এবাৰ নহয় দুবাৰকৈ পিছুৱালে ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক৷প্রথমে বৈঠক খন ৬ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সেয়া স্থগিত ৰখা হৈছিল৷ পিছত ১৭ ডিচেম্বৰত বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল যদিও এতিয়া পুনৰ পিছুৱালে বৈঠকৰ দিন৷ ১৯ ডিচেম্বৰত দিল্লীত এই বৈঠক অনুষ্ঠিত হ’ব বুলি দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰকাশ কৰে।উল্লেখ্য যে ১৭ ডিচেম্বৰৰ পৰা বৈঠক পিছুৱাই দিয়াৰ কোনো কাৰণ ৰমেশে উল্লেখ কৰা নাই।
ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেইন, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে ধৰি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে সিদ্ধান্ত লোৱাৰ পাছতে এই বৈঠক ১৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছিল৷
এনিমেলঃ ৰণবীৰ কাপুৰ অভিনীত সন্দীপ ৰেড্ডীৰ ছবি ‘এনিমেল’ৰ ববি দেউলৰ এণ্ট্ৰি গীত ‘জামাল কুডু’ এতিয়া ইণ্টাৰনেটৰ চেন্সেশনলৈ পৰিণত হৈছে। কিন্তু আপুনি জানেনে যে এই গীতটোৰ ইৰাণৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। ছবিখনত ববীয়ে ‘জামাল কুডু’ গীতটিত নৃত্য কৰা দেখা গৈছে।
আচলতে ‘এনিমেল’ ছবিখনত ববি দেউলে এজন বোবা গেংষ্টাৰৰ এক উজ্জ্বল চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত তেওঁৰ প্ৰৱেশো যথেষ্ট ভালকৈ দেখুওৱা হৈছে। প্ৰৱেশৰ সময়ত ববীয়ে ‘জামাল কুডু’ গীতটোত নৃত্য কৰা দেখা যায়। ববিৰ এই এণ্ট্ৰি গীতটো এতিয়া দৰ্শকে বহুত ভাল পাইছে। আপুনি জানি আচৰিত হ’ব যে মুক্তিৰ মাত্ৰ চাৰিদিনতে এই গীতটিয়ে ২৪ নিযুততকৈ অধিক দৰ্শন লাভ কৰিছে।
‘জামাল কুডু’ৰ কথা ক’বলৈ গ’লে ইৰাণৰ বিখ্যাত গীত ‘জামাল জামালু’ৰ আধাৰত নিৰ্মিত। যিটো সুৰকাৰ হৰ্ষবৰ্ধন ৰামেশ্বৰে ‘এনিমেল’ৰ বাবে ৰচনা কৰিছে। ইৰাণী কবি বিজন সমন্দৰৰ একে নামৰ কবিতাৰ পৰা অনুপ্ৰাণিত এই গীতটি। আপুনি জানি আচৰিত হ’ব যে বৰ্তমান ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰা এই গীতটো প্ৰথমে ১৯৫০ চনত খাৰাজেমী ছোৱালীয়ে গাইছিল। আপোনালোকক কওঁ যে ৰণবীৰ কাপুৰ আৰু ববি দেউলৰ অভিনীত ছবি ‘এনিমেল’ ১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি লাভ কৰিছিল। যিয়ে মাত্ৰ ৯ দিনতে বিশ্বজুৰি সংগ্ৰহৰ ৬৫০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছে।