Home Blog Page 1236

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা ! এজনৰ থিতাতে মৃত্যু…

মঙ্গলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰা বাহঁবজাৰৰ সমীপত ৰাতিপুৱা ৫:৪৫ বজাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তিনিজন কিশোৰ ঘৰৰ পৰা টিউচনলৈ মটৰ চাইকেলেৰে গৈ থকাৰ সম‌য়ত বিপৰীত মূখী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ ।

এজন থিতাতে নিহত হয় আৰু আন দুজনক সংকত জনক অবস্থাত বৰ্তমান মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। জানিব পৰা মতে মটৰ চাইকেল খনত তিনিজন কিশোৰ আছিল, তিনিওজন নৱম শ্ৰেণীৰ ছাত্ৰ ।

তিনিওজনে মঙ্গলদৈ বাঘপৰিৰ বুলি জানিব পৰা গৈছে । মৃত কিশোৰ জনৰ নাম ৰফিকুল ইছলাম,(১৬) আহত দুজন ক্ৰমে আব্দুল গনি(১৬) আৰু ৰাজিদুল হক(১৬) ।

কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ…

কাছাৰত দুৰ্নীতিৰ অভিযোগত গাঁও পঞ্চায়তৰ সচিব কৃপাশংকৰ দত্তক গ্ৰেপ্তাৰ৷

কালাইন উন্নয়ন খণ্ডৰ পাইকান দীঘৰখাল গাঁও পঞ্চায়তৰ সচিব দত্ত ৷

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে কৃপাশংকৰৰ বিৰুদ্ধে তৰিছিল গোচৰ৷

সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ…

সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ

সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু, অনুষ্ঠান আদিৰ অনুমতিৰ বাবে ৩০০ টকা

ৰাজনৈতিক ৰেলী, অনুষ্ঠান আৰু সভাৰ অনুমতিৰ বাবে ২০০০ টকা

সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠানৰ অনুমতিৰ বাবে ২০০০ টকা

বাটৰ নাট, সজাগতা ৰেলী, অনুষ্ঠানৰ অনুমতিৰ বাবে ৫০০ টকা

বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’, আদিৰ অনুমতিৰ বাবে ৫০০০ টকা

বাণিজ্যিক নিৰ্মাণৰ অনুমতিৰ বাবে গুৱাহাটীত ৫০ হাজাৰ টকাৰ মাচুল

ৰাজ্যৰ আন প্ৰান্তত ২৫ হাজাৰ টকাৰ মাচুল

পেট্ৰ’ল পাম্প আৰু গেছ এজেন্সীৰ অনুমতিৰ বাবে ১০ হাজাৰ টকা

প্রাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

ভাড়াঘৰ আৰু PGৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

ঘৰৰ বনকৰা লোকৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

অসমৰ নাট্য আন্দোলনত শিৱসাগৰৰ অৱদান ! অসম গ্ৰন্থমেলাত আলোচনা সত্ৰ…

ভাষা-সাহিত্য-সংস্কৃতিৰ অন্যতম পীঠস্থান শিৱসাগৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা পুথিপ্ৰেমীৰ সমাৱেশত আকৰ্ষণীয় হৈ উঠিছে ৷ গ্ৰন্থপ্ৰেমীৰ এনে ইতিবাচক সঁহাৰিয়ে আশাবাদী কৰি তুলিছে লেখক-প্ৰকাশক আৰু বিক্ৰেতা সকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহাসিক ব’ৰ্ডিং খেলপথাৰত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিৱসাগৰত প্ৰতিদিনে সাহিত্য-সংস্কৃতিৰ বিভিন্ন মনোজ্ঞ অনুষ্ঠানো আয়োজন কৰা হৈছে ৷ আজি বিয়লি ২ বজাত অনুষ্ঠিত হয় “অসমৰ নাট্য আন্দোলনত শিৱসাগৰৰ অৱদান” শীৰ্ষক আলোচনা সত্ৰ ৷ বিশিষ্ট নাট্যকাৰ-সাহিত্যিক ড° জগদীশ পাটগিৰিয়ে আলোচনা সত্ৰখন উদ্বোধন কৰি কয় যে অসমৰ নাট্য আন্দোলনলৈ শিৱসাগৰৰ অৱদান অপৰিসীম ৷ এই বিষয়কলৈ বিস্তৃত গৱেষণা হ’ব পাৰে ৷ কেৱল নাটক বুলিয়ে নহয় সামগ্ৰিকভাৱে পৰিৱেশ্য কলাৰ দিশত শিৱসাগৰৰ অৱদান অতুলনীয় ৷ অসমৰ আধুনিক নাট-চলচ্চিত্ৰ , গীতিসাহিত্যক শিৱসাগৰে নেতৃত্ব দিছিল ৷ ১৮৮৯ চনতে শিৱসাগৰত নাট্য সমাজৰ জন্ম হৈছিল ৷ সেই ধাৰা অব্যাহত ৰাখিব লাগিব তৰুণসকলে ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট নাট্যকৰ্মী-লেখক, সতি সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই ৷ তেওঁ কয়—“ নাট্য আন্দোলনৰ বিষয়কলৈ গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো বৰ ভাল লগা কথা৷ নাটক সদায়ে জনজীৱনৰ লগত জড়িত ৷ সেয়ে নাট্য সাহিত্যত জন-সমাজখন প্ৰতিফলিত হয় ৷ শিৱসাগৰৰ সত্ৰসমূহত প্ৰচীন কালৰে পৰা নাট-ভাওনা পৰিৱেশিত হৈ আহিছে ৷ আধুনিক কালচোৱাতো শিৱসাগৰৰ নাট্য ধাৰা অতি শক্তিশালী ৷ ১৯ শতিকাৰ মাজভাগৰ পৰা আজিৰ একৈশ শতিকালৈ শিৱসাগৰত যুগ সাপেক্ষ আৰু সামাজিক দায়ৱদ্ধতাপূৰ্ণ নাট্য ধাৰা অব্যাহত আছে ৷”

এইক্ষেত্ৰত তেওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা-হেম বৰুৱাৰ পৰা সাম্প্ৰতিক সময়লৈ নাট্য আন্দোলনক তৰান্বিত কৰা নাট্যকাৰ-পৰিচালক, অভিনয় শিল্পীসকলৰ সাধনা আৰু ত্যাগৰ কথা দোহাৰে ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট নাট্যকৰ্মী,লেখক প্ৰশান্ত শইকীয়াই কয়—“নাট ৰচনা ,পৰিৱেশন আৰু অভিনয় কলা এই আটাইকেইটা দিশ সামৰি শিৱসাগৰৰ নাট্য ইতিহাস সমৃদ্ধ হৈ আছে ৷” তেওঁ এইক্ষেত্ৰত শিৱসাগৰ নাট্য সমাজকে প্ৰমুখ্য কৰি সেউজীয়া সমাজ, আমোলাপট্টি নাট্য সমাজ, ৰংপুৰ জ্যোতি সংঘ, শিৱসাগৰ যুৱদল, শিৱসাগৰ শিল্পী সমাজ, জাগৃতি, মিলিত শিল্পী সমাজ, জোনালী চ’ৰা, জোনাকী চ’ৰা, চিত্ৰলেখা কলা পৰিষদ, ৰংপুৰ মহিলা চ’ৰা, মেলাচকৰ নামঘৰ সমাজ, শ্ৰীশ্ৰী শংকৰদেৱ সমাজ, জ্যোতি সংঘ, নৱজাগৰণ সংঘ, পাঞ্চজন্য, পূৰ্বজ্যোতি ক্লাৱ, নাট্যপীঠ, নাটকথা, সংকল্প, কলঞ্চুপাৰ চিনে আৰ্ট ছ’চাইটি আদি নাট্যানুষ্ঠান সমূহৰ নাম উল্লেখ কৰে ৷

সমান্তৰালভাৱে ১৮৯৯ চনৰ পৰা বৰ্তমানলৈকে শিৱসাগৰৰ নাট্যক্ষেত্ৰক সমৃদ্ধিশালী কৰা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে আলোচনাত উল্লেখ কৰে ৷ আন এগৰাকী আলোচক অতিথি, নাট্যকাৰ ডাঃ ৰিপুণ বৰপূজাৰীয়ে বিষয় প্ৰসংগত কয় যে শিৱসাগৰ বিভিন্ন ঐতিহ্যৰে পৰিপূৰ্ণ হৈ আছে ৷ ইয়াৰ নাট্য ঐতিহ্যও অতি উচ্চস্তৰৰ ৷ প্ৰাক্ স্বাধীনতাৰ কালৰে পৰা ইয়াত নব্য নাট্যধাৰাৰ বাট মুকলি হয় ৷ স্বাধীনতাৰ পৰৱৰ্তী কালতো ৫০ দশকৰ পৰা এতিয়ালৈ শিৱসাগৰৰ নাট্য আন্দোলনৰ ধাৰাটো অতি সজীৱ আৰু স্ৰোতস্বিনী হৈ আছে ৷ এই ধাৰাই অসমৰ নট্য ইতিহাসক সমৃদ্ধ কৰি ৰাখিছে ৷একেদৰে আলোচক অতিথি, নাট্যকাৰ নিৰোদ গোঁহাইৰ মতে—“ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰাই শিৱসাগৰত নাট্য ধাৰা অব্যাহত আছে ৷ ইয়াৰ পাছত মুকলি মঞ্চত বুৰঞ্জীমূলক নাটৰ প্ৰচলন আছিল ৷ পৰৱৰ্তী পৰ্যায়ত প্ৰচেনিয়াম থিয়েটাৰৰ ধাৰণাৰে বিশ্ব-নাট্য ধাৰাৰ বাটেৰে শিৱসাগৰেও বাট বুলিছে ৷ এই ধাৰা এতিয়াও অক্ষুণ্ণ আছে ৷” সন্ধিয়া ৫ বজাৰ পৰা প্ৰবোধ দাসৰ পৰিচিলনাত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷ ইয়াত যোগদান কৰে শিৱসাগৰৰ হোলি নেইম হায়াৰ ছেকেণ্ডাৰী স্কুল, আৰ্যভট্ট একাডেমী চিনিয়’ৰ ছেকেণ্ডাৰী স্কুল আৰু বেতবাৰীস্হিত শংকৰদেৱ শিশু নিকেতনে ৷

নিৰ্দেশ মনা নাই কিয় ! প্ৰদূষণ সন্দৰ্ভত কেজৰিৱাল চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ…

নিৰ্দেশ মনা নাই কিয়? প্ৰদূষণ সন্দৰ্ভত কেজৰিৱাল চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

প্ৰদূষণৰ প্ৰসংগত দিল্লী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কথা শুনা নাই।এই কথাতে এতিয়া দিল্লী চৰকাৰক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্লীৰ চৰকাৰে প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কৃষকসকলক ইচ্ছাকৃতভাৱে টানি অনা হৈছে। উচ্চতম ন্যায়ালয়ে দিল্লী আৰু পঞ্জাৱ চৰকাৰক কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰি সেয়া শিকিবলৈ পৰামৰ্শ দিছে। উল্লেখ্য দিল্লীত নৱেম্বৰৰ আৰম্ভণিৰ পৰা প্ৰদূষণৰ সমস্যা অতি ভয়াৱহ হৈ পৰেছে। প্ৰদূষণক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।


মঙলবাৰে শীৰ্ষ ন্যায়ালয়ে প্ৰদূষণ সম্পৰ্কীয় গোচৰবোৰৰ শুনানি আৰম্ভ কৰে। আদালতে কয় “যোৱা ছবছৰৰ ভিতৰত ২০২৩ চনৰ নৱেম্বৰতেই দিল্লীত আটাইতকৈ বেছি প্ৰদূষণ হৈছে। সকলোৱে জানে এইটো কিয় এটা সমস্যা হৈ পৰিছে। চৰকাৰে এই সমস্যাটো সমাধান কৰা উচিত।’’ লক্ষণীয় কথাটো হ’স শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ ফলত সমগ্ৰ উত্তৰ ভাৰত শীতকালৰ আৰম্ভণিতে প্ৰদূষণৰ কবলত পৰে।উচ্চতম ন্যায়ালয়ে কৃষকসকলক প্ৰদূষণৰ মুখ্য কাৰণ হিচাপে দোষাৰোপ কৰাৰ প্ৰৱণতাক আওকাণ কৰে।

আদালতে কয় “কৃষকসকলে তেওঁলোকৰ শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ কাৰণ আছে। কিন্তু আমি সেই বিষয়ে একো জানিব নোৱাৰো। কাৰণ ইয়াত তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। পঞ্জাৱ চৰকাৰে হাৰিয়ানাৰ পৰা কৃষকসকলক কেনেদৰে অতিৰিক্ত লাভ প্ৰদান কৰিব পাৰি সেয়া শিকিব লাগে। চৰকাৰে দৰিদ্ৰ কৃষকসকলৰ বাবে সকলো প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰা উচিত। “

প্ৰদূষণ সম্পৰ্কীয় গোচৰৰ উপৰি উচ্চতম ন্যায়ালয়ে পৰিবহন আৱণ্টনত পলম হোৱাৰ গোচৰৰ শুনানিও গ্ৰহণ কৰে। একে সময়তে, শীৰ্ষ ন্যায়ালয়ে আপ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, “আপোনালোকে আমাৰ আদেশ পালন কৰা নাই। দিল্লী আৰু উত্তৰ প্ৰদেশক প্ৰদূষণৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল’বলৈ কোৱা হৈছিল। প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব।’’

বিচাৰিছিলো চাকৰি, পালো আটা – দাইল ! নিজৰ দলৰ চৰকাৰৰ পুনৰ সমালোচনা সাংসদ বৰুণ গান্ধীৰ…

নিজৰ দলৰ চৰকাৰৰ পুনৰ সমালোচনা সাংসদ বৰুণ গান্ধীৰ। নিৱনুৱা সমস্যা সন্দৰৰ্ভত চৰকাৰৰ উদাসীন মনোভাৱক বৰুণ গান্ধীয়ে তীব্ৰ সমালোচনা কৰে। বৰুণ গান্ধীয়ে এইবুলি অভিযোগ কৰে যে দেশৰ নিৱনুৱাই চাকৰি এটা বিচাৰিছিল যদিও চৰকাৰে চাকৰি দিয়াৰ সলনি তেওঁলোকক আটা, দাইল আদিহে দিলে। এক্স হেণ্ডেলত বৰুণ গান্ধীয়ে লিখিছে-“তেৰি মহব্বত মে হো গয়ে ফানা, মাংগি থি নৌকৰী , মিলা আটা দাল চানা”। এনে মন্তব্যৰ জৰিয়তে বৰুণ গান্ধীয়ে নিজৰ দলৰ চৰকাৰৰ ব্যৰ্থতাকেই পুনৰবাৰ উদঙাই দিলে। বিজেপি সাংসদ বৰুণ গান্ধীয়ে ইয়াৰ পূৰ্বেও নানান বিষয়ত নিজৰ দলৰ চৰকাৰকেই সমালোচনা কৰিছিল। কিছুদিন পূৰ্বে মূল্যবৃদ্ধিকে ধৰি আন কেইবাটাও বিষয়ত নিজৰ দলৰে চৰকাৰক সমালোচনা কৰা বৰুণ গান্ধীয়ে মোদীৰ চৰকাৰক সমালোচনা কৰি প্ৰশ্ন কৰিছিল চৰকাৰী কোষাগাৰৰ ওপৰত প্ৰথম অধিকাৰ কাৰ ?

বৰুণ গান্ধীয়ে তেওঁৰ চৰকাৰক ‘ফ্ৰী কি ৰেৱৰী’ সন্দৰ্ভত সমালোচনা কৰিছিল৷বৰুণ গান্ধীয়ে এই বুলি টুইট কৰিছল যে দৰিদ্ৰ লোকসকলক ৫ কিলোগ্ৰাম ৰেচন দিয়াৰ বাবে ‘ধন্যবাদ’ বিচৰা চৰকাৰ খনে পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলক ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিছে৷ পিলিভিটৰ সাংসদজনে তেওঁৰ নিজৰ দলৰ সাংসদ নিশিকান্ত দুবেৰ বক্তব্যকো সমালোচনা কৰিছিল। উল্লেখ্য পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক সমাৱেশত কৈছিল যে বিনামূলীয়াকৈ বস্তু দিয়া লোকৰ পৰা সাৱধান হোৱা উচিত। মোদীয়ে মূলতঃ আম আদমী পাৰ্টীক লক্ষ্য কৰিয়েই কথা খিনি কৈছিল৷ কাৰণ আপে বিদ্যুতকে ধৰি আন বহু সেৱা জনতাক বিনামূলীয়াকৈ দিছে৷এই ক্ষেত্ৰত বৰুণ গান্ধীয়ে মোদীক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনোৱাৰ সলনি তেওঁৰ নিজৰ দলক কাঠগড়াতহে তুলিছে৷ পাঁচ বছৰত দুৰ্নীতিগ্ৰস্ত ধনী লোকসকলৰ ১০ লাখ কোটি টকালৈকে ঋণ ৰেহাই দিয়াৰ প্ৰসংগতে মোদীৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল বৰুণ গান্ধীয়ে৷মোদীৰ চৰকাৰক কটাক্ষ কৰি বৰুণ গান্ধীয়ে কৈছিল যে মেহুল চোকচি আৰু ঋষি আগৰৱালাৰ নাম ’ফ্ৰীৰ ৰেৱাৰী’ৰ তালিকাত শীৰ্ষস্থানত আছে।

চৰকাৰী ধনৰ অপচয় কৰাৰ অধিৰকাৰ কাৰো নাই বুলিও তেওঁ কৈ আহিছে৷বৰুণ গান্ধীয়ে বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কে কাৰাডে সদনত উপস্থাপন কৰা তথ্য উল্লেখ কৰি এই কথা বুজাবলৈ চেষ্টা কৰিছিল যে চৰকাৰে যোৱা কেইবছৰমানত বিলিয়নেয়াৰসকলক কোটি কোটি টকাৰ ঋণ দিছিল আৰু তেওঁলোকে সুকলমে সেই ধন লৈ দেশৰ পৰা পলাই গৈছিল। বৰুণ গান্ধীৰ এনে আক্ৰমণত স্বাভাৱিকতে শলঠেকত পৰিছে মোদীৰ চৰকাৰ৷ইয়াৰ পূৰ্বে ‘অগ্নিপথ’ৰ বিষয়টোকলৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছিল বৰুণ গান্ধী। অগ্নিবীৰৰ বাবে পেঞ্চনৰ দাবী উত্থাপন কৰি বৰুণ গান্ধীয়ে কৈছিল যে যদি অগ্নিবীৰৰ বাবে পেঞ্চন প্ৰৱৰ্তন কৰা নহয় তেন্তে তেঁৱো পেঞ্চন এৰি দিবলৈ সাজু আছে।বৰুণ গান্ধীয়ে এইবুলি টুইট কৰিছিল, “যদি হ্ৰস্বম্যাদী সেৱাত নিয়োজিত অগ্নিবীৰসকল পেঞ্চনৰ বাবে যোগ্য নহয়, তেন্তে জনপ্ৰতিনিধিসকলক এই ‘লাভালাভ’ কিয় দিয়া উচিত? ৰাজ্যৰ ৰক্ষকসকলে পেঞ্চনৰ অধিকাৰ এৰি নিদিলেও মই মোৰ পেঞ্চন এৰি দিবলৈও সাজু। বিধায়ক,সাংসদসকলে তেওঁলোকৰ পেঞ্চন এৰি দিব নোৱাৰে আৰু এয়াও নিশ্চিত কৰিব নোৱাৰে যে অগ্নিবীৰসকলক পেঞ্চন দিয়া হ’ব“।

গাজাত আক্ৰমণ বন্ধৰ দাবীঃ মাজ সাগৰতে ভাৰত অভিমুখে আহি থকা জাহাজ অপহৰণ হাউথি বিদ্ৰোহীৰ…

গাজাত আক্ৰমণ বন্ধৰ দাবীঃ মাজ সাগৰতে ভাৰত অভিমুখে আহি থকা জাহাজ অপহৰণ হাউথি বিদ্ৰোহীৰ

ভাৰত অভিমুখী জাহাজ এখন অপহৰণ কৰিলে হাউথি বিদ্ৰোহীয়ে। দেওবাৰে এখন মালবাহী জাহাজ অপহৰণৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতলৈ যাত্ৰা কৰা এখন ব্ৰিটিছ জাহাজ য়েমেনত হাউথি বিদ্ৰোহী গোটে অপহৰণ কৰে।

গাজাত হামাছৰ বিৰুদ্ধে সংঘৰ্ষ বন্ধ নোহোৱালৈকে এইদৰে আক্ৰমণ অব্যাহত থাকিব বুলি হাউথি বিদ্ৰোহীয়ে ঘোষণা কৰিছে। বিদ্ৰোহীসকলে জাহাজ খন অপহৰণ কৰাৰ এটা ভিডিঅ’ও মুকলি কৰিছে। ব্ৰিটিছ জাহাজখনে এটা জাপানী কোম্পানীৰ বাবে সামগ্ৰী কঢ়িয়াই নিছিল।জাহাজখনে প্ৰথমে তুৰস্কৰ পৰা ভাৰতত উপস্থিত হোৱাৰ কথা আছিল। মাজ সাগৰতে হাউথি বিদ্ৰোহীৰ কমাণ্ডো বাহিনীয়ে লোহিত সাগৰত জাহাজখন দখল কৰে। দক্ষ সৈনিকৰ শৈলীত বিদ্ৰোহীয়ে জাহাজখনত থকা ২৫ জন লোকক আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰায়।

হেলিকপ্টাৰেৰে আহি বিদ্ৰোহীয়ে জাহাজত নামে আৰু জাহাজখনত থকা সকলক আত্মসমৰ্পন কৰিব বাধ্য কৰে। বিদোৰহীয়ে গুলীচালাও কৰে। খবৰ অনুসৰি জাহাজখন য়েমেনৰ ছালিফ বন্দৰলৈ লৈ যোৱা হৈছে। তাতেই জাহাজখনৰ কৰ্মচাৰীসকল আবদ্ধ হৈ আছে। দলটোৱে জাহাজখন অপহৰণ কৰাৰ ভিডিঅ’ মুকলি কৰি বিদ্ৰোহীয়ে কৈছে যে এই জাহাজখন ইজৰাইলৰ। যিহেতু বেঞ্জামিন নেতান্যায়াহুৰ দেশখনে হামাছৰ বিৰুদ্ধে যুঁজ দি আছে,সেয়ে তেওঁলোকৰ দেশৰ জাহাজখন অপহৰণ কৰা হৈছে। উগ্ৰপন্থী গোটটোৰ মুখপাত্ৰ এজনে কয়, “এয়া মাত্ৰ আৰম্ভণি। যদি ইজৰাইলে যুদ্ধ বন্ধ নকৰে, জলপথত আক্ৰমণ অব্যাহত থাকিব। ইজৰাইলী জাহাজ দেখিলেই আক্ৰমণ কৰা হ’ব।’’

নেতানিয়াহুৰ কাৰ্যালয়ে এটা বিবৃতি জাৰি কৰি ঘটনাটোৰ বাবে ইৰাণক পোনপটীয়াকৈ দোষাৰোপ কৰিছে। ইজৰাইলে আন্তৰ্জাতিক জলসীমাত এখন মালবাহী জাহাজৰ ওপৰত হোৱা আক্ৰমণক “সন্ত্ৰাসবাদী কাৰ্য” বুলি কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এই ঘটনাক গৰিহণা দিছে। আমেৰিকাই জাহাজখনৰ ২৫ জন ক্ৰু সদস্যক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ দাবী জনাইছে।

বিৰোধীৰ আপত্ত নৰজিলঃ তিনিখন নতুন ফৌজদাৰী আইনৰ নাম ৰখা হ’ব হিন্দীতে…

বিৰোধীৰ আপত্ত নৰজিলঃ তিনিখন নতুন ফৌজদাৰী আইনৰ নাম ৰখা হ’ব হিন্দীতে

বিৰোধীৰ আপত্ত নৰজিল, তিনিখন নতুন ফৌজদাৰী আইনৰ নাম ৰখা হ’ব হিন্দীতে। কেন্দ্ৰই অনা তিনিখন নতুন অপৰাধী আইনৰ ক্ষেত্ৰত ইংৰাজীৰ পৰিৱৰ্তে হিন্দী নাম ব্যৱহাৰ কৰাত কোনো আপত্তি নাই। গৃহ পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় সমিতিয়ে ভাৰতীয় ন্যায় বিধি, ভাৰতীয় নাগৰিক সুৰক্ষা বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ নাম হিন্দীতে উল্লেখ কৰাৰ বিষয়ত অনুমোদন জনাইছে। বিজেপি সাংসদ ব্ৰিজলালৰ নেতৃত্বত গঠিত সংসদীয় সমিতিয়ে কৈছে যে গৃহ মন্ত্ৰালয়ে প্ৰস্তুত কৰা তিনিখন নতুন আইনৰ নাম হিন্দীত দিয়া হ’ব ।

কিন্তু সেই নাম ইংৰাজী লিপিত লিখা হ’ব। গতিকে সেই নামবোৰ অসাংবিধানিক বুলি গণ্য কৰিব পৰা নাযাব।
কেন্দ্ৰই ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১২৪(ক) সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। লোকসভাত তিনিখন আইন – ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু ভাৰতীয় প্ৰমাণ আইন সলনি কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি ভাৰতীয় ন্যায় সংহিতা হিচাবে পৰিচিত হ’ব।

চিআৰপিচিৰ নাম সলনি হৈ হ’ব নাগৰিক সুৰক্ষা সংহিতা, এভিডেন্স এক্টৰ নাম সলনি হৈ হ’ব ভাৰতীয় সাক্ষ্য আইন।বিৰোধীয়ে কেন্দ্ৰই এই আইনসমূহৰ নাম হিন্দীত দিয়াৰ বিষয়ত আপত্তি কৰি আহিছে। কংগ্ৰেছ আৰু ডিএমকেয়ে প্ৰশ্ন কৰিছে যে সংবিধানৰ ৩৪৮ নং অনুচ্ছেদত কোৱা হৈছে যে ইংৰাজীক আদালতৰ কাৰ্য্যক্ৰম বা আইনত ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগে। তেন্তে এই নতুন আইনবোৰত হিন্দী নাম কিয় ব্যৱহাৰ কৰা হৈছে?
বিৰোধীয়ে গৃহ পৰিক্ৰমা সংসদীয় সমিতিতো প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে, শেষত, সংসদীয় সমিতিয়ে তিনিওখন আইনৰ নাম হিন্দীতে কৰাৰ সিদ্ধান্ত লয়।

গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত বিশ্ব মীন দিৱস পালন ! ৫০ গৰাকী কৃষকক উন্নত প্ৰজাতিৰ পোনা মাছ বিতৰণ…

বিশ্ব মীন দিৱসৰ লগত সংগতি ৰাখি  আজি ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰতো  বিশ্ব মীন দিৱস পালন কৰা হয় ৷ গৱেষণা প্ৰতিষ্ঠানৰ নিজা  সভাকক্ষত অনুষ্ঠিত হোৱা উক্ত মীন দিৱসত অংশগ্ৰহণ কৰিবলগা ব্যক্তি সকলৰ নাম পঞ্জীয়ন কৰা হয় ৷ পঞ্জীয়নৰ অন্তত আই চি এ আৰৰ থিম গীতটো সকলোকে বজাই শুনোৱা হয়। অনুষ্ঠানত আদৰণি ভাষণ দিয়ে গোগামুখস্থিত  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মুখ্য বিজ্ঞানী ড° লুহিত কুমাৰ বৈশ্যই ৷

বিশ্ব মীন দিৱস সম্পৰ্কে ভাষণ প্ৰদান কৰে আই চি এ আৰৰ মুখ্য বিজ্ঞানী ড° দীপজ্যোতি বৰুৱাই ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ ৱিষয়া কুলজিৎ  পাদুন মিচিং স্বায়ত্তশাসিত পৰিষদৰ  সাধাৰণ সদস্য ৰাজু পেগু আদিয়ে ৷

অনুষ্ঠানত ‘উত্তৰ-পূব ভাৰতৰ অঞ্চলত খাদ্য সুৰক্ষাৰ বাবে বহনক্ষম জলজ কৃষি উন্নয়ন’  কৰ্মশালা এখন অনুষ্ঠিত হয় ৷ উক্ত কৰ্মশালা পৰিচালনা কৰে মুম্বাইস্থিত  আই চি এ আৰ মীন বিভাগৰ মুখ্য বিজ্ঞানী ড° দেৱজিৎ শৰ্মাই ৷ অনুষ্ঠানত স্থানীয় ৫০ গৰাকী কৃষকক উন্নত মানৰ মাছৰ পোনা আই চি এ আৰৰ পৰা অনুদান দিয়া হয় ৷ অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই গোগামুখস্থিত আই চি এ আৰৰ মুখ্য পশু বিজ্ঞানী ড° আমজাদ কে বালাঙে ৷

কোভিড-19 টিকাকৰণৰ বাবে হোৱা নাই কোনো লোকৰ আকস্মিক মৃত্যু…

কোভিড-19 টিকাকৰণৰ বাবে হোৱা নাই কোনো লোকৰ আকস্মিক মৃত্যু।

কোভিড-19 ত হোৱা আকস্মিক মৃত্যুৰ কাৰণ আছিল পাৰিবাৰিক ইতিহাস অথবা জীৱনশৈলীৰ পৰিৱৰ্তন।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR)ৰ গৱেষণাত এই তথ্য।