Home Blog Page 1245

মাংস-মাছ ত্যাগ কৰি নিৰামিষভোজী কিয় হ’ল অমিতাভ বচ্চন…

অমিতাভ বচ্চনে মাংস-মাছ ত্যাগ কৰি নিৰামিষভোজী কিয় হ’ল? বিগ বিয়ে নিজৰ খাদ্যাভ্যাসৰ বিষয়ে প্ৰকাশ কৰিলে। বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে কৌন বনেগা কোটিপতি-১৫ৰ খণ্ডটোত নিজৰ খাদ্যাভ্যাস সন্দৰ্ভত কিছু আমোদজনক প্ৰকাশ কৰিছে। কেবিচিৰ এটা খণ্ডত অমিতাভ বচ্চনে কয় যে তেওঁৰ পত্নী জয়া বচ্চনে মাছ খাই ভাল পায়। যেতিয়া প্ৰতিযোগীয়ে তেওঁক সুধিলে যে তেওঁও মাছ খায় নেকি? তেতিয়া বিগ বিয়ে ক’লে যে মই এই সকলোবোৰ খাদ্য ত্যাগ কৰিছো। আগতে খাইছিলোঁ, কিন্তু এতিয়া স্বাস্থ্যজনিত কাৰণত নন-ভেজ, মিঠাই, ভাত আৰু পান খোৱা বন্ধ কৰি দিছো।



আনহাতে এটা খণ্ডত অমিতাভ বচ্চনে তেওঁৰ আটাইতকৈ বেয়া পোৱা শাক-পাচলিৰ বিষয়ে মুকলিকৈ ক’লে। বিগ বিয়ে ক’লে যে তেওঁ কঁঠাল, তিতা আৰু লাউ ভাল নাপায়। গুজৰাটী ব্যঞ্জন দূধ পাকক লৈ যেতিয়া এটা প্ৰশ্ন আহিছিল, তেতিয়া অমিতাভ বচ্চনে উত্তৰ দিছিল যে তেওঁও দূধ পাক খাই ভাল পায়। তেওঁ ক’লে যে দূধ পাকৰ মিঠা সোৱাদ বহুদিন জিভাত থাকে। ইয়াক গাখীৰ আৰু ভাত দি তৈয়াৰ কৰা হয় যদিও এই খাদ্যত চাউলৰ ব্যৱহাৰ কম।

পূব কামৰূপ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ গ্ৰন্থমেলা উদ্বোধন । বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মুৰত হাত থোৱা শিক্ষকৰ সংখ্যা কমি আহিছে :: ড০ হিতেশ ডেকা । পূব কামৰূপ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ গ্ৰন্থমেলা উদ্বোধন কৰিলে ড০ সূৰ্য কুমাৰ হাজৰিকাই


বাইহাটা চাৰিআলি, ১৭ নবেম্বৰ :: বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি আৰম্ভ হল উত্তৰ কামৰূপৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুস্থান বাইহাটা চাৰিআলিস্থ পূব কামৰূপ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষৰ সামৰণি উৎসৱৰ। আজি পূৱা ৯ বজাত পূব কামৰূপ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মাই । সোণালী জয়ন্তী উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ মূখ্য সভাপতি দিগন্ত কলিতাই। ১০ বজাত শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অধ্যাপক মোহন চন্দ্ৰ কলিতাই। ইয়াৰ পাছত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত প্ৰয়াত ব্যক্তি সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ ফুলেশ্বৰ ধিঙে। ১০ -৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰে। গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কুমাৰ হাজৰিকাই নিজৰ ভাষন প্ৰসংগত ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়নেই মূল মন্ত্ৰ বুলি কয়। দিনৰ প্ৰায় ১১-৩০ বজাৰ পৰা সোণালী জয়ন্তী উপলক্ষে উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰি অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই অসমৰ সংস্কৃতিৰ সুন্দৰতাৰ বিষয়ে ব্যাখ্যা কৰে। শোভাযাত্ৰাত অসমৰ বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ নিদৰ্শন সমূহ প্ৰতিফলিত হয়। দিনৰ ২-৩০ বজাৰ পৰা মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শশাংক ডেকাই সঞ্চালনা কৰা ন পূৰণি ছাত্ৰ ছাত্ৰী সন্মিলন উদ্বোধন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা দৈনিক অসম কাকতৰ সম্পাদক ড :হিতেশ ডেকাই। নিজৰ উদ্বোধনী ভাষনত ড০ ডেকাই পূব কামৰূপ মহাবিদ্যালয় খনক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে। তেওঁ আজিৰ সমাজত গুৰু শিষ্যৰ সম্পৰ্ক অৱনমিত হোৱা বুলি উল্লেখ কৰি কয় যে ছাত্ৰ ছাত্ৰীৰ মুৰত হাত থোৱা শিক্ষকৰ সংখ্যা কমি আহিছে। সভাত উপস্থিত থাকে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মা। সন্মিলনত বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে স্মৃতি ৰোমন্থন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।

বদৰুদ্দিন আজমল অসমত থকাৰ অধিকাৰ নাই। বিধানয়ক ৰূপজ্যোতি কুৰ্মী।



দৈনন্দিন বাৰ্তা সেৱা মাজবাট ১৭ নৱেম্বৰ। আজমলক অসমৰ পৰা গুচি যাবলৈ আহ্বান মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । ওদালগুৰি মাজবাটত বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহন কৰি এইবাৰ সাংসদ আজমলৰ বিৰুদ্ধে সৰৱ ৰূপজ্যোতি কুৰ্মী । শেহতীয়াকৈ সাংসদ বদৰুদ্দিন আজমলে চেলেং চাদৰ দলিওৱাক লৈ বিতৰ্কত সোমাই পৰিছিল । অসমীয়াৰ স্বাভিমানৰ প্ৰতি বাৰম্বাৰ অপমান কৰা আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বিধায়ক গৰাকীক।আজমল অসমত থকাৰ অধিকাৰ নাই, দেশ এৰি গুচি যাবলৈ আজমলক আহ্বান কুৰ্মীৰ। সমান্তৰালকৈ বদৰুদ্দিন আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক অনুৰোধ বিধায়ক গৰাকীৰ। ইফালে ধুবুৰীৰ ৰাইজকো আজমলক লোকসভালৈ নিৰ্বাচিত কৰাত এশ বাৰ চিন্তা কৰাৰ আহ্বান কুৰ্মীৰ ।শেহতীয়াকৈ বিটিআৰত বিজেপিৰ খহনীয়া সন্দৰ্ভতো মন্তব্য ৰূপজ্যোতি কুৰ্মী । দুই-চাৰিজন স্বাৰ্থলোভি কৰ্মী দ’ল ত্যাগ কৰি আন দললৈ গ’লেও কোনো ক্ষতি নহয় । শীঘ্ৰেই বিটিচিত বিপিএফ-কংগ্ৰেছৰ পৰা বৃহত সংখ্যকে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত ।আজিৰ কাৰ্য্যসূচীত বিধানয়ক গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষাণ,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীৱন ডেকা, সম্পাদক অঞ্জন বৈদ্য, যুৱ মৰ্চাৰ সভাপতি শ্যামমুন পানিকা,ভি চি ডি চিৰ সভাপতি লাডু লোহাৰ আদিয়ে।

বোকাখাতত আৰক্ষীৰ এনকাউণ্টাৰ, ২৪ ঘণ্টাৰ ভিতৰত শিক্ষকক গুলিবিদ্ধ কৰি কাঢ়ি লৈ যোৱা মটৰ চাইকেল উদ্ধাৰ, দুৰ্বৃত্ত কৰায়ত্ত

দৈনন্দিন বাৰ্তাৰ সেৱা, বোকাখাত, ১৭ নৱেম্বৰ‍ঃ বৃহস্পতিবাৰে বোকাখাতৰ লতাবাৰীত শিক্ষকক গুলিয়াই বাইক কাঢ়ি নিয়া দুৰ্বৃত্তক আজি আৰক্ষীৰ এনকাউন্টাৰ। ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰে মটৰ চাইকেল, কৰায়ত্ত কৰে দুৰ্বৃত্ত। আৰক্ষীয়ে এনকাউন্টাৰ কৰা দুৰ্বৃত্তটোৰ নাম বাবু শইকীয়া। কালি নিশাৰে পৰা আৰক্ষীয়ে অভিযান চলাই আজি পুৱাৰ ভাগত আগৰাতলীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে বাবু শইকীয়া নামৰ দুৰ্বৃত্তটোক । আৰক্ষীয়ে দুৰ্বৃত্তটোক লৈ পিষ্টল বিচাৰি যোৱাৰ সময়ত অজয় নাথ নামৰ এগৰাকী আৰক্ষীক ঘোচা মাৰি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলি চালনা কৰে। উল্লেখ্য যে কালি স্কুল ছুটীৰ পাছত মটৰ চাইকেলেৰে ঘৰলৈ ঘূৰি অহাৰ পথত শিক্ষক উদয় চাংমাইক গুলিবিদ্ধ কৰি তেওঁৰ বেগৰ লগতে নতুন বাইকখন লৈ উধাও হৈছেল দুজনীয়া দুৰ্বৃত্ত।ইয়াৰ পাছতে ডিফলু পথাৰৰ ৰজা গাঁৱৰ পুলিন শইকীয়াৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুৰ্বৃত্ত দুটাই ব্যৱহাৰ কৰা পুলিন শইকীয়াৰ পুৰণা বাইকখন। আৰক্ষীয়ে আটক কৰে পুলিন শইকীয়াক। ইয়াৰ পাছতে গোলাঘাটৰ আৰক্ষী অধীক্ষক বোকাখাতলৈ আহি দুৰ্বৃত্তৰ বিৰুদ্ধে তীব্ৰতৰ কৰে অভিযান। নাটকীয়ভাৱে যোৱা নিশা বোকাখাতৰ মিলনপুৰত আহত শিক্ষকজনৰ নতুন বাইকখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। তাৰ পাছতে আজি পুৱা আগৰাতলীত লুকাই থকা অৱস্থাৰ পৰা ধৰি অনা বাবু শইকীয়াক আৰক্ষীয়ে ৰজা গাঁৱলৈ আনি থকাৰ পথতে আৰক্ষীক আক্ৰমনৰ চেষ্টা কৰি পলাই যাবলৈ লওতেই আৰক্ষীয়ে গুলিবিদ্ধ কৰে বাবু শইকীয়াক। বাবু শইকীয়া সম্পৰ্কত পুলিন শইকীয়াৰ খুলশালী। ভৰিত গুলি লগা বাবু শইকীয়াক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দি যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰিছে। কিন্তু আন এটা দুৰ্বৃত্তৰ এতিয়াও সন্ধান পোৱা নাই। চিন্তনীয়ভাৱে বিগত সময়ছোৱাত বোকাখাতত বৃদ্ধি পাইছে চুৰি আৰু ডকাইটিৰ ঘটনা। অৱশ্যে শেহতীয়াকৈ চুৰি হোৱা মটৰ চাইকেল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বৃহস্পতিবাৰে দুৰ্বৃত্তই ডকাইটি কৰি কাঢ়ি নিয়া মটৰ চাইকেল গোলাঘাট আৰু বোকাখাত আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ হোৱা আৰু দুৰ্বৃত্ত কৰায়ত্ত হোৱাত বোকাখাতবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু আৰক্ষীৰ এই তৎপৰতাৰ শলাগ লৈছে

ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ ‘মিধিলি’অসমত কি প্ৰভাৱ পৰিব‘মিধিলি’ৰ ?

ঘূৰ্ণীবতাহৰ নাম ‘মিধিলি’। নাম দিছে মলদ্বীপে। ক্ৰমশঃ ই ওড়িশা আৰু বংগ উপকূলৰ ওচৰলৈ আহি আছে। দিঘাৰ পৰা দূৰত্ব ২০০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূব দিশে। ইয়াৰ প্ৰভাৱত আজি, শুকুৰবাৰে প্ৰবল বৰষুণ হব পাৰে উপকূল অঞ্চলত। পাতল-মজলীয়া বৰষুণৰ পূৰ্বানুমান জাৰি কৰিছে কলকাতাসহ দক্ষিণ বংগৰ কিছু জিলাত।

উপকূলত ৬০ৰ পৰা ৭০ কিলোমিটাৰ প্ৰতিঘণ্টাত গতিবেগত চলিব বতাহ। বংগোপ সাগৰৰ অতি গভীৰ নিম্নচাপ আজি ঘূৰ্ণীবতাহত পৰিণত হ’ব। পশ্চিম-মধ্য বংগোপসাগৰ পাৰ হৈ ই ক্ৰমশঃ উত্তৰ-পশ্চিম বংগোপসাগৰত সোমাই পৰিছে। গতি কৰিছে উত্তৰ-উত্তৰ পূব দিশে। তাৰ পিছত উকূলৰ লগতে উত্তৰ আৰু উত্তৰ-পূব দিশ অৰ্থাৎ বাংলাদেশৰ দিশে আগুৱাব। শুকুৰবাৰে নিশা অথবা শনিবাৰে পুৱাৰ ভাগত ই বাংলাদেশৰ সুন্দৰবন অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে

য়েমেনত ভাৰতীয় মহিলাক মৃত্যুদণ্ড ! মৃত্যুদণ্ডৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰিলে য়েমেনৰ উচ্চতম ন্যায়ালয়ে…

য়েমেনত ভাৰতীয় মহিলাক মৃত্যুদণ্ড। মৃত্যুদণ্ডৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰিলে য়েমেনৰ উচ্চতম ন্যায়ালয়ে।

য়েমেনৰ নাগৰিকক হত্যাৰ অপৰাধত নিমিশা প্ৰিয়া নামৰ কেৰেলাৰ নাৰ্ছগৰাকীক দোষী সাব্যস্ত কৰিছিল আদালতে।

২০১৭ চনৰ পৰা কাৰাবন্দী হৈ আছে নিমিশা। পাছপ’ৰ্ট জব্দ কৰাৰ বাবে তালাল আব্দো মাহদী নামৰ লোকজনক নিচাযুক্ত বেজীৰে হত্যা কৰিছিল নিমিশা প্ৰিয়াই ।

২০-৩০ বা ৪০ বছৰ! মাতৃ হোৱাৰ উপযুক্ত বয়স কিমান? কিমান বয়সৰ পিছত গৰ্ভধাৰণত সমস্যা হয় জানেনে…

কিছুমান মহিলাই বছৰ বছৰ ধৰি পলমকৈ বিবাহ কৰাৰ পিছত সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰে যদিও গৰ্ভধাৰণ কৰিব নোৱাৰে। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল মহিলাসকলে কিমান বয়সত সন্তানৰ পৰিকল্পনা কৰিব লাগে। আজিকালি বহু ছোৱালীয়ে ৩০ বছৰ বয়সত বিয়া পাতি সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰে। কিছুমান মহিলাই পলমকৈ বিয়া হোৱাৰ পিছতো সন্তানৰ পৰিকল্পনা কৰাত পলম কৰে। কিন্তু তেতিয়ালৈকে তেওঁলোকৰ স্বাস্থ্য ভাল নহয় আৰু গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হয়, যিটো পিছলৈ বন্ধ্যাত্বৰ কাৰণ হৈ পৰে।

প্ৰজনন বিশেষজ্ঞসকলে কয় যে আজিকালি বহু ছোৱালীয়ে ৩০ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয় আৰু পিছত সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰে। বিশেষজ্ঞসকলৰ মতে মাতৃ হোৱাৰ বয়স ১২ বছৰৰ পৰা ৫১ বছৰলৈকে হ’ব পাৰে। অৰ্থাৎ ছোৱালী এজনী মাহেকীয়া আৰম্ভ হোৱাৰ পিছত আৰু ৰজোনিবৃত্তিৰ আগতে মাতৃ হ’ব পাৰে। কিন্তু আজিকালি ৩০ বছৰ বয়সৰ পিছত গৰ্ভধাৰণত বহু মহিলা অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে কিছুমান গৱেষণাত কোৱা হৈছে যে এগৰাকী মহিলাৰ সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স ২০ৰ পৰা ৩০ বছৰ। বয়স বৃদ্ধিৰ লগে লগে প্ৰজনন ক্ষমতা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁলোকে সন্তান গৰ্ভধাৰণত অসুবিধাৰ সন্মুখীন হয়। প্ৰজনন বিশেষজ্ঞসকলৰ মতে ৩৫ বছৰৰ পিছত মহিলাৰ প্ৰজনন ক্ষমতা হ্ৰাস পাবলৈ আৰম্ভ কৰে আৰু সন্তান গৰ্ভধাৰণত অসুবিধাৰ সন্মুখীন হয়। গতিকে ৩৫ বছৰ বয়সৰ আগতেই গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।

প্ৰজনন বিশেষজ্ঞসকলৰ মতে প্ৰতিগৰাকী মহিলাই সন্তানৰ পৰিকল্পনা কৰাৰ আগতে নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগে। মহিলাসকলে শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থকাটো গুৰুত্বপূৰ্ণ। ভাল খাদ্য গ্ৰহণ কৰক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

ষঠ পূজাৰ ৰীতি-নীতি আৰু তাৎপৰ্য জানক…

🔹ষঠ পূজাৰ ৰীতি-নীতি আৰু তাৎপৰ্যঃ

হিন্দু পঞ্জিকাৰ কাৰ্তিক মাহৰ শুক্ল পক্ষৰ ষষ্ঠ তিথিত পালন কৰা এটি অতি প্ৰাচীন হিন্দু উৎসৱ হৈছে ষঠ পূজা। সূৰ্য্য পূজাৰ এই অনন্য ধৰ্মনিৰপেক্ষ উৎসৱ পূব ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশ ,অসম, আৰু নেপালৰ তৰাই অঞ্চলত পালন কৰা হয়। লাহে লাহে এই উৎসৱে প্ৰব্ৰজনকাৰী ভাৰতীয়ৰ জৰিয়তে সমগ্ৰ বিশ্বতে বিয়পি পৰিল।

“ষঠ” শব্দৰ অৰ্থ “ছয়” আৰু এই উৎসৱটো ছয় দেৱতাক পূজা কৰি পালন কৰা হয়—ভগৱান বিষ্ণু, ভগৱান শিৱ, ভগৱান ব্ৰহ্ম, দেৱী দুৰ্গা, ভগৱান ইন্দ্ৰ, আৰু ভগৱান সূৰ্য্য।

ঘাইকৈ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ ৰাজ্যত হিন্দুসকলৰ মাজত ষট্ পূজা পালন কৰা হয়। ষঠ পূজাৰ সাংস্কৃতিক, ধৰ্মীয়, আৰু আধ্যাত্মিক তাৎপৰ্য অপৰিসীম।ষট্ পূজাৰ তাৎপৰ্য,আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, পৰম্পৰাৰ সম্পৰ্কে এই লেখাটোৰ জৰিয়তে আলোচনা হৈছে

ষঠ পূজা মূলতঃ সূৰ্য্য, পৃথিৱী, পানী, অগ্নিকে ধৰি প্ৰাকৃতিক উপাদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পালন কৰা হয়। মানুহে বিশ্বাস কৰে যে এই ঐশ্বৰিক শক্তিবোৰে বিশ্বব্ৰহ্মাণ্ডক জীৱিকা, শক্তি আৰু জীৱন প্ৰদান কৰে। এই উৎসৱৰ জৰিয়তে ভক্তসকলে এই মহাজাগতিক সত্তাসমূহক পৰিচালিত কৰা দেৱতাক শ্ৰদ্ধাঞ্জলি জনায়, সুৰক্ষা, সমৃদ্ধি আৰু মংগলৰ বাবে তেওঁলোকৰ আশীৰ্বাদ বিচাৰে।

ষঠটীলা চতুৰ্থী নামেৰে জনাজাত ষঠ পূজাৰ আগৰ সন্ধিয়াৰ পৰা এই উৎসৱ আৰম্ভ হয়। ইয়াৰ আৰম্ভণি হয় দিনটোৰ বাবে উপবাসে থকা বিবাহিত মহিলাসকলে কৰা পূজা (আচাৰ-ব্যৱহাৰৰ পূজা)ৰ পৰা। আনন্দময় বৈবাহিক জীৱন আৰু স্বামীৰ দীৰ্ঘায়ুৰ বাবে আশীৰ্বাদ বিচাৰি সূৰ্য্য, চন্দ্ৰ, পৃথিৱী আৰু জলভাগলৈ প্ৰাৰ্থনা কৰে। নাৰীয়ে ছয় দেৱতাৰ প্ৰতি উগ্ৰ ভক্তি ৰাখি পৰিয়ালৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।

ষঠ পূজাৰ দিনা ভক্তসকলে সূৰ্য্য উদয়ৰ আগতেই শয্যা ত্যাগ কৰে আৰু আগন্তুক অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলায়। ঘৰৰ ওচৰৰ নদী, পুখুৰী বা নিৰ্দিষ্ট জলভাগত পবিত্ৰ স্নান কৰে। স্নানৰ পিছত ভক্তসকলে পবিত্ৰ গীত আৰু মন্ত্ৰ মাতি উদিত সূৰ্য্যক পানী আগবঢ়ায়। তেওঁলোকৰ মতে এই নৈবেদ্যৰ কাৰ্য্যই পবিত্ৰতা আৰু আধ্যাত্মিক শুদ্ধিৰ প্ৰতীক।

পপী চহৰীয়া

মঙলদৈ,দৰং

‘তেওঁ এজন ভাল ক্ৰিকেটাৰ, যদি এজন ভাল মানুহ হ’ল হয়’! মহম্মদ ছামীৰ বিষয়ে হাছিন জাহানৰ মন্তব্য…

আই চি চি বিশ্বকাপ ২০২৩: ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচত ৭ টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এদিনীয়াত ইমানবোৰ উইকেট দখল কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় মহম্মদ ছামি। ইফালে সংবাদ মাধ্যমৰ সৈতে কথা পাতি পত্নী হাছিন জাহানে কয় যে তেওঁ এজন ভাল ক্ৰিকেটাৰ, তেওঁ এজন ভাল মানুহ হ’লে ভাল আছিল। লগতে ক’লে মোক ব্যক্তিগতভাৱে চিনি পোৱা সকলে জানে যে মোৰ বিষয়ে, মই, মোৰ ছোৱালী আৰু তেওঁ একেলগে ভাল জীৱন কটাব পৰা হ’লে কিমান ভাল হ’লহেঁতেন।’ লগতে হাছিন জাহানে কয়, তেওঁ আৰু ছামীৰ সম্পৰ্ক তেওঁৰ কেৰিয়াৰৰ সৈতে জড়িত হ’ব নালাগে কাৰণ তেওঁৰ এটা কেৰিয়াৰ আছে, যিটো তেওঁৰ ব্যক্তিগত জীৱনৰ সম্পৰ্কতকৈ সম্পূৰ্ণ পৃথক, অৰ্থাৎ মোৰ আৰু তেওঁৰ মাজত হোৱা বিবাদ তেওঁৰ কেৰিয়াৰৰ লগত কোনো সম্পৰ্ক নাই।

হাছিন জাহানে কয়, মোৰ বিষয়ে ইচ্ছাকৃতভাৱে নেতিবাচক কথা প্ৰচাৰ কৰা হয়। যাৰ লগত মই যুঁজি আছো তেওঁ আৰ্থিকভাৱে অতি শক্তিশালী। হাছিন জাহানে ক’লে যে মই সকলো আল্লাহৰ ওপৰত এৰি দিছো, এতিয়া যি হ’ব সেয়া দেখা যাব।

শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ! জিলাখনৰ বহু প্ৰান্তত ছোৱাইন ফিভাৰৰ সংহাৰ…

✍️শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ |

✍️জিলাখনৰ বহু প্ৰান্তত ছোৱাইন ফিভাৰৰ সংহাৰ |

✍️গাহৰিৰ মাংস বেচা-কিনা কৰাটো সম্পূৰ্ণ নিষিদ্ধ |

✍️ছোৱাইন ফিভাৰ ৰোগত এই পৰ্যন্ত ভালে কেইটা গাহৰিৰ মৃত্যু |

✍️আনহাতে ছোৱাইন ফিভাৰত ধৰা পৰা অঞ্চলত নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ সৰবৰাহ |

✍️শিৱসাগৰ জিলা প্ৰশাসনে জাৰি কৰিছে সংক্ৰমণৰ পৰিপেক্ষিতত গাহৰি পালকসকলে ল’বলগীয়া সাৱধানতা |

✍️কিন্তু এতিয়া এই সকলো নিৰ্দেশনা ফুটুকাৰ ফেনত পৰিণত |

✍️শিৱসাগৰ ৩৭নং ফ’ৰলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক সৰবৰাহ গাহৰি |

✍️দিচাংমুখ আৰু ডিমৌৰ পৰা গৌৰিসাগৰ, আমগুৰি, হালোৱাটিং আৰু নাজিৰালৈ সৰবৰাহ হৈছে পোৱালি সহ গাহৰি |