ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক।
আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ।
ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।
আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ।
অসমৰ সকলো জিলালৈ বৰষুণৰ এলাৰ্ট।
ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক।
আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ।
ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।
আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ।
অসমৰ সকলো জিলালৈ বৰষুণৰ এলাৰ্ট।
বজালীৰ চুপাৰি কাণ্ডৰ ঘটনাই আৰক্ষী বিভাগটোক লজ্জানিত কৰাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ হয় নগদ ১৫ লাখ টকা। বজালীৰ আৰক্ষী অধীক্ষক, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক সহ একাংশ বিষয়া কৰ্মচাৰীয়ে চুপাৰি ব্যৱসায়ী ৰবিউল ইছলাম ওৰফে ৰুবেলক ৫ কোটি টকা দাবী কৰিছিল। আনকি তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱালে স্বামী ববী সিং শৰ্মা ওৰফে সুভাষ চান্দক এনকাউন্টাৰ স্পেশিয়েলিষ্ট বুলি পৰিচয় কৰাই এক প্ৰকাৰ ধন আদায় নিদিলে গুলীয়াই মৰাৰ ভাবুকি দিছিল চুপাৰি ব্যৱসায়ী গৰাকীক। গোচৰ অবিহনে ৰবিউল ইছলামক লক্ আপত ৰাখি অত্যাচাৰ কৰিছিল এই আৰক্ষীৰ দলে। অবশেষত উপায় নাপাই ব্যৱসায়ী গৰাকী চিআইডিৰ কাষ চাপি অভিযোগ দাখল কৰে।
চিআইডিয়ে তদন্ত কৰি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, তদনান্তীন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোনোৱাল, উপ আৰক্ষী অধীক্ষক পুস্কল গগৈ, উপ পৰিদৰ্শক দেৱজিত গিৰি, চালকদ্বয় দীপজয় ৰয় আৰু নবিৰ আহমেদ, গায়ত্ৰী সোনোৱালৰ স্বামী ববী সিং শৰ্মা আৰু তেওঁৰ দালাল সৰুপেটাৰ কিশোৰ কুমাৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে। আনহাতে নলবাৰীৰ ঘগ্ৰাপাৰত নগদ ধন উদ্ধাৰ হোৱা ঘটনাক এই পৰ্যন্ত আনুষ্ঠানিক ভাবে চিআইডিয়ে সদৰি কৰা নাই যদিও গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত এখন মোনাত ৰাখি থোৱা অবস্থাত এক গোপন স্হানৰ পৰা ধনৰাশি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চৰকাৰী বেতন তথা অন্যান্য সা-সুবিধাৰে পেট নভৰা খকুৱা আৰক্ষীৰ দলটোৱে সমগ্ৰ বিভাগটোক লজ্জানিত কৰা কাৰ্যক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ জনসাধাৰণে আৰক্ষীক আহ্বান জনাইছে।
ঐতিহাসিক দীঘলীপুখুৰী বহিৰাগত বনিক গোষ্ঠীৰ হাতত দিয়াৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌযাওঁতেই দুটাকৈ বন্দৰৰ পৰিচালনাৰ দায়িত্ব বহিৰাগত বনিক গোষ্ঠীৰ হাতত তুলি দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে নিবিদাৰ জৰিয়তে ধুবুৰী আৰু পাণ্ডু বন্দৰ দুটা মুম্বাইৰ “এ টু জেদ এক্সিম” প্ৰতিষ্ঠানটোক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰতিষ্ঠানটোৱে ৫ বছৰৰ বাবে বন্দৰ দুটা পৰিচালনা কৰিব।
২৫ জুলাইত ধুবুৰী বন্দৰ আৰু পাণ্ডু বন্দৰটো ৫ ছেপ্তেম্বৰত মুম্বাইৰ বনিয়াৰ হাতত তুলি দিয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে। এই বিষয়ে প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ ব্যৱসায়ীক মুৰব্বী ছোহেল কাজানীয়ে।উল্লেখযোগ্য যে মন্ত্ৰালয়টোৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত অতি গোপনে অসমৰ বন্দৰ দুটি বহিৰাগত বনিয়াৰ হাতত তুলি দিয়া কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাই পচাৰুদ্দিন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে । আজিৰে পৰা পৰা চলন্তপাৰা উঃ মাঃ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগা প্রতিযোগিতাখনিত হাটৰকী ক্লাব (কোকৰাঝাৰ), ইউনাইটেড এফ চি (বঙাইগাঁও), শালবাগান গোঁসাইগাঁও এফ চি, পায়নিৰ ক্লাব বিৰেন গাওঁ (চিৰাং), চ’ইবাৰী টি ইষ্টেট, হাদলাপাৰা গোৱালপাৰা, থাবালাপাৰা ৰিয়েল জুনিয়ৰ এফ চি(দুধনৈ), মর্নিং ইষ্টাৰ ফকিৰাগ্ৰাম, চিকামা ক্লাব হাগ্ৰামা ব্রীজ (মানিকপুৰ), কুৰুৱা ভাছা কৃশান জ্যোতি সংঘ ক্লাব (গোৱালপাৰা), বকো এচ চি (কামপুৰ), বাইদা এফ চি (ৰংচাই), ফ্ৰন্টিয়াৰ এফ চি টীম পল্টনবজাৰ ( গুৱাহাটী) আৰু ছাই ইস্পছ ক্লাব (কোকৰাঝাৰ) ফুটবল দলে অংশগ্রহণ কৰিব বুলি সন্থাৰ সাধাৰণ সম্পাদক মুস্তাক আলমে জানিবলৈ দিছে।
লগতে প্রতিযোগিতাখনিত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।
মহানগৰীৰ ছেইণ্ট মেৰীজ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আভা গোস্বামীৰ আকস্মিক বিয়োগ।
তেখেতৰ আকস্মিক বিয়োগত ছেইণ্ট মেৰীজ বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱকৰ লগতে শিক্ষক কৰ্মচাৰী সমাজ আৰু বহু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে; লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷
ৰাজ্যখনৰ এগৰাকী কৃতী শিক্ষয়িত্ৰী আছিল আভা গোস্বামী।
নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া তথা চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুভলক্ষ্মী দত্তক সুৰক্ষা দিয়াৰ নামত ব্লেকমেইলিঙত নামিল ৩ আটছা নেতা।

যিকোনো মূল্যৰ বিনিময়ত গোচৰ উঠাই লোৱাৰ প্ৰস্তাৱ। অপকৰ্মত লিপ্ত হোৱা ৩ আটছা নেতাক সংগঠনৰ পৰা বহিষ্কাৰ।
আটছাৰ শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক মুন ৰাজোৱাৰক বহিষ্কাৰ। বহিষ্কাৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজীৱ কৰ্মকাৰক।
নাজিৰা শাখা সমিতিৰ উপ-সভাপতি দিগন্ত কুৰ্মীকো বহিষ্কাৰ।

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ পৰা ধন লৈ গোচৰ প্ৰত্যাহাৰৰ চলাইছিল চেষ্টা।
ইতিমধ্যে বনকৰা মহিলাক কৰা নিৰ্যাতনৰ সন্দৰ্ভত আটছাৰ বৃহৎ প্ৰতিবাদৰ পাছতে বিষয়া গৰাকীক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে গৃহ বিভাগে নিলম্বিত কৰাৰ পাছতেই গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰি আছে আৰক্ষী বিষয়াগৰাকী ৷
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। পাৰাস্তম্ভই ৩৯ ডিগ্ৰী চেলচিয়াচ স্পৰ্শ কৰিছে। এনে পৰিস্থিতিত শক্তি বিভাগে বিদ্যুতৰ ঘাটি পূৰণ কৰিবলৈ আৰম্ভ কৰিছে লোডশ্বেডিঙৰ। লোডশ্বেডিঙৰ পৰা হাত সাৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে “এডজাষ্ট ” হৈ চলাৰ পৰামৰ্শ দিছে। তেওঁ উল্লেখ কৰি কয় যে বৰ্তমান অসমত দৈনিক ২৫০০ মেগাৱত বিদ্যুতৰ প্ৰয়োজন যদিও বিদ্যুতৰ নাটনি চলি থকাত ঘাটি পূৰণ কৰিবলৈ লোডশ্বেডিঙৰ ব্যৱস্হা লব লগা হৈছে। ডঃ শৰ্মাই পূৰ্বতে দুটা এচি চলোৱা সকলে এটা চলোৱাৰ লগতে প্ৰয়োজন নহলে লাইট নজ্বলাবলৈ পৰামৰ্শ দিয়ে। তেওঁ ১০ টকা ব্যয় কৰি বিদ্যুত ক্ৰয় কৰিলে অহা বছৰত প্ৰতি ইউনিটত ১ টকা ৫০ পইছা বৃদ্ধি হব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ডঃ শৰ্মাই নেচনেল গ্ৰীডত বিদ্যুতৰ নাটনি চলি থকা বুলিও সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে। অবশ্যে ডিচেম্বৰ মাহৰ পৰা এন এইচ পি চিৰ লগতে বিভিন্ন উৎসৰ পৰা ৰাজ্যখনে ১০০০ মেগাৱাট বিদ্যুত পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। উল্লেখ্য যে বৰ্তমান ৰাজ্যখনত বিদ্যুতৰ চাহিদা দৈনিক ২৫০০ মেগাৱাট। কিন্তু শক্তি বিভাগৰ নিজস্ব উৎপাদন মাত্ৰ ৩০০ মেগাৱাট। বিভিন্ন উৎসৰ পৰা শক্তি বিভাগে সংগ্ৰহ কৰে ১৫০০ মেগাৱাট। তথাপি ৭০০ মেগাৱাট বিদ্যুত ঘাটিৰে চলি আছে বিভাগটো। শক্তি বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ামতে ১০ টকাকৈ বিদ্যুত ক্ৰয় কৰিবলৈ অসমৰ্থ বিভাগ। উপায়হীন হৈ লোডশ্বেডিঙৰ ওপৰত ভৰষা কৰি ঘাটি পূৰণ কৰিছে শক্তি বিভাগে।
শিলচৰ চহৰৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে আজি বৰাক নদীৰ ওপৰত বদৰিঘাট সংযোগী নৱনির্মিত বৰেংগা-কাশীপুৰ দলংখন জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে ৩৭ আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথক ফুলেতাল পথৰ সৈতে সংযোগ কৰি যাতায়তৰ সুবিধা প্ৰদান কৰিব।
ইণ্ডিয়া-ভাৰত বিষয়ত মন্ত্ৰীসকলক মুখ নুখুলিবলৈ আহ্বান মোদীৰ।
কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সৈতে বৈঠক সম্বোধন কৰি শাসকীয় পক্ষৰ মন্ত্ৰীসকলক ইণ্ডিয়া-ভাৰত বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ।
ভাৰত নামৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংবিধান মতেহে আগবাঢ়িব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।
বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ বাসগৃহতে সৃষ্টি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ তিনিটিকৈ কালজয়ী গীত। প্ৰয়াত হোমেন বৰগোহাঞি আৰু ড০ হীৰেন গোহাঁইৰ সৈতে থকা ঘনিষ্ঠ স্মৃতি ৰোমন্থন। সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আটাইতকৈ প্ৰিয় ঠাই তেজপুৰৰ বিশিষ্ট চিকিৎসক, তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ বাসগৃহতে সুধাকণ্ঠ গৰাকীয়ে সৃষ্টি কৰিছিল তিনিটাকৈ কালজয়ী গীত ক্ৰমে – “শীতৰে সেমেকা ৰাতি, বিমূৰ্ত মোৰ নিশাটি আৰু আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত। আনহাতে” মোৰ লক্ষ্য স্হান তেজপুৰ আৰু এই পৃথিৱী এক ক্ৰীড়াংগন “শীৰ্ষক গীত দুটিও বিশেষ পৰিৱেশত তেজপুৰতে ভূপেনদাই সৃষ্টি কৰিছিল বুলি আজি নিজৰ ৮৮ সংখ্যক ওপজা দিনত মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী বৌদ্ধিক চিন্তা চৰ্চাৰ গৰাকী, বিশিষ্ট চিকিৎসক – সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীয়ে ।উল্লেখ্য যে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ মজিয়াত শিশু বিকাশ একাডেমী, কৰুণাধাৰাৰ তেজপুৰ শাখা, দ্বিপশিখা কেন্সাৰ কেয়াৰ চেন্টাৰৰ পৰা তেজপুৰ পাৰিপাৰ্শ্বিক সমাজলৈকে বিভিন্ন অনুষ্ঠান গঢ়ি তোলা, বহু শৈক্ষিক – সামাজিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰা, দৃঢ় মনোবলৰ অধিকাৰী ডা০ লক্ষ্মী গোস্বামী বৰ্তমান সময়ত শাৰীৰিক অসুস্থতাত ভূগি থকাৰ মাজতে আজি ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ বিষয়ববীয়া আৰু শোণিতপুৰ শিশু বিকাশ একাডেমীৰ শিক্ষক – কৰ্মচাৰী সকলে কেতেকীবাৰীৰ বাসগৃহতে কেক কাটি উদযাপন কৰে ৮৮ সংখ্যক ওপজা দিন। বিদূষী মহিলা গৰাকীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱা, পূৰ্ণেশ্বৰ নাথ, তেজপুৰৰ প্ৰায়সকল সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু একাংশ শুভাকাংক্ষীৰ উপস্থিতিত ওপজা দিনৰ এনে আনন্দপূৰ্ণ পৰিৱেশৰ মাজতে ১৯৮৫ চনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও অতি সপ্ৰতিভ আৰু মানসিক দৃঢ়তাৰে আৰ্ত আৰু দুৰ্গত লোকৰ কল্যাণৰ হকে অহোপুৰুষাৰ্থ কৰি ডা০ লক্ষ্মী গোস্বামী এইবাৰ জড়িত হ’ব তেজপুৰত নতুনকৈ শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে আৰম্ভ হ’ব লগা এক বৃদ্ধাশ্ৰমৰ জৰিয়তে।
উল্লেখ্য যে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত অতি কম সময়ৰ ভিতৰতে শুভাৰম্ভ হ’ব লগা এই বৃদ্ধাশ্ৰম পৰিচালনা কৰিব ডা০ লক্ষ্মী গোস্বামী সভাপতি হিচাপে থকা ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাই ।এই কথা আজি নিজৰ ওপজা দিনটোত সাংবাদিকৰ আগত সদৰী কৰে ডা০ গোস্বামীয়ে। তেজপুৰত এটা বৃদ্ধ আবাসৰ যথেষ্ট প্ৰয়োজনীয়তা আছিল যদিও সেয়া হৈ উঠা নাছিল যদিও শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত গৰাকীয়ে ইয়াৰ বাবে অহাত ইয়াৰ তদাৰকৰ দায়িত্ব শিশু কল্যাণ পৰিষদে গ্ৰহণ কৰিব বুলি জানিবলৈ দি যথেষ্ট উৎফুল্লিত হৈ পৰে ডা০ গোস্বামী। আনহাতে এই বৃদ্ধ আৱাসৰ নাম ইতিমধ্যে “তপোবন” দিয়াৰ সিদ্ধান্তৰ কথাও সদৰী কৰে।
আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে বহু নিশা পাৰ কৰা বিশ্ব বন্দিত শিল্পীগৰাকীয়ে তেওঁৰ ঘৰতে কেনে মুহূৰ্তত কি কি গীত সৃষ্টি কৰিছিল সেইকথাও এনেদৰে জানিবলৈ দিয়ে বিদূষী মহিলাগৰাকীয়ে ।উল্লেখ্য যে, প্ৰয়াত বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞি আৰু বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইৰ সৈতেও থকা ঘনিষ্ঠ সম্পৰ্কৰ সন্দৰ্ভতো বিভিন্ন স্মৃতি ৰোমন্থন কৰি দুয়োগৰাকী বৰেণ্য সাহিত্যিকে ইজনে সিজনক যথেষ্ট সন্মান কৰিছিল বুলি কৈ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ত প্ৰহৃত হৈ চিকিৎসাধীন হ’ব লগা ড০ হীৰেন গোহাঁইৰ কাষত থিয় দিয়া প্ৰথমগৰাকী ব্যক্তি হোমেন বৰগোহাঞি আছিল বুলি কয়।