কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল অসমীয়া ছাত্ৰৰ।
অসম সন্তান প্ৰথম গগৈয়ে এইবাৰ মেডিকেল প্ৰৱেশ-পৰীক্ষাত (NEET) মুঠ ৬৮২ নম্বৰ পাই (৭২০ৰ পৰা) কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
প্ৰথম গগৈয়ে ১১.৪৬ লাখৰ ভিতৰত All India Rank ত ১৩৬৬ নম্বৰ স্থান লাভ কৰিছে।
অসম চৰকাৰৰ সাস্কৃতিক সঞ্চালকয়ৰ প্ৰাক্তন উপ সঞ্চালক অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্মচৌধুৰী বটাঁ বিজয়ী বিশিষ্ট সাহিত্যিক, লোকসংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাৰ ১০০ বছৰৰ শ্ৰেষ্ঠ নিগ্ৰো কবিতা শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়।
সৰুপথাৰ শাখা সাহিত্য সভাৰ মাংগীলাল বগৰীয়া সোঁৱৰণী সভা কক্ষত সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থউন্মোচনী সভাত কাব্য গ্ৰন্থখনি উন্মোচন কৰে ছহিদ পিয়লী ফুকন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰঞ্জন কুমাৰ ফুকনে। গ্ৰন্থখনি উন্মোচন কৰি উন্মোচক ফুকনে উন্মোচিত গ্ৰন্থ খনৰ লগতে নিগ্ৰো কবিতাৰ সম্পৰ্কত বিশদভাৱে আলোকপাত কৰে।
সৰুপথাৰ শাখা সাহিত্য সভাৰ সম্পাদক নৱমী চুতীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেম ফুকনে। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন চুতীয়াই কৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ ক্ষীৰেণ চন্দ্ৰ কাকতীয়ে।
লোক সংস্কৃতিৰ গৱেষক বিশিষ্ট সাহিত্যিক গৰাকীৰ ৭০ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি সৰুপথাৰ শাখা সাহিত্য সভাই অনুষ্ঠিত কৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সিদ্ধেশ্বৰ শইকীয়া,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সূৰ্য গগৈ, গোলাঘাট জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ভুৱন কোঁৱৰকে আদি কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।