Home Blog Page 1305

চাইকেলৰ পিছত এইবাৰ স্কুটি, নৱেম্বৰত ৩৫ হাজাৰ ৭৭০ খন স্কুটি ছাত্ৰীলৈ…

নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰাৰ পিছত নৱেম্বৰত চৰকাৰে বিতৰণ কৰিব স্কুটি। ১০০ কোটি টকা ব্যয় সাপেক্ষে মেধা ছাত্ৰ ছাত্ৰীক চৰকাৰে বিতৰণ কৰিব স্কুটি। ৩৫ হাজাৰ ৭৭০ খন স্কুটি বিতৰণ কৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ লগতে ৭৫ শতাংশ নম্বৰেৰ উত্তীৰ্ণ ছাত্ৰক। উল্লেখ্য যে ১৩ অক্টোবৰত নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক জিলা আয়ুক্তৰ লগতে স্থানীয় বিধায়ক সাংসদৰ উপস্থিতিত বিতৰণ কৰা হব ৩ লাখ ৬৯ হাজাৰ ৪৫৪ খন চাইকেল।

তাৰ পিছতেই চৰকাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মেধা ছাত্ৰ ছাত্ৰীক বিতৰণ কৰিব স্কুটি। চৰকাৰে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে একাধিক অভিলাষী আঁচনি ঘোষনা কৰিছে। বিনামূলীয়া নামভৰ্তিৰ লগতে হোষ্টলৰ আবাসী আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীকো বছৰত ১০ হাজাৰ কৈ এক বিশেষ জলপানি প্ৰদানৰ ঘোষনা কৰিছে। আনহাতে শিক্ষা বিভাগে শ্ৰেনী সমূহ নিয়মীয়াকৈ চলি থকাৰ বাবে শিক্ষাসেতু এপ প্ৰবৰ্তন কৰি ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি পৰীক্ষা কৰিছে। একেদৰে শ্ৰেনীত উপস্থিত নথকা ছাত্ৰ ছাত্ৰীৰ কাৰন অভিভাৱক সকলৰ পৰা সংগ্ৰহ কৰা, এসপ্তাহৰ অধিক ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতিৰ বিষয়ে উৰ্দ্ধতন কৰ্তৃপক্ষক অবগত কৰাকে ধৰি একাধিক নীতি নিৰ্দেশনা জাৰি কৰিছে।

সন্তানহীন দম্পত্তি বৃদ্ধাশ্ৰমলৈ আহক, প্ৰনাম আঁচনি গ্ৰহণ কৰাটোৱেই দুৰ্ভাগ্যজনক – পীয়ূষ হাজৰিকা

যি সন্তানে নিজৰ পিতৃ-মাতৃক শ্ৰদ্ধা সন্মান নকৰে তেওঁলোকৰ ভৱিষ্যত এদিন হলেওঁ অন্ধকাৰ হ’বই। এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। বুধবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰি হাজৰিকাই কয় যে সামাজিক ন্যায় মন্ত্ৰী হিচাপে বৃদ্ধাশ্ৰম পৰিদৰ্শন কৰি দুখ লগা বহু ঘটনাৰ মুখামুখি হৈছে তেওঁ। প্ৰতিষ্ঠিত সন্তান থকাৰ পিছতো বৃদ্ধ অবস্থাত পিতৃ-মাতৃয়ে বৃদ্ধাশ্ৰমত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া অতি দুখজনক বুলি উল্লেখ কৰি যাৰ সতি সন্ততি নাই তেওঁলোক বৃদ্ধাশ্ৰমলৈ আহক বুলিও মত প্ৰকাশ কৰে।

আনহাতে যি সকল চৰকাৰী চাকৰিয়াল পুত্ৰ কন্যাই নিজৰ পিতৃ-মাতৃক বৃদ্ধ অবস্থাত অবহেলা কৰে তেনে চাকৰিয়ালৰ বেতনৰ ২০ শতাংশ পোনে পোনে মাক দেউতাকক দিয়াৰ ব্যৱস্হা আছে বুলি উল্লেখ কৰি এই আঁচনি খনৰ নাম প্ৰনাম বুলিও সদৰি কৰে। মন্ত্ৰী হাজৰিকাই এই আঁচনিখন চৰকাৰে গ্ৰহণ কিয় কৰিব লাগে বুলি মত প্ৰকাশ কৰি এইয়া দুৰ্ভাগ্যজনক বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে আজি কালি একাংশ পুত্ৰই বৃদ্ধ অবস্থাত পিতৃ-মাতৃক অবহেলা কৰা দেখা যায়। আনকি মৃত্যুৰ সময়তে মৃতদেহৰ কাষত বিভিন্ন অজুহাত দেখুৱাই অনুপস্থিত থাকে। কিছুদিন পূৰ্বে যোৰহাট নগৰত এগৰাকী মহিলাই পুত্ৰ কন্যাৰ অৱহেলাত অতি কৰুণ ভাবে মৃত্যুক আঁকোৱালি ঘটনাৰ মাৰ নৌযাওঁতেই বিশিষ্টা শিক্ষাবিদ ডঃ মালিনী গোস্বামী সুৰাপায়ী পুত্ৰৰ অত্যাচাৰৰ বাবে পলাই ফুৰিব লগীয়া ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।

কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। দেশত স্হাপনশ হব “মেৰা যুৱ ভাৰত”…

দেশৰ যুৱক-যুৱতী সকলক বিশেষ ভাবে উপকৃত কৰাৰ উদ্যেশ্যে স্হাপন হব ” মেৰা যুৱ ভাৰত” নামেৰে এক স্বতন্ত্ৰ সংন্হা। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এই স্বতন্ত্ৰ সংন্হা স্হাপনৰ বাবে অনুমোদন দিয়ে। এই সংন্হাৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য হৈছে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী নীতিৰ আধাৰত পৰিচালিত যুৱক-যুৱতী সকলৰ সবলীকৰণক জড়িত কৰা।

এই লক্ষ্যৰে যোগাযোগ, সামাজিক মাধ্যমত আৰু নতুন প্ৰযুক্তিৰ পৰিবেশ থকা দ্ৰুত গতিত পৰিবৰ্তিত বিশ্বত সামগ্ৰিক সক্ষম ব্যৱস্হা স্হাপন কৰা। কেন্দ্ৰই এই সংন্হাটোৰ দ্বাৰা ১৫ বছৰৰ পৰা ২৯ বছৰৰ যুৱক যুৱতী সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰে। আনহাতে বিশেষ ভাবে নিৰ্দ্ধাৰিত কাৰ্যসূচীৰ বাবে ১০ বছৰৰ পৰা ১৯ বছৰ বয়সৰ হিতাধিকাৰী সামৰি লোৱা হব। ” মেৰা যুৱ ভাৰত” সংন্হাৰ দ্বাৰা অভিজ্ঞতাৰ ভিত্তিত শিক্ষণৰ জৰিয়তে নেতৃত্ব বহনৰ দক্ষতা উন্নত কৰাৰো লক্ষ্য স্হিৰ কৰে কেন্দ্ৰীয় চৰকাৰে।

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ…

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰ দুগৰাকীৰ মৃত্যু। দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ।

ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু। মাতৃ-কন্যাৰ ঘৰ তিনিচুকীয়াত।

ইতিমধ্যে পৰিয়ালক চমজাই দিয়া হৈছে মৃতদেহ।

চেপনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। আহত দহজনতকৈ অধিক যাত্ৰী…

ডিমৌৰ কাষৰীয়া চেপন মহাবিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত দাঁতিৰ পথাৰত সোমাল যাত্ৰীবাহী ট্ৰেভেলাৰ। ট্ৰেভেলাৰখনৰ নম্বৰ এ এছ ০৬ বিচি ৩৪৫২ । কম বেচি পৰিমাণে আহত দহজনতকৈ অধিক যাত্ৰী।

ডিব্ৰুগড় পৰা যোৰহাটলৈ গৈ আছিল ট্ৰেভেলাৰ খন। এজন পথচাৰীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথত দাঁতিৰ পথাৰত সোমাল যাত্ৰীবাহী ট্ৰেভেলাৰখন। ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত গণেশ চাওঁৰাক ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ৰঙিয়াৰ এখন বিপনীৰ প্ৰশংসনীয় পদক্ষেপ…

ৰঙিয়াৰ এখন বিপনীৰ প্ৰশংসনীয় পদক্ষেপ । ৰঙিয়া টাউনৰ মাজমজিয়াত থকা Sure-Shot Mobile Service নামৰ বিপনীখনৰ পদক্ষেপক শলাগ লৈছে ৰঙিয়াবাসীয়ে ।

বিনামূলীয়াকৈ মোবাইল ক’ভাৰ বিতৰণ কৰিছে বিপনী খনে তাৰ বিনিময়ত কেৱল মাত্ৰ ১০ টকা ।

কিন্তু ১০ টকা এনে‌ই লোৱা নাই এই দহ টকা লোৱাৰ আঁৰত আছে এটি মহৎ উদ্দেশ্য সেয়া হ’ল দৰিদ্ৰ শিশুৰ শিক্ষাৰ বাবে ।

বিনামূলীয়াকৈ মোবাইল ক’ভাৰ বিতৰণ কৰা যিমান টকা জমা হ’ব সেইয়া বিপনী খনৰ স্বত্বাধিকাৰী ৰাতুল হুছেইনে দৰিদ্ৰ শিশুৰ শিক্ষাৰ বাবে খৰছ কৰিব । তেওঁৰ এই প্ৰশংসনীয় পদক্ষেপ আন বহু বিপনীৰ বাবে অনুপ্ৰেৰণা হ’ব

সাৱধান! আলু বেছিকৈ নাখাব…

শাক-পাচলিৰ ভিতৰত আলু বেছিকৈ ব্যৱহাৰ কৰা হয়। কিছুমান মানুহে আলু খাই বৰ ভাল পায়। কিন্তু আপোনালোকক জনাওঁ যে আলুৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰে। কাৰণ ইয়াক অতিমাত্ৰা খালে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। একে সময়তে ই ওজনো বৃদ্ধি কৰে। যদি আপুনি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেন্তে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে আলু খোৱাৰ পৰা আঁতৰি থাকিব লাগে। ডিপ ফ্ৰাইড আলু খোৱা লোকৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰে। আজি আপোনালোকক জনাম আলু খোৱাৰ অসুবিধাৰ বিষয়ে…

আলু খালে গেছৰ সৃষ্টি হয়। গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আলু ব্যৱহাৰ কৰিব নালাগে। গতিকে যদি আপোনাৰ গেছৰ বহুত সমস্যা হয় তেন্তে আলু ব্যৱহাৰ নকৰিব। দৈনিক আলু খালে চৰ্বি বৃদ্ধি হয় আৰু গেছৰ সমস্যা হয়।

আলু খালে মেদবহুলতা যথেষ্ট বৃদ্ধি পায়। এনে পৰিস্থিতিত বৰ্ধিত ওজন বন্ধ কৰিব বিচাৰিলে আলু খোৱাৰ বন্ধ কৰিব লাগে। আলু খালে কেলৰিও বৃদ্ধি পায়।

যদি আপুনি চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আলু খোৱাৰ পৰা বিৰত থাকিব । আলুৰ গ্লাইচেমিক সূচকাংক থাকে। যাৰ বাবে শৰীৰত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়। যদি শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি নহয় তেন্তে আলু খোৱাৰ পৰা বিৰত থাকিব লাগে।

আলু খালে বি পি বাঢ়ে। গৱেষণাৰ মতে সপ্তাহত চাৰিবাৰ বা তাতকৈ অধিক সিজোৱা বা পিটিকা আলু খাব নালাগে। যাৰ বাবে ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায়। লগতে ৰক্তচাপৰ পৰা হাত সাৰিবলৈ আলু খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰাটোও প্ৰয়োজনীয় নহয়। কিন্তু সীমাৰ ভিতৰতহে খাব লাগে।


এসপ্তাহৰ ভিতৰত আত্মসহায়ক গোটলৈ ১০ হাজাৰ। মাইক্ৰ’ফাইনেন্স ঋনৰ বাবদ চৰকাৰৰ ব্যয় ১২ হাজাৰ ৫০০ কোটি…

নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্স ঋণী সকলৰ ঋণ বেংকক ওভোটাই দিয়াৰ বাবদ ৰাজকোষৰ পৰা ব্যয় কৰে ১২ হাজাৰ ৫০০ কোটি টকা। আনহাতে এক সপ্তাহৰ ভিতৰত ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহক ১০ হাজাৰ টকাকৈ আদায় দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰে। এই ধনৰাশি প্ৰকৃত অৰ্থত শুদ্ধ ৰূপত ব্যৱহাৰ কৰিলে চৰকাৰে পুনৰ ২৫ হাজাৰকৈ অতিৰিক্ত ভাবে আদায় দিব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে।

আনহাতে এইবাৰ অৰুণোদয়-২ ত নতুনকৈ ২৭ লাখ ৫৪ হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হোৱা বুলি ডঃ শৰ্মাই উল্লেখ কৰি ইয়াৰ পিছতেই ৰেচন কাৰ্ড সমূহ বিতৰণ কৰা হব বুলিও উল্লেখ কৰে। আনহাতে অৰুনোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱা সকলক অৰুনোদয়-৩ ত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১ লাখ চৰকাৰী গৃহ আবন্টন দিয়াৰ বিষয়েও ঘোষনা কৰে। উল্লেখ্য যে আজিৰে পৰা চৰকাৰে মাইক্ৰ’ফাইনেন্স ঋণী সকলক ঋন মুক্ত প্ৰমান পত্ৰ, নৱম শ্ৰেনীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণকে ধৰি একাধিক কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে ঘোষনা কৰিছে।

কংগ্ৰেছ দলে ফটাঢোল বজাইছে। পতান চপালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই…

আজিৰ দিনটোত একাধিক বিজেপিৰ নেতাই কংগ্ৰেছ দলত যোগদান কৰিব বুলি ঘোষনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধানৰ সলনি পতান চপোৱা বুলি কটাক্ষ কৰে ৰাজ্যিক বিজেপিয়ে। দলটোৰ মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে এক প্ৰেছ বিবৃতি যোগে এই মন্তব্য কৰে মুখপাত্ৰদ্বয়ে । ভিত্তিহীন মনেসজা ভুৱা বাতৰি, মিথ্যাচাৰ আৰু চূড়ান্ত অপপ্ৰচাৰত সিদ্ধহস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অতিৰঞ্জিত, ভিত্তিহীন, দাম্ভিকতাপূৰ্ণ বক্তব্যৰে শালীনতাৰ সীমা চেৰাই প্ৰতিপক্ষক আক্ৰমণ কৰা কাৰ্য্য কু-ৰুচিপূৰ্ণ আৰু বাওঁপন্থী নৈৰাজ্যবাদী সদৃশ অপসংস্কৃতিৰ পৰিচায়ক। এক প্ৰেছ বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে তীব্ৰ সমালোচনা কৰি কয় যে প্ৰদেশ কংগ্ৰেছে অসম গণ পৰিষদ দলৰ বহু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চলোৱা ভুৱা প্ৰচাৰ বিগত এটা দশকৰ দৰেই অন্তঃসাৰ শূন্য হিচাপে প্ৰমাণিত হ’ল।

পূৰ্বতে বাওঁপন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে বক্তব্য শুনা গৈছিল। ভূপেন বৰাৰ এনে আচৰণ আৰু কটু বাগ্মিতাই গান্ধীজীৰ আদৰ্শক প্ৰতিনিধিত্ব নকৰে বুলিও বিবৃতিত উল্লেখ কৰে। ভূপেন বৰাৰ এনে আচৰণ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শৰো পৰিপন্থী বুলি উল্লেখ কৰি বাৰবৈষ্ণৱৰ মহা পুণ্যস্থান বিহপুৰীয়াক এটা দশকে প্ৰতিনিধিত্ব কৰা ভূপেন বৰাৰ মুখত মিথ্যাচাৰ তেখেতৰ চূড়ান্ত অধঃপতনৰ পৰিচায়ক বুলিও মন্তব্য কৰে। মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে কয় যে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান প্ৰহসন তথা ফটাঢোল বজোৱাৰ দৰেহে হল ।

ৰাজ্যিক মুখপাত্ৰ দ্বয়ে কয় , কংগ্ৰেছে বহু দিনৰপৰা জল্পনা-কল্পনাৰ নাটক ৰচনা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছিল। পূৰ্বতে বাওঁ পন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে অপপ্ৰচাৰ শুনা গৈছিল। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান এক প্ৰকাৰে ফটাঢোল বুলিবই পাৰি। যোগদান কাৰ্যসূচীক লৈ ভূপেন বৰাই বহু দিনৰ পৰা ফুটেজ খাই আছিল যদিও আজি যোগদানকাৰী সকলক দেখি অধিকাংশই আচৰিত হৈছে। তেওঁলোক আচলতে ধানৰ অবশিষ্ট পতানসদৃশহে। আমি সকলোৱেই জানো যে পতানৰ পৰা কোনো শস্য উৎপাদন নহয় আৰু ইয়াক কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰি। এই যোগদানে কংগ্ৰেছৰ সলনি ভাৰতীয় জনতা পাৰ্টিকহে উপকৃত কৰিলে বুলি উল্লেখ কৰি কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি চলোৱা মিছা প্ৰচাৰৰ উদ্যেশ্য আছিল যোগদানকাৰীৰ সংখ্যা বঢ়োৱাহে, কিন্তু সফল নহ’ল।

কংগ্ৰেছে দাবী কৰা মতে প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি মিছা প্ৰচাৰ চলালেও কোনো সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান নকৰিলে। কংগ্ৰেছে যে পদে পদে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ আজিৰ যোগদান অনুস্হানেই জ্বলন্ত উদাহৰণ বুলি বিবৃতিত উল্লেখ কৰি ধুমুহা কংগ্ৰেছতেই আহিব আাৰু এই ধুমুহা তেওঁলোকৰ নেতাসকলেই আনিব, যি ধুমুহাই কংগ্ৰেছৰ বহুখিনি উৰুৱাই লৈ যাব বুলিও তীব্ৰ কটাক্ষ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা কৰ্মীৰ, তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি…

তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা-কৰ্মী সকলৰ।

বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মজয়ন্তী।

বুধবাৰৰ দিনটোতে ১৯৩৬ চনত অভিবক্ত শিৱসাগৰ জিলাত জন্ম গ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

ভাৰত চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱা আজি তৰুণ গগৈ দেৱৰ ৮৯ তম জন্মজয়ন্তী।

সমগ্ৰ অসমতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগতে  প্ৰয়াত তৰুণ গগৈৰ গুণমুগ্ধ সকলে তেখেতৰ জন্মজয়ন্তী উদযাপন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

সমগ্ৰ অসমৰ লগতে তেজপুৰ ৰাজীৱ ভৱন তথা শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি আৰু তেজপুৰ পৌৰ ব্লক আৰু গাভৰু ব্লক কংগ্ৰেছ কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকি প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।