Home Blog Page 1385

শিক্ষক দিৱস উপলক্ষে গুৰু দক্ষিণাৰ এক কাহিনী সুৱঁৰি…..

১২শ শতিকাৰ প্ৰাকক্ষণত হায়ান সাম্ৰাজ্যৰ পৰিসমাপ্তি ঘটাত সেনাধক্ষ্য মিনিমটো ইৰিয়টমোৱে নিপ্পন( সেই সময়ৰ জাপান)ৰ ৰাজনৈতিক ইতিহাসত সামন্তবাদৰ সুচনা কৰে ৷ সেই সময়ত জাপানৰ সৰ্বেসৰ্বা সেনাধক্ষ্য মিনিমটোৱে জাপানখনক ৩০০খন ডাইমিঅ অৰ্থাত জিলাত বিভক্ত কৰি নিজকে চ’গান ( সামৰিক শাসক) ঘোষণা কৰে ৷ জিলাধিপতি ডাইমিঅ সকলে নিজ নিজ জিলাৰ সুৰক্ষাহেতু সশস্ত্ৰ বীৰযোদ্ধা পুহি ৰাখিছিল যিসকল চামুৰাই বুলি খ্যাত আছিল ৷ তেওঁলোকৰ হাততেই ডাইমিঅ সকলে কৰতোৱা খেতিয়ক সকলৰ সুৰক্ষাৰ আৰু প্ৰশাসন ব্যৱস্থা অৰ্পণ কৰি দিছিল ৷ এই সামন্তবাদ শাসন ব্যৱস্থা বাকফুপ্ৰথা বুলি খ্যাত আছিল ৷ জাপানৰ সেই শাসন কাল খিনিক কামাকুৰা কাল বুলি কোৱা হয় ৷ কাৰণ সেই সময়ত জাপানৰ ৰাজধানী আছিল কামাকুৰা ৷ চামুৰাই সকল নিপুণ তৰোৱাল চালক হোৱাৰ উপৰিও যোগ বলেৰে বলীয়ান আৰু কঠোৰ অনুশাসন মানি চলিছিল ৷ চামুৰাই সকলে সদায়েই দুখন তৰোৱাল ৰাখিছিল ৷ এখন ৰাখিছিল শত্রুক পৰাভূত কৰিবলৈ দুফুটীয়া তীক্ষ্ণ চোকা তৰোৱাল কাটনা আৰু আনখন শত্ৰুৰ হাতত পৰাভুত হ’লে নিজক আত্ম হত্যা কৰিবলৈ এফুটমান দীঘল ৱাকিজাচি তৰোৱাল ৷ দুয়োখন তৰোৱালক একলগে ডাইচো বুলি কোৱা হৈছিল ৷


প্ৰতিজন চামুৰাইৰে একোজনকৈ গুৰু আছিল আৰু তেওঁলোকে নিজৰ গুৰুৰ আদেশক সৰ্বোচ্চ সন্মান দিছিল ৷ গুৰুক অৱমাননা কৰাৰ ধৃষ্টতা তেওঁলোকৰ নাছিল ৷ অনুশাসন ভংগৰ অভিযোগ সত্য প্ৰমাণিত হলে গুৰুৰ আদেশ মানি অভিযুক্ত চামুৰাইজনে ৱাকিজাকি তৰোৱালেৰে নিজৰ পাকস্থলীত খুচি মৃত্যুক আঁকোৱালি লৈছিল ৷ আত্ম হত্যাৰ এই কঠোৰ অনুশাসন প্ৰথাক জাপানত চেপ্পাকু অথবা হাৰিকিৰি বুলি কোৱা হৈছিল ৷ চামুৰাই সকলে প্ৰধানতঃ সাতোটা আচৰণ বিধি মানি চলিছিল ৷ এই আচৰণ বিধিক জাপানৰ আত্মা অৰ্থাত বুচিডো বুলি কোৱা হৈছিল ৷ সেই সাতোটা আচৰণ বিধি ক্রমে- ন্যায় ( জি), সাহস ( য়্যু), দয়া (ফিন), সন্মান (শ্বি),ঐক্য ( মোকাটো), মৰ্য্যদা ( মেইয়ো) , আনুগত্য (শ্বু) আৰুস্ব-নিয়ন্ত্ৰণ (ফিচেই) ৷ ১৩শতিকাৰ সময়ত চীন মংগোলিয়াৰ সম্ৰাট কূবলেই খানৰ অধীনত আছিল ৷ সেই সময়ত কূবলেই খানৰ চীনা সৈন্যই বাৰে বাৰে নিপ্পন ( জাপান) আক্ৰমণ কৰিছিল যদিও প্ৰতিবাৰেই পৰাক্রমী চামুৰাই সকলৰ প্ৰবল প্ৰতাহ্বানত মুখ ঠেকেচা খাবলৈ বাধ্য হৈছিল ৷ ১৭০১ খ্ৰীষ্টাব্দত নিপ্পনৰ সম্ৰাট হিগাচিয়ামাই তেওঁৰ ৰাজধানী কিঅটোৰ পৰা এটা সজাতি দল ইডোত ( এতিয়াৰ টকিঅ) থকা চগুনৰ আদলতলৈ পঠিয়াইছিল ৷ সেই বিশেষ সঁজাতি দলটোৰ অভ্যৰ্থনাৰ ভাৰ দিয়া হৈছিল চগুনৰ এগৰাকী আগশাৰীৰ বিষয়া কিৰা ইয়চিনাকাক ৷ আকোৰ ডাইমিঅ আচানো নাগনৰিকো সেই সঁজাতি দলটোৰ অভ্যৰ্থনাৰ বাবে দায়িত্বভাৰ দিয়া হৈছিল ৷ কিন্ত চগুনৰ বিষয়া কিৰা আচানোৰ কামত একেবাৰেই সন্তুষ্ট হোৱা নাছিল৷ সুবিধা বুজি কিৰাই অতিথি সকলৰ,সন্মুখততে কথাই কথাই আচানোক ঠাট্টা বিদ্ৰুপ কৰিব ধৰিছিল ৷ সেই উপহাস শুনি শুনি হঠাত আচানোৱে এবাৰ নিজৰ খঙ দমাব নোৱাৰি কিৰাক হত্যা কৰিবলৈ হাতৰ মুঠিৰ কাটনাখনকে মাৰি পঠিয়ালে ৷ ইডোৰ আদালতত অস্ত্ৰ তুলি লোৱাটো নীতিবিৰূদ্ধ কথা ৷ সেয়েহে সামৰিক শাসক টাকাগুৱাই আচানোক বুচিড আচৰণ বিধিমতে চেপ্পাকু কৰিবলৈ আদেশ দিলে ৷


এইখিনিতে এটা কথা ক’ব লাগিব যে চামুৰাই সকলৰ নিজৰ গুৰুৰ মৃত্যুৰ লগে লগে অথৱা গুৰুৰ আস্থা হেৰুৱালে সমাজত নিজৰ চামুৰাই খিতাপ হেৰুৱাই পেলাই ৷ তেওঁলোকক তেতিয়া সমাজত ৰ’নিন বুলি পৰিচয় দিয়া হ’য় ৷ অবশেষত চগুনৰ আদেশমানি আচানোৱে নিজৰ ৱাকিজাচি তৰোৱালখনেৰে পাকস্থলীত খুচি আত্ম হত্যা কৰাৰ লগে লগে তেওঁৰ অনুগামী তিনিশ জন চামুৰাইয়েও নিজৰ খিতাপ হেৰুৱাই ৰ’নিন হৈ পৰিল ৷ তাৰে কেইজনমানক কিৰাই পৰৱৰ্তীসময়ত অভিসন্ধি কৰি হত্যা কৰিলে, কেইজনমানক ধনী খেতিয়ক কিছুমানে নিজৰ দেহৰক্ষী হিছাপে লগুৱা কৰি লৈ গ’ল ৷ কিন্ত ৰনিন হৈ পৰা সেই তিনিশ চামুৰাইৰ ভিতৰত সাতচল্লিচজন চামুৰাইয়ে তেওঁলোকৰ গুৰুৰ ষড়যন্ত্ৰমূলক হত্যাক সহজে মানি লব নোৱাৰিলে ৷ প্ৰায় এবছৰ কাল ধৰি ঐচি ইয়চিনোৰ নেতৃত্বত জাপানৰ সুগভীৰ জংঘলৰ মাজত আত্মগোপন কৰি যুদ্ধৰ আখৰা কৰি থকা সেই সাতচল্লিচজন চামুৰাই খিতাপ হেৰুৱা দুৰ্ভগীয়া ৰ’নিনে অৱশেষত চেগ বুজি ১৭০২ খ্ৰীষ্টাব্দৰ ১৪ ডিচেম্বৰৰ দিনাখন ইডোৰ সমীপৰ হন্জুত অতৰ্কিতে আক্ৰমণ কৰি গুৰু হত্যাকাৰী পাষন্ড কিৰাক শিৰচ্ছেদ কৰাৰ লগতে তেওঁৰ কুৰিজন চামুৰাইকো হত্যা কৰে ৷
এই ঘটনাই সমগ্ৰ নিপ্পন কপাই তুলিছিল ৷ দেশৰ জনগনে ৪৭ জন বীৰ ৰ’নিনে গুৰু হত্যাৰ পোটক লোৱাৰ ঘটনাটোক ভূয়সী প্ৰসংশা কৰিছিল ৷ নিশাটোৰ ভিতৰতেই সেই ৪৭জন পৰাক্রমী ৰ’নিন দেশবাসীৰ বাবে জাতীয় নায়ক হৈ পৰিছিল ৷আনকি জনসাধাৰণে সম্ৰাট হিগাচিয়ামা আৰু চোগুন টাকাগুৱাই ৰ’নিন সকলক হেৰুৱাই পেলোৱা খিতাপ ঘুৰাই ক্ষমা দান কৰিব বুলি দৃঢ বিস্বাস কৰিছিল ৷ দেশৰ জনগনৰ আশাক প্ৰত্যাখ্যান কৰি চোগুন টাকাগুৱাই ১৭০৩ খ্ৰীষ্টাব্দৰ ৪ ফেব্ৰুৱাৰীৰ দিনা সাতচল্লিচজন ৰ’নিনক বিধি বিধান মানি সন্মান সহকাৰে চেপ্পাকু গ্ৰহণ কৰিবলৈ আদেশ দিলে ৷ নিপ্পনৰ সমাজত চেপ্পাকু মৃত্যু দন্ডৰ লগত তুলনাই কৰা নহৈছিল ৷ ই আছিল চামুৰাই সকলৰ বাবে সৰ্বশ্ৰেষ্ঠ সন্মানীত মৃত্যুদান ৷চোগুন টাকাগুৱাৰ নিৰ্দেশত অকণো বিচলিত নহৈ নিপ্পনৰ জনগন আৰু পৰিয়াল স্বজন সকলোকে কন্দুৱাই সেই মহান সাতচল্লিচজন ৰ’নিনে একলগে হাঁহি মুখে যন্ত্ৰণা কাতৰ চেপ্পাকু বিধি মানিলৈ মৃত্যুক সাৱটি লয় ৷


চোগুন টাকাগুৱাৰ নিৰ্দেশত সন্মান সহকাৰে সাতচল্লিচজন বীৰ যোদ্ধাক ইডোৰ চেংকুলি মন্দিৰৰ বাকৰিত তেওঁলোকৰ গুৰু আচানোৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হ’য় ৷ আজিও জাপানৰ ৰাজধানীৰ টকিঅৰ চেংকুলি মন্দিৰত সেই সাতচল্লিচজন বীৰ ৰ’নিনক সুঁৱৰি দেশী বিদেশী পৰ্যটকৰ ভীৰ পৰিলক্ষিত হয় ৷ গুৰুৰ গুৰুদক্ষিণাৰ সেই বিৰল কাহিনীৰ ৰচোঁতা সেই মহান বীৰ ৰ’নিন সকলক সেৱা জনাই আজিলৈ সামৰণি মাৰিলো ৷

  • চুমিন্দ্ৰ চৌধুৰী,
    সাহিত্য অভিযন্তা
    নয়ডা, উত্তৰ প্ৰদেশ
    ২৯৷০৪৷২০২১

সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ দ্বিতীয় প্ৰক্ৰিয়া…

সফলতাৰে সম্পন্ন সূৰ্য অভিযানৰ দ্বিতীয় প্ৰক্ৰিয়া৷ ADITYA L1ৰ দ্বিতীয় Earth-bound maneuvre সম্পন্ন৷

পৃথিৱীৰ পূৰ্বৰ কক্ষপথৰ পৰা আৰু অধিক দূৰলৈ প্ৰক্ষেপ ADITYA L1ক ৷ প্ৰক্ষেপণৰ তৃতীয় পৰ্যায় আৰম্ভ হ’ব ১০ ছেপ্টেম্বৰত ৷

১০ ছেপ্টেম্বৰৰ পুৱতিনিশা ২.৩০ বজাত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া৷

প্ৰধানমন্ত্ৰী মোদীৰ পৰা মুখ্যমন্ত্ৰী যোগী আৰু ৰাহুলৰ পৰা কেজৰিৱাললৈকে জানি লওক এই ৰাজনৈতিক নেতাসকলৰ গুৰু কোন…

আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱসৰ দিনা সমগ্ৰ দেশৰ বিদ্যালয়সমূহতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। কিন্তু দেশৰ ৰাজনৈতিক নেতাসকলৰ গুৰু কোন সেয়া জানেনে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈকে তেওঁলোকে কাক নিজৰ ৰাজনৈতিক গুৰু বুলি গণ্য কৰে জানেনে? লক্ষ্মণৰাও ইনামদাৰক নিজৰ ৰাজনৈতিক গুৰু হিচাপে গণ্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোডীক ৰাজনীতিত অনাৰ কৃতিত্ব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ বিষয়া লক্ষ্মণৰাও ইনামদাৰক দিয়া হৈছে। একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে স্বামী দয়ানন্দ গিৰীক নিজৰ আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰে। ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল আৰু তাৰ আগতে তেওঁ বহু ৰাজ্যত দলৰ সম্প্ৰসাৰণৰ বাবে কাম কৰিছিল।আজি অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী। ২০১৩ চনত গঠন হোৱা আম আদমি পাৰ্টি মাত্ৰ ১০ বছৰৰ ভিতৰতে ৰাষ্ট্ৰীয় দলত পৰিণত হয়। আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী দুখন ৰাজ্যত আছে আৰু বহু ৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে। আন্না আন্দোলনৰ পৰা আম আদমি পাৰ্টিৰ উত্থান ঘটিছিল। সেই সময়ত অৰবিন্দ কেজৰিৱালও আন্না হাজাৰেৰ লগত আছিল। অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক গুৰু আন্না হাজাৰে। কিন্তু আন্না হাজাৰে ৰাজনৈতিক দল গঠনৰ পক্ষপাতী নাছিল বাবেই অৰবিন্দ কেজৰিৱালক ৰাজনীতিত আনিব নোৱাৰিলে।

গতিশীল নেতাৰ ভিতৰত গণ্য কৰা হৈছে ইউ পিৰ ৪ বাৰৰ মুখ্যমন্ত্ৰী তথা বি এছ পিৰ চুপ্ৰেমো মায়াৱতী। ৰাজনীতিত যোগদান কৰাৰ আগতে তাই এগৰাকী শিক্ষয়িত্ৰী আছিল। কাংশী ৰাম মায়াৱতীৰ ৰাজনৈতিক গুৰু বুলি কোৱা হয়। কাংশী ৰামৰ নিৰ্দেশনা অনুসৰণ কৰিহে ১৯৯৫ চনত মায়াৱতী ইউ পিৰ দৰে এখন ডাঙৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল। সেই সময়লৈকে মায়াৱতী আছিল ইউ পিৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ১৯৮৪ চনত মায়াৱতীয়ে প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বিজেপিৰ ফায়াৰব্ৰেণ্ড নেতা। যোগী আদিত্যনাথে মহন্ত অৱৈদ্যনাথক নিজৰ গুৰু বুলি গণ্য কৰে। যোগী আদিত্যনাথক বৈদ্যনাথৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা হয়। যোগী আদিত্যনাথ মহাত অৱৈদ্যনাথৰ প্ৰভাৱত সন্ন্যাসী হৈছিল। অৱসৰৰ পূৰ্বে যোগী আদিত্যনাথৰ নাম আছিল অজয় ​​কুমাৰ বিষ্ট। ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে সাংসদ হয় যোগী আদিত্যনাথ আৰু ১৯ বছৰৰ পাছত ইউ পিৰ মুখ্যমন্ত্ৰী হয়।

গান্ধী পৰিয়ালৰ ৰাজনীতি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে। অৱশ্যে ৰাহুল গান্ধীয়ে শৰদ যাদৱক নিজৰ গুৰু বুলি গণ্য কৰে। এবাৰ ৰাহুল গান্ধীয়ে নিজেই এই কথা উল্লেখ কৰিছিল। ২০০৪ চনত প্ৰথমবাৰৰ বাবে সাংসদ হৈছিল ৰাহুল গান্ধী। একেৰাহে ৪টা কাৰ্যকাল সাংসদ হৈ আছে ৰাহুল গান্ধী। ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতিও হৈ আহিছে।


ভাগ্যৰ দুৱাৰ খোল খালে অক্ষয় কুমাৰৰ। হিট হ’ল OMG 2। বৃদ্ধি কৰিলে তেওঁৰ পৰৱৰ্তি ছবিৰ বাজেট…

অক্ষয় কুমাৰৰ ছবি ‘হাউছফুল ৫’ সন্দৰ্ভত এক খবৰ ওলাইছে, যি খবৰব বিষয়ে শুনি আপুনিও আচৰিত হ’ব। খবৰ অনুসৰি মেকাৰে ‘হাউছফুল ৫’ৰ বাজেট ইমানেই বৃদ্ধি কৰিছে যে ই আপোনাৰ কল্পনাৰো বাহিৰত। এই ছবিখন মুক্তিৰ পূৰ্বে নিজৰ কেৰিয়াৰ ৰক্ষা কৰাটো অক্ষয় কুমাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল যদিও এই ছবিখনৰ সফলতাই তেওঁৰ কেৰিয়াৰত নতুন প্ৰাণ জগাই তুলিছে। কেৱল এয়াই নহয়, তেওঁৰ আগন্তুক ছবিখনৰ বাজেট ইমানেই বেছি যে আপুনি জানিলে স্তম্ভিত হ’ব। অক্ষয় কুমাৰৰ আগন্তুক ছবি ‘হাউছফুল ৫’ৰ বাজেট প্ৰায় ৪০০ কোটি টকা।


‘হাউছফুল’ ছবিখনৰ প্ৰথম খণ্ডটো ১৩ বছৰ আগতে অৰ্থাৎ ২০১০ চনত মুক্তি পাইছিল। এই ছবিখনৰ প্ৰথম খণ্ডৰ সফলতাৰ পিছত ৪টা খণ্ড পিছ পিছকৈ নিৰ্মাণ কৰা হৈছিল আৰু চাৰিওটা খণ্ডই হিট হৈছিল। আনকি ‘হাউছফুল’কো আটাইতকৈ সফল ফ্ৰেঞ্চাইজি বুলি কোৱা হয়। এই চাৰিখন ছবি হিট হোৱাৰ লগে লগে নিৰ্মাতাসকলে বহু টকা উপাৰ্জন কৰিছিল। এতিয়া পঞ্চম খণ্ডটোক আৰু অধিক বিশাল কৰিবলৈ মেকাৰসকলে ইয়াৰ বাবে অধিক ধন খৰচ কৰি গ্ৰেণ্ড স্কেলত শ্বুট কৰাৰ পৰিকল্পনা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘হাউছফুল ৫’ৰ বাজেট প্ৰায় ৪০০ কোটি টকা। ব্ৰিটেইনৰ সুন্দৰ স্থানত শ্বুটিং কৰা হ’ব ছবিখনৰ। এই ছবিখনত অক্ষয় কুমাৰৰ বাহিৰেও ৰিতেশ দেশমুখৰ নাম চূড়ান্ত কৰা হৈছে যদিও আন তাৰকাৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই। ২০১০ চনত আৰম্ভ হোৱা ‘হাউছফুল’ ফ্ৰেঞ্চাইজিৰ পৰিচালনা কৰিছিল সাজিদ খানে। দ্বিতীয় খণ্ড ‘হাউছফুল ২’ও পৰিচালনা কৰিছিল সাজিদ খানে। কিন্তু ইয়াৰ পিছত ৩ আৰু ৪ নং খণ্ডটো ফাৰহাদ ছামজীয়ে পৰিচালনা কৰিছিল আৰু এতিয়া ৫ম খণ্ডৰ শ্বুটিংও ফাৰহাদে পৰিচালনা কৰিব। ছবিখনৰ প্ৰযোজক ছাজিদ নাদিয়াদৱালা। এই ফ্ৰেঞ্চাইজিৰ প্ৰথম খণ্ডৰ বাহিৰে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ডই ১০০ কোটিতকৈও অধিক ধন সংগ্ৰহ কৰিছিল। ‘হাউছফুল ৫’ৰ সন্দৰ্ভতো মেকাৰসকলৰ বহু আশা আছে।

গাখীৰৰ সৈতে নাখাব এইসমূহ বস্তু। আপোনাৰ স্বাস্থ্যৰ হ’ব পাৰে ক্ষতি…

দৈনিক গাখীৰ খালে আমাৰ শৰীৰে কেলচিয়াম লাভ কৰে। কিন্তু কিছুমান বস্তু আছে যিবোৰ ভুলতেও গাখীৰৰ লগত খাব নালাগে, নহ’লে বেমাৰ হ’ব পাৰে। গাখীৰ খোৱাৰ ফলত কেলচিয়াম পোৱা যায়, যিয়ে আমাৰ হাড়ক মজবুত কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। গাখীৰৰ লগত কি কি বস্তু খাব নালাগে জানো আহক…

আয়ুৰ্বেদ বিশেষজ্ঞসকলৰ মতে বিলাহী কেতিয়াও গাখীৰৰ লগত খাব নালাগে। ইয়াৰ কাৰণ হ’ল বিলাহী এচিডিক। গাখীৰৰ সৈতে বিলাহী খালে বমি আৰু ডায়েৰিয়া হ’ব পাৰে।

কোনো টেঙা বস্তুৰ লগত কেতিয়াও গাখীৰ খোৱা উচিত নহয়। এনে কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। এই সংমিশ্ৰণ হৰম’নৰ বাবে ভাল বুলি গণ্য কৰা নহয়। আপুনি বদহজম, জ্বলন আদি সমস্যাত ভুগিব পাৰে।

যেতিয়াই আচাৰৰ সৈতে ৰুটি বা ভাত খাই থাকে তেতিয়া কেতিয়াও গাখীৰ খোৱা উচিত নহয়। এনে কৰিলে আপোনাৰ হজম শক্তি বিঘ্নিত হ’ব পাৰে।

দৈ, লাচী বা কলৰ বাহিৰে আন কোনো ফলৰ দৰে টেঙা বস্তু খাওঁতে কেতিয়াও গাখীৰ খোৱা উচিত নহয়। এনে কৰিলে হজম শক্তি বেয়া হয় আৰু বমি , ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে।

নুনমাটি সাহিত্য সভাৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস


উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত নুনমাটি সাহিত্য সভাৰ ৩৮ তম প্ৰতিষ্ঠা দিৱসটো দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ, সাধুকথা কোৱা প্ৰতিযোগিতা,২বজাত মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বিয়লি ৪ বজাৰ পৰা পৰা নুনমাটি সাহিত্য সভাৰ সভাপতি যাদব চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, উপ-সভাপতি হৰেশ্বৰ ডেকা , সম্পাদক অঙ্কুৰ ৰায় মেধি।

উক্ত সভাত সাহিত্য সভাৰ স্মৃতি গ্ৰন্থ ৰেঙণি উন্মোচন কৰা হয়।মুকলি সভাত বিভিন্ন প্ৰতিযোগীক বটা বিতৰণ কৰাৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ৮০ শতাংশৰ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ দিয়াৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অসমীয়া প্ৰতিদিন ৰ সাংবাদিক মনোজ কুমাৰ ডেকাক বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয়।

এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ,নগদ ধন আৰু উপহাৰৰ টোপোলা। এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিয়ে।সভাত নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে প্ৰদীপ কুমাৰ শৰ্মা, ৰত্নেশ্বৰ বসুমতাৰী, বীৰেন্দ্ৰনাথ কলিতা,কমল কলিতা , ডম্বৰুধৰ তালুকদাৰ, নৃপেন্দ্ৰ নাথ কাকতি আৰু নৰেন ৰয় উপস্থিত থাকে।

খৈৰাবাৰীত ৭৫ টা মহিলা আত্মসহায়ক গোটক চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

বি টি চি চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ন কৰা ‘মাইনাও চৌৰাং বিথাংখি ‘ আঁচনিৰ অধীনত খৈৰাবাৰীত ৭৫ টি মহিলা আত্মসহায়ক গোটক এককালীন সাহাৰ্য হিচাপে ২৫ হেজাৰকৈ টকাৰ চেক বিতৰণ কৰে।

খৈৰাবাৰীৰ মহিৰঙ্গ ভৱনত খগেন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন পৰিষদীয় সমষ্টিৰ এম চি এল এ ভবেন্দ্ৰ চন্দ্ৰ বড়োৱে উদ্বোধন কৰে।

সভাখনত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,বি টি চিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আদিয়ে আঁচনিখনৰ উদ্দেশ্য ৰাইজক অৱগত কৰে।

সাংসদ গৰাকীয়ে উক্ত আঁচনি খনৰ সফল প্ৰয়োগে সমাজৰ দুৰ্বল শ্ৰেণীৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে। সভাত কেবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।

-দ্বীপেন ডেকা, নামখলা

বিশিষ্ট বৈষ্ণৱ পণ্ডিত জগত বনিয়াক বঢ়াৰ পো বটাঁ প্ৰদান আছুৰ

লখিমপুৰ জিলাৰ বাৰ বৈষ্ণৱৰ মিলন ভূমি নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত সোমবাৰে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰে ৷

এই উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত ,অৱসৰপ্ৰাপ্ত শিক্ষক জগত বনিয়াক শ্ৰী শ্ৰী বঢ়াৰ-পো বটাঁ প্ৰদান কৰা হয় ৷

উক্ত বঁটা প্ৰদান অনুষ্ঠানত শ্ৰী শ্ৰী বদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপ মহন্ত , ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামী, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা,সম্পাদক কৃষ্ণজ্যোতি হাজৰিকা প্ৰমূখ্য কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

যুৱ সাংবাদিক মনোজ কুমাৰ ডেকাক শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান…

উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত নুনমাটি সাহিত্য সভাৰ ৩৮ তম প্ৰতিষ্ঠা দিৱসটো কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ, সাধুকথা কোৱা প্ৰতিযোগিতা,২বজাত মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা পৰা নুনমাটি সাহিত্য সভাৰ সভাপতি যাদব চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰি,


কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী, উপ-সভাপতি হৰেশ্বৰ ডেকা , সম্পাদক অঙ্কুৰ ৰায় মেধি। উক্ত সভাতসাহিত্য সভাৰ স্মৃতি গ্ৰন্থ ৰেঙণি উন্মোচন কৰা হয়।মুকলি সভাত বিভিন্ন প্ৰতিযোগীক বটা বিতৰণ কৰাৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ৮০ শতাংশৰ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ দিয়াৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অসমীয়া প্ৰতিদিন ৰ সাংবাদিক মনোজ কুমাৰ ডেকাক বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ প্ৰয়াত গজেন্দ্ৰ নাথ গোস্বামী সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয়।এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ,নগদ ধন আৰু উপহাৰৰ টোপোলা।


এই বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক জগদীশ পাটগিৰিয়ে।সভাত নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে প্ৰদীপ কুমাৰ শৰ্মা, ৰত্নেশ্বৰ বসুমতাৰী, বীৰেন্দ্ৰনাথ কলিতা,কমল কলিতা , ডম্বৰুধৰ তালুকদাৰ, নৃপেন্দ্ৰ নাথ কাকতি আৰু নৰেন ৰয় উপস্থিত থাকে।

বোকাখাতত আয়োজন কৰা “ঋণ মেলা”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ…

অসম চৰকাৰে আত্মসহায়ক গোটসমূহক দক্ষতাৰ প্ৰশিক্ষণ, বিত্তীয় সাহায্য তথা বেংক ঋণ প্ৰদানৰ জৰিয়তে শক্তিশালী কৰি তুলিবলৈ নিষ্ঠাৰে কাম কৰি আহিছে।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ বাবে বোকাখাতত আয়োজন কৰা “ঋণ মেলা”ত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ ।


আজিৰ এই মেলাত আনুষ্ঠানিকভাৱে ১৪৮টা মহিলা আত্মসহায়ক গোটৰ হিতাধিকাৰীসকলক মুঠ ৪,৩৬,৫০,০০০ টকাৰ চেক বিতৰণ । হিতাধিকাৰীসকলক নিজ নিজ ক্ষেত্ৰত ধন সঠিকভাৱে বিনিয়োগ কৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰাৰ বাবে আহ্বান জনালে মন্ত্ৰী অতুল বৰাই।


বোকাখাতৰ চক্ৰ বিষয়া শ্ৰী চম্পক ডেকা, দণ্ডাধীশ, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বিজেপি-অগপৰ বিষয়ববীয়া, কৰ্মকৰ্তাসকল, বোকাখাত পৌৰসভাৰ পৌৰপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, পঞ্চায়ত প্ৰতিনিধিসকল, মহকুমা প্ৰশাসনৰ বিষয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া তথা বেংক কৰ্তৃপক্ষ, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ অনুষ্ঠানত উপস্থিত থাকে।