Home Blog Page 1348

বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা আৰু দামোদৰআতা যাত্ৰী নিবাসৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন…

গুৰু শংকৰৰ অৱদান সূৰ্যৰ দৰে জ্যোতিষ্মানঃ অসমীয়া মহাজাতিক জগত সভালৈ আগুৱাই নিছিল গুৰু শংকৰে—- বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা আৰু দামোদৰআতা যাত্ৰী নিবাসৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধনঃ বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অংশ শুভ উদ্বোধন কৰিব ফেব্ৰুৱাৰীত ঃ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব উদ্বোধনী অনুষ্ঠানলৈঃ বটদ্ৰৱাক ৱল্ড হেৰিটেজ চাইট হিচাপে ঘোষণাৰ বাবে ৮ কি :মি: এলেকাত থলুৱাৰ বাবে সুৰক্ষিত হ’ব ভূমিৰ অধিকাৰঃ জগন্নাথ কলিতা বটদ্ৰৱা ২৪ ছেপ্তেম্বৰ ঃ গুৰুশংকৰৰ অৱদান সূৰ্যৰ দৰে জ্যোতিষ্মান। অসমীয়া মহাজাতিক জগত সভালৈ আগুৱাই নিছিল গুৰু শংকৰে। অসমীয়া জাতিক বিজ্ঞান সন্মত সাংস্কৃতিক মাৰ্গ দৰ্শনৰ পথ প্ৰদৰ্শন কৰাইছিল গুৰু শংকৰদেৱে। নাট ভাওনা নাম প্ৰসঙ্গকে প্ৰমুখ্য কৰি বনাঢ্য কলাৰ মাজেৰে গুৰুজনে অসমীয়া জাতিক সমৃদ্ধিশালী কৰিছে। অসমৰ বৈষ্ণৱ ক্ষেত্ৰখনত গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত পূণ্যভূমি বটদ্ৰৱাৰ সুকীয়া স্থান আছে। বটদ্ৰৱা হ’ল বৈষ্ণৱ সংস্কৃতিৰ বৰ ঘৰ। গুৰু শংকৰৰ শ্ৰীচৰণত সেৱা ল’লে আমি বিমল প্ৰশান্তি অনুভৱ কৰো। মই গুৰুজনাৰ আদৰ্শৰ অনুৰাগী এজন সাধাৰণ বৈষ্ণৱ। এই মন্তব্য অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ।

আজি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত বটদ্ৰৱা থানৰ কাৰ্যালয় সত্ৰাধিকাৰৰ বহা সভাগৃহ দামোদৰআতা যাত্ৰী নিবাস ইত্যাদি নৱনিৰ্মিত গৃহবোৰৰ শুভাৰম্ভ আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বছৰজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা ৫৭৫ তম গুৰু জন্ম জয়ন্তী উৎসৱৰ শুভ উদ্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ড° শৰ্মাই নিজহাতে ফিটা কাটি উল্লিখিত ভৱন সমূহ
উদ্বোধন কৰি বটদ্ৰৱাবাসী ৰাইজলৈ মুকলি কৰে।
। প্ৰণিধানযোগ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত অসম চৰকাৰৰ পূঁজিৰে বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা আৰু দামোদৰআতা যাত্ৰী নিবাস নতুন ৰূপত নিৰ্মান হৈ উঠিল। পুৱাৰ ভাগতে এখন হেলিকপ্তাৰেৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। আয়তীৰ উৰুলি মংগল ধ্বনি গায়ন বায়নৰ জোৰা হাজাৰ হাজাৰ মানুহৰ দিহানামৰ ধ্বনিৰে ১ কি:মি:অধিক পথ খোজকাঢ়ি আহি মুখ্যমন্ত্ৰী ড° শৰ্মা বটদ্ৰৱা থানত উপস্থিত হৈ কীতন ঘৰ মণিকূটত সেৱা গ্ৰহণ কৰে । বটদ্ৰৱা থানত পুৱাৰ প্ৰসঙ্গত ভকত বৈষ্ণৱে ওৱা হৰি ওৱা ৰাম জয়ধ্বনিৰে দীৰ্ঘজীৱি হৈ অসম মাতৃৰ সেৱা কৰিবলৈ আশীৰ্বাদ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাক।
মুখ্যমন্ত্ৰী ড° শৰ্মাই বটদ্ৰৱা থানত এটি অমৃত বৃক্ষৰ পুলি ৰোপন কৰে।বটদ্ৰৱা থানত গুৰুজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় ৰে গুৰুজনাৰ জন্মস্থানৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লেন্স কেম্পাছ তৈয়াৰ কৰিব। বটদ্ৰৱা থানৰ থানৰ বাহিৰত ২০১৬ চনত বেদখল মুকলি হোৱা স্থানত ১৫০ কোটিৰ টকা ব্যয়ৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্ধোধন কৰিব ভাৰতৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহে। বটদ্ৰৱা থানৰ আকাশীগংগা হাটিপুখুৰী আৰু টেম্বুৱানিজান ইত্যািদি থানৰ পুখুৰী পাৰত লেন্সকেপিং ৰ ব্যৱস্থা কৰিব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
বটদ্ৰৱা থানৰ ৮ কিলোমিটাৰ ব্যাৰ্সাদ্ধৰ ভিতৰত ভূমি কিনা বেছাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা ঘোষণা কৰি বটদ্ৰৱাক world heritage place হিচাপে ঘোষণা কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ৮ কি:মি: এলেকাত থলুৱা লোকৰ বাহিৰে অন্যলোকক ভূমি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎৰ বাবে বিধানসভাত আইন ৰূপায়ন কৰা হ’ব বুলিও কয়। ভূমি কিনা বেচাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ অহ্বান জনায়।ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীয়ে নগাঁও চহৰৰ যান যঁতৰ সমস্যা লাঘৱ কৰিবলৈ নগাঁও চহৰৰ চিভিলৰ সন্মুখত এখন উৰণীয়া সেঁতু নিৰ্মাণ ৰ চিন্তা কৰি থকা হৈছে বুলিও উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰ, পাটবাউসীকে ধৰি ২১ টা স্থানত হ’ব ২১ টা আধ্যাত্মিক দৰ্শন প্ৰতিফলিত হোৱাকৈ নামঘৰ সদৃশ অভিলাষী প্ৰকল্প নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰি থকা বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। অসমত শংকৰদেৱৰ স্মৃতি বিজড়িত সকলো স্থান যাতে ভাৰতবাসীয়ে দৰ্শন কৰিব পাৰে তাৰবাবে এই অনন্য পদক্ষেপ বুলিও কয় মুখ্যমন্ত্ৰী ড° শৰ্মাই ।


বটদ্ৰৱা প্ৰকল্পৰ ইতিমধ্যে নিৰ্মাণ কাৰ্যৰ আশী শতাংশ কামকাজ সম্পূৰ্ণ হৈ উঠিছে। বটদ্ৰৱা সত্ৰীয়া সম্পদ ৰাজি সংৰক্ষণ আৰু উত্তৰপুৰুষৰ গৱেষণাৰ সুবিধা হোৱাকৈ এটি মিউজিয়াম বা যাদুঘৰ প্ৰতিষ্ঠা কৰা বটদ্ৰৱা থানৰ চৌপাশে পকী দেৱাল আৰু আকাশী গংগাৰ মথাউৰি নিৰ্মান কৰা টেম্বুৱানীজানৰ সোন্দৰ্য বৰ্দ্ধন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী মহোদয়ে জনায় ।গুৰুজনাৰ পূণ্যভূমি বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰে। মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয়। উন্নয়নৰ বাবে ২২ কোটি টকাৰ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । বটদ্ৰৱা থানৰ আইখেৰসুঁতি সাংস্কৃতিক মঞ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক থান পৰিচালনা সমিতিৰ তৰফৰ পৰা বিপুল ভাৱে আদৰণি জনায়। সাধাৰণ সম্পাদক অৰূপ কুমাৰ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সভাখনিৰ আঁতধৰে কাৰ্যনিৰ্বাহক সদস্য মানিক বৰাই। এই অনুষ্ঠানত থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত উপসভাপতি দেৱানন্দ দেৱ গোস্বামী প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি ইন্দ্ৰমোহন বৰুৱা কোষাধ্যক্ষ তপন দাস কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা সুশীল খাউণ্ড হিৰণ্য কলিতা হিৰণ নাথ কল্যাণ কলিতা ভূপেন নাথ নিপুল বৰুৱা হৰিনাৰায়ণ কোঁৱৰ দীপুল শইকীয়া নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা ৰহাৰ বিধায়ক শশীকান্ত দাস বিধায়ক জিতু গোস্বামী যুৱনেতা ৰুহিনী বৰা যুৱ মৰ্চাৰ দেৱশ্ৰী বৰা ডা° মুকুট দেৱনাথ প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে।

বটদ্ৰৱাৰ উন্নয়ন সন্দৰ্ভত পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতে নিৰ্মান হৈ থকা বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি নিৰ্মান কাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । বটদ্ৰৱা থানত আইসকল যুৱক যুৱতী সকলে মামা বুলি সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাক। মুখ্যমন্ত্ৰীৰ লগত চেল্ফি উঠি উৎফুল্লিত হয় যুৱক যুৱতী আৰু মহিলা সকল। জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীক কাষত পাই বহুতে নিজৰ বিভিন্ন সমস্যাৰ বিষয়ে আবেদন পত্ৰও দাখিল কৰে। আনহাতে আজি মুখ্যমন্ত্ৰীৰ ভ্ৰমনক কেন্দ্ৰ কৰি একাংশ নিৰাপত্তাৰ দায়িত্বত থকা লোকে সাধাৰণ ৰাইজ আৰু পৰিচালনা সমিতিৰ লোকক দু ব্যৱহাৰ কৰে। তদুপৰি নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ জনৈক মহেশ্বৰীৰ নিজৰ মানুহ বুলি দম্ভালি মৰা জনৈক সঞ্জয়ে বটদ্ৰৱা থানৰ লগত জড়িত স্থানীয় ৰাইজ আৰু বটদ্ৰৱা প্ৰেছক্লাৱৰ সদস্য সকলক অশ্লীল বাক্যৰে দু ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ।

নামখলাত পথ নিৰ্মাণক কেন্দ্ৰকৰি বৃহৎ ৰাজহুৱা সভা…

নামখলাত পথ নিৰ্মাণক কেন্দ্ৰকৰি বৃহৎ ৰাজহুৱা সভাঃ

সাংসদ আৰু বিধায়কৰ বিৰূদ্ধে ক্ষোভ ৰাইজৰ

দৰঙৰ পশ্চিম দিশত অৱস্থিত নামখলা এখন অতি ব্যৱসায়ীকভাৱে অতি ব্যস্ততাপূৰ্ণ ঠাই ৷ জিলাখনৰ উত্তৰ আৰু পশ্চিম দিশৰ কেইবাখনো গাওৰ লোক ব্যৱসায়ীক ভাৱে নামখলাৰ সৈতে সম্পূৰ্ণ জড়িত ৷ এই অঞ্চলবাসীয়ে এটাই দুখ প্ৰকাশ কৰে যে ইয়াৰ ওচৰ পাজৰে থকা গাওঁৰ ৰাষ্টা সমুহ সমপূৰ্ণৰূপে অনুন্নত ৷ নামখলা বাসী ৰাইজৰ বহুত কাকূতিমিনতিৰ পিচত মুখ্যমন্ত্ৰীৰ পকি পথ নিৰ্মান আচনিত অন্তৰ্ভুক্ত হ’ল নামখলাৰ পৰা আঠিয়াবাৰী বৰলাখাটলৈ যোৱা পথটি ৷ উল্লেখযোগ্য যে মঙলদৈ মাজিকুচি পথৰ ঐতিহাসিক নামখলা শিৱমন্দিৰ চকৰ পৰা বৰলাখাট, আঠিয়াবাৰী হৈ কেইবাখনো গাওঁৰ মাজেৰে বি টি এডিৰ খৈৰাবাৰীত সংযোগ হৈছে ৷

আনহাতে নামখলা শিৱমন্দিৰ চ’কৰ পৰা পথটি নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আচনীৰ অধীনত অসম চৰকাৰে ১কোটি ৪১ লাখ ৪৫ হাজাৰ৯০০ টকাৰে ২ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে ধনৰ আৱণ্টন দিছিল আৰু লগে লগে নামখলা অঞ্চলত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছিল কিয়নো নামখলা শিৱমন্দিৰৰ পৰা আঠিয়াবাৰী গাওঁলৈ যোৱা পথটি নিৰ্মাণৰ বাবে টকা অনুমোদন কৰিলে অসম চৰকাৰে ৷ পিচে বৃহত্তৰ নামখলা অঞ্চলৰ ৰাইজৰ মূৰত চেচা পানী ধালিলে সাংসদ আৰু বিধায়কে ৷ সেয়ে ৰাইজ ক্ষোভত জাঙুৰ খাই উঠিল ৷ কিয়নো এই পথটি কলাইগাওঁৰ বিধায়ক দুৰ্গাদাস বড়ো আৰু সাংসদ দিলীপ শইকীয়াই নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল বিটি এডিৰ চাবমহিলা পাৰাত ।

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে উল্লেখ কৰা ফলক অনুযায়ী পথটি নিৰ্মাণ হব লাগিছিল মাজিকুচি পথত সংযোগ কৰি নামখলা শিৱমন্দিৰৰ পৰা আঠিয়াবাৰীলৈ ২ কি মি পথ কিন্তু এতিয়া যি ঠাইৰ পৰা পথটি নিৰ্মাণনৰ শুভাৰম্ভ কৰিলে তাৰ পৰা ২ কি মি হলে মাজিকুচি পথত সংযোগ হোৱাটো বাদ দিয়ক আঠিয়াবাৰী গাৱেই আহি নাপাব ৷ সেয়ে নামখলা বাসী ৰাইজে চৰকাৰক দাবী উথাপন কৰিছে যে সাংসদ দিলিপ শইকীয়া আৰু বিধায়ক দুৰ্গাদাস বড়োৱে য’ত যিমান লাগে ৰাষ্টা বনাওক কবলগীয়া নাই কিন্ত এই ৰাষ্টাটিৰ ফলক অনুযায়ী তৎকালীনভাৱে বিভাগীয় নিয়মেৰে পথ নিৰ্মাণৰ ব্যৱস্থা হব লাগে ৷

অন্যথা মঙলদৈ মাজিকুছি গড়কাপ্তানি পথত সংযোগ কৰি নামখলা শিৱমন্দিৰ চকৰ পৰা পথচোৱা নিৰ্মাণ নোহোৱালৈকে কলাইগাও সমষ্টিৰ বিধায়ক আৰু সাংসদ দিলীপ শইকীয়াই যিকোনো ৰাজহুৱা সভাত উপস্থিত নথকাই ভাল বুলি হুংকাৰ দিয়ে ৷ মুখ্যমন্ত্ৰী পকিপথ আচনিৰ আৱণ্টিত ধন কেনেকৈ বি টি আৰত যাৱলৈ পালে তাকলৈ ৰাইজৰ মাজত চৰ্চা ৷ এতিয়া লোক নিৰ্মাণ বিভাগলৈ ৰাইজৰ প্ৰশ্ন বিটিআৰৰ পৰা পথটি কিয় আৰম্ভণি কৰা হ’ল ?
সেয়ে বৃহত্তৰ নামখলা অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ নামখলাৰ লগতে ওচৰ চুবুৰীয়া গাওঁৰ পুৰুষ,মহিলাৰ উপস্থিতিত নামখলা কলাকৃষ্টি পৰিষদৰ প্ৰেক্ষাগৃহত প্ৰানেশ্বৰ কলিতাৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভাত আগন্তুক দিনত এইপথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক আৰু সাংসদ গৰাকীয়ে মাহীআইৰ দৃষ্টি দূৰীকৰণ কৰি নামখলা শিৱমন্দিৰ চ’কৰ পৰা পথটি পুনৰ নিৰ্মাণ কৰিবলৈ লোকনিৰ্মান বিভাগৰ দায়িত্বশীল ব্যক্তি আৰু আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অনুৰোধ জনাই ৷

শোকাকুল পৰিৱেশত গুৱাহাটী সাধনী ভৱনত প্ৰাক্তন ছাত্ৰ নেতা বিপুল চুতীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

শোকাকুল পৰিৱেশত গুৱাহাটী সাধনী ভৱনত প্ৰাক্তন ছাত্ৰ নেতা বিপুল চুতীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

পহিলা অক্টোবৰত মাজুলীত আদ্ৰশ্ৰাদ্ধঃ মন্ত্ৰী অতুল বৰা, বিমল বৰা, ডাঃ ৰণোজ পেগু আদিৰ শোক প্ৰকাশ ঃ তিনিদিনিয়াকৈ শোক পালন চুতীয়া ছাত্র সন্থাৰ

এক শোকাকুল পৰিৱেশৰ মাজত আজি মহানগৰীৰ বৰবাৰীস্থিত বীৰাংগনা সাধনী ভৱনত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য প্ৰয়াত বিপুল চুতীয়া(৪০)ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। চুতীয়া জাতি সন্মিলন, চুতীয়া যুৱ সন্মিলন, চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকলৰ উপৰি মেগাজিনৰ স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰিয় নেতা জনক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। চুতীয়া উন্নয়ন পৰিষদৰ সদস্যদ্বয় ক্ৰমে নৃপেন খনিকৰ আৰু ৰজনী চুতীয়াই বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানত এক মিনিট মৌন প্ৰাৰ্থনা কৰি প্ৰয়াত চুতীয়াৰ আত্মাৰ সদগতি কামনা কৰা হয়।

সমান্তৰালভাৱে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, সাংগঠনিক সম্পাদক মানস চুতীয়া, মহেন্দ্ৰ ৰাজখোৱা, সহকাৰী সম্পাদক ডিম্পল চুতীয়া, ব্যৱসায়ী শিৱ বড়া, ভূপেন দাস আদিৰ উপস্থিতিত এখন শোকসভা অনুষ্ঠিত হয়। উল্লেখ্য যে মাজুলীৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ বাসিন্দা তথা চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন নেতা চুতীয়াই যোৱা ২১ ছেপ্টেম্বৰ নিশা ১২.৫ বজাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰে। প্ৰিয়ভাজন নেতাজনৰ অকাল মৃত্যুৱে সমগ্ৰ চুতীয়া জনগোষ্ঠীৰ লগতে মাজুলীবাসীক শোকস্তব্ধ কৰি তুলিছে।

চুতীয়া ছাত্ৰ সন্থাই পতাকা অৰ্ধনমিত কৰি তিনি দিন শোক দিৱস পালন কৰাৰ উপৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেতাজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। মন্ত্ৰী ক্ৰমে অতুল বৰা, ডাঃ ৰণোজ পেগু, বিমল বৰা আদিয়েও নেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি উল্লেখ কৰিছে যে ‘চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, মাজুলী নিৱাসী বিপুল চুতীয়াৰ অকাল বিয়োগৰ বাতৰিটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত বিপুলৰ দৰে সম্ভাৱনাময় যুৱকৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।’ একেদৰে মন্ত্ৰী ডাঃ পেগুৱে শোক প্ৰকাশ কৰি বিপুল বিয়োগ চুতীয়া জাতিৰ লগতে অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে। উল্লেখ্য যে অহা পহিলা অক্টোবৰত মাজুলীৰ নিজা বাসগৃহত প্ৰয়াত চুতীয়াৰ আদ্ৰশ্ৰাদ্ধ আয়োজন কৰা হৈছি।

তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত গোগামুখত মিচিঙৰ গাম সন্মিলন বাঃতাক সমাৰোহ…

মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ধেমাজি জিলা সমিতিসমূহৰ  উদ্যোগত আজি গোগামুুুখত মিচিং বাঃনৗ কৗবাঙে মিচিং গাঁৱত নিযুক্তি দিয়া মিচিংসকলৰ গাম সন্মিলন আৰু টি এম পি কে, এম এম কে, টি এম এম কেৰ বাঃতাক বা গাঁও সমিতিসমূহৰ সমাৰোহ  ধেমাজি জিলা ভিত্তিত অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ চিলিমপুৰস্থিত আবতানি লত্তাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত  হোৱা উক্ত গাম সন্মিলন আৰু বাঃতাক সমাৰোহখনত উদ্দেশ্য ব্যখ্যা কৰে টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সম্পাদক সনাতন দলেয়ে ৷ সভাপতিত্ব কৰে টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ, টি এম এম কেৰ সভানেত্ৰী জ্যোতিৰেখা মিচং আৰু এম এম কেৰ সভাপতি মুনিন্দ্ৰ দলেয়ে ৷ অনুষ্ঠানটো উদ্বোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলেয়ে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙ্গীয়াই কয়- সমাজত গাঁও পাতি বসবাস কৰাটো মিচিং সমাজৰ পুৰণিকলীয়া দস্তুৰ ৷ অতীজৰে পৰা  মিচিং সমাজৰ শিক্ষা, অৰ্থনীতি, সাহিত্য-সংস্কৃতি, সামাজিক ৰীতি-নীতি গাঁও কেন্দ্ৰীক ৷ আমাৰ পুৰণি মিচিং গাঁওসমূহত আত্মনিৰ্ভৰশীল অৰ্থনীতি আছিল ৷ শস্যে-মৎসে নদন-বদন আছিল ৷ সামাজিক শৃংখলা গামসকলে নিয়ন্ত্ৰণ কৰিছিল ৷ কিন্তু মিচিং সমাজত ক্ৰমশঃ গাঁৱৰ পূৰ্বৰ স্বকীয়তা নোহোৱা হৈ আহিছে ৷ সামাজিক অশান্তি বৃদ্ধি পাইছে ৷ অৰ্থনৈতিক অস্থিৰতাই দেখা দিছে ৷ সামাজিক ৰীতি-নীতিৰ ক্ষেত্ৰত শিতিলতা আহি পৰিছে ৷ স্বকীয় ধৰ্মীয় সংস্কৃতিত বহিঃৰাগত ধৰ্মই  অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে ৷  আলি আঃয়ৗ লৃগাং, দদ্‌গাং, দবুৰ আৰু আন সকাম-নিকামৰ নামত মেলামুখী প্ৰৱনতাই তীব্ৰ গতিত গা কৰি উঠিছে ৷  এনে পৰিপ্ৰেক্ষিততে মিচিং জাতীয় সংগঠনসমূহে ধেমাজি জিলাত দ্বিতীয়বাৰৰ বাবে গাম সন্মিলন আৰু বাঃতাক সমাৰোহ আয়োজন কৰিছে আৰু গাঁওসমূহ শৃংখলাবদ্ধ কৰিবলৈ কৰ্মসূচী তৈয়াৰ কৰিছে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো গাঁৱৰ গামসকল আৰু বাঃতাক কমিটিৰ সদস্যসকল দিনে-নিশাই কাম কৰিব লাগিব ৷ মদ, ভাং, ড্ৰাগছ্‌ বা তেনে নিচা জাতীয় সামগ্ৰী জুৱাৰ ঘাটিসমূহ মিচিং গাঁৱত নিষিদ্ধ কৰা হ‘ব ৷ গাঁৱৰ সৰু-সুৰা দণ্ড-কাজিয়া বা পাৰিবাৰিক সংঘাতবোৰ গামৰ জৰিয়তে মীমাংসাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ দোহৰাৰ লগতে মিচিং সমাজক সুন্দৰ, প্ৰগতিশীল এখন সমাজলৈ পৰিণত কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সচিব ৰাজু মেদকে দোহাৰে যে, মিচিং সমাজ এনেকুৱা এটা সমাজ যি বাৰমাহে উৎসৱ-পাৰ্বন, সকাম-নিকামতে অত্যাধিক সময় ব্যয় কৰে ৷ ভোজন বিলাসিতা মিচিং মানুহৰ বাবে এক নিয়মত পৰিণত হৈছে ৷ দদ্‌গাং, উৰম, দবুৰ আৰু আন সকাম-নিকামৰ আধ্যাত্মিক দিশটো বাদ দি কেৱল ভোজনৰ বাবে মিচিং সমাজে এইবোৰ পালন কৰা আৰম্ভ কৰিছে ৷  দদ্‌গাং বা আদ্যশ্ৰাদ্ধ পালনৰ নামত নিজৰ সমস্ত পৈতৃক সম্পত্তি উচন কৰি চিৰকাললৈ  দৰিদ্ৰতাৰ চৰম সীমালৈ বহু মিচিং মানুহে নিজকে ঠেলি দিছে  ৷ বহু মিচিং মানুহে দদ্‌গাঙত বহুকেইটা গাহৰি মাৰি হাজাৰ-বিজাৰ মানুহক দদ্‌গাঙলৈ নিমন্ত্ৰণ কৰি উদৰ পুৰাই খোৱাব পৰাটো প্ৰতিযোগিতা হিচাপে গ্ৰহণ কৰিছে ৷

ফলত মিচিং গাঁৱৰ অৰ্থনৈতিক পৰিকাঠামো একেবাৰে নিঃশেষ হৈ গৈছে ৷ শান্তি বিয়া, বৰ বিয়া, জন্মদিনৰ নামত অযথা কোটি কোটি টকা খৰচ কৰাৰ লগতে এইবোৰৰ নাম এসপ্তাহ, দহ দিনলৈ উচ্চ স্তৰৰ মাইক বা শব্দ বজাই গাঁৱৰ শান্ত পৰিৱেশ অশান্ত কৰি তুলিছে ৷ সময় থাকোঁতে যদি আমি এইবোৰ পুলিয়ে-পুখাই উঘালি নিদিওঁ তেন্তে মিচিং সমাজখন সমাজ হৈ নাথাকিব বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানত মিচিং মিমাগ কৗবাঙৰ কেন্দ্ৰীয় সম্পাদক পুৰুষোত্তম দলেয়ে সাম্প্ৰতিক পৰিবৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমি আগবাঢ়িব লাগে যদিও নিজৰ ঐতিহ্য-পৰম্পৰা, ধৰ্মীয় সংস্কৃতিত আঘাতসনা কাম কৰিব নালাগে ৷ মিচিঙৰ নিজস্ব ধৰ্মীয় সংস্কৃতি আছে যদিও বহু মিচিং মানুহ খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে ৷ আমাৰ কোনো জাতিৰ বা ব্যক্তিৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ দৃষ্টতা  নাই ৷ কিন্তু মিচিং মানুহে যি হাৰত ধৰ্মান্তৰিত হৈ গৈ আছে এই হাৰত গৈ থাকিলে মিচিং সমাজখনৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য লোপ পাবলৈ বেছি সময় নালাগিব ৷

আমাৰ সকলোৰে আত্মসংশোধনৰ সময় সমাগত বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে টি এম পি কেৰ কেন্দ্ৰীয় উপসভাপতি টুনিৰাম পাংগিং, সম্পাদক ছান কুমাৰ পাংগিং, টি এম এম কেৰ সভানেত্ৰী শৰ্মিলা পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান আদিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ক্ষীৰোধ কুটুম, কেন্দ্ৰীয় সদস্য ৰূপজ্যোতি দলে, ৰাস্না চুংক্ৰাং, সঞ্জীৱ মিলি, সাংস্কৃতিক সম্পাদক সঞ্জীৱ দলে, এম এম কেৰ কেন্দ্ৰীয় সদস্য ৰাজু পেগু, বানীকান্ত দলে, ৰজনী পেগু আদিয়ে ৷ উল্লেখযোগ্য যে, উক্ত গাম সন্মিলন আৰু বাঃতাক সন্মিলনত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ধেমাজি জিলা সমিতিৰ ১৮৬ খন বাঃতাক সমিতিৰ দুই সহস্ৰাধিক কৰ্মকৰ্তা, ১৮৬ খন গাঁৱৰ ১৮৬ গৰাকী গাম উপস্থিত থাকে ৷ সভাত প্ৰতিখন বাঃতাক কমিটিৰ আৰু প্ৰতিগৰাকী গামৰ লগত পোনপটীয়াকৈ প্ৰশ্নোত্তৰৰ মুখামুখি হৈ মিচিং জাতীয় সংগঠনসমূহৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই ৷ 

অন্ত পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ…

বিশ্ববিদ্যালয় সপ্তাহ মানেই নাহৰত দেশত পাৰভঙা উছাহ। বিশ্ববিদ্যালয় সপ্তাহ মানেই এক সুকীয়া আৱেগ ৪৫০০ নাহৰবাসীৰ। এই সময়ত কাৰোৰে যেন কাৰো কথা শুনিবলৈ সময় নাই। ১৫ চেপ্তেম্বৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ ‘ল বিশ্ববিদ্যালয় সপ্তাহ। “অনুপ্ৰাণন” প্ৰেৰণাৰ শক্তি সঞ্চাৰী যাত্ৰা নাম দিছে এইবাৰৰ বিশ্ববিদ্যালয় সপ্তাহক ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই। ১৫ চেপ্তেম্বৰত বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য ড. জিতেন হাজৰিকাই উদ্বোধন কৰে বিশ্ববিদ্যালয় সপ্তাহৰ। ১৬ টা বিভাগ, ১৭ টা কেন্দ্ৰৰ শ শ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে “কুচকাৱাজ” প্ৰতিযোগীতাৰে আৰম্ভ হয় বিশ্ববিদ্যালয় সপ্তাহৰ। ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ ৰংঘৰ, বিষ্ণুৰাভা ৰংগমঞ্চ, ইন্দিৰামিৰি প্ৰেক্ষাগৃহ,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাহিত্য, সংস্কৃতি,ক্ৰীড়া বিভিন্ন শিতানৰ প্ৰতিযোগীতাসমূহ। সাংস্কৃতিক, সাহিত্য,ক্ৰীড়া প্ৰতিটো শিতানৰ প্ৰতিযোগীতাতেই ছাত্ৰ ছাত্ৰীয়ে পাৰভঙা উছাহেৰে অংশগ্ৰহণ কৰিলে। লগত আছে নিজৰ নিজৰ বিভাগৰ শ শ সমৰ্থক। কোনোবাই যদি তৰ্কত শ্ৰেষ্ঠত্ব পাইছে, কোনোবাই আকৌ মিছ DU, Best personality লাভ কৰি গৌৰৱ কঢ়িয়াইছে নিজৰ বিভাগ কেন্দ্ৰলৈ।

বিজয়ৰ পিছত কোনোবাই চিঞৰিছে মাছকম জুই, কোনোবাই কৈছে MSW জুই। ক্ৰীড়া শিতানৰ আকৌ কথাই সুকীয়া। ক্ৰিকেট, ভলিবল, ফুটবল, শৰীৰ চৰ্চা সকলো খেলতেই ছাত্ৰ-ছাত্ৰী সকলোৰে বিপুল অংশ গ্ৰহণ। চৌদিশৰ পৰা খেল পথাৰ, ইন্দ’ৰ ষ্টেডিয়ামত সুনা গৈছে কোলাহল।


এই সকলোবোৰৰ মাজত সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টি আকৰ্ষন কৰিলে সকলোৰে। প্ৰতিটো বিভাগৰে ছাত্ৰ-ছাত্ৰীয়ে ভিন্ন ধৰণৰ মন পৰশা থীম লৈ অংশ ল’লে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত। সকলো বিভাগৰ মাজত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিল সমাজকৰ্ম কেন্দ্ৰৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়বস্তু। সমকামীতাৰ বিষয় বস্তুৰে বিশেষ চৰ্চা লাভ কৰিছে কেন্দ্ৰটোৱে এনেদৰেই উলহ মালহেৰে ২১ চেপ্তেম্বৰলৈকে চলিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ। ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলে নিয়াৰীকৈ উদযাপন কৰিলে প্ৰতিটো মুহুৰ্ত।

অসম সাহিত্য সভাৰ উদ্যোগত ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ…

অসম সাহিত্য সভাৰ উদ্যোগত ধুবুৰীৰ হাতীধুৰা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু হাতীধুৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু সংস্কৃত বিভাগৰ উদ্যোগত,গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয় আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ২৩আৰু২৪ছেপ্তেম্বৰ ইং তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে “পশ্চিম অসমৰ সাহিত্য:অধ্যয়ন আৰু সমালোচনা”শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত কৰা হয়।

প্ৰথম দিনটোৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে পাগলাহাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰী ৰমেশ ৰায়ে, স্মৃতি তৰ্পণ কৰে হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ফৰিদ উদ্দিন আহমেদে আৰু বৃক্ষৰোপণ কৰে শ্ৰী কোকন চন্দ্ৰ ৰায়ে। ৰাতিপুৱা ১১ বজাত ধুবুৰী জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী মন্তেশ্বৰ ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত ৰামধেনু অনুষ্ঠানটো উদ্বোধন কৰে ড০ ফৰিদ উদ্দিন আহমেদে। অসম সাহিত্য সভাৰ কবিতা অনুষ্ঠানৰ সহযোগী আহ্বায়ক শ্ৰী অজয় বৰুৱাই এই অনুষ্ঠানৰ সহ সঞ্চালক হিচাপে সহযোগিতা কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীবৃন্দৰ লগতে অঞ্চলটোৰ নৱ প্ৰজন্মৰ মাজত সাহিত্য-সংস্কৃতিৰ চেতনা জাগৰিত কৰাৰ উদ্দেশ্যে পশ্চিম অসমৰ সাহিত্য বিষয়ক বিশেষ বক্তৃতা, ছাত্ৰ -ছাত্ৰীবৃন্দৰ স্বৰচিত সাহিত্য পাঠ আৰু নৃত্য-গীত আদি অনুষ্ঠিত কৰা হয়।

দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাতিপুৱা দহ বজাৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা আলোচনা সত্ৰখনৰ সভাপতি ড.ফৰিদ উদ্দিন আহমেদৰ সঞ্চালনাত আলোচনা সত্ৰখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড.ৰামাধৰ সিঙে। অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত “চিৰ চেনেহী মোৰ ভাষা জননী”পৰিবেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীবৃন্দই । উদ্বোধনী ভাষণ প্ৰদান কৰে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, শিক্ষাবিদ , সাহিত্যিক তৰণী কান্ত ৰায়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ সংক্ষিপ্ত সাৰ সংকলনখন উন্মোচন কৰে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক গীতালী বৰুৱাই। আলোচনা সত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিৎ শৰ্মাই। বক্তব্য প্ৰদান কৰি ড.শৰ্মাই কয় যে সাম্প্ৰতিক সময়ত অসম সাহিত্য সভাই সভাখনক বিদ্যায়তনিক দিশেৰে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছে। সেয়েহে শাখা সভা, জিলা সভাৰ কাৰ্যক্ৰমসমূহ বিদ্যালয় মহাবিদ্যালয় কেন্দ্ৰিক কৰি পালন কৰাৰ বাবে আহ্বান জনাই আহিছে।আমি আমাৰ নৱপ্ৰজন্মক আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবই লাগিব। সেয়েহে আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ নতুন চিন্তা, চৰ্চাক উজ্জীৱিত কৰাৰ মানসেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ আয়োজনৰ পদক্ষেপ অসম সাহিত্য সভাই গ্ৰহণ কৰিছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ আলিপুৰদুৱাৰ কামাখ্যাগুৰিৰ ক্ষুদিৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ স্মৃতি কান্ত বৰ্মনে। তেখেতে ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ এনেধৰণৰ বিদ্যায়তনিক কাৰ্য সূচীৰ শলাগ লয় আৰু ভৱিষ্যতে অসম সাহিত্য সভাৰ কামত সহযোগ কৰাৰ কথা ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক নিতাই চন্দ্ৰ ৰায়,গোসাঁইগাঁও মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ কুমাৰ দাস,ড.ডিম্বেশ্বৰ দাস, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ , ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি সাহিত্যিক পেঞ্চনাৰ আনোৱাৰ হুছেইন, জিলাৰ সম্পাদক বিনয় কুমাৰ নাথ,হাতীধুৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য ছামছুছ জামান সৰদাৰ, ছেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড.লীনা শৰ্মা, ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড .অলকা শৰ্মা, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড.ধীৰেন চন্দ্ৰ বৰ্মন , চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অলকেশ ৰায়,হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দকে প্ৰমুখ্যে কৰি ডেৰ শতাধিক গৱেষক, গৱেষিকা আৰু ছাত্ৰ -ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। পশ্চিম অসমৰ ভাষা সাহিত্য সংস্কৃতি গৱেষণা কেন্দ্ৰৰ গৱেষণা বিষয়া তথা চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড.উমেশ দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোৰ শলাগ জ্ঞাপন কৰে হাতীধুৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক জয়ন্ত কুমাৰ ৰায়ে ।
গৱেষণা পত্ৰ পাঠ অনুষ্ঠানটোত তিনিটা ক্ৰমত অনুষ্ঠিত আলোচনা সত্ৰখনত স্মৃতি কান্ত বৰ্মন,ড.অলকা শৰ্মা,ড.লীনা শৰ্মা, নিতাই চন্দ্ৰ ৰায়,ড০ ধীৰেন চন্দ্ৰ বৰ্মন, প্ৰদীপ কুমাৰ দাস,ড.ডিম্বেশ্বৰ দাসে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ৩৩খন গৱেষণা পত্ৰ পাঠ কৰা হয়।

গৱেষণা পত্ৰ পাঠ অনুষ্ঠানটোত গোৱালপৰীয়া নাথ-যোগীসকলৰ লোক-অনুষ্ঠান সোণাই, শিৱানন্দ শৰ্মা বিৰচিত মহামায়া পাঁচালী আৰু মহামায়া মাহাত্ম্য -এক বিশ্লেষণাত্মক অধ্যয়ন, পশ্চিম অসমৰ লোকগীত:এক অধ্যয়ন,শীলভদ্ৰৰ গল্পত পশ্চিম অসমৰ সমাজ জীৱনৰ চিত্ৰ, গোৱালপৰীয়া প্ৰবাদ -পটন্তৰ, ৰাজবংশী সমাজত প্ৰচলিত তন্ত্ৰ -মন্ত্ৰ, গোৱালপৰীয়া লোকজীৱনত নাৰী চৰিত্ৰ আদি বিভিন্ন বিষয়ত গৱেষণা পত্ৰসমূহ পাঠ হয়। আবেলি চাৰি বজাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ফৰিদ উদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানত গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক তথা কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড.দ্বিজেন্দ্ৰ নাথ ভকত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মা প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দই অংশ গ্ৰহণ কৰে। গৱেষণা বিষয়া ড.উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোত প্ৰমাণ পত্ৰ বিতৰণ কৰে হাতীধুৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা নিভাৰাণী দাস আৰু সংস্কৃত বিভাগৰ সহকাৰী অধ্যাপিকা ড.অনামিকা দাসে। প্ৰতিবেদন প্ৰস্তুত কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদে।

মৰিগাঁৱৰ বৰপেতাবৰিত বিনামূলীয়া স্বাস্থ্য সেৱা…

মৰিগাঁও বৰপেতাবৰিত AMO আয়ুৰ্বেদিক মেদিকজ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল ,মৰিগাঁও শাখাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য সেৱা অনুষ্ঠান। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে AMO আয়ুৰ্বেদিক মেদিকজ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল , মৰিগাঁও শাখাৰ উদ্যোগত মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰপেটাবৰী প্ৰাথমিক বিদ্যালয়ত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

উক্ত শিবিৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়াই ডিফু মানজা block PHC ৰ মেডিকেল অফিচাৰ তথা AMO প্ৰান্ত সাংগঠনিক সম্পাদক ডাঃ গৌতম জইছোৱাল দেবে। উক্ত শিবিৰত চিকিৎসা আগবঢ়াই অন্য এজন চিকিৎসক দলংঘাত মডেল হস্পিতাল ৰ অৱসৰ প্ৰাপ্ত মেডিকেল অফিচাৰ তথা AMO ৰ সদস্য মৰিগাঁও নিবাসী ডাঃ বিচিত্ৰ নাৰায়ণ ডেকা দেবে।

অন্য এগৰাকী ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা সদৌ অসম চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক খেম প্ৰসাদ শৰ্মা। অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱ ক সংঘৰ জিলা প্ৰচাৰক বিকাশ কলিতা,সেৱা ভাৰতী পূৰ্বাঞ্চলৰ নগাঁও বিভাগ সংগঠন মন্ত্ৰী নিৰঞ্জন বিশ্বাস ,স্থানীয় সমাজকৰ্মী শংকৰী সমাজৰ আচাৰ্য বাবুলাল বৰদলৈ, অনুষ্ঠানটোৰ মূল আয়োজক ভূৰবন্ধা খণ্ড শাৰীৰিক প্ৰমুখ নীলমণি বৰদলৈ ।উক্ত শিবিৰত দুই শতাধিক মাতৃ ,শিশু বৃদ্ধ লোকক বিনামূলীয়া কৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়।

আজি মঞ্চায়ন হ’ব ‘বিক্ৰমাদিত্যৰ বিচাৰ’। আকৰ্ষণৰ কেন্দ্ৰবিন্দু বৰপেটাৰোডৰ শংকৰদেৱৰ জন্মোৎসৱত নাটক মঞ্চায়নৰ অঘোষিত পৰম্পৰা

গুৰুজয়ন্তীত ধৰ্মীয় উচ্ছাসত বুৰ গৈছে সমগ্ৰ ৰাজ্য। শ্ৰীমন্ত শংকৰদেৱক আৱিৰ্ভাৱ তিথিত সশ্ৰদ্ধ স্মৰণৰ আপাহতে সম্প্ৰতি নাম-কীৰ্তনত মুখৰ হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰ আদি। অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ অন্য সত্ৰানুষ্ঠানৰ লগতে বৰপেটাৰোড শাখা সত্ৰতো উদযাপিত হৈছে গুৰুজনাৰ জন্মজয়ন্তী। কালিৰ পৰা তিনিদিনীয়াকৈ আয়োজিত শংকৰদেৱৰ জন্মোৎসৱত আজি বৰপেটাৰোড শাখা সত্ৰত বিশাল ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা, থিয় নাম প্ৰদৰ্শন আদিৰ পিছত কাইলৈ অন্তিমদিনা পৰম্পৰাগতভাৱে মঞ্চায়ন কৰা হ’ব নাট। বৰপেটাৰোড শাখা সত্ৰত গুৰু জয়ন্তীত মঞ্চায়িত নাটকে আকৰ্ষণ কৰি আহিছে বিভিন্ন প্ৰান্তৰ অগনন দৰ্শকক।প্ৰণিধানযোগ্য যে শ্ৰীমন্ত শংকৰদেৱে ধৰ্মীয় গাঁথা প্ৰচাৰৰ উদ্দেশ্যে তথা ধৰ্মৰ মতিৰে জনগণক উদ্বুদ্ধ কৰিবৰ বাবে লোৱা বিভিন্ন পন্থাৰ এটা আছিল নাট ।

গুৰুজনাৰ সেই আদৰ্শ আৰু উদ্দেশ্যক সাৰোগত কৰি ঐতিহাসিক বৰপেটাৰোড শাখা সত্ৰত উদযাপিত হৈ অহা শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিত স্থানীয় শিল্পীৰ দ্বাৰা নাট মঞ্চস্থ কৰাৰ এক অঘোষিত পৰম্পৰা চলি আহিছে । এইবেলিও ২৩ৰ পৰা তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে বৰপেটাৰোড শাখা সত্ৰত পৰম্পৰাগতভাৱে উদযাপিত হৈ আছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ । সেইমৰ্মে বছৰি মঞ্চায়ন কৰাৰ দৰে এই বছৰো কাইলৈ অৰ্থাৎ ২৫ ছেপ্টেম্বৰৰ দিনা মঞ্চস্থ কৰা হ’ব নাটক এখন । এইবেলি মঞ্চায়ন হ’বলগীয়া ‘বিক্ৰমাদিত্যৰ বিচাৰ’ত দূৰ্দান্ত অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে বৰপেটাৰোডৰ ন-পুৰণি অভিনয়শিল্পীৰ এটা দল। আমি জনাত গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালনৰ অন্তিমদিনা বৰপেটাৰোড শাখা সত্ৰত বহু বছৰ পূৰ্বৰে পৰা স্থানীয় ন-পুৰণি শিল্পমোদীৰ দ্বাৰা নাট পৰিবেশনৰ পৰম্পৰাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সামৰণি পেলোৱাৰ নিয়ম প্ৰচলিত । প্ৰসংগক্ৰমে উল্লেখ্য যে অন্য অনুষ্ঠানৰ বাদেও গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে বৰপেটাৰোড শাখা সত্ৰত মঞ্চায়ন হোৱা নাটকৰ এক সুকীয়া পৰিচিতি আছে সৰ্বত্ৰ ।

এই নাট মঞ্চায়নৰ ইতিহাসো পুৰণি । ইয়াৰে জড়িত বৰপেটাৰোড অঞ্চলৰ বহু ধৰ্মপ্ৰাণ তথা সংস্কৃতিপ্ৰিয় সমাজসচেতক । আৰম্ভণিৰে পৰা বিভিন্ন ধৰণৰ সামাজিক তথা পৌৰাণিক নাটকত প্ৰয়াত নাটমোদী লোক ক্ৰমে নিৰঞ্জন দাস (জনবাবু), মহেন্দ্ৰ পাঠক, ভগৱান দাস, বসন্ত বৰ্মন, হৰেণ দাস, উপেন চৌধুৰী, খৰ্গেশ্বৰ নাথ, ফুল কুমাৰী কলিতা, দৈতাৰী দাস, মদন শৰ্মা, চান মোহন দাস, লক্ষেশ্বৰ দাস, মতিল দাস, অজিত দাসৰ উপৰি বৰ্তমানেও গিণিমা তালুকদাৰ, বীনাপাণি কাকতি, ৰীমা কলিতা, নাৰায়ণ দাস, ৰঞ্জিত কুমাৰ দাস, অৰূপ কুমাৰ বায়ন, বিজয় বৰ্মন, দীপক দাস, হিমাংশু দাস, মুনীন্দ্ৰ দাস, পুতুলী দাস, বৰ্ণালী বৰ্মন, পুষ্পাঞ্জলি তালুকদাৰ, কমল তালুকদাৰ আদিকে ধৰি বিভিন্নগৰাকীৰ সুন্দৰ অভিনয়ত প্ৰাণ পাই নুঠা নহয় অনেক পৌৰাণিক ধৰ্মমূলক তথা সমাজৰ প্ৰতি বাৰ্তাবাহী নাট । তাৰ ভিতৰত ‘নল-দময়ন্তী’, ‘ৰক্ষ কুমাৰ’,’ৰজা হৰিশ্চন্দ্ৰ’, ‘ভক্ত ময়ূৰধ্বজ’, ‘কদ্ৰু বিনতা’, ‘শকুনিৰ প্ৰতিশোধ’ আদি পৌৰাণিক নাটৰ উপৰি ‘কাগজৰ বাঘ’, ‘অজগৰ’ আদি আধুনিক কিন্তু সমাজলৈ বাৰ্তাবাহী নাট বিশেষভাৱে উল্লেখ্য– যিবোৰ বৰপেটাৰোড শাখা সত্ৰৰ মঞ্চত মঞ্চস্থ কৰা হৈছে বিগত ৫৫ বছৰৰ বিভিন্নবাৰৰ গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষত । এইবেলিও গুৰুজনাৰ ৫৭৫তম্ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে কাইলৈ ২৫ ছেপ্টেম্বৰত স্থানীয় ন-পুৰণি শিল্পীয়ে ‘বিক্ৰমাদিত্যৰ বিচাৰ’ নামেৰে এখনি পৌৰাণিক নাট প্ৰদৰ্শন কৰিবলৈ প্ৰস্তুত হৈছে । আশা কৰোঁ, এইবেলিৰ নাটকখনেও মুগ্ধ কৰিব অলেখ দৰ্শকক ।

ড্ৰাগছ সৰবৰাহ কৰি কাছাৰত আৰক্ষীৰ জালত যুৱ কংগ্ৰেছৰ নেতা…

ড্ৰাগছ সৰবৰাহ কৰি কাছাৰত আৰক্ষীৰ জালত যুৱ কংগ্ৰেছৰ নেতা।

উধাৰবন্ধ সমষ্টিৰ প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰ উদ্দিনক গ্ৰেপ্তাৰ।

আজহাৰ উদ্দিনৰ পৰা জব্দ ২ কোটি টকাৰ ১৮ হাজাৰ য়াবা টেবলেট। মণিপুৰৰ পৰা য়াবা টেবলেটখিনি লৈ অহাৰ সময়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগ ! ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সোণাইৰ MCD কলেজত…

অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগ। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সোণাইৰ MCD কলেজত।

ফাৰ্চী বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল খালিকৰ বিৰুদ্ধে সোচ্চাৰ শিক্ষাৰ্থীসকল।

স্নাতকৰ পঞ্চম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগ। অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে অধ্যক্ষই ব্যৱস্থা নোলোৱাত ক্ষোভ ছাত্ৰ সমাজৰ।