Home Blog Page 1380

গ্ৰীণ টিত থকা কেফেইনে মগজুৰ বিকাশ কৰিব পাৰে, কিন্তু আপুনি এৰিব লাগিব এই ৪টা বেয়া অভ্যাস…

মগজুক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়, কাৰণ ই আমাৰ শৰীৰৰ এক অপৰিহাৰ্য অংগ। যেতিয়া মগজু দুৰ্বল হ’বলৈ আৰম্ভ কৰে, তেতিয়া আপুনি যিকোনো কাম কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। মগজুৰ দুৰ্বলতাৰ আঁৰত আমাৰ নিজস্ব কিছুমান অভ্যাস আছে, যিবোৰে ক্ৰমান্বয়ে মগজুৰ গতি লেহেমীয়া কৰে। এটা সুস্থ মগজুৰ বাবে কি কৰিব লাগে জানো আহক। বিশেষকৈ গ্ৰীণ টি সেৱনে আপোনাৰ মগজুক অপৰিসীম উপকাৰ কৰিব পাৰে-


গ্ৰীণ টিৰ মূল উপাদান হ’ল কেফেইন। গ্ৰীণ টিয়ে আপোনাৰ মগজু উন্নতি কৰিব পাৰে।

-ডাৰ্ক চকলেট
-ব্ৰকলি
-আখৰোট
-আলমণ্ড
-ডালিম
এইবোৰেও আপোনাৰ মগজুৰ উন্নতি কৰাত সহায় কৰে।

আনহাতে এই বেয়া অভ্যাসৰ বাবে মগজু দুৰ্বল কৰিব পাৰে-

১/ বেছিকৈ চেনি খোৱা

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যেতিয়া এজন ব্যক্তিয়ে অধিক মিঠা খাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁৰ জ্ঞানশক্তি কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু স্মৃতিশক্তিত প্ৰভাৱ পৰে।

২/ খং উঠাৰ অভ্যাস

সৰু সৰু কথাতো খং উঠাৰ অভ্যাস থকা মানুহৰ মগজুৱে লাহে লাহে কাম কৰা বন্ধ কৰি দিয়ে। খং উঠিলে আপোনাৰ স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত স্নায়ু দুৰ্বল হৈ পৰে। ইয়াৰ বাবে মগজুৰ শক্তি কমিবলৈ আৰম্ভ কৰে।

৩/ ব্ৰেকফাষ্ট এৰি দিয়া

যদি আপোনাৰো ব্ৰেকফাষ্ট নকৰে, তেন্তে আপোনাৰ মনটো স্থবিৰ হৈ পৰিব পাৰে। কাৰণ, এনে কৰিলে শৰীৰ আৰু মনটোৱে গোটেই দিনটোৰ বাবে প্ৰয়োজনীয় পুষ্টি নাপায় আৰু ভাগৰুৱা অনুভৱ কৰে। এই অভ্যাসে মনৰ লগতে শৰীৰকো অস্বাস্থ্যকৰ কৰি তোলে।

৪/ টোপনিৰ অভাৱ

যিসকল লোকে দৈনিক ৭ৰ পৰা ৮ ঘণ্টা টোপনি নাপায়, তেওঁলোকৰ মগজু শিথিল হৈ নাথাকে আৰু ভাগৰুৱা হোৱাৰ বাবে মগজুৱে সম্পূৰ্ণৰূপে কাম কৰিবলৈ সক্ষম নহয়। একে সময়তে মুখখন ঢাকি শোৱাৰ অভ্যাসেও শৰীৰত অক্সিজেনৰ অভাৱৰ সৃষ্টি কৰে। যাৰ বাবে মগজুৰ কোষবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেইবাবেই শোৱাৰ কেইঘণ্টামান আগত গ্ৰীণ টি বা চাহ-কফি খাব নালাগে।


শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ; সাময়িক ভাৱে বন্ধ ৰখা হ’ব শিলসাঁকোৰ উচ্ছেদ

বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ লগত এখন বৈঠকত মিলিত হৈ শিলসাঁকোত চলি থকা উচ্ছেদ অভিযানৰ পৰ্যালোচনা কৰে৷

এই পৰ্যালোচনাৰ অন্তত সদ্যহতে উচ্ছেদ অভিযান বন্ধ ৰখাৰ বাবে নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

তদুপৰি শিলসাঁকোত থকা জিঞ্জাৰ হোটেলৰ ভূমি অধিগ্ৰহণৰ কাম অধিক ক্ষিপ্ৰতৰ কৰাৰ লগতে উক্ত স্থানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিবলৈ কামৰূপ (মহানগৰ) জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰে৷

লগতে এই উচ্ছেদ অভিযানত যিসকল লোক উচ্ছেদিত হৈছে তেনে লোকৰ সঠিক পৰীক্ষণৰ অন্তত পুনঃসংস্থাপনৰ পেকেজৰ ধন শীঘ্ৰে মোকোলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰে৷

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাপুৰাম টেৰণৰ দেহাৱসান…

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাপুৰাম টেৰণৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বাপুৰাম টেৰণৰ।

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কার্যনির্বাহক সদস্য, কাৰ্বি কালচাৰেল চছাইটিৰ প্ৰাক্তন উপ-সভাপতি,

হাওৰাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল বিশিষ্ট সাহিত্যিকগৰাকী ।

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

মঙলবাৰে নিশা কাকপথাৰ বৰডিৰাকত ট্ৰাক আৰু টাটা মেজিকৰ খুন্দাত নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ’ল ৭ গৰাকীকৈ লোকক। আহত হ’ল ১২ গৰাকী লোক।

নিহতসকল ক্ৰমে, পবেন মৰাণ (ড্ৰাইভাৰ), মিহিধৰ নেওগ, কুলাই মেছ, যাদৱ টাই, বিনিতা(বিলি) বৰুৱা, ৰিণা গগৈ, পল্লৱী দহোতীয়া ৰাভা।

আহতসকল ক্ৰমে, অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোনালী মৰাণ, বিকাশ নেওগ,গোলেশ্বৰ মৰাণ,মনো মৰাণ,যশোদা মৰাণ,লক্মণী মৰাণ,অবলতা মৰাণ, পিংকি মৰাণ,মাকন গগৈ।

অহা ৪-৫ বছৰত আৰু ১ লাখ নিযুক্তি দিব ৰাজ্য চৰকাৰে ! কিন্তু চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ টকা ক’ৰ পৰা সংগ্ৰহ কৰে লগতে নিবনুৱা সমস্যা সমাধান সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে জানক…

আজি নলবাৰী জিলাত বহুজাতিক প্ৰতিষ্ঠান পেপছিকোৰ এক খাদ্য উৎপাদন গোটৰ ভূমি পূজন কাৰ্যসূচীত অংশ লৈ অতিশয় আনন্দিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

ৰাজ্যৰ উদ্যোগ খণ্ডক উদগনি প্ৰদানৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজিৰ এই কাৰ্যসূচীয়ে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰায় ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই উৎপাদন গোটত প্ৰায় ৫০০গৰাকী ব্যক্তিৰ বাবে নিয়োগ সৃষ্টি হ’ব।

তদুপৰি এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব।
অসমত এক অত্যাধুনিক খাদ্য উৎপাদন গোট প্ৰতিষ্ঠা কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ হেতু পেপছিকো প্ৰতিষ্ঠানলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।

কাকপথাৰৰ বৰডিৰাকত সংঘটিত দুৰ্ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ…

কাকপথাৰৰ বৰডিৰাকত সংঘটিত দুৰ্ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ।

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৭জনকৈ লোক, গুৰুতৰভাৱে আহত ১২জন চিকিৎধীন।

নাজিৰাত নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ অব্যাহত…

যোৱা ২৬ আগষ্টতে নাজিৰা আদৰ্শ আৰক্ষী থানাত তদানিন্তন নাজিৰা মহকুমা আৰক্ষী বিষয়া তথা সদ্য নিলম্বিত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই তেখেতৰ নাজিৰাৰ আৱাস গৃহত বনকৰা মহিলা অনিমা প্ৰজাক গাত গৰম পানী ঢালি,শৰিৰীৰ বিভিন্ন অংশত ভূত জলকীয়া খানি আৰু শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ উপৰি প্ৰস্ৰাৱ গাৰত দোৱাৰ বন্ধ কৰি পৈশাচিক নিৰ্যাতন চলোৱাৰ অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল যদিও আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰি আইনী শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হোৱা নাই ।

যাৰ বাবে বিভিন্ন সময়ত আটছা , অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি জাতীয় মহাসভা , অসম চাহ জনজাতি জাতীয় মহিলা পৰিষদ তথা চাহ শ্ৰমিক ৰাইজে শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আজিও আটছা আৰু অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাই শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক আইনী শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত নাজিৰা মহকুমাৰ সৰ্বমুঠ ২২ খন চাহ বাগিচাৰ এলেকাত ধৰ্ণা আৰু শুভলক্ষ্মী দত্তৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

শুভলক্ষ্মী দত্তক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক আইনী শাস্তি প্ৰদান কৰিব নোৱাৰিলে নৈতিকতা স্বীকাৰ কৰি ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাই প্ৰতিবাদী চাহ শ্ৰমিক সংগঠন আৰু ৰাইজে ।

সহস্ৰাধিক চাহ শ্ৰমিকে শুভলক্ষ্মী দত্তৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম আৰক্ষী কাম নাই, গৃহ বিভাগ হায় হায়, অনিমা প্ৰজাক ন্যায় দিব লাগিব,অসম চৰকাৰ হায় হায় ইত্যাদি শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক ৰাইজে।
নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ’ৰ্ট ।।

নলবাৰীত PEPSICO কোম্পানীৰ আধাৰশিলা স্থাপন ! ভূমিপূজনেৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

আজি নলবাৰী জিলাত বহুজাতিক প্ৰতিষ্ঠান পেপছিকোৰ এক খাদ্য উৎপাদন গোটৰ ভূমি পূজন কাৰ্যসূচীত অংশ লৈ অতিশয় আনন্দিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

ৰাজ্যৰ উদ্যোগ খণ্ডক উদগনি প্ৰদানৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজিৰ এই কাৰ্যসূচীয়ে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰায় ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই উৎপাদন গোটত প্ৰায় ৫০০গৰাকী ব্যক্তিৰ বাবে নিয়োগ সৃষ্টি হ’ব। তদুপৰি এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব।


অসমত এক অত্যাধুনিক খাদ্য উৎপাদন গোট প্ৰতিষ্ঠা কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ হেতু পেপছিকো প্ৰতিষ্ঠানলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।

বড়ো ভাষাৰ বোলছবি ”বাইগ্লিনাই ছিমাঙৰ” শুভ মূহুৰত ! মাল্যাৰ্পণ কৰিলে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে…

বড়ো ভাষাৰ বোলছবি ” বাইগ্লিনাই ছিমাঙৰ শুভ মূহুৰত

কেমেৰাত মাল্যাৰ্পণ কৰিলে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে।

যুৱ নাট্য কাৰ ,পৰিচালক,অভিনেতা অভিজিৎ দাস দেউৰীৰ পৰিচালনাত বড়ো ভাষাৰ এখন বোলছবি নিৰ্মাণ হবলৈ গৈ আছে। বোল ছবি খনৰ নাম। ” বাইগ্লিনাই ছিমাং ” ( বিচ্ছিন্ন সপোন )

মঙ্গল বাৰে ৰঙিয়াৰ নিকটৱৰ্তী কেকোহাটী গাৱৰ বাথৌ থানচালিত এক গাম্ভীৰ্যপূৰ্ণ আৰু আধ্যাত্মিক পৰিৱেশত শুভ মূহুৰত অনুষ্ঠান টি সম্পূৰ্ণ কৰা হয়।

প্ৰথমে বাথৌ থানচালিত পূজাৰ্চনা কৰি মূল অনুষ্ঠানটো আৰম্ভ কৰা হয়। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োই কেমেৰাত মাল্যাৰ্পণ কৰাৰ পিছত বড়ো কছাৰী অটোনমাছ কাউঞ্চিলৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য প্ৰণৱ কুমাৰ বড়োই।

ছিফুং স্বৰগম ষ্টুডিঅ’ কাম হাৰিমু আফাদৰ বেনাৰত বোলছবি খনৰ প্ৰযোজনা কুহিৰাম বড়োৰ। বোলছবি খনৰ কাহিনী, চিত্ৰনাট্য পৰিচালক অভিজিৎ দাহ দেউৰীৰ।###

তামুলপুৰৰ পৰা প্ৰসাদ দাস,৬ ছেপ্টেম্বৰ

গৰমত দৈ খোৱাতো স্বাহ্য়ৰ বাবে কিমান প্ৰয়োজনীয়…

গৰমত দৈ বা দৈৰ পৰা তৈয়াৰ হোৱা লাচ্চি এগিলাচে দেহ-মন শীতল কৰে। গৰমত আপুনি বাহিৰৰ পৰা আহি দৈ এগিলাচ খালে দেহ ঠাণ্ডা হৈ যায়। পিছে প্ৰখৰ ৰ’দত যদি মুখখন বা ছালৰ পোৰণি হয়, তেন্তে কি কৰিব? তেতিয়াও অকণমান দৈ লৈ মুখত সানি দিয়ক।

দেখিব দেহৰ পোৰণি কমি গৈছে। অতিমাত্ৰা গৰমত বৰফ দিয়া চৰবত খাই নিশ্চয় সকলোৰে ভাল লাগে। এনে চেঁচা চৰবত বা আন চৰবত খাওঁতে যদি পানী লাগে, তেতিয়া নিশ্চয় বৰ অসুবিধা হয়। তাৰো এটা উপায় আছে।
আপুনি নেমুৰ চৰবতৰ লগত আদাৰ ৰস অকণমান মিহলাই দিয়ক। আদাৰ শুকান গুড়িও ব্যৱহাৰ কৰিব পাৰে। য’ৰে-ত’ৰে পানী খোৱাটো উচিত নহয়। পানীৰ জৰিয়তে হেপাটাইটিছ, জণ্ডিচ আৰু অন্যান্য বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে।

বাহিৰৰ পানীৰ সলনি একমাত্ৰ নিৰ্ভৰযোগ্য পানীয় হৈছে ডাবৰ পানী। গৰমৰ দিনত যেতিয়াই-তেতিয়াই পিয়াহ লাগে। পিছে দিনে আপুনি কিমান পানী খাব, তাৰো এটা মাত্ৰা আছে। খেজুৰ আৰু পানীলাউক ‘এচি’ খাদ্য বুলি জনা যায়। এই দুবিধ খাদ্যই আমাৰ দেহত ‘এচি’ৰ দৰে কাম কৰে। সেইদৰে কুঁহিয়াৰৰ ৰস তথা আন ফলৰ ৰসো গৰমৰ দিনকেইটাত খুব উপকাৰী। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে দুপৰ টেঙাৰ ৰস খাব লাগে। অৱশ্যে কুঁহিয়াৰ ৰসো উপকাৰী।