বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় পুৰুষৰ তালিকা প্ৰকাশ। এই তালিকাত স্থান লাভ কৰিছে হলিউডৰ এগৰাকী ৫৭ বছৰীয়া অভিনেতা। এইজন অভিনেতা হৈছে পেট্ৰিক ডেম্পচি। ছোৱালীৰ হৃদয় স্পৰ্শ কৰিবলৈ পুৰুষৰ ব্যক্তিত্বই যথেষ্ট। বলীউডৰ তাৰকা হওক বা হলিউডৰ তাৰকা হওক। এই তাৰকাসকলৰ মহিলা ফেন ফ’ল’ৱাৰ অতি বেছি। কিন্তু শেহতীয়াকৈ ‘Sexiest Man Alive’ অৰ্থাৎ বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় পুৰুষৰ তালিকা প্ৰকাশ পাইছে। এই তালিকাত স্থান লাভ কৰিছে হলিউডৰ এগৰাকী ৫৭ বছৰীয়া অভিনেতা। এইজন অভিনেতা পেট্ৰিক ডেম্পচি।
৫৭ বছৰীয়া অভিনেতাগৰাকীয়ে (পেট্ৰিক ডেম্পচি) এই খিতাপ লাভ কৰাটো যথেষ্ট আমোদজনক। এই তালিকাখন প্ৰকাশ কৰিছে পিপল মেগাজিনে। এই খিতাপ জয় কৰাৰ পিছত পেট্ৰিক অতি সুখী। যোৱা বছৰৰ কথা ক’বলৈ গ’লে আন কোনোবাই ‘চেক্সিষ্ট মেন এলাইভ ২০২২’ৰ খিতাপ লাভ কৰিছিল। এই অভিনেতাজন হৈছে কেপ্তেইন আমেৰিকাৰ খ্যাতি ক্ৰিছ ইভান্স। ইয়াৰ পূৰ্বে পল ৰুডেও বহুবাৰ এই খিতাপ দখল কৰিছে।