Home Blog Page 1381

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা…

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা৷

বসুন্ধৰা গেছ এজেঞ্চিৰ সন্মুখত সংঘটিত হয় এই দূৰ্ঘটনা৷

ৰৈ থকা ট্ৰাকত খুন্দা মাৰিলে BREEZA বাহনে৷

তেজপুৰৰ পৰা জামুগুৰিহাটলৈ আহি আছিল ব্ৰীজা বাহনখনত অহা দুগৰাকী আৰোহি৷

দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ব্ৰীজা বাহনখনৰ চালকসহ আনগৰাকী৷

দূৰ্ঘটনা সংঘটিত কৰা ব্ৰীজা বাহনখনৰ নম্বৰ AS-12-AF-8500 আৰু ৰৈ থকা ট্ৰাকখনৰ নম্বৰ AS-12-AC-0875

আহত দুয়োগৰাকীকে আৰক্ষীয়ে ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

আকৌ পৃথক বৰাকৰ দাবী প্ৰদীপ দত্তৰয়ৰ…

আকৌ পৃথক বৰাকৰ দাবী প্ৰদীপ দত্তৰয়ৰ।

বৰাকৰ ভাষাক স্বীকৃতি নিদিয়াৰ অভিযোগেৰে পুনৰ বিস্ফোৰণ প্ৰদীপ দত্তৰয়ৰ।

অসমত ১কোটি ২০লাখ বাঙালী থকাৰ পাছতো বাঙালী ভাষাক স্বীকৃতি নিদি বৰাকক বঞ্চনা কৰাৰ অভিযোগ প্ৰদীপ দত্তৰয়ৰ।

আজি নলবাৰীত স্থাপন হ’ব PEPSICO কোম্পানীৰ আধাৰশিলা ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজনেৰে স্থাপন কৰিব আধাৰশিলা…

আজি নলবাৰীত স্থাপন হ’ব PEPSICO কোম্পানীৰ আধাৰশিলা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজনেৰে স্থাপন কৰিব আধাৰশিলা।

বনভাগ শোলমাৰী গাঁৱত ৪৪.২০ একৰ ভূমিত নিৰ্মাণ হ’ব কোম্পানীটো। ৭৭৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব প্ৰকল্পটো।

প্ৰকল্পটোত প্ৰত্যক্ষভাৱে সংস্থাপন হ’ব ৪৫০ৰো অধিক নিবনুৱা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিশেষ উদ্যোগত স্থাপন হ’ব কোম্পানীটো।

আজি ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী…

জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।

এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ((আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে।

এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে[ খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী।

কৃষ্ণ মথুৰাৰ যাদৱ সকলৰ বৃষ্ণি ফৈদৰ লোক আছিল। শ্ৰী কৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।

“ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত অসমৰ সুসন্তান কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰপৰা ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩’ লাভ কৰা মানৱদৰদী কুমুদ কলিতাক নতুন দিল্লীত লগ পাই উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে উল্লেখ কৰে, “নিৰলস প্ৰচেষ্টা আৰু নীৰৱ সাধনাৰে সমাজত পোহৰ বিলোৱা এগৰাকী প্ৰথিতযশা ব্যক্তি হৈছে বজালী অঞ্চলৰ শ্ৰী কুমুদ কলিতা ডাঙৰীয়া।

শিক্ষাদানৰ দৰে মহৎ বৃত্তিৰ সৈতে জড়িত থকা কলিতা ডাঙৰীয়াই কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে দিব্যাংগ তথা অনাথ শিশুসকলক আশ্ৰয় প্ৰদান কৰি নতুন জীৱনৰ সন্ধান দিছে। দিব্যাংগ ল’ৰা-ছোৱালী তথা অনাথ শিশুৰ প্ৰতিপালন আৰু উৎকৰ্ষ সাধনৰ বাবে বিশিষ্ট সমাজসেৱক,

শিক্ষক শ্ৰী কুমুদ কলিতা ডাঙৰীয়াই পাঠশালাত গঢ় দিয়া ‘তপোবন’ শীৰ্ষক শিশু-গৃহ তথা বিদ্যালয় যথাৰ্থতে পৱিত্ৰ মন্দিৰস্বৰূপ। শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ সুনিশ্চিতকৰণেৰে তেখেতে আগবঢ়াই অহা অৱদান অত্যন্ত প্ৰশংসনীয়। নিঃস্বাৰ্থ মৰম আৰু অদম্য মনোবলেৰে মানৱপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰা কলিতা ডাঙৰীয়াই যাতে অনাগত দিনতো ন উদ্যমেৰে কাম কৰি যাব পাৰে, তাৰেই আশাৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।”

তিনিচুকীয়াত ৰহস্যজনক গুলীচালনাত নিহত এজন…

তিনিচুকীয়াত ৰহস্যজনক গুলীচালনাত নিহত এজন।

নিশা তিনিচুকীয়াৰ ASTC বাছ আস্থানত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

মলয় দত্ত নামৰ এজন লোকৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ সন্দেহ ৰাহুল বাজাৰীৰ। এগৰাকী মহিলাসহ পিষ্টলৰ গৰাকীক আটক কৰিছে আৰক্ষীয়ে।

যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত…

যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড।

প্লাষ্টিক আৰু কাৰ্টুনৰ ডেম্পত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা।

সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক…

সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত অঘটন।

তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক। থিতাতে নিহত নাহৰকটীয়াৰ মৃদু সোণোৱাল।

ঠিকাদাৰৰ অধীনত ৰে’লৰ চিৰি বহুওৱা কামত নিয়োজিত আছিল লোকজন

হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযূষ হাজৰিকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মঙলবাৰে হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

সমাজৰ শিক্ষকসকলে জীৱন গঢ়াৰ দৰে পৱিত্ৰ কৰ্মত ব্ৰতী হৈ আমাৰ উত্তৰ প্ৰজন্মক বাট দেখুৱাই লৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ শিক্ষকসকলৰ ত্যাগ আৰু মহানতাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে।

আনহাতে আজিৰ মোবাইল আৰু ইন্টাৰনেট নিৰ্ভৰ সময়ত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন এক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে ছাত্ৰ-ছাত্ৰীৰ মৌলিক আৰু বৌদ্ধিক বিকাশৰ বাবে আজিৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰিবলগাত পৰিছে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী থকা সময়ত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত টেট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো নিকা আৰু মেধাভিত্তিত কৰিবলৈ আৰম্ভ কৰিছিল। বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ উন্ময়নৰ বাবে বহুতো শিক্ষকক নিযুক্তি প্ৰদান কৰা আৰু বিদ্যালয় নিৰ্মাণৰ দৰে কাম হাতত লৈ খৰতকীয়াকৈ সমাপ্ত কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

শিক্ষক দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় যোগান মহন আৰু নন্দিতা গাৰ্লোছাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা, পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, আৰু জিলা আয়ুক্ত উপস্থিত থাকে।

শিক্ষক দিৱসৰ দিনাই শিক্ষাগুৰুক সম্বৰ্ধনা জনাই হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা-ছাত্ৰ ছাত্ৰীয়ে

নলবাৰী জিলাৰ বৃহত্তৰ হাৰিভাঙ্গা গাঁৱৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবছৰে তেওঁলোকৰ শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ দিনা সম্বৰ্ধনা জনোৱাৰ দৰে এইবাৰো দুগৰাকী অৱসৰী শিক্ষকক তেওঁলোকৰ নিজ নিজ বাসভৱনত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

সেই বৰ্ষৰ শিক্ষাৰ্থী ভাৰতীয় সেনাবাহিনীৰ অৱসৰী হাবালদাৰ কুলেন কলিতাক এখনি ফুলাম গামোচাৰে আদৰণি জনাই আৰম্ভ কৰা অনুষ্ঠানটো শিক্ষক ধীৰাজ গোস্বামী আঁত ধৰে।

এখনি ফুলাম গামোচা ,এখন ধৰ্মগ্ৰন্থ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় হাৰিভাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক ক্ৰমে শ্ৰীযুত সত্যনাথ কলিতা আৰু শ্ৰীযুত নিতাই কলিতাক।

১৯৫৮ খ্ৰীষ্টাব্দতে স্থাপিত বিদ্যালয়খনৰ পৰা শিক্ষাগ্ৰহণ কৰা বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ফোনযোগেও শিক্ষকসকলক শ্ৰদ্ধা আৰু প্ৰনাম জনায় । অনুষ্ঠানটোত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লগতে অনুপস্হিত অংশগ্ৰহণকাৰীসকলক শিক্ষাগুৰুসকলে হৃদয় উজাৰি আশীৰ্বাদ দিয়াৰ লগতে একোজন ভাল নাগৰিক হোৱাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনায়।

বহু অতীত স্মৃতি ৰোমন্থন কৰা উক্ত অনুষ্ঠানসমূহে গুৰু শিষ্যৰ মধুৰ সম্পৰ্কৰ ইংগিত বহন কৰে বুলি মন্তব্য কৰে সম্বৰ্ধনা গ্ৰহণ কৰা সত্যনাথ কলিতাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে পশ্চিম নাম্বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি উদীয়মান যুবক গোবিন্দ কলিতা,১৯৯৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৱতীৰ্ণ বৰ্তমান ৰেল বিভাগৰ কৰ্মচাৰী যোগেশ কলিতা,ভাৰতীয় সেনাবাহিনীৰ অৱসৰী হাবালদাৰ কুলেন কলিতা ,বিপুল হালৈ,ৰীতা কলিতা,দীপিকা বৰ্মনে।