Home Blog Page 1279

কিমান সুৰক্ষিত শ্ৰমিক? বিদ্যুৎ পৰিবাহী তাঁৰত লাগি পুনৰ মৃত্যু শ্ৰমিকৰ

চাৰিলেনযুক্ত ঘাইপথৰ বিদ্যুৎ খুঁটাৰ কাম কৰি থাকোতেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন শ্ৰমিকৰ ৷

শ্ৰমিকজনৰ নাম ৰামকিশোৰ, ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ৷

শ্ৰী পাৱাৰ কোম্পানীৰ অধীনত কাকজান উপ বিদ্যুৎ সংমণ্ডলৰ অধীনত চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ বিদ্যুতৰ খুটাত কাম কৰি আছিল শ্ৰমিকজনে ৷

অতি বিপদজনকভাৱে অসুৰক্ষিতভাৱে ব্যক্তিগত কোম্পানীৰ অধীনত কাম কৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হাফলঙত ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত ‘থলুৱা সামূহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ’ৰ শুভ উন্মোচন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে হাফলঙত প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত “থলুৱা সামূহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ”ৰ শুভ উন্মোচন কৰে।

এই কেন্দ্ৰত স্থানীয় কাৰুশিল্পী আৰু আত্মসহায়ক গোট সমূহে সামগ্ৰী প্ৰদৰ্শনৰ লগতে স্থানীয় উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে এন এইচ পি চিৰ বিৰুদ্ধে গোগামুখত আছুৰ উত্তাল প্ৰতিবাদ; আৰক্ষী আৰু আছুৰ মাজত হতা-হতি…

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত শনিবাৰে গোগামুখত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

সোৱণশিৰি পৰীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা সোৱণশিৰিৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ দাবীত গোগামুখ নগৰৰ মাজমজিয়াত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা বিক্ষোভ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়াত আছু আৰু আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডা‌ আৰু হতা-হতি সৃষ্টি হোৱাত পৰিবেশ উত্তাল হৈ পৰে ।

এন এইচ পি চি গʼবেক, নৰেন্দ্ৰ মোদী গʼবেক, মুখ্য মন্ত্ৰী হায়, হায়,  ৰণোজ পেগু হুচিয়াৰ, সোৱণশিৰি পৰীয়া ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্লʼগানেৰে গোগামুখৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ ৰাজীৱ গগৈ ,ৰবি কছাৰী, দীপক শৰ্মা, জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইৰ লগতে দুই শতাধিক আছু কৰ্মীয়ে  অংশগ্ৰহণ কৰে। 

ৰোজগাৰ মেলা সম্বোধি ৫১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰীৰ; গুৱাহাটীত ১০১নিযুক্তি পত্ৰ বিতৰণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগত ৫১,০০০তকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে৷ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত এই নৱনিযুক্তিপ্রাপ্তসকলে ৰে’ল মন্ত্ৰালয়ৰ লগতে ডাক বিভাগ, গৃহ, ৰাজহ, উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগকে ধৰি বিভিন্ন বিভাগত যোগদান কৰিব৷

প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৩৭ খন ঠাইৰ পৰা জনপ্রতিনিধিসকল আৰু নৱনিযুক্তসকল সংযুক্ত হৈ আছিল। এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ ৰে’লৱে অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে আৰু ১০১ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে৷


সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, যোৱা বছৰ অক্টোবৰত ৰোজগাৰ মেলা আৰম্ভ হোৱাৰ লগে লগে যুৱপ্ৰজন্মৰ সংস্থাপনৰ যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে।


“চৰকাৰে নিযুক্তিৰ সুযোগ প্ৰদান কৰা পৰম্পৰাগত খণ্ডসমূহক শক্তিশালী কৰি আছে আৰু লগতে নৱীকৰণযোগ্য শক্তি, মহাকাশ, স্বয়ংক্রিয়কৰণ আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ দৰে নতুন খণ্ডক প্ৰসাৰিত কৰি আছে”, প্রধানমন্ত্ৰীয়ে কয় ৷


“আমি কেৱল নিযুক্তি প্ৰদান কৰাই নহয়, লগতে এক স্বচ্ছ ব্যৱস্থা বজাই ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ”, নৰেন্দ্ৰ মোদীয়ে নিযুক্তি প্ৰক্ৰিয়াত পূর্ণ স্বচ্ছতাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে চৰকাৰে কেৱল প্ৰক্ৰিয়াবোৰ সুশৃংখলিত কৰাই নহয়, লগতে পৰীক্ষাৰ প্ৰক্ৰিয়াটো পুনর্গঠন কৰাৰ প্ৰয়াস কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৰ্মচাৰী বাছনি চক্ৰৰ অধীনত নিযুক্তিৰ বাবে লোৱা সময় এতিয়া আধালৈ হ্ৰাস কৰা হৈছে৷ এছএছচিৰ অধীনৰ কিছুমান পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে এতিয়া হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩টা বিভিন্ন আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যাৰ ফলত প্ৰাৰ্থীসকলৰ বাবে ভাষাৰ বাধা আঁতৰি গৈছে।


প্রধানমন্ত্রী মোদীয়ে কয় যে যিকোনো দেশৰ যিকোনো প্রতিযোগিতামূলক সুবিধা সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ যুৱশক্তিৰ প্রয়োজন৷ তেখেতে দক্ষতা আৰু শিক্ষাৰ পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে যুৱপ্ৰজন্মক নতুন সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ সজ্জিত কৰি তুলিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, নতুন চিকিৎসা মহাবিদ্যালয়, আইআইটি, আইআইএম, আইআইআইটি আদি প্ৰসাৰিত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কোটি কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে৷


অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে নিৰন্তৰ উন্নয়নৰ মাজেদি আগুৱাই গৈছে আৰু সকলো ক্ষেত্রতে এক নতুন দিগন্তৰ সূচনা কৰিছে। কেইবা মাহ ধৰি ৰোজগাৰ মেলাৰ সফল আয়োজন কেন্দ্ৰীয় চৰকাৰৰ ১০ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক প্রকৃত প্রমাণ। ২০৪৭ চনৰ ভিতৰত ভাৰত যাতে এখন সম্পূৰ্ণৰূপে উন্নত আৰু আত্মনিৰ্ভৰশীল দেশ হৈ পৰে, তাৰ বাবে যুৱপ্ৰজন্মই অগ্রণী ভূমিকা পালন কৰিব লাগিব ৷ ইয়াৰ বাবে অদম্য কৰ্মস্পৃহাৰে কৰ্মক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দাঙি ধৰি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্রিয় ভূমিকা পালন কৰিবলৈ নৱনিযুক্তিপ্রাপ্তসকলক আহ্বান জনালোঁ।”

কটন বিশ্ববিদ্যালয়ত বিশেষ কাৰ্যসূচীত ভাগ ল’ব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৩০ অক্টোবৰ, সোমবাৰে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১ ঘণ্টীয়া মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উক্ত অনুষ্ঠানত উপস্থিত থাকিব। লগতে অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত অসমৰ পৰা নতুন দিল্লীলৈ অমৃত কলহ কঢ়িওৱা যাত্ৰীক নতুন দিল্লীত ভব্য আদৰণি মন্ত্রী বিমল বড়াৰ

স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্য্যসূচীৰ চূড়ান্ত পৰ্যায়ত কেন্দ্রীয় চৰকাৰে হাতত লোৱা “মোৰ মাটি মোৰ দেশ” শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাত অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহ কঢ়িয়াই ৰেলেৰে নতুন দিল্লীত উপস্থিত হোৱা স্বেচ্ছাসেৱক সকলক শনিবাৰে দুপৰীয়া নতুন দিল্লী ৰে’ল ষ্টেচনত অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ভব্য আদৰণি জনায়।


২৭অক্টোবৰত গুৱাহাটীৰ পৰা সাত গৰাকী চৰকাৰী বিষয়াৰ তত্বাৱধানত যাত্ৰা কৰা অমৃতকলহ
যাত্ৰী সকলক আজি নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত মন্ত্রী বিমল বড়াৰ নেতৃত্বত গায়ন-বায়নৰ এটি দল আৰু বিহু নৃত্য শিল্পীৰ এটি দলে আদৰণি জনায়।


দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাৱ জাগৃত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ পৰা মাটি সংগ্ৰহ কৰি নতুন দিল্লীৰ কৰ্তব্য পথত থকা বীৰভূমিৰ দাতিত নিৰ্মাণ কৰিব লগা অমৃত উদ্যানত এই মাটি ব্যৱহাৰ কৰা হ’ব।


সাংস্কৃতিক মন্ত্রী বড়াই তেওঁৰ চমু আদৰণি ভাষণত কয় যে অনাগত দিনত এই অমৃত উদ্যান নিৰ্মাণ হৈ উঠিলে ইয়াক দৰ্শন কৰি যাতে ইয়াত আমাৰো মাটি আছে বুলি দেশৰ প্ৰতিগৰাকী নাগৰিকে উপলব্ধি কৰিব পাৰে, তাৰ বাবেই মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত এইদৰে অমৃত কলহ যাত্ৰাৰ জৰিয়তে সমগ্র ভাৰতবৰ্ষৰ পৰা মাটি সংগ্ৰহ কৰা হৈছে।


উল্লেখ্য যে অসমৰ আটাইকেইখন জিলাৰ পৰা ২৭০টা পিতলৰ কলহত মাটি কঢ়িয়াই ২৭০ গৰাকী স্বেচ্ছাসেবক নতুন দিল্লীত উপস্থিত হৈছে৷


স্বেচ্ছাসেবক সকলক তত্বাৱধান লোৱা সাত গৰাকী বিষয়াৰ লগতে চিকিৎসক তথা আৰক্ষীও আহিছে।
দিল্লীৰ অসমএছ’চিয়েচনৰ সহযোগত অনুষ্ঠিত অমৃত কলহ যাত্ৰীৰ আদৰণি অনুষ্ঠানত যাত্রী সকলক পুষ্প বৃষ্টি কৰাৰ লগতে তত্ত্বাৱধায়ক সকলক পৰম্পৰাগত গামোচাৰে সম্ভাষণ জনোৱা হয়। পাছত যাত্ৰী সকলক বাছেৰে সমূহীয়াকৈ থকাৰ ব্যৱস্থা কৰা স্থানলৈ লৈ যোৱা হয়।

এই অনুষ্ঠানত মন্ত্রী বিমল বড়াৰ লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, নতুন দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত ড০ এম এছ মণিৱন্বন, সাংস্কৃতিক বিভাগৰ সচিব মণিদিপা বৰকটকী, যুটীয়া সচিব ৰাজীৱ থাপা, উপ-সচিবদ্বয় ক্ৰমে নয়না বড়া আৰু অণুৰাগ ফুকনকে ধৰি কেবা গৰাকী বিষয়াৰ লগতে দিল্লীৰ অসমীয়া সমাজৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত আছিল।

কংগ্ৰেছ নেত্ৰী জ্যোতি খাণ্ডেলৱালৰ বিজেপিত যোগদান…

নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজস্থান কংগ্ৰেছত তীব্ৰ জোকাৰণি৷ কংগ্ৰেছ নেত্ৰী জ্যোতি খাণ্ডেলৱালৰ বিজেপিত যোগদান৷

জয়পুৰৰ প্ৰাক্তন মেয়ৰ খাণ্ডেলৱাল শচীন পাইলটৰ ঘনিষ্ঠ৷

২০১৯ত জয়পুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল খাণ্ডেলৱাল৷ এইবাৰ হাৱামহল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল খাণ্ডেলৱাল৷

অসমত প্ৰতি পৰিয়ালৰ চাৰি গৰাকী সদস্যৰ এগৰাকী জীৱন ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে…

অসমত প্ৰতি চাৰি গৰাকী পৰিয়ালৰ সদস্যৰ এগৰাকী জীৱন কালত ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে।


(১) প্ৰতিবছৰে বিশ্বজুৰি ১৫ নিযুত লোক ষ্ট্ৰকত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত
পৰে আৰু অন্য ৫ নিযুত লোক জীৱনৰ বাবে অক্ষম হৈ পৰে।

(২) অসমত প্ৰতিবছৰে ৭২,০০০ লোক ষ্ট্ৰ’কত আক্রান্ত হয়।


৩) প্রতি চাৰিগৰাকী ব্যক্তিৰ এগৰাকীৰ জীৱন কালত ষ্ট্ৰ’ক হ’ব পাৰে।

৪) ১০০ শতাংশ ‘কেই প্ৰতিৰোধ কৰিব পাৰি।

বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি ‘হাস্পতালৰ দিছপুৰ চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত জিএনআৰচি ষ্ট্ৰ’ক কেয়াৰ দলটো উপস্থিত থাকে আৰু তেওঁলোকে ৰাইজক সুস্থ আৰু সবলভাবে জীৱন নিৰ্বাহ কৰাৰ লগতে ই কৰ লক্ষণ আৰু কাৰকসমূহ, ইয়াৰ চিকিৎসাৰ বিভিন্ন দিশৰ বিষয়েও অৱগত কৰে। সমগ্ৰ বিশ্বতে ষ্ট্ৰ’ক মৃত্যুৰ এক প্ৰধান কাৰক। যোৱা ৩৭ বছরে ৫০ হাজাৰতকৈও অধিক ষ্ট্ৰ’ক ৰোগীৰ চিকিৎসাৰ অভিজ্ঞতাৰে জিএনআৰচি হাস্পতাল সমৃদ্ধ। ষ্ট্ৰকৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ FAST বুলি কোৱা হয়। অসমীয়াত ইয়াৰ ভাঙনি হ’ল— মুখখন এফালে বেকা হৈ যোৱা (Face Drooping), বাহু দুৰ্বল হোৱা (Arm Weakness), কথা লাগি ধৰা (Speech Slurred) আৰু এম্বুলেঞ্চ মতাৰ সময় (Time to call Ambulance)। যোৱা দুটা দশক ধৰি জিএনআৰচি হাস্পতালে বিভিন্ন সজাগতা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ষ্ট্ৰ’কৰ এই লক্ষণসমূহৰ বিষয়ে সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি প্ৰতিবছৰে ১৫ নিযুত লোক ষ্ট্ৰ’কত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত পৰে আৰু ৫ নিযুত লোকে জীৱনৰ বাবে অক্ষম হৈ পৰে বা পংগুত্বক আঁকোৱালি ল’ব লগা হয়। যোৱা কেবা দশক ধৰি ভাৰতবৰ্ষত ষ্ট্ৰ’কত আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে।

উচ্ছৃংখল জীৱনযাপন আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে ক্রমবর্ধমান বয়োবৃদ্ধ লোকৰ বাবেও ভাৰতবৰ্ষত ষ্টকৰ সংখ্যা বাঢ়ি আহিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। ভাৰতবৰ্ষত মৃত্যু আৰু পংগুত্বৰ এক প্ৰধান কাৰক ষ্ট্ৰ’ক সংবাদমেলখনত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপজ্যোতি দাসে কয়, “আজি বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে আমি সকলোৱে মাৰবান্ধি থিয় হওঁ আহক। আমাৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰে জীৱন কালত ষ্ট্ৰক হ’ব পাৰে। এই কথা সঁচাকৈ চিন্তনীয়। সমগ্ৰ বিশ্বজুৰি ২০০ কোটি লোকৰ তেওঁলোকৰ জীৱন কালত ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰে ২০ শতাংশ মৃত্যুমুখত পৰিব পাৰে আৰু ৬০ শতাংশ লোক জীৱনৰ বাবে পংগু হৈ ৰোৱাৰ সম্ভাৱনা থাকে। ষ্ট্ৰ’ক এটা মাৰাত্মক ৰোগ, কিন্তু উচিত সময়ত উপযুক্ত চিকিৎসাৰে ৪ ‘কক বহুলাংশে নিয়ন্ত্ৰণ কৰিব পৰা যায়, যিনো ষ্টক আক্রান্ত রোগী আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট সকাহ দিব পাৰে। যিমানেই সাধাৰণ ৰাইজক ‘কৰ লক্ষণসমূহ আৰু চিকিৎসার ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিম সিমানেই বেছিসংখ্যক ৰাইজক আমি ই কৰ পৰা ৰক্ষা কৰিব পাৰিম। যিকোনো সময়তে যিকোনো ব্যক্তিৰে ষ্ট্ৰ’ক হ’ব পাৰে। আমাৰ জীৱনশৈলীৰ কিছুমান সাল-সলনিৰে সহজতে ইবন হাতোৰাৰ পৰা হাত সাৰি থাকিব পাৰো। সুষম তথা সঠিক ভারসাম্যযুক্ত খাদ্য গ্রহণ, সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰী বর্জন আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিব পাৰিলে সহজে ষ্ট্ৰ’ক প্ৰতিহত কৰিব পৰা যায়। তদুপৰি আমি উচ্চ রক্তচাপ, মধুমেহ, ডিছলিপিডিমিয়া, অনিয়মীয়া হৃদস্পন্দন, মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি টু কক বাধা দি ৰাখিব পাৰো প্ৰতিৰোধৰ লগতে সঠিক সময়ত উপযুক্ত চিকিৎসাৰে বহু ক ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ইয়াৰ বাবে আমাক এখন ষ্ট্ৰ’ক ৰেডী হাস্পতালৰ প্রয়োজন। এখন ষ্টক ৰেডী হাস্পতাল দিনটোৰ ২৪ ঘণ্টাই এগৰাকী ষ্ট্ৰ’ক ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ অত্যাধুনিক সুবিধাৰে সুসজ্জিত আৰু লগতে প্রয়োজনীয় দক্ষ আৰু অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা সহযোগীৰে সমৃদ্ধ। সমগ্ৰ ভাৰতবৰ্ষতে এনে ষ্ট্ৰ’ক ৰেডী হাস্পতালৰ সংখ্যা খুবেই তাকৰ। উত্তৰ-পূৰ্বাঞ্চলত একমাত্র জিএনআৰচি হাস্পতালেই এখন ষ্ট্ৰ’ক ৰেডী হাস্পতাল য’ত দিনটোৰ ২৪ ঘণ্টাই টুকৰ অত্যাধুনিক চিকিৎসা সম্ভব।”
আজিব এই সংবাদমেলত জিএনআৰচিৰ ইন্টাৰভেনশ্যনেল ৰেডিঅ’লজিষ্ট ডাঃ ফিদৌঁছ আহমেদ, স্নায়ুশলা বিশেষজ্ঞ ডা: ইনামূল হক আৰু ফিজিঅ’থেৰাপিষ্ট শ্রীমতী তৃষ্ণা দত্তও উপস্থিত থাকে আৰু তেওঁলোকৰ স্ট্রাকৰ চিকিৎসাৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়।


শেষত ডাঃ ৰূপজ্যোতি দাসে সংবাদ মাধ্যমৰ প্ৰতিনিধিবৃন্দক তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জনায় আৰু কয় যে ৰাইজৰ মাজত ষ্ট্ৰকৰ বিষয়ে সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে এক বৃহৎ অৰিহণা যোগাব। পাৰে। সংবাদ মাধ্যমৰ সহযোগিতাৰে জিএনআৰচিয়ে সমগ্ৰ অসমতে ষ্ট্ৰকৰ জনসচেতনতা কার্যসূচীসমূহ আৰু অধিক ব্যাপক আৰু সফল কৰি তুলিব পাৰিব। সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিব যি উদ্দেশ্য সেয়া এনেধৰণৰ জনসচেতনতা কার্যসূচীয়ে সফল কৰি তুলিব।

শীতকালত ওঁঠযুৰিৰ যতন কেনেকৈ ল’ব জানক…

আমাৰ মুখখনৰ গোটেই সৌন্দর্য লুকাই থাকে ওঁঠযুৰিত। গতিকে ইয়াৰ পৰিচৰ্য্যৰ খুবেই প্রয়োজন। বিশেষকৈ এই শীতৰ সময়ছোৱাত। এই সময়ত ওঁঠযুৰিৰ যতন নল’লে ওঁঠযুৰু ফাটি যায়। কিছুমান ওঁঠ ক’লা পৰি সৌন্দর্য স্নান হোৱা দেখা যায়। গতিকে শীতকালত ওঁঠৰ পৰিচর্যা কৰাটো খুবেই প্রয়োজন।

  • শীতকালত ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰেৰে কপাহৰ সহায়ত সদায় পৰিষ্কাৰ কৰিব। কেঁচা গাখীৰ খুবেই কাৰ্যকৰী। কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপজল মিহলি কৰি ওঁঠত লগাওক। ওঁঠ ফটাৰ পৰা মুক্তি পাব।

  • শীতকালত সপ্তাহত দুদিন গুলপীয়া ৰঙৰ গোলাপৰ পাহিৰ লগত গাখীৰ মিহলাই এটা লেপন তৈয়াৰ কৰি ১৫/২০ মিনিটমানৰ বাবে ওঁঠৰ লগাবচোন। গোটেই শীতকালত আপোনাৰ ওঁঠযুৰি নিমজ আৰু উজ্জ্বল হৈ থাকিব।

  • এই সময়ত বহুতৰে ওঁঠ ক’লা পৰা দেখা যায়। এনেকুৱা হ’লে নিয়মীয়াকৈ কেইটোপালমান নেমুৰ ৰসৰ লগত মৌজোল মিহলাই লগালে ওঁঠৰ ৰং স্বাভাৱিক হ’ব।
  • শীতকালত ওঁঠত বাদামৰ তেল লগালে ওঁঠৰ ছাল ভালে থাকে।
  • শীতৰ সময়ছোৱাত ওঁঠত ভাল কোম্পানীৰ ময়শ্বাৰাইজাৰ লগাব লাগে। অথবা ঘৰুৱাভাৱে যদি আপুনি মইষ্ট কৰি ৰাখিব বিচাৰে, তেন্তে ওঁঠত মৌজোল লগাব।

মাতৃত্ব লাভ কৰাই যেন কাল হ’ল গহপুৰৰ কমনা টিমচিনাৰ! প্ৰয়োজন আপোনাৰ সহায়…

মাতৃত্ব লাভ কৰাই যেন কাল হ’ল গহপুৰৰ এগৰাকী মাতৃৰ বাবে। উল্লেখ্য যে যোৱা ১৭ অক্টোবৰত গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত চিজাৰিয়ান পদ্ধতিৰে কন্যা সন্তান জন্ম দিয়াৰ পাছতে কাল অমানিশা নামি আহিল কমনা টিমচিনা নামৰ মহিলা গৰাকীৰ। গহপুৰৰ হাতীবন্ধিয়াৰ নিৱাসী নাৰায়ন টিমচিনাৰ পত্নী কামনা টিমচিনাই কন্যা সন্তানটি জন্ম দিয়াৰ পাছতেই অসুস্থ হৈ পৰে। কামনাৰ অসুস্থতা গুৰুত্বৰ হোৱা দেখি প্ৰথমতে গহপুৰ তাৰ পাছত তেজপুৰ আৰু অৱশেষত গুৱাহাটীলৈ নিব লগা হয়। গুৱাহটীৰ এপলো হস্তিতালত পৰীক্ষা-নীৰিক্ষা কৰাৰ অন্তত চিকিৎসকে কামনাৰ কিদনি বিকল হোৱা বুলি জানিব দিয়ে। এনে হৃদয় বিদাৰক খবৰ শুনি কামনাৰ স্বামী নাৰায়ণ তিমচিনৰ মুৰত সৰগ ভাগি পৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

আৰ্থিক ভাবে দুৰ্বল নাৰায়ণে নিজা ববীয়া প্ৰচেষ্টা আৰু গাঁৱৰ ৰাইজৰ সহযোগিতা পত্নীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও উন্নত চিকিৎসাৰ বাবে অধিক অৰ্থৰ প্ৰয়োজন হৈছে। দুৰ্ভগীয়া স্বামী নাৰায়নক কোনো সদাশয় লোকে সহযোগিতা আগবঢ়াব বিছাৰিলে 8402096180 নম্বৰত যোগাযোগ অথবা গুগল পে কৰিব পাৰিব। নম্বৰটোৰ লগতে কিউয়াৰ কোড দিয়া হৈছে নাৰায়ণ টিমচিনাৰ। আপোনাৰ কিছু সহায়ে এগৰাকী মাতৃক জীৱন দান দিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব।