Home Blog Page 1283

বিয়াৰ পাঁচ বছৰৰ পাছত ৰণবীৰ-দীপিকাই দেখুৱালে বিয়াৰ ভিডিঅ’, ইয়াৰ আঁৰৰ ৰহস্য কি…

বিবাহৰ প্ৰায় পাঁচ বছৰৰ পিছত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে তেওঁলোকৰ বিয়াৰ ভিডিঅ’ মুকলি কৰিছে। দুয়োজনে কৰণ জোহৰৰ আড্ডা শ্ব’ কফিৰ অষ্টম ছিজনত তেওঁলোকৰ বিবাহৰ প্ৰথমটো অদৃশ্য ফুটেজ দেখুৱাইছিল কৰণৰ সৈতে। এই শ্ব’টোৰ শেহতীয়া ছিজনত অতিথি হিচাপে দেখা দিয়া প্ৰথম চেলিব্ৰিটি দম্পতী ৰণবীৰ-দীপিকা। ভিডিঅ’টোত ৰণবীৰে কয় যে তেওঁ মালদ্বীপত দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছত দুয়ো বেংগালুৰুলৈ গৈ দীপিকাৰ মাক-দেউতাকক লগ কৰিলে য’ত তেওঁলোকে তেওঁলোকৰ এংগেজমেণ্টৰ বিষয়ে অৱগত কৰে। দুয়োৰে মালদ্বীপতেই গোপন এংগেজমেণ্ট কৰিছিল।

ভিডিঅ’টোত দেখা যায় যে বিয়াখন তাৰ পৰাই আৰম্ভ হয় যেতিয়া ৰণবীৰে এংগেজমেণ্ট পাৰ্টিত দীপিকাৰ সৌন্দৰ্য্যক প্ৰশংসা কৰি থাকে। দীপিকাৰ পিতৃ প্ৰকাশ পাডুকনেও ৰণবীৰক প্ৰশংসা কৰে।

ভিডিঅ’টোত ৰণবীৰৰ পিতৃয়েও কয় যে ছবিত প্ৰৱেশ কৰাৰ আগতেই ৰণবীৰে কৈছিল যে তেওঁ এদিন দীপিকা পাডুকনক বিয়া কৰাব আৰু এই কথা সঁচা হৈ পৰিল। ভিডিঅ’টোত দীপিকা আৰু ৰণবীৰৰ দক্ষিণ ভাৰতীয় আৰু পাঞ্জাবী বিবাহৰ এক সুন্দৰ আভাস দেখা গৈছে। ২০১৮ চনত ইটালীৰ কোমো হ্ৰদত সকলো অনুষ্ঠান অনুষ্ঠিত হৈছিল।


অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা। প্ৰধানমন্ত্ৰী মোদীলৈ নিমন্ত্ৰণী পত্ৰ…

অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা। ২০২৪ৰ ২২ জানুৱাৰীত ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’।প্ৰধানমন্ত্ৰী মোদীলৈ নিমন্ত্ৰণী পত্ৰ। বুধবাৰে (২৫ অক্টোবৰ) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জয় ছিয়াৰম! আজি আৱেগেৰে ভৰা দিন।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ ২০২৪ চনৰ ২২ জানুৱাৰী হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। অযোধ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ২০২০ চনৰ ৫ আগষ্টত ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগে লগে ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়।


আপুনি দৈনিক দৈ খায় নেকি? জানি লওক দৈ খোৱাৰ অপকাৰিতাৰ বিষয়ে…

কিছুমান মানুহে দৈ খাই বৰ ভাল পায়। কাৰণ দৈত বহুতো অত্যাৱশ্যকীয় উপাদান থাকে। কিন্তু বিশেষজ্ঞসকলে দৈনিক দৈ সেৱন সন্দৰ্ভত কিছু তথ্য প্ৰকাশ কৰিছে। দৈনিক দৈ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰে জানো আহক-

আচলতে দৈত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। সেইবাবেই দৈ স্বাস্থ্যসন্মত খাদ্য। কিন্তু দৈনিক দৈ খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰী নেকি? এই সন্দৰ্ভত বিশেষজ্ঞসকলে নিজৰ মতামত দিছে। যদি আপুনি সুস্থ আৰু তথাপিও দৈনিক দৈ খায় তেন্তে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নহয়। কিন্তু দৈ খোৱাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ক্ষতি বা উপকাৰ হ’ব পাৰে। ৰাতি দৈ সেৱন কৰিলে বুকুখন টান হ’ব পাৰে। গতিকে জানক দৈনিক দৈ খোৱাটোৱে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়…

১/ প্ৰটিন
আমাৰ শৰীৰৰ বেছিভাগ বস্তুৱেই কেৱল প্ৰটিনৰ পৰা তৈয়াৰ কৰা হয়। কাৰণ এমিনো এচিডে শৰীৰৰ বেছিভাগ কোষৰ বৃদ্ধিত সহায় কৰে। দৈ খালে আপুনি সেই প্ৰয়োজনীয় প্ৰটিনটো পায়। পেশী, ছাল, চুলি, নখ, সকলো প্ৰটিনৰ দ্বাৰা গঠিত। গতিকে যদি আপুনি প্ৰতিদিনে দৈ খায় তেন্তে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন লাভ কৰে।

২/ প্ৰ’বায়’টিক
মানুহৰ অন্ত্ৰত বহুত ভাল বেক্টেৰিয়া পোৱা যায় যাৰ যোগেদি খাদ্য হজম হয়। পেটত এই বেক্টেৰিয়াবোৰ যাতে থাকে তাৰ বাবে দৈ সেৱন কৰাটো প্ৰয়োজনীয়। দৈয়ে শৰীৰত ভাল বেক্টেৰিয়া বজাই ৰাখে। দৈনিক দৈ খালে কোষ্ঠকাঠিন্য, পেট ফুলা আৰু গেছৰ দৰে সমস্যাৰ পৰা উপশম পোৱা যায়।

৩.কেলচিয়াম
গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সকলো খাদ্য সামগ্ৰীয়ে স্বাস্থ্যৰ বাবে প্ৰচুৰ পৰিমাণে কেলচিয়াম প্ৰদান কৰে। কেলচিয়ামে শৰীৰৰ হাড় মজবুত কৰে। গতিকে দৈ সেৱনে শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰে আৰু হাড় দুৰ্বল নহয়।

ধেমাজি জিলাৰ জোনাইত টাকাম মিছিং প’ৰিন কেবাঙৰ উদ্যোগত মিছিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা

ধেমাজি জিলাৰ জোনাইত টাকাম মিছিং প’ৰিন কেবাঙৰ উদ্যোগত অনুষ্ঠিত হৈছে মিছিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা।

দৈহিক আৰু মানসিক বিকাশ সাধনৰ লগতে যুৱক-যুৱতীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে উপযুক্ত মঞ্চ প্ৰদানৰ উদ্দেশ্য মিচিং জাতীয় সংগঠন টাকাম মিছিং প’ৰিন কেবাঙে ২৫ অক্টোবৰৰ পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইৰ পবা বনাঞ্চল প্ৰাঙ্গনত আয়োজন কৰিছে মিচিং অলিম্পিক ২০২৩।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, ডাঃ ৰণোজ পেগু, বিধায়ক প্ৰদান বৰুৱা, ভৱেন পেগু আৰু ক্ৰীড়াবিদ হিমা দাস।

ভয়ংকৰ অগ্নিকাণ্ড; ৭ টা বাসগৃহৰ লগতে সকলো সা-সম্পত্তি ভস্মীভূত…

গোৱালপাৰা জিলাৰ দলগোমাৰ মামুদপুৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড।

গাঁওখনৰ ছামাদ আলীৰ ঘৰত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড।

বৈদ্যুতিক শ্বৰ্টছাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছে স্থানীয় লোকে ।

পুৱাৰ ভাগত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়ালটোৰ ৭ টা বাসগৃহৰ লগতে সকলো সা-সম্পত্তি ভস্মীভূত হয়।

নগদ ৫০ হাজাৰ টকা, ৫০ মোন ধান, লক্ষাধিক টকাৰ আ-অলংকাৰ, নথিপত্ৰ সকলো জাহ যায় জুইত।

পৰিয়ালটোৱে জনোৱা মতে প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডত।

ঘটনা সন্দৰ্ভত ইতিমধ্যে মাটিয়া আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।

ইপিনে ছামাদ আলীৰ ঘৰলৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যোৱাৰ সুবিধা নথকাত স্থানীয় ৰাইজে ছেলো পাম্পৰ পানীৰে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত আতংকিত হৈ পৰে গাঁওবাসী।

-আবুল হুছেইন, নগৰবেৰা

তীব্ৰ গতিত আহি আছে ঘূৰ্ণীবতাহ ‘হামুন’; কোন কোন ৰাজ্যত পৰিব প্ৰভাৱ?

অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত। অতি গুৰুতৰ হৈ পৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘হামুন’।


অতি গুৰুতৰ হৈ পৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘হামুন’। ঘূৰ্ণীবতাহে বংগৰ উপকূলত প্ৰভাৱ পেলাব।

বংগোপ সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণী বতাহ হামুনৰ প্ৰভাৱ পৰিব অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত।

ইতিমধ্যে এই ৰাজ্য কেইখনত সতৰ্কতা জাৰি কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত সতৰ্কতা জাৰি কৰাৰ লগতে প্ৰৱল বৃষ্টিপাতৰ আশংকা কৰিছে।

কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা; থিতাতে নিহত এজন

কলগাছিয়াৰ বেছিমাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী গাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়।

থিতাতে মৃত্যুক সাৱটি লয় এজন লোকে। নিহত যুৱকজনৰ নাম ৰকিবুল ইছলাম। অঞ্চলব্যপী শোকৰ ছাঁ।

গুইলেজাৰ পৰা কলগাছিয়া হৈ গুৱাহাটীলৈ যোৱা AS15 A C 0981 নম্বৰৰ বাছ গাড়ী খনে বেছিমাৰী গাঁৱত বিপৰীত মুখৰ পৰা আহি থকা AS15 H 1853 নম্বৰৰ পালছাৰ বাইকখনক মুখামুখি খুন্দমাৰে।

ফলত বাইক আৰোহী ৰকিবুল ইছলাম (২১) থিতাতে নিহত হয়।

৩০ অক্টোবৰত মিজোৰাম লৈ আহিব প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰত মিজোৰাম লৈ আহিব। উদ্দেশ্য নিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩০ অক্টোবৰত মিজোৰামৰ মামিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব।

উল্লেখ্য যে এই প্ৰচাৰ সভাত বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও যোগদান কৰাৰ সম্ভাৱনা আছে।

মোদীৰ আগমনক লৈ ৰাজ্যখনত চলিছে ব্যাপক প্ৰস্তুতি।

যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰীপৰ সাধাৰণ নাগৰিকলৈ সহায়ৰ হাত ভাৰতৰ

যুদ্ধ বিধ্বস্ত গাজা ষ্ট্ৰীপলৈ সহায়ৰ হাত ভাৰতৰ।


৩৮ টন খাদ্য, চিকিৎসা-সামগ্ৰী প্ৰেৰণ গাজা ষ্ট্ৰীপলৈ।


উল্লেখ্য যে ভাৰতৰ সহায়ে কিছু পৰিমাণে হ’লেও সকাহ দিব গাজাবাসীক।

ৰাষ্ট্ৰসংঘত ভাৰতৰ উপ স্থায়ী প্ৰতিনিধি (ডি পি আৰ) আৰ ৰবিন্দ্ৰই কয় যে চলি থকা ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ভাৰতে গাজা ষ্ট্ৰিপৰ সাধাৰণ নাগৰিকসকললৈ ৩৮ টন খাদ্য আৰু জটিল চিকিৎসা সঁজুলি প্ৰেৰণ কৰিছে।

ইজৰাইলী সেনাৰ আক্ৰমণত ধৰাসায়ী গাজা ষ্ট্ৰীপ।

গোসাঁইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তত বিজয়া দশমীৰ ব্যাপক উখল-মাখল পৰিবেশৰ মাজতে মা দুৰ্গাক বিৰ্সজন

ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক মঙলবাৰে বিদায় দিলে ভক্তসকলে। নিজম পৰিল ৪ দিন ধৰি ঢাক আৰু ঘণ্টাৰ লগতে মন্ত্ৰোচ্চাৰণ আৰু মংগল ধ্বনিৰে মুখৰিত হৈ থকা পূজাথলীসমূহ।

মা দুৰ্গাক বিসৰ্জন দিলে গোসাঁইগাঁৱৰ নেপালপাৰা স্থিত শ্ৰী শ্ৰী ৰাধা গোৱিন্দ সেৱা আশ্ৰমৰ দুৰ্গা পূজা সমিতিৰ লগতে মহকুমাটোৰ প্ৰতিখন পূজা সমিতিয়ে ।

গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন ঘাটত হ’ব মা দুৰ্গা দেৱীৰ বিসৰ্জন । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা–অৰ্চনাৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে ভক্তসকলে।

প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ উচাহ।

-আজিজুল হক, গোসাঁইগাঁও