Home Blog Page 1392

সদৌ‌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ “প্ৰজ্ঞাৰত্ন” বঁটা প্ৰদান বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাক…

৩১ আগষ্ট ২০২৩ তাৰিখ বৃহস্পতিবাৰে সদৌ অসম কবি মঞ্চৰ বিষয় ববীয়াসকলে সদৌ অসম কবি মঞ্চৰ ২০২৩ বৰ্ষৰ “প্ৰজ্ঞাৰত্ন” বঁ‌টা প্ৰাপক, বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতক “প্ৰজ্ঞাৰত্ন” বঁ‌টা ২০২৩ প্ৰদান কৰে।

উল্লেখ্য যে সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যাসৰ উদ্যোগত যোৱা ২৮ আগষ্ট, সোমবাৰে ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বঁ‌টা প্ৰদান অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা উপস্থিত থাকিব নোৱাৰা

বাবে আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ সদৌ অসম কবি মঞ্চৰ বিষয় ববীয়াসকলে ২০২৩ বৰ্ষৰ “প্ৰজ্ঞাৰত্ন” বঁ‌টা প্ৰদান কৰে। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনৰ সৈতে ৰঞ্জু হাজৰিকাৰ বাসগৃহত উপস্থিত

থাকে সদৌ অসম কবি মঞ্চৰ উপ-সভাপতি সৰোজিনী বসুমতাৰী, অন্নদা বড়ো ৰংপী, সহকাৰী সম্পাদক কুলদ্বীপ গৌতম শৰ্মা, কাৰ্য্যনিৰ্বাহক সদস্যা প্ৰিয়াশ্ৰী নেওগ, জেবিন চুলতানা আৰু সাগৰিকা শৰ্মা।

দিনটোৰ আৰম্ভণিতে নেমুৰ পানী কিয় খাব লাগে? এই ৫টা কাৰণৰ বিষয়ে জানি লওক…

নেমু পানী ভাৰতৰ বেছিভাগ ঠাইতে জনপ্ৰিয় পানীয়। কিন্তু আপুনি জানেনে প্ৰতিদিনে ৰাতিপুৱা নেমুৰ পানী খালে আপোনাৰ মেদবহুলতা হ্ৰাস কৰাই নহয়, বহু ৰোগৰ পৰাও হাত সাৰিব পাৰে। প্ৰতিদিনে ৰাতিপুৱা এগিলাচ কুহুমীয়া পানীত নেমুৰ ৰস দি দিনটোত অন্ততঃ দুবাৰকৈ খাব লাগে। স্বাস্থ্যৰ ওপৰত নেমুৰ পানীৰ আটাইতকৈ ডাঙৰ উপকাৰ হ’ল ই বৃক্কৰ পাথৰৰ পৰা সকাহ দিয়ে কাৰণ পাথৰে প্ৰস্ৰাৱ বন্ধ কৰি দিয়ে যাৰ ফলত বহুত বিষ হয়। আজি আপোনালোকক জনাম দিনটোৰ আৰম্ভণিতে নেমুৰ পানী খোৱাৰ উপকাৰীতা বিষয়ে –



দৈনিক দাঁত ব্ৰাছ কৰাৰ পিছতো কিছু সময়ৰ পিছত মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত খালী পেটত নেমুৰ পানী সেৱন কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হ’ব। কাৰণ ইয়াত থকা ভিটামিন চিয়ে উশাহ সতেজ কৰি ৰাখে আৰু মুখত থকা বেক্টেৰিয়াক নিধন কৰে।


প্ৰতিদিনে পুৱা নেমুৰ পানী খালে আপোনাৰ হজম শক্তি বৃদ্ধি পাব। পেটৰ ৰোগৰ বাবেও ই উপকাৰী, কাৰণ ইয়াত ফ্লেভন’ইড থাকে। যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে আৰু লগতে এচিডিটিৰ পৰাও সকাহ দিয়ে।


চেনি থকা ৰস আৰু পানীয়ৰ সলনি নেমুৰ পানীক উত্তম বিকল্প বুলি গণ্য কৰা হয়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে।

সুখবৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৭ টকাকৈ হ্ৰাস…

পুনৰ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম।

বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৭ টকাকৈ হ্ৰাস।

এতিয়াৰে পৰা ১৫২২.৫০ টকাত উপলব্ধ হ’ব বাণিজ্যিক চিলিণ্ডাৰ।

টীয়কত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ঋণ মেলা অনুষ্ঠিত…

টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত এখনি বৃহৎ। ঋণ মেলা আয়োজন কৰা হৈছে।উক্ত ঋণ মেলাত কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১৮৭ টাকৈ ক্ৰমাগতভাৱে সফলতা লাভ কৰা আত্মসহায়ক গোটক আনুষ্ঠানিকভাৱে প্ৰথম কিস্তি,দ্বিতীয় কিস্তিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে উদ্যোক্তাসকলে। উক্ত চেক বিতৰণ কাৰ্যসূচীত ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাৰ মুখ্য প্ৰৱন্ধক দ্বীপজ্যোতি কলিতা,অসম গ্ৰামীণ বিকাশ বেংক তামুলীচিগা শাখাৰ প্ৰৱন্ধক অভিনৱ বৰবৰুৱা,এইচ ডি এফ চি বেংক লাহদৈগড় শাখাৰ প্ৰৱন্ধক হোমেন বৰুৱা,পি এন বি বেংক বলমা শাখাৰ প্ৰৱন্ধক তৰুণ চন্দ্ৰ দলে,কলিয়পানী খণ্ড উন্নয়ন প্ৰকল্প প্ৰৱন্ধক চপন দাস,খণ্ডৰ অধীনস্থ বেংক সখীসকলকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি মহিলাসকলৰ কৰ্মৰাজিৰ শলাগ লয়।

মহিলাসকলক বৃত্তিমুখী কৰি তোলাৰ ক্ষেত্ৰত বেংক কৰ্তৃপক্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি মত প্ৰকাশ কৰে।ইপিনে অনুৰূপ কাৰ্যসূচী পূব যোৰহাট উন্নয়ন খণ্ডতো গ্ৰহণ কৰা হয় আৰু মুঠ ১১১টাকৈ আত্মসহায়ক গোটক এই ঋণ মেলাত চেক প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে।

কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ…

কাছাৰত ৭ লাখ টকাৰ হেৰ’ইন জব্দ আৰক্ষীৰ।

১০০ টা চাবোনৰ বাকচত ৰখা হৈছিল হেৰ’ইনখিনি। হেৰ’ইনসহ আটক এগৰাকী মহিলা সৰবৰাহকাৰীক।

মহিলাগৰাকীৰ বাসগৃহৰ পৰা জব্দ ১.৩ কেজি হেৰ’ইন।

নাজিৰাৰ লিগিৰীপুখুৰীস্থ ১ ম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

আজি অসমৰ প্ৰথমটো আৰক্ষী বাহিনীৰ ৭৫ তম প্ৰতিষ্ঠা দিৱস l বৃটিছ ৰাজত্ব কালত ১৯৪২ চনত Assam Rail Force নামেৰে প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বযুদ্ধ সময়ত Auxiliary Force ৰূপে নিয়োজিত কৰা বাহিনীটোৱে যুদ্ধত অৱতীৰ্ণ হৈছিল l আৰু তাৰ পৰৱৰ্তী সময়ত ১৯৪২ চনৰ ১৫ জুলাই তাৰিখে ১ ম অসম আৰক্ষী বাহিনী হিচাপে নামাকৰণ কৰা হয় আৰু ১৯৫২ চনৰ ১ আগষ্ট তাৰিখে অসমৰ প্ৰথম বাহিনী দেৰগাঁওৰ কপাঁহতলি পথাৰত গঠন হয়l পৰৱৰ্তী সময়ত ১৯৮৩ চনত এই বাহিনী লিগিৰী পুখুৰীলৈ স্থানান্তৰিত কৰা হয় l বাহিনীটোৰ প্ৰথম অধিনায়াক H F G Burbidge চাহাবে দায়িত্ব গ্ৰহণ কৰা পাছৰে পৰা অৰ্থাৎ ১৯৪৮ চনৰ ০১ ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠা দিৱস হিচাপে ধায্য কৰি আজিৰ এই দিনটোক প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে l

আজিৰ এই পৱিত্ৰ দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰক্ষীৰ উত্তৰ পূব সংমণ্ডলৰ মহাপ্ৰৱন্ধক জিত মল দলে l ভাষণ প্ৰসংগত দলে আৰক্ষী জনগণৰ লগতে দেশৰ নিৰাপত্তা আৰু জনসাধাৰণৰ হিত সাধনাৰ্থে নিষ্ঠা সহকাৰে কৰ্ত্তব্য পালন কৰা উচিত আৰু সেই কৰ্ত্তব্য পালন কৰিবলৈ যাওঁতে অজস্ৰজনে নিজৰ জীৱন উৰ্চগা কৰিব লগা হৈছে । নিজৰ জীৱন উৰ্চগা কৰি দেশ আৰু জনগণৰ নিৰাপত্তাত নিয়োজিত অমৰ জোৱান তথা বীৰ শ্বহীদ সকলৰ ত্যাগ চিৰকাললৈ স্মৰণীয় হৈ থাকিব বুলি আৰক্ষীৰ উত্তৰ – পূৱ সংমণ্ডলৰ মহাপ্ৰৱন্ধক জিতমন দলে মতপোষণ কৰে । পুৱা শ্বহীদ তৰ্পণ , বৃক্ষ ৰোপণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ বিয়লি প্ৰীতি ফুটবল প্ৰতিযোগিতা আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰিব।

আজিৰে পৰা আৰম্ভ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান…

ৰাজ্যৰ স্বাস্থ্যখণ্ডত আন এক যুগান্তকাৰী পদক্ষেপ। আজিৰে পৰা আৰম্ভ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান।

৩০০ শিক্ষাৰ্থীয়ে আজিৰে পৰা আনুষ্ঠানিকভাৱে পাব পাঠদানৰ সুবিধা। পাঠ্যক্ৰম, আন্তঃগাঁথনিৰে সাজু মহাবিদ্যালয়

কৰ্তৃপক্ষ। নগাঁও চিকিৎসা মহাবিদ্যালয়, নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাঠদান।

দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান…

দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান। ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি,

বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, ৰাজগড়ত, পূব শৰণীয়া, দক্ষিণ শৰণীয়া, লাচিত নগৰত বন্ধ থাকিব

পানী যোগান। পাইপ মেৰামতিৰ বাবে পানী যোগান বন্ধৰ ঘোষণা GMCৰ।

পুনৰ শিলসাঁকোত উতপ্ত পৰিস্থিতি। অৰ্ধউলংগ হৈ প্ৰতিবাদ মহিলাৰ…

উচ্ছেদৰ বিৰুদ্ধে শিলসাঁকোত অভাৱনীয় পৰিস্থিতি

প্ৰশাসনৰ উচ্ছেদত বাধা স্থানীয় মহিলাৰ

অৰ্ধউলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাই

আৰক্ষীয়ে টানি-আঁজুৰি আটক কৰে প্ৰতিবাদকাৰীক

উচ্ছেদক কেন্দ্ৰ কৰি শিলসাঁকোত পুনৰ উত্তপ্ত পৰিস্থিতি

পুৱাই শিলসাঁকোত আৰক্ষীৰ বিশাল সমৰসজ্জা

১৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ

আৰক্ষীৰে খণ্ডযুদ্ধ শিলসাঁকোৰ স্থানীয় ৰাইজৰ

শনিবাৰে পুৱাই সূৰ্যলৈ আদিত্য-এল১…

চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণৰ পিছত এতিয়া দেশৰ দৃষ্টি ইছৰোৰ ছান মিছন অৰ্থাৎ আদিত্য-এল১ৰ ওপৰত। ইছৰোৰ এই অভিলাষী অভিযান ২ ছেপ্টেম্বৰৰ পুৱা ১১:৫০ বজাত PSLV-XL ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হ’ব।

ই নিজৰ বিন্দু L1 ত উপনীত হ’ব। মুকলিৰ ঠিক ১২৭ দিনৰ পিছত এই পইণ্টত উপনীত হোৱাৰ পিছত আদিত্য-এল১য়ে অতি গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব।