Home Blog Page 1288

সাৱধান! এই ৪ টা বস্তুৰ পৰা সাৱধান…

আমাৰ শৰীৰৰ বাবে চেনি কিমান ক্ষতিকাৰক সেয়া সকলোৱে জানে। চেনিত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে। ই কেৱল শৰীৰৰ বাবে খালী কেলৰিৰ উৎস। অত্যধিক চেনি সেৱনে ওজন বৃদ্ধি কৰিব পাৰে, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, সেয়েহে মানুহে খাদ্যত চেনিৰ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। কিন্তু, কিছুমান কথা আছে যিবোৰ আমি ভুলতে চেনিমুক্ত বুলি ভাবো, কিন্তু বাস্তৱত সেইবোৰ চেনিৰে সমৃদ্ধ…

আমি সাধাৰণতে কেচাপক সোৱাদযুক্ত আৰু চেনিবিহীন চাটনি হিচাপে ব্যৱহাৰ কৰো। কিন্তু বাস্তৱত কেচাপত প্ৰচুৰ পৰিমাণে চেনি আৰু কাৰ্বহাইড্ৰেট থাকে। এক চামুচ কেচাপত প্ৰায় ৪ গ্ৰাম চেনি আৰু ১৫-২০ কেলৰি থাকে। গতিকে যদি আপুনি ওজন কমাব বিচাৰে বা ডায়েবেটিছৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে কেচাপ কমকৈ সেৱন কৰিব লাগে।

আমাৰ এনে লাগে যেন এনাৰ্জি ড্ৰিংক বা তেনেধৰণৰ সতেজ পানীয়ই আমাক তৎক্ষণাত শক্তি প্ৰদান কৰে। কিন্তু ইয়াৰ কাৰণ হ’ল এই পানীয়বোৰত প্ৰচুৰ পৰিমাণে চেনিৰ পৰিমাণ। এনাৰ্জি ড্ৰিংকছত অধিক পৰিমাণৰ চেনি, কেফেইন আৰু অন্যান্য উপাদান থাকে যিয়ে আমাক তৎক্ষণাত শক্তি প্ৰদান কৰে। কিন্তু এই শক্তি অতি সোনকালে নোহোৱা হৈ যায় আৰু আমি আৰু অধিক ভাগৰুৱা অনুভৱ কৰাই। গতিকে দীৰ্ঘদিন ধৰি আৰু অত্যধিক স্প’ৰ্টছ ড্ৰিংকছ সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

ষ্ট্ৰবেৰী, চকলেট আদিৰ দৰে সোৱাদযুক্ত গাখীৰত যোগ কৰা কৃত্ৰিম সোৱাদবোৰ আচলতে চেনিৰ এটা প্ৰকাৰ। এই কৃত্ৰিম সোৱাদবোৰ গাখীৰত কেৱল সোৱাদ আৰু মিঠা বৃদ্ধিৰ বাবেহে যোগ কৰা হয় যদিও ইয়াত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে। আচলতে এইবোৰ আমাৰ শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয়।


বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ! তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক…

বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাহনে মহটিয়াই নিলে এজন লোকক।

থিতাতে নিহত মাহতলিৰ হৃদয় দাস নামৰ লোকজন।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল হৃদয় দাস। পথ অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।

All reactions:

ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান…

ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত পলাতক ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা।

উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিছিল কবিন্দ্ৰ ৰাভাক।

ইয়াৰ পাছতে তেওঁ সুযোগ বুজি পলায়ন কৰে।

অৱশ্যে এতিয়ালৈ দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত সবিশেষ তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা !গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা…

শ্ৰদ্ধাঞ্জলি উৰণসেতুত নিশা দুৰ্ঘটনা। গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা। দুৰ্ঘটনাত অসমৰ মানচিত্ৰৰ স্মাৰকটো ক্ষতিগ্ৰস্ত।

উদ্যানখনৰ ৰেলিঙৰ লগতে পকী অংশৰো ক্ষতিসাধন। চানমাৰিৰ দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন। সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক। ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক ।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ । বাহনখনত থকা আন এজন আৰোহীকো আটক আৰক্ষীৰ। দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী জোৱান। ফটো তুলি থকা অৱস্থাত এগৰাকী পথাচাৰীও আঘাতপ্ৰাপ্ত।

হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধৰন নিৰ্বাচনত সাধৰণ সম্পাদিকা পদত চৈয়দা লাকী ৰাণীৰ নিৰ্দলীয় পদত জয়লাভ…

হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধৰন নিৰ্বাচনত সাধৰণ সম্পাদিকা পদত চৈয়দা লাকী ৰাণীৰ নিৰ্দলীয় পদত বৃহৎ জয়লাভ। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান সুৰেণ দাস মহাবিদ্যালয়ত ২০২৩-২৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধৰন নিৰ্বাচনত সাধৰণ সম্পাদিকা পদত চৈয়দা লাকী ৰাণীয়ে নিৰ্দলীয় পদত প্ৰতিদণ্ডিতা আগবঢ়াই বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হ’য়।


যাৰ বাবে আজি উৎফুল্লিত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল।আৰু অনাগত দিনতো সাধৰণ সম্পাদিকা চৈয়দা লাকী ৰাণীয়ে মহাবিদ্যালয়ৰ শৈক্ষিক আন্তগাথঁনি উণ্ণয়নৰ দিশত কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।আনহাতে মহাবিদ্যালয়ৰে ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্র সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ সভাপতিকে ধৰি ১১টা পদত জয়লাভ কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে।

চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা…

চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। পথত ৰখাই থোৱা টেংকাৰত খুন্দা বাইকৰ।

নিহত যুৱকদ্বয় কনিষ্ঠ ৰায়, কপিল ৰায়। সম্পৰ্কত কনিষ্ঠ ৰায় আৰু কপিল ৰায় মামা-ভাগিন।

ভিটামিন পিৰ উপকাৰীতা বিষয়ে জানেনে…

ভিটামিন পি সমৃদ্ধ খাদ্য: এতিয়ালৈকে আপুনি নিশ্চয় ভিটামিন এ, বি, চি, ডি আৰু কেৰ নাম শুনিছে, কিন্তু ভিটামিন পিৰ কথা কেতিয়াবা শুনিছেনে? ‘হেল্থলাইন’ এই শব্দটো আগতে উদ্ভিদৰ উপাদানৰ গোটৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিবোৰক ফ্লেভন’ইড বুলি জনা যায়। এই উপাদানসমূহ আচলতে ভিটামিন নহয়, বৰঞ্চ আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য। ফ্লেভন’ইড বহু ধৰণৰ ফল-মূল, শাক-পাচলি, চাহ আৰু ক’ক’ত পোৱা যায়, ই উদ্ভিদ ভিত্তিক খাদ্যত ৰং প্ৰদান কৰাৰ কাম কৰে, লগতে ইয়াক UV ৰশ্মি আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ভিটামিন পি সমৃদ্ধ খাদ্য খালে কি কি লাভ হ’ব পাৰে জানো আহক…


ভিটামিন পি অৰ্থাৎ বায়’ফ্লেভন’ইড, বিশেষকৈ ৰুটিন আৰু হেচপেৰিডিনে চকুৰ ৰক্তবাহী নলী সুস্থ হোৱাত সহায় কৰে আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। লগতে কেটেৰেক্ট আৰু মেকুলাৰ ডিজেনেৰেচনৰ দৰে গুৰুতৰ অৱস্থাৰ সম্ভাৱনাও হ্ৰাস কৰে।

বহু গৱেষণাই নিশ্চিত কৰিছে যে ভিটামিন পি থকা খাদ্য খোৱাতো আমাৰ মগজুৰ উপকাৰ হয়। ইয়াৰ ফলত স্মৃতিশক্তি শক্তিশালী হয়, একাগ্ৰতা বৃদ্ধি পায়, লগতে মগজুৰ সামগ্ৰিক কাৰ্য্যকলাপ উন্নত হোৱাতো সহায় কৰে।

ভিটামিন পি যুক্ত খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত চৰ্দি, কাহ, ফ্লু আৰু অন্যান্য ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা কম হয়।

কিছুমান বায়’ফ্লেভন’ইড (ভিটামিন পি সমৃদ্ধ খাদ্য)ৰ কেন্সাৰ প্ৰতিৰোধী গুণ থকাৰ কথা প্ৰমাণিত হৈছে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে আৰু স্তন, হাওঁফাওঁ, পেটৰ কৰ্কটকে ধৰি কিছুমান বিশেষ ধৰণৰ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। অৱশ্যে এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন।

গুৱাহাটী বিমানকোঠত বিমান পৰিবহণ নিয়ন্ত্ৰক দিৱস পালন…

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, আজি বিমান পৰিবহণ নিয়ন্ত্ৰক দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানৰ নেতৃত্ব দিয়ে বিমান পৰিবহণ সেৱাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী সত্য পাল সিং ডাঙৰীয়াই। এই উপলক্ষে, মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য বিমানকোঠ বিষয়া শ্ৰী উৎপল বৰুৱা লগতে বিমানকোঠৰ বহু উচ্চপদস্থ বিষয়া। শ্ৰী উৎপল বৰুৱাই ভাষৰণত বিমান কতৃপক্ষ তথা পৰিচালনাৰ বহু নতুন দৃষ্টিভংগী দাঙি ধৰে আৰু ৰোডমেপৰ জড়িয়তে আগন্তক সময়ত আহিবলগীয়া প্ৰত্যাহ্বানৰ বিষয়ে দৰ্শকক অৱগত কৰে। অনুষ্ঠানৰ অংশ হিচাপে, কেক কাটি অনুষ্ঠানৰ শুভাবৰ্ধন কৰা হয়। জ্যেষ্ঠ এ টি চি অ’, ৰাজীব বৰুৱা, নিকুঞ্জ তালুকদাৰ আৰু সত্য পাল সিং জে.টি-ক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে আজিৰে পৰা প্ৰায় ১০০ বছৰ পূৰ্বে ভাৰতত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ বিভাগৰ গঠন কৰা হৈছিল। ইয়াৰ প্ৰধান উদেশ্য আছিল আকাশমাৰ্গত বিমানৰ নিৰাপদ চলাচল সুনিশ্চিত কৰাতো। এই উদেশ্যৰে, ১৯৫৮ চনতেই গঠিত হোৱা গুৱাহাটী এ টি চি বিভাগ বিগত ৬৯ বছৰ ধৰি কাৰ্যক্ষম হৈ আছে। অনুষ্ঠানত আগন্তুক দিনত বিমানকোঠৰ ভৱিষ্যত পৰিকল্পনা আৰু আহিবলগীয়া এ টি চি সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়েও বিষদভাৱে আলোচনা কৰা হয়।

পৰিৱৰ্তিত বতৰত গা ধোৱাৰ সঠিক সময়ৰ বিষয়ে জানি লওক…

পৰিৱৰ্তিত ঋতুত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱা উচিত কাৰণ অলপ অসাৱধানতাইও আপোনাক অসুস্থ কৰি তুলিব পাৰে। এই বতৰত কেতিয়া গা ধুব লাগে আৰু কেতিয়া গা ধুব নালাগে আমি এই বিষয়ে আপোনালোকক কিছু কথা জনাম।


ৰাতিপুৱাৰ গা ধুই দিনটো আৰম্ভ কৰাৰ বাবে প্ৰায়ে এটা স্বাস্থ্যকৰ উপায় হিচাপে গণ্য কৰা হয়।বতৰৰ পৰিৱৰ্তনৰ লগে লগে ৰাতিপুৱাৰ গা ধুই আপোনাৰ ইন্দ্ৰিয়বোৰ জাগ্ৰত কৰাত সহায় কৰিব পাৰে, শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু দিনটোৰ বাবে আপোনাক প্ৰস্তুত কৰিব পাৰে। কিন্তু পৰিৱৰ্তিত বতৰৰ সময়ত বাহিৰৰ উষ্ণতা বেছি কম নহয়, আৰু এনে বতৰত আপোনাৰ শৰীৰটো পানীৰ স্পৰ্শৰ বাবে কিমান প্ৰস্তুত। ৰাতিপুৱা যদি তাপমাত্ৰা অতি কম হয়, তেন্তে গা ধোৱাটো শৰীৰৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে।

দীঘলীয়া আৰু ক্লান্তিকৰ দিনটোৰ পিছত সকাহ পোৱাৰ বাবে সন্ধিয়া গা ধোৱাটো এটা ভাল উপায়। সূৰ্য্য অস্ত যোৱাৰ লগে লগে দিনটোৰ ধূলি আৰু মলি নোহোৱা হৈ যায়, যাৰ ফলত ৰোগৰ আশংকা কমি যায়। মানসিক চাপৰ পৰা উপশম পোৱাতো ই সহায় কৰে, কিন্তু পৰিৱৰ্তিত বতৰত সন্ধিয়া বেছি দেৰিকৈ গা ধুব নালাগে কাৰণ নিম্ন উষ্ণতা আৰু প্ৰচণ্ড বতাহে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে।

যদি হঠাতে উষ্ণতাৰ পৰিৱৰ্তন ঘটে, তেন্তে এনে সময়ত পৰাপক্ষত গা ধুব নালাগে, প্ৰচণ্ড ঠাণ্ডা বতাহে আপোনাৰ শৰীৰত মানসিক চাপৰ সৃষ্টি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ ৰাতি অতি দেৰিকৈ আৰু সূৰ্য্য উদয়ৰ আগতে গা ধোৱাটো বিপদজনক।


উবেৰৰ ভিতৰত যুৱতীক অপকৰ্মৰ চেষ্টা দুৰ্বৃত্তৰ…

নিশাৰ গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ উবেৰৰ ভিতৰত যুৱতীক অপকৰ্মৰ চেষ্টা দুৰ্বৃত্তৰ। খ্ৰীষ্টানবস্তিৰ ইণ্ডিয়ান অইল ডিপোৰ সমীপত সংঘটিত হৈছে এই ঘটনা। উবেৰ চালকে গাড়ীৰ ভিতৰতে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱতীৰ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীয়ে। অৰুণাচলৰ যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে উবেৰখনৰ নম্বৰ। শেহতীয়াকৈ জানিব পৰা মতে, অপকৰ্মৰ চেষ্টা কৰা উবেৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে। অভিযুক্ত উবেৰ চালকজনৰ নাম মুছলেম আলী বুলি জানিব পৰা গৈছে।