Home Blog Page 1199

বছৰৰ শেষৰ মাহত আইফোন ১৪ আৰু ১৪ প্লাছত বিশাল ৰেহাই…

ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টত লাইভ হৈছে ‘বিগ ইয়াৰ এণ্ড চেল’ যিটো ১৬ ডিচেম্বৰলৈকে চলিব। এই বিক্ৰীত এণ্ড্ৰইডকে ধৰি এপলৰ আইফোনত বিপুল ৰেহাই দিয়া হৈছে। ৫৬,৯৯৯ টকাত আইফোন ১৪ কিনিব পাৰিব। একেদৰে ৬৪,৯৯৯ টকাত আইফোন ১৪ প্লাছ ক্ৰয় কৰাৰ সুযোগ আছে। মন কৰিব, এই ধনৰাশি বিনিময় মূল্য অবিহনে।

যদি আপুনি আপোনাৰ পুৰণি ফোনটো বিনিময় কৰি আইফোন কিনে তেন্তে আপুনি ইয়াক অধিক সস্তাতে কিনিব পাৰিব। আইফোন ১৪ আৰু আইফোন ১৪ প্লাছত ৩৪,৫০০ টকাৰ এক্সচেঞ্জ ৰেহাই দিয়া হৈছে।
আইফোন ১৪ত আপুনি ৬.১ ইঞ্চিৰ ছুপাৰ ৰেটিনা এক্সডিআৰ ডিছপ্লে পাব। ফটোগ্ৰাফীৰ বাবে ফোনটোত আছে দুটা 12+12MP কেমেৰা। এই মোবাইল ফোনটোৱে A15 Bionic চিপত কাম কৰে। আইফোন ১৪ প্লাছৰ কথা ক’বলৈ গ’লে ইয়াত ৬.৭ ইঞ্চিৰ ডিছপ্লে পাব। এই ফোনটোৰ কেমেৰা আৰু চিপছেটটোও একেই।

আইফোন ১৪ত আপুনি ৬.১ ইঞ্চিৰ ছুপাৰ ৰেটিনা এক্সডিআৰ ডিছপ্লে পাব। ফটোগ্ৰাফীৰ বাবে ফোনটোত আছে দুটা 12+12MP কেমেৰা। এই মোবাইল ফোনটোৱে A15 Bionic চিপত কাম কৰে। আইফোন ১৪ প্লাছৰ কথা ক’বলৈ গ’লে ইয়াত ৬.৭ ইঞ্চিৰ ডিছপ্লে পাব। এই ফোনটোৰ কেমেৰা আৰু চিপছেটটোও একেই।

আইফোন ১৫: এপলৰ শেহতীয়া মডেল আইফোন ১৫তো ৰেহাই দিয়া হৈছে। অৱশ্যে ফ্লিপকাৰ্টত এই ৰেহাই দিয়া হোৱা নাই। এই ফোনটো ক্ৰোমাৰ পৰা ৮ হাজাৰ টকাত সস্তাতে কিনিব পাৰিব। বাইদেউ, এই ফোনটোৰ মূল্য ৭৯,৯৯০ টকা। আইফোন ১৫ত আছে ৪৮+১২এমপিৰ দুটা কেমেৰা। এই স্মাৰ্টফোনটোৱে A16 চিপত কাম কৰে।

দিছপুৰ প্ৰেছ ক্লাবৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

সাংবাদিক – সংবাদকৰ্মী আৰু ৰাইজৰ সুবিধাৰ্থে আজি দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ৰেডক্লিফ সৰস্বতী ডাইগ্নোষ্টিকৰ সহযোগত প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত বিভিন্ন সংবাদ মাধ্যমৰ প্ৰায় শতাধিক সাংবাদিক – সংবাদ কৰ্মীৰ লগতে স্হানীয় ৰাইজে নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰে। অনুষ্ঠানত প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি আৰ্জেদ হুছেইন চহৰীয়া, উপ সভাপতি ছৰিফুদ্দিন আহমেদ, মিণ্টু হাজৰিকা, সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়, কোষাধ্যক্ষ ৰিদীপ কলিতাকে ধৰি প্ৰেছ ক্লাবৰ অনান্য বিষয়ববীয়া সকল উপস্থিত আছিল।


আনহাতে ৰেডক্লিফ সৰস্বতী ডাইগ্নোষ্টিকৰ হৈ উপস্থিত আছিল ডা: গুঞ্জনা আৰ্টেয়া , ঝষিকেশ কলিতা আদি।
প্ৰেছ ক্লাবৰ এনে পদক্ষেপক স্হানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

শীতকালত কি কি শাক খাব লাগে জানেনে…

আমৰা

বায়ুপিত্ত, ৰক্তদোষ, গ্ৰহণী, অৰুচি, উদৰ ৰোগ, অগ্নিমান্দ্য, শৰীৰ দুৰ্বলতা, পয়ালগা, বাতবিষ, বসন্ত, ভৰিত পানীয়ে খোৱা, গেষ্ট্ৰিক আলচাৰ ইত্যাদি ৰোগত উপকাৰী।

মিথি শাক

বহুমুত্ৰ, অৰুচি, গৰ্ভাশয়ৰ ৰোগ, গ্ৰহণী, অৰ্শ, কঁকালৰ বিষ, ৰক্তস্ৰাৱ, মূত্ৰকৃচ্ছ্ৰ, শুক্ৰ দুৰ্বল, জ্বৰ, হাত-ভৰি জ্বলা-পোৰা কৰা ইত্যাদিত উপকাৰী।

ডালিম

হৃদৰোগ, জ্বৰ, কণ্ঠৰোগ, দাহ নাশক, বলকাৰক, শুক্ৰবৰ্দ্ধক, অগ্নিবৰ্দ্ধক, ৰুচিকাৰক, কৃমিনাশক, বাকলি ৰক্তৰোধক, অতিসাৰ নাশক, ৰক্ত আমাশয়, ৰক্ত অতিসাৰ, তৃষ্ণা ৰক্তপিত্ত, গৰ্ভস্ৰাৱত হিতকৰ।

মাটি-কাঁদুৰি

ৰক্তশোধক, বিষ নাশক, কফ আৰু পিত্তৰ বাবে হিতকৰ, গ্ৰহণী, জ্বৰ, চকুৰ ৰোগ নাশক, মাতৃ দুগ্ধবৰ্ধক, ৰক্তস্ৰাৱ, কৃমি, ৰক্তহীনতা, যকৃত আদি ৰোগত হিতকৰ।

মানিমুনি

পেটৰ ৰোগ, দৃষ্টিমান্দ্য, বিষনাশক, স্মৃতিবৰ্ধক, কুষ্ঠ, ৰক্তদোষ, পাণ্ডুৰোগ, প্ৰদৰ, অগ্নিমান্দ্য, তেজ গ্ৰহণী, পেট কামোৰণি, চৰ্মৰোগ, ব্ৰন, শ্লীপদ, ফোঁহা, নাকৰ ৰোগ, দাঁতৰ বিষত উপকাৰী।

ভেদাইলতা

বেদনানাশক, হাড় সংযোজক, মল-মূত্ৰ নিঃসাৰক, বাতৰক্ত, অৰ্শ, গ্ৰহণী, অতিসাৰ, প্ৰসূতিৰ গাৰ বিষ, সিৰ ৰোগ, মূত্ৰাঘাত, সিৰ সংকোচন, শুক্ৰবৰ্ধক আদিত উপকাৰী।

পুঁই শাক

শুক্ৰবৰ্ধক, ৰক্তপিত্তনাশক, এলাৰ্জি, অতিসাৰ, ব্ৰন, পায়োৰিয়া, শ্লীপদ, ফোঁহা, গৰ্ভাৱস্থাত, হুপিং কাহত অহিতকৰ।

ৰাজ্যসভাত অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে…

এতিয়াৰে পৰা ৰাজ্যসভাত নামাজৰ বাবে সময়ৰ পৰিসমাপ্তি।

নামাজৰ বাবে ৩০ মিনিটৰ বিৰতি সমাপ্ত। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সলনি কৰিলে ৰাজ্যসভাৰ প্ৰচলিত নিয়ম।

অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে । পূৰ্বে শুকুৰবাৰে ২ বজাৰ পৰিৱৰ্তে ২.৩০ বজাৰ পৰা পুনৰ বহিছিল ৰাজ্যসভা।

দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন…

দীপৰ বিলৰ পানী এইবেলি লাহে লাহে কমি যোৱা বাবে এইবাৰ অইন বছৰৰ তুলনাত প্ৰায় এক সপ্তাহ পলমকৈ আজি দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো উদ্ধোধন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। কিন্তু এইবাৰ দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ শ্লুইচগেটখন যোৱা নবেম্বৰ মাহত দীপৰ বিলত অনুষ্ঠিত হোৱা জলক্ৰীড়া মহোৎসৱৰ বাবে তিনি মাহৰো অধিক দিন বন্ধ কৰি ৰখা হৈছিল। মহোৎসৱ শেষ হোৱাৰ পাছতো শ্লুইচগেটখন সম্পুৰ্ণকৈ নুখুলি আংশিক ভাবে খোলাত দীপৰ বিলৰ পানী লাহে লাহে ওলাই যোৱাত বনভোজথলীটো আধা পানীৰ তলত অাছিল। অৱশ্যে বনভোজথলীটো তদাৰকৰ দায়িত্বত থকা অগ্ৰণী সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নবজ্যোতি সংঘৰ কৰ্মকৰ্তা সকলে বিগত দুদিন ধৰি জেচিবিৰে মেৰামতি কৰাৰ লগতে নিজে হাতে কামে লাগি বনভোজথলীটোৰ ৮০ শতাংশ ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলে।

সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো আজি উদ্ধোধন কৰে সমাজকৰ্মী ধীৰাজ তুমুংৱে।এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত সমাজকৰ্মী ধীৰাজ তুমুংৱে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত মিকিৰপাৰা, চকৰদৌ পামহী আৰু গোগ তালুকৰ সভাপতি, বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী, সংঘৰ উপ-সভাপতি অশোক থাপ্পা, সমাজকৰ্মী বীৰেশ্বৰ ৰংপী, প্ৰবীণ ৰংপী, অনিল ফাংচা, সংঘৰ বিষয়ববীয়া সুশীল থাপা , দীপৰ বিলৰ কাষৰীয়া খানামুখ মিলন সংঘৰ উপদেষ্টা ধীৰাজ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হৈছে । সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে বনভোজ দল সমূহৰ পৰা ৰচিদৰ বিনিময়ত সামান্য পৰিমাণে মাচুল হিচাপে সংগ্ৰহ কৰা হ’ব। আজি প্ৰথম দিনা উদ্ধোধন কৰাৰ সময়তে বিভিন্ন প্ৰান্তৰ পৰা ২৫ টা দল বনভোজ খাবলৈ অহা পৰিলক্ষিত হয় ।সমউতেউল্লেখ্য যে বিগত ৩ ডিচেম্বৰৰ দিনা বনভোজ খাবলৈ কেবাটাও দল আহিছিল যদিও পানী ভালকৈ শুকাই নোযোৱাত দল কেইটা উভতি যাবলগীয়া হৈছিল।

অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ‘নাগৰিকত্ব সংশোধনী আইনৰ’ বিষয়ে মন্তব্য…

‘নাগৰিকত্ব সংশোধনী আইন, ২০১৯ গ্ৰহণ কৰা ৪ বছৰ হ’ল, কিন্তু আজিও কাৰ্যকৰী কৰিব নোৱাৰিলে। কাৰণ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ নেতৃত্বত এই আইনৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে বিচাৰ হ’ব ।

বিচাৰপীঠ পুনৰ ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । সমগ্ৰ ভাৰতৰ বিভিন্ন সংগঠনৰ আৰু ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে এই আইনৰ বিৰুদ্ধে দিয়া ৩৫০টা গোচৰো বিচাৰাধীন হৈ আছে’ ।

এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।

পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰভাগ গ্রন্থমেলা ২০২৩ৰ আয়োজন…

আপোনলোক সকলোৱে জ্ঞাত যে যোৱা ২০২১ চনৰ ১৬, ১৭, ১৮ আৰু ১৯ নৱেম্বৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে “সন্ধান”ৰ উদ্যোগত, বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ একান্ত প্রচেষ্টা তথা ৰাইজৰ সহযোগত “বৰভাগ গ্রন্থমেলা-২০২১”ৰ সফল ৰূপায়ণৰ জৰিয়তে অসমৰ গ্রন্থ আন্দোলনত কিঞ্চিত অৱদান আগবঢ়োৱা হৈছিল। গ্রন্থমেলাখনৰ বিপণীসমূহৰ প্ৰতি ৰাইজৰ অভূতপূর্ব সঁহাৰিয়ে প্রকাশক, গ্রন্থ বিক্রেতা, লেখক-পঢ়ুৱৈ সমাজ, বৌদ্ধিক মহল আৰু আয়োজক সকলক উৎসাহিত কৰি তুলিছিল। “বৰভাগ গ্রন্থমেলা-২০২১”ৰ এনে সফলতাৰ আঁৰত থকা প্ৰতিগৰাকী ব্যক্তি আৰু বৃহত্তৰ ৰাইজৰ প্রতি আয়োজক সমিতি চিৰকৃতজ্ঞ।

নৱচেতনাৰ অংকুৰ মেলি গ্ৰন্থই মুকলি কৰক প্ৰজ্ঞাৰ দুৱাৰ …
বৰভাগ গ্রন্থমেলা ২০২৩
গোহাৰি
শ্রদ্ধেয় ৰাইজ, আমি একান্ত আন্তৰিকতাৰে আপোনাক / আপোনাসৱক জনাবলৈ পাই আনন্দ অনুভৱ কৰিছো যে স্বেচ্ছাসেৱী সংস্থা “সন্ধান”, IQAC বৰভাগ কলেজ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে অহা ১৩, ১৪, ১৫, ১৬ আৰু ১৭ ডিচেম্বৰ, ২০২৩ তাৰিখে পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰে বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত (মহামহোপাধ্যায় ধীৰেশ্বৰাচাৰ্য্য সোঁৱৰণী গ্রন্থমেলা ক্ষেত্ৰ) “বৰভাগ গ্রন্থমেলা-২০২৩” ৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বৰভাগ যুৱ সমাজ, বৰভাগ শাখা সাহিত্য সভা, প্রতিবিম্ব লাইভ, চিফুং দ্যা আর্টিষ্ট, বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাঞ্চজন্য প্রকাশন, হিতসাধিনী পুথিভঁৰাল আৰু প্ৰেৰণা পুথিভঁৰালে “বৰভাগ গ্রন্থমেলা-২০২৩”লৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াবলৈ আগবাঢ়ি অহাত আয়োজক সমিতি দুগুণ উৎসাহিত হৈ পৰিছে।

সমগ্ৰ নলবাৰী জিলাৰ ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈ সমাজৰ মাজত গ্রন্থ অধ্যয়নৰ আগ্রহ বৃদ্ধি আৰু বৌদ্ধিক চিন্তা-চৰ্চাৰ এক নতুন বাটৰ সন্ধান কৰাই হ’ব প্ৰস্তাৱিত “বৰভাগ গ্রন্থমেলা-২০২৩” ৰ প্ৰধান উদ্দেশ্য। উক্ত গ্রন্থমেলাত গ্ৰন্থৰ প্ৰদৰ্শন আৰু বিশেষ ৰেহাই মূল্যত গ্রন্থ বিক্ৰীৰ ব্যৱস্থা থকাৰ লগতে বৌদ্ধিক আলোচনা সভা, সৃষ্টিমূলক সাহিত্য পাঠ আৰু পৰ্যালোচনা, অসমীয়া লোক সংগীত, লোক সাহিত্য, কৌশল আৰু উদ্যমিতা বিকাশমূলক আলোচনা চক্র ইত্যাদি বিশেষ অনুষ্ঠানৰ জৰিয়তে গ্ৰন্থমেলাৰ কাৰ্যক্ৰমণিকা সমূহ সজাই-পৰাই লোৱা হ’ব। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশমূলক আৰু প্রতিযোগিতামূলক অনুষ্ঠানৰ অন্তৰ্ভুক্তিৰে গ্ৰন্থমেলাৰ বাকৰিক বৌদ্ধিক সুকুমাৰ কলা আৰু সাংস্কৃতিক ভাবে উজ্জীৱিত কৰাৰ প্ৰয়াস চলোৱা হ’ব। ৰাইজৰ সহায়-সহযোগিতা অবিহনে গ্রন্থমেলা আয়োজনৰ এই পৰিকল্পনাক সাকাৰ ৰূপ দিয়াটো কঠিন। সেয়েহে, এই গোহাৰি পত্ৰৰ জৰিয়তে সবিনয়ে আমি ৰাইজৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলোঁ।

ছিপাঝাৰ মহাবিদ্যালয়ত মানৱ অধিকাৰ দিৱস পালন…

দেশৰ অন্যান্য ঠাইৰ সমান্তৰালকৈ ছিপাঝাৰ মহাবিদ্যালয়টো আয়োজন কৰা হয় মানৱ অধিকাৰ দিৱস। মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ দ্বাৰা আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ উদ্যোগত আয়োজন কৰা হয় মানৱ অধিকাৰ দিৱস। অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰী। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ ডেকাই শুভাৰম্ভ কৰা অনুষ্ঠানৰ আঁত ধৰে শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° চুলতানা ৰেজিয়াই।

সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° সীমান্ত প্ৰকাশ বৰুৱা। তেখেতে ” Human rights and cultural relativism–concept and perspective” শীৰ্ষক বক্তব্য আগবঢ়ায়।

কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ প্ৰতিষ্ঠানৰ পৰা বৰ্তমানলৈকে জব্দ সৰ্বমুঠ ৩৫৩ কোটি টকা…

কংগ্ৰেছ সাংসদৰ প্ৰতিষ্ঠানৰ পৰা জব্দকৃত ধনৰ গণনা অব্যাহত।

ধীৰাজ চাহুৰ প্ৰতিষ্ঠানৰ পৰা বৰ্তমানলৈকে জব্দ সৰ্বমুঠ ৩৫৩ কোটি টকা। ৫ দিনত ৩৫৩ কোটি টকা হিচাপৰ তথ্য আয়কৰ বিভাগৰ।

টকা গণনা কৰিবলৈ SBIৰ পৰা অনা হৈছে বিশেষ মেচিন। ৪০টা মেচিনেৰে গণনা কৰা হৈছে টকা। এইপৰ্যন্ত শেষ হৈছে ১৭৬ বেগ টকাৰ গণনা।

‘আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটী’ৰ উদ্যোগত আৰু ‘দৈনন্দিন বার্তা’ গোষ্ঠীৰ সহযোগত আছাম ৰাইজিং য়ুথ কনক্লেভ-২০২৪ আৰু সম্বৰ্ধনা-বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন…

সমাজৰ প্ৰতি সেৱাৰ মনোভাবেৰে গঠিত ‘আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটী’ৰ উদ্যোগত আৰু ‘দৈনন্দিন বার্তা’ গোষ্ঠীৰ সহযোগত নৱবৰ্ষ ২০২৪ৰ ৫ জানুৱাৰীত চতুৰ্দশ সংখ্যক ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪ আৰু সম্বৰ্ধনা-বঁটা প্ৰদান অনুষ্ঠান’ৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল “ভিভাণ্টা’ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোত যুৱ উদ্যমিতাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰি ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪’ অনুষ্ঠিত হ’ব। যুৱশক্তিক মূল বিষয় হিচাপে লৈ আয়োজন কৰা য়ুথ কনক্লেভৰ বিষয় হৈছে ‘আজিৰ ছাত্ৰ; কাইলৈ দেশৰ সু-নাগৰিক’ । উক্ত অনুষ্ঠানলৈ অসমৰ প্ৰতিখন জিলাৰ যুৱ প্ৰতিনিধিৰ লগতে বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্রণ জনোৱা হৈছে। এই অনুষ্ঠানত নতুন প্ৰজন্মই সংস্থাপনৰ পথ বিচাৰি উলিয়াব পৰা অসমৰ প্ৰচুৰ সম্ভাৱনাপূর্ণ ক্ষেত্র, যেনে পর্যটন, কৃষি, স্বাস্থ্য, ক্রীড়া, খনিজ-তেল, গেছ, পৰিবহণ, উদ্যমিতা আৰু দক্ষতা বিকাশ, বি২বি আদিৰে অসমখন কিদৰে সমৃদ্ধিশালী কৰি তুলিব পাৰি সেইবোৰ বিষয়ত আলোকপাত কৰা হ’ব।

যুৱ উদ্যমিতাৰ সঠিক বিকাশেৰে অসমৰ যুৱক-যুৱতীসকলে কিদৰে নিজে চাকৰি নিবিচাৰি আনক চাকৰি দিব পৰাকৈ সংস্থাপিত হ’ব পাৰে সেই বিষয়ত ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪’ ত আলোচনা কৰা হ’ব। এই য়ুথ কনক্লেভত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোঁহাইয়ে। ‘আছাম ৰাইজিং য়ুথ কনক্লেভ- ২০২৪’ ত অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলে https://www.dainandinbartagroup.in বেৱ চাইটত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব৷ উক্ত য়ুথ কনক্লেভে অসমৰ যুৱ-প্ৰজন্মক নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে৷ এই অনুষ্ঠানতে ‘দৈনন্দিন বার্তা’ গোষ্ঠীৰ তৰফৰ পৰা ‘সম্বৰ্ধনা আৰু বঁটা’ প্ৰদানৰ লগতে সন্ধিয়া ন-পুৰণি শিল্পীৰ সমাহাৰেৰে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে।অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ দিহা কৰা হৈছে৷