Home Blog Page 1376

ওপজা দিনত ক্ৰিকেটাৰ শিখৰ ধাৱানৰ সৈতে মহাকাল মন্দিৰত পূজা আগবঢ়াই অভিনেতা অক্ষয় কুমাৰে…

অক্ষয় কুমাৰৰ ৫৬ সংখ্যক জন্মদিনটো অতি বিশেষ ধৰণেৰে উদযাপন কৰা হৈছে। পৰিয়ালৰ সৈতে মহাকাল মন্দিৰত উপস্থিত হয় অভিনেতাগৰাকী, য’ৰ পৰা তেওঁৰ ছবি আৰু ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জন্মদিন উপলক্ষে গ্লেমাৰ জগতৰ কোলাহল আৰু পাৰ্টিৰ পৰা আঁতৰি মহাকাল মন্দিৰত উপস্থিত হয় ছুপাৰষ্টাৰগৰাকী। য’ৰ পৰা অভিনেতাজনৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত অক্ষয় কুমাৰ (Akshay Kumar Movies) মহাকালৰ ভিতৰত বহি থকা দেখা গৈছে। অক্ষয় কুমাৰৰ লগতে তেওঁৰ পৰিয়াল আৰু ক্ৰিকেটাৰ শিখৰ ধাৱানকো ভগৱান শিৱৰ ভক্তিত নিমগ্ন হোৱা প্ৰায়ে দেখা যায়।



অক্ষয় কুমাৰ ভগ্নীৰ লগতে তেওঁৰ ভগ্নী, পুত্ৰ আৰাভ আৰু ক্ৰিকেটাৰ শিখৰ ধাৱনেও মহাকালৰ আৰতিত অংশগ্ৰহণ কৰে। খবৰ অনুসৰি মহাকালৰ দৰ্শন কৰাৰ পিছত অভিনেতা আৰু ক্ৰিকেটাৰ দুয়োজনে সংবাদ মাধ্যমৰ সৈতেও বাৰ্তালাপ কৰে, য’ত অক্ষয় কুমাৰে কয় যে তেওঁ দেশৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিছে। পূজাত শিখৰ ধাৱনে ভাৰতীয় দলৰ জয়ৰ কামনা কৰে।


মৰক্কোত ভয়ংকৰ ভূমিকম্প, ৬৩২ জনৰ মৃত্যু

মৰক্কোবাসী আতংকিত হৈ পৰিছে। প্ৰকৃতিৰ ৰোষত পৰিছে মৰক্কো। শুকুৰবাৰে নিশা প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় মৰক্কো।

এই বৃহৎ ভূমিকম্পৰ জোকাৰণিৰ ফলত মৃত্যু হয় ৬৩২ জন লোকৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত উৎপন্ন হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়। এই ভূমিকম্পৰ ফলত বহু ঘৰ অট্টালিকা খহি পৰে।

মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প।

এই ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাবে প্ৰকাশ পোৱা নাই তথাপিও দেশখনত বৃহৎ ক্ষয়-ক্ষতি হোৱাৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লোডশ্বেডিঙত অতিষ্ঠ ৰাজ্যবাসী৷ প্ৰচণ্ড গৰম কিম্বা প্ৰয়োজনীয় সময়ত বিদ্যুৎ উপলব্ধ নোহোৱাত চৰকাৰৰ প্ৰতি ক্ষোভ জনতাৰ।

ইয়াৰ মাজতেই বিদ্যুতৰ চাহিদা সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে বিশেষ আলোচনাত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০০ মেগাৱাট বিদ্যুৎ আবণ্টন বিচাৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰকীয়ে এই সন্দৰ্ভত বিচাৰ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে ৷

আৰম্ভ হ’ল ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সাংবাদিকতাৰ কৰ্মশালা

দুদিনীয়াকৈ আৰম্ভ দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সাংবাদিকতাৰ কৰ্মশালা।

DB Media Entertainment Instituteৰ উদ্যোগত এই কৰ্মশালা শনিবাৰৰ পৰা আৰম্ভ হৈছে।

মহানগৰীৰ বামুণীমৈদামত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাত ৰাজ্যৰ বহুকেইখন জিলাৰ সাংবাদিকে অংশগ্ৰহণ কৰিছে।

প্ৰায় ৯ মাহ প্ৰস্তুতিৰ অন্তত আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল G20 শিখৰ সন্মিলন…

প্ৰায় ৯ মাহ প্ৰস্তুতিৰ অন্তত আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল G20 শিখৰ সন্মিলন।

৪০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু জনপ্ৰতিনিধিয়ে অংশ ল’বলগীয়া এই সন্মিলনৰ জৰিয়তে ভাৰতে বিশ্বত নিজৰ শক্তিশালী স্থিতি পুনৰবাৰ প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিব।

G20 শিখৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপ্ৰধান আৰু জনপ্ৰতিনিধিসকলক আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

কামৰূপ জিলাৰ মামণি কলিতালৈ ‘২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা’

৫ ছেপ্তেম্বৰ ” শিক্ষক দিৱস” উপলক্ষ্যে কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা জিলা কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত বেড়ীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মামণি কলিতালৈ “২০২৩ বৰ্ষৰ কৃতী শিক্ষক বঁটা ” প্ৰদান কৰা হয়।

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত এইবাৰ এই বঁটা প্ৰদান অনুষ্ঠানটি ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত কৰা হয়। কলিতাক বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লগতে অৱসৰ প্ৰাপ্ত আৰক্ষী অধীক্ষক ড°কুলধৰ শইকীয়া দেৱে।

সভাত উপস্থিত থাকে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া দেৱ , কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু বহু গণ্য মান্য ব্যক্তি। উল্লেখযোগ্য যে মামণি কলিতাই যোৱা বিগত ২০১২ বৰ্ষৰ পৰা শিক্ষকতা বৃত্তিত জড়িত হৈ আছে।

তেওঁ আমৰাঙ্গা নিবাসী শিক্ষক শ্ৰী ভাস্কৰ জ্যোতি দাসৰ সহধৰ্মিনী। তেওঁৰ এই সফলতাই বিদ্যালয় তথা অঞ্চলবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনে।

অনভিজ্ঞতা আৰু একাগ্ৰতাহীনতাৰ বাবে অসম পিছ পৰি আছে – এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ…

অনভিজ্ঞতা আৰু শিকাৰ প্ৰতি ধাউতি নথকা বাবে আমি বহু ক্ষেত্ৰত পিছ পৰি আঁছো। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি জনতা ভবনত এই মন্তব্য কৰি ডঃ শৰ্মাই কয় যে অসমত প্ৰকৃতিৰ অলেখ সমল আছে। কিন্তু পৰ্যটক সকলক আমি বুজাব নাজানো। তেওঁ কাজিৰঙা ভ্ৰমনৰ বাবে অহা পৰ্যটক সকলক চৰাইদেউৰ মৈদামৰ কথা নকওঁ। ইয়াৰ ফলত বহু সংখ্যক পৰ্যটকে কাজিৰঙা, কহৰা ভ্ৰমন কৰি উৰা মাৰে শ্বিলঙলৈ। কাজিৰঙাৰ জিপছিৰ চালক সকলে কেইটামান শব্দ শিকি চৰাইদেউ, হাফলঙ, ডিমাহাচাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা ক’লে তেওঁলোকে নিশ্চিত ভাবে সেই স্হান বোৰলৈ পৰিভ্ৰমণ কৰিবলৈ যাব।

আমি টাৱাঙৰ কথা ক’লে তেওঁলোকে এনিশা তেজপুৰত কটাব লাগিব। তেজপুৰৰ সৌন্দৰ্য্য এদিন উপভোগ কৰিলে আন এগৰাকী পৰ্যটকে জানিব পাৰিব। কিন্তু কাজিৰঙালৈ অহা পৰ্যটকক মাথো এশিঙীয়া গড়ৰ বাহিৰে আন কথা নকয় চালক সকলে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জম্মু কাশ্মীৰ, ৰাজস্থান আদি ৰাজ্যৰ লগত ফেৰ মাৰিব পৰা সম্পদৰে ৰাজ্যখন ভৰি থকাৰ পিছতো পৰ্যটকক প্ৰয়োজনীয় আকৰ্ষন কৰিব পৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ডঃ শৰ্মাই ইয়াৰ বাবে আমাৰ অনভিজ্ঞতা, আলোচনা নকৰাৰ লগতে শিকিবলৈ আগ্ৰহ নথকা স্বভাৱেৰে দায়ী বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে দেশী-বিদেশী বহু পৰ্যটকে কাজিৰঙাত এটা বা দুটা নিশা কটাই ঢাপলি মেলে চুবুৰীয়া ৰাজ্যলৈ।

পৰ্যটন বিভাগে কাজিৰঙা , মানাহ, পবিতৰালৈ অহা পৰ্যটক সকলক অসমৰ পৰ্যটন থলী সমূহৰ বিষয়ে জ্ঞাত কৰিবলৈ তেনে আঁচনি হাতত লোৱা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক পৰ্যটন বিভাগে অধিক গুৰুত্ব প্ৰদান কৰিলে অসমত ব্যয় হবলগীয়া ধন ওলাই যোৱাৰ পথ বন্ধ হোৱাটো নিশ্চিত।

ইণ্ডিয়া বাতিলকৰণত ৱেবচাইটত সংকট ! কি হব ডট ইন ব্যৱহাৰ কৰা ৱেবচাইটৰ…

ইণ্ডিয়াৰ সলনি দেশৰ নাম ভাৰত কৰাৰ দাবী উত্থাপন সময়তে ৱেবচাইট ব্যৱহাৰকাৰীলৈ আহিছে আন এক সংকট। ভাৰতত “ডট ইন ” ব্যৱহাৰ কৰা বহু ৱেবচাইট আছে। ইন শব্দটোৱে ইণ্ডিয়া অৰ্থাত ভাৰতৰ কথা বুজায়। এই ডট ইনৰ অৰ্থ কাউন্ট্ৰি ক’ড টপলেয়াৰ ডমেইন।

এই ৱেবচাইট সমূহে ডট ইন ব্যৱহাৰ কৰি বিশ্ববাসীক জনায় যে ডমেইন নামটো “নিক্সি ” সৃষ্টি কৰা সন্হা ইন ৰেজিষ্ট্ৰি ত পঞ্জীয়ন হৈছে। ভাৰত চৰকাৰৰ বাবে সংৰক্ষিত “গভট্ ডট ইন”। একেদৰে সৈনিকৰ বাবে “এমআইএল ডট ইন” আছুতীয়াকৈ সংৰক্ষিত কৰা হৈছে। তেনেদৰে চীনৰ বাবে “ডট চিএন”, এমেৰিকাৰ বাবে ” ডট ইউএছ ” ব্ৰিটিছৰ বাবে “ডট ইউকে” সংৰক্ষণ কৰা আছে। যদি ইণ্ডিয়াৰ সলনি ভাৰত নামাকৰণ কৰা হয় প্ৰথমেই সংকটত পৰিব “ডট ইন” ব্যৱহাৰ কৰা ৱেবচাইট সমূহ।

দেশত নতুনকৈ টপ লেয়াৰ ডমেইন সৃষ্টি কৰা হবনে তাক লৈওঁ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে যদি নতুনকৈ টপ লেয়াৰ ডমেইন সৃষ্টি কৰা হয় তেতিয়া হলে ভাৰতে “বিএইচ”, “বিআৰ” অথবা “বিটি” ব্যৱহাৰ কৰাটো বাধা আহি পৰিব। কিয়নো ইতিমধ্য “বিএইচ” বাহৰেইনৰ বাবে সংৰক্ষিত হৈ আছে। একেদৰে ” বিআৰ” ব্ৰাজিলৰ বাবে আৰু “বিটি” ভূটানৰ বাবে সংৰক্ষিত হৈ আছে। এনে পৰিস্থিতিত ভাৰত চৰকাৰে ” বিএইচ এআৰ এ টি” ( অৰ্থাত ইংৰাজীত ভাৰত) অথবা “বি এইচ আৰ টি” ৰে নতুন টপ লেয়াৰ ডমেইন সৃষ্টিৰ বিকল্প নাথাকিব বুলি তথ্য প্ৰযুক্তি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে।

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন…

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন। তথ্য অনুসৰি ৰাজ্যত ৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব ৫ম পৰ্যায়ৰ গুণোৎ‍সৱ।

প্ৰকাশিত জাননী অনুসৰি ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰিত উদযাপন কৰা হ’ব গুণোৎ‍সৱ।

আনহাতে ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহত গুণোৎ‍সৱ উদযাপন কৰা হ’ব। 

অৱশেষত বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ…

অৱশেষত বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ৷

আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয় ASP শুভলক্ষ্মী দত্তক৷

বনকৰা মহিলাক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ শুভলক্ষ্মী দত্তক৷