Home Blog Page 1362

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত ঘূণাসঁতি হাইস্কুলত কেইবাটাও কাৰ্যসূচী…

১৪ ছেপ্টেম্বৰত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত ঘূণাসঁতি হাইস্কুলত কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়৷ বিদ্যালয়খনৰ শিক্ষকসকলৰ সহযোগত নৰ্থ লখিমপুৰ কলেজৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ঘূণাসঁতিৰ মিচিং জনগোষ্ঠীয় লোকসংস্কৃতি সম্পৰ্কে ক্ষেত্ৰ অধ্যয়ন কৰে ৷ এই অধ্যয়নত ঐতিহ্যপূৰ্ণ অঞ্চলটোৰ লোকসংস্কৃতিৰ পৰম্পৰা আৰু পৰিৱৰ্তন সম্পৰ্কে তথ্য আহৰণ কৰা হয়৷

অসমীয়া বিভাগৰ গৱেষকসকলৰ পৰিচালনাত ঘূণাসুঁতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰমে কুইজ, ৰচনা লিখা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ এই প্ৰতিযোগিতা সমূহত পুৰস্কাৰ লাভ কৰা প্ৰতিটো শ্ৰেণীৰ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ আৰু গ্ৰন্থৰে মহাবিদ্যালয়ৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়৷ মহাবিদ্যালয়খনৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ অংশ হিচাৰে নতুন প্ৰজন্মৰ মাজত অধ্যয়ন-অভ্যাস বৃদ্ধি কৰিবৰ বাবে এনে পৰিকল্পনা কাৰ্যকৰী কৰা হৈছে৷ ঘূণাসুঁতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘কিতাপ আৰু আলাপ’ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰে মহাবিদ্যালয়ৰ অধ্যাপক ড॰ ধনৰঞ্জন কলিতা আৰু ড॰ ধীৰাজ পাটৰে৷ এই অনুষ্ঠানতে ২২ খন গ্ৰন্থৰ এটি টোপোলা হাইস্কুলৰ পুথিভঁৰাললৈ আগবঢ়োৱা হয়৷ উল্লেখযোগ্য যে, ঘূণাসুঁতি হাইস্কুলত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে ২০১৫ চনতে এটি ক্ষুদ্ৰ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল৷ পৰৱৰ্তী সময়ত সেই পুথিভঁৰাললৈ অধিক গ্ৰন্থ প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ পঠন অভ্যাস বৃদ্ধিৰ বাবে কিছু পদক্ষেপ লৈছে৷ বৰ্তমানলৈ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন কৰি উপকৃত হৈছে৷ কালি নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই পুথিভঁৰালটোলৈ এটি আলমিৰা আগবঢ়ায়৷ ঘূণাসঁতি হাইস্কুলৰ শিক্ষক আৰু অভিভাৱকসকলে মহাবিদ্যালয়খনৰ এই বদান্যতাৰ শলাগ লয়৷


বিয়লি ঘূণাসুঁতি হাইস্কুলৰ প্ৰধান শিক্ষক থানুকৃষ্ণ ফুকনৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৰগীত আৰু ঐনিতম পৰিৱেশনেৰে আৰম্ভ হোৱা এই সভাত স্থানীয় সমল ব্যক্তি চন্দন টাইদ আৰু লীলা গগৈয়ে ঘূণাসুঁতি অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে বক্তৃতা প্ৰদান কৰে৷ সভাত আদৰণি ভাষণ প্ৰদান কৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷

জৱানৰ পৰিচালক এটলী কুমাৰৰ সৈতে একচন চিনেমাত ঢৌ তুলিব আল্লু অৰ্জুনে। ছবি খনৰ বাবে ১০০ কোটিৰ মাচুল লৈছে আল্লু অৰ্জুনে…

আল্লু অৰ্জুনক লৈ এক ডাঙৰ খবৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আল্লু অৰ্জুন আৰু এটলী কুমাৰে একেলগে এখন একচন ছবি কৰিব। এই ছবিখন সন্দৰ্ভত দুয়োৰে মাজত যোৱা এবছৰ ধৰি আলোচনা চলি আছে। আল্লু অৰ্জুনে এই ছবিখনৰ বাবে বিপুল মাচুল লয়। এই দুয়োখন ছবিৰ বিস্ফোৰক উপাৰ্জন দেখি এটলী কুমাৰৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে। আজিকালি প্ৰায় অভিনেতাই এটলী কুমাৰৰ সৈতে এখন ছবিত কাম কৰিব বিচাৰে। কিন্তু এতিয়া এই সুযোগ লাভ কৰিছে চাউথৰ হিট অভিনেতা আল্লু অৰ্জুনে। ৭ ছেপ্টেম্বৰত মুক্তি পালে ‘জৱান’ ছবিখন। তেতিয়াৰ পৰা এতিয়ালৈকে এই ছবিখনৰ বক্স অফিচৰ অভিনয় দেখি সকলোৱে স্তম্ভিত হৈ পৰে। কৰণ জোহৰৰ পৰা আৰম্ভ কৰি বলীউডৰ ডাঙৰ তাৰকালৈকে, সকলোৱে ছবিখনৰ কাহিনীৰ লগতে একচন দৃশ্যক প্ৰশংসা কৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনে এই একচন ছবিখনৰ বাবে প্ৰায় ১০০ কোটি টকা লৈছে। তামিল, তেলেগু, মালয়ালম, কানাড়াৰ উপৰিও এই ছবিখন হিন্দী ভাষাত মুক্তি পাব। আনহাতে, ‘জৱান’ৰ সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰে এই ছবিখনৰ সংগীত দিব বুলিও খবৰ আহিছে। এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব ‘পুষ্ষা ২’ৰ শ্বুটিং আৰু পৰৱৰ্তী সকলো কাম শেষ হোৱাৰ পিছত। অহা বছৰৰ ১৫ আগষ্ট ২০২৪ তাৰিখে মুক্তি পাব ‘পুষ্পা ২’।

তুলসীবড়ী গাঁও পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ…

মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ তুলসীবড়ী গাঁও পঞ্চায়তৰ সভাপতি গুলজাৰ হুছেইনক জাগীৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা আহি থাকোতে গ্ৰেপ্তাৰ কৰে। পঞ্চায়তত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গুলজাৰ হুছেইনক বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে উক্ত পঞ্চায়তৰ দূৰ্নীতিৰ অভিযোগত কেইবাজনো গ্ৰেপ্তাৰ হৈছিল যদিও গুলজাৰ হুছেইন সাৰি আছিল। অৱশেষত আৰক্ষীৰ জালত পৰিল। কিছু দিন আগতে টেঙাগুৰি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনত বিপুল ভোটত সদস্য পদত জয়ী হৈছিল গুলজাৰ হুছেইন।


বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তীৰ তাৎপৰ্য…

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।

কিছুমান অঞ্চলত অক্টোবৰ – নবেম্বৰ মাহত দেৱালীৰ এদিন পিছত, গোৱৰ্দ্ধন পূজাৰ সৈতেও বিশ্বকৰ্মা পূজা পালন কৰা হয়। বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন

ভগৱান বিশ্বকৰ্মাৰ সকলো দেৱতাৰ মাজত এক গুৰুত্বপূৰ্ণ স্থান আছে। তেওঁ বহুতো বিখ্যাত অট্টালিকা আৰু বস্তু নিৰ্মাণ কৰিছিল। যদি আপুনি ৰাৱণৰ বাবে সোণালী লংকা তৈয়াৰ কৰে, সেইদৰে স্বৰ্গত ইন্দ্ৰৰ সিংহাসন তৈয়াৰ কৰিলে।

যেতিয়া অসুৰসকলে দেৱতাসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল, তেওঁলোকে ঋষি দাধিচীৰ হাড়ৰ পৰা ইন্দ্ৰৰ বজ্ৰপাত কৰি অসুৰধ্বংস কৰিছিল। ৰাৱণৰ সমাপ্তিৰ পিছত, ৰাম, লক্ষ্মণ, সীতা আৰু অন্যান্য সঙ্গীসকল পুষ্পক বিমানত বহি অযোধ্যা চহৰলৈ উভতি আহে।

পুষ্পক বিমানভগৱান বিশ্বকৰ্মাই ও নিৰ্মাণ কৰিছিল। কৰ্ণৰ কুণ্ডলীটো তেওঁৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। ইয়াৰ বাহিৰেও ভগৱান শিৱৰ ত্ৰিশূল, বিষ্ণুৰ সুদৰ্শন চক্ৰ, যমৰাজৰ কালদণ্ড নিৰ্মাণ কৰা হৈছিল।

তেওঁ পাণ্ডৱসকলৰ বাবে এক সুন্দৰ ইন্দ্ৰপ্ৰস্থ চহৰ নিৰ্মাণ কৰিছিল, যিটো দেখি কৌৰৱসকলে আচৰিত হৈছিল। তেওঁ হস্তিনাপুৰও নিৰ্মাণ কৰিছিল। জগন্নাথ পুৰীত “জগন্নাথ” মন্দিৰ নিৰ্মাণ কৰিছিল। এনেদৰে, তেওঁ বহুতো বিখ্যাত অট্টালিকা নিৰ্মাণ কৰিছিল।

৭ হাজাৰ ডলাৰৰ সুৰা, ইটালীৰ পিজ্জাৰ প্ৰতি আকৰ্ষিত একনায়কত্ববাদী কিম জং উন…

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস যথেষ্ট আকৰ্ষণীয় যদিও এই শাসকৰ ব্যক্তিগত জীৱনৰ বিষয়ে অতি কম খবৰ প্ৰকাশ পায়। কাৰণ সেই দেশত ইণ্টাৰনেট সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু সংবাদ মাধ্যমো নিষিদ্ধ। আজি আমি আপোনালোকক ক’ম কিম জঙৰ খাদ্যাভ্যাসৰ বিষয়ে….

এক সাক্ষাতকাৰত ব্ৰিটেইনৰ এজন প্ৰতিৰক্ষা বিশেষজ্ঞই কয় যে কিম জং উন বহু পৰিমাণে এজন মদ্যপায়ী, তেওঁ ভাল পোৱা ব্ৰেণ্ডটোৰ এটা বটলৰ দাম প্ৰায় ৭ হাজাৰ মাৰ্কিন ডলাৰ। কিছুবছৰ পূৰ্বে চীনৰ শুল্ক সাধাৰণ প্ৰশাসনে ৰাজহুৱা কৰা বাণিজ্যিক তথ্য অনুসৰি ৪০ বছৰীয়া একনায়কত্ববাদীগৰাকীয়ে প্ৰতি বছৰে প্ৰায় ৩ কোটি মাৰ্কিন ডলাৰ ব্যয় কৰে উচ্চমানৰ সুৰা আমদানিৰ বাবে।

ৱাইনৰ উপৰিও কিমে ইটালীৰ পাৰ্মা অঞ্চলৰ মাংসৰ সামগ্ৰী পাৰ্মা হামকে ধৰি সুস্বাদু খাদ্য উপভোগ কৰে। ইয়াৰ বাহিৰেও তেওঁ চুইছ এমেণ্টেল চীজ বৰ ভাল পায়।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদীগৰাকীয়ে জাংক ফুডৰ প্ৰতিও আকৰ্ষিত। আচলতে ১৯৯৭ চনত বিশেষকৈ কিম পৰিয়ালৰ বাবে পিজ্জা বনাবলৈ ইটালীৰ এজন চেফক নিযুক্তি দিয়া হৈছিল। তেওঁ সঘনাই ব্ৰাজিলৰ দামী কফিও উপভোগ কৰে, যাৰ বাবে তেওঁ মাত্ৰ এবছৰত ৯৬৭,০৫১ ডলাৰ খৰচ কৰা বুলি কোৱা হয়।

অৰ্কিড পাৰ্কৰ নামত ২২বিঘা মাটি নিজৰ নামত কৰিলে অখিল গগৈয়ে ! বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰিলে এই তথ্য…

📌‘অৰ্কিড পাৰ্কৰ নামত ২২বিঘা মাটি নিজৰ নামত কৰিলে অখিল গগৈয়ে’

📌‘প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ব্লেকমেইলিং কৰি সৰৱ কৰিছিল এই ২২ বিঘা মাটি’

📌বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰিলে এই তথ্য

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী…

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী ৷

কলকাতা, ভূপাল, মুম্বাই আদি চহৰত তালাচী EDৰ৷ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ধন৷

কেইবাটাও স্থানৰ পৰা জব্দ ৪১৭ কোটি টকা, ইয়াৰ লগতে উদ্ধাৰ বহু পৰিমাণৰ অলংকাৰসহ আপত্তিজনক সামগ্ৰী৷

গুৱাহাটীত বন্ধন বেংকৰ নুনমাটি শাখা মুকলি। শাখাৰ দ্বাৰ মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক জয়ন্ত বৰুৱাই…

২০০১ চনত এন জি অ’ হিচাপে আত্মপ্ৰকাশ কৰা বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ২০১৫ চনত বেংক হিচাপে পৰিগণিত হোৱাৰ পিছত বন্ধন বেংকে ছয় হেজাৰতকৈ অধিক বেংকিং শাখা আৰু আউটলেটৰ জৰিয়তে ভাৰতৰ ৩৫ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰৰ বিভিন্ন চুকে-কোণে নিজৰ পৰিসেৱা আগবঢ়াবলৈ সক্ষম হৈছে৷ এক শক্তিশালী নেটৱৰ্কৰ জৰিয়তে বেংকটোৱে ৩ কোটিতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে ৷ বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেইবা নিযুত ভাৰতীয়ক মূলসুঁতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। কামৰূপ মহানগৰীৰ নুনমাটিৰ এম আৰ ডি ৰোডত বন্ধন বেংকৰ অসমৰ ১০৪ নং শাখাটোৰ দ্বাৰ মুকলি কৰা হয়৷ শাখাটো মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক জয়ন্ত বৰুৱাই ৷

শাখাটো মুকলি কৰি তেওঁ কয় যে এখন দেশ বা ৰাজ্য উন্নতি হ’বলৈ বেংক সমূহৰ বিশেষ ভূমিকা থাকে। যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বা চহৰ অৰ্থনৈতিকভাৱে আগ বঢ়োৱাৰ ক্ষেত্ৰত বন্ধন বেংকৰ ভূমিকা অতি প্ৰশংসনীয়। কাৰণ বন্ধন বেংকে উঠি অহা শিক্ষিত যুৱক- যুৱতীসকলক বিশেষ ভাৱে আগবঢ়াই নিয়াৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগায় আহিছে। অনাগত দিনত নুনমাটি শাখাৰ তৰফৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে। বন্ধন বেংকৰ নুনমাটি শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে বন্ধন বেংকৰ জোনাল হেড সুৰজিৎ ৰয় চৌধুৰীয়ে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বন্ধন বেংকৰ গুৱাহাটীৰ ক্ষেত্ৰীয় পৰিচালক দেৱদীপ ভৰদ্বাজে কয় যে এইটো আমাৰ অসমৰ ১০৪ নং শাখা ৷ এই শাখাৰ যোগেদি গ্ৰাহকসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে উপকৃত হব বুলি মত প্ৰকাশ কৰাৰ লগতে বেংকে ন ন পৰিকল্পনা আগত ৰাখি ৰিজাৰ্ভ বেংকৰ নীতিনিয়ম অনুসৰি কাম কৰি যাব বুলি কয় ৷ অনুষ্ঠানত বন্ধন বেংকৰ গুৱাহাটীৰ ক্লাষ্টাৰ হেড অভয় কুমাৰ ,শাখা পৰিচালক গৌতম সিনহা ,শিলপুখুৰী শাখাৰ শাখা পৰিচালক চন্দন নাথ,সহকাৰী শাখা পৰিচালক মিতালী শইকীয়াৰ লগতে কৰ্মচাৰী বৃন্দও উপস্থিত থাকে৷

গো-মাংস সৰবৰাহৰ অপৰাধত আৰক্ষীৰ জালত শুকুৰ আলী…

গোলকগঞ্জৰ বেলগুৰিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক শুকুৰ আলী। সামাজিক মাধ্যমৰ নায়ক শুকুৰ আলী আগমনী আৰক্ষীৰ জালত। পশ্চিম বংগৰ পৰা নিষিদ্ধ গো-মাংস লৈ গৌৰীপুৰ অভিমূখে গৈ থকা অৱস্থাত ৰাইজৰ হাতত আটক বহু বল্কী নেতা শুকুৰ আলী। ৰাজনীতি কৰি, চিনেমা কৰি পেট নভৰাত শুকুৰ আলী এইবাৰ নামিল নিষিদ্ধ ঘোষিত গো-মাংস বেহাত। AS 01DP5469 নম্বৰৰ স্কুটিত আনিছিল গো মাংস খিনি।

পশ্চিমবংগৰ মানসাইৰ পৰা কঢ়িয়াই অনা বুলি স্বীকাৰ শুকুৰ আলীৰ । আৰক্ষীৰ বেৰিকেড পাৰ হোৱাৰ পিছতে ৰাইজে আটক কৰে গো-মাংস সহ স্কুটি খন। পাছত আৰক্ষীয়ে আটক কৰি থানা লৈ লৈ যায়। এতিয়া কথা হল যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জাহিৰ কৰা শুকুৰ আলীয়ে কাৰ বলত নিষিদ্ধ গো-মাংস সৰবৰাহ কৰাৰ সাহস পালে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে ওলাই পৰিব।

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিম দিন…

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিম দিন ৷

সদনত দাখিল কৰা হ’ব বিত্ত বিভাগৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন।

দাখিল কৰা হ’ব অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক হিচাপ আৰু হিচাপ পৰীক্ষাৰ প্ৰতিবেদন৷