Home Blog Page 1195

ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড়ত বিজেপিৰ প্ৰচণ্ড বহুমত ! জয়ৰ দিশে আগবাঢ়িছে বিজেপি…

মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা বিজেপিৰ বাবে আহিছে ভাল খবৰ, মধ্যপ্ৰদেশত বিজেপিৰ প্ৰচণ্ড বহুমত,

ছত্তীশগড়তো সলনি হৈছে পৰিৱেশ, একমাত্ৰ তেলেংগানাতহে কংগ্ৰেছৰ অগ্ৰগতি,

সময় যিমানেই গৈছে সিমানে সলনি হৈছে পৰিৱেশ । পুৱা ৮ বজাৰ আৰম্ভ হোৱা ভোটগণনাই ৩ ঘণ্টা অতিক্ৰম কৰিছে।

ডালিমৰ বাকলি পেলাই নিদিব, এই ৬ টা উপকাৰ বিষয়ে জানি লওক…

ডালিমৰ বাকলিঃ ডালিম সুস্বাদু আৰু পুষ্টিকৰ ফল। ৰক্তচাপ, ৰক্তশৰ্কৰা আৰু বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাকে ধৰি বহু স্বাস্থ্য উপকাৰীতা আছে বুলি জনা যায়। কিন্তু আপুনি জানেনে যে ডালিমৰ দৰে ইয়াৰ বাকলিয়েও আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰিব পাৰে। সাধাৰণতে ডালিমৰ বাকলি পেলাই দিয়া হয় যদিও ইয়াৰ নিয়মীয়া ব্যৱহাৰে স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ বিভিন্ন উপকাৰ সাধন কৰিব পাৰে। ডালিমৰ খোলাত অতি বেছি পৰিমাণৰ এন্টিঅক্সিডেন্ট আৰু পলিফিনল থাকে। এই উপাদানসমূহে বহুতো স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে, যেনে-


ডালিমৰ খোলাত এন্টিঅক্সিডেন্ট আৰু পলিফিনল অধিক পৰিমাণে থাকে আৰু ই হাইপাৰপিগমেণ্টেচন (ছালত ক’লা দাগ)ৰ চিকিৎসা কৰিব পাৰে। ডালিমৰ বাকলিয়ে আল্ট্ৰাভায়োলেট বি (UVB) ক্ষতিৰ পৰাও ৰক্ষা কৰি বাৰ্ধক্যৰ লক্ষণ কম কৰিব পাৰে।


ডালিমৰ বাকলি খালে হৃদৰোগ, ডায়েবেটিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ডালিমৰ খোলাৰ নিষ্কাশনে অতিৰিক্ত ওজন আৰু মেদবহুল লোকৰ কলেষ্টেৰল আৰু তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে আৰু ই এন্টি-ইনফ্লেমেটৰী এজেণ্ট হিচাপে কাম কৰে।

অক্সিডেটিভ ষ্ট্ৰেছে এলঝেইমাৰ ৰোগৰ বিকাশত ভূমিকা পালন কৰে। যিহেতু ডালিমৰ বাকলিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, সেয়েহে এই ৰোগত আক্ৰান্ত লোকৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব পাৰে।

ডালিমৰ বাকলিত পুনিকালেজিন বেছি পৰিমাণে থাকে। ই এটা পলিফিনল, যাৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে বুলি জনা যায়। ডালিমে স্তন, মুখ আৰু পেটৰ কৰ্কট কোষত এন্টি-প্ৰলিফেৰেটিভ প্ৰভাৱ দেখুৱাইছে, অৰ্থাৎ ই কেন্সাৰ কোষৰ বিস্তাৰ বন্ধ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ডালিমৰ বাকলি যকৃতৰ কৰ্কট ৰোগতো উপকাৰী হ’ব পাৰে, কাৰণ ইয়াত যকৃত সুৰক্ষা গুণ আছে।

ডালিমৰ বাকলি গুড়ি বজাৰত পোৱা যায় বা ঘৰতে বনাব পৰা যায়। যদি আপুনি ঘৰতে ডালিমৰ বাকলিৰ গুড়ি বনাব বিচাৰে তেন্তে এই পদক্ষেপসমূহ অনুসৰণ কৰক:

  • বাকলিবোৰ ৰ’দৰ পোহৰত ২-৩ দিন, বা সম্পূৰ্ণ শুকান হোৱালৈকে ৰাখিব।
    -খোলাবোৰ ব্লেণ্ডাৰ বা ফুড প্ৰচেছৰত থৈ মিহিকৈ পিহি লওক।
  • পাউদাৰখিনি বায়ু সোমাব নোৱাৰা পাত্ৰত কোঠাৰ উষ্ণতাত ৰাখিব লাগে।

ছত্তিশগড়ত আগবাঢ়িছে বিজেপি…

ছত্তিশগড়তো বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি আছে প্ৰতিদ্বন্দিতা।

৯০ খন আসনৰ বাবে হোৱা এই নিৰ্বাচনৰ ভোটগণনাত এতিয়ালৈকে

বিজেপিয়ে ৪৬ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগহগ্ৰেছে ৪৪ খন আসনত আগবাঢ়ি আছে। অন্যান্য আগবাঢ়ি আছে ২ খন আসনত।

চীনৰ পিছত আমেৰিকাত বিয়পিছে নিউমোনিয়া, ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানক…

চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ নিউমোনিয়াৰ প্ৰভাৱ দেখা পোৱাৰ পিছত এতিয়া আমেৰিকা আৰু ডেনমাৰ্কত শিশুৰ ক্ষেত্ৰত নিউমোনিয়াৰ ৰোগী ধৰা পৰাৰ পৰিছে। কিন্তু ইয়াক কোনো বিপদৰ লক্ষণ বুলি কোৱাৰ পৰিৱৰ্তে ইয়াক সাধাৰণ মাইকোপ্লাজমা নিউমোনিয়াৰ সংক্ৰমণ বুলি কোৱা হৈছে। চীনৰ পিছত আমেৰিকাৰ অহাইঅ’ ৰাজ্যত শিশুৰ নিউমোনিয়াৰ ঘটনা সংঘটিত হৈছে। আমেৰিকাৰ বাহিৰেও ডেনমাৰ্ক আৰু নেদাৰলেণ্ডতো ইয়াৰ ৰোগী ধৰা পৰিছে। এই ৰহস্যময় নিউমোনিয়াক হোৱাইট লাং চিণ্ড্ৰম নাম দিয়া হৈছে। এই ৰোগত বেছিকৈ ৩-৮ বছৰ বয়সৰ শিশু আক্ৰান্ত হয়। এই ৰোগ কিয় হৈছে তাৰ কোনো সুনিৰ্দিষ্ট কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু একাংশ লোকে কৈছে যে এই ৰোগৰ কাৰণ হৈছে মাইকোপ্লাজমা নিউমোনিয়া বেক্টেৰিয়াৰ সংক্ৰমণ। এই সংক্ৰমণৰ বাবে হাওঁফাওঁ আক্ৰান্ত হয়।

এই ৰহস্যজনক ৰোগটোক White Lung Syndrome নাম দিয়া হৈছে কাৰণ ইয়াৰ দ্বাৰা আক্ৰান্ত হ’লে হাওঁফাওঁত বগা দাগ ওলাবলৈ আৰম্ভ কৰে। এই ৰোগৰ বাবে হাওঁফাওঁত ফুলি উঠে। যাৰ বাবে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰত সমস্যা হ’ব পাৰে। আৰম্ভণিতে ই মৃদু যদিও পিছত গুৰুতৰ হ’ব পাৰে। White Lung Syndromeৰ ফলত ডিঙি বিষ, জ্বৰ, ক্লান্তি, ঠাণ্ডা অনুভৱ কৰা, উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। হাঁচি বা কাহৰ সময়ত নিৰ্গত হোৱা টোপালৰ জৰিয়তে ই আন এজন ব্যক্তিক সংক্ৰমিত কৰিব পাৰে। ইয়াৰ উপৰিও লেতেৰা হাতৰ জৰিয়তেও বিয়পিব পাৰে।

শ্বাস-প্ৰশ্বাসজনিত বেছিভাগ ৰোগ ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে প্ৰতিৰোধ কৰিব পাৰি। গতিকে এই ৰোগ প্ৰতিৰোধৰ বাবে কিছুমান কতা মনত ৰাখি-

খাদ্য খোৱাৰ আগতে বা মুখ স্পৰ্শ কৰাৰ আগতে চাবোনেৰে হাত ভালদৰে ধুব লাগে।

হাঁচি মাৰি থাকোঁতে মুখ আৰু নাক ঢাকি ৰাখিব লাগে।

ব্যৱহৃত টিছু কেৱল ডাষ্টবিনত পেলাব লাগে ইফালে সিফালে মুকলি ঠাইত পেলাই নিদিব।

অসুস্থ হ’লে ঘৰত থাকক আৰু বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক।

বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰক।

যদি বাহিৰত পানী নাথাকে তেন্তে চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰক।

মুকলি ঠাইত ৰখা যিকোনো বস্তু খাব নালাগে।


বিশ্বকাপৰ পাছত পেৰিছত সময় কটাইছে ৰবীন্দ্ৰ জাদেজাই…

ৰবিন্দ্ৰ জাদেজা: ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰবীন্দ্ৰ জাদেজাৰ এখন ফটো। ছ’চিয়েল মিডিয়াত ৰবীন্দ্ৰ জাদেজাৰ ভাইৰেল ফটোখন পেৰিছৰ। শেহতীয়াকৈ ভাৰতীয় অল-ৰাউণ্ডাৰগৰাকীক বিশ্বকাপত দেখা গ’ল। বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলি আছে। অষ্ট্ৰেলিয়া ছিৰিজৰ অংশ নহয় টিম ইণ্ডিয়াৰ প্ৰবীণ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা। আচলতে বৰ্তমান ৰবীন্দ্ৰ জাদেজা ইউৰোপত ছুটী লৈ আছে। ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰবীন্দ্ৰ জাদেজাৰ এখন ছবি। ছ’চিয়েল মিডিয়াত ৰবীন্দ্ৰ জাদেজাৰ ভাইৰেল ছবিখন পেৰিছৰ।

উল্লেখযোগ্য যে বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলি আছে। এই ছিৰিজৰ বাবে ভাৰতীয় দলৰ অংশ নহয় ৰবীন্দ্ৰ জাডেজা। আচলতে ৰবীন্দ্ৰ জাডেজাকে ধৰি আন জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হৈছে।


৪ ৰাজ্যৰ ভোটগণনা, কোনে মাৰিব শেষ হাঁহি…

আৰম্ভ হ’ল ৪ ৰাজ্যৰ ভোটগণনা।

কোনে মাৰিব শেষ হাঁহি?

মধ্যপ্ৰদেশ,ৰাজস্থান,ছত্তিশগড় আৰু তেলেংগানা এই চাৰি ৰাজ্যৰ ফলাফলকলৈ জল্পনা-কল্পনা আৰম্ভ।

২০২৪ৰ ছেমি ফাইনেলসদৃশ হ’ব এই ফলাফল।

ছত্তিশগড়ত ২০ খন আসনত কংগ্ৰেছৰ অগ্ৰগতি আৰু বিজেপিৰ ১৮খন আসনত অগ্ৰগতিৰ খবৰ।

দৰদী শিল্পী অৰুণ দাসৰ দেহাৱসান…

জনপ্ৰিয় তথা দৰদী শিল্পী অৰুণ দাসৰ দেহাৱসান।


পুৱা ৪.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কণ্ঠশিল্পীগৰাকীৰ।


৯০ দশকৰ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা আছিল শিল্পী অৰুণ দাস।


দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাৰে ভুগি থকা জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাস গুছি গ’ল অচিন দেশলৈ।

দেওবাৰে পুৱতি নিশা ৪-৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

এইগৰাকী মহান শিল্পীৰ বিয়োগত শোকৰ ছাঁ পৰিছে।

মহিলাৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ, ডি ভিটামিনৰ অভাৱত এনে লক্ষণ দেখা যায়…

মহিলাৰ স্বাস্থ্যৰ বাবে ভিটামিন ডি: মানৱ শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন ডি অতি প্ৰয়োজনীয়। মহিলাৰ ক্ষেত্ৰত বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ শৰীৰত ভিটামিন ডিৰ অভাৱ আৰম্ভ হয়, যাৰ বাবে তেওঁলোকৰ বহু ৰোগৰ আশংকা থাকে। সাধাৰণতে সূৰ্যৰ পোহৰৰ জৰিয়তে ভিটামিন ডি পোৱা যায় যদিও কিছু খাদ্যৰ যোগেদিও এই পুষ্টিকৰ উপাদান পোৱা যায়। মহিলাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে, হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক, ডায়েবেটিছ, উচ্চ ৰক্তচাপ বৃদ্ধি হয়। ইয়াৰ লগত আন বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমাৰ শৰীৰে এই পুষ্টিকৰ উপাদানৰ অভাৱৰ সংকেত কেনেদৰে দিয়ে জানো আহক-

আমি সকলোৱে জানো যে হাড় শক্তিশালী কৰিবলৈ কেলচিয়াম সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগিব।


যিসকল মহিলাই ভিটামিন ডিৰ অভাৱত ভুগি আছে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে বহু ধৰণৰ ভাইৰাছৰ সংক্ৰমণ আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।


শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে ঘা আৰু অস্ত্ৰোপচাৰৰ ঘা লাহে লাহে ভাল হয়। ইয়াৰ লগতে আঘাত পালে বিষৰ পৰা সোনকালে সকাহ পাব নোৱাৰি। গতিকে প্ৰতিদিনে ৰ’দত কিছু সময় কটালে ভাল।


আপুনি নিশ্চয় দেখিছে যে দৈনন্দিন কাম কৰি থাকোঁতে বহু মহিলাই ভাগৰুৱা অনুভৱ কৰে, কাৰণ ভিটামিন ডিৰ অভাৱত শৰীৰত দুৰ্বল অনুভৱ হয় আৰু তেজৰ চুগাৰৰ মাত্ৰা অতি কম হ’ব পাৰে।

ৰাজহুৱা বন্তি প্ৰজ্বলনেৰে চ্যুকাফাক স্মৰণ লাচিত সেনা অসমৰ

টীয়কত লাচিত সেনা অসমৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত চ্যুকাফা দিৱস উপলক্ষত বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত লাচিত সেনা অসমৰ মুখ্য সেনাধ্যক্ষ অমৰ বৰুৱাকে প্ৰমুখ্য কৰি জিলা,আঞ্চলিক তথা বিভিন্ন দল সংগঠন আৰু টীয়কৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি চ্যুকাফাৰ কৃতিত্ব শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু চ্যুকাফাৰ আদৰ্শৰে বৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয়ৰ মাজেৰে আগবঢ়াই যাবলৈ আহ্বান জনায়।

উক্ত অনুষ্ঠানত টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, ৱাৰ্ড আয়ুক্ত শিখাজ্যোতি দত্ত,পল্লবী শইকীয়া,দিগন্ত বৰা বিশেষভাৱে উপস্থিত থাকি বীৰজনাৰ শৌৰ্য বীৰ্য শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

লগতে এই বিশেষ দিনটোত অসমৰ প্ৰতিগৰাকী অসমীয়াই নিজ নিজ গৃহৰ সন্মুখত বীৰগৰাকীক স্মৰণ কৰি এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাই লাচিত সেনা অসমৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে।

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া কমল বৰুৱাৰ গ্ৰন্থ “কথা কোৱা হে নীৰৱতা” উন্মোচন

ৰাজ্য চৰকাৰৰ এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া তথা কবি কমল বৰুৱাৰ দ্বিতীয় খন কাব্য গ্ৰন্থ ” কথা কোৱা হে নীৰৱতা ” শনিবাৰে গুৱাহাটী উজান বজৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । চৰকাৰী ব্যস্ততাৰ মাজতো নীৰৱে সাহিত্য সাধনা কৰা কমল বৰুৱাৰ দ্বিতীয় খন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে ।

গ্ৰন্থ খন উন্মোচন কৰি কবি নীলিম কুমাৰে কয় যে , গ্ৰন্থ কেৱল উন্মোচন কৰি ফটো তোলাতোৱে প্ৰকৃত উন্মোচন নহয় । উন্মোচনৰ সাৰ্থকতা তেতিয়াহে আহে যেতিয়া পাঠকে গ্ৰন্থ খন পঢ়ে । ক’ৱলৈ গ’লে গ্ৰন্থ এখন বিশিষ্ট ব্যক্তিয়ে নহয় পাঠকেহে উন্মোচন কৰে । কবিতাৰ সংজ্ঞা দাঙি ধৰি বিশিষ্ট কবি গৰাকীয়ে আৰু কয় যে কবিতা লিখাটো কেৱল হ’বি হ’ৱ নোৱাৰে । কবিতাৰ মাজেৰে সমাজক আশ্বস্ত কৰিব পৰাতোহে কবিৰ প্ৰকৃত ধৰ্ম হ’ৱ লাগে । কবি কমল বৰুৱাৰ প্ৰতিটো কবিতাত কবিৰ সৱল উপস্থিতি আৰু সৱল বক্তব্য বিচাৰি পোৱা যায় । ইফালে, কেৱল কবিতা সাহিত্যতহে আধ্যাত্মিকতা বিৰাজ মান বুলি উল্লেখ কৰি কবি নীলিম কুমাৰে কয় যে সমাজৰ প্ৰচলিত ধৰ্মত যেন আধ্যাত্মিকতা হেৰাই গৈছে ।


গ্ৰন্থ উন্মোচনী সভা কবি গল্পকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, গুৱাহাটী মহানগৰ আয়ুক্ত দিগন্ত বৰা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰো উপস্থিত থাকি কমল বৰুৱাৰ কবিতাৰ সংবেদনশীলতাৰ অন্যতম উপহাৰ বুলি উল্লেখ কৰে।

আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কবি কমল বৰুৱাই উল্লেখ কৰে যে, তেওঁৰ প্ৰথম খন গ্ৰন্থ “যুদ্ধ বন্দী” ২০১১ চনত প্ৰকাশ পাইছিল । আৰু দীঘলীয়া ১২ বছৰ পিছত তেওঁ দ্বিতীয় খন গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হোৱাতো তেওঁৰ জীৱনৰ আন এক ডাঙৰ সফলতা বুলি উল্লেখ কৰে । কিতাপ খন পূৰ্বায়ন প্ৰকাশনৰ হৈ প্ৰকাশ কৰে অমৃত কুমাৰ উপাধ্যাই । অনুষ্ঠানত “কথা কোৱা হে নীৰৱতা ” শীৰ্ষক কবিতাটো পাঠ কৰে মূৰ্চ্ছণা শান্দিল্যই ।গীত মাতেৰে সজোৱা অনুষ্ঠানটোত সাহিত্য অনুৰাগী বহু লোকে অংশগ্ৰহণ কৰে ।