাৰ দাসৰ এপিএছচিৰ মূল পৰীক্ষাৰ নম্বৰ৷ এপিএছ কল্যাণ কুমাৰ দাসে এপিএছচি পৰীক্ষাত নম্বৰ পাইছিল ৫৮৬৷ কিন্তু ৰাকেশ পাল বাহিনীয়ে উত্তৰবহীত নম্বৰ বৃদ্ধি কৰিছিল ৮৫৬লৈ৷ কল্যাণৰ টেবুলেচন শ্বিটত বৃদ্ধি কৰা হৈছিল ২৭০ নম্বৰ৷

আনহাতে, ৬খন উত্তৰবহীৰ বিপৰীতে সুকন্যাৰ আছে ৮খন উত্তৰ বহী৷ দুখন উত্তৰবহী ভুৱা এপিএছ সুকন্যাৰ৷ এপিএছ নৱনীতা শৰ্মাৰ উত্তৰবহীত বৃদ্ধি কৰা হৈছিল ৫০ নম্বৰ৷ ৭৮২ৰ পৰিৱৰ্তে জালিয়াতিৰে ৮৩২ নম্বৰ লাভ কৰিছিল নৱনীতাই৷ নৱনীতাৰ টেবুলেচন শ্বিটৰ ফৰেনছিক ৰিপৰ্টত দেখা গৈছে ভয়ংকৰ বিসংগতি৷ নৱনীতাৰ মুঠ নম্বৰ নিজে বৃদ্ধি কৰিছিল ৰাকেশ পালে৷ ইপিনে চিআইডিয়ে আজি তিনি জন এপিএছ বিষয়াক ৭ ডিচেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। তেওঁলোক হ’ল ফাৰুক আহমেদ , দীপাংকৰ দত্ত লহকৰ আৰু এপিএছ অসীমা কলিতা।

সংসদৰ শীতকালীন অধিবেশন আৰম্ভঃ ৰাজ্যসভাত চাদ্ধাৰ নিলম্বন প্ৰত্যাহাৰ, মহুৱাৰ বিৰুদ্ধে দাখিল নহ’ল প্ৰতিবেদন…

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবেশন। অধিবেশনৰ প্ৰথম দিনটোতে লোকসভা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়৷ সংসদত তিনি ৰাজ্যত বিজপিৰ জয়কলৈ একাংশ বিজেপি সাংসদ অধিক আনন্দিত হৈ পৰা দেথা যায়। একাংশ বিজেপি সাংসদে পুনৰ মোদীৰ চৰকাৰেই হ’ব বুলি সংসদত ধ্বনি দিয়ে। ইয়াকেলৈ শাসক আৰু বিৰোধী সাংসদসকলৰ মাজত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ আৰু জনগণৰ আশা আকাংক্ষা আৰু উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰাৰ বাবে এখন অতি গুৰুত্বপূর্ণ মঞ্চ। শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদক সদনত দাখিল কৰা যিকোনো বিধেয়কৰ বাবে গভীৰ আলোচনা কৰিবলৈ সম্পূৰ্ণ প্রস্তুতি চলাই আহিবলৈ আহ্বান জনায়। তেওঁ কয়, যেতিয়া এই নতুন সংসদ ভৱনটো উদ্বোধন কৰা হৈছিল, তেতিয়া এখন সৰু অধিবেশন পতা হৈছিল আৰু এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছিল। প্রধানমন্ত্ৰীয়ে কয়, এইবাৰ কিন্তু এই সদনত কাম কৰাৰ এক বৃহৎ আৰু ব্যাপক সুযোগ আহিব।

তেওঁ কয় যে, মহিলা, যুৱক-যুৱতী, কৃষক আৰু দৰিদ্ৰসকলৰ সবলীকৰণেই হৈছে দেশৰ উজ্জ্বল ভৱিষ্যতৰ মূল চাবি-কাঠি।সদনত বিৰোধীৰ সহযোগিতাৰ বাবে প্রধানমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ কয় যে বিৰোধীৰ ভাৱমূৰ্তি নেতিবাচক আৰু ঘৃণাৰে পৰিপূৰ্ণ হ’লে গণতন্ত্ৰৰ বাবে উপযুক্ত নহয়। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, গণতন্ত্ৰৰ বাবে বিৰোধী পক্ষও সমানেই গুৰুত্বপূৰ্ণ আৰু ই সমানে সক্ষম হোৱাটো উচিত। ইপিনে মহুৱা মৈত্ৰৰ বিৰুদ্ধে এথিক্স কমিটিয়ে আজি লোকসভাত কোনো প্ৰতিবেদন উত্থাপন নকৰিলে। মহুৱাৰ বিৰুদ্ধে ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগ আছে। লোকসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এথিক্স সমিতিয়ে প্ৰতিবেদন উপস্থাপনক লৈ পৰিবেশ গৰম হোৱাৰ সম্ভাৱনা আছিল। কিন্তু মহুৱাৰ বিষয়ত সোমবাৰে কোনো প্ৰতিবেদন দাখিল কৰা নহ’ল। প্ৰতিবেদনখন লোকসভা অধিৱেশনৰ প্ৰথম দিনাই উত্থাপন কৰা হ’ব বুলি বহুতে ধাৰণা কৰিছিল। ইপিনে ৰাঘৱ চাদ্ধাৰ নিসম্বন আজি ৰাজ্যসভাই প্ৰত্যাহাৰ কৰে। ৰাজ্যসভাই আপ নেতা ৰাঘৱ চাধাৰ নিলম্বন প্ৰত্যাহাৰ কৰে ।আম আদমী পাৰ্টি ৰাঘৱ চাদ্ধাক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছিল যদিও ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সেই নিলম্বন সোমবাৰে প্ৰত্যাহাৰ কৰে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে চাদ্ধাৰ সদস্যপদ স্থগিত ৰখা হৈছিল। বিজেপিৰ সাংসদ জিভিএল নৰসিংহ ৰাওৰ দ্বাৰা উত্থাপন কৰা প্ৰস্তাৱৰ পিছত চাদ্ধাৰ নিলম্বন প্ৰত্যাহাৰ কৰা হয়।

চাৰি ৰাজ্যৰ নিৰ্বাচনত বিজেপিতকৈ প্ৰায় ৯ লাখ ভোট বেছিকৈ লাভ কৰিলে কংগ্ৰেছে! তথাপি বিফল…

নিৰ্বাচন অনুষ্ঠিত হোৱা দেশৰ চাৰি খন ৰাজ্যৰ ভিতৰত বিজেপিয়ে তিনি খন ৰাজ্য ক্ৰমে ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশত চৰকাৰ গঠনৰ সুযোগ পাইছে। আনহাতে মাত্ৰ তেলেংগানাহে কংগ্ৰেছে নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে। তেন্তে কংগ্ৰেছ সঁচাকৈ গণ বিচ্ছিন্ন হৈছে নেকি? কংগ্ৰেছক ভোটাৰে ভোট দিয়া নাছিল নেকি? দৰাচলতে পৰিসংখ্যাই দেখুৱাইছে যে চাৰি খন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছে মুঠ ভোটৰ হিচাবত বিজেপিতকৈ বেছি ভোট পাইছে। কংগ্ৰেছে ৪ খন ৰাজ্যৰ নিৰ্বাচনত বিজেপিতকৈ প্ৰায় ১০ লাখ অধিক ভোট পাইছে। আনকি যিবোৰ ৰাজ্যত বিজেপি জয়ী হৈছে সেই ৰাজ্য তিনি খনতো কংগ্ৰেছে গড়ে ৪০% তকৈ অধিক ভোট লাভ কৰিছিল। আহক জানো চাৰি খন ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিয়ে কি হাৰত ভোট লাভ কৰিছিল।


▪️বিজেপি-কংগ্ৰেছৰ ভোট ৪ খন ৰাজ্যত
কংগ্ৰেছ: মুঠ ভোট পাইছিল ৪ কোটি ৯০ লাখতকৈ অধিক
বিজেপি: ৪ কোটি ৮১ লাখৰ ওপৰত।

▪️তেলেংগানাত ভোটৰ শতাংশ হাৰ
কংগ্ৰেছ – ৩৯.৪০%
বিজেপি – ১৩.৯০%

▪️ছত্তীশগড়ত ভোটৰ শতাংশ হাৰ
কংগ্ৰেছ – ৪২.২৩%
বিজেপি – ৪৬.২৭%

▪️ৰাজস্থানত ভোটৰ শতাংশ হাৰ
কংগ্ৰেছ – ৩৯.৫৩%
বিজেপি – ৪১.৬৯%

▪️মধ্য প্ৰদেশত ভোটৰ শতাংশ হাৰ
কংগ্ৰেছ – ৪০.৪০%
বিজেপি – ৪৮.৫৫%


এনেদৰে মুঠ ভোটৰ হিচাবত কংগ্ৰেছে বিজেপিতকৈ বেছি ভোট পোৱাৰ পিছতো তিনি খন ৰাজ্যত বিফল হ’বলগীয়া হয়। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ইণ্ডিয়া মিত্ৰজোঁটে যেন সঠিকভাবে কাম আগবঢ়াই নিব পৰা নাছিল। বহুতে অভিযোগ কৰা অনুসৰি এয়া কংগ্ৰেছৰ কাৰণেই হোৱা নাছিল। কংগ্ৰেছৰ নেতাসকলে প্ৰচাৰত ব্যস্ত থকাৰ অজুহাতত আসন ভাগ-বতৰাৰ ক্ষেত্ৰত ইয়াৰ সহযোগী জলসমূহৰ সৈতে আলোচনা কৰা নাছিল। ৰাজস্থান আৰু মধ্য প্ৰদেশৰ দৰে ডাঙৰ ৰাজ্যত হোৱা বিপৰ্যয়ৰ পিছত কংগ্ৰেছে পুনৰ ইণ্ডিয়া মিত্ৰজোঁটৰ কাষ চাপিছে। কংগ্ৰেছে বিফলতাৰ সন্মুখীন হোৱাৰ পিছতে মল্লিকাৰ্জুন খাৰ্গেই পুনৰ ইণ্ডিয়া মিত্ৰজোঁটৰ কাষ চাপিছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে বুধবাৰে দিল্লীত ভাৰত মিত্ৰজোঁটৰ এখন বৈঠক আহ্বান কৰিছে। খাৰ্গেই ভাৰত মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলক দিল্লীলৈ মাতিছে। পাঁচখন ৰাজ্যৰ ফলাফল বিশ্লেষণ কৰাৰ উপৰি বৈঠকত অনাগত দিনত বিজেপিৰ বিৰুদ্ধে ৰণনীতিৰ বিষয়েও আলোচনা কৰা হ’ব।

উল্লেখ্য ইণ্ডিয়া মিত্ৰজোঁটৰ বেনাৰত পাঁচখন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। কংগ্ৰেছে এই ৰাজ্যসমূহত প্ৰায় অকলে প্ৰতিদ্বন্দিতা কৰিছিল। হাত শিবিৰে সমাজবাদী পাৰ্টি আৰু চিপিএমৰ দৰে ভাৰত মিত্ৰজোঁটৰ সৰু অংশীদাৰ দলসমূহৰ প্ৰতি বিশেষ মনোযোগ দিয়া নাছিল। মধ্য প্ৰদেশৰ দৰে ৰাজ্যতো কংগ্ৰেছে ইয়াৰ ফল ভুগিব লগা হৈছে। ৰাজ্যখনত সমাজবাদী পাৰ্টিৰ সৈতে হোৱা বিবাদৰ ফলত কংগ্ৰেছে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে।

ঘূৰ্ণীবতাহ মিগজাউমঃ প্লাৱিত চেন্নাইৰ বহু এলেকা, দেৱাল খহি দুজনৰ মৃত

বিধ্বংসী ঘূৰ্ণীবতাহ ‘মিগজাউম’-এ মঙলবাৰে দক্ষিণ অন্ধ্ৰ উপকূলত আঘাত কৰিব। বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহে মুখ্যতঃ দক্ষিণ ভাৰতৰ পূব উপকূলতস সংহাৰলীলা চলাব পাৰে। তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ধুমুহা-বজ্ৰপাত আৰম্ভ হৈছে।চেন্নাই চহৰৰ বহু এলেকা এতিয়া পানীৰ তলত। ইয়াৰ মাজতে এখন দেৱাল খহি পৰাত দুজন লোকৰ মৃত্যু ঘটিছে। আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটো চেন্নাইৰ কানাটুৰত সংঘটিত হৈছে। সেই দেৱালখন কিছুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল। ৰাতিটোৰ বৰষুণৰ পিছত পুৱা দেৱালখন খহি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বে কৈছিল যে ঘূৰ্ণীবতাহৰ প্ৰভাৱত চেন্নাই আৰু কাষৰীয়া জিলাসমূহত দেওবাৰে নিশাৰে পৰা অতি ধাৰাসাৰ বৰষুণ হ’ব।


এনডিআৰএফ আৰু এছডিআৰএফবাহিনীক জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত তাম্বাৰাম, পিৰকানকাৰনাই আৰু পেৰুঙ্গালাথুৰ অঞ্চল প্লাৱিত হৈছে। এন ডি আৰ এফৰ কৰ্মীয়ে এই অঞ্চলসমূহত আৱদ্ধ হৈ থকা ১৫ জন লোকক উদ্ধাৰ কৰিছে। চেন্নাই বিমানবন্দৰো পানীৰে ভৰি পৰিছে। সোমবাৰে নিশা ১১ বজালৈকে বিমান বাতিল কৰা হৈছে। চহৰখনৰ অন্যতম ৰে’লৱে দলং বেচিন ব্ৰীজেৰে ৰে’ল চলাচল বন্ধ কৰি দিয়া হৈছে। ছখন ৰে’ল বাতিল কৰা হৈছে। প্ৰশাসনে বানৰ কাৰণে ১৪ টা মেট্ৰ’ পথ বন্ধ কৰি দিছে। চেন্নাইত দুৰ্যোগৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ ‘মিগজাউম’ বৰ্তমান পুডুচেৰীৰ পৰা ২২০ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবত তথা চেন্নাইৰ পৰাও ২২০ কিলোমিটাৰ দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহজাক নেল্লোৰৰ পৰা ৩৮০ কিলোমিটাৰ দক্ষিণ-পূবত আৰু মছলিপত্তনমৰ পৰা ৪৫০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহে মঙলবাৰে আবেলি দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলত আঘাত কৰাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞানীসকলৰ মতে ঘূৰ্ণীবতাহে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজত সংহাৰ চলোৱাৰ আশংকা আছে। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ হ’ব পাৰে। তাৰ পিছত ঘূৰ্ণীবতাহে ইয়াৰ গতিপথ সলনি কৰিব আৰু উত্তৰ দিশে আগবাঢ়িব। মাছমৰীয়াসকলক তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত নাথাকিবলৈ তথা সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

যাত্ৰা আৰম্ভ কৰিছিল শূন্যৰ পৰা, হৈ পৰিল ভাৰতীয় তাৰকা; আজি ৩৮ বছৰত ভৰি দিলে শিখৰ ধাৱনে…

ভাৰতীয় অ’পেনিং বেটছমেন শিখৰ ধাৱনে আজি ৩৮ বছৰত ভৰি দিলে। অনুৰাগীয়ে তেওঁৰ বিশেষ দিনটোত অভিনন্দন জনাইছে। আপোনালোকক কওঁ যে ধাৱনৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি বেয়া আছিল যদিও ধাৱনে চেষ্টা বন্ধ নকৰিলে আৰু আজি সকলোৱে তেওঁক গব্বৰ বুলি চিনি পায়। কোৱা হয় যে আপোনাৰ কেৰিয়াৰৰ আৰম্ভণি বেয়া হ’লেও কোনো ব্যক্তিৰ যদি কিবা এটা কৰাৰ আৱেগ থাকে, তেন্তে এদিন সফল হ’বই। এনে বহু কাহিনী দেখা যায়। নিজৰ দেশৰ বাবে ক্ৰিকেট খেলাৰ সপোন সকলোৱে দেখে, কিন্তু এই সোণালী সুযোগ পোৱা খেলুৱৈ কেইজনমানহে আছে। কিছুমান খেলুৱৈয়ে অভিষেক মেচৰ পৰাই ছিটিকি পৰা দেখা যায়, আনহাতে কিছুমান খেলুৱৈৰ যাত্ৰাৰ আৰম্ভণি বেয়া, কিন্তু তথাপিও তেওঁলোকে সাহস হেৰুৱাব নোৱাৰে আৰু সফল ক্ৰিকেটাৰ বুলি প্ৰমাণ কৰে।

আজি ৩৮ সংখ্যক জন্মদিন উদযাপন কৰা ভাৰতীয় অ’পেনিং বেটছমেন শিখৰ ধাৱনৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। অনুৰাগীয়ে তেওঁৰ বিশেষ দিনটোত অভিনন্দন জনাইছে। আপোনালোকক কওঁ যে ধাৱনৰ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণি বেয়া আছিল, কিন্তু ধাৱনে চেষ্টা কৰিলে আৰু আজি সকলোৱে তেওঁক গব্বৰ বুলি চিনি পায়। দৰাচলতে শিখৰ ধাৱনক শ্ৰেষ্ঠ অ’পেনাৰৰ ভিতৰত গণ্য কৰা হয়, যিয়ে ভাৰতৰ হৈ ইনিংছ মুকলি কৰাৰ সমান্তৰালকৈ বহু গুৰুত্বপূৰ্ণ মেচত দলটোক এককভাৱে জয়ৰ দিশত আগুৱাই লৈ গৈছে। মাত্ৰ ১২ বছৰ বয়সৰ পৰা ক্ৰিকেট খেলি অহা ধাৱনে জীৱনত বহু উত্থান-পতনৰ সন্মুখীন হ’বলগীয়া হৈছে। ১৯৯৯-২০০১ চনত প্ৰথমবাৰৰ বাবে দিল্লী ১৬ বছৰ অনুৰ্ধৰ হৈ বিজয় মাৰ্চেণ্ট ট্ৰফীত খেলি ধাৱনে নিজৰ প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰিছিল।ইয়াৰ পিছত তেওঁ বহুতো ভিন্ন ক্ৰিকেট লীগত অংশগ্ৰহণ কৰি ভাৰতৰ হৈ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত খেলাৰ সুযোগ লাভ কৰে। ইয়াৰ পিছত ২০১০ চনত ধাৱনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে।


২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীত অসম গ্ৰন্থমেলা…

অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা, গুৱাহাটী৷ ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে৷ আজি এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে এইবছৰ হাফলং, বাংগালুৰু, তিনিচুকীয়া, শিৱসাগৰ,নলবাৰী, আৰু শিলচৰত অসম গ্ৰন্থমেলা সফলভাবে আয়োজিত হোৱাৰ পিছত গুৱাহাটীত এই গ্ৰন্থমেলাৰ প্ৰস্তুতি চলোৱা হৈছে৷ ইতিমধ্যে যোৱা ২৭ নবেম্বৰৰ পৰা নলবাৰী আৰু ১ ডিচেম্বৰৰ পৰা শিলচৰত সমান্তৰালভাৱে অসম গ্ৰন্থমেলা চলি আছে৷ এই বছৰ গুৱাহাটীত হ’ব লগীয়া অসম গ্ৰন্থমেলাৰ বাবে অসমৰ লগতে আৰু ৰাজ্যৰ বাহিৰৰ ১৫০টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰাৰ বাবে যোগাযোগ কৰি আছে ৷ আজি সংবাদমেলখনত সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে জানিবলৈ দিয়ে যে অহা ২৯ ডিচেম্বৰত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক নিমন্ত্ৰণ জনোৱা হৈছে। বিশিষ্ট লেখক তথা আইনজ্ঞ জে ছাই দীপক আৰু সাহিত্য অকাদেমিৰ সচিব ড॰ কে শ্ৰীনিৱাস ৰাও এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷


১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আংশিক কাৰ্যসূচী সদৰি কৰি কলিতাই লগতে কয় – বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো প্ৰতিদিনেই ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত বিজ্ঞ -অভিজ্ঞ ব্যক্তিসকলৰ অংশগ্ৰহণেৰে আলোচনা সত্ৰ অনুষ্ঠিত হ’ব৷ এই আলোচনা সত্ৰসমূহত বাংগালুৰুৰ সাহিত্য অকাদেমিৰ বঁটা বিজেতা পটিপক্কা মোহন, সংস্কৃত পণ্ডিত সম্পাদনান্দ মিশ্ৰ, মুম্বাইৰ প্ৰখ্যাত লেখক সুদীপ নাগাৰকাৰে অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ ইফালে গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব প্ৰখ্যাত লেখক দীপ হালদাৰ আৰু প্ৰখ্যাত পৰিৱেশ কৰ্মী-লেখক মোহিত ৰায়ে৷ গ্ৰন্থমেলাত প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠান গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী শিক্ষানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ মাধ্যমেৰে অনুষ্ঠিত হ’ব৷ ইফালে গ্ৰন্থমেলা উপলক্ষে আয়োজিত হ’ব লগা ‘শিশুৰ দিন’ত ১৮ বছৰ অনূধ্বৰ ছাত্ৰী-ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকণ, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো যুৱক-যুৱতীসকলৰ প্ৰতিভা বিকাশ অনুষ্ঠান ‘উন্মীলন’, লেখক-পাঠকৰ আড্ডা, কবি সন্মিলন আদি অনুষ্ঠিত হ’ব৷ এইবাৰ মহিলাসকলৰ বাবে এটা দিনত ভিন্ন কাৰ্যসূচী আয়োজিত হ’ব৷

বৰ্ষীয়ান সাহিত্যিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যবস্থা : অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰৱেশ পত্ৰৰ ১০ টকীয়া হ’ব৷ বিগত বছৰৰ দৰেই এই বছৰো গ্ৰন্থমেলাত প্ৰবেশৰ বাবে বৰ্ষীয়ান সাহিত্যিক আৰু পৰিচয় পত্ৰ থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া কৰা হৈছে৷ উল্লেখ্য, আজিৰ সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে অংশগ্ৰহণ কৰে৷

বিশিষ্ট সাংবাদিক যদু কাকতি অসুস্থ….

ৰাজ্যৰ বিশিষ্ট সাংবাদিক যদু কাকতি অসুস্থ

বৰ্তমান জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন প্ৰবীণ সাংবাদিকগৰাকী

গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে সাংবাদিক যদু কাকতি

নিশাই সাংবাদিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

চিকিৎসাৰ সম্পূৰ্ণ ব্য়য় বহন কৰিব ৰাজ্য চৰকাৰে

সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰয়োজনীয় সকলো ধৰণৰ চিকিৎসাৰ লগতে ঔষধ আদি উপলব্ধ কৰাবলৈ জিএমচিৰ অধীক্ষকক নিৰ্দেশনা