Home Blog Page 1383

শিক্ষক দিৱস উপলক্ষে গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

শিক্ষক দিৱস উপলক্ষে মঙলবাৰে দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাঁটাৰীয়া গোলঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় )ত উপস্থিত হয়।

ৰাজ্যপালজনক আদৰণি জনাই গোলাঘাট সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।

ইয়াৰ পিছতেই ৰাজ্যপাল গৰাকীয়ে প্ৰায় ১২-৩০ বজাত ৰঙাজানৰ বি এচ এচ আৰ ভিত উপস্থিত হয় । কাৰ্যসূচী অনুসৰি বিয়লি ৩বজাত বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ, গোলাঘাটৰ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰৰ উদ্বোধনী তথা শিক্ষক দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে নিৰ্মাণ কাৰ্য চলি থকা বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়।

উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে।

৩৪ বছৰে বিনা পাৰিশ্ৰমিকত শিক্ষাদান কৰা ব্যাসকুছিৰ এগৰাকী শিক্ষকৰ কৰুণ গাঁথা; গাঁঠিৰ ধনেৰে কিনিছিল বিদ্যালয়ৰ ভূমি, নিৰ্মাণ কৰিছিল বিদ্যালয় গৃহ

দেশৰ মহান শিক্ষাবিদ, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আদৰ্শ জীয়াই ৰখাৰ লগতে মমবাতিৰ দৰে নিজে গলি গলি ছাত্ৰ-ছাত্ৰীৰ জীৱনত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা, ভক্তি, সন্মান প্ৰদৰ্শন তথা স্মৰণাৰ্থে বছৰ-বছৰ ধৰি পালন কৰি অহা শিক্ষক দিৱস।

শিক্ষক দিৱসৰ দিনটোতে আমি জনাব বিচাৰিছো এনে এগৰাকী শিক্ষকৰ কঠিন জীৱন গাঁথা, যিগৰাকী শিক্ষকে জীৱনৰ ৩৪ টা বৰ্ষ অতি নিষ্ঠা আৰু সততাৰে বিনা পাৰিশ্ৰামিকত শিক্ষাৰ পোহৰ বিলাই এতিয়া কঠিন জীৱন যুঁজত এখন সৰু-সাধাৰণ দোকান দি কোনোমতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।

বৰপেটা জিলাৰ ঐতিহাসিক ব্যাসকুছিৰ ক্ষুদ্ৰ ফালাদি গাঁও নিবাসী এইগৰাকী মহান শিক্ষক হ’ল ছোহৰাব আলী আহমেদ। শিক্ষাৰ প্ৰসাৰৰ বাবে একনিষ্ঠভাৱে নিজকে নিস্বাৰ্থতাৰে দেহ-মনেৰে আত্মনিয়োগ কৰি বিগত ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা ত্যাগী শিক্ষক ছোহৰাব আলী আহমেদ চৰকাৰী অনুকম্পা, স্বীকৃতিৰ পৰা বঞ্চিত।

১৯৮৬ চনত বি এ উত্তীৰ্ণ ছোহৰাব আলী আহমেদে বগৰীট্টাৰীস্থিত কে বি চি মিলন এম ই মাদ্ৰাছাত প্ৰধান শিক্ষক হিচাপে ১৯৮৭ চনত যোগদান কৰিয়েই সেই সময়ত বাট-পথৰ কোনো সুবিধা নথকা তথা শিক্ষাৰ তেনে কোনো ব্যৱস্থা নথকা বগৰীট্টাৰী, কমলাবাৰী আদি অতি ভিতৰুৱা গাঁও সমূহত ঘৰে ঘৰে ঘুৰি শিক্ষাৰ প্ৰয়োজনীয়তা, গুৰুত্ব সম্পৰ্কে অভিভাৱকক বুজাই শিক্ষাৰ প্ৰসাৰত নামি পৰিছিল।

শিক্ষাদানেৰে ভিতৰুৱা গাঁৱত মানৱ সম্পদ গঢ়াত নিজৰ জীৱনৰ মূল্যবান ৩৪ টা বছৰ, আনকি গাঁঠিৰ ধনো খৰছ কৰা শিক্ষক ছোহৰাব আলী আহমেদে অৱসৰ গ্ৰহণ কৰা সময়লৈ তেওঁৰ শিক্ষক পদৰ লগতে ১৯৮৫ চনত স্থাপিত তথা তেওঁ কৰ্ম সম্পাদন কৰা বিদ্যালয়খন আজি পৰ্যন্ত প্ৰাদেশীকৰণ নহ’ল।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে শিক্ষক ছোহৰাব আলী আহমেদে বগৰীট্টাৰীস্থিত কে বি চি মিলন এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰাৰ সময়ত বিদ্যালয় খনৰ নিজা ভূমি নথকাৰ লগতে অতি জৰাজীৰ্ণ বিদ্যালয় গৃহ আছিল। কিন্তু শিক্ষাদানৰ বাবেই যেন নিজকে উৎসৰ্গিত কৰা ছোহৰাব আলী আহমেদে নিজৰ আধাশুধীয়া প্ৰচেষ্টাৰে সেই সময়ত বিদ্যালয় খনত কৰ্মৰত অন্যান্য শিক্ষকৰ লগতে ৰাইজৰ সহযোগত তেওঁ নিজৰ গাঁঠিৰ ধনেৰে বিদ্যালয় খনৰ বাবে ভূমি ক্ৰয় কৰাই নহয় বিদ্যালয় গৃহও নিৰ্মাণ কৰিছিল।

শিক্ষাদানক নিজৰ জীৱনৰ ব্ৰত হিচাপে গণ্য কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হ’লেও বিগত ৩৪ বছৰ তেওঁ শিক্ষাদান কৰি শ শ, হাজাৰ হাজাৰ মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে অতি আনন্দিত বুলি আৱাজ দ্যা ভয়চৰ আগত অতি আৱেগিকভাৱে প্ৰকাশ কৰে। তেওঁ কয, বিগত ৩৪ বছৰত মই শিক্ষাদান কৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰী সমাজত আজি প্ৰতিষ্ঠিত।

বহুতেই চৰকাৰী চাকৰিও কৰে। যদিও মই চৰকাৰী দা-দৰমহা নাপালো তথাপি কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মোক দেখা পালে যিমানখিনি আদৰ-সন্মান কৰে, সেয়াই মোৰ বাবে যথেষ্ঠ। আজিৰ সময়ৰ শিক্ষা ব্যবস্থা সন্দৰ্ভদ প্ৰায় তিনিটা যুগ শিক্ষাদানৰ লগত জড়িত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে আজিৰ সময়ত শিক্ষানুষ্ঠান সমূহৰ পৰিৱেশ পূৰ্বৰ পৰিৱেশৰ মাজত বৃহৎ তফাত দেখিবলৈ পোৱা যায়।

পূৰ্বৰ তুলনাত বৰ্তমান শিক্ষাত ব্যৱহাৰ হোৱা সা-সৰঞ্জামৰ সুবিধা অত্যাধুনিক হৈছে, ছাত্ৰ-ছাত্ৰী শিক্ষিত হৈছে ঠিকেই কিন্তু পূৰ্বৰ তুলনাত বৰ্তমান ছাত্ৰ-ছাত্ৰীয়ে আচাৰ-ব্যৱহাৰ, আচৰণ আদি বহুলাংশে পূৰ্বৰ দৰে গঢ়ি তুলিব পৰা নাই। শিক্ষা ব্যৱস্থা সুদৃঢ়, শক্তিশালী কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথিৰে শিক্ষিত কৰাৰ লগতে নৈতিক ব্যৱহাৰ গঢ়ি তোলাৰো ব্যৱস্থা কৰা দৰকাৰ বুলি তেওঁ মত প্ৰকাশ কৰে।

ইফালে ৩৪ বছৰ বিনা পাৰিশ্ৰামিকত শিক্ষাদানৰ লগত জড়িত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোহৰাব আলী আহমেদ সন্দৰ্ভদ মতামত ব্যক্ত কৰি বৰপেটা জিলা এল পি এম ই টিউটৰ এচোচিয়েছনৰ সম্পাদক খলিল আলীয়ে কয় যে ছোহৰাব আলী আহমেদ অকল এগৰাকী শিক্ষকেই নহয়, ছোহৰাব আলী আহমেদ শিক্ষাৰ ক্ষেত্ৰখনৰ বাবে স্বয়ং এটি বিপ্লৱ। অতি দুখীয়া, অশিক্ষিত, অতি ভিতৰুৱা, অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ বিপ্লৱৰ সূচনা কৰি বিগত ৩৪ বছৰত ছোহৰাব আলী আহমেদে বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ বটবৃক্ষ গঢ়ি তুলিবলৈ সক্ষম হৈছে।

তেওঁৰ চাকৰি প্ৰাদেশীকৰণ হ’লহেঁতেন কিন্তু চৰকাৰী বৈষম্যমূলক শিক্ষা আইনৰ বলি হৈ ছোহৰাব আলী আহমেদ চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বিনা পাৰিশ্ৰামিকত জীৱনৰ মহামূল্যবান ৩৪ টি বছৰ শিক্ষাদানত জড়িত এইগৰাকী ত্যাগী শিক্ষক ছোহৰাব আলী আহমেদ সমাজৰ বাবে এক আদৰ্শ। শিক্ষক দিৱসৰ দিনা আমাৰ ফালৰ পৰা আমিও তেখেতলৈ যাঁচিলো অশেষ শ্ৰদ্ধা,‌ সন্মান আৰু শুভেচ্ছা।

তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ…

তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ।

নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঅঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে লতিবাৰী অঞ্চলৰ পূৱ

কচুকাটা তথা ২ নং বেটাগাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ধ্বংস কৰে।

শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী কৰবী গগৈক ভাৰত চৰকাৰৰ এগৰাকী শিক্ষয়িত্ৰী ৰূপে নিমন্ত্ৰণ কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ শিক্ষা,বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)ৰ এছিয়া – পেচিফিক সাংস্কৃতিক সংস্থা (ACCU) য়ে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়(MoE), জাপান চৰকাৰৰ শিক্ষা,সাংস্কৃতিক, ক্ৰীডা,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয় (MEXT)তথা চেণ্টাৰ ফৰ এনভাইৰ’নমেণ্ট এডুকেশ্বন (CEE) ৰ সহযোগত ভাৰতৰ বিভিন্ন প্ৰাথমিক,মাধ্যমিক আৰু হাই স্কুলৰ পৰা বিনিময় কাৰ্যসূচীৰ বাবে শিক্ষক নিৰ্বাচন কৰে।

উল্লেখযোগ্য যে, চেণ্টাৰ ফৰ এনভাইৰ’মেণ্ট এডুকেশ্বন (CEE)য়ে ২০১৮ চনৰ পৰা অসমৰ ছয়খন বিদ্যালয়ত ‘সুৰক্ষিত পথ,সুৰক্ষিত শিশু ‘ শীৰ্ষক এক প্ৰকল্প কৰি আহিছে। এই প্ৰকল্পৰ বাবে বাল্য ভৱন বিদ্যালয়ক CEE য়ে নিৰ্বাচিত কৰিছিল আৰু উক্ত দায়িত্বত থাকিব বিদ্যালয় শিক্ষয়ত্ৰী কৰবী গগৈ।

এগৰাকী সক্ৰিয় সদস্যৰূপে কৰবী গগৈ আৰম্ভণিৰ পৰাই জৰিয়ত হৈ আছে। দেশৰ মুঠ ১২ গৰাকী শিক্ষকৰ ভিতৰত তেখেতক CEE য়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শিক্ষক ৰূপে উক্ত বিনিময় কাৰ্যসূচীৰ বাবে মনোনীত কৰে। কৰবী গগৈয়ে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰ লৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ অন্য ১১জন শিক্ষকৰ সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

তেখেতে জাপানৰ টকিঅ’ আৰু ট’ছিগী চহৰৰ কেইবাখনো বিদ্যালয়ত ভাৰতৰ শিক্ষা সম্পৰ্কে জাপানৰ শিক্ষাৰ্থীসকলক শিক্ষাদান কৰিব। এই কাৰ্যসূচীত জাপান আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰতাৰ সংমিশ্ৰণৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে এক শান্তিপূৰ্ণ আৰু বহনক্ষম সমাজ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ ক’ৰা হ’ব। শিক্ষয়িত্ৰী কৰবী গগৈ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অসমীয়া প্ৰতিনিধি ৰূপে অংশগ্ৰহণ কৰাৰ লগতে ট’ছিগী চহৰৰ ইচিজ’ জুনিয়ৰ হাইস্কুলত অসমৰ বাপতি সাহোন বিহু গীত – নৃত্যৰ পাঠদান কৰিব।

এই কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী সকলে ভাৰতীয় যোগ,বৈদিক গণিত,ভাৰতীয় নৃত্য – গীত, ভাৰতীয় সংস্কৃতি, ভাৰতৰ পৌৰাণিক শিক্ষা ইত্যাদি সম্পৰ্কে পাঠদান কৰাৰ লগতে জাপানৰ শিক্ষা ব্যৱস্থাত জাপানৰ শিক্ষকসকলৰ সৈতে শ্ৰেণীকোঠাত উপস্থিত থাকিব।

তেখেতৰ এই সাফল্যত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী,কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতি,শিক্ষক অভিভাৱক সংস্থাৰ সমূহ সদস্যই বিদ্যালয়ৰ লগতে ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই অনাৰ বাবে অভিনন্দন জনোৱাৰ লগতে উক্ত যাত্ৰাৰ সফলতা কামনা কৰে।।

নতুন দিল্লীত কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য-প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰক সাক্ষাৎ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ…

📌আজি নতুন দিল্লীত কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য-প্ৰযুক্তি বিভাগৰ

ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰক সাক্ষাৎ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

📌অসমৰ অৰ্ধপৰিবাহী নিৰ্মাণৰ নতুন নীতিকে ধৰি বিভিন্ন বিষয়ত আলোচনা

মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ সন্দৰ্ভত পৰ্যালোচনা সভা

মঙলবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আৰু খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ সহযোগত  ‘কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি: মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা’ৰ সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ আই এম এম  ( ইনট্ৰিগ্ৰেটেড নিউট্ৰীয়েণ্ট মেনেজমেণ্ট) শাখাৰ যুটীযা সচিব ড° যোগীতা ৰাণাৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত অসমৰ লগতে চুবুৰীয়া অৰণাচল প্ৰদেশ, নাগালেণ্ড,  মেঘালয়, মিজোৰাম,  মণিপুৰ , ত্ৰিপুৰা, ছিকিম, বিহাৰ, পশ্চিম বংগ ইত্যাদি ৰাজ্যৰ কৃষি বিভাগৰ প্ৰতিনিধি  বিষয়াসকলে অংশগ্ৰহণ কৰে৷

সভাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহত মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্য এই পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷

সভাখনিত অংশগ্ৰহণকাৰী বিভিন্ন ৰাজ্যৰ কৃষি বিভাগৰ বিষয়াসকলক উদ্দেশ্যি ড° যোগীতা ৰাণায়ে কয় যে – মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ অধীনত মাটিৰ নমুনা সংগ্ৰহ, মাটি পৰীক্ষা আৰু মাটি স্বাস্থ্য কাৰ্ড প্ৰস্তুত কৰাৰ পাচত কৃষকে যাতে এই কাৰ্ডৰ নিৰ্দেশনা অনুযায়ী মাটিৰ যাৱতীয় যত্ন লয় এই সন্দৰ্ভত কৃষক ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা নিতান্তই প্ৰয়োজনীয়৷

লগতে তেখেতে কয় যে, মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ মূল উদ্দেশ্য মাটিৰ অনুৰ্বৰতাৰ যি কাৰণ সেইয়া নিশ্চিত কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ৷ এই অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক ক্ষিপ্ৰ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতে পৰ্যালোচনা সভাখনত যাৱতীয় দিহা পৰামৰ্শ আগবঢ়াই ৷

লগতে এই পৰ্যালোচনা সভাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ আই এম এম  ( ইনট্ৰিগ্ৰেটেড নিউট্ৰীয়েণ্ট মেনেজমেণ্ট)  শাখাৰ উপ সচিব ৰচনা কুমাৰ, চন্দ্ৰ শেখৰ ( Under Secretary), অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ৷

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস পালনঃ ২৫ জন কৃতী শিক্ষক-শিক্ষয়িত্ৰীক বঁটা প্ৰদান

মঙলবাৰে সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত আৱেলি ২ বজাত শিক্ষক দিৱস পালন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত শিক্ষক দিৱস পালন কৰা হয়।

শিক্ষক দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে জিলা আয়ুক্ত বিদুৎ বিকাশ ভাগবতীৰ লগতে জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া, অৱসৰ প্ৰাপ্ত ডি আই বক্তজামান সেখ, খাৰুৱাবানদা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ মোৱাৰক হোছেইন, সাহিনুৰ প্ৰধানী, মানকাচৰ শিক্ষা খণ্ড বিষয়া ড০ আনিছুৰ ৰহমানৰ লগতে অনুষ্ঠানত চাৰিশতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল।

জিলা আয়ুক্ত মহোদয়ে শিক্ষক দিৱসৰ তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰি শেষত জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু বিভিন্ন স্কুলৰ পৰা মুঠ ২৫ জন শিক্ষক-শিক্ষয়িত্ৰীক কৃতী বঁটা প্ৰদান কৰে।

বঁটা লাভ কৰা শিক্ষকসকল হ’ল ড০ সন্তোষ কুমাৰ সিংহ, ভাৰপ্ৰাপ্ত অধ্যক্ষ মানকাচৰ মহাবিদ্যায়, আব্দুছ ছবুৰ সেখ, ড০ সাহেৰ আলী, সহকাৰী অধ্যাপক হাটশিঙিমাৰী মহাবিদ্যালয, ছিৰাজুল হক কুকুৰ মাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছাইদুল ইছলাম খন্দকাৰ, নুৰ আলম, আব্দুল মাবুদ, আব্দুল খালেক মণ্ডল, ৰহিজল হক মিয়া, খোৰসেদ আলম, আপচাৰ আলী সেখ, ছাহেবা বেগম সহকাৰী শিক্ষয়িত্ৰী এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় সুখচৰ, আবুল কালাম আজাদ মণ্ড, আবুল কালাম শিকদাৰ, আব্দুল বাছিদ, আব্দুল মান্নান, সুব্ৰত কুমাৰ পাল, দিলৱাৰ হোছেইন সেখ, কছম আলী, ৰফিকুল ইছলাম, আবুল কাশেম সেখ, সাহানুৰ ইছলাম মোল্লা, আব্দুৰ ৰহমান মিয়া, নুৰুল আজিজ আহমেদ আৰু শিক্ষক ছকিবৰ ৰহমান।

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ।

বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো।

অক্ষত অৱস্থাত আছে খৰ্গটো।


ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷

বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতৰ বিশ্বকাপ দল…

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩। মঙলবাৰে বিচিচিআই এ ঘোষণা কৰে ভাৰতৰ বিশ্বকাপ দল।৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ আৰম্ভ হ’ব আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ। ঘোষণা কৰা হ’ব ১৫ জনীয়া প্ৰাৰম্ভিক দল ঘোষণা কৰা হ’ব। ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপত আছে অধিনায়ক ৰোহিত শৰ্মা, উপ অধিনায়ক হাৰ্দিক পাণ্ডিয়া, শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ শামী, অক্ষৰ পেটেল, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতৰ বিশ্বকাপ দলৰ কথা ঘোষণা কৰিছে। এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতে ৭ গৰাকী বেটছমেন, ৪ গৰাকী বলাৰ আৰু ৪ গৰাকী অল ৰাউণ্ডাৰক বাছি লয়। এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলত কে এল ৰাহুল আৰু ঈশান কিষাণ দুয়োৰে নাম।

৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ আৰম্ভ হ’ব আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ। ১৫ অক্টোবৰ দেওবাৰে আহমেদাবাদত ভাৰত আৰু পাকিস্তান মাজত সংঘৰ্ষ হোৱাৰ কথা আছিল যদিও এই সংঘৰ্ষ এদিন পূৰ্বে স্থানান্তৰিত কৰা হৈছে আৰু এতিয়া ১৪ অক্টোবৰ শনিবাৰে একে স্থানতে অনুষ্ঠিত হ’ব। ইফালে, নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অন্তিমখন লীগ খেল এতিয়া ১১ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ স্থানান্তৰিত কৰা হৈছে, যিটো বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দিন-ৰাতিৰ সংঘৰ্ষ।

কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা…

আজি ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষে শ্ৰীমন্ত শঙ্কৰদেৱ আন্তজাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠানত সমগ্ৰ অসমৰ ভিতৰৰ ৩৬ গৰাকী শিক্ষকৰ লগতে কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী মাননীয় ডা: ৰনোজ পেগু মহোদয়ে । অসম চৰকাৰৰ দ্বাৰা অসমৰ চাহ বাগান সমূহত নৱনিৰ্মিত আদৰ্শ বিদ্যালয় সমূহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত স্থাপিত হোৱা আমচং চাহ বাগিছা আদৰ্শ বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিয়েই বিদ্যালয় বৰ্হিভূত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়মুখী কৰাৰ উদেশ্যে নৃত্য-গীত -অভিনয় -অভিভাৱকৰ মাজত সজাগতা সভা আহবান কৰা , নিয়মীয়া স্বাস্থ পৰীক্ষা পোষণ পৰিপুষ্টি ধপাত বিৰোধী সজাগতা সভা হস্তী মানুহৰ সহৱস্থান সম্বন্ধে সজাগতা সভা , স্থানীয় ঐতিহ্য উদ্ধাৰ এন চি চি ট্ৰুপ গঠন কৰা আদি বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰে ।

নিজৰ বিদ্যালয়ৰ বাহিৰেও চৰকাৰী খণ্ডৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সংগঠিত কৰি অভিনয় , আবৃত্তি, কুইজ , সাধুকোৱা আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে । ইয়াৰে ভিতৰত ছয় গৰাকী ছাত্ৰীয়ে জিলা আৰু ৰাজ্যিক ভিত্তিত কুইজ , আবৃত্তি আৰু সাধুকোৱা প্ৰতিযোগিতাত স্থান লাভ কৰে । তিনি গৰাকী ছাত্ৰীয়ে গুৱাহাটী জিলা পুথিভঁৰাল আৰু ৰৱীন্দ্ৰ ভৱনত নাটকত অভিনয় কৰাৰ সুযোগ লাভ কৰে । ক্ষেত্ৰ পৰ্যায়ত বিশেষভাৱে কাম কৰাৰ বাবে জিলা মিছন সমন্বয়কে শ্ৰেষ্ঠ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ স্বীকৃতি প্ৰদান কৰে । ইয়াৰ উপৰিও বেটি পঢ়াও বেটি বচাওঁ আচনিৰ অধীনত জিলাখনৰ ছাত্ৰীসকলৰ বাবে বিদ্যায়তনিক আৰু সহ: বিদ্যায়তনিক দিশত বিশেষ বৰঙনি আগবঢ়োৱা বাবে জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসন বিভাগে ২০২০ বৰ্ষত লোকেল চেম্পিয়ন হিচাপে সন্মানিত কৰে । চলিত বৰ্ষত বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী আৰু চাৰিজন ছাত্ৰই জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা ফুটবল খেলত অংশ গ্ৰহন কৰি সুনাম কঢ়িয়াই আনে । অসমীয়াসাহিত্য, বুৰঞ্জী, সমাজ শাস্ত্ৰ , শিক্ষা, অসমীয়া ভাষা আদি পাঁচটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গোস্বামীয়ে বি এড , ডি এল এড লগতে টেট পৰীক্ষাও উত্তীৰ্ন হয় । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ নিউ দিল্লীয়ে আয়োজন কৰা কৰা ২৬ তম ৰাষ্ট্ৰীয় চিলড্ৰেন অডিঅ ভিডিও মহোৎসৱত ৭৫০ গৰাকী প্ৰতিযোগীৰ ভিতৰত উপেন গোস্বামীৰ দ্বাৰা নিৰ্মিত পানী শীৰ্ষক ই কনণ্টেন ভিডিঅটিয়ে শ্ৰেষ্ঠ ভিডিঅৰ খিতাপ অৰ্জন কৰে । ইয়াৰ উপৰিও অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিৱেশন উদযাপন সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজিত ছপা গ্ৰন্থ প্ৰতিযোগিতাত বুফেৰ সৈতে এদিন গল্প পুথিখনে শ্ৰেষ্ঠ গল্প পুথিৰ বঁটা লাভ কৰে ।

অসম সাহিত্য সভাৰ গুৱাটী অধিৱেশনত শ্ৰেষ্ঠ শিশু নাট্যকাৰৰ বঁটা লাভ কৰে । ইতিমধ্যে গোস্বামীয়ে ছয়খনকৈ মৌলিক গ্ৰন্থ লিখাৰ লগতে দহখন আলোচনী স্মৃতি গ্ৰন্থ সম্পাদনা কৰে । জিলা পৰ্যায়ৰ এগৰাকী সমল ব্যক্তি হিচাপে প্ৰশিক্ষণৰ মডিয়ুল প্ৰস্তুতকৰণ বিভিন্ন সময়ত শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ত শিক্ষা বিভাগৰ অনুষ্ঠানত ঘোষক হিচাপেও দায়িত্ব পালন কৰে । এগৰাকী স্কাউট মাষ্টাৰ হিচাপে ছাত্ৰ-ছাত্ৰীক ড্ৰিল-ব্যায়াম শিকোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু জাতীয় সংগীত শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰে তাৰ বাবে নিজৰ বিদ্যালয়ৰ লগতে জিলাখনৰ কেইবাখনো বিদ্যালয়ত প্ৰাত:সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । পৰিৱেশ সজাগতা , কু-সংস্কাৰ -অন্ধ বিশ্বাস বিৰোধী , শিক্ষাৰ অধিকাৰ আইন, মানৱ অধিকাৰ আইন ইত্যাদি বিষয়ক সজাগতামূলক নাটক ৰচনা কৰি জিলাখনৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিৱেশন কৰিছে । ক’ভিড ১৯ৰ লকডাউনৰ সময়ছোৱাত ইউটিউব চেনেল যোগে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ ভিডিঅ প্ৰস্তুত কৰি প্ৰচাৰ কৰাৰ লগতে বৰ্তমান পৰ্যন্ত সেইধাৰা অব্যাহত ৰাখিছে । অসম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত লকডাউনৰ সময়ছোৱাত ই কনণ্টেন ভিডিঅ ৰ বাবে কৰা পাঠদান দূৰদৰ্শন আৰু দীক্ষা এপছ যোগে সম্প্ৰচাৰিত হৈ আছে । শিক্ষকতা বৃত্তিৰ সমান্তৰাল ভাৱে গোস্বামী কেইবাটাও সাহিত্য-সংস্কৃতিৰ সংগঠনৰ সৈতে জড়িত । অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনৰ আজীৱন সভ্য হোৱাৰ লগতে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ পৰম সন্মানীয় সদস্য । প্ৰধান শিক্ষক উপেন গোস্বামীৰ এই সন্মান প্ৰাপ্তিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , অভিভাৱক আৰু লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল উৎফুল্লিত হৈ পৰিছে ।