ঘোষণা কৰা হ’ল মিছ ইউনিভাৰ্ছ ২০২৩ৰ বিজয়ীৰ নাম। নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছ ২০২৩ৰ মুকুট । ভাৰতৰ শ্বেতা সাৰদাই শীৰ্ষ ১০ ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল । নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছে সকলো প্ৰতিযোগীকে চেৰ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। নিকাৰাগুয়া এখন মধ্য আমেৰিকাৰ দেশ। দেশ খনৰ প্ৰতিযোগীয়ে প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ ২০২৩ ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।
এই বছৰৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা খন মধ্য আমেৰিকাৰ চান চালভাডৰত অনুষ্ঠিত হৈছিল। ৮৪ খন দেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ আশা আছিল চণ্ডীগড়ৰ কন্যা শ্বেতা সাৰদাকলৈ। কিন্তু তেওঁ ১৩ সংখ্যক স্থানতে ক্ষান্ত থাকিবলগীয়া হয়। নিকাৰাগুয়াৰ শ্বেইনিছ পালাচিওছ, থাইলেণ্ডৰ এণ্টোনিয়া পোৰ্চিল্ড আৰু অষ্ট্ৰেলিয়াৰ মৰিয়া উইলছনে শীৰ্ষ তিনিটা স্থান দখল কৰে।
জাগীৰোড শাখা কবি সন্মিলন আৰু কলং-কপিলী শাখা কবি সন্মিলনৰ যৌথ ব্যৱস্থাপনাত মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে জাগীৰোড মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয়। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ উপ: সভাপতি অনিৰুদ্ধ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ লগতে জাগীৰোড শাখা কবি সন্মিলনৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই স্মৃতি তৰ্পণ কৰে।
আনহাতে লোক সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক লোকেন্দ্ৰ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত জিলাৰ শতাধিক ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিনিধি সভাত অনিৰুদ্ধ ডেকাক সভাপতি, ড° উৎপল নাথ, জগদীশ নাথ আৰু ভৱেন চন্দ্ৰ নাথক উপ: সভাপতি ৰাজীৱ চহৰীয়াক সম্পাদক, জয়ন্ত সাগৰ শইকীয়াক পত্ৰিকা সম্পাদক হিচাপে লৈ মৰিগাঁও জিলা কবি সন্মিলনৰ ২০২৩-২৫ বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয়।
সভাত পৰ্যৱেক্ষক ৰূপে সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা আৰু সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ উপস্থিত থাকে। উল্লেখযোগ্য যে, মৰিগাঁও জিলা কবি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি অনিৰুদ্ধ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে। সভাত উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে কয় কবিতা বিপ্লৱৰ ভাষা। কবিতা আমাৰ জীৱন।
কবিতা বুজিবলৈ আমি ভাল কবিৰ উচ্চ মানৰ কবিতা পঢ়িবই লাগিব। আনহাতে জাগীৰোড শাখা কবি সন্মিলনৰ সদস্যাসকলে মৰিগাঁও জিলা কবি সন্মিলনৰ শীৰ্ষ গীত পৰিৱেশন কৰি শুভাৰম্ভণি কৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ উপ: সভানেত্ৰী ড° লখিমী গগৈ, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়া, প্ৰাক্তন সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বিশিষ্ট শিল্পী, সাহিত্যিক অশোক ডেকা, বিশিষ্ট নিবন্ধকাৰ – সাহিত্যিক মিলেশ্বৰ পাতৰ, গীতিকবি সুৰেন্দ্ৰ নাথ ডেকা, মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন পত্ৰিকা সম্পাদক হেমন্ত ভাৰতী, শিশু সাহিত্যিক বুবুল চন্দ্ৰ ডেকাক গামোচা, চেলেং , জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জয়ন্ত সাগৰ শইকীয়া সম্পাদিত মৰিগাঁও জিলা কবি সন্মিলনৰ পত্ৰিকা ‘ কাব্য অনুৰণন ‘ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াই।
সভাত উপস্থিত আন এগৰাকী সমল ব্যক্তি গোপাল শীলে জলবায়ুৰ প্ৰভাৱৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পাবলৈ কি দৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ উপায়সমূহৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে।
নৱোদয় ফাউণ্ডেশ্বনৰ সমন্বয়ক প্ৰীতম উপ্ৰেতিয়ে আতধৰা সজাগতা সভাখনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু সংখ্যক শিক্ষক – শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়খনৰ প্রায় তিনি শতাধিক ছাত্র ছাত্রীয়ে অংশ গ্ৰহণ কৰে।