Home Blog Page 1366

জয়পুৰ-আগ্ৰা ঘাইপথত ট্ৰেইলাৰ গাড়ীয়ে বাছত খুন্দা মৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত…

জয়পুৰ-আগ্ৰা ঘাইপথত ট্ৰেইলাৰ বাহন বাছত খুন্দা মৰাৰ ফলত ১১ জন নিহত & ১২ জন আহত
১৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখ বুধবাৰে পুৱা ০৮:২৮ বজাত ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ হান্ট্ৰাৰ সমীপৰ জয়পুৰ-

আগ্ৰা ঘাইপথত এখন ট্ৰেইলাৰ গাড়ীয়ে বাছত খুন্দা মৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয় বুলি আৰক্ষী অধীক্ষক মৃদুল কাচাৱাই নিশ্চিত কৰিছে।

গুজৰাটৰ ভৱনগৰৰ পৰা উত্তৰ প্ৰদেশৰ মথুৰালৈ গৈ আছিল বাছখন। আহতসকলক চিকিৎসাৰ বাবে ৰাজস্থানৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

গোৱালপাৰাৰ বায়দা ছাটাবাৰীত হত্যা মহিলাক ! দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে প্ৰাণেশ্বৰী ৰাভা নামৰ মহিলাগৰাকীক…

গোৱালপাৰাৰ বায়দা ছাটাবাৰীত হত্যা মহিলাক। দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে প্ৰাণেশ্বৰী ৰাভা নামৰ মহিলাগৰাকীক। গৰুক পানী খুৱাবলৈ গৈ সন্ধানহীন হৈ আছিল মহিলাগৰাকী।

নিশা ৰাজহুৱা শ্মশানত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে প্ৰাণেশ্বৰী ৰাভাৰ মৃতদেহ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰা হাস্পতাললৈ প্ৰেৰণ। উল্লেখ্য, মহিলাগৰাকীৰ ভাতৃকো কিছুদিন পূৰ্বে হত্যা কৰিছিল দুৰ্বৃত্তই।

গোসাঁইগাঁৱৰ গুৰুফেলত সংঘটিত পথ দুৰ্ঘটনাত আহত হৃদয় ৰায়ৰ চিকিৎসালয়ত মৃত্যু…

গোসাঁইগাঁৱৰ গুৰুফেলত সংঘটিত পথ দুৰ্ঘটনাত আহত হৃদয় ৰায়ৰ চিকিৎসালয়ত মৃত্যু।

সংকটজনক অৱস্থাত চিকিৎসাধীন সাধু ৰায়, মহেশ্বৰ ৰায়, ৰাকেশ ৰায়। ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় এই ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত দৌৰি থকা সময়তে তীব্ৰবেগী ট্ৰাকৰ খুন্দা। আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছিল যুৱককেইজনে। ৰাষ্ট্ৰীয় ঘাইপথত দৌৰি থকা সময়তে তীব্ৰবেগী ট্ৰাকৰ খুন্দা।

শ্বাহৰুখ খানৰ অনুৰাগীয়ে ছবিগৃহত “জৱান” ছবিখন উপভোগ কৰিলে অদ্ভূত ধৰণে…

জৱান ছবিখন শ্বাহৰুখ খান ফেনক্লাৱৰ অনুৰাগীয়ে ছবিগৃহত জৱানৰ দৰে মুখমণ্ডলত বগা কাপোৰেৰে ঢাকি এক অদ্ভূত ধৰণে ছবিগৃহত প্ৰৱেশ কৰে । লগতে সম্পূৰ্ণ ছবিখন এনেদৰে মুখত বগা কাপোৰ বান্ধি ছবিখন উপভোগ কৰে ।

৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পালে শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি জৱান। ছবিখন মুক্তিৰ ৪ দিন হ’ল আৰু ৪ দিনত বহু অভিলেখ ভংগ কৰি হিন্দী চলচ্চিত্ৰ জগতত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ছুটিৰ দিনত এদিনতে ৮০.০১ কোটি টকা সংগ্ৰহ কৰা বলীউডৰ ইতিহাসত এইখন প্ৰথমখন ছবি। প্ৰথম দিনাই জৱানে সংগ্ৰহ কৰিছিল ৭৫ কোটি টকা। দ্বিতীয় দিনা ছবিখনে ৫৩.২৩ কোটি টকা উপাৰ্জন কৰে।

তৃতীয় দিনা ছবিখনে ৭৭.৮৩ কোটি টকাৰ ব্যৱসায় কৰে আৰু চতুৰ্থ দিনা জৱানে ৮০.০১ কোটি টকা উপাৰ্জন কৰে। এইদৰে ছবিখনে চাৰিদিনত মুঠ ২৮৬.১৬ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হয়। এতিয়া পঞ্চম দিনৰ সংগ্ৰহ এতিয়াও প্ৰকাশ হোৱা নাই তাৰ পিছত ছবিখনে ৩০০ কোটি টকা অতিক্ৰম কৰিব।

এছিয়া কাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে…

এছিয়া কাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে। এছিয়া কাপত শ্ৰীলংকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ জয়।

শ্ৰীলংকাৰ বিৰুদ্ধে ৪১ ৰানত জয়লাভ ৰোহিত বাহিনীৰ। শ্ৰীলংকাক ২১৪ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।

প্ৰত্যুত্তৰত ৪১.৩ অভাৰত ১৭২ ৰানত অলআউট শ্ৰীলংকা।

গুণকাৰী গুড়ৰ চমৎকাৰিতাৰ বিষয়ে জানক…

গুড় কফনাশক, ৰক্তবৰ্ধক, শক্তিবৰ্ধক, ৰুচিবৰ্ধক। গুড় ভিটামিন আৰু খনিজ বস্তুৰে ভৰপূৰ। গুড়ত প্ৰধানকৈ আইৰণ, কেলচিয়াম, ফছফৰাচ, মেগনেছিয়াম, পটাচিয়াম, ছডিয়াম আদি পোৱা যায়। গুড় উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়। ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদ মতে, গুড় হাঁ‌ওফাওঁ‌ আৰু গলৰ বাবে অত্যন্ত লাভদায়ক।

*কফ শান্ত কৰি ৰখাত গুড় সকলোতকৈ ভাল হয়। কফ অসন্তুলিত হলে শৰীৰত ফছফৰাচৰ অভাৱ ঘটে। গুড়ত ফছফৰাচ থাকে বাবে কফৰ প্ৰভাৱত থকাসকলৰ কাৰণে গুড় অতি উপকাৰী।

*গুড়ত আইৰণ থাকে আৰু সেইকাৰণে গুড় এনিমিয়া ৰোগ নিৰাময়ত সহায়ক।

*আহাৰ খোৱাৰ পিছত অলপ গুড় খালে ই আহাৰ জীণ যোৱাত সহায় কৰে। ই পেট পৰিষ্কাৰ ও কৰে।

*বিভিন্ন খাদ্যৰ কুপ্ৰভাৱত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ কৰাত গুড়ে সহায় কৰে।

* আয়ুৰ্বেদ মতে, কফৰ দোষৰ বাবেই মেদ বৃদ্ধি হয়। গতিকে, মেদ হ্ৰাস কৰিবলৈ চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰিলে নিশ্চয় উপকৃত হব।

* গুড়ে হাঁ‌ওফাওঁ‌ৰ টনিক হিচাপে কাম কৰে। ই শ্বাসনলী পৰিষ্কাৰ কৰাৰ লগতে কফ Expectorant হিচাপেও কাম কৰে।

*তিল আৰু গুড়ৰ গুণ একে বাবে গুড় আৰু তিল একেলগে খোৱাটো উপকাৰী।

* গুড়ত কেলচিয়াম থাকে বাবে গুড় খালে হাড় মজবুত হয়।

*গুড়ে তেজ পৰিষ্কাৰ কৰি কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ, হাৰ্টৰ ৰোগীৰ বাবে চেনিৰ সলনি গুড় খোৱাটো লাভজনক।

* পুৰণিকালত ধোৱা আৰু ধূলিৰ পৰিৱেশত কাম কৰা কাৰখানাৰ শ্ৰমিকসকলক দিনটোৰ কামৰ অন্তত এডোখৰকৈ গুড় খাব দিয়া হৈছিল আৰু পূজা,বিহুৰ বোনাছ হিচাপেও গুড় দিয়াৰ কথা শুনা যায়।


* আমাৰ অসমত অতীজৰে পৰা ফাকুৱা বা দৌল উৎসৱত গুড় আৰু চাউলৰ গুড়িৰ লাৰু বনাই খোৱাৰ পৰম্পৰা আছে আৰু যিটো সেই সময়ৰ বতৰৰ বাবে অত্যন্ত অনুকূল, কাৰণ ফাগুন মাহ মানেই ধূলি আৰু বতাহেৰে প্ৰদূষিত পৰিৱেশ।
*অতি আশ্বৰ্যকৰ কথাটো হল গুড়ত যিবোৰ ভিটামিন আৰু খনিজ বস্তু থাকে, সেই প্ৰায় আটাইবোৰেই চাউলৰ গুড়িতো থাকে। এই হিচাপত দুয়োটাৰ মিশ্ৰণ অতি স্বাস্থ্যসন্মত।

*আয়ুৰ্বেদ মতে, গুড় আৰু গাখীৰ বিৰুদ্ধ খাদ্য। গতিকে, গুড় আৰু গাখীৰ একেলগে খোৱা ভাল নহয়।
* খাটি গুড় কেনেকৈ চিনিব পাৰি খাটি গুড় দেখাত তামবৰণীয়া বা চকলেট বৰণৰ হয়। দেখাত অলপ অপৰিষ্কাৰ যেন লাগে। খাটি গুড় অলপ টান হয় আৰু বহুদিন ৰাখি থলেও সহজতে গলি নাযায়। আনহাতে কেমিকেল মিহলোৱা গুড় দেখাত পৰিষ্কাৰ হয়, অলপ পাতলীয়া বৰণৰ হয় আৰু সহজে গলি যায়। গতিকে, বজাৰত গুড় কিনোতে সদায় কথাখিনি গুৰুত্ব দিব।

লেখক :- হেমন্ত গোস্বামী

১৩২৪ গৰাকী কোভিড যোদ্ধাৰ চাফাই কৰ্মচাৰীৰ পুনৰ সংস্থাপনৰ দাবীত চচলত আমৰণ অনশন; দাবীসমূহৰ পূৰ্ণ সমর্থন আম আদমি পাৰ্টীৰ


অসম কোভিড-১৯ চাফাই কৰ্মচাৰী সন্থাৰ হৈ কৰুণা কান্ত পাঠকে চচলত অনিৰ্দিষ্টকালৰ বাবে আৰম্ভ কৰা অনশন কাৰ্যসূচীলৈ আম আদমি পাৰ্টীয়ে তেওঁলোকৰ দাবী প্রতি পূৰ্ণ সমর্থন প্রকাশ কৰে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে কোভিড ১৯ বিশ্বব্যাপী মহামাৰীৰ সময়ত বৃহৎ সংখ্যক কোভিড চিকিৎসালয়, কোভিড যত্ন কেন্দ্ৰ আৰু সংৰক্ষণ কেন্দ্ৰ সৃষ্টি কৰিছিল আৰু তাত ৰোগীসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে বৃহৎ সংখ্যক কর্মী নিযুক্তি দিছিল।

তদানীন্তন স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১৩২৪ জন কোভিড যোদ্ধাৰ চাকৰি নিয়মীয়া কৰাৰো মৌখিক আশ্বাস দিছিল।

আম আদমি পাৰ্টীয়ে কৰুণা কান্ত পাঠকে মুখ্যমন্ত্ৰীক তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আৰু এই কোভিড যুদ্ধা সকলক চাকৰি নিয়মীয়া কৰিবলৈ বা প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ বাবে যোৱা তিনি বছৰ ধৰি এই লোকসকলক ক্ষতিপূৰ্ণ দিবলৈ জনোৱা দাবীৰ সমৰ্থন আগবঢ়াইছে।

মঙলবাৰে চচলত দলটোৰ হৈ ৰাজ্যিক নেত্রী অনুৰূপা ডেকাৰাজা, আৰতি দেৱী আৰু পুনম মহেশ্বৰী উপস্থিত থাকি চৰকাৰক তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ বাবে দাবী জনায় ।

নগাঁৱৰ পাচতি ভাওনাই সন্মোহিত কৰিলে অজস্ৰ দৰ্শকক…

পূৰ্বৰ দৰে এইবাৰো যোৱা ১১ ছেপ্টেম্বৰত নগাঁও চহৰৰ আমোলাপট্টি নামঘৰত এখনি পাচতি ভাওনা অনুষ্ঠিত হয়। বিশিষ্ট নাট্যশিল্পী, লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গুণদা গোস্বামীয়ে নাট্যৰূপ আৰু পৰিচালনা কৰা ভাওনাখনিত একুৰিৰো অধিক মহিলা শিল্পীয়ে অভিনয় কৰে। অজস্ৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই ভাওনাৰ সূত্ৰধাৰ আছিল ছায়া শৰ্মা। ভাওনাখনিত নন্দৰজাৰ চৰিত্ৰত নিৰ্মালী‌ দেৱী, গৰ্গ ঋষিৰ চৰিত্ৰত সুপ্ৰভা দেৱী, পুতনাৰ ৰূপত ৰাণী শৰ্মা, মোহিনীৰ চৰিত্ৰত কণমানি দেইজী গোস্বামী,


যশোদাৰ চৰিত্ৰত অমৃতা শৰ্মা, ৰোহিনীৰ চৰিত্ৰত ৰাণী শৰ্মা, শিশু কৃষ্ণৰ চৰিত্ৰত ৰ’দ শৰ্মা, ৰং শৰ্মা, বলোভদ্ৰৰ চৰিত্ৰত শিশু অথৰ্ব বেজবৰুৱা, গোৱালীৰ চৰিত্ৰত অনিমা ভট্টাচাৰ্য, ইৰা ভট্টাচাৰ্য আদিয়ে সুন্দৰ অভিনয়েৰে সকলোকে আপ্লুত কৰে। জ্যেষ্ঠা নামতি অম্বিকা গোস্বামীৰ অনুপস্থিতিত মীৰা শৰ্মাই পাচতি নাম ধৰে আৰু আৰতি শৰ্মা, লুকু ভট্টাচাৰ্য, লাৱণ্য বেজবৰুৱা, নিৰু দেৱী, ৰুণু দেৱী, কমলেশ্বৰী শৰ্মা, তিলোত্তমা বৰঠাকুৰ লগতে আন কেইবাগৰাকীয়ে সহযোগ কৰে।

সংগীতত অংশগ্ৰহণকাৰী সকল হ’ল– গুণদা গোস্বামী, মঞ্জু বৰঠাকুৰ, ইৰা বৰঠাকুৰ আৰু সবিতা ভট্টাচাৰ্য্য। বাদ্যত সংগত কৰে টিকেন শৰ্মাই। গোৱালী সবৰ নৃত্যত অংশগ্ৰহণ কৰে সমাজৰ একাংশ মহিলাই। পাচতি ভাওনাখনিৰ অন্তত দীপা কটকী, মাখনি কটকী, গোপিনী সমাজৰ সভানেত্ৰী বীণা শৰ্মা, অম্বি শৰ্মা আদিয়ে শিল্পী সকলক উৎসাহিত কৰে।

কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ ! জিলাখনত অব্যাহত মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা কাৰ্যসূচী…

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ‘ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩’ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে আদৰণি ভাষণ দিয়ে। পোষণ অভিযানৰ জিলা সমন্বয়ক সুমন বৰগোহাইয়ে ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল উদ্দেশ্যসমূহ যেনে- কেৱল মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা, মিলেটৰ পৰিপুষ্টি সম্পৰ্কে সজাগতা, মিছন লাইফৰ জৰিয়তে পৰিপুষ্টিৰ উন্নীতকৰণ,

মেৰী মাটি মেৰা দেশৰ ৰূপায়ন, ৰক্তহীনতা চিনাক্তকৰণ শিবিৰৰ আয়োজন ইত্যাদিৰ বৰ্ণনা কৰাৰ লগতে এই কাৰ্যসূচীসমূহ কাৰ্য্যক্ষেত্ৰত ৰূপায়ন কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে৷ উল্লেখ্য যে, পোষণ মাহৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভণি আজি হ’লেও মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতাকে ধৰি কেবাটাও কাৰ্যসূচী কামৰূপ মহানগৰ জিলাত অব্যাহত আছে ৷

আজিৰ অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ- সঞ্চালক দেৱজিৎ বৰা, জিলা পৰিষদ, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন বিভাগ আদিৰ জিলা পৰ্য্যায়ৰ উচ্চ পদস্থ বিষয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্তৰৰ বিষয়া- কৰ্মচাৰী উপস্থিত থাকে৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী‌‌য়ে সকলো বিভাগকে পোষণ মাহৰ কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানৰ শেষত কেবাগৰাকী অংগনবাড়ী কৰ্মী-সহায়িকা আৰু ছুপাৰভাইজৰে পুষ্টিকৰ খাদ্যসম্ভাৰ উপস্থাপন কৰে

জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি বুদি হাবুঙে শপত গ্ৰহণ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নং আদালত কক্ষত মাননীয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই বুদি হাবুঙক

অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায়।