Home Blog Page 1209

যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা…

যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন।

বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বাহনৰ খুন্দা অটোত।

দুৰ্ঘটনাস্থলীত উপস্থিত যান-বাহন শাখাৰ আৰক্ষী। আঘাতপ্ৰাপ্ত চালকজনক JMCHলৈ প্ৰেৰণ।

কোকৰাঝাৰত শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ নিশা আৰক্ষীৰ গুলীচালনা…

কোকৰাঝাৰত অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা। শম্ভু কাহাৰ নামৰ এটা হত্যাকাৰীলৈ নিশা আৰক্ষীৰ গুলীচালনা।

পলায়নৰ চেষ্টা কৰোঁতে শম্ভু কাহাৰলৈ আৰক্ষীৰ গুলীচালনা।

কোকৰাঝাৰ তিনিআলি আমগুৰিত এই ঘটনা। ২৯ অক্টোবৰত সংঘটিত হত্যাকাণ্ডত জড়িত আছিল শম্ভু কাহাৰ।

মিচাউঙৰ ফলত তৃতীয় দিনাও চেন্নাইত বানপানী! বিদ্যুৎ বিহীন বহুতো এলেকা, সাহায্য অভিযান অব্যাহত

মিচাউং ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ চেন্নাই চহৰ ধ্বংসস্তূপ হৈ পৰিছে। তামিলনাডু আৰু পুডুচেৰীৰ বিশাল অঞ্চল ধাৰাবাহিক বৰষুণৰ ফলত প্লাৱিত হৈ পৰিছে। অৱশ্যে তামিলনাডুৰ ৰাজধানী চেন্নাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। বৰষুণ বন্ধ হ’লেও চৌদিশে জমা হৈ আছে পানী। বহু অঞ্চল বিদ্যুৎ বিহীন হৈ পৰিছে।

বংগোপসাগৰত গঠন হোৱা ঘূৰ্ণীবতাহ মিছাউঙে মঙলবাৰে অন্ধ্ৰ উপকূলত আঘাত হানে। ইয়াৰ পিছত তিনি ঘণ্টা ধৰি তাণ্ডৱ চলি থাকিল। কিন্তু ঘূৰ্ণীবতাহ মিচাউঙৰ বাবে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ জীৱন স্তব্ধ হৈ পৰিছে।

ধুমুহা আৰু বৰষুণৰ ফলত বহু ঠাইত বহু গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিল। সেইবাবেই বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি গৈছে। কেইবাঠাইতো পানীৰ তলত ডুব গৈছে বিদ্যুতৰ তাঁৰ। বিপদৰ পৰা হাত সাৰিবলৈ বহু অঞ্চল কৰ্তন কৰা হৈছে বিদ্যুৎ। অৱশ্যে পৰিস্থিতি অলপ নিয়ন্ত্ৰণলৈ আহিলে শীঘ্ৰে বিদ্যুৎ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হ’ব বুলি জনা গৈছে। ঘূৰ্ণীবতাহ আৰু ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভেলাচেৰী আৰু তাম্বাৰমৰ বিভিন্ন অঞ্চল প্লাৱিত হয়।

এই দুৰ্যোগৰ সময়ত চেন্নাইৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহত চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনে ব্যক্তিগত কোম্পানীসমূহক কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিবলৈ কয়। চেন্নাইৰ বেছিভাগ ঠাইতে নিম্নভূমি অঞ্চলত পানীয়ে প্লাৱিত কৰিছে। বহু ঘৰতো পানী সোমাইছে। প্লাৱনৰ ফলত বহু পৰিয়ালে ঘৰ এৰি যাবলৈ বাধ্য হৈছে। আনকি পাৰ্কিং লটত ৰখাই থোৱা গাড়ীবোৰো উটুৱাই লৈ গ’ল। চেন্নাইৰ কোলাথুৰ অঞ্চলৰ মাছ বেপাৰী ৰাজাৰমে কয় যে, “ধাৰাবাহিক বৰষুণৰ ফলত ৩০ খনতকৈও অধিক দোকান পানীত বুৰ গৈছে। দুদিন হ’ল এতিয়াও অঞ্চলটোত বিজুলী নাই। মোৰ চীনৰ পৰা আমদানি কৰা বহু মাছ এই দুৰ্যোগত মৃত্যুমুখত পৰিছে। বহুত টকা হেৰাই গ’ল।” পাৰ্বতী নামৰ এগৰাকী মহিলা চৰকাৰী সাহায্য শিবিৰত কয়, ‘আমাৰ অঞ্চলটো বানপানীত বুৰ গৈছে। আমি চৰকাৰী সাহায্য শিবিৰত খাদ্য, খোৱাপানী আৰু অন্যান্য প্ৰাথমিক সামগ্ৰী লাভ কৰি আছো।”

সাহায্য শিবিৰৰ কৰ্মী সেনবাঘমে কয়, মোৰ ঘৰ ৰাধাকৃষ্ণ শালাইত। অবিৰত বৰষুণৰ বাবে মোৰ অঞ্চলটোও বানপানীত বুৰ গৈছে। কাৰো ক্ষতি হোৱা নাই যদিও পানীৰে ভৰা পৰিস্থিতিৰ বাবে অঞ্চলটোৰ সকলোকে সাহায্য শিবিৰলৈ অনা হয়। ইয়াত তেওঁলোকক খাদ্য, খোৱাপানী আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী দিয়া হৈছে।” কিলপাউক আৰু কট্টুপাক্কাম অঞ্চলৰ বহু ঠাইত এতিয়াও বিদ্যুৎ বিহীন হৈ আছে।

দুৰ্যোগত অধিক ক্ষতিৰ পৰা হাত সাৰিবলৈ তামিলনাডুৰ ডি এম কে চৰকাৰে ইতিমধ্যে ৫ হাজাৰ সাহায্য কেন্দ্ৰ স্থাপন কৰিছে। উদ্ধাৰ কামৰ তদাৰক কৰিছে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। তামিলনাডু চৰকাৰে জনাইছে যে সাহায্য অভিযান পূৰ্ণগতিত চলি আছে। মাজনিশাও বানপানীৰ অঞ্চলত থকা লোকক উদ্ধাৰৰ বাবে নাও উৎক্ষেপণ কৰা হয়। এই দুৰ্যোগৰ সময়ত তামিলনাডু আৰক্ষীয়েও হেল্পলাইন নম্বৰ ঘোষণা কৰিছে।

তামিলনাডুৰ মুখ্য সচিব শিৱদাস মীনাই কয় যে মহানগৰীৰ বহু অঞ্চলৰ পানী আঁতৰাই স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। কেইবাটাও পথ মুকলি কৰি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। বহু পৰিয়ালক শুকান খাদ্য, ৰুটি আৰু গাখীৰৰ পেকেটো দিয়া হৈছে। কিন্তু এতিয়াও বহু কাম বাকী আছে।

মহানগৰীত পুনৰ আয়কৰ বিভাগৰ অভিযান ! কৰফাঁকিৰ বিৰুদ্ধে এই অভিযান চলাইছে আয়কৰ বিভাগে…

মহানগৰীত পুনৰ আয়কৰ বিভাগৰ অভিযান।

মহানগৰীৰ ৩টাকৈ স্থানত বৃহস্পতিবাৰে অভিযান চলাইছে বিভাগটোৱে।

ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই আয়কৰ বিভাগে। কৰফাঁকিৰ বিৰুদ্ধে এই অভিযান চলাইছে আয়কৰ বিভাগে।

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত শুনানি…

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ উচ্চতম ন্যায়ালয়ত শুনানি।

সাংবিধানিক বিচাৰপীঠত আৰম্ভ তৃতীয় দিনৰ শুনানি। দুদিনকৈ বিষয়টোক লৈ SCত হৈছে শুনানি।

৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত চলিছে শুনানি

ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযানত জব্দ নগদ ৫০ কোটি টকা…

ওড়িশা আৰু ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান। অভিযানত জব্দ নগদ ৫০ কোটি টকা। বৌধ ডিষ্টিলৰিজ প্ৰাইভেট লিমিটেডত চলাইছিল অভিযান।

কোম্পানীটোৰ চৌহদৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ টকাখিনি। ওড়িশাৰ বালাংগীৰ আৰু সম্বলপুৰত চলিছিল অভিযান।

ঝাৰখণ্ডৰ লোহাৰডাগাতো চলিছিল আয়কৰ বিভাগৰ অভিযান। টকাৰ পৰিমাণ ইমানেই বেছি আছিল যে বিকল হৈ পৰিছিল টকা গণনা কৰা মেচিন।

শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক নিলম্বন…

শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰীক নিলম্বন। কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন। অসম চৰকাৰৰ বিত্তীয় বিভাগে নিলম্বন কৰিছে সঞ্জীৱ বৰাক।

পেন্সনাৰ, হিতাধিকাৰীৰ বিল অনুমোদনৰ নামত ধন দাবীৰ অভিযোগ। সঞ্জীৱ বৰাৰ বিৰুদ্ধে সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰো অভিযোগ।

কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকা অপৰাধত নিলম্বন সঞ্জীৱ বৰাক। সঞ্জীৱ বৰা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া হিচাপেও কৰ্মৰত আছিল

কিছু সময় পাছতে তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ…

আজি তেলেংগানাত কংগ্ৰেছৰ নতুন চৰকাৰৰ শপত গ্ৰহণ।

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ৰেৱন্ত ৰেড্ডীয়ে। মুখ্যমন্ত্ৰীসহ ৬গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণৰ সম্ভাৱনা।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী। শপত গ্ৰহণৰ বাবে সজাই-পৰাই তোলা হৈছে ৰাজধানী হায়দৰাবাদ।

জম্মু-কাশ্মীৰ বিধানসভাত কাশ্মীৰী পণ্ডিত ! পাক অধিকৃত কাশ্মীৰৰ শৰণাৰ্থীৰ বাবে কেন্দ্ৰই আসন সংৰক্ষণ কৰিছেঃ অমিত শ্বাহ…

জম্মু-কাশ্মীৰ বিধানসভাত কাশ্মীৰী পণ্ডিত,পাক অধিকৃত কাশ্মীৰৰ শৰণাৰ্থীৰ বাবে কেন্দ্ৰই আসন সংৰক্ষণ কৰিছেঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত কাশ্মীৰ সম্পৰ্কীয় জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৩ নামৰ দুখন বিধেয়ক উত্থাপন কৰি কয় যে এখন বিধেয়কে এগৰাকী মহিলাসহ দুজন কাশ্মীৰী প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ সদস্যক বিধানসভাত মনোনীত কৰিব বিচাৰিছে আৰু জম্মু-কাশ্মীৰ বিধানসভাত পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা স্থানান্তৰিত হোৱা লোকসকলৰ বাবে এখন আসন সংৰক্ষণ কৰিব বিচাৰিছে। কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয় শাসিত অঞ্চলত আগতীয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী কৰি থকাৰ সময়তে শ্বাহে এনে ঘোষণা কৰে। । দুয়োখন বিধেয়ক লোকসভাই বিতৰ্কৰ পিছত গৃহীত কৰে।
জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক ২০২৩ ত ২০০৪ চনৰ জম্মু আৰু কাশ্মীৰ সংৰক্ষণ আইনৰ সংশোধন কৰা হৈছে আনহাতে জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৩ ত জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ৰ সংশোধন কৰা হৈছে।

লোকসভাত শ্বাহে কয়”এই বিধেয়কে সন্ত্ৰাসবাদৰ বাবে কাশ্মীৰ এৰিব লগা লোকসকলক বিধানসভাত প্ৰতিনিধিত্ব দিব বিচাৰিছে… জম্মু আৰু কাশ্মীৰ বিষয়ক দুখন বিধেয়কৰ এখনে এগৰাকী মহিলাসহ দুজন কাশ্মীৰী প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ সদস্যক বিধানসভালৈ মনোনীত কৰিব বিচাৰিছে। জম্মু-কাশ্মীৰ বিধানসভাৰ এখন আসন পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা স্থানান্তৰিত হোৱা লোকসকলৰ বাবে সংৰক্ষিত কৰা হ’ব,”।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জম্মু-কাশ্মীৰ সম্পৰ্কীয় দুখন বিধেয়কে যোৱা ৭০ বছৰ ধৰি কাশ্মীৰত অধিকাৰৰ পৰা বঞ্চিত লোকসকলক ন্যায় প্ৰদান কৰিব। বিৰোধী দলসমূহক আক্ৰমণ কৰি শ্বাহে কয় যে যদি ভোট বেংকৰ ৰাজনীতিৰ কথা বিবেচনা নকৰাকৈ আৰম্ভণিতে সন্ত্ৰাসবাদৰ মোকাবিলা কৰা হ’লহেঁতেন, কাশ্মীৰী পণ্ডিতসকলে আজি উপত্যকা এৰিবলগীয়া নহ’লহেঁতেন।

কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কয় যে পুৰণি দলটোৱে অন্যান্য পিছপৰা শ্ৰেণীৰ আটাইতকৈ বেছি ক্ষতি কৰিছে , আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আহিছে।

শ্বাহে কয় “মই ইয়ালৈ অনা বিধেয়কখন যিসকলৰ বিৰুদ্ধে অন্যায় কৰা হৈছিল তেওঁলোকক ন্যায় প্ৰদান কৰা, যাক অপমান কৰা হৈছিল আৰু যিসকলক উপেক্ষা কৰা হৈছিল তেওঁলোকক অধিকাৰ প্ৰদান কৰাৰ বাবে অনা হৈছে। যিকোনো সমাজত, যিসকল বঞ্চিত তেওঁলোকক আগুৱাই নিয়া উচিত। সেয়া হৈছে ভাৰতৰ সংবিধানৰ মৌলিক ধাৰণা। কিন্তু তেওঁলোকক এনেদৰে আগুৱাই আনিব লাগিব যাতে তেওঁলোকৰ সন্মান লাঘৱ নহয়। অধিকাৰ প্ৰদান আৰু সন্মান সহকাৰে অধিকাৰ দিয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সেয়েহে, দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ পৰিৱৰ্তে ইয়াক আন পিছপৰা শ্ৰেণীৰ বাবে বুলি পুনৰ নামকৰণ কৰাটো গুৰুত্বপূৰ্ণ,” ।

শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা কৰা ২ টা ভুলৰ বাবে জম্মু আৰু কাশ্মীৰ ক্ষতিগ্ৰস্ত হৈছে – প্ৰথমে যুদ্ধবিৰতি ঘোষণা কৰা আৰু তাৰ পিছত কাশ্মীৰ সমস্যা ৰাষ্ট্ৰসংঘলৈ লৈ যোৱা। তেওঁ কয় যে মোদী চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সন্ত্ৰাসবাদীক শেষ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। “মই বিশ্বাস কৰোঁ যে মোদী চৰকাৰ ২০২৪ চনত ক্ষমতালৈ ঘূৰি আহিব আৰু ২০২৬ চনৰ ভিতৰত কাশ্মীৰত কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত নহ’ব,”।

আজিৰে পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ…

আজিৰে পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

নগৰীয়া জনসাধাৰণক চৰকাৰী আঁচনিৰ সুবিধাৰে স্পৰ্শ কৰাৰ প্ৰয়াসৰ অংশ স্বৰূপে, বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ই আজিৰ পৰা সমগ্ৰ অসমৰ ১৪৬টা নগৰীয়া স্থানক সামৰি লোৱাৰ লক্ষ্যৰে এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা চৰকাৰী আঁচনিসমূহক নাগৰিকসকলৰ ওচৰলৈ লৈ গৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক প্ৰচেষ্টা।
কামৰূপ মেট্ৰ’, ধুবুৰী, আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত আজিৰ পৰা শুভাৰম্ভ কৰা হৈছে নগৰীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা। কামৰূপ মেট্ৰ’ৰ পানবজাৰ আৰু চান্দমাৰীত আজি এই যাত্ৰাৰ আৰম্ভণিৰে “মেৰী কাহানি মেৰী জুবানী” কাৰ্যসূচী আৰু হিতাধিকাৰীৰ সৈতে মত বিনিময়কে ধৰি এলানি জন ভাগীদাৰী অনুষ্ঠানৰ মঞ্চ তৈয়াৰ কৰা হয়।

নাগৰিক সেৱা বৃদ্ধিৰ প্ৰয়াসেৰে আৰম্ভ হোৱা আজিৰ নগৰীয়া বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোগ্য হিতাধিকাৰীসকললৈ আঁচনিসমূহৰ সুচলতা নিশ্চিত কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত তাৎক্ষণিক সংযোগ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, আধাৰ কাৰ্ড পঞ্জীয়ন, পি এম স্বনিধি আঁচনিৰ পঞ্জীয়ন আদি সুবিধাসমূহ থিতাতে প্ৰদান কৰা হয়।

আজি গুৱাহাটীৰ পানবজাৰত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰা নগৰীয়া (VBSY Urban) উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অনুষ্ঠানটোৰ শোভা বঢ়ায় মেয়ৰ শ্ৰী মৃগেন শৰণীয়াই। অনুষ্ঠানত জিএমচিৰ আয়ুক্ত শ্ৰী এম এন ডাহাল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিব শ্ৰীমতী পঞ্চমী চৌধুৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপ-সঞ্চালক শ্ৰীমতী পাৱনী গুপ্তা আৰু ১৭ নং ৱাৰ্ডৰ কাউন্সিলাৰ শ্ৰীমতী স্নিগ্ধা মজুমদাৰে অংশগ্ৰহণ কৰে।

পানবজাৰত অনুষ্ঠিত এই নগৰীয়া যাত্ৰাৰ উদ্বোধনী অধিৱেশনৰ সময়ত গুৱাহাটীৰ মেয়ৰ শ্ৰী শৰণীয়াই উল্লেখ কৰে যে এই যাত্ৰাৰ প্ৰধান উদ্দেশ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু নীতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। তেওঁ আলোকপাত কৰে যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশখনক নাগৰিকসকলৰ বাবে এক সৰ্বাংগীন উন্নত সত্তালৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই যাত্ৰাৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ইয়াৰ লক্ষ্য হৈছে এই আঁচনিসমূহৰ বিষয়ে মানুহক অৱগত কৰা আৰু ইয়াৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰা।

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে নাগৰিকসকলক অৱগত কৰোৱা আৰু সবলীকৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা দেশজোৰা পদক্ষেপ বিকশিত ভাৰত সংকল্প যাত্ৰাই অসমৰ জনসাধাৰণৰ মাজত গভীৰ সংযোগ সৃষ্টি কৰিছে।

ইতিমধ্যে ১৫ নৱেম্বৰৰ পৰা জনজাতীয় জিলাৰ লগতে ৰাজ্যৰ গ্ৰাম্য অঞ্চলত আৰম্ভ হোৱা এই সংকল্প যাত্ৰাৰ সফলতাৰ লগে লগে ই এক ইতিবাচক পৰিৱৰ্তনৰ প্ৰমাণ হিচাপে থিয় দিছে আৰু প্ৰগতিশীল সমাজৰ দিশত অগ্ৰসৰ হৈছে।