Home Blog Page 1360

মধুৰী আমৰ ১০ টা উপকাৰৰ বিষয়ে জানক…

আপালোকে জানেনে মধুৰী আম খোৱাৰ উপকাৰীতাৰ বিষয়ে। আজি আমি আপোনালোকক জনাম মধুৰী আম খোৱাৰ উপকাৰিতাৰ বিষয়ে…

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
মধুৰী আমক Ascorbic Acid অৰ্থাৎ Vitamin C ৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ভাইৰাছজনিত ৰোগৰ পৰা আপোনাক ৰক্ষা কৰে।

২) হজম শক্তি উন্নত হব
মধুৰী আমক আঁহৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যাৰ ফলত হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে পেটৰ সমস্যাৰ পৰা উপশম পোৱা যায়।

৩/ ওজন কম হব
মধুৰী আমৰ জৰিয়তে ওজন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি কাৰণ ইয়াত কম কেলৰি আৰু অধিক আঁহ থাকে।

৪) ডায়েবেটিছ ৰোগত উপশম
মধুৰী আম খোৱা লোকসকলৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে এই ফল খাব লাগে।


৫) হৃদৰোগ প্ৰতিৰোধ
মধুৰী আমত ভাল পৰিমাণৰ পটাছিয়াম থাকে, যিটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

৬) চকুৰ বাবে উপকাৰী
আমাৰ চকুৰ বাবেও মধুৰী আম অতি উপকাৰী, কাৰণ ইয়াত ভিটামিন এ থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰে।

৭) তেজ বিশুদ্ধকৰণ
মধুৰী আম খালে তেজ বিশুদ্ধ হয় আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

৯/ অক্সিজেন যোগান
মধুৰী আমত এনে পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰৰ বহু অংশলৈ অক্সিজেন প্ৰেৰণ কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হয়।

১০) কৰ্কট ৰোগ প্ৰতিৰোধ
মধুৰী আমত শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে।

আজি এছিয়া কাপৰ ফাইনেল…

আজি এছিয়া কাপৰ ফাইনেল।

সমুখ-সমৰত আজি ভাৰত আৰু শ্ৰীলংকা।

দিনৰ ৩ বজাৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব মেচখন।

২০১৮ চনতে এছিয়া কাপ জিকিছিল ভাৰতে।

তাৰ পিছৰ পৰা সুদীৰ্ঘ ৫বছৰে কেৱল দেখিছে ব্যৰ্থতা।

আজি দুই দেশৰ মাজত হ’ব খিতাপ দখলৰ যুঁজ।

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনাত চালকসহ বহু যাত্ৰীৰ মৃত্যু…

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত চালকসহ ১৪জন যাত্ৰীৰ মৃত্যু।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মানাউচ এৰোটেক্সি এয়াৰ লাইনছৰ।

দুৰ্ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মানাউচ এৰোটেক্সিৰ।

মৃত যাত্ৰীসকলৰ মাজত আমেৰিকাৰ যাত্ৰী থকাৰো সম্ভাৱনা ব্যক্ত।

ঈশা আম্বানীয়ে কেনেকৈ ওজন কমালে? সকলোৰে মনত এই প্ৰশ্ন। ঈশাৰ ওজন হ্ৰাসৰ যাত্ৰাৰ বিষয়ে জানক…

অনন্ত আম্বানীৰ ওজন কমোৱা যাত্ৰাৰ বিষয়ে আপুনি নিশ্চয় বহুবাৰ পঢ়িছে, কিন্তু আপুনি জানেনে যে তেওঁৰ ভগ্নী ঈশা আম্বানীয়েও কঠোৰ পৰিশ্ৰমৰ সহায়ত বহুত ওজন কমাবলৈ সক্ষম হৈছে।মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কন্যা ঈশা আম্বানীয়ে ব্যৱসায়িক মহলত নিজৰ নাম অৰ্জন কৰাই নহয়, ক্ৰমান্বয়ে চেলিব্ৰিটিৰ মৰ্যাদাও লাভ কৰিবলৈ সক্ষম হৈছে। ভাতৃ অনন্ত আম্বানীৰ দৰে ঈশাই কেনেকৈ ওজন কমালে জানো আহক….

ইছা আম্বিনীৰ খাদ্যাভ্যাস সম্পৰ্কীয় তথ্য মুকলিকৈ প্ৰকাশ হোৱা নাই যদিও বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে নিৰামিষ খাদ্য খাই তেওঁৰ ওজন বহু পৰিমাণে কমিছে। ঈশা আম্বানী এগৰাকী গুজৰাটী আৰু তেওঁ নিৰামিষ খাদ্য খাই। ঈশা আম্বানীয়েও নিজৰ ফিটনেছ লেভেল বজাই ৰাখিবলৈ জিমলৈ যায়। ওজন বজাই ৰাখিবলৈ ঈশা আম্বানীয়ে ওজন প্ৰশিক্ষণ, যোগাসন আৰু ভাল খাদ্য ৰুটিন গ্ৰহণ কৰে।

কিছুদিনৰ আগতে ঈশা আম্বানীৰ ভাতৃ অনন্ত আম্বানীয়েও ওজন কমাইছিল। খবৰ অনুসৰি, মাত্ৰ ১৮ মাহত অনন্তই স্বাভাৱিকভাৱে ১০৮ কেজি ওজন কমিছিল। ইয়াৰ বাবে তেওঁ দৈনিক ৫-৬ ঘণ্টা ব্যায়াম কৰিছিল, য’ত আছিল ২১ কিলোমিটাৰ খোজ কঢ়া, যোগাসন, ওজন প্ৰশিক্ষণ, কাৰ্য্যকৰী প্ৰশিক্ষণ আৰু কাৰ্ডিঅ’। অনন্তই ওজন কমাবলৈ শূন্য চেনি, উচ্চ প্ৰটিন, কম চৰ্বি, কম কাৰ্বযুক্ত খাদ্য অনুসৰণ কৰিছিল। তেওঁ প্ৰতিদিনে ১২০০-১৪০০ কেলৰি খাই আছিল। তেওঁ বহুত শাক-পাচলি আৰু ফল-মূলেৰে গঠিত সাধাৰণ খাদ্য খাইছিল। অৱশ্যে বৰ্তমান অনন্তৰ ওজন আকৌ এবাৰ বাঢ়িছে। বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে ওজন কমোৱাৰ পিছত যদি আপুনি পুৰণি জীৱনশৈলীলৈ ঘূৰি আহে তেন্তে পুনৰ ওজন বৃদ্ধি পাব পাৰে।

গুৱাহাটী প্ৰেছ ক্লাৱত ‘লোক সাহিত্য অউৰ সংস্কৃতি’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় ‘লোক সাহিত্য অউৰ সংস্কৃতি’ শীৰ্ষক এখনি হিন্দী ভাষাৰ গৱেষণামূলক প্ৰৱন্ধ সংকলন। বিশিষ্ট লেখিকা, সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই উন্মোচন কৰা গ্ৰন্থখনৰ সম্পাদনা ড০ চন্দনা শৰ্মা আৰু পঙ্খী সেনাপতিৰ ।

উন্মোচনী ভাষণত ভট্টাচার্য ই দুয়োগৰাকী লেখিকাক অভিনন্দন জনায় কয় যে সংস্কৃতি এখন নদীৰ দৰে সীমাবদ্ধ নহয় বৰং ই আকাশৰ দৰে, মেঘৰ দৰে বহল আৰু ব্য়াপক।নেপাল তথা ভাৰতৰ অসম, ৰাজস্থান, কৰ্ণাটকসহ বিভিন্ন ৰাজ্যৰ লোক সাহিত্য আৰু লোক সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যৰে হিন্দী ভাষাত এই গ্ৰন্থখন সম্পাদনা কৰি উলিওৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অচ্যুত শৰ্মাই সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা তথা গ্ৰন্থাগাৰ অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড০ খগেন শৰ্মাই গ্ৰন্থ খনে ভাৰত নেপাল সম্পৰ্ক অধিক সুদৃহ কৰিব বুলি আশা প্ৰকাশ কৰে। দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড০ সঞ্জীৱ কুমাৰ শৰ্মা ই বিশিষ্ট অতিথি ৰ ভাষণত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰায় ভাষায় কেনেদৰে পাহাৰ ভয়ামৰ মিলন সেতু গঢ়ে সেই সত্য কে প্ৰমাণিত কৰিব বুলি কয় লোক সাহিত্যৰ এই গ্ৰন্হখনে।

অনুবাদ আৰু অসমৰ সাহিত্য ক হিন্দী ভাষাত প্ৰকাশ কৰি গ্ৰন্হ খনে অসমীয়া ভাষা ‘উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাহি জোতিৰুপা ‘ হোৱাৰ সপোনক বাস্তৱ ৰূপ দিয়াত আৰু একধাপ আগবাঢ়িল বলি ভাষণ প্রসংগ ত উল্লেখ কৰে। সভাত কটন মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ কুসুমকুঞ্জ মালাকাৰ আৰু ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী
ড০ ক্ষীৰোদা কুমাৰ শইকীয়াই ও শুভেচ্ছা মূলক চমু বক্তৃতা দিয়ে।
উন্মোচনী সভাখনত বিশিষ্ট নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট লেখিকা ড০ ৰেণু দেৱী, ড০ নন্দিনী শৰ্মা, জেহেৰুল ইছলাম শিকদাৰ, পাপৰি বৰুৱা, জাকিৰ হুছেইন, আদিৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

বৰপেটাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপু্ৰ্ণ ৰায়দান ! হত্যাকাণ্ডৰ অপৰাধত ৬ জনক যাবৎজ্জীৱন কাৰাদণ্ড…

বৰপেটাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপু্ৰ্ণ ৰায়দান ৷

হত্যাকাণ্ডৰ অপৰাধত ৬ জনক যাবৎজ্জীৱন কাৰাদণ্ড ৷

বৰপেটাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপু্ৰ্ণ ৰায়দান ৷

হত্যাকাণ্ডৰ অপৰাধত ৬ জনক যাবৎজ্জীৱন কাৰাদণ্ড ৷

সম্পুৰ্ণ এবছৰ পাচ মাহৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সম্পুৰ্ণ ৷

অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নাৰায়ণ কুৰীৰ আদালতৰ ৰায়দান ৷

আদালতে যাবৎজ্জীবন কাৰাদণ্ডেৰে দণ্ডিত কৰা অপৰাধী কেইটা হল- ইনজামামুল খান, ছাইফুল ইছলাম, দাৰোগ আলী,
লাল মাহমুদ, বাদশ্বাহ ফকিৰ,
ফৰিদুল ইছলাম ৷

২০২২ চনৰ ১৬ এপ্ৰিলত তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বান্দালী ৰিজাৰ্ভত ৰুবুল হক চৌধুৰী নামৰ এজন যুবকক হত্যা কৰিছিল অপৰাধী কেইজনে ৷

প্ৰেমিকাক সাক্ষাতৰ বাবে অহা যুৱকজনক ৬ অভিযুক্তই অপহৰণ কৰি হত্যা কৰিছিল ৷

অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ফাষ্ট্ৰ ট্ৰেক আদালতত চলিছিল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷

৯০ দিনৰ ভিতৰতে বহৰিস্থ তাৰাবাৰী থানাৰ অ’চি ৰাজীৱ নেওগে চাৰ্জচিট দাখিল কৰিছিল আদালতত ৷

আদালতৰ ৰায়দানত সন্তুষ্টি হত্যাৰ বলি হোৱা যুৱকৰ পৰিয়ালৰ ৷

বাইটঃ জ্যোতি প্ৰাসাদ দাস, অধিবক্তা।

বিজেপি-অগপ-ইউ পি পি এলৰ নেতৃত্বৰ যৌথ সভা সম্পন্ন…

বিজেপি-অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্র তথা শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আজি খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত এখন যৌথ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক সাংসদ পল্লৱ লোচন দাস, মুখ্য মুখপাত্র মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অগপৰ উপ সভাপতিদ্বয় দিলীপ পাটগিৰী, সুনীল ডেকা, সাধাৰণ সম্পাদক মনোজ শ‍ইকীয়া, তথ্য আৰু প্ৰচাৰ সম্পাদক ড০ তপন দাস, ইউ পি পি এলৰ হৈ ই এমত্ৰয় ৰঞ্জিত বসুমতাৰী, উইলচন হাজদা, ৰাকেশ ব্ৰহ্ম, বিধায়ক ঝলেন দৈমাৰীৰ লগতে তিনিওটা দলৰ মুখপাত্ৰ আৰু পেনেলিষ্ট সকল উপস্থিত আছিল।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আজিৰ যৌথ সভাখনিৰ বিষয়ে বৰ্ণনা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ উন্নয়ন আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্র ৰাজ্যৰ উন্নয়নৰ অর্থে বহুটো কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে। অনাগত দিনত তিনিওটা দলেই সমূহীয়াভাৱে এন ডি এ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ ৰাইজৰ মাজলৈ কঢ়িয়াই নিব।

আজিৰ সভাই তিনিওটা দলৰ কাৰ্যকৰ্তাৰ মাজত অধিক সক্রিয়তা গঢ়ি তুলিবলৈ আগন্তুক দিনত এখন কর্মশালা আয়োজনৰ লগতে দলৰ তিনিটাৰ ৰাজ্যিক সভাপতিত্রয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন সন্মিলিত সাংগঠনিক সভাৰ আয়োজনৰ পোষকতা কৰে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিওটা দলৰ মুখপাত্র তথা সংবাদ বিভাগে ৰাজ্যিক পৰ্যায়ৰ দৰে জিলা পৰ্যায়তো সন্মিলিতভাৱে কাম কৰি যাব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৭ ছেপ্তেম্বৰত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱন আৰু ১৩ ছেপ্তেম্বৰত অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দুয়োটা দলৰ মুখপাত্ৰ আৰু শীর্ষ নেতৃত্বৰ উপস্থিতিত দুখন সন্মিলিত বৈঠক অনুষ্ঠিত হৈছিল।

(দেৱান ধ্ৰুৱজ্যোতি মৰল) আহ্বায়ক,

ৰাজ্যিক সংবাদ বিভাগ ভাৰতীয় জনতা পার্টি, অসম প্রদেশ

২১ ছেপ্টেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ বাবে এক অসম যাত্ৰা : লুৰীণজ্যোতি গগৈ…

লক্ষ্য- দুৰ্নীতি-ভ্ৰষ্টাচাৰ-স্বজন তোষণ, সাম্প্ৰদায়িক, বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে জনমত গঠন

নতুন প্ৰভাতৰ সন্ধানত সূর্যোদয়ৰ দিশলৈ

এক অসম যাত্ৰা
এক অসম, ঐক্যবদ্ধ অসম…

২১ ছেপ্টেম্বৰৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ বাবে যাত্ৰা

দ্বিমত নাই যে দেশ এতিয়া সংকটত৷ দিল্লীৰ পৰা দিছপুৰলৈ ফেচিবাদী মানসিকতাৰ শাসকে কুক্ষিগত কৰিব বিচাৰিছে দেশৰ ইতিহাস, ঐতিহ্য, সম্পদ, ভাষা-কৃষ্টি-সংস্কৃতি; আনকি মানুহৰ মনবোৰো৷ চৌদিশে বিভেদৰ ৰাজনীতিয়ে মানুহৰ সৈতে থকা মানুহৰ সম্পৰ্কত ঘুণে ধৰাৰ উপক্ৰম হৈছে৷ ধৰ্মীয় আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পাকচক্ৰই মানৱীয় প্ৰমূল্যকো নিঃশেষ কৰিবলৈ লৈছে৷ বাঢ়িছে ভাতৃঘাতী চিন্তা-চেতনা৷

এনে অৱস্থাত অসমীয়া জাতিয়তাবোধৰ চেতনাটোও ক্ৰমশঃ দুৰ্বল হ’বলৈ আৰম্ভ হৈছে৷ একেখন অসমৰে এটা প্ৰান্তৰ মানুহৰ সৈতে আন এটা প্ৰান্তৰ মানুহৰ মনৰ দূৰত্ব বাঢ়িছে৷ উজনিৰ প্ৰতি নামনিৰ বা নামনিৰ প্ৰতি উজনিৰ মানুহৰ মনত সন্দেহে বাহ লবলৈ লৈছে; পাহাৰৰ প্ৰতি ভৈয়ামৰ বা ভৈয়ামৰ প্ৰতি পাহাৰৰ মানুহৰ মাজৰ বিশ্বাসৰ বাতাবৰণত পোকে ধৰিছে; বৰাকৰ সৈতে ব্ৰহ্মপুত্ৰ বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতি বৰাকৰ মানুহৰ সন্দেহৰ পৰিৱেশ সৃষ্টি হ’বলৈ লৈছে৷ এনে অৱস্থাত আমাৰ পূৰ্বপুৰুষে সপোন দেখা ‘এক অসম, ঐক্যবদ্ধ অসম’ৰ ধাৰণাটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ হাতত গতাই থৈ যোৱাৰ পথ কি?
স্বাধীনোত্তৰ ভাৰতবৰ্ষত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বহুতো চৰকাৰ আহিল আৰু গ’ল। ইয়াৰে বহুতে বহু ভাল কাম কৰিলে আৰু বহু চৰকাৰে বহু বেয়া কামো কৰিলে। দুৰ্নীতি, ভ্ৰষ্টাচাৰকে ধৰি বহু অপকৰ্মত লিপ্ত হোৱা চৰকাৰ ৰাইজে এয়া যে প্ৰথম দেখিছে সেইয়াও নহয়। কিন্তু বৰ্তমানৰ দিল্লী আৰু দিছপুৰৰ উভয়তে বহি থকা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দৰে চূড়ান্ত বেপেৰুৱা আৰু জনবিৰোধী চৰকাৰ অদূৰ অতীতত ৰাইজে দেখিছে যেন ধাৰণা নহয়৷

পূৰ্বৰ কোনো চৰকাৰৰ স্বয়ং মুৰব্বীগৰাকীয়ে সাম্প্ৰদায়িক বিভেদমূলক তথা উচটনিমূলক বক্তব্য দিয়াৰ উদাহৰণ নাই৷ পূৰ্বৰ কোনো চৰকাৰেই স্বয়ং দিছপুৰৰ ৰাজধানীখনকে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কেন্দ্ৰভূমিত পৰিণত কৰি দিয়া নাছিল৷ পূৰ্বৰ কোনো মুখ্যমন্ত্ৰীয়ে নিজ পৰিয়ালৰ দুৰ্নীতি-অনিয়মক উৎসাহিত কৰি ৰাজহুৱা সম্পদ লুণ্ঠনৰ প্ৰতিযোগিতাত লিপ্ত হৈ সম্পত্তিৰ এই ধৰণৰ পাহাৰ গঢ়া বোধহয় নাছিল৷৷ পূৰ্বৰ কোনো চৰকাৰৰ মুৰব্বীয়ে মিছা কথা আৰু মূল্যবোধহীন ৰাজনীতিৰ সৌধ নিৰ্মাণ কৰি তাক মহিমামণ্ডিত কৰা নাছিল৷ এইবোৰ অসমৰ ৰাইজে নতুনকৈ দেখিছে৷ পূৰ্বৰ সকলো চৰকাৰ তথা চৰকাৰী মুৰব্বীয়ে ভাৰতৰ সংবিধানক শ্ৰদ্ধা কৰিছিল; সাংবিধানিক প্ৰমূল্যক সন্মান কৰিছিল; সংবিধানক সন্মান কৰিছো বুলি মুখেৰে কৈ থাকি সাংবিধানিক বিধি ব্যৱস্থাক পদাঘাত কৰা নাছিল৷
অসমৰ পূৰ্বৰ কোনো চৰকাৰে ভাষা-সংস্কৃতি-কৃষ্টিক দুৰ্বল কৰি জাতিটোকে নিঃশেষ কৰাৰ দিল্লী-নাগপুৰীয়া ষড়যন্ত্ৰৰ অংশ হৈ যোৱা নাছিল৷ অসমৰ নিঃস্ব মানুহৰ মাটি-ভেটিৰ ওপৰত লোলুপ দৃষ্টি নিক্ষেপ কৰা শক্তিসমূহৰ ওপৰত পূৰ্বৰ কোনো চৰকাৰ বা চৰকাৰৰ মুৰব্বী নতজানু হৈ যোৱা নাছিল৷ এইবোৰ অসমৰ মানুহে এই প্ৰথম দেখিছে৷ চৰকাৰৰ আগ্ৰাসী ফেচিবাদী ৰূপ দেখি ৰাইজ ভয়ত পেঁপুৱা লাগি, বাকৰুদ্ধ হৈ, নিজৰ গণতান্ত্ৰিক প্ৰতিবাদী চেতনাক হেৰুৱাবলৈ ধৰাৰ পৰিৱেশো ইয়াৰ আগতে অসমবাসীয়ে দেখা নাছিল৷ এয়া নিঃসন্দেহে জাতিটোৰ আৰু সামগ্ৰিকভাৱে অসম ৰাজ্যখনৰ বাবে (লগতে দেশখনৰ বাবেও) ভাল ভৱিষ্যতৰ ইঙ্গিত নহয়৷ সেয়েহে এনে ষড়যন্ত্ৰক প্ৰতিহত কৰাটো আজি সময়ৰ আহ্বান হৈ পৰিছে৷

অসম জাতীয় পৰিষদ অসমৰ জাতীয় দল। জাতীয় দল হিচাপে অসমৰ স্বাৰ্থ ৰক্ষা দলৰ জাতীয় দায়িত্ব। জাতীয় সংগ্ৰামখনক ৰাজনৈতিক ভাৱে আগুৱাই নি নিষ্পত্তি কৰাটোহে দলৰ প্ৰধান লক্ষ্য। ক্ষমতা অসম জাতীয় পৰিষদৰ বাবে প্ৰথম নহয়। দলৰ বাবে সদায় আৰু চিৰদিন অসম প্ৰথম। সেয়েহে অসমৰ স্বাৰ্থ বিঘ্নিত কৰা যিকোনো কামৰ বাবে দল প্ৰয়োজনত ৰাজনীতিৰ উৰ্দ্ধত থাকি কাম কৰিবলৈও সদায় প্ৰস্তুত।
সেয়েহে সাম্প্ৰদায়িক তথা বিভেদৰ ৰাজনীতিৰ লগতে দুৰ্নীতি-ভ্ৰষ্টাচাৰ তথা একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি, এক প্ৰতিবাদী গণ জাগৰণ অনাৰ লক্ষ্যেৰে অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ উদ্দেশ্যে এক প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷

অহা ২১ ছেপ্টেম্বৰৰ পৰা ধুবুৰীৰ পৰা ‘এক অসম যাত্ৰা’ নামেৰে উক্ত যাত্ৰা আৰম্ভ হ’ব৷ অসমৰ বিভিন্ন জিলা পৰিক্ৰমা কৰি যাত্ৰাৰ অন্ত পৰিব ৰাজ্যৰ পূৰ্ব দিশৰ শেষ সীমা শদিয়াত৷

২১ ছেপ্টম্বৰৰ পুৱা ধুবুৰীৰ নেতাই ধুবুনী ঘাটত থকা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই এই যাত্ৰাৰ সূত্ৰপাত হ’ব। ইয়াৰ পিছত ‘পাঁচ পীৰ দৰগাহ শ্বৰীফ’ত দোৱা লৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধঞ্জলি জনাই যাত্ৰা আগবাঢ়িব। তাৰ পূৰ্বে ২০ ছেপ্টেম্বৰৰ দিনা কোচবিহাৰৰ মধুপুৰ সত্ৰত দুয়োজনা গুৰুক সেৱা জনোৱাৰ লগতে ২১ ছেপ্টেম্বৰৰ পুৱা ধুবুৰীৰ গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত প্ৰাৰ্থনা জনোৱা হ’ব।

এই যাত্ৰা ৰাজনৈতিক মতবিৰোধৰ ঊৰ্ধলৈ গৈ, দল-মত নিৰ্বিশেষে সকলোকে সামৰি লৈ, এক সমন্বয়ৰ যাত্ৰা হ’ব৷ জনসাধাৰণৰ মাজত সম্প্ৰীতি আৰু গণতান্ত্ৰিক চেতনাক জাগ্ৰত কৰাটো যাত্ৰাৰ লক্ষ্য হ’ব৷ মত-পথ ভিন্ন হ’ব পাৰে, কিন্তু অসমৰ স্বাৰ্থত আমি সকলো এক – এয়াই হ’ব যাত্ৰাৰ দৰ্শন৷ উজনিৰ সৈতে নামনিৰ, পাহাৰৰ সৈতে ভৈয়ামৰ, বৰাকৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ মানসিকতাক পুনৰুজ্জীৱীত কৰাৰ লগতে জনসাধাৰণৰ অধিকাৰ আদায়ৰ চেতনাক জাগ্ৰত কৰি, চৰকাৰৰ ভ্ৰষ্টাচাৰী তথা ফেচিষ্ট কৰ্মকাণ্ডৰ বিৰুদ্ধে জনমত গঠন কৰাটো হ’ব যাত্ৰাৰ মূল উদ্দেশ্য৷

-লুৰীণজ্যোতি গগৈ
সভাপতি
-জগদীশ ভুঞা
সাধাৰণ সম্পাদক

দলবদ্ধ আক্ৰমণ কৰি নলবাৰীত যুৱকক হত্যা ! হত্যাকাণ্ডৰ বলি বৰভাগৰ ৰাহুল দাস নামৰ এজন যুৱক…

দলবদ্ধ আক্ৰমণ কৰি নলবাৰীত যুৱকক হত্যা৷ হত্যাকাণ্ডৰ বলি বৰভাগৰ ৰাহুল দাস নামৰ এজন যুৱক ৷

যুৱকজনৰ খুৰাক পংকজ দাসৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ ৷

ইতিমধ্যে পংকজ দাসসহ ৪জনক আটক কৰিছে আৰক্ষীয়ে৷ যুগুৰকুছিৰ চকলাপাৰ চুবুৰিত সংঘটিত এই ঘটনা৷

মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰােভাৱ তিথি পালন…

অসমীয়া সাহিত্য-সংস্কৃতি, ধৰ্ম-দৰ্শণ, সমাজ আৰু সংস্কৃতিৰ মূল চালিকা শক্তি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ সমুহত পালন কৰা হৈছে ৷

গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱ গুৰুৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ ৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰ পৰাই বৰপেটা সত্ৰত ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম প্ৰসঙ্গত অংশগ্ৰহন কৰে ৷

বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসঙ্গ আৰু হৰি নাম কীৰ্তনৰ ধ্বনিত এক পৱিত্ৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে ৷