Home Blog Page 1385

যোৰহাটৰ চেলেংহাটস্থিত সপ্তধ্বনী টাইকোৱানণ্ডো ক্লাৱৰ উদ্যোগত পূব লাহিং গাঁও পঞ্চায়ত প্ৰাংগণত অনুষ্ঠিত আন্তঃক্লাব ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা…

যোৰহাট জিলাৰ চেলেংহাটস্থিত সপ্তধ্বনী টাইকোৱানণ্ডো ক্লাৱৰ উদ্যোগত পূব লাহিং গাঁও পঞ্চায়ত প্ৰাংগণত আজি অনুষ্ঠিত হয় আন্তঃক্লাব ভিত্তিক টাইকোৱাণ্ডো প্ৰতিযোগিতা। উল্লেখযোগ্য যে সপ্তধ্বনী টাইকোৱাণ্ডো ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰতিযোগিতা খনিত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে ক্ৰমে স্থানীয় সমাজকৰ্মী সত্যজিৎ ফুকন আৰু উদযাপন সমিতিৰ সভাপতি তথা পূব লাহিং গাঁও পঞ্চায়তৰ সভাপতি ঋতু বুঢ়াগোহাঁয়ে। উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে গছপুলি ৰোপণ কৰে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাধৱ গগৈ আৰু চেলেংহাট প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধাই।

সাংস্কৃতিক কৰ্মী দেৱবিকাশ দত্তই আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত যোৰহাট জিলা টাইকোৱাণ্ডো সন্থাৰ সম্পাদক গজেন বৰা, টীয়ক টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ মূখ্য প্ৰশিক্ষক দিগন্ত গগৈ, সপ্তধ্বনি চাৰুকলা বিদ্যালয়ৰ অধ্যক্ষ নৃপেন গগৈ, চেলেংহাট প্ৰেছ ক্লাৱৰ সম্পাদক অনুৰাগ শইকীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উক্ত খেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদ তুষাৰ পালে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰে।

‘গাদৰ ২’ৰ সফলতাৰ পাৰ্টিত উপস্থিত শ্বাহৰুখ খান। দুয়ো তাৰকাৰ মাজত অন্ত পৰিল শত্ৰুতাৰ…

ছানি দেউল আৰু শ্বাহৰুখ খানৰ মাজত ৰ্ঘদিন ধৰি বন্ধ হৈ আছিল কথা-বতৰা। কিন্তু এতিয়া যেন এই শত্ৰুতাৰ অন্ত পৰিছে। আচলতে শ্বাহৰুখ খানে গাদাৰ ২ৰ সফলতা পাৰ্টিত অংশগ্ৰহণ কৰিছে। শনিবাৰে ছানি দেউলে তেওঁৰ ছবি ‘গাদাৰ ২’ৰ সফলতাৰ বাবে এক গ্ৰেণ্ড পাৰ্টি আয়োজন কৰে। এই সময়ছোৱাত অনিল কাপুৰ, জেকী শ্ৰফ, অনুপম খেৰৰ দৰে বলীউডৰ প্ৰবীণ তাৰকাই অংশগ্ৰহণ কৰা পাৰ্টিত শ্বাহৰুখ খানেও অংশগ্ৰহণ কৰে।

পত্নী গৌৰী খানৰ সৈতে ছানি দেওলৰ পাৰ্টিত উপস্থিত হ’ল শ্বাহৰুখ খান। এই সময়ত তেওঁক পত্নীৰ হাতত ধৰি থকা দেখা গৈছিল। ১৬ বছৰ ধৰি ছানী দেউল আৰু শ্বাহৰুখ খানৰ মাজত বন্ধ হৈ আছিল কথা-বতৰা। ১৯৯৩ চনত মুক্তি পোৱা ‘দৰ’ ছবিখনত ছানী দেওল আৰু শ্বাহৰুখ খানে একেলগে কাম কৰিছিল। ছবিখনত শ্বাহৰুখ খানে ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ছানী দেউলে মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত শ্বাহৰুখ খান ছবিখনত খলনায়কতকৈ বেছি নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল ছানী দেওল আৰু কিং খানৰ মাজত বিবাদ।

এতিয়া ছানী দেওল আৰু শ্বাহৰুখ খানৰ বিবাদ যেন শেষ হ’ল। শ্বাহৰুখে তেওঁৰ ছবি ‘গাদাৰ ২’ৰ সফলতা দেখি ছানী দেউলক ফোন কৰি অভিনন্দন জনায়।


এই তাৰিখত জন্ম হোৱা যুৱতীসকল স্বামীৰ বাবে হৈ পৰে ভাগ্যশালী। বিয়া পিছত স্বামী হৈ পৰে ধনী…

সংখ্যা বিজ্ঞানত কোৱা হৈছে যে নিৰ্দিষ্ট তাৰিখত জন্ম হোৱা ছোৱালীবোৰে অতি ভাল জীৱন সংগী বুলি প্ৰমাণিত। কেৱল এয়াই নহয়, এই ছোৱালীবোৰে বিয়াৰ পিছত স্বামীৰ বাবে অত্যন্ত ভাগ্যৱান বুলি প্ৰমাণিত। জ্যোতিষৰ মতে বিবাহৰ পিছত পতি-পত্নীৰ সৌভাগ্য দুয়োৰে ওপৰত প্ৰভাৱ পেলায়। এই প্ৰভাৱ ভাল আৰু বেয়া দুয়োটা হ’ব পাৰে। সংখ্যা বিজ্ঞানৰ মতে এই বিষয়ত ৰেডিক্স ৩ৰ ছোৱালীবোৰ অতি ভাগ্যৱান। তেওঁলোকে নিজেও বিলাসী জীৱন লাভ কৰে আৰু বিয়াৰ পিছত স্বামীৰ ভাগ্যও জিলিকি উঠে।

সংখ্যা বিজ্ঞানৰ মতে ৩ নম্বৰৰ ছোৱালী কিছুমান ক্ষেত্ৰত জন্মতে ভাগ্যৱান হয়। যিকোনো মাহৰ ৩, ১২, ২১ বা ৩০ তাৰিখে জন্ম হোৱা ছোৱালীক বিয়া কৰালে ভাগ্য উন্নত হয় যুৱকসকলৰ। বিবাহ আৰু উন্নতিৰ পিছত তেওঁলোক অতি ধনী হৈ পৰে। পৰিয়ালটোৱে সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰে।

Radix 3 ৰ ছোৱালী বহুত চতুৰ, তেওঁলোকে নিজৰ প্ৰতিভাৰ বলত সফলতা লাভ কৰে। প্ৰতিটো খোজতে তেওঁলোকে ভাগ্যৰ সমৰ্থন পায়। লগতে এই ছোৱালীবোৰে নিজৰ সংগীৰ প্ৰতি অতি সৎ।

ৰেডিক্স ৩ থকা ছোৱালীবোৰে নিজৰ স্বামীক বহুত ভাল পায়। জীৱনৰ প্ৰতিটো খোজতে তেওঁলোকে স্বামীক সহায় কৰে, যত্ন লয়। ইয়াৰ লগতে আনক সুখী কৰি ৰখাৰ আচৰিত কলাও তেওঁলোকৰ আছে।

ইয়াৰ লগতে গুৰুজনাৰ প্ৰভাৱৰ বাবে এই ছোৱালীবোৰ ধৰ্মীয় স্বভাৱৰ আৰু ভগৱানক বিশ্বাস কৰে। তেওঁলোকে বহুত সন্মান পায় আৰু গুপ্ত বিষয়ৰ বিষয়েও তেওঁলোকৰ বহুত জ্ঞান থাকে।

জিম্বাৱৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰীকৰ ৪৯ বছৰ বয়সত দেহাৱসান…

জিম্বাৱৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰীকৰ দেহাৱসান।

৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। কৰ্কট ৰোগত আক্ৰান্ত হৈছিল প্ৰখ্যাত অলৰাউণ্ডাৰগৰাকী।

তেওঁৰ মৃত্যুৰ কথা ছ’চিয়েল মিডিয়াত নিশ্চিত কৰে পত্নীয়ে।

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে…

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে।

এছিয়ান গেমছৰ দ্বিতীয় তালিকাত সন্নিবিষ্ট হ’ব অম্লানৰ নাম।

যোগ্যতা অৰ্জনৰ পিছতো অম্লান বৰগোহাঁইয়ে এছিয়ান গেমছত স্থান হেৰুৱাইছিল।

পুৰুষৰ ২০০ মিটাৰত যোগ্যতা অৰ্জন কৰিও স্থান হেৰুৱাইছি অম্লানে।

চীনৰ বিশ্ব ইউনিভাৰ্ছিটি গেমছৰ জৰিয়ত হংজাও এছিয়ান গেমছলৈ পুৰুষৰ ২০০ মিটাৰত যোগ্যতা অৰ্জন কৰিছিল অম্লানে।

যোগ্যতা অৰ্জনৰ পিছতো অম্লান বৰগোহাঁইৰ নামটো ভাৰতীয় অলিম্পিকে কৰ্তন কৰিলে বুলি চৰ্চা হৈ আছিল।

সকলোৱে মনত উৎকণ্ঠা সৃষ্টি হৈছিল।

কিয় এছিয়ান গেমছত বাদ পৰিল অসমৰ অম্লান বৰগোহাঁইৰ নাম।

কিন্তু ইতিয়া এক খবৰ আহিছে যে এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে।


এই বিশেষ বাৰ্তাটো জনাইছে এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট লক্ষ্য কোৱঁৰে।

কামৰূপ মেট্ৰ’ৰ আপৰ যুটীয়া সমন্বয়ক হেপী গগৈৰ পদত্যাগ…

কামৰূপ মেট্ৰ’ৰ আপৰ যুটীয়া সমন্বয়ক হেপী গগৈৰ পদত্যাগ। জিতুল ডেকাৰ গেঙৰ মানসিক অত্যাচাৰৰ পৰিণতিতে দল এৰিলে হেপীয়ে।

জিতুল ডেকা আৰু তেওঁৰ টীমে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল হেপী গগৈক। দিপাংকৰ কলিতাৰ বিৰুদ্ধে নেত্ৰীগৰাকীয়ে উত্থাপন কৰিছিল মহিলাৰ শ্লীলতা হানিৰ অভিযোগ।

AAPৰ পৰা পদত্যাগ কৰি হেপী গগৈৰ ফেচবুক পোষ্ট।

দেৰগাঁৱৰ গ্লবেল প্ৰফেচনেল একাডেমীত সৌন্দৰ্য চৰ্চাৰ প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান…

দেৰগাঁৱৰ বৃত্তিমুখী পাঠ্যক্ৰমৰ আগশাৰীৰ প্ৰতিষ্ঠান গ্লবেল প্ৰফেচনেল একাডেমীত আজি ৰূপসজ্জা পাঠ্যক্ৰমৰ প্ৰমাণ পত্ৰ বিতৰণৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত হয় । একাডেমীৰ স্বত্বাধিকাৰ জয়জিৎ বৰাই আঁত ধৰা সভাখনিৰ সভাপতিত্ব কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই। পদ্মাক্ষী বৰাই উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰা সভাখনিত উদয়ণ একাডেমীৰ অধ্যক্ষ তথা সু- বক্তা ভাস্কৰ বৰা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি একাডেমীত প্ৰশিক্ষণ গ্ৰহন কৰি থকা শিক্ষাৰ্থী সকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে।

যোৰহাটৰ মেক আপ আৰ্টিষ্ট ডলি বৰা আৰু গিতালী শইকীয়া উপস্থিত থকা এই সভাতে প্ৰশিক্ষক উষা নাথৰ তত্বাৱধানত সৌন্দৰ্য চৰ্চাৰ ছমহীয়া পাঠ্যক্ৰম সমাপ্ত কৰা কেইবাগৰাকীও ছাত্ৰীয়ে ৰূপসজ্জা প্ৰদৰ্শন কৰে। সভাত প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰত্যেকগৰাকী প্ৰশিক্ষাৰ্থীক বিশিষ্ট অতিথিৰ হতুৱাই আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে সৌন্দৰ্য চৰ্চাৰ লগতে অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা কম্পিউটাৰ শিক্ষা, নাৰ্ছিং, কাতিং আদি বৃত্তিমুখী শিক্ষা প্ৰদান কৰা এই গ্লবেল প্ৰফেচনেল একাডেমীৰ উদ্যোগত বিভিন্ন সময়ত দেৰগাঁও নগৰত সমাজিক কাম কাজ কৰি দেৰগঞা ৰাইজৰ শলাগ পাবলৈ সক্ষম হৈছে।

বহুবিবাহ নিষিদ্ধ কৰাৰ আইনী প্ৰস্তাৱ ৪৫ দিনৰ ভিতৰত কৰা হ’ব চূড়ান্ত

অসম চৰকাৰে বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে ডিচেম্বৰৰ ভিতৰত বিধানসভাত বিধেয়ক দাখিল কৰিবলৈ সাজু হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে যে অহা ৪৫ দিনৰ ভিতৰত এই প্রস্তাৱ চূড়ান্ত কৰিব৷

ৰাজ্যপ্ৰশাসনে প্ৰস্তাৱিত আইনখনৰ ওপৰত ৰাজহুৱা মতামত বিচাৰিছিল আৰু যথেষ্ট সঁহাৰি লাভ কৰিছিল।

মুঠ ১৪৯টা পৰামৰ্শ দাখিল কৰা হৈছিল, যি বিষয়টোৰ সৈতে শক্তিশালী ৰাজহুৱা সম্পৰ্ক প্ৰদৰ্শন কৰিছিল।

আকৰ্ষণীয়ভাৱে, ইয়াৰে ১৪৬ টা পৰামৰ্শ বিধেয়কৰ সপক্ষে আছিল, যি একাধিক পতি-পত্নীক বিয়া কৰোৱা নিষেধাজ্ঞাৰ প্ৰতি জনসাধাৰণৰ শক্তিশালী সমৰ্থন ৰখাৰ ইঙ্গিত দিয়ে। অৱশ্যে, তিনিটা সংগঠনে প্ৰস্তাৱিত আইনৰ বিৰোধিতা প্ৰকাশ কৰিছিল।

তিনিচুকীয়াত বিজেপিৰ মিত্ৰ দলসমূহৰ বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ৰাজ্য চৰকাৰৰ বহুবিবাহ নিষিদ্ধ কৰাৰ কৰ্তৃত্বৰ সম্ভাৱনীয়তা মূল্যায়নৰ বাবে এখন আইনী সমিতি গঠন কৰা হৈছিল আৰু এই ফ্ৰণ্টত আমি ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছো।”

সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা হেৰাল গুৰুত্বপূৰ্ণ ফাইল…

পুনৰ বিতৰ্কৰ আৱৰ্তত অসম সাহিত্য সভা

সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ পৰা হেৰাল গুৰুত্বপূৰ্ণ ফাইল

হেৰুওৱা ফাইলৰ সন্ধানত কাৰ্যালয়ত পাণবজাৰ আৰক্ষীৰ অভিযান

বিত্তীয় সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ ফাইল অন্তর্ধানক লৈ ৰহস্য

বৰ্তমানৰ বিষয়ববীয়াৰ বিৰুদ্ধে গোচৰ প্ৰাক্তন বিষয়ববীয়াৰ

বিষয়টো সন্দৰ্ভত সভাৰ স্থিতি স্পষ্ট কৰিবলৈ উপ-সভাপতিৰ দাবী

সনাতন ধৰ্মক “ডেংগু” আৰু “মেলেৰিয়া”ৰ সৈতে তুলনা মুখ্যমন্ত্ৰী পুত্ৰ উদয়ানিধিৰ…

‘মেলেৰিয়া, ডেংগুৰ দৰে সনাতন ধৰ্ম…’। ‘সনাতন ধৰ্ম মেলেৰিয়া-ডেংগুৰ দৰে, ইয়াক নিৰ্মূল কৰা প্ৰয়োজন’। মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মন্তব্যই জোকাৰিছে দেশ। সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনৰ এই ভাষ্য। এম কে ষ্টেলিনৰ পুত্ৰ উধয়ানিধিৰ এই মন্তব্য। শনিবাৰে উধয়ানিধিয়ে সনাতন ধৰ্মক “ডেংগু” আৰু “মেলেৰিয়া”ৰ সৈতে তুলনা কৰে।‘সনাতন বিলোপ সন্মিলন’ত ভাষণ দি উধয়ানিধি ষ্টেলিনে কয় সনাতন ধৰ্ম সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী।তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উধয়ানিধি ষ্টেলিনে সনাতন ধৰ্মক “মেলেৰিয়া” আৰু “ডেংগু”ৰ সৈতে সম্পৰ্কিত কৰাৰ লগতে ইয়াক নিৰ্মূলৰ আহ্বান জনোৱাৰ লগে লগে বিবাদৰ সূচনা কৰে।তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উধয়ানিধি ষ্টেলিনে শনিবাৰে সনাতন ধৰ্মক “ডেংগু” আৰু “মেলেৰিয়া”ৰ সৈতে তুলনা কৰি কেৱল বিৰোধিতা কৰাই নহয়, “নিৰ্মূল” কৰা উচিত বুলি কয়।

‘সনাতন বিলোপ সন্মিলন’ত ভাষণ দি উধয়ানিধি ষ্টেলিনে কয় যে সনাতন ধৰ্ম সামাজিক ন্যায় আৰু সমতাৰ বিৰোধী।বিজেপিৰ আই টি কোষৰ মুৰব্বী অমিত মালভিয়াই সনাতন ধৰ্মৰ ওপৰত কৰা মন্তব্যৰ বাবে উধয়ানিধি ষ্টেলিনক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ “৮০ শতাংশ জনসাধাৰণৰ গণহত্যাৰ আহ্বান জনাইছে”।