Home Blog Page 1344

চতুৰ্থটো ৰূপৰ পদক অৰ্জন ভাৰতৰ…

এছিয়ান গেমছৰ তৃতীয় দিনা ভাৰতে অৰ্জন কৰে চতুৰ্থটো ৰূপৰ পদক।


ছেইলিঙত নেহা ঠাকুৰীয়াই আঁজুৰিলে ৰূপৰ পদক।


২৭ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে নেহা ঠাকুৰে।


বৰ্তমানলৈ ভাৰতে ২টা স্বৰ্ণ, ৪টা ৰূপ, ৬টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে।

বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু…

বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু ৷

গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ভূৱন চন্দ্ৰ ৰায় ওৰফে ভূৱন কুশানী৷

সোমবাৰে নিশা প্ৰায় ৯ বজাত মৃত্যু হয় লোকশিল্পীগৰাকীৰ৷

এছিয়ান গেমছ ২০২৩ হকীঃ ভাৰতে ছিংগাপুৰক ১৬-১ গ’লত পৰাস্ত…

এচিয়ান গেমছত পুৰুষৰ হকীত ভাৰতৰ দ্বিতীয় জয়।

লীগত ছিংগাপুৰক ১৬-১ গলত পৰাস্ত কৰে ভাৰতে।

৪টাকৈ গ’লেৰে অধিনায়ক হৰমনপ্ৰীত সিঙৰ হেট্ৰিক অৰ্জন।

খেলখনত ভাৰতৰ ৯জনকৈ খৈলুৱৈয়ে দিয়ে গল।


ভাৰতে ছিংগাপুৰক ১৬-১ গ’লত পৰাস্ত কৰি হৰমনপ্ৰীত সিঙে চাৰিটা গ’ল দিয়ে।


হাংঝোত হেট্ৰিক অৰ্জন কৰে মনদ্বীপ সিঙে।

বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দলে ডিফেণ্ডিং চেম্পিয়ন জাপানৰ বিৰুদ্ধে খেলিব।

চন্দ্ৰপৃষ্ঠত সাৰ-সিকতি নোহোৱাকৈ পৰি ৰৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম, প্ৰজ্ঞান…

চন্দ্ৰপৃষ্ঠত শুই ৰৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম, প্ৰজ্ঞান৷ এই টোপনি কেতিয়া ভাঙিব? চন্দ্ৰত সূৰ্য অস্ত যোৱাৰ পিছৰে পৰা প্ৰথমে ১৫ দিন ধৰি অচল হৈ পৰিছিল বিক্ৰম আৰ প্ৰজ্ঞান৷ ভবা হৈছিল সূৰ্যৰ পুনৰ আগমনৰ পিছত নতুনকৈ শক্তি গতাই বিক্ৰম আৰু প্ৰজ্ঞানে সাৰ পাব৷ কিন্তু সেয়া আজিও হোৱা নাই৷ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা চলাই আছে যদিও এইক্ষেত্ৰত অক্ষম হৈছে৷ ফলত বিক্ৰম আৰু প্ৰজ্ঞানৰ কাৰ্যকৰী স্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে ইছৰোই।

বাৰে বাৰে চেষ্টা কৰাৰ পিছতো, চন্দ্ৰ অন্বেষণকাৰী যন্ত্ৰ দুটাৰ পৰা পৰা কোনো সংকেত পোৱা হোৱা নাই৷ এই যন্ত্ৰই মহাকাশৰ মাজেৰে ৪০ দিনৰ যাত্ৰাৰ পিছত ২৩ আগষ্টত চন্দ্ৰ দক্ষিণ মেৰু অঞ্চল স্পৰ্শ কৰিছিল। বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰে প্ৰাৰম্ভিক কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত ২ ছেপ্টেম্বৰত অচল হৈ পৰিছিল৷ ৰভাৰে শিৱ শক্তি বিন্দুৰ পৰা চন্দ্ৰপৃষ্ঠত ১০০ মিটাৰৰো অধিক অতিক্ৰম কৰিছিল৷ চন্দ্ৰত ছালফাৰ, লো, অক্সিজেন আৰু অন্যান্য উপাদানৰ উপস্থিতি নিশ্চিত কৰিছিল প্ৰজ্ঞানেই। অৱশ্যে, তেতিয়াৰ পৰা, ইছৰোৱে আশা কৰি থকা স্বত্বেও প্ৰজ্ঞানক পুনৰুজ্জীৱিত কৰিবলৈ অক্ষম হৈছে। ইছৰোৱে ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী চন্দ্ৰ সূৰ্যাস্তলৈকে লেণ্ডাৰ আৰু ৰোভাৰৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। সংস্থাটো এতিয়াও আশাবাদী যে শিৱশক্তি পইণ্টত সূৰ্যৰ উদয় হ’লেই লেণ্ডাৰ আৰু ৰোভাৰ পুনৰ জীৱিত হৈ উঠিব। কাৰণ সেইবোৰ সৌৰশক্তিৰ দ্বাৰাই চলোে৷ অৱশ্যে, এতিয়ালৈকে, চন্দ্ৰযান-৩ৰ সেই সঁজুলিবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা নাই ইছৰোই৷ কেতিয়া পাৰিব সেয়াও অনিশ্চিত হৈ আছে।ইছৰোৰ এগৰাকী বিষয়াই কয় ” আমি সেইবোৰক জীৱিত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিম। কিন্তু এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই,” । স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশাইৰ মতে লেণ্ডাৰ আৰু ৰোভাৰৰ পুনৰুজ্জীৱিতকৰণ স্বয়ংক্ৰিয় হ’ব লাগিছিল।

তেওঁ আগতে কৈছিল যে সংকেতটো সোনকালেই আহিব লাগিব, ২২ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত সংঘটিত সূৰ্যোদয়ৰ বাবে সৌৰশক্তিচালিত লেণ্ডাৰ আৰু ৰোভাৰ চাৰ্জ কৰা হ’ব পাৰে। অৱশ্যে, এতিয়ালৈকে কোনো সংকেত পোৱা হোৱা নাই। যদি যন্ত্ৰবোৰ চন্দ্ৰৰ ঠাণ্ডা তাপমাত্ৰাত সক্ৰিয় হৈ থাকে তেন্তে সেইবোৰ পুনৰুজ্জীৱিত হোৱাৰ ৫০-৫০ শতাংশ সম্ভাৱনা আছে। যদি নহয়, অভিযানটোৱে ইতিমধ্যে ইয়াৰ উদ্দেশ্য প্ৰাপ্ত কৰিছেই, দেশাই কয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাটছএপ চেনেলৰ Followers ৫০ লাখৰ ঘৰ অতিক্ৰম…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাটছএপ চেনেলৰ Followers ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিলে।

৫০ লাখৰ ঘৰ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ WhatsApp চেনেলৰ Followersয়ে৷

অতি কম সময়ৰ ভিতৰত ৫০ লাখ Followers অতিক্ৰম কৰা প্ৰথমগৰাকী ব্যক্তিহিচাপে পৰিগণিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

Followers বৃদ্ধিৰ পাছতেই সকলোকে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ৷

কন্যা সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী স্বৰা ভাস্কৰ…

কন্যা সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী স্বৰা ভাস্কৰ।

কন্যা সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী স্বৰা ভাস্কৰ।

২৩ ছেপ্টেম্বৰত এই দম্পতীৰ এটি কন্যা সন্তান জন্ম হয়।

স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদে নিজৰ কন্যাৰ নামক লৈ মুকলিকৈ প্ৰকাশ কৰিছে।

তেওঁলোকৰ কন্যা সন্তানটিৰ নাম ৰাছিছে ৰাবিয়া।

ক্ৰিকেট বিশ্বকাপ ২০২৩: ভিছা বিতৰ্কৰ পিছত ২৭ ছেপ্টেম্বৰত ভাৰতত অৱতৰণ কৰিবলৈ সাজু বাবৰ আজমৰ পাকিস্তানৰ ক্ৰিকেট দল

পাকিস্তানৰ ভিছা সমস্যা অৱশেষত সমাধান হৈছে। এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে বুধবাৰে বাবৰ আজম ভাৰতত উপস্থিত হোৱাৰ কথা আছে। একেবাৰে শেষ মুহূৰ্তত, পাকিস্তান দলটোৱে মঙলবাৰে ভিছা পোৱাৰ কথা আছিল যদিও সোমবাৰেই সমস্যাটোৰ সমাধান কৰা হয়, বাবৰে অৱশ্যে এতিয়াও তেওঁলোকৰ ভিছা লাভ কৰিবলৈ বাকী আছে।উল্লেখ্য পাকিস্তানে কিছু দিনৰে পৰা ভিছাৰ সমস্যাত ভুগি আছে। বাবৰে বিশ্বকাপ খেলিবলৈ আহিব। আন সকলো দেশে ভিছা লাভ কৰে, কিন্তু পাকিস্তানৰ ক্ষেত্ৰত নানান কাৰণত সেয়া বিলম্বিত হয়। সেই সমস্যাৰ বাবেই বাবৰে ডুবাইলৈ গৈ বিশেষ প্ৰস্তুতি চলাব নোৱাৰিলে। পাকিস্তানৰ দলটো দুদিন ডুবাইত থকাৰ কথা আছিল। কিন্তু সেয়াও ভিছাৰ অসুবিধাৰ বাবেই নহ’ল। পাকিস্তানে বুধবাৰে লাহোৰৰ পৰা প্ৰথমে ডুবাইলৈ যাত্ৰা কৰিব আৰু তাৰ পৰা হায়দৰাবাদত উপস্থিত হ’ব। বাবৰে শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এখন ৱাৰ্ম-আপ মেচ খেলিব।ভিছাৰ ক্ষেত্ৰত ঘটনাৰ এক নাটকীয় পৰিৱৰ্তন ঘটিছে।

পাকিস্তানৰ ক্ৰিকেট দলে অৱশেষত তেওঁলোকৰ ভাৰতীয় ভিছা লাভ কৰাৰ পিছত আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ত দলটোৱে খেলাটো নিশ্চিত হৈ পৰিছে।উল্লেখ্য পাক দলটোক ভিছা জাৰি কৰাত পলম হোৱাৰ ফলত উদ্বেগ বৃদ্ধি পাইছিল আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ জনোৱা হৈছিল।পাকিস্তান ক্ৰিকেট দলৰ বাবে ভাৰতীয় ভিছা অধিগ্ৰহণৰ যাত্ৰা ১৯ ছেপ্টেম্বৰত আৰম্ভ হৈছিল, মানক প্ৰক্ৰিয়াকৰণৰ সময় আছিল পাঁচটা কৰ্মদিন। অৱশ্যে, প্ৰস্থানৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে, ভিছাৰ কোনো নিশ্চিতি পোৱা নাছিল, যাৰ ফলত দলটো আৰু পিচিবিৰ বিষয়াসকলৰ মাজত অস্থিৰতা বৃদ্ধি পাইছিল। এই ভিছা সংকটৰ সন্মুখীন হোৱাৰ পিছত পিচিবি নীৰৱ হৈ থকা নাছিল। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) প্ৰতি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰি তেওঁলোকে বিশ্বকাপৰ বাবে দলটোৰ প্ৰস্তুতিৰ ওপৰত এই বিলম্বই কেনে বিৰূপ প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰত আলোকপাত কৰিছিল। তেওঁলোকে জোৰ দি কৈছিল যে সেই সময়ত ভিছা নোপোৱাকৈ থকা পাকিস্তান হৈছে একমাত্ৰ অংশগ্ৰহণকাৰী দল, যাৰ ফলত ন্যায়সঙ্গত ব্যৱহাৰৰ বিষয়ে প্ৰশ্ন উত্থাপিত হৈছে। আইচিচিলৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক ইমেইলত পিচিবিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকে ভিছা সমস্যাটো সমাধান কৰিবলৈ বিশ্বব্যাপী ক্ৰিকেট সংস্থাটোৱে কি পদক্ষেপ লৈছে তাৰ বিষয়ে জানিব বিচাৰিছিল। তদুপৰি, তেওঁলোকে সুধিছিল যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) পৰা লিখিত নিশ্চিতি প্ৰাপ্ত হৈছে নে কি? উল্লেখ্য নেডাৰলেণ্ডৰ দুজন ক্ৰিকেটাৰ শ্বাৰিজ আহমেদ আৰু চাকিব জুলফিকাৰে ভিছা বিলম্বৰ বাবে ভাৰতৰ এখন প্ৰস্তুতি শিবিৰত উপস্থিত থাকিব নোৱাৰিলে। কেইবাদিনো অনিশ্চয়তা আৰু বিতৰ্কিত আলোচনাৰ পিছত, পাকিস্তানৰ ক্ৰিকেট দলে এতিয়া ভাৰতলৈ যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে।

মোক মৰিবলৈ দিয়ক, মৃত্যুতকৈ সুন্দৰ আন একো নাই। ইচ্ছামৃত্যু বিচাৰিলে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অন্ধ অধ্যাপিকাই…

ইচ্ছামৃত্যু বিচাৰিলে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অন্ধ অধ্যাপিকাই! অন্ধ অধ্যাপিকা পাৰ্বতী কুমাৰীয়ে এতিয়া বিচাৰিছে ইচ্ছামৃত্যু৷ কিন্তু কিয় এই সিদ্ধান্থ? পাৰ্বতী কুমাৰীয়ে কয়, “এতিয়া মৃত্যুতকৈ ধুনীয়া একো নাই, মোক ইচ্ছামৃত্যু দিয়া হওঁক। দশম শ্ৰেণীত দৃষ্টিশক্তি হেৰুওৱাৰ পিছত, মই ব্ৰেইলত মোৰ দ্বাদশ শ্ৰেণী কৰিছিলো, দিল্লী বিশ্ববিদ্যালয়ৰ আইপি কলেজৰ পৰা স্নাতক, দৌলত ৰাম মহাবিদ্যালয়ৰ পৰা এমএ, এমফিল আৰু জেএনইউৰ পৰা পিএইচডি কৰিছিলো। মোৰ জেআৰএফ সাধাৰণ শ্ৰেণীত আছে। কিন্তু আজি মোক মোৰ চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে আৰু এজন নতুন লোকক সেই পদত বহুওৱা হৈছে৷ যিগৰাকী লোকে সাধাৰণ এমএ আৰু নেট উত্তীৰ্ণ হৈছিল। এয়া মোক হত্যা কৰাৰ দৰে কথা, কেৱল হত্যা।” শেহতীয়াকৈ প্ৰকাশ পোৱা পাৰ্বতী কুমাৰীৰ এখন গ্ৰন্থত এই কথা প্ৰকাশ পাইছে৷ কিতাপখন বাণী প্ৰকাশনে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি তেওঁৰ বহু প্ৰবন্ধ আছে যিবোৰ হিন্দীৰ প্ৰতিষ্ঠিত আলোচনীত প্ৰকাশ পাইছে৷ কুমাৰীয়ে কয় “মোৰ জীৱনৰ পোহৰ আছিল মোৰ কামটো। কেৱল মহাভাৰততে এনে আক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাছিল, আজি মোৰ সৈতে এনে হৈছে। মোৰ চাকৰিটো মোৰ পৰা কাঢ়ি লোৱা হৈছে। জীৱনত মোৰ অন্ধত্ব পুনৰ গভীৰ হৈছে। আত্মহত্যা কৰাৰ চিন্তা বহুবাৰ আহিছে, কিন্তু মই ইচ্ছামৃত্যু বিচাৰো, অনুগ্ৰহ কৰি মোক সহায় কৰক,”৷

কুমাৰীৰ এনে মন্তব্যৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক আভা দেৱ হাবিবে কয় যে মুঠ আসনৰ সংখ্যা আছিল ১৬ খন। ইয়াৰ ভিতৰত ৬ জনক বাহিৰলৈ উলিয়াই দিয়া হৈছে, মাত্ৰ ৫ জনক ৰখা হৈছে৷ অধ্যাপক আভা দেৱে কয় যে পূৰ্বে কাম কৰি থকা সকলোকে স্থান দিয়া হ’লেও ৫ খন আসন বাকী থাকিলহেঁতেন৷ সেই কেইখনত নতুন মানুহক নিযুক্তি দিব পৰা গ’লহেঁতেন৷ ইপিনে পাৰ্বতী কুমাৰীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে “মই ভাৰতৰ প্ৰতিজন নাগৰিকক কৈছো যে মই পাৰ্বতী। এতিয়া মোক এটা জীৱিত মৃতদেহলৈ ৰূপান্তৰিত কৰা হৈছে। সত্যৱতী মহাবিদ্যালয়, সন্ধ্যাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত মই প্ৰতি মুহূৰ্তত মৃত্যুমুখত পৰিছো।এতিয়া মই বিচাৰো যে মোৰ এই দুখ চিৰদিনৰ বাবে শেষ হওঁক। যেতিয়া ঈশ্বৰে দৃষ্টিশক্তি কাঢ়ি লৈছিল, মই অনুভৱ কৰিছিলো যে কেনেবাকৈ মই ঘাট পাৰ হ’ম। মই নাজানিছিলো যে বুদ্ধিজীৱী সমাজতো, আনকি মোৰ দৰে আত্মাকো চুৰিৰে পিষ্ট কৰি হত্যা কৰা হ’ব। মই হতাশ হৈছো। এনে অনুভৱ হয় যেন মই আকৌ অন্ধ হৈ পৰিলো। মোৰ অন্ধ চকুত গৰম তেল ঢালি দিয়া হৈছে। হে ঈশ্বৰ, আপোনাৰ ন্যায় ক’ত গৈছে, আমাৰ ওপৰত অলপ দয়া কৰক। মই জীৱনৰ প্ৰতিটো পৰ্যায়ত সংগ্ৰাম কৰিছো। এই ঘটনাই মানৱজাতিৰ বাবে লাজ কঢ়িয়াই আনিছে। মই আপোনাক এটা কথা কওঁ। আমাৰ সমাজ বিকলাঙ্গসকলৰ প্ৰতি সংবেদনশীল নহয়। পুৰুষৰ অন্ধত্ব আৰু মহিলাৰ অন্ধত্বৰ মাজতো পাৰ্থক্য আছে। আমাক দুবাৰ আঘাত কৰা হৈছে। এজন পুৰুষে সমাজত বিশেষাধিকাৰ লাভ কৰে কিন্তু এগৰাকী মহিলাই সেয়া কিয় নকৰে?”

এমাহ আলু খাবলৈ এৰি দিয়ক, চাওক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰে…

বহুতে আলু নোহোৱাকৈ এদিনো কটাব নোৱাৰে, সকলো সময়তে সকলো ধৰণৰ ৰেচিপি আৰু খাদ্যত আলুৰ প্ৰয়োজন হয়। কিন্তু আলু নোখোৱাকৈ এমাহ জীয়াই থাকিব পাৰিবনে? আলুক শাক-পাচলিৰ ৰজা বুলি কোৱা হয়, কাৰণ ইয়াক প্ৰায় সকলো ধৰণৰ শাক-পাচলিৰ লগত মিহলাই খাব পাৰি। ই আমাৰ দৈনন্দিন খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। আলুত বহু ধৰণৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে স্বাস্থ্যৰ বাবে অগণন উপকাৰ প্ৰদান কৰে। কিন্তু এমাহ আলু নাখালে আমাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব জানেনে…



আলুক কাৰ্বহাইড্ৰেট, পটাছিয়াম, ভিটামিন চি, ভিটামিন বি ৬, আঁহ, আৰু বহুতো খনিজ পদাৰ্থৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। যদি আপুনি এমাহ ধৰি আলু নাখায় তেন্তে এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হ’ব পাৰে।

আলুত ভিটামিন চি থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এমাহলৈ আলু নাখালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব আৰু আপুনি চৰ্দি, কাহ, ফ্লু আৰু জ্বৰৰ দৰে ভাইৰাছজনিত ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কিন্তু যদি আপুনি ভিটামিন চিৰ আন উৎস যেনে কমলা আৰু নেমু সেৱন কৰে তেন্তে তেনে কোনো সমস্যা নহ’ব।

আলুত ভাল পৰিমাণৰ আঁহ থাকে, যিটো পাচনতন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। যদি আপুনি আলু নাখায় তেন্তে আপোনাৰ পাচনতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আলুত প্ৰচুৰ পৰিমাণে ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, যিবোৰ ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণে খাব লাগে। সাধাৰণতে আমি আলু এনেদৰে ৰান্ধো যে গ্লুক’জৰ মাত্ৰা হঠাতে বাঢ়ি যায়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে এমাহৰ বাবে আলু পৰিহাৰ কৰিলে লাভৱান হ’ব পাৰে।


অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্ৰশ্ৰয় দিয়া নহ’বঃমৰিগাৱঁৰ বাচনাঘাট শতদল শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসত প্রধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা

“এখন বোৱতী নৈ কেতিয়াবা ফেনে ফোটোকাৰে ওফন্দি উঠে, কেতিয়াবা শুকাই জলহীন হৈ পৰে, তদ্রূপ অসম সাহিত্য সভাও কেতিয়াবা গৰিমাৰে উজলি উঠে, কেতিয়াবা নেতিবাচক সমালোচনাৰে প্রত্যাহ্বানৰ সন্মুখীন হয় ” এই মন্তব্য অসম সাহিত্য সভাৰ প্রধান সম্পাদক ডঃ উপেন্দ্রজিৎ শৰ্মাৰ। দেওবাৰে মৰিগাওঁ জিলা সাহিত্য সভাৰ অন্তর্গত মাত্ৰ দুবছৰৰ আগতে গঠন হোৱা বাচনাঘাট শাখা সাহিত্য সভাৰ দ্বিতীয় বার্ষিক প্রতিষ্ঠা দিৱসৰ মুকলি সভাত প্রধান সম্পাদকে মুখ্য অতিথি হিচাপে ভাষণ দি ভাষণ প্ৰসংগত এই মন্তব্য কৰে।

উল্লেখ্য নৱগঠিত বাচনাঘাট শাখা সাহিত্য সভাই গঠন হোৱাৰ দুবছৰৰ ভিতৰতে ১০৪ গৰাকী আজীৱন সদস্য সংগ্রহ কৰি শতদল শাখাৰ মর্যদা অর্জন কৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশিষ্ট সাংবাদিক আৰু অসম সাহিত্য সভাৰ কর্মকৰ্তা মধুসূধন মেধি সহ বাচনাঘাটত উপস্থিত হৈ প্রধান সম্পাদক শৰ্মাই নিজ হাতে মুকলি সভাত শাখাৰ সভাপতি কুশল কুমাৰ বৰাৰ হাতত অসম সাহিত্য সভাই প্ৰদান কৰা শতদল শাখাৰ স্বীকৃতি পত্র অর্পন কৰে। বর্তমান অসম সাহিত্য সভাৰ অভ্যন্তৰৰ খেলি মেলি সন্দৰ্ভত- কঠোৰ স্থিতি প্রকাশ কৰি প্রধান সম্পাদক গৰাকীয়ে কাৰো নাম উল্লেখ নকৰাকৈ কয়, ‘আজি অসম সাহিত্য সভাৰ প্রতি আঙুলি টোৰোৱা হৈছে । এচাম লোকৰ কর্মকাণ্ডৰ বাবে সাহিত্য সভা আজি সমালোচিত হৈছে। অসম সাহিত্য সভাৰ মজিয়াত নীতিহীন, নৈতিকতাহীন কার্যকলাপক প্রশ্ৰয় দিয়া নহ‌’ব’।

তেওঁ আৰু কয়, ‘জীৱন থাকিলে জীৱিকা থাকিবই। কিন্তু অসম সাহিত্য সভাক জীৱিকা উপার্জনৰ আহিলা কৰিবলৈ দিয়া নহব। এনে দুষ্কৰ্মত লিপ্ত সকলে আজি বদনামৰ ভাগি কৰিছে। কোনো শাখা সভা বা জিলা সভাই এনে অপকর্ম কৰা নাই, অসম সাহিত্য সভাৰ মুষ্টিমেয় প্রাক্তন কর্মকর্তাই এনে দুষ্কার্যত লিপ্ত হৈছে’।

অসমীয়া ভাষা-সাহিত্যৰ বিকাশত সভাই লোৱা মূল্যবান পদক্ষেপ সমূহ উল্লেখ কৰি প্রধান সম্পাদক ডঃ শর্মাই সাময়িক ভাৱে সভাৰ সম্মুখত উদ্ভৱ হোৱা সমস্যা সমূহ উমৈহতীয়াভাৱে সমাধান কৰিব পৰা হব বুলি মত প্রকাশ কৰে। প্রধান সম্পাদক গৰাকীয়ে ‘বাচনাঘাট শাখাৰ কমোদ্যোগক ভূয়সী প্রশংসা কৰে আৰু ৫০ গৰাকী আজীৱন সত্যক স্বীকৃতি পত্র প্রদান কৰে। শাখাৰ সভাপতি কুশল কুমাৰ বৰাই সভাপতিত্ব কৰা আৰু উপভাপতি কৃষ্ণানন্দ নাথ আৰু সম্পাদক বিশ্বজিৎ বৰাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই।

শ‍ইকীয়াই বাচনাঘাট শাখা সাহিত্য সভাৰ কমদক্ষতাই জিলা সভাক সমৃদ্ধ কৰা বুলি সংক্ষিপ্ত ভাষণ দিয়ে। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি লোহিত চন্দ্র ডেকা আৰু ড্রিমী ৰাজাই ঘুটীয়াভাবে সম্পাদনা কৰা শাখাৰ “শতদল বিশেষ পত্রিকা ” খন উন্মোচন কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে । উন্মোচনী ভাষণত কোৱৰে পত্রিকাখনৰ জৰিয়তে গাঁও অঞ্চলত সাহিত্য চর্চ্চাৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে কর্মকতা সকলক অভিনন্দন জনায়। সভাত সন্মানিত অতিথি হিচাপে যোগদান কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক প্রতাপ হাজৰিকা, মৰিগাওঁ জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতিদ্বয় হৰেন্দ্র বৰা, মিলেশ্বৰ পাতৰ, জিলাৰ উপ-সভাপতি তথা অসম সাহিত্য সভাৰ বাৰপূজীয়া একাদশ বিশেষ বার্ষিক অধিবেশনৰ সাধাৰণ সম্পাদক ডাঃ প্রদীপ কুমাৰ ডেকা, প্রাক্তন জিলা সম্পাদক পিনাকী ভূষণ মহস্ত, বৰ্তমানৰ জিলা সম্পাদক ডঃ অচ্যুত দাস প্রমুখ্যে বিশিষ্ট ব্যক্তি সকলে ।

ডঃ দাসে আজীৱন সদস্য সকলক অসম সাহিত্য সভাৰ স্মাৰক প্ৰদান কৰে । পুৱা ন বজাত সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি কুশল কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰে আজীৱন সদস্য দীনেশ চন্দ্ৰ বড়াই। স্মৃতি তৰ্পণ কৰে মহেন্দ্ৰ বৰদলৈ আৰু কৃষ্ণানন্দ নাথে। শাখাৰ মহিলা সদস্যা সকলে মুকলি সভাৰ আৰম্ভণিতে সাহিত্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতটি পৰিবেশন কৰি সকলোকে মোহিত কৰে।