Home Blog Page 1393

আদা দিয়া চাহ প্ৰায়ে সেৱন কৰে, কেতিয়াবা নহৰু দিয়া চাহ খাইছেনে? এই চাহৰ আছে বহু উপকাৰীতা…

ভাৰতত প্ৰায়ে আদা দিয়া চাহ খোৱাৰ অভ্যাস আছে। এই আদা দিয়া চাহ খোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? প্ৰতিদিনে ৰাতিপুৱা এই চাহ সেৱন কৰিব পাৰে। এতিয়ালৈকে আপুনি নিশ্চয় আদা বা আন ধৰণৰ চাহ সেৱন কৰিছিল, কিন্তু আজি আমি আপোনালোকক জনাম নহৰু চাহৰ উপকাৰিতাৰ বিষয়ে। কোৱা হয় নহৰু চাহ খালে বহু উপকাৰ পোৱা যায়। এই চাহে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰনৰ কাম কৰে। ইয়াৰ বাহিৰেও এই চাহৰ বহুতো উপকাৰ আছে-


আচলতে নহৰু এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ আছে। ইচ্ছা কৰিলে নহৰু চাহত আদা আৰু দালচেনিও দিব পাৰে।

১) ডায়েবেটিছ ৰোগীৰ বাবে নহৰু চাহ অতি উপকাৰী। ইয়াৰ ফলত শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পায়।
২) নহৰু চাহ সেৱন কৰিলে শৰীৰৰ পৰা মলি আঁতৰি যায়।
৩) নহৰু চাহৰ দ্বাৰা ওজন কমাব পাৰি।
৪) নহৰু চাহে হৃদৰোগ উন্নত কৰিব পাৰে। ইয়াক সেৱন কৰিলে ৰক্ত সঞ্চালন উন্নত হয়, বেয়া কলেষ্টেৰলৰ মাত্ৰাও কমি যায়। যাৰ বাবে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি।
৫) নহৰু চাহ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ উপৰিও শীতকালত জ্বৰ আৰু কাহ নিৰাময় কৰিব পাৰি।
৬) এই চাহ এবিধ শক্তিশালী এন্টিবায়টিক পানীয়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

নহৰু চাহ কেনেকৈ বনাব জানি লওক এই বিষয়ে-

ইয়াৰ বাবে আপুনি প্ৰথমে এটা বাচন ল’ব। তাত একাপ পানী উতলাই লওক। কিছুসময়ৰ পাছত নহৰুধিখিনি থেতেলিয়াই দি তাতেই দিব। ইয়াৰ লগতে এচামুচ জালুক দি তাৰ পিছত চাহখিনি পাঁচ মিনিট উতলিবলৈ দিব। পাঁচ মিনিটৰ পিছত গেছ বন্ধ কৰি বাচনত চাহখিনি চাকি লওক। এইদৰে আপোনাৰ চাহ সাজু হ’ব।

বিশ্বনাথ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্টৰ বিদায় সভা সম্পন্ন

বিশ্বনাথ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুনাকান্ত ভট্টই অলপতে গ্ৰহণ কৰে অৱসৰ ৷ তেওঁৰ কৰ্মময় জীৱনৰ ২৪ বছৰ কাল কাৰ্যনিৰ্বাহ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰূপে৷

বিশ্বনাথ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্ট এগৰাকী সুদক্ষ শিক্ষা বিষয়া হিচাবে সুনাম আছে শিক্ষক সমাজত৷ তেওঁ অৱসৰ গ্ৰহণ কৰাত ছেলাইখাতি আৰু তৰাজুলি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আৰু শিক্ষক সকলৰ সহযোগত মহজুলি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰে বিদায় সম্বৰ্দ্ধনা সভাৰ৷

মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাজেন ভুমিজৰ সভাপতিত্বত বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ শইকীয়াৰ উদ্দেশ্য বাখ্যা কৰা সভাত সদ্য অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্টৰ কাৰ্যকালত শৈক্ষিক উত্তৰণত বিভিন্ন দিশসমূহ আলোচনা কৰা হয় ৷

এই সভাতেই শিক্ষা বিষয়া গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে শৰাই, স্মাৰক আৰু বিদায় সম্বৰ্দ্ধনা পত্ৰৰে অভিনন্দিত কৰা হয় ৷ ইয়াৰ উপৰিও ছেলাইখাতি এম ই স্কুলৰ প্ৰধান শিক্ষক লংকী বে, ছেলাইখাতি ডেকাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহিৰাম ৰংহাং, ছেলাইখাতি এল পি স্কুলৰ শিক্ষক বিকাশ নাগেও অৱসৰ গ্ৰহণ কৰাত সভাই সম্বৰ্দ্ধনা জনোৱাৰ লগতে স্মাৰক আৰু বিদায় সম্বৰ্দ্ধনা পত্ৰৰে সন্মানীত কৰে ৷ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে তেওঁৰ নিজৰ কাৰ্যকালত শৈক্ষিক দিশসমূহক সাঙুৰি বক্তব্য ৰাখে ৷

তৰুণ বৰুৱা, জগত বনিয়া ,অৱসৰপ্ৰাপ্ত শিক্ষক খগেন তেৰাঙকে ধৰি কেইবাগৰাকী শিক্ষকে সভাত নিজা মন্তব্য আগবঢ়াই ৷ সভাৰ শেষত সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক বিকাশ নাগে বিদায় বেলাৰ সময়োচিত গীত পৰিবেশন কৰি সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷

– ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

ৰাজ্যত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কৰ্কটৰোগ। বিশেষকৈ মুখ গহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ গ্ৰাফডাল দ্ৰুত গতিত উৰ্ধমুখী হৈছে। জনসাধাৰণৰ সজাগ সচেতনতাৰ অভাবত মহামাৰীৰ ৰূপ ধাৰন কৰাৰ দিশত মুখ গহ্বৰৰ কৰ্কট ৰোগ- এই মন্তব্য ৰাজ্যৰ জ্যেষ্ঠ দন্ত চিকিৎসক ডা: ৰুবী কটকীৰ।

উল্লেখ্য, এইক্ষেত্ৰত ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মুখ্য স্বাস্থ্য অভিযান কামৰূপৰ উদ্যোগত বৃহস্পতিবাৰে আমিনগাওস্থিত নাৰায়না হাস্পতালৰ প্ৰেক্ষাগৃহত এখন সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হয়।


কামৰূপ জিলা ভিত্তিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এই “অবিৰত দন্ত শিক্ষা” বিষয়ক কাৰ্যসূচী।


আমিনগাঁৱৰ নাৰায়ানা হস্পিতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত কামৰূপ জিলাৰ দন্ত চিকিৎসকসকলে অংশগ্ৰহণ কৰে।


আৰম্ভণিতে, কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই আনুষ্ঠানিক ভাবে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।


অনুষ্ঠানত, শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ডীন তথা গুৱাহাটী ডেন্টেল কলেজৰ অধ্যাপিকা ৰুবী কটকীৰ লগতে কামৰূপৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহিতোষ বেনাৰ্জী, জ্যেষ্ঠ চিকিৎসক শান্তনু ভট্টাচাৰ্য, নোডেল অফিচৰ পল্লবী ঠাকুৰীয়াকে আদি কৰি ভালেসংখ্যক জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে।

ভদীয়া বানৰ ফলত বুৰ গৈছে মায়ঙৰ বিদ্যালয়…

বৃহস্পতিবাৰে প্ৰধান শিক্ষক আৰু এজন সহকাৰী শিক্ষকে নাৱেৰে গৈ বিদ্যালয়ৰ ভিতৰৰ আচবাববোৰ টেবুলত আৰু ঘৰৰ চালত কিছু ওলোমাই থৈ আহিছে বুলি জানিবলৈ দিয়ে।

ৰান্ধনী ঘৰটোত এককাল পানী থকা বাবে চাউলৰ বেগবোৰ স্থানান্তৰ কৰিছে।

ভদীয়া বানৰ ফলত গাঁৱখনৰ ৰাইজৰ যাতায়ত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পানী শুকোৱাৰ পিছতহে পুনৰ বিদ্যালয়ৰ দুৱাৰ খোল খাব।

এনেকুৱা আন কেইবাখনো শিক্ষানুষ্ঠান বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বানত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে।

মাজবাটত ১৭২ কেজি ভাং জব্দ

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

জানিব পৰামতে নিশা মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ খবৰৰ ভিত্তিত অসম – অৰুণাচল সীমান্ত এলেকাৰ নিজৰা চেন্টাৰ নিকটবৰ্তী ঘন জংঘলৰ মাজত অভিযান চলাই ১৭২ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং ব্যৱসায়ী সকল আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

পিছত মাজবাট আৰক্ষীয়ে ভাংখিনি মাজবাট থানালৈ লৈ আহে আৰু ৫৯/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ভাং খিনিৰ আনুমানিক মূল্য ২০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

-যতীন নাথ, মাজবাট

বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলত অঘটন ! বিনামূলীয়া ঔষধ সেৱনৰ পাছতে অচেতন বহু শিক্ষাৰ্থী…

বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলত অঘটন।

বিনামূলীয়া ঔষধ সেৱনৰ পাছতে অচেতন বহু শিক্ষাৰ্থী। ঔষধ সেৱন কৰি অচেতন হৈ পৰে ২৫গৰাকীকৈ শিক্ষাৰ্থী।

স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল ফাইলেৰিয়া ৰোগ নিৰ্মূলৰ ঔষধ। বিদ্যালয়ে বিদ্যালয়ে যোগান ধৰা হৈছিল ডি.ই.চি, এলবেণ্ডাজল টেবলেট।

ADREৰ যোগ্যতাৰ অতিৰিক্ত তালিকা প্ৰকাশ ! নতুনকৈ যোগ্যতা লাভ কৰাৰ তালিকাত ৫১৪জনৰ নাম…

ADREৰ যোগ্যতাৰ অতিৰিক্ত তালিকা প্ৰকাশ। ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।

নতুনকৈ যোগ্যতা লাভ কৰাৰ তালিকাত ৫১৪জনৰ নাম। তৃতীয় বৰ্গৰ পদৰ বাবে নিৰ্বাচিত ৫৯জন প্ৰাৰ্থী।

চতুৰ্থ বৰ্গৰ পদৰ বাবে নিৰ্বাচিত ৪৫৫জন প্ৰাৰ্থী।SLRCৰ ৱেবছাইটত লাভ কৰিব ফলাফল।

মঙলদৈৰ জলজলী কুমাৰপাৰা গাঁৱত অঘটন ! মাহ-প্ৰসাদ খাই অসুস্থ প্ৰায় ২৫জনকৈ লোক…

মঙলদৈৰ জলজলী কুমাৰপাৰা গাঁৱত অঘটন। মাহ-প্ৰসাদ খাই অসুস্থ প্ৰায় ২৫জনকৈ লোক।

বুধবাৰে কুমাৰগাঁৱৰ এঘৰত অনুষ্ঠিত হৈছিল সত্যনাৰায়ণ পূজা।

পেটৰ বিষ, মূৰ ঘূৰণি, বমি আদিত আক্ৰান্ত হৈছে লোকসকল। আক্ৰান্তসকলক জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।

ফাতিমা নামেৰে ওমৰাহৰ পৰা উভতিল ৰাখী। মুম্বাই বিমানবন্দৰত আদৰণি…

ৰাখী সাৱন্ত ওমৰাহ হজ কৰিবলৈ মক্কালৈ গৈছিল। এতিয়া ওমৰাহ হজ কৰি মুম্বাইলৈ উভতি আহিছে ৰাখী সাৱন্ত। ভাইৰেল হৈ পৰিছে তেওঁৰ ভিডিঅ’। এইকেইদিন শিৰোনাম দখল কৰিছে মনোৰঞ্জন ৰাণী ৰাখী সাৱন্তে। ৰাখীয়ে অলপতে মক্কালৈ গৈছিল ওমৰাহ হজ কৰিবলৈ। উমৰাহ কৰাৰ অন্তত ৰাখী মুম্বাইলৈ উভতি আহিছে আৰু বিমানবন্দৰত তেওঁক বিশেষভাৱে আদৰণি জনোৱা হৈছে। বন্ধু-বান্ধৱী আৰু অনুৰাগীয়ে আদৰণি জনায় ৰাখীক। ৰাখীক দেখি পাপাৰাজীয়ে চিঞৰিবলৈ ধৰিলে, তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ক’লে যে তাইক ৰাখী নহয়, ফাতিমা বুলি মাতক। ৰাখী সাৱন্ত বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগেই তাইক মালা পিন্ধিবলৈ এজন মানুহ আগবাঢ়ি আহিল, কিন্তু তাই নিজকে পিছলৈ ঘূৰাই মালাখন হাতত লৈ গ’ল। ইয়াৰ পিছত তেওঁ এগৰাকী মহিলাক ডিঙিত হাৰ পিন্ধিবলৈ অনুমতি দিলে।

এজনে ব্যক্তিয়ে ৰাখীক সুধিলে যে নথিখনত ​​নাম সলনি কৰিব নেকি? ৰাখীয়ে এই বিষয়ে ক’লে – ভগৱানে মোক এনেকৈয়ে সৃষ্টি কৰিছে। তেওঁ মোক ঠিক মই যিদৰে ভাল পাওঁ। তেওঁ নিবিচাৰে যে মই নথিখনত ​​মোৰ নাম সলনি কৰো। ওমৰাহ কৰিবলৈ যোৱা ৰাখী সাৱন্তই মক্কাৰ পৰা বহু ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ঘোষণা ! ৰবি কান্নান আৰলৈ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা প্ৰদান…

২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ঘোষণা। ৰবি কান্নান আৰলৈ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা।

কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক।

কৰ্কট ৰোগৰ চিকিত্সাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে ৰমন মেগছেছে বঁটা।