Home Blog Page 1268

সুগন্ধি ধনিয়াৰ অন্তৰ্নিহিত বিস্ময়কৰ গুণাৱলী…

সুগন্ধি ধনিয়াৰ অন্তৰ্নিহিত বিস্ময়কৰ গুণাৱলী-
আগকথা – আমাৰ ভাৰত উপ মহাদেশৰ পাকঘৰ সমূহৰ দৈনন্দিন প্ৰয়োগত ধনিয়া যেন শৰীৰত থকা আত্মাৰ সদৃশ ৷ হয় ধনিয়াৰ পাত, নহয় ধনিয়াৰ গুটি নাইবা পিচা শুকান গুৰি নিতৌ ৰন্ধন প্ৰকৰণত ব্যৱহৃত হবই ৷ ধনিয়া মছলা হিচাপে আমিষ বা নিৰামিষ তৰকাৰীত নাইবা সৰু সৰুকৈ কুটি আঞ্জাত নিদিলে যেন ৰন্ধাটো অপূৰ্ণ হৈ ৰব ৷ কিন্তু স্বাদ, সুগন্ধি প্ৰদান আৰু মছলা হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে ইয়াত উপকাৰিতাৰ বিষয়ে আমাৰ ৰাইজে কিমান জানে সেয়া এক ডাঙৰ প্ৰশ্ন ৷ বিশ্বৰ নানান উন্নত দেশত ধনিয়াৰ ওপৰত বহুতো গৱেষণা হৈছে তাৰে আলমত এই প্ৰৱন্ধ পাঠকৰ আগত দাঙি ধৰিলোঁ ৷

ক’ত ক’ত ধনিয়া উৎপাদিত হয় ? – এই বৰ্ষজীৱী উদ্ভিদ ধনিয়াৰ উৎপাদন ঘাইকৈ দক্ষিণ এচিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত হয় ৷ আজিকালি ভাৰত, বাংলাদেশ, ৰাচিয়া, চীন, জাৰ্মানী, হলেণ্ড, পৰ্টুগাল, মেক্সিকো,তুৰস্ক, দক্ষিণ আফ্ৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আদি অঞ্চলতো ধনিয়াৰ ভাল উৎপাদন হয় ৷

বুৰঞ্জীমূলক তথ্য : বাইবেলত ধনিয়াৰ কথা উল্লেখ থকাৰ পৰা অনুমান কৰিব পাৰি যে কিমান প্ৰাচীন কালৰ পৰা মানৱ জাতি এইবিধ উদ্ভিদৰ সৈতে পৰিচিত আছিল ৷ গ্ৰীচ, ইজৰাইল,ইজিপ্ত, চুডান, মৰক্কো আদি দেশতো অতি পুৰণি দিনৰ পৰা ধনিয়াৰ সৈতে সম্পৰ্ক থকাৰ কথা পঢ়িবলৈ পোৱা যায় ৷ ১৬৭০চনৰ পৰা দক্ষিণ আমেৰিকাত ধনিয়াৰ প্ৰচলন হয় ৷ ১৪ শতিকাত ৰোমানসকলে ধনিয়াৰ সঁচ ব্ৰিটেইনলৈ নিয়ে ৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে সুগন্ধি আতৰ হিচাপে ধনিয়াৰ তেল ব্যৱহাৰ কৰিছিল ৷ একেই তেল বেয়া হব ধৰা মাংসৰ গোন্ধ ঢকাৰ কামতো লগাইছিল ৷ এটা সময়ত বৰ আইৰ (Small Pox) চিকিৎসাত ধনিয়াৰ প্ৰয়োগ কৰা হৈছিল ৷

কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমানৰ আফিং…

কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমানৰ আফিং

নিশা আমিনগাাঁৱত এখন বলেৰো পিকআপ গাড়ীৰ গোপন চেম্বাৰত উদ্ধাৰ ৩৬ কেজি আফিং

জব্দকৃত ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য ৬ কৌটিৰো অধিক

পুনৰ গাড়ীৰ গোপন চেম্বাৰত ওলাল পেকেটেই পেকেটেই আফিং

DIG পাৰ্থ সাৰথি মহন্তৰ তত্বাবধানত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু ৰঙিয়া থানাৰ OC ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান

মণিপুৰৰ পৰা অসমলৈ লৈ অনা হৈছিল এই মাৰাত্মক আফিং

ঘটনা সংক্ৰান্তত চাৰিজন আফিং সৰবৰাহ কাৰীক আটক কৰিছে আৰক্ষীয়ে

আৰক্ষীয়ে কৰায়ত্ব কৰিছে আফিং সৰবৰাহকাৰী মন্টুল আলী, আইজুল হক (বালাগাঁও ৰঙিয়া), মহম্মদ চফিকুল আলী (ইছলামপুৰ ৰঙিয়া), ৰাজু আলী (ঘোপলা ৰঙিয়া) ।

দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত নিশা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহী…

দিছপুৰৰ অসম সচিবালয়ৰ সন্মুখত নিশা পথ দুৰ্ঘটনা৷

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ গৰাকী বাইক আৰোহী৷

আহত যুৱক দুজনক GNRC হাস্পতালত ভৰ্তি৷

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ…

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতি, ক্ষমতাৰ দুৰ্ব্যৱহাৰৰ অভিযোগ৷

মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে৷ তদন্ত প্ৰক্ৰিয়াৰ মাজতে পদত্যাগ এণ্টোনিঅ’ কোষ্টাৰ৷

দীপাৱলীৰ উপহাৰ! ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত ডিয়াৰনেছ ভাট্টা…

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত।


ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১ ডিচেম্বৰ ২০২৩ৰ পৰা ৪% অতিৰিক্ত ডিয়াৰনেছ ভাট্টা লাভ কৰিব।


জুলাই ২০২৩ৰ পৰা নৱেম্বৰ ২০২৩লৈ কাৰ্যকৰী হোৱা বকেয়া ডিয়াৰনেছ ভাট্টা দুটা সমান কিস্তিত পৰিশোধ কৰা হ’ব।


৫০% বকেয়া ভাট্টাৰ প্ৰথম কিস্তি ডিচেম্বৰত পৰিশোধ কৰা হ’ব। আনহাতে বাকী ৫০% এপ্রিল ২০২৪-ত পৰিশোধ কৰা হ’ব।


ইয়াৰ সৈতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মুঠ ডিয়াৰনেছ ভাট্টা এতিয়া ৪৬%।

নামনি মাজুলীত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ সাংগঠনিক সভা

আসন্ন লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে। মাজুলীত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰিবৰ বাবে মঙলবাৰে নামনি মাজুলীত এখন বৃহৎ সাংগঠনিক সভা অনুষ্ঠিত হয়। নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘত আজি বিয়লি অনুষ্ঠিত হোৱা উক্ত বিশেষ সাংগঠনিক সভাৰ আঁত ধৰে ভাৰতীয় জনতা পাৰ্টিৰ নামনি মাজুলী মণ্ডলৰ সাধাৰণ সম্পাদক বুদ্ধিন শইকীয়াই।

বিজেপিৰ নামনি মণ্ডলৰ সভাপতি লক্ষ্মীকান্ত দাসে সভাপতিত্ব কৰা উক্ত বিশেষ সাংগঠনিক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ নোমল মমিনে। নিজৰ ভাষনত ডা০ নোমল মমিনে তৃণমূল পৰ্য্যায়ত ভাৰতীয় জনতা পাৰ্টিৰ দল শক্তিশালী কৰিবৰ বাবে দলৰ নেতা কৰ্মীক আহ্বান জনায়। তেওঁ ত্যাগৰ মনোভাৱৰে দলৰ সেৱাত ব্ৰতী হবলৈ কৰ্মীসকলক আহ্বান জনায়।

ডা০ মোমিনে তৃতীয় বাৰৰ বাবে ভাৰত বৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক পুনৰ বাৰ মাজুলীৰ পৰা বৃহৎ সংখ্যক ভোটৰ জৰিয়তে সমাগত লোকসভা নিৰ্বাচনত জয়ী কৰিবলৈ আহ্বান জনায়।

সভাত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালত অসম মাতৃয়ে লাভ কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰি উন্নয়নৰ বাবে ৰাজনীতি কৰিবলৈ দলৰ নেতা কৰ্মীক আহ্বান জনায়।

উক্ত বিশেষ সাংগঠনিক সভাত মাজুলীৰ বিধায়ক ভুবন গাম, ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলাৰ প্ৰভাৰী কামাখ্যা মোহন দাস,সহ-প্ৰভাৰী বসন্ত শইকীয়া, বিজেপিৰ মাজুলী জিলা সমিতিৰ সভাপতি বীৰেন শইকীয়া, প্ৰাক্তন সভাপতি তথা দলৰ জ্যেষ্ঠ নেতা পুতুল চন্দ্ৰ মহন্ত, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু দত্ত হাজৰিকা, মধ্য মণ্ডলৰ সভাপতি দেৱজিত বৰাই অংশগ্ৰহণ কৰি সাংগঠনিক দিশত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

নামনি মাজুলীৰ তিনি শতাধিক বিজেপিৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত সাংগঠনিক সভাত বিজেপিৰ নামনি মণ্ডলৰ পৰা লোকসভা নিৰ্বাচনত সকলো স্তৰৰ পৰা সৰ্বাধিক ভোট প্ৰদান কৰাৰ বাবে সকলোৱে সংকল্প গ্ৰহণ কৰে। সভাত সভাপতি লক্ষ্মীকান্ত দাসে সকলোকে শলাগ জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে।

চেনি খাওতে সাৱধান হ‌ওক ! চেনিৰ পৰা হ’ব পাৰে মাৰাত্মক ৰোগ…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে। কিয়নো নিবন্ধৰ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত। এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে আন্তৰ্জাতিক জীৱ বিজ্ঞান নামৰ প্ৰতিষ্ঠান এটাই। প্ৰতিষ্ঠানত সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোল, জেনেৰেল মিল্ছ, হাফেদিন, ফাষ্টফুড আৰু মনচাণ্টো। সমালোচকসকলৰ মতে ইয়াৰ আগতেও খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে য’ত হিবিজিবি খাদ্য, চেনিযুক্ত পানীয় আদিয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যবিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি।

এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। বৰং সংপৃক্ত চৰ্বিয়েহে এনে ৰোগৰ সৃষ্টি কৰে বুলি এক ধাৰণা প্ৰকাশ কৰিছিল। নিউয়ৰ্ক টাইমছৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে এদল বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে উপৰিউক্ত নিবন্ধটিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্কলোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধৰ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষা হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়। এনে নিবন্ধ এনে এটা সময়ত প্ৰকাশ কৰা হৈছে যিসময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়স্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত। সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক ১০ শতাংশ কেলৰী পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে। অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা। ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই।

অসমত এতিয়া ভোগালী বিহুৰ বতৰ। এই সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাড়ু, চিৰা, দৈ, গুড়, মিঠাই আদি খোৱা হয়। এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশঃ

মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত  দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত  দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ  জন্ম হৈছিল  ১৯৩৪ চনত ৷  তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত গণেশ পাতিৰি দলে আৰু মাতৃৰ নাম আছিল প্ৰয়াত আন্দহ দলে ৷ ১৯৪২ চনত মৌজাদাৰ তথা বৰ্ষীয়ান সমাজকৰ্মী চন্দ্ৰকান্ত দলেয়ে তেতিয়াৰ লখিমপুৰ জিলাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত ‘ক’ আৰু ১৯৪৩ চনত পথালিপাম আনন্দ বাগান প্ৰাথমিক বিদ্যালয়ত ‘খ’ শ্ৰেনীলৈকে অধ্যয়ন কৰিছিল ৷ ১৯৪৭ চনত গোগামুখ চাউলধোৱা এম ই স্কুলত তৃতীয় আৰু ১৯৪৮ চনত চতুৰ্থ শ্ৰেনীলৈকে অধ্যয়ন কৰে ৷ ১৯৪৯ চনত ন-পথালিপাম তিনি আলি এম ই স্কুলত পঞ্চম শ্ৰেনীলৈকে শিক্ষা গ্ৰহণ কৰে ৷ ১৯৫০ চনত গোগামুখ চাউলধোৱা এম ই স্কুলত ষষ্ঠ শ্ৰেনীত নাম ভৰ্ত্তি কৰিছিল যদিও ১৯৫০ চনৰ ভৰভূঁইকঁপে সমগ্ৰ অসম জোকাৰি যোৱাৰ লগতে বানে মহাপ্লাৱনৰ সৃষ্টি কৰাত সমগ্ৰ অসম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল ৷ ফলত তেওঁ ষষ্ঠ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে ৷ ১৯৫১ চনত লখিমপুৰৰ ন-কাড়ী মধ্যমীয়া এম স্কুলৰ পৰা দ্বিতীয় বিভাগ লৈ এম ই স্কুলৰ পৰা হাইস্কুললৈ উৰ্ত্তীণ হয় ৷ ১৯৫২-১৯৫৫-১৯৫৬ চনৰ ভিতৰত উত্তৰ লখিমপুৰ চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হয় ৷ ১৯৫৬ চনৰ পৰা ১৯৫৯ চনলৈকে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ইশ্বৰ চন্দ্ৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল যদিও কিছুমান এৰাব নোৱাৰা ঘৰুৱা কামৰ বাবে আনুষ্ঠানিক শিক্ষা ইমানতে সামৰণি মাৰে ৷ যিসময়ত মিচিং অধ্যুষিত অঞ্চলত শিক্ষাৰ পোহৰ পৰা নাছিল সেইসময়ত কলকাতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাটো অতি গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছিল ৷

প্ৰয়াত চন্দ্ৰকান্ত দলে প্ৰচাৰ বিমুখ মানুহ আছিল ৷ গহীন-গম্ভীৰ, মিতব্যয়ী প্ৰয়াত দলে বিতৰ্কহীন ব্যক্তি আছিল।   সামাাজিক-সাংস্কৃতিক আদি দিশত তেওঁ সচেতন আছিল  ৷ সমগ্ৰ গোগামুখ অঞ্চলত তেওঁ  বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দি সমাজক উপহাৰ দি গৈছে ৷ তেওঁ ধেমাজি জিলাৰ চিচিমুখ হাইস্কুলৰ প্ৰতিস্থাপক শিক্ষক আছিল ৷ তেওঁ এইখন বিদ্যালয়ত গণিত বিভাগত  ১৯৬০ চনৰ পৰা ১৯৬৪ চনলৈকে শিক্ষকতা কৰিছিল যদিও তেওঁৰ পিতৃৰ অকস্মাৎ বিয়োগৰ বাবে বিদ্যালয়খন এৰি দিব লগা হয় ৷ ইয়াৰ বিপৰীতে তেওঁ ঘৰতে থাকি দদায়েক ইন্দ্ৰেশ্বৰ দলেৰ মৌজাৰৰ কাম-কাজসমূহ চলাই নিয়াত সহযোগ কৰে ৷ তেওঁ গোগামুখৰ মিংমাং উৰিয়ামগুৰি এম ই স্কুল, হাইস্কুল, মহৰিকেম্প এম ই স্কুল আৰু  হাইস্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বিদ্যালয়সমূহৰ ভূমি সংক্ৰান্তীয় কামবোৰ অকলেই কৰি দিছিল ৷ ১৯৮১ চনত প্ৰতিষ্ঠা কৰা গোগামুখৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোগামুখ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত চন্দ্ৰকান্ত দলেৰ ভূমিকাই আছিল সৰ্বাধিক ৷ যিটোৰ কাৰণে গোগামুখবাসী ৰাইজে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিল ৷ তেওঁ গোগামুখ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি আছিল ৷ মহাবিদ্যালয়খনৰ বাবে মাটি মঞ্জুৰী, চৰকাৰী ঘাটি মঞ্জুৰীৰ ক্ষেত্ৰত লেখতলবলগীয়া ভূমিকা পালন কৰাৰ সমান্তৰালভাৱে মৃত্যুৰ আগমূহূৰ্তলৈকে গোগামুখ মহাবিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে অক্লান্তভাৱে প্ৰচেষ্টা চলাইছিল ৷ গোগামুখ মহৰিকেম্পৰ ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত চন্দ্ৰকান্ত দলেৰ অৱদানেই আছিল প্ৰধান ৷ মিংমাং মহাবিদ্যালয়ৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰো তেওঁ প্ৰতিস্থাপক সভাপতি আছিল ৷

১৯৯৩ চনৰ পৰা ২০০৬ চনলৈকে তেওঁ এইখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছিল ৷ তদুপৰি তেওঁ সমগ্ৰ গোগামুখ অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জৰিত থাকি দান-বৰঙনি আগবঢ়াই আহিছিল ৷ প্ৰয়াত দলেয়ে তেওঁৰ খুৰাক ইন্দ্ৰেেশ্বব দলেৰ মৌজাদাৰ কৰা দিনৰ পৰাই মৌজাদাৰৰ বিভিন্ন কাম ৰূপায়ন কৰি আহিছিল ৷ ১৯৭৩ চনত তেওঁৰ খুৰাক ইন্দ্ৰেশ্বৰ দলেৰ দেহাৱহান ঘটাত দলেৰ পত্নী ললিতী দলেয়ে ভাৰপ্ৰাপ্ত মৌজাদাৰৰ দায়িত্ব পালন কৰে যদিও মৌজাদাৰৰ সকলোবোৰ কাম-কাজ চন্দ্ৰকান্ত দলেয়ে কৰিবলগা হৈছিল ৷ ১৯৭৫ চনত তদানীন্তন লখিমপুৰ জিলা উপায়ুক্ত প্ৰবীৰ কুমাৰ সেনগুপ্তাই চন্দ্ৰকান্ত দলেক আনুষ্ঠানিকভাৱে বৰদলনি মৌজাৰ মৌজাদাৰ পদত নিযুক্তি দিয়ে ৷ তেওঁ পাতিৰি দলে বংশাৱলী নামৰ এখন গ্ৰন্থও প্ৰণয়ন কৰি দলে বংশৰ ইতিবৃত্ত ধৰি ৰখাত সহায় কৰিলে ৷ এইগৰাকী বৰ্ষীয়ান সমাজকৰ্মী, সমাজ সংগঠক চন্দ্ৰকান্ত দলেৰ জীৱিতকালতে তেওঁৰ সন্তানসকলে গোগামুখ নগৰৰ মাজমজিয়াত এখন বিৰাটকায় মাৰ্কেটিং চেন্টাৰ চন্দ্ৰকান্ত দলেৰ নামত উৎসৰ্গা কৰি  পিতৃক উপযুক্ত সন্মান যাঁচিছে ৷ গোগামুখ নগৰৰ গোগামুখ- লখিমপুৰ পথত থকা দলে কম্পেলেক্স আৰু হোটেল চি কে ডি প্ৰয়াত চন্দ্ৰকান্ত দলেৰ নামত উৎসৰ্গিত এখন সুন্দৰ ব্যৱসায়ীক কেন্দ্ৰ ৷ প্ৰয়াত দলেক মিচিং ৰীতি অনুযায়ী তেওঁৰ নিজা বাসভৱনৰ কাষতে সমাধিস্থ কৰা হয় ৷  চন্দ্ৰকান্ত দলেৰ দেহাৱসানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শৰৎ চুতীয়া, গোগামুখ আঞ্চলিকৰ সভাপতি বলোৰাম টাইদ, সম্পাদক পাপুল দাস, টি এম পি কেৰ গোগামুখ আঞ্চলিকৰ সভাপতি চিদানন্দ দলে, সম্পাদক মনেশ্বৰ কমান, গোগামুখ যুৱ সমাজৰ মুখ্য উপদেষ্টা দিপ্তি চেতিয়া, সভাপতি মহানন্দ শইকীয়া, সম্পাদক হৰেণ নৰহ, গোগামুখ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট, জাৰ্নেলিষ্ট এছ’চিয়েন ফ’ৰ আছামৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়া,  গোগামুখ স্পৰ্ট এছ’চিয়েচনৰ সম্পাদক মণিৰাম পেগু, গোগামুখ স্পৰ্ট একাডেমীৰ সম্পাদক গেৰেমছা দৈমাৰী,  গোগামুখ প্ৰেছ গীল্ডৰ সম্পাদক জীৱন দত্ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু প্ৰয়াত দলেৰ বিদেহী  আত্মাৰ সদ্‌গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ প্ৰয়াত দলেৰ পৰিয়ালৰ হৈ ভবানন্দ দলে আৰু ৰাকেশ দলেয়ে জনোৱা মতে মিচিং দস্তুৰ মতে কাইলৈ বুধবাৰে প্ৰয়াত দলেৰ তিলনিৰ দিহা কৰা হৈছে ৷

৭-৯ নৱেম্বৰলৈ দেশত জল দীপাৱলীৰ আয়োজন মন্ত্ৰী অশোক সিংঘাল…

৭-৯ নৱেম্বৰলৈ দেশত জল দীপাৱলীৰ আয়োজন৷

গুৱাহাটীৰ খাৰঘূলি প্ৰকল্পতো জল দীপাৱলীৰ আয়োজন কৰা হৈছে ৷

জল দীপাৱলীৰ অৰ্থ- পানীৰ বাবে মহিলা, মহিলাৰ বাবে পানী৷

বিধানসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ… 

ৰাহুল গান্ধীৰ পদযাত্ৰাঃ মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচন আৰু অহা বছৰ ২০২৪ চনত লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ কংগ্ৰেছ দলে অশেষ চেষ্টা কৰিছে। ইয়াৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল আৰু কৰ্ণাটকৰ নিৰ্বাচনত দলটোৱে লাভ কৰিছিল। এতিয়া খবৰ আহিছে যে ৰাহুল গান্ধীয়ে শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব পাৰে।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি বিধানসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীয়ে দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব পাৰে। সূত্ৰ অনুসৰি ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা আয়োজন কৰিব পৰা যাব। ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে ১৩ নৱেম্বৰত ভোপালত পদযাত্ৰা অনুষ্ঠিত কৰিব। বৰ্তমান ৰাহুল গান্ধী তিনিদিনীয়া ভ্ৰমণত উত্তৰাখণ্ডত আছে য’ত তেওঁ বাবা কেদাৰনাথক সাক্ষাৎ কৰিছিল।

মধ্যপ্ৰদেশত ৰাহুল গান্ধীৰ বিস্ফোৰক কাৰ্যসূচী

যদি বিধানসভা নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ আগন্তুক কাৰ্যসূচীৰ কথা কওঁ, তেন্তে কাইলৈ ​​অৰ্থাৎ বুধবাৰে (৮ নৱেম্বৰ) তেওঁ চত্তীশগড়ৰ অম্বিকাপুৰত থাকিব। ইয়াৰ পিছত ৯ নৱেম্বৰত মধ্যপ্ৰদেশৰ জবলপুৰত, ১০ নৱেম্বৰত সতনাত আৰু ১৩ নৱেম্বৰত ভোপালত এক কাৰ্যসূচী অনুষ্ঠিত হয়।