উল্লেখ যে উক্ত ড্ৰাগছ সৰবৰাহকাৰী দলটোক বাধা দিয়াৰ বাবেই সংঘটিত কৰে এই ঘটনা । আকবৰ, বাতেন, পেটুৱা ড্ৰাইভাৰ, আমিৰ আৰু ফালুৱে হত্যা কৰাৰ অভিযোগ নিহত ছাত্ৰ জনৰ পৰিয়ালৰ ।আৰক্ষীয়ে ইতিমধ্যে তিনি অভিযুক্তক আটক কৰিছে ।
তেওঁলোক হৈছে – ৰহমান আলি ওৰফে পেটুৱা (৩৬), আব্দুল বাটেন চেইখ (৪৮), আৰু আকবৰ খান (৪২ ) এই আটাইকেইন চাপৰি গাঁও ১২ নং ৱাৰ্ডৰ বাসিন্দা; আৰু দুই অভিযুক্ত পলাতক অৱস্থাত আছে । হত্যা কাণ্ডৰ ঘটনাক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰিছে চাপৰি গাওঁ অঞ্চলত । আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
ভাগৱতলৈ শোভাযাত্ৰা কৰাৰ পূৰ্বে মহাৰজত জয়ন্তী উপলক্ষে ওদালগুৰিৰ বিশিষ্ট নাগৰিক,জন্মোৎসৱৰ প্ৰাক্তন সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক সহ ৭৫ গৰাকীয়ে মহাৰজত জয়ন্তীৰ পতাকা একেলগে উত্তোলন কৰে।
বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি কুইজত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ সুচাৰুৰূপে কুইজ পৰিচালনা কৰে ৰোনিত দে’ই ৷ দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ ইয়াৰ “ক” আৰু “খ” দুটা শাখাত মুঠতে ১০০ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে ৷
কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ৰেণু গুপ্তা আৰু শিক্ষয়িত্ৰী শ্যামলী চক্ৰৱৰ্তীয়ে৷ বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰো “ক” আৰু “খ” শাখাত মুঠতে অৰ্ধশতাধিক প্ৰতিযোগীয়ে যোগদান কৰে ৷ ইয়াতো বিচাৰকৰূপে উপস্থিত থাকে ৰেণু গুপ্তা, ৰোনিত দে’ আৰু শ্যামলী চক্ৰৱৰ্তী ৷
প্ৰতিযোগিতাৰ ফলাফল সমূহ অহা ৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সামৰণি সভাত ঘোষণা কৰি বঁটা বিতৰণ কৰা হ’ব ৷ শুকুৰবাৰে বিশিষ্ট কবি-সমালোচক ড° প্ৰাণজিৎ বৰাৰ সঞ্চালনাত অসম গ্ৰন্থমেলা, হাফলঙত অনুষ্ঠিত হ’ব বহুভাষিক কবি সন্মিলন ৷