Home Blog Page 1384

বিশ্বৰ সৰ্ববৃহৎ কৃষ্ণ মন্দিৰ ক’ত আছে? এই বছৰৰ পৰাই ভক্তসকলৰ বাবে মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ…

বিশ্বৰ সৰ্ববৃহৎ ভগৱান কৃষ্ণ মন্দিৰটো ক’ত আছে জানেনে? ১২ একৰ মাটিত নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ কৃষ্ণ মন্দিৰ। লগতে ইয়াৰ ৪৫ একৰ বাগিচা আছে। ইণ্টাৰনেশ্যনেল ছ’চাইটি অৱ কৃষ্ণ চেতনা অৰ্থাৎ ইস্কনে নিৰ্মাণ কৰা এই মন্দিৰটো বহু দিশত অতি বিশেষ। বিশ্বৰ সৰ্ববৃহৎ কৃষ্ণ মন্দিৰটো কলকাতাৰ পৰা ১৩০ কিলোমিটাৰ দূৰত্বত নাদিয়া জিলাৰ মায়াপুৰত অৱস্থিত। এই মন্দিৰটো নিৰ্মাণ কৰিবলৈ বহু বছৰ লাগিছিল আৰু একে বছৰতে অৰ্থাৎ ২০২৩ চনত ভক্তসকলৰ বাবে এই মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছে। আমেৰিকাৰ বিখ্যাত অটোমোবাইল কোম্পানী ফ’ৰ্টৰ প্ৰতিষ্ঠাপক আলফ্ৰেড ফৰ্ড এই মন্দিৰৰ অধ্যক্ষ। এই মন্দিৰটো ৬ হাজাৰ বৰ্গফুটতকৈও অধিক এলেকাত নিৰ্মাণ কৰা হৈছে। মন্দিৰৰ উচ্চতা ৩৫০ ফুট। ৭ মহলীয়া এই মন্দিৰটোত ইউটিলিটি ফ্ল’ৰ, মন্দিৰৰ মজিয়া, পুৰোহিতৰ মজিয়া আৰু সংগ্ৰহালয়ৰ মজিয়া আছে।

মায়াপুৰৰ এই ইস্কন মন্দিৰৰ আন এটা ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াত বিশ্বৰ সৰ্ববৃহৎ পুৰোহিতৰ মজিয়া আছে, যিটো ২.৫ একৰ মাটিত নিৰ্মাণ কৰা হৈছে। ১.৫ একৰ মাটিত নিৰ্মাণ কৰা হৈছে কীৰ্তন হল। য’ত প্ৰায় ১০ হাজাৰ ভক্তই একেলগে কীৰ্ত্তন পঢ়িব পাৰে। এই মন্দিৰৰ সৌন্দৰ্য চাবলগীয়া। এই মন্দিৰৰ ভিতৰৰ ডিজাইন পশ্চিমীয়া শৈলীত কৰা হৈছে। কিন্তু মন্দিৰৰ পৰিৱেশে বৈদিক সংস্কৃতিৰ অনুভৱ দিয়ে। এই মন্দিৰৰ মুঠ বাজেট ৮০০ কোটিৰো অধিক। এই মন্দিৰত শিক্ষা মন্দিৰো আছে। ভাগৱতক লৈ আলোচনাৰ সমান্তৰালকৈ দৰ্শনৰ সকলো বিষয়ৰ ওপৰত আলোচনা হ’ব।

মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত “ৰাষ্ট্ৰীয় পুতলা নাচ সমাৰোহ”ত বিনীতা দেৱীৰ পৰিচালনাত “তেজীমলা” আৰু “ৰাৱণ বধ”

জনজাতীয় লোক কলা আৰু বোল বিকাশ অকাডেমী, মধ্যপ্ৰদেশ সাংস্কৃতিক পৰিষদৰ উদ্যোগত মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত ১৩ তাৰিখৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত “পুতলা নাচ সমাৰোহ” আয়োজন কৰিছে। অসমৰ গুৱাহাটীৰ অন্যতম সাংস্কৃতিক প্ৰশিক্ষন কেন্দ্ৰ সুৰজিৎ একাডেমী মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত অনুষ্ঠিত “পুতলা নাচ সমাৰোহ”ত পুতলা নাট পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰিত হৈছে। ১৭ ছেপ্টেম্বৰত সন্ধিয়া মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়ত সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত ৰসৰজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা “তেজীমলা” ৰ নাট্যৰূপ “তেজীমলা” আৰু “ৰাৱণ বধ” দুখনি পুতলা নাট মঞ্চস্থ হ’ব।

নাট দুখনৰ পৰিচলনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ। নাট দুখন ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমত সুণাম কঢ়িয়াই আনিছে। পুতলা নাট দুখনত সূতা পুতলা, লাঠী পুতলা আৰু ছাঁ পুতলাৰ জৰিয়তে পৰিবেশন কৰিব। পুতলা নাট দুখনৰ সঙ্গীত পাপু গোঁহাইৰ। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিব ধ্ৰুৱ জ্যোতি কলিতা, বিনীতা দেৱী, পলক কৈৰী, প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, অংকুৰ দাস, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মা।

এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা…

এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা। ৰোহিত শৰ্মা অধিনায়ক আৰু হাৰ্দিক পাণ্ডিয়া সহঃ অধিনায়ক।

১৫জনীয়া দলটোত আছে বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়স আয়াৰ, ঈষাণ কিষাণ, সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুল।

অলৰাউণ্ডাৰ হিচাপে দলটোত স্থান লাভ ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, চাৰ্দুল ঠাকুৰৰ। দলত আছে যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু কুলদ্বীপ যাদৱ। সঞ্জু ছেমছন আৰু স্পিনাৰ যুজৱেন্দ্ৰ চহলৰ দলত পুনৰ স্থান লাভ।

ভিটামিন ‘চি’ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। চকুৰ বাবে আপেল আৰু নেমু খাব লাগে…

Young brunette woman with orange fruit

ভিটামিন ‘চি’ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে, আপেল আৰু নেমুকে ধৰি এই সকলোবোৰ বস্তু খাব লাগে। চকু আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। চকুৰ ভালৰ বাবে এনে খাদ্য খোৱা উচিত, য’ত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। সকলো পুষ্টিকৰ উপাদানৰ দৰে আমাৰ শৰীৰৰ ভিটামিন চিৰ কথা ক’লে ইয়াক সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা পুষ্টিকৰ পদাৰ্থ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও আমাৰ চকু সুস্থ কৰি ৰাখিবলৈ ভিটামিন ‘চি’ৰো প্ৰয়োজন। আজি আমি আপোনালোকক জনাম ভিটামিন ‘চি’ৰ অভাৱ হ’লে কি হয়…

যদি আপুনি ধূমপান কৰে, মদ্যপান কৰে, সঠিকভাৱে খাদ্য গ্ৰহণ নকৰে, যিকোনো ধৰণৰ মানসিক ৰোগত আক্ৰান্ত হয়, তেন্তে আপোনাৰ শৰীৰত ভিটামিন চিৰ অভাৱ হ’ব পাৰে আৰু এনে পৰিস্থিতিত আপুনি ভিটামিন চি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।

সাধাৰণতে পুৰুষক দৈনিক ৯০ মিলিগ্ৰাম আৰু মহিলাক ৭৫ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয়। যেতিয়া সেয়া পূৰণ নহয় তেতিয়া শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ভিটামিন চিৰ অভাৱৰ লক্ষণ

  • শুকান আৰু বিভক্ত মূৰ
  • ঘাঁ ভাল হ’বলৈ বেছি সময় লাগে
    ৰক্তহীনতা (তেজৰ অভাৱ)
  • আঁঠুৰ ৰক্তক্ষৰণ
    -শুকান ছাল
    -গাঁঠিৰ বিষ
  • দাঁত দুৰ্বল হোৱা
    সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস পায়
    সৰু সৰু আঁচোৰ মাৰিলেও তেজ ওলোৱা

ভিটামিন ‘চি’ৰ এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে চকুক সুস্থ কৰি ৰখাত সহায় কৰে। যদি আপুনি দৈনিক ভিটামিন চি সেৱন কৰে তেন্তে আপোনাৰ চকুৰ ছানি পৰাৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা কমি যাব।

ভিটামিন চিৰ অভাৱত হোৱা ৰোগ সমূহ হৈছে-

বহুতৰে স্কাৰ্ভি ৰোগো হয়।
দুৰ্বলতা আৰু ক্লান্তি হয়।
দাঁতবোৰ সোনকালে দুৰ্বল হৈ পৰে।
নখবোৰো দুৰ্বল হৈ পৰে।
গাঁঠিৰ বিষ হয়।
চুলি সৰিবলৈ আৰম্ভ কৰে।

ভিটামিন চি সমৃদ্ধ খাদ্য

কমলা
নেমু
আঙুৰ
বিলাহী
আপেল
কল
বেৰী
কঠাল

পদিনা
মূলা পাত

কিচমিচ
গাখীৰ
বীট
বন্ধাকবি
সেউজীয়া ধনীয়া
পালেংশাক

কবি-অনুবাদক আনিছ উজ জামানলৈ ২০২৩ বৰ্ষৰ অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা প্ৰদান…

জনপ্ৰিয় কবি-অনুবাদক আনিছ উজ জামানলৈ ২০২৩ বৰ্ষৰ অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে।

জাপানী হাইকু কবি মাৎছুও বাশ্বোৰ ২১০ টা হাইকুৰ অনুবাদেৰে সজোৱা জামানৰ ‘এজাক ফুলৰ ধুমুহা’ গ্ৰন্থখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

গ্ৰন্থখনৰ প্ৰকাশক প্ৰজ্ঞা মিডিয়াহাইপ। দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা আন্তৰিকতাৰে অভিনন্দন।

যোৰহাটৰ ম’হবন্ধা বাগান প্ৰাথমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন…

আজি পৱিত্র শিক্ষক দিৱস। শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালভাৱে প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতত দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন অৰ্থাৎ ৫ ছেপ্টম্বৰ দিনটোত যোৱা ৬১ বছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষও তাৰ ব্যতিক্ৰম নহয়। দেশৰ বিদ্যালয়ে-বিদ্যালয়ে আড়ম্বপূৰ্ণভাবে এই দিৱস উদযাপনৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ কাৰ্যসূচী। এই দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ ম’হবন্ধা বাগান প্ৰাথমিক বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্রীক উৎসাহ তথা সন্মানিত কৰাৰ উদ্দেশ্যেৰে ছাত্ৰ-ছাত্ৰী সকলে আয়োজন কৰে বিশেষ সম্বৰ্ধনা সভাৰ।

অৱসৰপ্ৰাপ্ত শিক্ষক অজিত দত্ত আৰু অমূল্য বৰাক বিশেষভাবে সম্বৰ্ধনা জনোৱা সভাত বিশিষ্ট অতিথিৰূপে মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাসে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰদীপ শৰ্মা ভৰালীয়ে আঁত ধৰা সমগ্ৰ অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে।

সম্প্ৰসাৰণ হল গুৱাহাটী-শিলচৰ সংযোগী ৰেলগাড়ী খন ! সপ্তাহত তিনিদিনকৈ চলিব ৰঙিয়া জংচনৰ পৰা…

সুদীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত ১৫৬১১/১৫৬১২ নম্বৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্রাপথৰ সম্প্ৰসাৰণ কৰা হৈছে ৰঙিয়ালৈ । নতুন যাত্ৰা পথত চলিব লগীয়া ৰেলখনৰ সোমবাৰে ৰঙিয়া ষ্টেচনত ফ্লেগ অফ কৰা হয় ।

ফ্লেগ অফ কৰে ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । সপ্তাহত তিনিদিনকৈ চলাচল কৰিব লগীয়া এই এক্সপ্ৰেছ ৰেলগাড়ীখনে এতিয়াৰেপৰা গুৱাহাটীৰ পৰিৱৰ্তে ৰঙিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব। সপ্তাহৰ প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে আবেলি ৩-৪৫ বজাত এই ৰেলগাড়ীখনে ৰঙিয়া ৰেল জংচনৰপৰা যাত্ৰা আৰম্ভ কৰি পাছদিনা পুৱা ৪-৩০ বজাত শিলচৰত উপস্থিত হ’ব।

লগতে সপ্তাহৰ প্ৰতি দেওবাৰ, বুধবাৰ আৰু শুকুৰবাৰে নিশা ১০-৪০ বজাত শিলচৰৰপৰা ওভতনি যাত্ৰা আৰম্ভ কৰি পাছদিনা দিনৰ ১০-৪৫ বজাত ৰঙিয়াত উপস্থিত হ’ব। অসম ৰেল যাত্রী সংস্থাই বিগত কেইবাবছৰ ধৰি বৰাক উপত্যকাৰ সৈতে সংযোগ ঘটোৱা এই বিশেষ এক্সপ্ৰেছ ৰেলগাড়ীখন ৰঙিয়ালৈ সম্প্ৰসাৰণৰ বাবে দাবী জনাই আহিছিল। অৱশেষত এই দাবী পূৰণ হোৱাত ৰেলযাত্রী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই ৰেল বিভাগক ধন্যবাদ জনাইছে।

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন…

ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন৷

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনৰ বাবে

ভাৰতলৈ অহাৰ কথা আছিল জিল বাইডেন৷

ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বস্তু কি জানেনে? জন্মাষ্টমীৰ দিনা ক্ৰয় কৰিব পাৰে শ্ৰীকৃষ্ণৰ প্ৰিয় বস্তু সমূহ…

প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা জন্মাষ্টমী পালন কৰা হয়। এইবাৰ এই তাৰিখ ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ৭ ছেপ্টেম্বৰত শেষ হ’ব। একাংশ লোকে ৬ ছেপ্টেম্বৰত আৰু কোনোবাই ৭ ছেপ্টেম্বৰত জন্মাষ্টমী উৎসৱ পালন কৰিব। ভগৱান শ্ৰী কৃষ্ণই কিছুমান কথা বৰ ভাল পায়। এনে পৰিস্থিতিত যদি আপুনি জন্মাষ্টমীৰ বজাৰ কৰিবলৈ গৈছে তেন্তে এই ৫ টা বস্তু নিশ্চয় কিনি ঘৰলৈ লৈ আনিব। জন্মাষ্টমীৰ দিনা বাঁহী কিনাটো অতি উপকাৰী। ঘৰত কোনো সমস্যা নহয়। অর্থনৈতিক পৰিস্থিতি সবল হৈয়েই থাকিব৷ এই দিনটোত নিশ্চয়কৈ এটা সৰু কাঠ বা ৰূপৰ বাঁহী কিনিব। ভগৱান শ্ৰীকৃষ্ণক পূজা কৰি থাকোঁতে নিশ্চয় অৰ্পণ কৰক। ইয়াৰ পিছত টকা ৰখা ঠাইত ভালদৰে ৰাখিব।

ময়ূৰে ধনাত্মক শক্তি আকৰ্ষণ কৰে। ইয়াৰ দ্বাৰা বাস্তু দোষ দূৰ হয়। জন্মাষ্টমীৰ দিনা ঘৰত ময়ূৰৰ পাখি আনিলে ঘৰুৱা অসুবিধা ৰোধ কৰাৰ লগতে কালসৰ্প দোষৰ পৰাও সকাহ পোৱা যায় বুলি বিশ্বাস কৰা হয়।

ভগৱান কানাইৰ গৰু আৰু ঘিউৰ প্ৰতি অতি মোহ আছে। জন্মাষ্টমীৰ দিনা ঘিউ কিনি ভগৱান শ্ৰীকৃষ্ণক তেওঁৰ প্ৰিয় বস্তু হিচাপে অৰ্পণ কৰক।

জন্মাষ্টমীৰ দিনা গৰুপোৱালিৰ সৰু মূৰ্তি এটা কিনিব লাগে। ঘৰৰ মন্দিৰত বা কোঠাৰ উত্তৰ-পূব কোণত ৰাখক। ভগৱান শ্ৰীকৃষ্ণ ইয়াৰ দ্বাৰা সুখী হৈ আশীৰ্বাদ দিব। ইয়াৰ ফলত ভাগ্য বৃদ্ধি পায় আৰু সন্তান জন্ম হয়।

জন্মাষ্টমীৰ দিনা বৈজয়ন্তী মালা কিনিব লাগিব। এই মালা কিনি ঘৰলৈ আনিলে আশীৰ্বাদ আহে, ঘৰৰ অৰ্থনৈতিক অৱস্থা মজবুত হৈ পৰে। বৈজয়ন্তী মালাত দেৱী লক্ষ্মী বাস কৰে বুলি এক বিশ্বাস।

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ…

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ। অবধ এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি।

RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি। জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা।

ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি।