Home Blog Page 1382

খৈৰাবাৰীত ৭৫ টা মহিলা আত্মসহায়ক গোটক চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

বি টি চি চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ন কৰা ‘মাইনাও চৌৰাং বিথাংখি ‘ আঁচনিৰ অধীনত খৈৰাবাৰীত ৭৫ টি মহিলা আত্মসহায়ক গোটক এককালীন সাহাৰ্য হিচাপে ২৫ হেজাৰকৈ টকাৰ চেক বিতৰণ কৰে।

খৈৰাবাৰীৰ মহিৰঙ্গ ভৱনত খগেন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিষদীয় সমষ্টিৰ এম চি এল এ ভবেন্দ্ৰ চন্দ্ৰ বড়োৱে উদ্বোধন কৰে।

সভাখনত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আদিয়ে আঁচনিখনৰ উদ্দেশ্য ৰাইজক অৱগত কৰে।

সাংসদ গৰাকীয়ে উক্ত আঁচনি খনৰ সফল প্ৰয়োগে সমাজৰ দুৰ্বল শ্ৰেণীৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে। সভাত কেবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।

-দ্বীপেন ডেকা, নামখলা

বিশিষ্ট বৈষ্ণৱ পণ্ডিত জগত বনিয়াক বঢ়াৰ পো বটাঁ প্ৰদান আছুৰ

লখিমপুৰ জিলাৰ বাৰ বৈষ্ণৱৰ মিলন ভূমি নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত সোমবাৰে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰে ৷

এই উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত ,অৱসৰপ্ৰাপ্ত শিক্ষক জগত বনিয়াক শ্ৰী শ্ৰী বঢ়াৰ-পো বটাঁ প্ৰদান কৰা হয় ৷

উক্ত বঁটা প্ৰদান অনুষ্ঠানত শ্ৰী শ্ৰী বদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপ মহন্ত , ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামী, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা,সম্পাদক কৃষ্ণজ্যোতি হাজৰিকা প্ৰমূখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

যুৱ সাংবাদিক মনোজ কুমাৰ ডেকাক শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান…

উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত নুনমাটি সাহিত্য সভাৰ ৩৮ তম প্ৰতিষ্ঠা দিৱসটো কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ, সাধুকথা কোৱা প্ৰতিযোগিতা,২বজাত মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা পৰা নুনমাটি সাহিত্য সভাৰ সভাপতি যাদব চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰি,


কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, উপ-সভাপতি হৰেশ্বৰ ডেকা , সম্পাদক অঙ্কুৰ ৰায় মেধি। উক্ত সভাতসাহিত্য সভাৰ স্মৃতি গ্ৰন্থ ৰেঙণি উন্মোচন কৰা হয়।মুকলি সভাত বিভিন্ন প্ৰতিযোগীক বটা বিতৰণ কৰাৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ৮০ শতাংশৰ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ দিয়াৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অসমীয়া প্ৰতিদিন ৰ সাংবাদিক মনোজ কুমাৰ ডেকাক বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয়।এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ,নগদ ধন আৰু উপহাৰৰ টোপোলা।


এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিয়ে।সভাত নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে প্ৰদীপ কুমাৰ শৰ্মা, ৰত্নেশ্বৰ বসুমতাৰী, বীৰেন্দ্ৰনাথ কলিতা,কমল কলিতা , ডম্বৰুধৰ তালুকদাৰ, নৃপেন্দ্ৰ নাথ কাকতি আৰু নৰেন ৰয় উপস্থিত থাকে।

বোকাখাতত আয়োজন কৰা “ঋণ মেলা”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ…

অসম চৰকাৰে আত্মসহায়ক গোটসমূহক দক্ষতাৰ প্ৰশিক্ষণ, বিত্তীয় সাহায্য তথা বেংক ঋণ প্ৰদানৰ জৰিয়তে শক্তিশালী কৰি তুলিবলৈ নিষ্ঠাৰে কাম কৰি আহিছে।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ বাবে বোকাখাতত আয়োজন কৰা “ঋণ মেলা”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ ।


আজিৰ এই মেলাত আনুষ্ঠানিকভাৱে ১৪৮টা মহিলা আত্মসহায়ক গোটৰ হিতাধিকাৰীসকলক মুঠ ৪,৩৬,৫০,০০০ টকাৰ চেক বিতৰণ । হিতাধিকাৰীসকলক নিজ নিজ ক্ষেত্ৰত ধন সঠিকভাৱে বিনিয়োগ কৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰাৰ বাবে আহ্বান জনালে মন্ত্ৰী অতুল বৰাই।


বোকাখাতৰ চক্ৰ বিষয়া শ্ৰী চম্পক ডেকা, দণ্ডাধীশ, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বিজেপি-অগপৰ বিষয়ববীয়া, কৰ্মকৰ্তাসকল, বোকাখাত পৌৰসভাৰ পৌৰপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, পঞ্চায়ত প্ৰতিনিধিসকল, মহকুমা প্ৰশাসনৰ বিষয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া তথা বেংক কৰ্তৃপক্ষ, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ অনুষ্ঠানত উপস্থিত থাকে।

‘প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি এতিয়া নজ্বলা হ’ল’-এই মন্তব্য ভূপেন বৰাৰ…

‘প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি এতিয়া নজ্বলা হ’ল’।

APCC president Bhupen Borah addressing press conference at Rajiv Bhawan in Guwahati on 03-01-22.Pix by UB Photos

বাগানৰ মানুহে এতিয়া খৰিত ভাত ৰান্ধি খাবলগীয়া হৈছে।

টিংখাঙৰ হালমাৰী চাহ বাগিচাত এই মন্তব্য ভূপেন বৰাৰ।

ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ ! নগাঁৱৰ ধিং গেটত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ…

সঘনাই বিদ্যুৎ কৰ্তনত যমৰ যাতনাত ভুগিছে ৰাইজ

ৰাজ্যৰ প্ৰায়বোৰ জনতাৰেই একেই দশা

প্ৰয়োজনৰ সময়ত বিদ্যুতে লুকা-ভাকু খেলিছে

ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ

প্ৰতিমূৰ্ত্তি দাহ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

অতিষ্ঠ হৈ ঘেৰাও বিদ্যুৎ বিভাগৰ কাৰ্যালয়

নগাঁৱৰ ধিং গেটত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্ত্তি দাহ।

সোমবাৰে দিনৰ ১১ বাজি ৪০ মিনিটত নগাওঁ জিলা আমছুৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে। প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি চৰকাৰক বিদ্যুতৰ যোগান নিয়মীয়া কৰণৰ দাবী জনোৱাৰ লগতে বিদ্যুতৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনোৱা ওপৰিও অনাগত সময়ত চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংঘঠনটোৱে।

Sleep Modeত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ ! ২২ ছেপ্তেম্বৰ পৰ্যন্ত পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা…

Sleep Modeত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ। সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে APXS আৰু LIBS payloads।

২২ ছেপ্তেম্বৰ পৰ্যন্ত পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা। ISRO-এ মুকলি কৰিলে বিশেষ আলোকচিত্ৰ।

চন্দ্ৰত সূৰ্য উদয় হোৱাৰ লগে লগে ৰ’ভাৰ প্ৰজ্ঞান কাৰ্যক্ষম হৈ উঠিব বুলি আশাবাদী ISRO

টংলাত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ…

টংলাত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ। গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজ তথা উদ্যমী যুৱক-যুৱতীসকলক আৰ্থিকভাৱে স্বাৱলম্বীৰ লগতে স্বনিয়োজিত কৰাৰ উদ্দেশ্যে আজিৰে পৰা টংলা পৌৰসভাৰ সভাগৃহত পাঁচদিনীয়া বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ, লালপুল,অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু পিডানলামা ফাৰ্মাৰ কোম্পানীৰ সহযোগত অনুষ্ঠিত হোৱা কৰ্মশালাত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দিয়ে ড০ প্ৰদীপ ৰাজবংশী, ড০ সুলভ শৰ্মা আৰু কৃষি , আত্মাৰ মৃণালী দেৱীয়ে।

গাহৰি পালন কৰিব লাগিলে ইয়াৰ যতন আৰু সুৰক্ষা, চিকিৎসাৰ ওপৰত কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক বৈজ্ঞানিক ভিত্তিত প্ৰশিক্ষণ দিয়াৰ লগতে ফাৰ্মখনৰ আকাৰ আৰু সুবিধাৰ ওপৰতো অৱগত কৰোৱা হয়। কৰ্মশালাত পিদানলামা ফাৰ্মাৰ কোম্পানী পৰিচালন সঞ্চালক প্ৰসন্ন ৰাভা, পৰিচালক দিগন্ত ৰাভা,বাবুল চন্দ্ৰ ৰাভা,শিখা ৰাভা আৰু ধনেশ্বৰ ৰাভাই বিশেষভাৱে সহযোগ আগবঢ়ায়।

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ  তিৰোভাৱ তিথি…

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ঢেকীয়াজুলিৰ চিৰাজুলিস্থীত শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰত আজি ভকত বৈষ্ণৱ সকলে অনুষ্ঠিত কৰিছে নাম প্ৰসংগ। আজি ভকত বৈষ্ণৱ সকলে নাম প্ৰসংগ অনুষ্ঠিত কৰি শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাক প্ৰণিপাত জনাইছে৷আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰ প্ৰাংগনতঃআজি গুৰুজনাৰ নাম প্ৰসংগত জীপাল হল চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ প্ৰাংগন।

ইপিনে চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰত আজি উপস্থিত হয় ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালঃমন্ত্ৰী অশোক সিংঘালে চিৰাজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰত উপস্থিত হৈ নাম প্ৰসংগত অংশগ্ৰহণ কৰে৷

টেঙাখাতৰ ৰাজশ্ৰী দুৱৰাৰ সাফল্য ৷ সোনৰ পদকেৰে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ…

টেঙাখাতৰ ৰাজশ্ৰী দুৱৰাৰ সাফল্য ৷ সোনৰ পদকেৰে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ ৷ ডিব্ৰুগড় জিলাৰ টেঙাখাত এখন কৃষি প্ৰধান অঞ্চল যদিও এই অঞ্চলৰ শিক্ষাৰ্থী সকলে দিনক দিনে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ সেই অনুসৰি নিজ টেঙাখাত নিবাসী সমাজ সেৱক পিতৃ কুচেৱ দুৱৰা আৰু শিক্ষয়িত্ৰী মাতৃ জ্যোৎস্না দুৱৰাৰ কন্যা ৰাজশ্ৰী দুৱৰাই ডিব্ৰুগড় মনোহাৰী দেৱী মহিলা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নতুন দিল্লীৰ Institute of Clinical Research India(ICRI) ৰ পৰা সদ্য ঘোষিত ফলাফল অনুসৰি Clinical Research বিভাগত সোনৰ পদক জয়ৰে প্ৰথম বিভাগৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি টেঙাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ইয়াৰ পিছতে ৰাজশ্ৰী দুৱৰাই যোৱা ১২ ৰ পৰা ১৯ আগষ্টলৈ মালয়েছিয়াত অনুষ্ঠিত হোৱা Asia youth International Model United Nation ৰ INTERPOL Council ত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰি International political Instabitilty ঃ Preventing the world from Global threats শীৰ্ষক বক্তৃতা প্ৰদান কৰি ভূয়সী প্ৰশংসাৰ প্ৰমান পত্ৰ লাভ কৰিবলৈ সক্ষম হয় ৷

এই গৰাকী মেধাবী ছাত্ৰীয়ে পুনৰ আগন্তক ৬ৰ পৰা ৯ অক্টোবৰলৈ তুৰ্কীত অনুষ্ঠিত হ’ব লগীয়া “ Best Diplomat conference ” ত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে ৷ সম্প্ৰতি তেওঁ অষ্ট্ৰেলিয়াৰ চিড্‌নি বিশ্ববিদ্যালয়ত Neuro Science বিষয়ত গৱেষনা কৰিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি নিজৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰাখিছে ৷ এই গৰাকী ছাত্ৰীৰ এনে সফলতাৰ বাবে পৰিয়ালৰ লগতে টেঙাখাতৰ শৈক্ষিক সমাজ উৎফুল্লিত হৈ অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে।