Home Blog Page 1254

চিমেনচাপৰি গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ নামত কেলেংকাৰী ! ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে…

চিমেনচাপৰি গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ 

নামত কেলেংকাৰী।

ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে 

ধেমাজি জিলাৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অধীনত থকা চিমেনচাপৰি গাওঁ পঞ্চায়ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী-অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰী সকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে সভা সমিতিত যিমানেই শূণ্য সহনশীলতাৰ ভাষন দিয়ক না কিয় কিন্তু একাংশ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ জনপ্ৰতিনিধি অথবা বিষয়া কৰ্মচাৰী সকলে কেৰেপেই নকৰে মুখ্যমন্ত্ৰীৰ ঘোষনাক। দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলেও সিহতীয়াকৈ পিএমএৱাই-জি গৃহৰ আঁচনিখন এতিয়া একাংশ জনপ্ৰতিনিধিৰ বাবে হৈ পৰিছে ধন ঘটাৰ আঁচনি। তেনেই দুৰ্নীতি অনিয়মৰে ভৰি পৰিছে ধেমাজিৰ চিমেনচাপৰি গাওঁ পঞ্চায়ত। অভিযোগ মতে চিমেনচাপৰি গাওঁ পঞ্চায়তৰ ৪ নং মাছখোৱা ৱাৰ্ড আৰু ৯ নং দোলাকাষৰীয়া 

ৱাৰ্ডৰ সদস্য ক্ৰমে – সোনাৰাম বড়ো আৰু জিতুমণি দুৱৰা ফুকনে পিএমএৱাই-জি গৃহ দুখীয়া হিতাধিকাৰীক আবন্টনৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰা বুলি হিতাধিকাৰী সকলে সংবাদ মাধ্যমৰ আগত অভিযোগ তুলিছে। উল্লেখ্য যে প্ৰতিটো গৃহৰ বাবদ ৪/৫ হেজাৰ টকালৈ সংগ্ৰহ কৰা হৈছে । ধন নিদিলে আবাস গৃহৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰো ভয় ভাবুকি দিয়ে ক্ষমতাই মূৰত দৰা এই ৱাৰ্ড সদস্যই। পঞ্চায়ত খনৰ ৪ নং ৱাৰ্ডৰ  দীপালী গগৈ, ৯ নং ৱাৰ্ডৰ ক্ৰমে – অনিতা গগৈ, গুণীন গগৈ, পদুমী চেতিয়া নামৰ হিতাধিকাৰী সকলে উখাৎপিত কৰি এই ধন সংগ্ৰহৰ কৰাৰ ভয়ংকৰ অভিযোগ। কেৱল এয়াই নহয় পিএমএৱাই-জি গৃহৰ অধীনত জব কাৰ্ডৰ যোগে হিতাধিকাৰীয়ে লাভ কৰা ২১,৭০০ টকা প্ৰদানতো বিয়াগোম দুৰ্নীতিৰ আশ্ৰয় লৈছে ৱাৰ্ড সদস্য সকলে । 

যিসময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে উৎকোচ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য নীতি অৱলম্বন কৰি আহিছে তেনে সময়তে জোনাইৰ চিমেনচাপৰি গাওঁ পঞ্চায়ত পিএমএৱাই-জি আঁচনিৰ নামত বিয়াগোম দুৰ্নীতি অনিয়ম কৰাৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। ইফালে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰা ধনৰ কিছু অংশ পঞ্চায়তখনৰ শীৰ্ষ বিষয়া পঞ্চায়ত সভাপতিৰ পকেটত সোমোৱাৰো সন্দেহ কৰিছে সচেতন ব্যক্তিয়ে। ইপিনে সাংবাদিকে বাতৰি সংগ্ৰহ কৰাৰ পাছত একাংশ দালাল ৰূপী মধ্য ভোগীয়ে বাতৰি সম্প্ৰচাৰ বন্ধ কৰিবলৈ মেনেজ কৰিবলৈ উঠি পৰি লাগিছে। কথাটো হ’ল দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভেঙুচালি কৰি দৰিদ্ৰ মুখৰ ভাত কাঢ়ি খোৱা এই সকল  ঘোচখোৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা  লোৱাৰ লগতে বিষয়টো স্হানীয় বিধায়ক ভুৱন পেগুৰ অস্তক্ষেপ বিছাৰিছে দুখীয়া ৰাইজে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি ! ১১ খন গাঁওৰ ৰাইজৰ উপস্থিতিত ৫৫ জনীয়া উদযাপন সমিতি গঠন…

চিলাপথাৰত খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি। ১১ খন গাঁওৰ ৰাইজৰ উপস্থিতিত ৫৫ জনীয়া উদযাপন সমিতি গঠন। 

অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী সোণোৱাল কছাৰী সকলৰ পৰম্পৰাগত মূল পূজা হ’ল খ্ৰীং খ্ৰীং বাইথ’ পূজা (শিৱ)। চিলাপথাৰ চিলা গাঁওৰ বাইথ’ মন্দিৰত এইবাৰ অনুষ্ঠিত হ’ব খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ ৰূপালী জয়ন্তী সমাৰোহ। এই সন্দৰ্ভত  আলোচনাৰ বাবে শনিবাৰে (কালি) চিলগাওস্থিত বাইথ’ মন্দিৰত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাৰ আহ্বায়ক সমিতিৰ সভাপতি জোন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য বাখ্যা কৰে সম্পাদক চন্দন কছাৰীয়ে। সভাত বক্তব্য প্ৰদান কৰি চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক নন্দেশ্বৰ কছাৰীয়ে __এনে এক বিশাল অনুষ্ঠান আয়োজনৰ বাবে ৰাইজৰ অকুণ্ঠ সমৰ্থন আৰু পূৰ্ণ সহযোগিতা থাকিব লাগিব। ৰূপালী জয়ন্তী উপলক্ষত প্ৰকাশ পাব লগীয়া স্মৃতি গ্ৰন্থৰ সন্দৰ্ভত বক্তব্য ৰাখি শিক্ষাবিদ জনে পুনৰ কয় যে এই স্মৃতিগ্ৰন্থ খনে যুগমীয়া কৰি ৰাখিব ৰূপালী জয়ন্তীৰ সমাৰোহৰ ইতিহাস।

জনগোষ্ঠীটোৰ বৰ্নময়‌ সাহিত্য,কৃষ্টি- সংস্কৃতিৰ দাঙি ধৰিব লগা বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থৰ বাবে প্ৰস্তুতি চলাবলৈ ন-পুৰণি লিখক লেখিকাৰ প্ৰতি আহ্বান জনালে। বাইথ’ পূজাৰ আড়ম্বৰপূ্ৰ্ণ কৰ্যসুচীৰ মাজতে পূজাৰ আধ্যাত্মিক দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলি এই ক্ষেত্ৰত সজাগ হ’বলৈ ৰাইজৰ প্ৰতি গোহাৰি জনায়। অন্ততঃ এটা দিনৰ বাবে ত্যাগ স্বীকাৰ কৰিব লাগিব প্ৰতিজন সোণোৱাল কছাৰী ৰাইজে বুলি কয়।‌ সভাখনত সোণোৱাল কছাৰী সকলৰ পৰম্পৰগত কৃষ্টি সংস্কৃতি, তোৰন,স্বেচ্ছাসেৱক, আপ্যায়ন,উদযাপন সমিতি গঠন,শুভাযাত্ৰা আদি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত উপস্থিত থাকি সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালে __সোনোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ গঠনৰ মূল লক্ষ্যই আছিল জাতিটোক সৰ্বটো প্ৰকাৰে আগুৱাই নিয়া। বাইথ’ পূজা হ’ল সোণোৱাল জাতিৰ স্বকীয়তাৰ পুৰাতন পৰিচয়। জাতিৰ স্বাভিমান বাইথ’ পূজাভাগ সফল কৰি তুলিবলৈ সকলোৰে সহযোগৰ অবিহনে সম্ভৱ নহয় বুলি মন্তব্য কৰি জাতিৰ উন্নতিৰ বাবে ঐক্য, শান্তি লাগিব বুলি মন্তব্য কৰি কেবল পূজা পাতলেই নহয় সমান্তৰাল ভাৱে ক্ৰীড়া, শিক্ষা,সংস্কৃতি আদি সকলো দিশে আগুৱাই যাব লাগিব বুলি মন্তব্য কৰি ৰূপালী জয়ন্তী সমাৰোহ পৰিচালনাৰ বাবে চৰকাৰৰ পৰা পাঁচ লক্ষাধিক টকা অৰ্থ সহাৰ্যৰ বাবে চৰকাৰৰ হৈয়ে যোগাযোগ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

বিষয় শিক্ষক মহিম বৰুৱাই সভাত ভাগ লৈ ___লষ্ট অফ হেৰিটেজ ইজ লষ্ট অফ আইডেনটিতি বুলি মন্তব্য কৰি এনে এক বিশাল অনুষ্ঠান সুশৃংখলিতভাৱে আৰু সফলতাৰে অনুষ্ঠিত কৰিবলৈ সকলোকে আগুৱাই আহিবলৈ আহ্বান জনাই। উক্ত সভাতেই সোণোৱাল কাছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালৰ সভাপতি আৰু চন্দন সোণোৱালক সম্পাদক হিচাপে লৈ এখন ৫৫ জনীয়া উদযাপন সমিতি গঠন কৰা হয়। সভাত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালক সভাপতি আৰু চন্দন কছাৰীক সম্পাদক হিচাপে লৈ এখন ৫৫ জনীয়া উদযাপন সমিতি গঠন কৰে।সভাত প্ৰধান শিক্ষক ৰমেশ সোণোৱাল,হোমেন সোণোৱাল আদি বহু ব্যক্তিয়ে গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে বহু বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ,সংস্কৃতি কৰ্মী,সোণোৱাল জনগোষ্ঠী বিভিন্ন সংগঠনৰ কৰ্ম কৰ্তাৰ লগতে বৃহত্তৰ চিলাপথাৰ অঞ্চলটোৰ ১১ খন  গাঁওৰ ৰাইজ।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

উত্তৰাখণ্ডৰ নিৰ্মীয়মাণ টানেলত নিৰ্মাণৰ সময়তে ভাঙি পৰিল ছিলকিয়াৰা টানেলৰ এটা অংশ…

উত্তৰাখণ্ডৰ নিৰ্মীয়মাণ টানেলত অঘটন। নিৰ্মাণৰ সময়তে ভাঙি পৰিল ছিলকিয়াৰা টানেলৰ এটা অংশ।

টানেলৰ ভিতৰত আবদ্ধ হৈ পৰিছে ৪০জনকৈ শ্ৰমিক। উত্তৰকাশীত ছিলকিয়াৰাৰ পৰা দণ্ডালগাঁৱলৈ নিৰ্মাণ কৰি থকা হৈছে টানেলটো।

ঘটনাস্থলীত NDRF-SDRFৰ উদ্ধাৰকাৰী দলে চলাইছে অভিযান। আবদ্ধসকলক যোগান ধৰা হৈছে খাদ্য, পানী।

চিলাপথাৰত খেল মহাৰণ আৰম্ভ ! ৰাইজৰ ব্যাপক সঁহাৰি…

চিলাপথাৰত খেল মহাৰন আৰম্ভ। ৰাইজৰ ব্যাপক সঁহাৰি।

চৰকাৰে গাঁৱৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ লক্ষ্যৰে আৰম্ভো কৰিছে খেল মহাৰন___২০২৩-২৪। Iar লগতে সংগতি ৰাখি দুদিনীয়াকৈ চিলাপথাৰ গাঁও পঞ্চায়তৰ সিলগাও খেলপথাৰত আৰম্ভ হ’ল পঞ্চায়ত ভিত্তিক খেল প্ৰতিযোগীতা। পঞ্চায়ত সভাপতি অনুপ দাসে উদ্ধোধন কৰা প্ৰতিযোগিতাৰ উদেশ্য বাখ্যা কৰে সচিব ৰূপম চুতীয়াই।

প্ৰাক্তন সেনা জোৱান দীপাংকৰ সোণোৱালে অলিম্পিক শিখা প্ৰজ্বলন আৰু শপত বাক্য পাঠ কৰোৱাৰ পিছতে অনুষ্ঠিত হ’ল ল’ৰা আৰু ছোৱালীৰ ১০০,২০০,৪০০ আৰু ৮০০ মিটাৰ দৌৰ আদি বিভিন্ন এথলেটিকচ প্ৰতিযোগিতা । বিওলি অনুষ্ঠিত হ’ল কাবাডী খেল।

অন্তিম দিনা ল’ৰা আৰু ছোৱালীৰ শাখাৰ মাজত ফুটবল আৰু ভলীবল খেল প্ৰতিযোগীতা অনুষ্ঠিত হ’ব। কৰ্যসুচিত জেষ্ঠ্য সমাজকৰ্মী পোৱাল সোণোৱাল,শিক্ষক জ্ঞানধৰ সোণোৱাল,ব্ৰজেন বাগলাৰী,ৱাৰ্ড সদস্য নিপন সোণোৱালৰ লগতে বিভাগৰ পৰ্যবেক্ষক হিচাপে তপন সুত্ৰধৰ,ধৰ্মৰঞ্জন নৰহ আৰু লোনামনি দলেৰ লগতে তিৰ্থেশ্বৰ বৰা,হৰিশমোহন পেগু,দিগন্ত সোনোৱাল, মানিক সোনোৱাল আদি বহু লোক উপস্থিত থাকে।

চেঙাজানত সোচৰা ৰোগত আক্ৰান্ত পশুধন ! জাৰ্চি গৰুৰ মৃত্যু…

বানৰ পিছতে চিলাপাথাৰৰ চৰাঞ্চলত অব্যাহত আছে পশুধনৰ মাজত গুৰুতৰ ব্যাধি। ৰাইজে জানিবলৈ দিয়া মতে চমকং পঞ্চায়তৰ অন্তৰ্গত চেঙাজান গাওঁত গৰু,মহ,ছাগলী গাহৰি আদি পোহনীয়া পশু পখীৰ মাজত অব্যাহত আছে বিভিন্ন বেমাৰ। বিশেষ কৈ গল ফুলা ৰোগত আক্ৰান্ত হৈছে গাঁওখনৰ বহু গৰু।

চেঙাজান গোৱালা গাঁওৰ ৰাম ভৱন মাঝি নামৰ জেষ্ঠ্য লোকজনৰ এজনী গাখিৰতি জাৰ্চি গৰু আজি গ’ল বুলি ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে।  একেদৰে আন কেইবাখন ঘৰটো মৃত্যুৰ ক্ষণ গনিছে বহু পশুধনে।

বান বিধস্ত গাঁওখনত ইতিপূৰ্বে কেইবাটাও ছাগলী মৃত্যুৰ মুখত পৰা বুলি ৰাইজে সদৰি কৰিছে। পশুধনৰ চিকিৎসা কিম্বা দিহা পৰামৰ্শ গ্ৰহণৰ বাবেও  অঞ্চলটোত নাই কোনো চিকিৎসালয়। তেনে স্থলত নিজা নিজা পোহনীয়া জীৱ জন্তুৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰিছে কৃষিজীৱি ৰাইজ। বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাইজক উপকৃত কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰৰ ওচৰত গোহাৰি জনাইছে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

গোগামুখ খ্ৰাইষ্ট কিং স্কুলত বিজ্ঞান-চিত্ৰকলা-বস্ত্ৰ- খাদ্যমেলাঃ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গোগামুখ খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত শনিবাৰে বৰ্ণিল কাৰ্যক্ৰমণিকাৰে বিজ্ঞান, কলা, খাদ্য মেলা আৰু বস্ত্ৰমেলা অনুষ্ঠিত হৈ যায় ৷ গোগামুখ খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বিজ্ঞান, কলা, খাদ্যমেলা আৰু বস্ত্ৰমেলাত খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানটো উদ্ধোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ অনুষ্ঠানটো উদ্বোধন কৰি তেওঁ কয়- ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বিষয়ৰ ওপৰত থকা অভিজ্ঞতাই আমাক আনন্দিত  কৰিছে ৷ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াও বিজ্ঞানী হোৱা নাই ৷ কিন্তু তাঁহাত বিজ্ঞানী হ’বলৈ প্ৰচেষ্টা চলাইছে আৰু ভৱিষ্যত সম্ভাৱনা আছে ৷ ছাত্ৰ-ছাত্ৰীসকলে চিত্ৰকলা, বস্ত্ৰ নিৰ্মাণ, খাদ্য প্ৰস্তুতকৰণটো যথেষ্ট আগবাঢ়িছে ৷

যিটোৱে গোগামুখ খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিন্ন প প্ৰতিভাক প্ৰতিফলিত কৰিছে ৷ উল্লেখনীয় যে,  খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তথা ফাদাৰ বিজুৰ উৰ্বৰ চিন্তা আৰু আশাশুধীয়া প্ৰচেষ্টাত উক্ত বিজ্ঞান, কলা, খাদ্য আৰু বস্ত্ৰমেলাৰ দৰে আটকধুনীয়া সানমিহলি কাৰ্যসূচী অনুষ্ঠিত কৰা সম্ভৱপৰ হৈ উঠিছিল  ৷

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিভিন্ন কাৰিকৰী কৌশল, নক্সা, আটকধুনীয়া চিত্ৰ কলা, বিভিন্ন জাতি-জনজাতিৰ খাদ্যসম্ভাৰ, বিভিন্ন জাতি-জনজাতিৰ পৰম্পৰাগত সামগ্ৰী, বস্ত্ৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীও কৰে ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা বিহু, মিচিং, বড়ো, আদিবাসী, দেউৰী, নেপালী, ৰাভা, তিৱা, সোনোৱাল কছাৰী আদি  বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ নৃৃত্য-গীতে অনুষ্ঠানত উপস্থিত সকলো ৰাইজক আপ্লুত কৰি তোলে ৷

অনুষ্ঠানত উপস্থিত থাকে  মুখ্য অতিথি ৰূপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, ধেমাজি এছ এফ এছৰ অধ্যক্ষ তথা ফাদাৰ জৰ্জ অষ্টিন, খ্ৰাইষ্ট কিং স্কুলৰ  প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোটৰ সাধাৰণ সম্পাদক  জ’হান জিৎ দলে, আইনী পৰামৰ্শদাতা ত্ৰিদীপ দাস, সহকাৰী সম্পাদক ধ্যান জ্যোতি দলে, বাণীকান্ত শৰ্মা, ৰমেন বৰুৱা আদিয়ে ৷ অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰাৰ  পাছত খ্ৰাইষ্ট কিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তথা ফাদাৰ বিজুৱে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷

অনুষ্ঠানত  প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোটৰ সাধাৰণ সম্পাদকে জ’হানজিৎ দলেয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । বিয়লি আমন্ত্ৰিত অতিথি সকলক ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন  বিজ্ঞান , চিত্ৰকলা, বস্ত্ৰমেলা,  খাদ্যমেলা পৰিদৰ্শন কৰোৱা হয় ৷ অনুষ্ঠানত খ্ৰাইষ্ট কিং হাইস্কুলে নতুনকৈ নিৰ্মাণ কৰা কম্পিউটাৰ লেবৰটেৰীও অতিথিসকলক পৰিদৰ্শন কৰোৱা হয় ৷

শৰণীয়া আশ্ৰমত অমলপ্রভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

অমলপ্রভা দাসৰ ১১২ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি কস্তুৰবা ট্রাষ্ট আৰু সৰ্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্রম চৌহদত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অমলপ্রভা দাস সোঁৱৰণী বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ২০২৩ বৰ্ষৰ অমলপ্রভা দাস সোঁৱৰণী বঁটা এইবেলি লাভ কৰিছে কস্তুৰবা ট্ৰাষ্টৰ অৱসৰপ্ৰাপ্ত সেৱিকা বুদ্ধেশ্বৰী শইকীয়াই ।

এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চে’ক , ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ , এৰি চাদৰ আৰু এখন শৰাই । । তেনেদৰে ২০২৩ বৰ্ষৰ ডাঃ তিলোত্তমা বায়চৌধুৰী বঁটা এইবেলি লাভ কৰিছে চিকিৎসা বিজ্ঞানত ২০২২ বৰ্ষৰ স্নাতক পৰীক্ষাত স্ত্রীৰোগ আৰু শৈল্য চিকিৎসা বিষয়ত সর্বোচ্চ নম্বৰ পোৱা চিকিৎসক তথা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অৰিজিত বিশ্বাস আৰু ২০২৩ বৰ্ষৰ ডাঃ হবিকৃষ্ণ দাস সোঁৱৰণী বঁটা লাভ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ প্ৰজ্ঞা প্ৰিয়া বৰাই ।

এই বঁটাত আছে পোন্ধৰ হাজাৰ টকা, এখন সম্বৰ্দ্ধনা পত্র, এৰি চাদৰ, ফুলাম গামোচা আৰু এখন শৰাই । আনহাতে, অমলপ্রভা দাসৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে দিপালী হাজৰিকাই । সর্বোচ্চ ট্রাষ্টৰ সভাপতি মোহন দাস ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটো সাম্প্ৰতিকভাৱে পৰিচালনা কৰে ট্ৰাষ্টৰ সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ সমাজসেৱিকা আৰু আমাৰ ঘৰৰ পৰিচালক যুগব্ৰতা দত্তই অমলপ্রভা দাসৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দর্ভত চমুকৈ আলোকপাত কৰে । আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱা আৰু ডা চন্দ্ৰিমা দাসে তিনিওগৰাকী মহান ব্যক্তিৰ ত্যাগ আৰু কৰ্মজীৱনৰ সন্দৰ্ভত আলোকপাত কৰে।

অনুষ্ঠানত প্ৰয়াত হেম কাকতিৰ জীৱনৰ আধাৰত প্ৰণয়ন কৰা “মাতৃভূমি গ্ৰন্থ” উন্মোচন কৰে পদ্মশ্ৰী আৰু প্ৰাক্তন বিধায়ক অজয় দত্তই । গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে ক্ৰমে গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি কুসুম বৰা মোকাশী , সহকাৰী সম্পাদিকা ডঃ অঞ্জনা চৌধুৰী শইকীয়া আৰু সম্পাদক ভীমকান্ত কোঁৱৰৰ জীয়ৰী তথা অসম অসামৰিক সেৱাৰ বিষয়া সুজতা সুচিব্ৰতাই। অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ অনন্য অৱদান আগবঢ়াই অহা বাবে ডাঃ কেশৱ দাস আৰু কণিকা বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। তেনেদৰে অনুষ্ঠানত ২০০৮ বৰ্ষৰ পৰা সর্বোদয় ট্রাষ্টে গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ আর্থিকভাবে দুর্বল আৰু পিতৃ-মাতৃহীন ছাত্র-ছাত্রীক প্রদান কৰি অহা জলপানি এইবেলি ছয়গৰাকী ছাত্র-ছাত্রীক প্রদান কৰা হয়।

জলপানী লাভ কৰা ছয় গৰাকী ছাত্ৰ- ছাত্ৰী হল ক্ৰমে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাৰ মাধৱদেৱ হাইস্কুলৰ নিপন কুমাৰ, হিৰকজ্যোতি শৰ্মা আৰু ৰাজ কলিতা। পশ্চিম গুৱাহাটীৰ পশ্চিম ৰামচাৰাণী হাইস্কুলৰ বিতোপন দাস আৰু গায়ত্ৰী পাঠক। গুৱাহাটীৰ সাতগাঁও হাইস্কুলৰ নিশিতা দাস। এই জলপানি স্নাতক মহলাত অধ্যয়ন কৰাৰ সময়লৈকে বছৰি ছয় হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। অনুষ্ঠানত মিকিকা ভূঞাই নৃত্য প্ৰদৰ্শন কৰে । আনহাতে, পূৰবী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কস্তুৰবা ট্রাষ্ট অসমৰ প্রতিনিধি বিউটি দাসে। ৰাষ্ট্ৰীয় সংগীতৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

শীঘ্ৰেই নিয়মীয়া হ’ব ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

শীঘ্ৰেই নিয়মীয়া হ’ব ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰিয়ে এই সিদ্ধান্ত শিক্ষা বিভাগৰ।

নিয়মীয়াকৰণৰ তালিকাত আছে ষ্টেট পুলৰ ৯,৫০০ শিক্ষক।

SSAৰ অধীনস্থ ২৫ হাজাৰ শিক্ষকো আছে এই তালিকাত।

নিয়মীয়াকৰণৰ আওতালৈ আহিব হাইস্কুলৰ ৪,৫০০ অতিৰিক্ত শিক্ষকো।

এই কথা আজি সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

নিৰ্মাণৰত সুৰংগ ভাঙি আবদ্ধ ৪০জন লোক

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত চিল্কিয়াৰা আৰু দাংদালগাঁওৰ মাজত নিৰ্মাণাধীন এটা সুৰংগৰ এটা অংশ দেওবাৰে পুৱতি নিশা খহি পৰাৰ ফলত কমেও ৩৬ জন শ্ৰমিক আৱদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে।

অৱশ্যে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

পুৱা প্ৰায় ৪ বজাত, চাৰে চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ ১৫০ মিটাৰ অংশটো খহি পৰে। সুৰংগটোৱে ব্ৰহ্মখাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাক দাণ্ডালগাঁওৰ সৈতে সংযোগ কৰিছে। এছডিআৰএফ জৰুৰীকালীন সঁহাৰি দলসমূহক পৰিদৰ্শক জগদম্বা বিজলৱানৰ নেতৃত্বত এছডিআৰএফ ৰ কমাণ্ডাৰ মণিকান্ত মিশ্ৰৰ নিৰ্দেশত স্থানটোত দ্ৰুততাৰে মোতায়েন কৰা হৈছে। সুৰংগটোৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক পুনৰ খোলা আৰু উদ্ধাৰকৰাৰ বাবে প্ৰায় ২০০ মিটাৰ শ্লেব পৰিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে।


আবদ্ধ শ্ৰমিকসকলক সহায় কৰিবলৈ এটা সৰু খোলাৰ মাজেৰে এটা অক্সিজেন পাইপো সুমুৱাই দিয়াৰ খবৰ আহিছে।

এই সুৰংগটোৱে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ দণ্ডলগাঁৱৰ সৈতে ছিলক্যৰাক সংযোগ কৰাৰ উদ্দেশ্য আছিল। ২০১৬ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা চৰ ধাম পথ প্ৰকল্পৰ অংশ।প্ৰথমে ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও ২০২৪ চনৰ ডিচেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হৈছে।

কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ দিপাবলী…

কিয় পালন কৰা হয় এই পোহৰৰ উৎসৱ দিপাবলী?

দৈবিক শক্তিৰে কিয় পোহৰৰে আলোকিত কৰে জানো আহক

প্রবাদমতে, দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্র নৰকাসুৰে স্বর্গলোক আক্রমণ কৰাৰ পাছত কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱৰাত দেৱৰাজ ইন্দ্র শ্রীকৃষ্ণৰ শৰণাপন্ন হয়।

ভকতবৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰিবৰ বাবে নৰকাসুৰক নিধন কৰে। অসুৰ নাশ হোৱাত তিনিওলোকতে চাকি জ্বলাই আনন্দ উৎসৱ পালন কৰা হয়। তেতিয়াৰ পৰাই দীপান্বিতা পালন কৰা হয়।

আকৌ ৰামায়ণত উল্লেখ থকা মতে, ৰাক্ষস ৰাজ লংকাধিপতি দশাননক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্রজাসকলে পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ কৰি ৰামচন্দ্রক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপান্বিতা পালন কৰা হয়।