Home Blog Page 1197

অসম সাহিত্য সভাৰ অসম দিৱস উদযাপন ! চাওলুং চুকাফাৰ‌ মহান আদৰ্শৰে আমি আগুৱাই যাব লাগিব : ডঃ সূৰ্যকান্ত হাজৰিকা…

অসম সাহিত্য সভাৰ অসম দিৱস উদযাপন

চাওলুং চুকাফাৰ‌ মহান আদৰ্শৰে আমি আগুৱাই যাব লাগিব : ডঃ সূৰ্যকান্ত হাজৰিকা

আধুনিক অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাক গভীৰ শ্ৰদ্ধা‌ জনোৱাৰ উদ্দেশ্যে অসম সাহিত্য সভাই চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সাপেখাটি জ্যোতিকলা শাখা সাহিত্য সভা, পুৰণা সাপেখাটি শাখা সাহিত্য সভা, বৰুৱানগৰ শাখা সাহিত্য সভাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনাজৰী মঞ্চত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অসম দিৱসটি দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়। পুৱা ৮.৪৫ বজাত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি নিৰঞ্জন ফুকনে অসম সাহিত্য সভাৰ পবিত্ৰ পতাকা উত্তোলন কৰাৰ পিছতে ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে ক্ৰমে সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দুৰ্গা শ্যাম,‌ আদৰণী সমিতিৰ সভাপতি বিমলা ফুকন, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি অজিত বৰদলৈ আৰু বিশিষ্ট কবি বিবেক হাজৰিকাই ।

৯.৩০ বজাত স্বৰ্গদেউ চাওলুং চুকাফাৰ‌ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সাংগঠনিক সম্পাদক অজয় সিংহ, অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ প্ৰতিনিধি মুকুট বৰগোহাঁই, প্ৰাক্তন অধ্যক্ষ চন্দ্ৰ বাহাদুৰ প্ৰধান, ৰবিন বৰুৱা, প্ৰদীপ বৰা আৰু অৰুণ গগৈয়ে। পুৱা ১০ বজাত যুৱ সাংস্কৃতিক কৰ্মী অভিজিত শইকীয়াই পৰিচালনা কৰা ‘সমন্বয়ৰ‌ সেতু’ শীৰ্ষক ’কুঁহি-ৰামধেনু’ কৃষ্টি-সংস্কৃতিৰ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী বাণী চাংমায়ে । ইয়াৰ পিছতে দিনৰ ১১.৩০ বজাত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে । অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ভূপেন শইকীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰতিপ্ৰভা গগৈ, প্ৰাক্তন সভাপতি প্ৰিয়বৰ কোঁৱৰ, অসম সাহিত্য সভাৰ ধনভৰালী মিহিৰ কুমাৰ বৰুৱা, ৰামধেনু আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, কু্ঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ সংবাদ পত্ৰৰ সম্পাদক গৌতম গগৈ, মুক্ত শিক্ষা সংসদৰ আহ্বায়ক টোফেল জিলানী, তিনিচুকীয়া জিলাৰ জিলা প্ৰতিনিধি অৰুণিমা সন্দিকৈ, চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক বিপুল বৰুৱা, সাহিত্য সংগঠক প্ৰশীল কুমাৰ বড়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মণ্টু কুমাৰ বড়া আৰু যুৱ বক্তাৰ বক্তৃতা প্ৰদান কৰে প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰ অৰ্কিড বৰুৱাই ।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা সভাখনত মুকুট বৰগোহাঁয়ে সম্পাদনা কৰা ‘সমন্বয়’ শীৰ্ষক স্মাৰক গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক বিপিন চন্দ্ৰ কলিতাই । সভাত কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান সফলতাৰে আয়োজন কৰা কেইবাখনো শাখা সাহিত্য সভাক প্ৰসংশন পত্ৰ প্ৰদান কৰা হয়। সভাপতিৰ সাৰুৱা মন্তব্যত ডঃ সূৰ্যকান্ত হাজৰিকাই কয় যে অসমীয়া জাতিৰ বুনিয়াদ গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি এখন শক্তিশালী অসমৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। অতি বিচক্ষণতাৰে জাতি-জনগোষ্ঠীসমূহৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘটাই স্বৰ্গদেৱে বৃহত্তৰ অসমীয়া জাতিৰ বৰভেটি নিৰ্মাণ কৰিছিল। চাওলুং চুকাফাৰ সমন্বয়ৰ এই চানেকিয়ে শ শ বছৰ ধৰি প্ৰতিগৰাকী অসমীয়াক অনুপ্ৰাণিত কৰি আহিছে। অসমৰ ইতিহাসৰ স্বনামধন্য ব্যক্তিসত্তা স্বৰ্গদেউগৰাকীৰ মহান আদৰ্শক আমি আকোৱালী লʼব লাগিব । ইয়াৰ পিছতে বিয়লি ‌জাতীয় সংগীতেৰে সভাৰ সফল সমাপ্তি ঘটে। সন্ধিয়া পতাকা সম্বৰণেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে।

বিলাসীপাৰাত পুনৰ জল জীৱন মিছন আঁচনিত অঘটন ! আঁচনিত কৰ্মৰত এজন শ্ৰমিকৰ মৃত্যু…

▪️বিলাসীপাৰাত পুনৰ জল জীৱন মিছন আঁচনিত অঘটন |
▪️শৌলমাৰী জল জীৱন মিছন আঁচনিত কৰ্মৰত এজন শ্ৰমিকৰ মৃত্যু |


▪️আঁচনিত কাম কৰি থকা অৱস্থাত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু মুখত পৰে শ্ৰমিকজন |
▪️মৃত শ্ৰমিকজনৰ নাম হেমৰাজ পাছোৱান বুলি জানিব পৰা গৈছে |


▪️শ্ৰমিক জনৰ ঘৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ লক্ষ্ণৌ ৰেউৰি গাঁৱত |
▪️নিৰ্মিয়মান আঁচনি খনৰ ঠিকাদাৰ আৰু অভিযন্তাৰ গাফিলতিত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ |
▪️ঘটনাস্থলীত নয়াহাট আৰক্ষী চকীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে |

কুকুৰে দিলে চমকঃ মুম্বাইত স্নিফাৰ ডগে বিচাৰি উলিয়ালে ৬ বছৰীয়া সন্ধানহীন শিশুক…

কুকুৰে দিলে চমক।এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙিছে। শিশুটিক ইতিমধ্যে সুৰক্ষিতভাৱে তেওঁৰ পৰিয়ালক গতাই দিয়া হৈছে।কুকুৰৰ আনুগত্য আৰু কৰ্তব্য পৰায়ণাতাৰ বিষয়ে সদায় আলোচনা হৈ আহিছে। মুম্বাইৰ পোৱাইৰ পৰা এটা ৬ বছৰীয়া শিশু সন্ধানহীন হৈছিল। এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। আন্ধেৰী ইষ্টৰ অশোক নগৰ অঞ্চলৰ ছয় বছৰীয়া শিশুটিয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলিবলৈ গৈছিল । কিন্তু তেওঁ ঘৰলৈ উভতি অহা নাছিল। পৰিয়ালৰ লোকে শিশুটিক বহু বিচাৰিও কোনো সন্ধান পোৱা নাছিল। পিছত পৰিয়ালটোৱে উপায়ন্তৰ হৈ আৰক্ষী থানাত উপস্থিত হৈছিল।

পোৱাই আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছিল আৰু শিশুটিৰ সন্ধান উলিয়াবলৈ এটা আৰক্ষীৰ দল গঠন কৰিছিল। অনুসন্ধান আৰম্ভ হৈছিল। বস্তি এলেকা হোৱাৰ বাবে সেই ঠাইত চিচিটিভি স্থাপন কৰা হোৱা নাছিল। সেয়া আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। পোৱাই আৰক্ষীয়ে গোপন সূত্ৰ আৰু স্থানীয় লোকসকলৰ সহায়ত তদন্ত চলাই আছিল।

আৰক্ষীয়ে সন্ধানহীন শিশুটোক বিচাৰি উলিয়াবলৈ এটা স্নিফাৰ ডগ নিয়োজিত কৰিছিল। স্নিফাৰ ডগে শিশুটোৱে পিন্ধা টি-চাৰ্টৰ গোন্ধৰ ওপৰত ভিত্তি কৰি অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।স্নিফাৰ ডগ লিঅ’ক প্ৰথমে শিশুটিৰ ঘৰলৈ লৈ যোৱা হৈছিল । কিছু সময়ৰ পিছতে লিঅ’ই সেই ঠাইত উপস্থিত হৈছিল য’ত শিশুটো আছিল। শিশুটিক আম্বেদকাৰ উদিয়ান অশোক টাৱাৰ অঞ্চলত উদ্ধাৰ কৰা হয়। শিশুটিয়ে তাত কিদৰে উপস্থিত হ’ল সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি ভ্ৰমণ…

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি পৰিভ্ৰমণ।

অখিল গগৈয়ে চাইকেলেৰে শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰে।

কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিদৰ্শন কৰি বিধায়কজনে গাঁৱৰ বাট পথ নামঘৰ আদি পৰিদৰ্শন কৰে।

বোকাখাতত মদৰ দোকানৰ পয়োভৰ, ৰাষ্ট্ৰীয় পথৰ কাষত পুনৰ দুখনকৈ মদৰ দোকানৰ বাবে পৌৰসভাই অনুমতি দিয়া কাৰ্যত সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া

বোকাখাতত মদৰ দোকানৰ পয়োভৰ, ৰাষ্ট্ৰীয় পথৰ কাষত পুনৰ দুখনকৈ মদৰ দোকানৰ বাবে পৌৰসভাই অনুমতি দিয়া কাৰ্যত সচেতন নাগৰিকৰ প্ৰতিক্ৰিয়া। নীতি বহিৰ্ভূতভাৱে পৌৰসভাৰ অনুমতিৰে মুকলি হোৱা মদৰ দোকানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত৷ সৰু চহৰখনত যথেষ্ট সংখ্যক মদৰ দোকান থকাৰ পাছতো শেহতীয়াকৈ পুনৰ দুখনকৈ মদৰ দোকান খোলাৰ বাবে বোকাখাত পৌৰসভাই অনুমতি প্ৰদান কৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছে বোকাখাতৰ নাগৰিকে ৷ প্ৰাপ্য তথ্য মতে শেহতীয়াকৈ বোকাখাত নগৰৰ মাজ মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে বাৰসহ নতুনকৈ আৰু দুখন মদৰ দোকান খুলিবলৈ বোকাখাত পৌৰসভাই অনুমতি দিয়া কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বোকাখাতত৷ বোকাখাতৰ একাংশ সচেতন নাগৰিকে এই দুই মদৰ দোকানৰ অনুমতি বাতিল কৰি আৰু মদৰ দোকান খোলাৰ অনুমতি নিদিবৰ বাবে যোৱা ১ ডিচেম্বৰত বোকাখাতৰ মহকুমাধিপতি, বোকাখাত পৌৰসভা আৰু বোকাখাতত থকা উপ আৱকাৰী অধীক্ষকক লিখিতভাৱে অৱগত কৰে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় পথৰ কাষত মদৰ দোকান খোলাৰ অনুমতি নিদিবৰ বাবে দেশৰ উচ্চতম ন্যায়লয়ে পূৰ্বতে দি থোৱা ৰায়ৰ উপৰিও অসমৰ আৱকাৰী আইনৰ মতে ৰাষ্ট্ৰীয় পথৰ একেবাৰে দাঁতিত কোনো মদৰ দোকান থাকিব নোৱাৰিব বুলি থকা নিৰ্দেশনাক ওলাই কৰি বোকাখাত পৌৰসভাই উল্লিখিত স্থানত মদৰ দোকান খোলাৰ অনুমতি প্ৰদানৰ কাৰ্যই বোকাখাতৰ সচেতন মহলত চিন্তাৰ উদ্ৰেক কৰিছে ৷ মন কৰিব লগীয়া যে মদৰ দোকান সম্পৰ্কত স্থানীয় লোকৰ আপত্তিৰ পটভূমিত চৰ জমিন তদন্ত আৰু স্থানীয় লোকৰ মতামত নোলোৱাকৈ অনুমতি দিয়াৰ প্ৰসংগত সঠিকভাৱে তদন্ত কৰিবৰ বাবে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই পৌৰসভাক নিৰ্দেশ দি থোৱা বুলি জানিব পৰা গৈছে৷ সামাজিক পৰিৱেশ আৰু পথ দুৰ্ঘটনাৰ ৰোধ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উল্লিখিত মদৰ দোকান দুখন খুলিবৰ বাবে অনুমতি নিদিবলৈ স্থানীয় লোকে জনোৱা আবেদনৰ পাছত বোকাখাতৰ মহকুমাধিপতি আৰু আৱকাৰী বিভাগে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰিছে। মদৰ দোকান প্ৰসংগত ৰাজহুৱা অভিযোগৰ পাছত নিজৰ সমষ্টিত কেবিনেট মন্ত্ৰী অতুল বৰাই কি ভূমিকা গ্ৰহণ কৰে তালৈ বাট চাইছে বোকাখাতবাসীয়ে।

চৰকাৰী অনুষ্ঠানত বাদ পৰিল সুস্বাদু খাদ্য, চাহ বিস্কুট পানীৰে অতিথিক অপ্যায়নৰ নিৰ্দেশ…

এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত দেখা পোৱা নাযাব সুস্বাদু বিৰিয়ানী, মাংস পোলাও। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক নিৰ্দেশ মৰ্মে চৰকাৰী অনুষ্ঠানত নিমন্ত্ৰিত অতিথিক খোৱা পানী, চাহ আৰু বিস্কুটেৰে অধ্যায়ন কৰিব লাগিব। উল্লেখ্য যে ইতিপূৰ্বে চৰকাৰী অনুষ্ঠানত বিভিন্ন জুতিলগা খাদ্যৰ পয়োভৰ হোৱাৰ সমান্তৰালকৈ লোকচানো কৰিছিল।

ইয়াৰ বাবদ চৰকাৰী ধনৰো যথেষ্ট অপব্যয় হৈছিল। শেহতীয়াকৈ চৰকাৰে ব্যয় সংকোচনৰ বাবে এলানী নীতি নিৰ্দেশনা জাৰি কৰাৰ লগতে স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ চৰকাৰী অতিথিশালাত এনিশা কটাই নিজেই নিজৰ ব্যয় বহন কৰিছিল। শেহতীয়াকৈ সাধাৰণ প্ৰশাসন বিভাগে চৰকাৰী ব্যয় সংকুচিত কৰাৰ উদ্দেশ্যে নিমন্ত্ৰিত অতিথিক চাহ বিস্কুটেৰেই অপ্যায়ন কৰিবলৈ নিৰ্দেশ দিয়া বুলি চৰ্চা লাভ কৰিছে।

প্ৰথম দিনাই ‘এনিমেল’ৰ উপাৰ্জন কোটি টকা, পাথান-গদৰক পিছ পেলাব নেকি…

ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মাণ্ডন্নাই অভিনীত ছবি এনিমেলে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। খবৰ অনুসৰি ছবিখনে সকলো ভাষাতে ঘৰুৱা বক্স অফিচত ৬৩ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিছে। সন্দীপ ৰেড্ডা ভাংগাই পৰিচালনা কৰা ছবি এনিমেল ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ৰণবীৰ কাপুৰৰ অভিনয়ক চৌদিশে প্ৰশংসা কৰিছে। সমালোচক আৰু দৰ্শকৰ পৰা যথেষ্ট মৰম পোৱাৰ পিছত এতিয়া প্ৰথম দিনা ছবিখনৰ উপাৰ্জনকাৰী সংখ্যা ওলাইছে। প্ৰথম দিনাই ঘৰুৱা বক্স অফিচত সকলো ভাষাতে ৬৩ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে এনিমলে।


এনিমেলৰ বাবে সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰিছে ৰণবীৰ কাপুৰে। ৰণবীৰৰ বাহিৰেও একচনেৰে ভৰা ছবিখনত ববি দেউলৰো আছে অভিনয়। ৰণবীৰ আৰু ববীৰ উপৰিও এনিমেল ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মণ্ডন্না, অনিল কাপুৰ আৰু ত্ৰুপতি ডিমৰীয়ে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০-এদিনীয়া খেলত নেখেলে বিৰাট আৰু ৰোহিতে…

বিৰাট কোহলী অভিলেখঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত খেলিব নোৱাৰিব। ডিচেম্বৰৰ প্ৰথম সপ্তাহত ভাৰতীয় ক্ৰিকেট দল দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাব। ইয়াত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া, টি-২০ আৰু টেষ্ট শৃংখলা। বিৰাট কোহলীক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এদিনীয়া আৰু টি-২০ শৃংখলাৰ অংশ নহয়। এই দুয়োটা ফৰ্মেটৰ পৰা বিৰতি লৈছে কোহলী আৰু ৰোহিত শৰ্মাই। এইবাৰ কোহলীয়ে হয়তো টি-২০ শৃংখলাত খেলিব নোৱাৰিব, কিন্তু তেওঁৰ এটা অভিলেখ আছে যিটো কোনো বেটছমেনৰ বাবে ভংগ কৰাটো সহজ নহ’ব।

কোহলী হৈছে টিম ইণ্ডিয়াৰ হৈ যিকোনো টুৰ্ণামেণ্ট বা টি-২০ ফৰ্মেটৰ ছিৰিজত সৰ্বাধিক ২০০ ৰান সংগ্ৰহ কৰা খেলুৱৈ। কোহলী আৰু আন খেলুৱৈৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কোহলীয়ে এই কৃতিত্ব ৫ বাৰ কৰিছে। আনহাতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা, কে এল ৰাহুল, সুৰেশ ৰাইনা, সূৰ্য্যকুমাৰ যাদৱ আৰু ঋতুৰাজ গাইকৱাদে মাত্ৰ এবাৰকৈহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰাজস্থানৰ পিছত তামিলনাডুঃ ২০ লাখ টকাৰ উৎকোচ লৈ ধৰা পৰিল ইডিৰ বিষয়া

ৰাজস্থানৰ পিছত তামিলনাডু।দেশৰ বিভিন্ন প্ৰান্ত এনফোৰ্চটমেণ্ট সঞ্চালকালয়ে (ইডি) অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় সংস্থাটোতেই পিছে আছে বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজস্থানত তেনে এগৰাকী ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ একে ঘটনাই ঘটিছে তামিলনাডুত। ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ মাদুৰাই শাখাই শেহতীয়াকৈ ডিণ্ডিগুল-মাদুৰাই ঘাইপথত ইডি বিষয়া অংকিত তিৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইডিৰ জ্যেষ্ঠ বিষয়াজনে ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছে। ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোচটৰ মাদুৰাই শাখাই ইডিৰ বিষয়াজনক ধৰিবলৈ জাল পেলাইছিল।

অংকিত তিৱাৰীয়ে পূৰ্বে গুজৰাট আৰু মধ্য প্ৰদেশত কাৰ্যনিৰ্বাহ কৰিছিল। তিৱাৰীক উৎকোচ দিয়া ব্যক্তিজনে ভিজিলেন্স বিষয়াসকলক এই বিষয়ে সতৰ্ক কৰাৰ পিছতে ভিজিলেন্সে বিষয়া জনক হাতেলোটে ধৰিবলৈ পৰিকল্পনা কৰে। উল্লেখ্য ইডিয়ে তামিলনাডুৰ বহু মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া একাংশৰ বিৰুদ্ধে সক্ৰিয়ভাৱে গোচৰৰ তদন্ত কৰি আছে।এনে সময়তে ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে।

যদি আপোনাৰ শৰীৰত এই সমূহ সমস্যা আছে তেন্তে ভুলতেও নাখাব গাখীৰ…

গাখীৰত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ই শৰীৰত সকলো ধৰণৰ পুষ্টিকৰ উপাদান প্ৰদান কৰে যাৰ বাবে গুৰুতৰ ৰোগৰ আশংকা থাকে। গাখীৰ খালে শৰীৰৰ বহুতো ভয়াৱহ ৰোগ নিৰাময় হয়। গাখীৰত থকা মেগনেছিয়াম আৰু কেলচিয়ামে হাড় শক্তিশালী কৰাৰ কাম কৰে। গাখীৰ খোৱাৰ ফলত হাড় আৰু দাঁত অতি শক্তিশালী হৈ উঠে। স্বাস্থ্য বিশেষজ্ঞৰ মতে শিশুসকলক দৈনিক গাখীৰ খোৱাৰ পৰামৰ্শ দিয়া হৈছে। পেশীবোৰ মজবুত কৰি ৰাখিবলৈ দৈনিক গাখীৰ খোৱাটো অতি প্ৰয়োজনীয়-

যদি কোনো ব্যক্তি শৰীৰ ফুলা ৰোগত ভুগি আছে তেন্তে গাখীৰ খোৱা উচিত নহয় কাৰণ ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।


যিসকল লোকৰ যকৃতৰ সমস্যা আছে বা চৰ্বিযুক্ত যকৃত বা ফুলি উঠা লোকে গাখীৰ খোৱা বা খোৱা বিৰত থাকিব লাগে।


পিচিঅ’এছ আৰু হৰম’নৰ ভাৰসাম্যহীনতা থকা লোকে গাখীৰ খোৱা উচিত নহয়। অত্যধিক গাখীৰ খালে শৰীৰত এণ্ড্ৰজেন আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি পায়। পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাসকলে দুগ্ধজাত সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াত ইনচুলিন আৰু হৰম’নৰ মাত্ৰা বৃদ্ধি পায়।


শৰীৰত এলাৰ্জীত ভুগি থকা লোকসকলে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ গাখীৰত লেক্ট’জ অসহিষ্ণুতা থাকে আৰু ই আপোনাৰ এলাৰ্জী বৃদ্ধি কৰিব পাৰে।