Home Blog Page 1308

১৩ অক্টোবৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দিব চাইকেল। উপকৃত হব ৩ লাখ ৬৯ হাজাৰ ৪৫৪ শিক্ষাৰ্থী…

মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মৰ্মে নৱম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে ১৩ অক্টোবৰত বিতৰণ কৰিব চাইকেল। ইতিমধ্যে চৰকাৰে এই সন্দৰ্ভত এছ অ’পি জাৰি কৰি জিলা আয়ুক্ত সকলক কেতবোৰ নীতি নিৰ্দেশনা প্ৰদান কৰে। সেই মৰ্মে জিলা আয়ুক্ত সকলে চাইকেল বিতৰণ অনুষ্ঠানত স্হানীয় বিধায়ক সাংসদৰ লগতে হিতাধিকাৰী ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰন জনাব লাগিব। যাতায়ত আৰু অপ্যায়নৰ ব্যয় চৰকাৰে আয়ুক্ত সকলৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰিব। অনুষ্ঠানৰ পূৰ্বে চাইকেলৰ সঠিক হিচাব ৰখাৰ লগতে বাকী চাইকেল সমূহ খণ্ড উন্নয়নত শিক্ষা বিভাগে বিতৰণ কৰিব। ১৩ অক্টোবৰত বজালী জিলাত আয়ুক্তই ২,২৭৫ খন চাইকেল বিতৰণ কৰিব।

একেদৰে বাক্সা ৰনগৌড়া নাৰ্জাৰীয়ে ৬৭৯০খন, বৰপেটাত পবিত্ৰ মাৰ্ঘেৰিটাই ২২,০২২ খন, বিশ্বনাথত অশোক সিংঘলে ৯,৮০০ খন, বঙাইগাঁৱত জয়ন্তমল্ল বৰুৱাই ৮৭৮০ খন, কাছাৰত পীয়ূষ হাজৰিকাই ২৪,২২০ খন, চৰাইদেউত তপন কুমাৰ গগৈয়ে ৪৫৮৬ খন, চিৰাঙত ইউ জি ব্ৰহ্মই ৮০৬১ খন, দৰঙত ৰঞ্জিত কুমাৰ দাসে ৬৪১৯ খন, ধেমাজিত যোগেন মহনে ১০,৬৬৬ খন, ধুবুৰীত ৰমেন ডেকাই ২৪,২৬৫ খন, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীয়ে ১২,৯৬৪ খন, ডিমাহাচাওত মুখ্য কাৰ্যবাহী বিষয়াই ২,০৩২ খন, গোৱালপাৰাত টংকেশ্বৰ ৰাভাই ১৩,৯৮০ খন, গোলাঘাটত কেশৱ মহন্তই ১২,১৫৩ খন, হাইলাকান্দিত পীয়ূষ হাজৰিকাই ৭,৭৪৯ খন, হোজাইত সকলো বিধায়কৰ উপস্থিতিত ৯০৮৩ খন চাইকেল বিতৰণ কৰিব। যোৰহাটত কামাখ্যা প্ৰসাদ তাছাই ৯০৯৪ খন, কামৰূপত কুইন ওজাই ১৮, ৩৮২ খন, কামৰূপ গ্ৰাম্যত চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৮৬০৮ খন, কাৰ্বিআংলঙত পৰিমল শুক্লবৈদ্যই ৫৭৭৬ খন, কৰিমগঞ্জত কৃপানাথ মল্লই ১৩,৫২৯ খন, কোকৰাঝাৰত প্ৰমোদ বড়োই ১২, ৭৯৮ খন, লক্ষীমপুৰত নন্দিতা গাৰ্লোচাই ১৫,১৫৫ খন, মাজুলীত সঞ্জয় কিশানে ২৮৮৫ খন, মৰিগাঁৱত অতুল বৰাই ১২,৫৯৯ খন , নগাঁৱত অজন্তা নেওগে ২০, ১৭৪ খন, নলবাৰীত নাৰায়ন ডেকাই ১০,০৩৬ খন, শিৱসাগৰত বিমল বৰাই ৭৭৪৬ খন, শোনিতপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰণোজ পেগুৱে বিতৰণ কৰিব ১২,৪৮৪ খন। দক্ষিন শালমাৰাত জিলা আয়ুক্তই ৪১৬১ খন, তামুলপুৰত ডঃ ননী গোপাল মহন্তই ৬৩৮৪ খন, তিনিচুকীয়াত প্ৰদান বৰুৱাই ১২,৭৭০ খন, ওদালগুৰিত দিলিপ শইকীয়াই ৭৭৪৯ খন, পশ্চিম কাৰ্বিআংলঙত হৰেণ সিং বেই ৩২৭৯ খন মুঠ ৩,৬৯,৪৫৪ খন চাইকেল বিতৰণ কৰা হ’ব।

‘ভাৰতৰ জনতা আপোনালোকৰ কাষত আছে ‘: ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুক আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰত ইজৰাইলৰ পুৰণি বন্ধু ৰাষ্ট্ৰ। এতিয়া ইজৰাইলৰ বিপদৰ সময়। এনে সময়তে বন্ধু ৰাষ্ট্ৰ ইজৰাইলৰ কাষত থিয় দিছে ভাৰতে। হামাছৰ ৰকেট আক্ৰমণৰ পিছতে যুদ্ধভূমিত পৰিণত হৈছে ইজৰাইল। বিশেষকৈ গাজাত এতিয়া অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে। গাজা ষ্ট্ৰিপত এতিয়া শুনা গৈছে কেৱল মৃত্যুৰ কিৰিলী। এনে পৰিবেশৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে ফোন কৰে আৰু যুদ্ধৰ সবিশেষ খবৰ দিয়ে। মোদীয়ে কয় যে মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ সৈতে আছে। মঙলবাৰে আক্ৰমণৰ চতুৰ্থ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰা ফোন পোৱাৰ পিছত মোদীয়ে ইজৰাইলবাসীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে।


মঙলবাৰে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে মোদীক ফোন কৰি বৰ্তমানৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মোদীয়ে এই বিষয়ে তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে- “মই প্ৰধানমন্ত্ৰী নেতান্যায়াহুক সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে ফোন কৰি আপডেট দিয়াৰ বাবে ধন্যবাদ জনাইছো। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে ইজৰাইলৰ সৈতে দৃঢ়তাৰে থিয় দিছে। ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে’’। মোদীৰ মন্তব্যই ইজৰাইল সন্দৰ্ভত ভাৰত চৰকাৰৰ স্থিতি সম্পৰ্কে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। শনিবাৰে, মোদীয়ে ছ’চিয়েল মিডিয়াৰ জড়িয়তে সন্ত্ৰাসবাদী গোট হামাছে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিছিল । মোদীয়ে লিখিছিল “ইজৰাইলত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ খবৰ পাই গভীৰভাৱে দুখিত। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা নিৰীহ নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে।

মই এই কঠিন সময়ত ইজৰাইলৰ সৈতে একত্ৰিত হৈ থিয় দিছো। “ইপিনে নেতান্যাহুৱে হামাছক সতৰ্ক কৰি দি কৈছে “আমি এই যুঁজ আৰম্ভ কৰা নাছিলো। কিন্তু আমি শেষ কৰিম। হামাছে নাজানে যে ই কি ঐতিহাসিক ভুল কৰিছে। তেওঁলোকে শিশু, মহিলা আৰু বৃদ্ধসকলক নিৰ্বিচাৰভাৱে হত্যা কৰিছে। “

শিক্ষামন্ত্ৰী ডাঃ পেগুৰ অভিনন্দন উপস্থিত শিক্ষকক। কৃত্ৰিম বুদ্ধিমত্তা এপত ধৰা পৰিল শিক্ষকৰ অনুপস্থিতি…

কৃত্ৰিম বুদ্ধিমত্তাৰ আধাৰিত শিক্ষাসেতু এপত ২০ হাজাৰ ৯০৯ গৰাকী শিক্ষকৰ অনুপস্থিতি ধৰা পৰে। আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠানত ১লাখ ৯০ হাজাৰ ৬৬৬ গৰাকী শিক্ষক উপস্থিত থকা কাৰ্যক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অভিনন্দন জনায়। শিক্ষাসেতু এপত ৩২লাখ ৩১ হাজাৰ ৩৬০ গৰাকী শিক্ষাৰ্থী উপস্থিত থকাৰ বিপৰীতে ৪ লাখ ৮৮ হাজাৰ ২৭০ গৰাকী শিক্ষাৰ্থী বিগত এটা সপ্তাহ বিদ্যালয়ত অনুপস্থিত থকা ধৰা পৰে। আনহাতে অনা শিক্ষকৰ উপস্থিতি আছিল ১৮ হাজাৰ ৯৫৫ গৰাকী।

উল্লেখযোগ্য যে শিক্ষাসেতুত একাধিক শিক্ষকে উপস্থিতি প্ৰদানৰ বিৰোধীতা কৰিছিল যদিও শিক্ষা বিভাগে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহন কৰে। আনকি বিগত ৩ অক্টোবৰৰ পৰা শিক্ষা বিভাগে জাৰি কৰা প্ৰায় ২৫ টা নীতি নিৰ্দেশনা মানি চলিবলৈকো কঠোৰ নিৰ্দেশ দিয়া হৈছিল। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে শিক্ষক সকলক শিক্ষাসেতু এপৰ জৰিয়তে উপস্থিতি দিবলৈ আহ্বান জনায় পৰবৰ্তী সময়ত কঠোৰ হোৱাৰো ইংগিত দিছিল।

হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালাক হত্যাৰ দাবী ইজৰাইলৰ, আন এজন নেতা জাকাৰিয়া আবুকো হত্যাৰ দাবী…

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে ইজৰাইলৰ বায়ু সেনাৰ ভয়ংকৰ আক্ৰমণত হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালা নিহত হোৱা বুলি দাবী কৰিছে। এয়া হামাছৰ বাবে এক বৃহৎ ক্ষতি বুলি ধাৰণা কৰা হৈছে। । আইএএফে হামাছ নেতা জাকাৰিয়া আবু মামাৰকো হত্যা কৰা বুলি দাবী কৰিছে।

আনহাতে যুদ্ধত এতিয়ালৈকে প্ৰায় ৯০০ ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ প্ৰতি-আক্ৰমণত হামাছ সন্ত্ৰাসবাদীকে ধৰি দুই হাজাৰৰো অধিক লোক নিহত হৈছে।

নতুন ‘ৰামায়ণ’ত ৰাম-সীতা, ৰাৱণ আৰু হনুমানৰ চৰিত্ৰত দেখিবলৈ পাব এইসকল অভিনেতা-অভিনেত্ৰীক…

নিতেশ তিৱাৰীৰ আগন্তুক ছবি ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত দেখা যাব ৰণবীৰ কাপুৰক। সীতাৰ চৰিত্ৰত সাই পল্লৱী আৰু হনুমানৰ চৰিত্ৰত দেখিবলৈ পাব ছানী দেউলক। ছানী দেউলৰ সদ্য মুক্তি পোৱা ছবি ‘গদাৰ ২’ য়ে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে। ছবিখনে বক্স অফিচত ৫৪০ কোটিৰো অধিক উপাৰ্জন কৰিছে। খবৰ অনুসৰি পৰিচালক নিতেশ তিৱাৰীৰ আগন্তুক ছবি ‘ৰামায়ণ’ত হনুমানৰ চৰিত্ৰত অভিনয় কৰা ছানী দেওলে বহু চৰ্চিত হৈছে। কোৱা হৈছে যে হনুমানৰ চৰিত্ৰ সন্দৰ্ভত চলচ্চিত্ৰ নিৰ্মাতা নীতিশ আৰু ছানী দেওলৰ মাজত আলোচনা হৈছে।


এক প্ৰতিবেদন অনুসৰি নীতিশ তিৱাৰীৰ আগন্তুক ছবি ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰক দেখা যাব। আনহাতে, সাই পল্লৱীক সীতাৰ চৰিত্ৰত আৰু যশক ৰাৱণৰ চৰিত্ৰত দেখা যায়। ছানী দেউলে ছবিখনৰ অংশ হ’বলৈ আৰু হনুমানৰ চৰিত্ৰত অভিনয় কৰিবলৈ প্ৰাৰম্ভিক সন্মতি দিছে।

যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱৰ ফোন প্ৰধানমন্ত্ৰী মোদীলৈ…

মোডী-নেতানিয়াহুৰ বাৰ্তালাপঃ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণে এই কঠিন সময়ত ইজৰাইলৰ সৈতে শক্তিশালীভাৱে থিয় দিছে। ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। হামাছৰ এই আক্ৰমণক সমালোচনা কৰিছে সকলো দেশেই। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধৰ পৰিস্থিতিৰ বিষয়ে বিশ্বৰ নেতাসকলক অৱগত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ফোন কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছে নেতানিয়াহুৱে। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই এই তথ্য দি কয় যে ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে মোক আপডেট দিয়াৰ বাবে নেতানিয়াহুক ধন্যবাদ জনাইছো।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ টুইটত লিখিছে, ‘প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক তেওঁৰ ফোন কল আৰু সাম্প্ৰতিক পৰিস্থিতিৰ আপডেট দিয়াৰ বাবে ধন্যবাদ জনাইছো। এই কঠিন সময়ত ইজৰাইলৰ সৈতে ভাৰতৰ জনসাধাৰণ সবলভাৱে থিয় দিছে।’

ইয়াৰ পূৰ্বে সোমবাৰে দিয়া ভাষণত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইজৰাইলক সমৰ্থন কৰা সেই সকলো দেশক ধন্যবাদ জনায়। কিন্তু এইটো সঁচা যে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধই বিশ্বৰ বাবে এক বৃহৎ সংকট হিচাপে আত্মপ্ৰকাশ কৰিছে। ইউক্ৰেইন যুদ্ধৰ দৰেই এই বিষয়তো বিশ্ব বিভাজন হোৱা যেন লাগে। বহু দেশে পেলেষ্টাইনক সমৰ্থন কৰাৰ বিপৰীতে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আৰু ইটালীয়ে ইজৰাইলক মুকলিকৈ সমৰ্থন কৰিছে।


পুনৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি আফগানিস্তানত…

পুনৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি আফগানিস্তানত।

ৰিখটাৰ স্কেলত ভূঁইকঁপৰ মাত্ৰা ৬.৩।

৭ অক্টোবৰৰ আফগানিস্তানত ভয়ংকৰ ভূমিকম্প সৃষ্টি হৈছিল য়াৰ ফলত ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

পুনৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি আফগানিস্তানত।

এই বিস্তৰ ক্ষয়ক্ষতিৰ আশংকা কৰিছে।

মঙলবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ০৫:১০ বজাত (০০:৪০ জিএমটি) সংঘটিত হয় এই ভূমিকম্প।

কঁকালৰ তলৰ অংশ বিষ হ’লে আওকাণ নকৰিব? সমস্যা বাঢ়িব পাৰে…

বেছিভাগ মানুহেই শৰীৰৰ বহু অংশত বিষ অনুভৱ কৰে যদিও তেওঁলোকে আওকাণ কৰি এক স্বাভাৱিক সমস্য়া বুলি গণ্য কৰে। এই বিষ আপোনাৰ ভুল জীৱনশৈলীৰ বাবেও হ’ব পাৰে। আজিৰ যুগত জীৱনশৈলীৰ বাবে মানুহ বহু ৰোগৰ বলি হৈছে। সকলোতকৈ বেছি সেইসকল লোক ভোগে এই ৰোগত যিয়ে ঘণ্টাৰ পিছত ঘণ্টা লেপটপৰ সন্মুখত বহি অফিচত অবিৰতভাৱে কাম কৰে। কঁকালৰ বিষে কেতিয়াবা আপোনাৰ শৰীৰত গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে-

স্বাভাৱিক কঁকালৰ বিষ আপোনাৰ বাবে মাৰাত্মক হ’ব পাৰে। আচলতে ঘৰৰ কামত ব্যস্ত থকাৰ বাবে গৃহিণীসকলেও এই যন্ত্ৰণাক আওকাণ কৰে। বেছিভাগ মানুহেই ভাবে যে তেওঁলোকৰ বহা, বহা বা শোৱা ভুল পদ্ধতিৰ বাবেই এনেকুৱা ৰোগ হ’ব। অৱশ্যে এই বিষ কেতিয়াবা নিজাববীয়াকৈ আৰোগ্য হয়। কিন্তু আজি আমি আপোনালোকক ক’ম যে কঁকালৰ তলৰ অংশত বিষে কি কি সমস্য়া সৃষ্টি কৰিব পাৰে….

যদি আপোনাৰ কঁকালৰ তলৰ অংশত বিষ হয় তেন্তে সেয়া বাতবিষ হ’ব পাৰে। আচলতে বাতবিষৰ বাবে মানুহৰ মেৰুদণ্ড ক্ৰমান্বয়ে সংকুচিত হ’বলৈ আৰম্ভ কৰে। যাক স্পাইনেল ষ্টেনোচিছ বুলিও কোৱা হয়। এই বিষে আপোনাক বহুত আমনি কৰিব পাৰে আৰু কষ্টদায়কও হ’ব পাৰে। বহু সময়ত এই বিষৰ বাবে আপুনি সঠিকভাৱে কাম কৰিব নোৱাৰে। এই সমস্যাক কেতিয়াও আওকাণ নকৰিব।

আমাৰ ডিস্কে মেৰুদণ্ডৰ হাড়ৰ মাজত শৰীৰক ভাৰসাম্য ৰক্ষা কৰে। ইয়াত যিকোনো অশান্তিৰ বাবে আপুনি কঁকালৰ তীব্ৰ বিষত ভুগিব পাৰে। যেতিয়া আমাৰ শৰীৰৰ ডিস্কৰ ভিতৰৰ কাৰ্টিলেজ ওপৰলৈ আহিবলৈ আৰম্ভ কৰে, তেতিয়া এনে পৰিস্থিতিত ই ভাঙি যোৱাৰ ভয় হয়। যাৰ বাবে বৰ্তমানৰ স্নায়ুৰ ওপৰত বহুত হেঁচা পৰে। ইয়াৰ কাৰণে আমি ডিস্ক ফাটি যোৱাৰ ফলত কঁকালৰ বিষত ভুগে বহু লোক। এনে পৰিস্থিতিত আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন।


নগাঁৱত ‘বিশ্ব মানসিক স্বাস্থ্য দিৱস’ উদযাপন

সমগ্ৰ বিশ্বৰ লগতে আজি নগাঁও জিলাতো বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়। সেই উপলক্ষে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়।

পুৱা ৯:৩০ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এটি সজাগতা মুলক শোভাযাত্ৰা । উক্ত শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ভূপেন বৰাই ৷

তেওঁক সহযোগিতা আগবঢ়াই বিপি চিভিল হাস্পতালৰ মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদে । শোভাযাত্ৰাটিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অধ্যয়নৰত এ এন এম এম আৰু জি এন এম নাৰ্ছ-মানসিক ৰোগ বিভাগৰ মনোৰোগ বিশেষজ্ঞা সকল- বিষয়া-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে ৷

ইয়াৰ পাছতে দুপৰীয়া ১২ বজাত জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁও আৰু মানসিক ৰোগ বিভাগৰ যৌথ উদ্যোগত ড° এ পি জে আব্দুল কালাম একাডেমি ৰাঙলুত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

উক্ত সজাগতা সভাখনিত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি নগাঁও নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা মনিকা মিছঙে উপস্থিত ছাত্ৰছাত্ৰী সকলৰ লগতে ৰাইজৰ সন্মুখত মানসিক ৰোগী সকলক উদ্দেশ্যি এক সাবলীল ব্যাখ্যা আগবঢ়াই । সজাগতা সভাখনিত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ মনোৰোগ সমাজ-সেৱিকা মনিমালা বৰাই

আজিৰ সমাজত মানসিক ৰোগী সকলে ভুগি অহা বিভিন্ন সমস্যা ৰাজিৰ ওপৰত আলোকপাত কৰি মানসিক ৰোগী সকলৰ বিভিন্ন দিশ সমূহৰ ওপৰত এটি চমু ভাষণ প্ৰদান কৰে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ
জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ নৈদানিক মনোবিজ্ঞানী গীতামনি বৰুৱাই বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ’লে ইয়াৰ প্ৰতিকাৰো হয় বুলি মতপ্ৰকাশ কৰি তেওঁ এক তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকি মানসিক ৰোগীসকলৰ আইনী উৎকৰ্ষ সাধন সম্পৰ্কত এক সাবলীল ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ ডেপুটি লিগেল ডিফেঞ্চ কাউন্সিলৰ বুলবুলি শৰ্মাই ৷

কঠিয়াতলী তথা ৰাঙলুৰ বিশিষ্ট সমাজ সেৱক,শিক্ষাবিদ ঘনকান্ত বৰাই আতঁধৰা সজাগতা সভাখনিত ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ নজিবুৰ ৰহমান, ড° এ পি জে আব্দুল কালাম একাডেমিৰ পৰিচালনা সমিতিৰ সভাপতি আবু বক্ৰৰ ছিদ্দিক, বিদ্যালয়ৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন,জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ তথ্য সংগ্ৰাহক অবনিতা বৰা,জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা দ্বীপেন শইকীয়া,ৰিয়াজুল হুছেইনকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে ।

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে নিৰ্ধাৰিত অভাৰত ২৩৬ ৰাণ কৰে । অসমৰ হৈ প্ৰথম মেচত অপৰাজিত ৮৩ ৰাণ কৰা

অধিনায়ক অমন্তিকা মুণ্ডাই ৬৯ ৰাণ কৰে । ৬৭ টা বলৰ বোকাখাতৰ এই খেলুৱৈগৰাকীৰ ইনিংছটোত আছিল ১ টা ছিক্সাৰ আৰু ১০ টা বাউণ্ডেৰীৰ সমাহাৰ । তেওঁৰ উপৰি জ্ঞানশ্ৰী বৰ্মনে ৪০ আৰু স্নেহা সিনহাৰ বেটৰ পৰা আহে ৩০ ৰাণ । ৰূপশ্ৰী শ‌ইকীয়া‌ই ১৪ আৰু স্বস্তিকা গগৈয়ে ১২ ৰাণ যোগ দিয়ে । বলিঙত মিজোৰামৰ জোথাম ছাংগীয়ে ৩ টা উইকেট লাভ কৰে ।

জয়ৰ বাবে ২৩৭ ৰাণৰ লক্ষ্যৰে খেলি মিজোৰাম দলে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত কৰে মাত্ৰ ১৫৮ ৰাণ । অপেনাৰ ৰুৱাৰ্টপুইয়াই ৪২ আৰু ছান্ধিয়াই ২৫ ৰাণ কৰাৰ বাহিৰে বাকীসকল ৰাণ সংগ্ৰহত ব্যৰ্থ হয় । বলিঙত অসমৰ ৰূপচিকা তেৰণপীয়ে ৩ টা, ৰূপশ্ৰী শ‌ইকীয়া‌, পাল্ক কুমাৰীয়ে ২ টাকৈ আৰু লক্ষীপ্ৰিয়া চেতিয়া, স্নেহা সিনহাই ১ টাকৈ উইকেট দখল কৰে ।

উদ্বেগৰ বিষয় যে মেচখনত অসম দলে ৪২ ৰাণ অতিৰিক্তভাৱে ব্যয় কৰিছে । ইয়াৰ ভিতৰত আছিল ৩০ টাই ৱাইড বল । পৰৱৰ্তী মেচত অসমে ১২ অক্টোবৰত বৰোদা, ১৪ অক্টোবৰত মধ্যপ্ৰদেশ আৰু ১৬ অক্টোবৰত কেৰালাৰ বিৰুদ্ধে খেলিব ।