Home Blog Page 1263

বাংলাদেশী মুলৰ মিঞাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আগ্ৰাসন, অসমীয়াৰ সংস্কৃতিক ধ্বংসৰ পৰিকল্পনাঃ ভুৱন পেগু…

প্ৰসংগঃ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য

বাংলাদেশী মুলৰ মিঞাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক আগ্ৰাসন, অসমীয়াৰ সংস্কৃতিক ধ্বংসৰ পৰিকল্পনাঃ ভুৱন পেগু

নিৰ্বাচনত আজমল বাহিনীক প্ৰতিহত কৰিব অসমৰ খিলঞ্জীয়া জণগনে 

সাম্প্ৰদায়িক মন্তব্য কৰি অসমত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলোৱা এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক এইবাৰ উভতি ধৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুয়ে। বদৰুদ্দিন আজমলৰ এনে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ মন্তব্যই অসমৰ থলুৱা খিলঞ্জীয়া অসমীয়া ৰাইজক অপমান কৰিছে। আই চি চি  বা জেহাদীৰ মনোভাব লৈ আজমলে এনে মন্তব্য কৰাৰ বাবে আচলতে অসমত বাংলাদশী মুলৰ মিঞা মুচলমান সকলে আজিলৈকে মুলসূতিৰ অসমীয়া মানুহৰ লগত খাপ খাব নোৱাৰিলে। গণতান্ত্ৰিক দেশ এখনত ৰাইজে ভোট দি নিৰ্বাচিত কৰা এজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ক ব্ৰহ্মপুত্ৰত উটোৱাই দিয়া বুলি যি অপমানসূচক মন্তব্য কৰিছে তেনে জেহাদী মন্তব্যবোৰক অসমৰ জনগনে অহা নিৰ্বাচনত আজমলক প্ৰতিহত কৰিব। এইটোৱেই শৰাইঘাটৰ শেষ ৰণ হ’ব ।

শৰাইঘাটৰ যুদ্ধ অসমৰ খিলঞ্জীয়া যুৱ সমাজে এনে বদৰুদ্দিন আজলম, চিৰাজৌদ্দিন আজমল আৰু বাংলাদেশী মুলৰ মিঞাৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আগ্ৰাসন কেতিয়াও সহ্য নকৰে  চিলাপথাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰেই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ উঠে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগু। 

অসমৰ খিলঞ্জীয়া জনগনে বজাৰ -পথাৰ দখল কৰাৰ প্ৰক্ৰিয়া উজনি অসমৰ কেবাখনো জিলাত ইতিমধ্যে ই আৰম্ভ কৰিছে।  অনাগত দিনত অসমত তেনে মিঞা বাংলাদেশীৰ আগ্ৰসন উপৰাই পেলাই অসমত খিলঞ্জীয়াৰ শাসন বিজেপি দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজমলৰ এনে ৰাজনীতি উপৰাই পেলোৱা হ’ব বুলিও কয়। অহা হাজাৰ বছৰলৈকে অসমত বাংলাদশী মিঞা মুছলমানৰ শাসন কৰাৰ যি সপোন, আই চি চি, জেহাদীৰ মনোভাৱেৰে অসম দখল কৰাৰ যি পৰিকল্পনা কৰিছিল আজমল বাহিনীয়ে এই সকলো সপোন হৈয়ে থাকিব।

বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে এই সম্পৰ্কত বিৰোধী কংগ্ৰেছ দলকো  কটু সমালোচনা কৰি কয় আজমলৰ এনে সাম্প্ৰদায়িক মন্তব্যবোৰক কংগ্ৰেছে যুগ যুগ ধৰি কম্প্ৰমাইজ কৰাৰ বাবেই আজমলৰ দৰে এজন ব্যক্তিয়ে অসমৰ খিলঞ্জীয়াৰ ভূমিত অসমীয়াৰ জনজীৱনক ধ্বংস কৰাৰ এনে সাম্প্ৰদায়িক মন্তব্য কৰিব পাৰিছে। ইফালে কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ টাকৈ ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চকো সমালোচনা কৰি কয়  অসমৰ খিলঞ্জীয়া জনগন বিজেপি দলৰ লগতে আছে বাংলাদেশী মুলৰ মিঞাৰ সকলক লৈয়ে বিৰোধীয়ে ৰাজনীতি কৰি আছে । কংগ্ৰেছৰ প্ৰতিদ্বন্দিতা বিজেপি দলৰ সৈতে নহয় বদৰুদ্দিন আজমলৰ লগতে আছে  গতিকে অসমত আৰু ১০ বছৰ বিজেপিৰ চৰকাৰ ৰাইজে আনিলে  এনে মিঞা বাংলাদেশী মুচলমানৰ চিন্তা চৰ্চা মূৰৰ পৰা ওপৰাই পেলোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুয়ে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা ! টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ…

১৪৬ বছৰীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা।

টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ। এটাও বলৰ মুখামুখি নোহোৱাকৈ আউট দিলে আম্পায়াৰে।

শ্ৰীলংকা বনাম বাংলাদেশৰ মেচত ঘটিল এই অঘটন। বাংলাদেশৰ খেলুৱৈৰ আপীলৰ পাছতে এই সিদ্ধান্ত আম্পায়াৰৰ।

আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত প্ৰশিক্ষণ শিবিৰত “আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম” ৰ ওপৰত বক্তব্য ৰাখে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ…

আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ দ্বাৰা আয়োজিত

পৌৰসভাৰ পাৰিষদ সকলৰ প্ৰশিক্ষণ শিবিৰত “আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম” ৰ ওপৰত বক্তব্য ৰাখে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

এই প্ৰশিক্ষণ শিবিৰে পৌৰসভাৰ পাৰিষদসকলক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চিত ৰূপত উপকৃত কৰিব বুলি দৃঢ়বিশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি ! ৫ ডিচেম্বৰত ধাৰ্য কৰিছে পৰৱৰ্তী শুনানিৰ দিন…

নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি। ৫ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

Supreme court of India building in New Delhi, India.

৭ নৱেম্বৰত আছিল শুনানিৰ দিন। উচ্চতম ন্যায়ালয়ে ৫ ডিচেম্বৰত ধাৰ্য কৰিছে পৰৱৰ্তী শুনানিৰ দিন।

ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেলৰ আবেদনৰ ভিত্তিত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

এই ৫টা অভ্যাস গ্ৰহণে বাৰ্ধক্যৰ প্ৰভাৱ হ্ৰাস কৰিব…

ব্যস্ত জীৱনত আমি স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিব পৰা নাই, যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে আৰু অকাল বাৰ্ধক্যৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। য’ত ভাগৰ, বলিৰেখা, দুৰ্বলতা আৰু হাড়ৰ বিষ আদিও দেখা যায়। নিজকে সৰু কৰি ৰাখিবলৈ আপুনি কোনবোৰ দৈনন্দিন অভ্যাস গ্ৰহণ কৰিব লাগে জানো আহক-

ফল-মূল, শাক-পাচলিৰ দৰে সুষম খাদ্যই ছালৰ স্বাস্থ্য উন্নত কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু শৰীৰক ভালদৰে কাম কৰাত সহায় কৰা অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে।

ডেকা হৈ থকাৰ অন্যতম ফলপ্ৰসূ উপায় হ’ল ব্যায়াম। নিয়মিত শাৰীৰিক কাৰ্য্যকলাপে পেশীৰ শক্তি, নমনীয়তা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই এণ্ড’ৰ্ফিন উৎপাদনত সহায় কৰে, যিয়ে মেজাজ উন্নত কৰে আৰু মানসিক চাপ হ্ৰাস কৰে।

ছাল আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ হাইড্ৰেটেড হৈ থকাটো গুৰুত্বপূৰ্ণ। পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে, ছালখনক জলসিঞ্চিত কৰি ৰাখে আৰু শৰীৰৰ বিভিন্ন কাৰ্য্যত সহায় কৰে। দিনটোত কমেও ৮ গিলাচ পানী খাওক।

আমাক টোপনিৰ প্ৰয়োজন। টোপনিৰ অভাৱত অকাল বয়স বৃদ্ধি, মানসিক চাপ বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে। প্ৰতি নিশা ৭-৯ ঘণ্টা জিৰণি লোৱাৰ লক্ষ্য ৰাখক যাতে আপুনি সতেজ হৈ থাকে আৰু দৈনন্দিন জীৱনটো আগবঢ়াই নিব পাৰে।

দীৰ্ঘম্যাদী মানসিক চাপে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে। ধ্যান, গভীৰ উশাহ বা যোগাসনৰ দৰে মানসিক চাপ বাষ্টাৰ কৌশলৰ অভ্যাসে মানসিক চাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে। মানসিক চাপ কমালে কেৱল যৌৱন অনুভূতি বৃদ্ধি কৰাই নহয়, মানসিক আৰু আৱেগিক ভাৰসাম্যও গঢ়ি তুলিব পাৰে।


ৰাজ পৰিয়ালত জন্ম লোৱাৰ পিছতো সাধাৰণ জীৱন যাপন কৰে ভূটানৰ ৰজাই…

যেতিয়া পৃথিৱীৰ ৰয়েল ফেমিলিৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়াই ভূটানৰ ৰজা আৰু তেওঁৰ পত্নীৰ কথা উল্লেখ কৰাটো বাধ্যতামূলক। এই দেশৰ লগত ভাৰতৰ সু-সম্পৰ্ক আছে, আৰু ভাৰতৰ জনসাধাৰণৰ চুবুৰীয়া দেশৰ ৰাজ পৰিয়ালটোৰ প্ৰতিও যথেষ্ট আগ্ৰহ আছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু তেওঁৰ পত্নী জেটছুন পেমা কেনেধৰণৰ জীৱন যাপন কৰে জানেন। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক বৰ্তমান ৮ দিনীয়া ভাৰত ভ্ৰমণত আছে। তেওঁৰ ভ্ৰমণ অসমৰ পৰা আৰম্ভ কৰিছে।

১৯৮০ চনৰ ২১ ফেব্ৰুৱাৰীত নেপালৰ ৰাজধানী কাঠমাণ্ডুত জন্মগ্ৰহণ কৰা ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ২০০৬ চনৰ ৯ ডিচেম্বৰত ভূটানৰ ৰজা হয়, তেতিয়াৰ পৰাই তেওঁ নিজৰ দেশত শাসন কৰি আহিছে।ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ২০১১ চনৰ অক্টোবৰ মাহত জেটছুন পেমাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, বৰ্তমান তেওঁলোকৰ ২টা পুত্ৰ আৰু এগৰাকী কন্যাকে ধৰি ৩টা সন্তান আছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ৰাণী জেটছুন পেমা ৰাজধানী থিম্ফুৰ ওচৰৰ তাছিচো ড্জোঙত অৱস্থিত লিংকনা প্ৰসাদত বাস কৰে, যিটো তেওঁলোকৰ চৰকাৰী বাসগৃহ।

ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ লগুৱাৰ অভাৱ নাই যদিও আজিও তেওঁ লিংকানা প্ৰসাদত বাগিচাৰ কামত আকৰ্ষিত। এই ৰাজপৰিয়ালৰ কোনো ধন-সম্পত্তিৰ অভাৱ নহ’লেও ভূটানৰ ৰজা-ৰাণীয়ে হিমালয়ৰ কোলাত সহজ-সৰল জীৱন যাপন কৰি ভাল পায়। ৰাজা ৱাংচুকে সদায় পত্নী জেটছন পেমাক প্ৰশংসা কৰে কাৰণ তেওঁ বিয়াৰ পিছত নিজৰ দায়িত্ব ভালদৰে পালন কৰিছে।

‘দেউতা জীয়াই থকালৈকে ঘৰত দীপাৱলী উদযাপন কৰা হোৱাই নাছিল’ আৱেগিক প্ৰিয়ংকা চোপ্ৰা…

প্ৰিয়ংকা চোপ্ৰাৰ শেহতীয়া এটা বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। পিতৃ কি? সেই সকলে বুজি পাই যাৰ জীৱনৰ পৰা দেউতাকৰ ছাঁ সোনকালে নাইকিয়া হৈ গ’ল। প্ৰিয়ংকা চোপ্ৰাৰ ক্ষেত্ৰতো একেধৰণৰ পৰিস্থিতি। প্ৰিয়ংকা চোপ্ৰাৰ পিতৃ অশোক চোপ্ৰা এই পৃথিৱীত নাই। কিন্তু অভিনেত্ৰীগৰাকীয়ে প্ৰতি মুহূৰ্ততে তেওঁক মনত পেলাই। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে পিতৃৰ কথা মনত পেলাই কয় যে পিতৃ থকালৈকে ঘৰতে দীপাৱলী পালন কৰা নাছিল। অভিনেত্ৰীগৰাকীৰ এই বক্তব্য ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে।

ইয়াৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে কয় – দেউতাৰ মৃত্যু আগৰলৈকে তেওঁৰ লগত দীপাৱলী উদযাপন কৰিবলৈ মোৰ সময় নাছিল। যেতিয়া তেওঁ অসুস্থ হৈ পৰিছিল, তেতিয়া মোৰ বাবে সেয়া আছিল ডাঙৰ কথা। সেই মুহূৰ্তত মই বুজিলোঁ যে জীৱনটো বহুত চুটি। আমি অতি সৰু সৰু কথা ভাবো। আনহাতে আমাৰ চিন্তা কৰিবলগীয়া ডাঙৰ ডাঙৰ কথা আছে।

প্ৰিয়ংকা চোপ্ৰা দেউতাকৰ কিমান ঘনিষ্ঠ আছিল তাৰ প্ৰমাণ হাতৰ টেটু। অভিনেত্ৰীগৰাকীয়ে হাতত লিখি থৈছিল – ‘ডেডীৰ লিটিল গাৰ্ল।’ অভিনেত্ৰীগৰাকী অলপতে মুম্বাই MAMI চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছিল। এই মহোৎসৱত অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যক বহুত প্ৰশংসা কৰা হৈছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভনীয়েক পৰিনীতি চোপ্ৰাৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে।


চাহ বা কফি খোৱাৰ আগতে পানী খায় নেকি? জানি লওক ইয়াৰ সুবিধা-অসুবিধা বিষয়ে…

চাহ বা কফি খোৱাৰ আগতে পানী খায় নেকি? জানি লওক ইয়াৰ সুবিধা-অসুবিধা বিষয়ে। ৰাতিপুৱা চাহ খোৱাটো কেৱল এটা কাম নহয় বৰঞ্চ ই মানুহৰ লগত জড়িত অনুভৱ। চাহ ভাৰতীয় সংস্কৃতিৰ এক অংশ। সুখেই হওক বা দুখেই হওক, চাহ সদায় সকলোৰে প্ৰিয়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খালী পেটত বেছিকৈ চাহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনহাতে চাহ খোৱাৰ আগতে পানী খোৱা কিছুমান মানুহ আছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি মানুহে চাহ বা কফি খোৱাৰ আগতে পানী খাব লাগে নে নালাগে-

চাহ আৰু কফি দুয়োটা পেটৰ বাবে বিপদজনক। চাহ-কফি দুয়োটাই এচিড উৎপন্ন কৰে। চাহৰ পি এইচ মান ৬ আনহাতে কফিৰ পি এইচ মান ৫। এনে পৰিস্থিতিত চাহ বা কফি খালে শৰীৰত বহুতো বিপজ্জনক ৰোগৰ আশংকা বাঢ়িব পাৰে। আনকি আলচাৰ, কেন্সাৰ আদি ৰোগৰ আশংকাও বৃদ্ধি পায়। কিন্তু যদি চাহ-কপি খোৱাৰ আগতে পানী খায় তেন্তে এই সমস্য়াৰ পৰা কিছু পৰিমাণে হ্ৰাস পাব। পানী খোৱাৰ ফলত অন্ত্ৰত এটা স্তৰ গঠন হয় যিয়ে চাহ-কফিৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।

খালী পেটত চাহ খোৱাটো অতি ক্ষতিকাৰক। ই পেটত এচিড উৎপন্ন কৰাৰ কাম কৰে। ইয়াৰ উপৰিও দাঁত নষ্ট কৰে। বহু পৰিমাণে ই দাঁতৰ ক্ষয়ো বৃদ্ধি কৰে।

চাহ খোৱাৰ ১০-১৫ মিনিট আগতে পানী খাব লাগে। যাতে শৰীৰত উৎপন্ন হোৱা অম্লীয় প্ৰভাৱ কমি যায়। চাহ খোৱাৰ লগে লগে কেতিয়াও পানী খাব নালাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এয়া অতি ক্ষতিকাৰক। বৰং চাহ খোৱাৰ ১০-১৫ মিনিট আগতে পানী খোৱাই ভাল। ইয়াৰ ফলত চাহৰ শৰীৰত হোৱা অম্লীয় প্ৰভাৱ কমি যায়।


বিষাক্ত বায়ু প্ৰদূষণৰ পৰা নিজকে কিদৰে সুৰক্ষিত ৰাখিব…

বায়ু প্ৰদূষণঃ উত্তৰ ভাৰতত দিনক দিনে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। এনে পৰিস্থিতিত আপুনি কিছুমান বিশেষ টিপছ গ্ৰহণ কৰি বায়ু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। দিল্লী এন চি আৰ আৰু উত্তৰ ভাৰতৰ বহু ৰাজ্যত পুনৰ বায়ু প্ৰদূষণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বায়ু প্ৰদূষণে হাওঁফাওঁ দুৰ্বল কৰি মানুহক শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি কৰে। এনে পৰিস্থিতিত এই বিপজ্জনক বায়ু প্ৰদূষণৰ পৰা আপুনি নিজকে আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলক ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কোনবোৰ ব্যৱস্থাৰে আপুনি বায়ু প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা হাত সাৰিব পাৰিব জানো আহক-

মাস্ক পিন্ধিহে বাহিৰলৈ ওলাই যাব। আপোনাৰ ল’ৰা-ছোৱালীকো মাস্ক পিন্ধাই ওলাই যাবলৈ দিয়ক। বজাৰত ভাল মানৰ মাস্ক পাব আৰু বজাৰ বা আন ঠাইলৈ যাওঁতে মাস্ক পিন্ধিবলৈ চেষ্টা কৰিব। ৰাতিপুৱা আৰু গধুলি খোজকঢ়া লোকসকলক মাস্ক পিন্ধি খোজ কাঢ়িবলৈ পৰামৰ্শ দিব লাগে। আনহতে বায়ু প্ৰদূষণৰ সময়ত আমি পুৱা-গধুলি দৌৰিলে হাওঁফাওঁৱে অধিক বায়ু টানে আৰু এনে পৰিস্থিতিত বিষাক্ত বায়ু শৰীৰত প্ৰৱেশৰ আশংকা বেছি হয়।

বায়ু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাৰ এটা উত্তম উপায় হ’ল পৰ্যাপ্ত পৰিমাণে পানী খোৱা। ইয়াৰ ফলত আপুনি হাইড্ৰেটেড হৈ থাকিব আৰু আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ থাকিব। প্ৰচুৰ পৰিমাণে পানী খালে শৰীৰত জমা হোৱা বিষাক্ত মৌলবোৰ প্ৰস্ৰাৱৰ জৰিয়তে ওলাই আহি থাকিব।

যেতিয়া বাহিৰৰ বতাহ বিষাক্ত হয়, তেতিয়া ঘৰৰ বায়ুৰ মানদণ্ডও বজাই ৰাখিব লাগে। যদি ঘৰত শিশু আৰু বৃদ্ধ লোক থাকে তেন্তে ঘৰৰ বতাহ বিশুদ্ধ কৰি ৰাখিবলৈ এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিব লাগে।


কাইলৈ ​​মিজোৰাম আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন…

নিৰ্বাচন ২০২৩ সংবাদ: মিজোৰাম আৰু ছত্তীশগড়ৰ ৰাইজৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত। কাইলৈ (৭ নৱেম্বৰ) মিজোৰাম আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আজি মুখ্যমন্ত্ৰী অশোক গেহলটে মনোনয়ন দাখিল কৰিব। ১১ বজাত চৰ্দাৰপুৰা বিধান সভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। মনোনয়নৰ সময়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকিব। কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়নৰ সময়ত সেই দলৰ ৰাষ্ট্ৰীয় সভাপতি উপস্থিত থাকিব প্ৰথমবাৰৰ বাবে।

ৰাজস্থান নিৰ্বাচন ২০২৩ঃ ৰাজস্থানত আম আদমী পাৰ্টিৰ প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ। সোমবাৰে (৬ নৱেম্বৰ) প্ৰকাশ পোৱা এই তালিকাত ২ জন প্ৰাৰ্থীৰ নাম আছে।