Home Blog Page 1267

প্ৰদূষণৰ বাবে হাওঁফাওঁৰ ক্ষতি হয়, ঘৰুৱা উপায়েৰে নিজৰ যত্ন লওক…

প্ৰদূষণৰ ঘৰুৱা প্ৰতিকাৰঃ দেশৰ কিছুমান চহৰত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। এই বিষাক্ত বতাহৰ বাবে মানুহে উশাহ-নিশাহ লোৱাত অসুবিধা, চকু বিষ, কাহ আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই সমস্যাই আপোনাৰ হাওঁফাওঁত আটাইতকৈ বেছি প্ৰভাৱ পেলায়। আজি আমি আপোনালোকক কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে কম যিবোৰৰ দ্বাৰা আপুনি ঘৰতে সহজে হাওঁফাওঁৰ যত্ন ল’ব পাৰে-


যদি আপুনি আপোনাৰ হাওঁফাওঁ সুস্থ হোৱাটো বিচাৰে তেন্তে আপুনি আদা, তুলসী আৰু জালুকৰ দৰে বস্তুৰ পৰা তৈয়াৰী বনৌষধি চাহ খাব। এই সকলোবোৰ বস্তুৱে আপোনাৰ শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। কওঁ যে ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে প্ৰদূষণৰ ফলত হোৱা ক্ষতিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সেয়ে এই চাহ দৈনিক সেৱন কৰিব লাগে।

দৈনিক গৰম ভাপ দিলে হাওঁফাওঁক সকাহ দিয়ে। ইয়াৰ উপৰিও ভাপ খালে উশাহ লোৱাত কষ্টৰ পৰা উপশম পায়।ডিঙিৰ বিষৰ বাবে এইটোৱেই আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰ।

যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে নিজকে হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ইচ্ছা কৰিলে নিতৌ নেমু মিহলাই গৰম পানীও খাব পাৰে। এনে কৰিলে মলি কমোৱাত সহায় হয় আৰু হাওঁফাওঁ শক্তিশালী হয়।

৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বন্ধ থাকিব বিদ্যালয়ঃ দিল্লী চৰকাৰ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এসপ্তাহতকৈ অধিক সময় ধৰি বায়ু প্ৰদূষণ কমা নাই। প্ৰদূষণৰ পৰা কোনো ধৰণৰ ৰেহাই পোৱা নাই জনসাধাৰণে। সেয়ে নতুন দিল্লীত বিদ্যালয়ত শীতকালীন বিৰতিৰ কথা নিৰ্দেশনাৰ দৰিয়তে জানিবলৈ দিছে চৰকাৰে।

১০দিনীয়া শীতকালীন বন্ধ ডিচেম্বৰৰ পৰিবৰ্তে নৱেম্বৰতে দিয়া হৈছে। দিল্লী চৰকাৰে ৯পৰা ১৮ নৱেম্বৰলৈ আগতীয়াকৈ শীতকালীন বিৰতি ঘোষণা কৰিছে।

দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ বুধবাৰে ‘গুৰুতৰ’শিতানত ৰেকৰ্ড কৰা হয়। ৰাষ্ট্ৰীয় ৰাজধানীত একিউআইৰ উচ্চ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়সমূহৰ বন্ধৰ দিন বঢ়াই দিয়া হৈছে।

শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ১২১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গুৱাহাটীলৈ ৰাওনা…

শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ১২১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গুৱাহাটীলৈ ৰাওনা

সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ উদ্যোগত আৰু অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁৱৰ পৰা দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ এটা দল শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে গুৱাহাটীলৈ ৰাওনা হৈছে। ছাত্ৰ-ছাত্ৰীৰ এই দলটোৱে আই আই টি, গুৱাহাটী আৰু এইমছ, গুৱাহাটী ভ্ৰমণ কৰিব। মৰিগাঁও আৱৰ্ত ভৱনৰ বাহিৰত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক এই শিক্ষামূলক ভ্ৰমণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে এই কাৰ্যসূচীক কেৱল এটা ভ্ৰমণ হিচাপে ল’ব নালাগে। বৰং বাহিৰত গৈ নতুন নতুন কথা শিকি নিজৰ দৃষ্টিভংগীৰ প্ৰসাৰতহে গুৰুত্ব দিব লাগে। তেওঁ কয় যে কেৱল চিকিৎসক অভিযন্তাই নহয়, বৰ্তমান সময়ত এনে বহুতো বৃত্তি আছে যিবোৰে ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনীমূলক চিন্তাৰ প্ৰসাৰ ঘটাব পাৰে। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক চিন্তাৰ পৰিধি বহল আৰু উদাৰ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে এই শিক্ষামূলক ভ্ৰমণত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ১২১ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী (মেণ্টি)য়ে অংশগ্ৰহণ কৰিছে। আজিৰে পৰা আৰম্ভ হ’বলগীয়া এই শিক্ষামূলক ভ্ৰমণ ১০ নৱেম্বৰত সামৰণি পৰিব। দলটোত সহকাৰী আয়ুক্ত মৃগনাভ দাস, দুগৰাকী শিক্ষক আৰু চাৰিগৰাকী শিক্ষয়িত্ৰীয়েও ভ্ৰমণ কৰিছে। আজি ছাত্ৰ-ছাত্ৰীৰ দলটোক এই ভ্ৰমণৰ বাবে শুভেচ্ছা জ্ঞাপনৰ অনুষ্ঠানটোত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈয়ো উপস্থিত আছিল।

এতিয়া কেনে আছে জুবিন গাৰ্গ ! ডাঃ হিতেশ বৰুৱাই দিলে জুবিনৰ স্বাস্থ্যৰ শেহতীয়া খবৰ…

কেনে আছে জুবিন গাৰ্গ? আজি পুৱা সকলোৰে মৰমৰ শিল্পীগৰাকী অসুস্থ হৈ পৰিছিল। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় নেমকেয়াৰ হাস্পতালত। জুবিন গাৰ্গ অসুস্থ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে হাস্পতাললৈ ঢাপলি মেলিছিল অনুৰাগীসকল। নেমকেয়াৰ হাস্পতালত ভিৰ কৰে অনুৰাগীসকলে।

ইয়াৰ পূৰ্বেও বহুবাৰ অসুস্থ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল জুবিন গাৰ্গ। আজি পুৱা গছত পানী দি থাকোতে মূৰ ঘূৰাই হঠাত্‍ জুবিন মাটিত ধলি পৰিল। তাৰ পাছতেই তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান হার্টথ্রব জুবিন গাৰ্গক ICUত ৰখা হৈছে। চিকিৎসকৰ এটা দলে প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি আছে জুবিনক।


নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই সময়ে সময়ে অনুৰাগীসকলক জুবিনৰ স্বাস্থ্যৰ শেহতীয়া তথ্য জনাই আছে।

পূৰ্ণ গতিত পূব লাহিংত খেল মহাৰণ ! ডেৰ শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ…

অসম চৰকাৰে গাঁওৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে সমগ্ৰ অসমতে অনুষ্ঠিত কৰা খেল মহাৰণ ইতিমধ্যে যোৰহাট জিলাৰ ১১ নং পূব লাহিং গাঁও পঞ্চায়তত পূৰ্ণ গতিত অনুষ্ঠিত হৈছে। পঞ্চায়তৰ অন্তৰ্গত টিপমীয়া খেলপথাৰত ০১নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে বিভিন্ন ক্ৰিয়া ইভেণ্ট সমূহ।

প্ৰথম দিনা গাঁও পঞ্চায়তৰ সভাপতি ঋতু বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাতুল গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত চেলেংহাট প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধা, সম্পাদক অনুৰাগ শইকীয়া, বিজেপি নেতা তৰুণ ৰাজুৱাৰ, পঞ্চায়তৰ সচিবকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থাকি খ্যাতি সম্পন্ন ক্ৰিয়াবিদ তথা ড্ৰাগছ মুক্তি অভিযানৰ সক্ৰিয় কৰ্মী তুষাৰ পালে মহাৰণৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে বৰ্তমানলৈকে শতাধিক প্ৰতিযোগীয়ে এই মহাৰণত অংশগ্ৰহণ কৰি কুৰিৰো অধিক প্ৰতিযোগীয়ে সমষ্টি ভিত্তিক মহাৰণলৈ নিৰ্বাচিত হৈছে।

ICCৰ ODI ৰেংকিঙৰ শীৰ্ষত শুভমন গীল ! পাকিস্তানৰ বাবৰ আজমক পিছ পেলাই শুভমন গীলৰ শীৰ্ষস্থান দখল…

বিশ্বকাপ ক্ৰিকেটৰ মাজতেই টীম ইণ্ডিয়াৰ বাবে ভাল খবৰ ৷

ICCৰ ODI ৰেংকিঙৰ শীৰ্ষত শুভমন গীল ৷ পাকিস্তানৰ বাবৰ আজমক পিছ পেলাই শুভমন গীলৰ শীৰ্ষস্থান দখল ৷

৮৩০ ৰেংকিং পইণ্টেৰে শীৰ্ষস্থানত টীম ইণ্ডিয়াৰ অপেনাৰজন৷

তেজপুৰত আৰম্ভ মহিলাৰ বাবে পানী যোগান আচঁনি…

তেজপুৰ পৌৰ সভাৰ উদ্যোগত ৯এম এল ডি,অগ্নিগড় পানী যোগান আচঁনিৰ মহিলাৰ বাবে পানী, পানীৰ বাবে মহিলা ।

জল দিপাৱালী ২০২৩বৰ্ষ ৭ তাৰিখৰ পৰা ৯ তাৰিখৰ লৈকে তেজপুৰত আৰম্ভ কৰা হয় মহিলাৰ বাবে পানী ,পানীৰ বাবে মহিলা।

জল দিপাৱালী আৰু এই আচঁনিৰ প্ৰকল্পৰ হাতত লয় অসম চৰকাৰে আৰু লগতে ৰাজ্যত বিবিন্ন প্ৰাণতৰ লগতে শোনিতপুৰ জিলাতো ঘৰে ঘৰে পানী যোগান ধৰা হৱ বুলি যানিব পাৰি ইতিমধ্য এই আচঁনি আৰম্ভ কৰা হয় বুলি যানিব দিয়ে আৰু তেজপুৰৰ অগ্নিগড় ৯ এম এল ডি পানি যোগান আচঁনিৰ দ্বাৰা এই কাৰ্যসুচি ৰুপায়ন কৰা হয়।

‘জেহাদীৰে সম্পৰ্ক আছে বদৰুদ্দিন আজমলৰ ! আজমল সন্দৰ্ভত এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ…

‘জেহাদীৰে সম্পৰ্ক আছে বদৰুদ্দিন আজমলৰ !

শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বদৰুদ্দিন আজমলক’৷

আজমল সন্দৰ্ভত এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ…

নগাওঁ জিলাৰ ধিঙৰ বেচামাৰীৰ তেল ডিপুত তেল কম দিয়াৰ দীর্ঘদিন ধৰি অভিযোগ উত্থাপন একাংশ গ্ৰাহকৰ…

আপুনি ধিঙৰ বেচামাৰী নায়ৰা তেল ডিপুত তেল ভৰাই নেকি ? তেন্তে আজিৰে পৰা সাৱধান হওঁক আপুনি ।

নগাওঁ জিলাৰ ধিঙৰ বেচামাৰীৰ এই ডিপুত তেল কম দিয়াৰ দীর্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছিল একাংশ গ্ৰাহকে। কিন্তু আজি হাতে লুটে ধৰা পৰিল কৰ্মচাৰী।গ্ৰাহকক হাত যোৰ কৰি ক্ষমাও খুজিলে ডিপুৰ কৰ্মচাৰীয়ে ।চাকৰিৰ পৰা নিলম্ব কৰিব বুলি কৈছে ডিপুৰ পৰিচালকে।

জানিব পৰা মতে, টুকটুকীৰ চাবেদ আলি আৰু বুলবুল হুছেইনে ৩০০ টকাৰ তেল ভঁৰাইছিল নিজৰ বাইকত।দুয়োৰে সন্দেহ হোৱাত তেল উলিয়াই জুখোতে মাত্ৰ ডেৰ শ টকাৰ তেল হে ওলাই। বাকী তেল কলৈ গল বুলি সোধোতে ভুল হৈ গল বুলি ক্ষমা বিচাৰিলে কৰ্মচাৰীয়ে।

বেচামাৰীস্থিত ইক্রামূল হুছেইনৰ তেল ডিপুৰ কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডই চকু কপালত উঠিছে গ্ৰাহক সকলৰ। অঞ্চলটোৰ যান বাহনৰ মালিক সকলে অতি শীঘ্ৰে বেচামাৰীস্থিত নায়ৰা তেল ডিপুৰ অনুজ্ঞা পত্ৰ বাতিল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়।

নগাঁৱৰ কঠিয়াতলীত গাড়ী চোৰ আটক ! এখন স্কুটী সহ দুজন চোৰক গ্ৰেপ্তাৰ…

নগাঁৱৰ কঠিয়াতলীত গাড়ী চোৰ আটক ৷ কঠিয়াতলী আৰক্ষীৰ দৈনিক তালাচীত ধৰা পৰে দুটা গাড়ী চোৰ ৷

Man on the chair in Handcuffs. Rear view and Closeup ,Men criminal in handcuffs arrested for crimes. With hands in back,boy prison shackle in the jail violence concept.

এখন স্কুটী সহ দুটা চোৰক গ্ৰেপ্তাৰ ৷ ধৃত চোৰ দুটা চামগুৰিৰ প্ৰবিত্ৰ দাস আৰু আমনিৰ ৰমেশ দাস ৷

চুৰি স্কুটী খনৰ নম্বৰ AS02AH 9805 ধৃত চোৰ দুটা বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ আৰক্ষীৰ ৷