Home Blog Page 1375

পূজাৰ সময়ত হাত জ্বলিলে সেয়া শুভ নে অশুভ ইংগিত…

পূজাৰ সময়ত আমি বহুতো ইংগিত লাভ কৰোঁ যাৰ জৰিয়তে আমাৰ পূজা সফল হৈছে নে অসফল হৈছে এই বিষয়ে জানিব পাৰোঁ। সনাতন ধৰ্মত দৈনিক পূজা কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মানুহে নিজৰ মন পচন্দৰ দেৱতাক পূজা কৰে। তেওঁলোকৰ ইচ্ছা পূৰণ আৰু তেওঁলোকৰ বিপদ দূৰ কৰিবলৈ প্ৰাৰ্থনা কৰে। ভগৱানেও তেওঁৰ ভক্তসকলক সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে। কিন্তু বহু সময়ত মানুহে এনে ভুল কৰে, যাৰ বাবে ফল ভুগিবলগীয়া হয়। কিন্তু অজানিতে আমি এনে শুভ আৰু অশুভ লক্ষণবোৰক আওকাণ কৰোঁ। আজি আমি এনে কিছুমান লক্ষণৰ বিষয়ে আপোনালোকক জনাম যিবোৰ পূজাৰ সময়ত দেখা যায় আৰু এই লক্ষণবোৰক ভাল বুলি ক’ব নোৱাৰি-


পূজাৰ সময়ত কিছু ঘটনা সংঘটিত হোৱাটো অশুভ। ক’ব পাৰি যে ইয়াৰ দ্বাৰা পূজাৰ সময়ত ভুল হোৱা দেখা যায়। গতিকে সাৱধানে পূজা কৰক, নহলে ঈশ্বৰৰ খং উঠিব পাৰে।

পূজাৰ সময়ত হাত জ্বলা – পূজাৰ চাকি জ্বলোৱাৰ সময়ত যদি হাত জ্বলি যায়, তেন্তে সেয়া সাৱধানতাৰে ভগৱানক পূজা কৰাটো এটা লক্ষণ। যদি পূজাৰ সময়ত জানি-বুজি বা অজানিতে কোনো ভুল কৰিছে, তেন্তে তাৰ বাবে ক্ষমা খুজিব। লগতে ধৰ্মীয় আচাৰ-ব্যৱহাৰ সঠিকভাৱে কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক।

পূজাৰ সময়ত হঁহা – পূজা কৰি থাকোঁতে বাৰে বাৰে হাঁহিলে সেয়াও ভাল নহয়। ইয়াৰ দ্বাৰা আপোনাৰ ভিতৰত কিবা এটা নেতিবাচকতা উপস্থিত থকাৰ ইংগিত পোৱা যায়। গতিকে ভাল চিন্তাৰ প্ৰতি গুৰুত্ব দিব লাগে। আপুনি ঈশ্বৰক পূজা কৰা উচিত যাতে আপোনাৰ ভিতৰৰ নেতিবাচকতা শেষ হয়।

ঘৰৰ মন্দিৰত জুই – যদি ঘৰৰ মন্দিৰত জুই লাগে তেন্তে ইও এক অশুভ পৰিঘটনা। ইয়াৰ কাৰণ হৈছে আপোনাৰ ঘৰত ঋণাত্মক শক্তি বৃদ্ধি পাইছে, ঋণাত্মক শক্তি উপস্থিত আছে। যদি হঠাতে ঘৰত বহুত কাজিয়া হ’বলৈ আৰম্ভ কৰে, কোনো ডাঙৰ কাৰণ নোহোৱাকৈ যদি বাৰে বাৰে ঘৰৰ মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটে, তেন্তে সেয়া ঘৰত নেতিবাচকতা বাঢ়ি অহাৰ লক্ষণ। এনে পৰিস্থিতিত সজাগ হৈ ৰীতি-নীতি অনুসৰি ঈশ্বৰক পূজা কৰক।

সৰভোগৰ ৰাজপথত কংগ্ৰেছৰ ভাৰত যোৰো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান…

সৰভোগৰ ৰাজপথত কংগ্ৰেছৰ ভাৰত যোৰো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান। বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সৰভোগৰ ৰাজপথত কংগ্ৰেছে এক শোভাযাত্ৰা আয়োজন কৰি অনুস্থিত কৰে ভাৰত জোৰো যাত্ৰাৰ বৰ্ষপুৰ্তি। শোভাযাত্ৰাৰ অন্তত সৰভোগ গান্ধী ভৱন প্ৰাংগনত এক সভা অনুষ্ঠিত কৰা হয় । বৃহস্পতিবাৰৰ এই সভাত উপস্থিত থাকে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নাচিৰ খান , লগতে উপস্থিত থাকে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হক , আৰু জিলা পৰ্যায়ৰ নেতৃবৃন্দসকল।

লগতে আজিৰ এই সভাত যোগদান কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জনৰ তালুকদাৰে। আজিৰ এই সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে উল্লেখ কৰে যে এই চৰকাৰ মিচলীয়াৰ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন মিচলিয়া , আৰু অসমত থকা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাও এজন মিচলয়া।

গাখীৰ আৰু খেজুৰ একেলগে খালে বৃদ্ধি পাই পুৰুষৰ শক্তি…

দায়িত্বৰ বোজাৰ বাবে বহু বিবাহিত পুৰুষে নিজৰ স্বাস্থ্যৰ যত্ন ল’ব নোৱাৰে, যাৰ ফলত শাৰীৰিক দুৰ্বলতা দেখা যায়।এনে পৰিস্থিতিত গাখীৰৰ লগত শুকান ফল খাব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে দৈনন্দিন খাদ্যাভ্যাসত অনিয়মিত খাদ্যাভ্যাস থাকিলে শৰীৰত দুৰ্বলতা দেখা যায়। মানুহ যেতিয়া শাৰীৰিক দুৰ্বলতাৰ বলি হয় তেতিয়া তেওঁলোকৰ যৌন স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পৰে, গতিকে আজি আমি গাখীৰ আৰু খেজুৰৰ উপকাৰিতাৰ বিষয়ে আপোনালোকক জনাম…

গাখীৰ আৰু খেজুৰৰ ৪ টা ডাঙৰ উপকাৰ-

গাখীৰ আৰু শুকান খেজুৰত বহুতো পুষ্টিকৰ উপাদান থাকে। খেজুৰত কেলচিয়াম, আঁহ, জিংক, মেগনেছিয়াম আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, চি, ই, কে, বি ২, বি ৬, নিয়াচিন আৰু থাইয়ামিনকে ধৰি বহুতো ভিটামিন পোৱা যায়, যিয়ে পুৰুষৰ ষ্টেমিনা বৃদ্ধি কৰাত সহায় কৰে। গাখীৰত পোৱা কেলচিয়াম, ছডিয়াম আৰু পটাছিয়ামে শৰীৰক শক্তি প্ৰদান কৰে।


যদি আপুনি কম ওজনৰ বা ওজন বৃদ্ধিৰ কথা ভাবিছে, তেন্তে এই পানীয় আপোনাৰ বাবে ফলপ্ৰসূ হ’ব পাৰে। কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন পোৱা যায়। যিটো ওজন বৃদ্ধিৰ বাবেও উপকাৰী হ’ব পাৰে। হয়তো এই কাৰণেই জিমৰ প্ৰশিক্ষকসকলেও ওজন বৃদ্ধিৰ বাবে শুকান খেজুৰ খাবলৈ পৰামৰ্শ দিয়ে।

শুকান খেজুৰ আৰু গাখীৰ একেলগে সেৱন কৰিলে ৰক্তহীনতাৰ পৰা ৰক্ষা পাব পাৰি। ৰক্তহীনতা এনেকুৱা এটা ৰোগ, যিটো বেছিকৈ গৰ্ভাৱস্থাত মহিলাৰ ক্ষেত্ৰত হয়। এনে অৱস্থাত শৰীৰত তেজৰ অভাৱ হয় আৰু ভুক্তভোগীয়েও ভাগৰুৱা অনুভৱ কৰে। খেজুৰত থকা আইৰণে তেজ তৈয়াৰ কৰাত সহায় কৰে। এই কাৰণেই চিকিৎসকে গৰ্ভৱতী মহিলাক খেজুৰ সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে।

যদি আপুনি শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ লগত জড়িত ৰোগত অসুবিধা পায় তেন্তে খেজুৰ আৰু গাখীৰ খাব লাগে। গাখীৰ আৰু খেজুৰ একেলগে সেৱন কৰিলে শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্য বজাই ৰখাত সহায়ক হ’ব পাৰে। হাঁপানী ৰোগীৰ বাবে গাখীৰ আৰু খেজুৰ অতি উপকাৰী বুলি বিবেচিত হয়।

যিসকল পুৰুষে শাৰীৰিক দুৰ্বলতা আৰু যৌন স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে তেওঁলোকৰ বাবে গাখীৰ আৰু খেজুৰ সেৱন ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। এই দুটা বস্তু নিয়মিতভাৱে সেৱন কৰিলে পুৰুষৰ শক্তি বৃদ্ধি পায়। খেজুৰৰ টেষ্টষ্টেৰন হৰম’ন বৃদ্ধি কৰাৰ গুণ আছে। যিয়ে পুৰুষৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়, আনহাতে গাখীৰ ব্যৱহাৰ কৰি ষ্টেমিনা বৃদ্ধি কৰা হয়। খেজুৰ গাখীৰত উতলাই ৰাতিপুৱা খাব লাগে।


সঙ্গীত সূৰ্য‍্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ‍্যক উপজা দিন…

সঙ্গীত সূৰ্য‍্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ‍্যক উপজা দিন। কলিয়াবৰক ‘আপোন ঠাই’ বুলি ভবা সুধা কণ্ঠৰ মহাপ্ৰয়াণত পুত্ৰৱত দায়িত্ব পালন কৰা
ৰঞ্জিৎ ভট্টাচাৰ্য‍্যৰ কথাৰে –
ভূপেন্দ্ৰ স্মৰণ

এটি নতুন গীতৰে নযনৰ উপজা দিনৰ শ্ৰদ্ধাঞ্জলি

কলিয়াবৰৰ লগত সঙ্গীত সূৰ্য, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সমন্ধ পুৰণি। সেই সমন্ধৰ স্মৃতি চাৰণ কৰি ভূপেন দাই কৈছিল –

“কুঠৰীত মোৰ প্ৰাণটো সোমাই আছে। কলিয়াবৰ মোৰ অতি আপোন ঠাই।
কলিয়াভোমোৰা দলং হোৱাৰ আগতেও তেজপুৰৰ পৰা আমি কলিয়াবৰত জলপান খাই ১৯২৮ চনীয়া ফৰ্ড গাড়ীত উঠি নাজিৰালৈ যাওঁ।”

কাজিৰঙা বোলছবিৰ এটি গীত ভূপেন দাই গাইছে –

“কাজিৰঙা মোৰ সেউজ সপোন,
আপোন কঁহৰা বাগৰি,
সীমাৰ লুইত আৰু ডিফলু আপোন,
আপোন মৰমী কুঠৰী।
মোৰ কাজিৰঙাখনি অনন্য।”

দিনটো আছিল ২৯ জানুৱাৰী, ১৯৯৮। Glimpses of the Misty East শীৰ্ষক ধাৰাৱাহিকৰ চিত্ৰগ্ৰহণ কৰি আহি একেই উদ্দেশ্যৰে ভূপেন হাজৰিকা কলিয়াবৰৰ ভঁৰালী নামঘৰত উপস্থিত হৈছিলহি। ইতিপূৰ্বে কেইবাবছৰো কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান মঞ্চৰ উদ‍্যোগত চলি থকা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংঙ্গীত প্ৰতিযোগিতাৰ বিষয়ে তেখেতক কৰ্ম-কৰ্তাসকলে অৱগত কৰে আৰু নিমন্ত্ৰণো কৰে। তেখেতে নিমন্ত্ৰণ ৰক্ষাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও বিভিন্ন ব‍্যস্তাৰ বাবে হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উপস্থিত হ’ব পৰা নাছিল। কিন্তু ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ বাবে ২০০২ চনত ভূপেন দাই তেখেতৰ পিতৃ আৰু মাতৃৰ স্মৃতিত ‘নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা সোঁৱৰণী বঁটা’ আগবঢ়াইছিল। সম্ভবত, ভূপেন হাজৰিকাই স্বয়ং ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এইটোৱেই একমাত্ৰ বঁটা। যোৱা ভালেমান বছৰ ধৰি মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিত আয়োজিত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই। সঙ্গীত সূৰ্য‍্য, সুধাকণ্ঠগৰাকীৰ অনুগামীসকলে প্ৰতিযোগিতাখনি পুণৰ অনুষ্ঠিত কৰাতো আন্তৰিকতাৰে বাঞ্চা কৰে।


সেই সময়তেই ভূপেনদাৰ একান্ত অনুগামী বুলি কলিয়াবৰত খ‍্যাতি থকা সাংস্কৃতিক কৰ্মী ৰঞ্জিত ভট্টাচাৰ্য‍্যৰ সংযোগ নামৰ এটি অনুষ্ঠানৰ হৈ “কলিয়াবৰ” শীৰ্ষক এটি গীতত কণ্ঠদান কৰাৰ অনুৰোধ ৰক্ষা কৰাৰ কথা দিয়ে। ভূপেন দাই কথা দিয়া ধৰণেই কেছেটটিত কণ্ঠদান কৰিছিল। ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ নামৰ কেছেটত উল্লিখিত গীতটিত কণ্ঠদান কৰাৰ ওপৰিও আন কেইবাটাও গীততো কণ্ঠদান কৰিছিল। তেখেতৰ গীত হিচাপে শেষৰ ফালৰ ৰচনা কেছেটটিত সন্নিৱিষ্ট হৈছিল আৰু কেছেটৰ নামকৰণো সেই গীতটিৰেই হৈছিল। সাহিত‍্যিক পেঞ্চনাৰ তথা শিক্ষক কুসুম বৰাই ৰচনা কৰা আৰু সদ‍্য শিল্পী পেঞ্চনপ্ৰাপ্ত কণ্ঠশিল্পী-সুৰকাৰ যোগেন বৰদলৈয়ে সুৰাৰোপিত কৰা “এইখন কলিয়াবৰ” শীৰ্ষক গীতটিত কণ্ঠদান কৰি কলিয়াবৰক ধন‍্য কৰিছিল।
কুঠৰীৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ লগত আছিল ভূপেনদাৰ অকৃত্ৰিম বন্ধুত্ব‌। চন্দ্ৰ ফুকনৰ বাসস্থান আছিল ভূপেন দাৰ ভাতঘৰ, বহু গীতৰ ৰচনাৰ থলী। সেই বন্ধুত্বৰ সূত্ৰেই কুঠৰীত লৈছিল এটুকুৰা মাটি, সাজিছিল আটোম-টোকাৰিকৈ এটি ঘৰ। উজনি নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল সেই ঘৰটোত। এতিয়া ভূপেন দা নাই, সেই ঘৰটোৰ চোতালত আছে ভূপেনদাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি। এক ঐতিহাসিক স্থল হিচাবে সংৰক্ষণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ তৎপৰতা দেখুৱাইছিল। সোণোৱাল চৰকাৰে দায়িত্ব লৈয়েই কেবিনেটৰ প্ৰথম সভাত ভূপেনদাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ দুটিক সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল যদিও এতিয়াও বাস্তৱক্ষেত্ৰত ই বহু দুৰত। আনহাতে ভূপেনদাৰ টালিগঞ্জৰ ঘৰটি অসম চৰকাৰে ইতিমধ‍্যে অধিগ্ৰহণ কৰি এই ক্ষেত্ৰ অগ্ৰসৰ হৈছে।ইতিমধ‍্যে “সূৰ্য‍্যাস্তৰ পিনে ধাৱমান কিয়” শ্ৰব‍্য সঁফুৰাটিৰ জৰিয়তে পূৰ্বৰ সমন্ধৰ গভীৰতা বাঢ়িছিল ৰঞ্জিত ভট্টাচাৰ্য‍্য লগত। ৰঞ্জিতৰ সাংস্কৃতিক মনটোৰ সঠিক উমান পাইছিল ভূপেন দাই।


“ৰঞ্জিৎ,তোমাৰ সংস্কৃতিৰ প্ৰতি ধাউতি দেখি মই বৰ সুখী।। তুমি মাঠো সংস্কৃতিৰ পুজাই নকৰা – শ্ৰম কৰি নিজ হাতে সেই সৃষ্টিক কাৰ্য‍্যত পৰিণত কৰাত লাগি যোৱা।আশীৰ্বাদ কৰিলোঁ তোমাৰ অনাগত মূহুৰ্তবোৰ সুন্দৰতৰ হওক।”
ৰঞ্জিত ভট্টাচাৰ্য‍্যৰ সেই নিস্বাৰ্থ আন্তৰিকতাৰ প্ৰমাণ তেতিয়া পোৱা গৈছিল, যেতিয়া ৫ নৱেম্বৰত ভূপেন দাৰ মহাপ্ৰয়াণ হৈছিল। ভূপেন দাৰ মৃত‍্যুত পুত্ৰৱত এঘাৰ দিনীয়া ব্ৰত পালন কৰি সম্পূৰ্ণ বৈদিক নীতিৰে মুণ্ডন কৰি শ্ৰাদ্ধ পিণ্ড দিছিল। গুৱাহাটীৰ পৰা ভূপেন দাৰ দাহ সংস্কাৰৰ পিচত অস্থি আনি শিলঘাটৰ লুইতৰ পাৰত বিসৰ্জন দিছিল, কুঠৰীৰ ভূপেনদাৰ ঘৰটিৰ চোতালত স্থাপন কৰিছিল। য’ত এতিয়া ভূপেনদাৰ এটি আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে।
এতিয়াও ভূপেনদাৰ অস্থি কলহৰ সমুখত বন্তি-ধূপ জ্বলাই মহান অসমীয়াজনক ৰদ্ধা জনাই আহিছে।
ভূপেনদাৰ উপজা দিন পালন কৰিছে ৰঞ্জিৎ ভট্টাচাৰ্য‍্যৰ নিজাববীয়া চেষ্টাত।

আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ…

ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক।

আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ।

ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।

আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ।

অসমৰ সকলো জিলালৈ বৰষুণৰ এলাৰ্ট।

বজালী কাণ্ডৰ ধন ওলাল নলবাৰীত ! আইডিৰ উদ্ধাৰ ১৫ লাখ টকা…

বজালীৰ চুপাৰি কাণ্ডৰ ঘটনাই আৰক্ষী বিভাগটোক লজ্জানিত কৰাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হয় নগদ ১৫ লাখ টকা। বজালীৰ আৰক্ষী অধীক্ষক, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক সহ একাংশ বিষয়া কৰ্মচাৰীয়ে চুপাৰি ব্যৱসায়ী ৰবিউল ইছলাম ওৰফে ৰুবেলক ৫ কোটি টকা দাবী কৰিছিল। আনকি তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱালে স্বামী ববী সিং শৰ্মা ওৰফে সুভাষ চান্দক এনকাউন্টাৰ স্পেশিয়েলিষ্ট বুলি পৰিচয় কৰাই এক প্ৰকাৰ ধন আদায় নিদিলে গুলীয়াই মৰাৰ ভাবুকি দিছিল চুপাৰি ব্যৱসায়ী গৰাকীক। গোচৰ অবিহনে ৰবিউল ইছলামক লক্ আপত ৰাখি অত্যাচাৰ কৰিছিল এই আৰক্ষীৰ দলে। অবশেষত উপায় নাপাই ব্যৱসায়ী গৰাকী চিআইডিৰ কাষ চাপি অভিযোগ দাখল কৰে।

চিআইডিয়ে তদন্ত কৰি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱাল, উপ আৰক্ষী অধীক্ষক পুস্কল গগৈ, উপ পৰিদৰ্শক দেৱজিত গিৰি, চালকদ্বয় দীপজয় ৰয় আৰু নবিৰ আহমেদ, গায়ত্ৰী সোনোৱালৰ স্বামী ববী সিং শৰ্মা আৰু তেওঁৰ দালাল সৰুপেটাৰ কিশোৰ কুমাৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে। আনহাতে নলবাৰীৰ ঘগ্ৰাপাৰত নগদ ধন উদ্ধাৰ হোৱা ঘটনাক এই পৰ্যন্ত আনুষ্ঠানিক ভাবে চিআইডিয়ে সদৰি কৰা নাই যদিও গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এখন মোনাত ৰাখি থোৱা অবস্থাত এক গোপন স্হানৰ পৰা ধনৰাশি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চৰকাৰী বেতন তথা অন্যান্য সা-সুবিধাৰে পেট নভৰা খকুৱা আৰক্ষীৰ দলটোৱে সমগ্ৰ বিভাগটোক লজ্জানিত কৰা কাৰ্যক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ জনসাধাৰণে আৰক্ষীক আহ্বান জনাইছে।

দীঘলীপুখুৰীৰ পাছত বন্দৰ পৰিচালনা বহিৰাগতক। ধুবুৰী পাণ্ডু বন্দৰৰ দায়িত্ব মুম্বাইৰ বনিক গোষ্ঠীক…

ঐতিহাসিক দীঘলীপুখুৰী বহিৰাগত বনিক গোষ্ঠীৰ হাতত দিয়াৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌযাওঁতেই দুটাকৈ বন্দৰৰ পৰিচালনাৰ দায়িত্ব বহিৰাগত বনিক গোষ্ঠীৰ হাতত তুলি দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে নিবিদাৰ জৰিয়তে ধুবুৰী আৰু পাণ্ডু বন্দৰ দুটা মুম্বাইৰ “এ টু জেদ এক্সিম” প্ৰতিষ্ঠানটোক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰতিষ্ঠানটোৱে ৫ বছৰৰ বাবে বন্দৰ দুটা পৰিচালনা কৰিব।

২৫ জুলাইত ধুবুৰী বন্দৰ আৰু পাণ্ডু বন্দৰটো ৫ ছেপ্তেম্বৰত মুম্বাইৰ বনিয়াৰ হাতত তুলি দিয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে। এই বিষয়ে প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ ব্যৱসায়ীক মুৰব্বী ছোহেল কাজানীয়ে।উল্লেখযোগ্য যে মন্ত্ৰালয়টোৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত অতি গোপনে অসমৰ বন্দৰ দুটি বহিৰাগত বনিয়াৰ হাতত তুলি দিয়া কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

যোগীঘোপাত পচাৰুদ্দিন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পন্ন…

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাই পচাৰুদ্দিন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে । আজিৰে পৰা পৰা চলন্তপাৰা উঃ মাঃ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগা প্রতিযোগিতাখনিত হাটৰকী ক্লাব (কোকৰাঝাৰ), ইউনাইটেড এফ চি (বঙাইগাঁও), শালবাগান গোঁসাইগাঁও এফ চি, পায়নিৰ ক্লাব বিৰেন গাওঁ (চিৰাং), চ’ইবাৰী টি ইষ্টেট, হাদলাপাৰা গোৱালপাৰা, থাবালাপাৰা ৰিয়েল জুনিয়ৰ এফ চি(দুধনৈ), মর্নিং ইষ্টাৰ ফকিৰাগ্ৰাম, চিকামা ক্লাব হাগ্ৰামা ব্রীজ (মানিকপুৰ), কুৰুৱা ভাছা কৃশান জ্যোতি সংঘ ক্লাব (গোৱালপাৰা), বকো এচ চি (কামপুৰ), বাইদা এফ চি (ৰংচাই), ফ্ৰন্টিয়াৰ এফ চি টীম পল্টনবজাৰ ( গুৱাহাটী) আৰু ছাই ইস্পছ ক্লাব (কোকৰাঝাৰ) ফুটবল দলে অংশগ্রহণ কৰিব বুলি সন্থাৰ সাধাৰণ সম্পাদক মুস্তাক আলমে জানিবলৈ দিছে।

লগতে প্রতিযোগিতাখনিত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

কৃতী শিক্ষয়িত্ৰী আভা গোস্বামীৰ দেহাৱসান

মহানগৰীৰ ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আভা গোস্বামীৰ আকস্মিক বিয়োগ।


তেখেতৰ আকস্মিক বিয়োগত ছেইণ্ট মেৰীজ বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱকৰ লগতে শিক্ষক কৰ্মচাৰী সমাজ আৰু বহু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে; লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷


ৰাজ্যখনৰ এগৰাকী কৃতী শিক্ষয়িত্ৰী আছিল আভা গোস্বামী।

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ গোচৰৰ নতুন মূৰ: ভুক্তভোগী বনকৰা মহিলাগৰাকীক গোচৰ উঠাই ল’বলৈ ব্লেকমেইলিং

নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া তথা চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুভলক্ষ্মী দত্তক সুৰক্ষা দিয়াৰ নামত ব্লেকমেইলিঙত নামিল ৩ আটছা নেতা।

যিকোনো মূল্যৰ বিনিময়ত গোচৰ উঠাই লোৱাৰ প্ৰস্তাৱ। অপকৰ্মত লিপ্ত হোৱা ৩ আটছা নেতাক সংগঠনৰ পৰা বহিষ্কাৰ।

আটছাৰ শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক মুন ৰাজোৱাৰক বহিষ্কাৰ। বহিষ্কাৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ কৰ্মকাৰক।

নাজিৰা শাখা সমিতিৰ উপ-সভাপতি দিগন্ত কুৰ্মীকো বহিষ্কাৰ।

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ পৰা ধন লৈ গোচৰ প্ৰত্যাহাৰৰ চলাইছিল চেষ্টা।

ইতিমধ্যে বনকৰা মহিলাক কৰা নিৰ্যাতনৰ সন্দৰ্ভত আটছাৰ বৃহৎ প্ৰতিবাদৰ পাছতে বিষয়া গৰাকীক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে গৃহ বিভাগে নিলম্বিত কৰাৰ পাছতেই গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰি আছে আৰক্ষী বিষয়াগৰাকী ৷