Home Blog Page 1382

বৰপেটা জিলাৰ আঠ গৰাকী কৃতী শিক্ষকলৈ বঁটা

বৰপেটা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত মঙলবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক জিলা ভিত্তিক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত ( শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই শিক্ষক দিৱসৰ কাৰ্যসূচীসমূহ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ।

ইয়াৰ পিছত স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰা হয়। স্মৃতি তৰ্পন কৰে বৰপেটাৰ বিদ্যালয়সমুহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে ৷ আনহাতে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰে বৰপেটা সাহিত্য সভাৰ সভাপতি তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাসে৷

পুৱা ১১ বজাৰ লগে লগে মুকলি সভা আৰু কৃতী শিক্ষকক বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ কৰা হয়।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গোপেশ চন্দ্ৰ শৰ্মাই ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ তাৎপৰ্য তথা কৰ্মৰাজী সোৱৰণ কৰি শিক্ষক সকলক উদ্দেশ্যে বহু পৰামৰ্শ আগবঢ়ায়। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বাউসী বাণী কান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ কনক চন্দ্ৰ নাথে শিক্ষক দিৱসৰ তাৎপৰ্য বহলাই বাখ্যা কৰি শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে।

মাল্যাৰ্পক বৰপেটা সাহিত্য সভাৰ সভাপতি ডঃ বাবুল চন্দ্ৰ দাসে শিশুসকলৰ মাজত থকা সুপ্ত প্ৰতিভা শিক্ষকসকলক জগাই তুলিবলৈ আহ্বান জনায়। আজিৰ এই গুৰুত্বপূৰ্ণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গে শিশুৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দি শিশুক বিষয়বস্তুৰ লগত জড়িত কৰিবলৈ পৰামৰ্শ দিয়ে। ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ নম্বৰত গুৰুত্ব দিয়াতকৈ শিশুৰ ধাৰণা মজবুত কৰাত অধিক মনোযোগ দিবলৈ তেওঁ শিক্ষকসকলক আহ্বান জনায়।

এই সভাতে বৰপেটা জিলা প্ৰশাসনে শিক্ষা বিভাগৰ উদ্যোগত বাচনি কৰা মধ্য ভলুকাবাৰী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দন কুমাৰ দাস, চেন্ট মেৰিছ এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী প্ৰণীতা পাঠক, কেওঁটকুছি মজলীয়া বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক নৱজিৎ দাস, ফুলৰা চতলা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাফিজ উদ্দিন, বৰতাৰীৰ বি কে হাইস্কুলৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইন, বৰপেটা টাউন হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমায়ুন কবিৰ ছিদ্দিকী, ৰূপসী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন্দ্ৰ শৰ্মা আৰু দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চাৰু চক্ৰৱৰ্তীক জিলা কৃতী শিক্ষক বঁটাৰ প্ৰদান কৰা হয়। সভাৰ শেষত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হৈ জিলা আয়ুক্ত আয়ুষ গৰ্গ আই, এ, এছ ডাঙৰীয় ই কৃতি শিক্ষক ৰাষ্ট্ৰপতি শিক্ষক বটাঁ প্ৰাপক বিবেকানন্দ ৰায় চৌধুৰী সম্বোৰ্ধনা জনায় ৷ সম্বোৰ্ধনা পত্ৰ পাঠ কৰে অতিৰিক্ত আয়ুক্ত আৰু জিলা মিছন সমন্বয়ক লখিমী দত্তই ৷ লগতে সহযোগ কৰে জিলা আঁচনি বিষয়া ৰঞ্জন দাসে ৷

দীপক কুমাৰ দাসলৈ প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকৰ বঁটা

নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ হ’লত ৪০ সংখ্যক সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ দীপক কুমাৰ দাসক প্ৰদান কৰা হয় চন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকৰ বঁটা। এই বঁটা পোৱা খবৰে জিলা খনত আনন্দময় পৰিবেশ সৃষ্টি হৈছে।


দীপক কুমাৰ দাসৰ ঘৰ নলবাৰী জিলাৰ অন্তৰ্গত জাজিয়াবাৰী গাঁৱত। তেওঁ অসমীয়া প্ৰতিদিন, দৈনিক অসম, অসমীয়া খবৰ, দৈনন্দিন বাৰ্তাকে ধৰি অসমৰ প্ৰায় গোটেই কেইখন বাতৰি কাকতত নলবাৰীৰ লগতে বিভিন্ন জিলাৰ ক্ৰীড়াৰ বাতৰি প্ৰেৰণ কৰি আহিছে।

নলবাৰী জিলাৰ এটি অগ্ৰণী ক্ৰীড়া অনুষ্ঠান পূব নলবাৰী কচিং চেন্টাৰৰ তেওঁ প্ৰতিস্থাপক সভাপতি। ১৯৯৭ চনত জন্ম গ্ৰহণ কৰা ক্ৰীড়া অনুষ্ঠানটোৱে বিগত ৩০ বছৰ ধৰি পূব নলবাৰীৰ বৃহৎ অঞ্চলটোত ভলীবলৰ জড়িয়তে খেলুৱৈ সৃষ্টিত অৰিহনা যোগাই আহিছে।

ইতিমধ্যে উক্ত ক্ৰীড়া সংগঠনটোত প্ৰশিক্ষণ প্ৰাপ্ত সৰহ সংখ্যক খেলুৱৈয়ে এতিয়া নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি অসম ভলীবল সন্হাই অনুষ্ঠিত কৰি অহা বিভিন্ন পৰ্যায়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো আজুৰি আনিবলৈ সক্ষম হৈছে চুড়ান্ত বিজয়ীৰ।

দীপক কুমাৰ দাস নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যলয় সম্পাদক হোৱাৰ উপৰিও অসম ভলীবল সন্থাৰ সহ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, উপ সভাপতি মনোজ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য, অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মা, সাধাৰণ সম্পাদকক প্ৰকাশ বৰা, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, সহ সম্পাদক অভিজিৎ কলিতাকে ধৰি ক্লাৱ-সংঘ সমূহে তেওঁক অভিনন্দন জনাইছে।

ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে নগাঁৱত ২৮গৰাকী শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান

“শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰা এক জীৱনযোৰা প্ৰক্ৰিয়া। সু- শিক্ষাৰ জৰিয়তেহে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগুৱাই নিব পৰা যাব।”- এই মন্তব্য নগাঁৱস্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাৰ।

মঙলবাৰে নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৬২সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপাচাৰ্য ড: হাজৰিকাই লগতে কয় যে, এজন আদৰ্শ শিক্ষক হ’বলৈ সংবেদনশীল, সহনশীলতা আৰু বৈচিত্ৰ্যময় গুণৰ অধিকাৰী হ’ব লাগিব। সত্যক জ্ঞানলৈ ৰূপান্তৰ কৰিব পৰাটোৱেই আচল শিক্ষা।

তেওঁ মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে নৈতিকতা অবিহনে শিক্ষা সম্পূৰ্ণ হ’ব নোৱাৰে। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত আৰু শিক্ষক দিৱস উদযাপন সমিতিৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই আঁতধৰা সভাখনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে শিক্ষা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ।

শিক্ষাইহে এটা জাতিৰ আমোল পৰিৱৰ্তন আনিব পাৰে আৰু শিক্ষক সকল হ’ল এগছি বন্তিৰ দৰে। যি এখন সমাজ বা দেশক পোহৰাই তুলিব পাৰে। বিধায়ক গৰাকীয়ে শিক্ষা গুৰু সকলক যথেষ্ট সন্মান কৰিব লাগে বুলিও বিশেষকৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। নগাঁও সংমণ্ডল বিদ্যালয়সমুহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ ২৮ গৰাকী শিক্ষকক ‘কৃতী শিক্ষক বঁটা-২০২৩’ প্ৰদান কৰা হয়।

অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড :হিমন্ত বিশ্ব শৰ্মাই শিক্ষক দিৱস উপলক্ষে ২০১০ বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত জিলাখনৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কৃতী শিক্ষকৰ বঁটা লাভ কৰা মুঠ ২৭ গৰাকী শিক্ষকৰ বাবে প্ৰেৰণ কৰা বিশেষ প্ৰশংসা পত্ৰ আৰু গামোচা-চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়।

সভাখনত জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং, বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক দেৱেন লহকৰ, জিলা অধিবিদ্যা পৰিষদৰ সচিব ৰঞ্জিত শ‌ইকীয়া, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া মৃগাংক বৰা প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গুৱাহাটীবাসী বজেলীয়া সমাজৰ শিক্ষক সম্বৰ্ধনাৰ সফল সামৰণি

মঙলবাৰে গুৱাহাটী জি. এছ. ৰোডত অৱস্থিত ল’জ কুঞ্জলতাত গুৱাহাটীবাসী বজেলীয়া সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা দুুদিনীয়াকৈ পালন কৰা শিক্ষাবিদ কামেশ্বৰ দাসৰ স্মৃতি দিৱসৰ সফল সামৰণি পৰে৷ মঙলবাৰৰ কাৰ্যসূচীত পুৱা ডক্টৰ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আৰু কামেশ্বৰ দাসৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে গুৱাহাটীবাসী বজেলীয়া সমাজৰ কাৰ্যকৰী সভাপতি সুৰেণ মেধি আৰু অৱসৰপ্ৰাপ্ত এ.চি.এছ বিষয়া সত্যেন তালুকদাৰে৷

ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ আৰু শিক্ষক সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে গুৱাহাটীবাসী বজেলীয়া সমাজৰ সভাপতি তথা বিশিষ্ট কবি নীলিম কুমাৰে৷ তেখেতৰ ভাষণত বজেলীয়া সমাজৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে কামেশ্বৰ দাসৰ চমু বিৱৰণি দাঙি ধৰে৷

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জগদীশ পাটগিৰিয়ে কামেশ্বৰ দাসৰ ওপৰত আলোচনা আগবঢ়ায় লগতে কামেশ্বৰ দাসৰ স্মৃতি যুগমীয়াকৰণত গুৰুত্ব আৰোপ কৰে৷ কামেশ্বৰ দাসৰ নাতিনী ললিতা লহকৰৰ মঙ্গলাচৰণেৰে শুভাৰম্ভণি হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে সত্যেন তালুকদাৰে কামেশ্বৰ দাসৰ ওপৰত দু-আষাৰ কয়৷

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এক শিক্ষক সম্বৰ্ধনা অনুষ্ঠানত বজালীৰ বিভিন্ন অঞ্চলৰ আৰু বৰ্তমানে গুৱাহাটীৰ স্থায়ী বাসিন্দা আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাত শিক্ষাবিদ, সু-সাহিত্যিক বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ চন্দ্ৰ চৌধুৰী শাৰীৰিক অসুস্থতাৰ বাবে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷

সভাত কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেণ তালুকদাৰ, কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেণ গোস্বামী, ওৰাং উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী হিৰণ দেৱী, ডিব্ৰুগড় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কান্তেশ্বৰ তালুকদাৰ, আৰ্য্য বিদ্যাপীঠ মহাবিদালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডক্টৰ অৰ্চনা পূজাৰী, কৃষ্ণনগৰ বিদ্যাপীঠ এম. ই. স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক চত্ৰধৰ ডেকা আৰু বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কবিতা চৌধুৰী সম্বৰ্ধনা সভাত উপস্থিত থাকি সম্বৰ্ধনা গ্ৰহণ কৰি তেখেতসকলৰ শিক্ষক জীৱনৰ অভিজ্ঞতাসমূহ প্ৰকাশ কৰাৰ লগতে কামেশ্বৰ দাসৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে৷

সভাখন আঁত ধৰে বিশিষ্ট আবৃত্তিকাৰ তথা শিক্ষয়িত্ৰী মামণি কলিতা ডেকাই লগতে সভাত কবি নীলিম কুমাৰৰ কবিতা ‘শিক্ষক’ আবৃত্তি কৰে৷ সভাত উপস্থিত থাকি সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় কৰাৰ বাবে গুৱাহাটীবাসী বজেলীয়া সমাজৰ সম্পাদক কন্দৰ্প কুমাৰ শৰ্মা আৰু যুটীয়া সম্পাদক খনীন্দ্ৰ নাথ দেৱচৌধুৰীয়ে সকলোকে ধন্যবাদ জনোৱাৰ লগতে কামেশ্বৰ দাসৰ পৰিয়ালবৰ্গৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে ভৱিষ্যেতেও এনেধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ সভাৰ শেষত শাৰীৰিক অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰা সতীশ চন্দ্ৰ চৌধুৰীক হাতীগাঁও বাসগৃহত গৈ সম্পাদক কন্দৰ্প কুমাৰ শৰ্মা, যুটীয়া সম্পাদক খনীন্দ্ৰ নাথ দেৱ চৌধুৰী, সদস্য চন্দন শৰ্মা আৰু জিতেন চৌধুৰীয়ে সম্বৰ্ধনা জনায়৷

পশ্চিম নলবাৰীত শিক্ষক দিৱসঃ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুলৈ ‘জ্ঞানসিন্ধু বঁটা’

পশ্চিম নলবাৰীৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত মঙলবাৰে উলহ-মালহৰে শিক্ষক দিৱস উদযাপন কৰা হয়।
উল্লেখ্য যে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগতো উদযাপিত শিক্ষক দিৱস।

সেইমৰ্মে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হৰিচৰণ তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জয়ন্ত তালুকদাৰ, মিণ্টু বৰ্মণ, সত্যেন মিশ্ৰ, মনোজ ৰাজবংশী, মহানন্দ‌ দাস, গোকুল ডেকা, বৰ্ণালিমা গোস্বামী, ভবেশ তালুকদাৰ প্ৰভৃতি শিক্ষাব্ৰতীৰ উপৰি অঞ্চলটোৰ শিক্ষককে ধৰি দুই শতাধিক লোক উপস্থিত থাকে।

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা জ্ঞানসিন্ধু বঁটাও কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কৰা হয় বুলি জানিব পৰা গৈছে। এই বছৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জ্ঞানসিন্ধু বঁটা প্ৰদান কৰে পশ্চিম নলবাৰীৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নগেন ডেকাক ।

আনহাতে, ৬২৫ নং খাৰশিঠা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসত শিক্ষাৰ্থীৰ বাৰেৰহণীয়া কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰে । অনুষ্ঠানত উপস্থিত থাকি ঔপন্যাসিক নীলিম আকাশ কাশ্যপে শিক্ষকৰ দায়িত্ব, কৰণীয়ৰ উপৰি শিক্ষকৰ প্ৰতি সমাজৰ মনোভাৱ, দায়িত্ব আদি সম্পৰ্কত জ্ঞানগৰ্ভী ভাষণ প্ৰদান কৰে ।

ইফালে আমনি শংকৰ প্রাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু মাতগোটৰ উদ্যোগত শিক্ষক দিৱস পালন কৰি বিদ্যালয়ৰ শিক্ষক সকলক ফুলাম গামোছা আৰু কলমেৰে সম্বর্ধনা জনাই শিক্ষক সকল উৎসাহিত কৰাৰ উপৰি চামতা বালিপথাৰ স্থিত অক্মফোর্ড পেৰামেডিকেলত আৰম্বৰ পূর্ণভাবে শিক্ষক দিৱস পালন কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰে কবি ,অৱসৰ প্রাপ্ত শিক্ষক প্রবিন বর্মনৰ পৌৰহিত্যত সভা অনুষ্ঠিত হয়৷

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে শিক্ষক সমাজকর্মী তপন কুমাৰ শর্মা ,চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ বলেন কুমাৰ গোস্বামীয়ে ৷ ভাষণ প্রসংগত তপন কুমাৰ শর্মাই শিক্ষাব্রতী ড০ সর্ব্বপল্পী ৰাধাকৃষ্ণনৰ বিষয়ে সুন্দৰ ভাবে উল্লেখ কৰে বলেন গোস্বামীয়েও মহান ব্যক্তি গৰাকীৰ ওপৰত বক্তব্য ৰাখে, পেৰামেডিকেলৱ সঞ্চালিকা জোনালী মেধিয়ে শলাগৰ শৰাই আগবঢ়াই ৷

লাহৰীঘাটৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহ মালহেৰে শিক্ষক দিৱস পালন

সমগ্র দেশে মঙলবাৰে ভাৰতৰ প্ৰয়াত উপ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দেৱৰ ১৩৫ তম জন্মদিনৰ লগতে ৬২ তম শিক্ষক দিৱস উলহ মালহেৰে পালন কৰে। তাৰে লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ লাহৰীঘাট কণিষ্ঠ মহাবিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক দিৱস পালন কৰা হয়।

পুৱা ১০ বজাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শলিতা জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত কেক কাটি সকলোৱে মিলি জুলি আনন্দ কৰে। মুকলি সভাত কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্র ছাত্রী সকলে অধ্যক্ষ আৰু বিষয় শিক্ষকসকলক জাপি,ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই শিক্ষা গুৰুসকলৰ পৰা আশীর্বাদ গ্রহণ কৰে।

মুকলি সভা সঞ্চালনা কৰে অধ্যক্ষ ফাইজুৰ ৰহমানে। আদৰণি পৰ্বৰ আঁত ধৰে বিষয় শিক্ষক আমৰুল হুছেইন আৰু কামাল উদ্দিন আহমেদে। ছাত্র-ছাত্রীসকলৰ হৈ উদ্দেশ্য বাখ্যা কৰে জাকাৰীয়া আলমে আৰু সম্বৰ্ধনা পৰ্বত সহযোগিতা কৰা ছাত্র ছাত্রীসকল ক্ৰমে মুবাশিৰ আহমেদ, নাজিৰুল ইছলাম, ৰেকিবুল ইছলাম, ৰবিউল হুছেইন, কাৰিমা খাতুন আৰু ৰুকচানা বেগমে।

আনহাতে লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলতো উলহ মালহেৰে পালন কৰিলে শিক্ষক দিৱসঃ

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক দিৱস পালন কৰা হয়। পুৱা ১০ বজাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শলিতা জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াৰ পিছত কেক কাটি সকলোৱে মিলি-জুলি আনন্দ কৰে। মুকলি সভাত বিদ্যালয় পৰিচালনা সমিতিৰ লগতে বিদ্যালয়ৰ ছাত্র ছাত্রীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক ফুলাম গামোচা, কলম আৰু অন্যান্য উপহাৰ প্ৰদান কৰি আশীর্বাদ গ্রহণ কৰে।

ইয়াৰ পিছত ছাত্র ছাত্রী সকলে গীত নৃত্য আদিৰ দ্বাৰা পৰিবেশ মুখৰিত কৰে। মুকলি সভা সঞ্চালনা কৰে বিদ্যালয়ৰ উপাধ্যক্ষ ৰামকৃষ্ণ বাগলাৰীয়ে। আদৰণি পৰ্বৰ আঁত ধৰে অধ্যক্ষ চুলমান আলীয়ে।

দাতিয়ালবড়ি হাই স্কুলতো উলহ মালহেৰে পালন কৰিলে শিক্ষক দিৱসঃ ৫ গৰাকী চাকৰি সূত্রে বদলিকৰণ হোৱাত বিদায়ী সম্বৰ্ধনাঃ

মৰিগাঁও জিলাৰ দাতিয়ালবড়ি হাই স্কুলতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শিক্ষক দিৱস পালন কৰা হয়। পুৱা ৯ বজাত বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰে প্ৰধান শিক্ষক ফজল উদ্দিন ভাসানী আৰু শিক্ষক গোটে। মুকলি সভাত দাতিয়ালবড়ি হাই স্কুলৰ ছাত্র-ছাত্রীসকলে প্রধান শিক্ষক আৰু শিক্ষক গোটৰ সকলো শিক্ষকক ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনাই আশীর্বাদ গ্রহণ কৰে।

মুকলি সভা সঞ্চালনা কৰে প্রধান শিক্ষক ফজল উদ্দিন ভাসানীয়ে। উদ্দেশ্য বাখ্যা কৰে সহ শিক্ষক হান্নান ফাৰুকীয়ে। আদৰণি পৰ্বৰ আঁত ধৰে সহ শিক্ষক খাইৰুল ইছলামে। প্ৰথম পৰ্বৰ সম্বৰ্ধনা হোৱাৰ পিছত ছাত্র-ছাত্রীসকলে নাটক, গীত,নৃত্য আৰু কবিতা আবৃত্তি কৰি দৰ্শকৰ মন জয় কৰে।

বিয়লি ২ বজাত পুনৰ বিদ্যালয়ৰ ৫ জন শিক্ষক ক্ৰমে মাফুজুৰ ৰহমান, আব্দুল হামিদ,মহিবুল্লাহ, বিক্ৰমজিৎ তামুলী আৰু মৌলবী চাহাব উদ্দিনে চাকৰি সূত্রে বদলি কৰণ হোৱাত তেওঁ লোক আটাই কেইজনকে ফুলাম গামোচা, শৰাই, জায়নামাজ, কলম আৰু টুপিৰে বিদায়ী সম্বৰ্ধণা জনায় বিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰা। সম্বৰ্ধণা অনুষ্ঠানত সাংবাদিক খাইৰুল ইছলামকো ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধণা জনোৱা হয়।

-খাইৰুল ইছলাম,ভূৰাগাঁও মৰিগাঁও

জামুগুৰিহাটত ১৪১ গৰাকী অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীক ‘গুৰুসেৱা’

শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত জামুগুৰিহাটৰ ধলাইবিল সাহিত্য সভা ভৱনত নদুৱাৰ শিক্ষাখণ্ডৰ অধিনৰ প্ৰাথমিক পৰ্যায়ৰ অৱসৰী ১৪১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক “গুৰুসেৱা” অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত জামুগুৰি আঞ্চলিক উন্নতি সভা আৰু অসম সেনাৰ সহযোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰতিগৰাকী শিক্ষাগুৰুকে একোখনকৈ ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে সন্মান জনোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষাগুৰুৰপৰা আশীষ গ্ৰহণ কৰে উদ্যোক্তাসকলে৷

ওৰেটো জীৱণ সমাজত শৈক্ষিক সভ্যতাৰ পোহৰ বিলাই জীৱণৰ মাদকতা বিচাৰি বৰ্তমান অৱসৰী হোৱা শিক্ষাগুৰুসকলক সেৱাৰ মানসেৰে অনুষ্ঠিতব্য এই বিশেষ দিনটোৰ বিশেষ অনুষ্ঠানটি বিগত তিনি দশক ধৰি ৫ ছেপ্টেম্বৰৰ দিনটোতেই নিৰবিচ্ছিন্নভাবে অনুষ্ঠিত কৰি আহিছে৷

সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে শুভ উদ্বোধন কৰা অনুষ্ঠানটি সঞ্চালনা কৰে জামুগুৰি আঞ্চলিক উন্নতি সভাৰ মূখ্য আহবায়ক ৰঞ্জন কুমাৰ দাসে৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অসম উন্নতি সভাৰ উপ সভাপতি বিপুল বৰা,উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি ৰত্নকান্ত নাথ উপস্থিত থকাৰ উপৰিও বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল অসম সেনাৰ আহবায়ক ৰাজনীশ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক বিশ্বজিত কলিতা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ৷ ছাত্ৰ নেতা দেৱ দিপাংকৰ শইকীয়া আৰু উদ্দিপ্ত কাশ্যপে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ সকলো কাৰ্যসুচীতে ৰাইজৰ সহযোগিতা লাভ কৰা বাবে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি ধূৰ্জত গোস্বামী আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অঞ্জনজ্যোতি হাজৰিকাই৷

-জোন বৰা ,জামুগুৰিহাট

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৬২ সংখ্যক শিক্ষক দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তত মঙলবাৰে শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত দাৰ্শনিক পণ্ডিত তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰতিখন শিক্ষানুষ্ঠানত উলহমালহেৰে শিক্ষক দিৱস উদযাপন কৰে৷

ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৬২ সংখ্যক “শিক্ষক দিৱসৰ” লগত সংগতি ৰাখি প্ৰশিক্ষাৰ্থী সকলে আয়োজন কৰে এক বৰ্ণাঢ্য কাৰ্যসূচী। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে আয়োজন কৰা কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া চাফাই কৰাৰ পিছত ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই মহান শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিনৰ দিনা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সুৰজিৎ কোঁচৰ নেতৃত্বত মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষক-কৰ্মচাৰী সকলক একোখনকৈ ফুলাম গামোছা, কলমৰ টোপোলা, একোটাকৈ গছপুলিৰে সম্বৰ্ধনা জনাই৷

ইয়াৰ পাছতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বাৰা সম্বৰ্ধনা পত্ৰ পাঠ কৰা লগতে প্ৰশিক্ষাৰ্থী সকলৰ হৈ আদৰণী ভাষণ পাঠ কৰে প্ৰশিক্ষাৰ্থী দেৱজিৎ খাউণ্ডে ।

প্ৰশিক্ষাৰ্থী জনাদন ফুকনে আতঁধৰা অনুষ্ঠানত তৃষ্ণা পেগু আৰু প্ৰথম ষান্মাষিকৰ ছাত্ৰী মায়াশ্ৰী বৰুৱাই সুমধুৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো সমৃদ্ধ কৰি তোলে আৰু অনুষ্ঠানত মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰদিপ চন্দ্ৰ বৰাকে আদি কৰি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত উপস্থিত থকা মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি শিক্ষাৰ ক্ষেত্ৰৰ বহুখিনি গুৰুত্বপূৰ্ণ কথা অৱগত কৰে৷ ইয়াৰ পাছতে শলাগৰ শৰাই অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষক-কৰ্মচাৰী সকলৰ লগতে প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে।

-পাপু বৰুৱা, ঢকুৱাখনা

পৱিত্ৰ শিক্ষক দিৱসত শিক্ষকৰ আশীৰ্বাদেৰে আগবাঢ়ি যোৱাৰ সংকল্প তৃণমূল কংগ্ৰেছৰ

শিক্ষকসকল হৈছে সমাজৰ মাৰ্গদৰ্শক, শ্ৰেষ্ঠ পৰামৰ্শদাতা। শিক্ষাগুৰুৰ পৰামৰ্শ আৰু আশীৰ্বাদে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখে। মঙলবাৰে পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত এই কথাকেই স্মৰণ কৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে। ৫ ছেপ্তেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে অসম তৃণমূল যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সহযোগত দিশপুৰ প্ৰেছ ক্লাৱত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য জিলাবোৰতো তৃণমূল যুৱ কংগ্ৰেছে শিক্ষক দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে।

গুৱাহাটীৰ শিক্ষক দিৱসৰ এই বিশেষ অনুষ্ঠানটোত তৃণমূল কংগ্ৰেছ দলটোৱে ৬ গৰাকী কৃতী শিক্ষকক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে এখনকৈ মানপত্ৰ প্ৰদান কৰে। বিশেষ সম্বৰ্ধনা জনোৱা কৃতি শিক্ষককেইগৰাকী হৈছে শিক্ষাবিদ হিৰণ্য বৰা, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, হিমানী দেৱী চক্ৰৱৰ্তী, মীৰা ভট্টাচাৰ্য, শিৱপ্ৰসাদ মাৰাৰ আৰু উৎপল চক্ৰৱৰ্তী।

অনুষ্ঠানটোত উপস্থিত থাকি শিক্ষাগুৰুসকলে সমাজত যুৱ প্ৰজন্মৰ ওপৰত অভিভাৱক হিচাপে শিক্ষকৰ দায়িত্বৰ কথা দোহাৰে আৰু লগতে এই কথাটোৰ ওপৰত গুৰুত্ব দি কয় যে বৰ্তমানৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থা তথা আৰ্থ-সামাজিক দিশৰ শুধৰণিৰ দায়িত্ব যুৱ প্ৰজন্মৰ, গতিকে ৰাজনৈতিক মঞ্চত থকা তৃণমূল কংগ্ৰেছ দলটোৰ যুৱ প্ৰতিনিধিসকলে এই কথাটো উপলব্ধি কৰি সমাজ সংস্কাৰৰ দায়িত্ব লোৱা উচিত।

সভাত উপস্থিত থকা অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই শিক্ষা আৰু শিক্ষকে কিদৰে সমাজত আমূল পৰিৱৰ্তন সাধন কৰে সেই বিষয়টো সন্দৰ্ভত মন্তব্য ৰাখে। দত্তই লগতে কয় যে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰা শিক্ষাগুৰুৰ গুৰুত্ব এই সমাজত অপৰিসীম আৰু শিক্ষগুৰুৰ পৰামৰ্শইহে যুৱ সমাজক সামাজিক দিশত শক্তিশালী কৰি তোলে। শিক্ষাগুৰুৰ আশীৰ্বাদ লৈ তৃণমূল কংগ্ৰেছ দলটোৰ যুৱ প্ৰতিনিধিসকলে বৰ্তমান সমাজত হৈ থকা অনীতি-অপশাসন দূৰ কৰি সমাজ সংস্কাৰৰ বাবে বদ্ধপৰিকৰ বুলি তেওঁ দোহাৰে।

দিশপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচীত অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ বিষয়ৱবীয়াসকলৰ লগতে মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সচেতন নাগৰিকসকল উপস্থিত থাকে।

মৰিগাঁৱত শিক্ষক দিৱসত ৪৩ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬২সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিষ্ণু প্ৰসাদ উপাধ্যায়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত দিয়া ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, শিক্ষকসকলৰ কান্ধত দেশৰ ভৱিষ্যৎ প্ৰজন্মক গঢ় দিয়াৰ গুৰুদায়িত্ব আছে আৰু মৰিগাঁও জিলাখনত নানা প্ৰত্যাহ্বানৰ মাজতো শিক্ষকসকলে এই দায়িত্ব নিষ্ঠাৰে পালন কৰিছে। কেতিয়াবা নাৱেৰে গৈয়ো শিক্ষকসকলে চৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছে।

তেওঁ শিক্ষকসকলৰ দায়বদ্ধতা আৰু মহানুভৱতাৰ শলাগ লয়। লগতে কেৱল পাঠ্যক্ৰমতে সীমাবদ্ধ নাথাকি শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নতিৰ বাবে কৰা প্ৰয়াসৰ তেওঁ উচ্চ প্ৰশংসা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আচাৰ-ব্যৱহাৰ আৰু ব্যক্তিত্ব এনে হ’ব লাগে যে তেওঁলোকক দেখিলেই যাতে শ্ৰদ্ধাত সকলোৰে মুৰ দো খাই যায়।

তেওঁ এইক্ষেত্ৰত মৰিগাঁও জিলাৰ শিক্ষকসকলৰ ব্যৱহাৰ আৰু আচাৰ-আচৰণৰ ভূঁয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আমাৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াৰ দায়িত্ব শিক্ষকসকলৰ ওপৰতে ন্যস্ত আছে আৰু শিক্ষকসকল সেয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে চিৰনমস্য।

অনুষ্ঠানত ডঃ বিষ্ণু প্ৰসাদ উপাধ্যায়ে দিয়া ভাষণত কয় যে শিক্ষকসকলে মানৱ সম্পদ গঢ় দিয়াৰ বাবে প্ৰকৃত অৰ্থত সাধনা কৰিব লাগিব। সাধনাইহে এগৰাকী শিক্ষকক মহান শাৰীলৈ লৈ যাব পাৰে। তেওঁ কয় যে, এজন ভাল ছাত্ৰ যেতিয়া দেশৰ সু-নাগৰিক হয়, সেই ছাত্ৰজনে সমগ্ৰ বিশ্বক প্ৰতিনিধিত্ব কৰে। সেয়ে ছাত্ৰ এজনক গঢ় দিয়াত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। অনুষ্ঠানত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসেও ভাষণ দিয়ে। মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভুঞাই আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলাখনৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৪৩ গৰাকী কৃতী শিক্ষকক জিলা পৰ্যায়ত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, অসম উন্নতি সভাৰ নেতা অতনু শৰ্মা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।