Home Blog Page 1394

দেশৰ ৮০ শতাংশ লোকেই মনে-প্ৰাণে মোদীক, পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশ…

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। এনে সময়তে নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব পাৰিব নে নাই তাকে লৈ বহুতৰে মাজত চৰ্চা আৰম্ভ হৈছে। এনে চৰ্চাৰ মাজতে এক শেহতীয়া সমীক্ষাই দেখুৱাইছে যে মোদীক প্ৰতি ১০ জন ভাৰতীয়ৰ ভিতৰত আঠজনেই ভালপায়। পিউ ৰিচাৰ্চ চেণ্টাৰৰ শেহতীয়া অধ্যয়নত এই কথা প্ৰকাশ পাইছে। অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ ঠিক আগতে, এনে জৰীপৰ ফলাফল ৰাজহুৱা কৰা হৈছে। এই অধ্যয়নটোৱে প্ৰকৃততে কি প্ৰকাশ কৰে? সমীক্ষাত পোৱা গৈছে যে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৫৫ শতাংশ মানুহে মোদীক বহুত ভালপায়। সামগ্ৰিকভাৱে, মোদীৰ সমৰ্থনত থকা লোকৰ সংখ্যা হৈছে ৮০ শতাংশ। আনহাতে সমীক্ষাত ভাগ লোৱা ২০ শতাংশ লোকেহে মোদীৰ প্ৰতি বিৰাগৰ ভাব প্ৰকট কৰিছে। ২০ শতাংশ লোকৰ নেতিবাচক মনোভাৱৰ পিছতো মোদীৰ সমৰ্থনত আছে ৮০ শতাংশ লোক। প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে যিসকলে এন ডি এৰ ওপৰত পূৰ্ণ আস্থা ৰাখি আহিছে তেওঁলোকৰ মতে বিশ্ব মঞ্চত ভাৰতৰ স্থিতি শক্তিশালী হৈ আহিছে।

সমীক্ষাত দেখা গৈছে যে প্ৰতি ১০ জনৰ ভিতৰত ৭ জনে এনেদৰেই ভাবে। আনহাতে, আনসকলে ইয়াৰ বিপৰীতে মন্তব্য কৰিছে। সেইসকল লোকৰ মতে মোদীৰ শাসনত দেশখন আগৰ তুলনাত দুৰ্বল হৈহে পৰিছে। ইফালে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত বেছিভাগ ভাৰতীয়ই পুটিনক সমৰ্থন কৰিছে। সামগ্ৰিকভাৱে, এই বছৰ জৰীপ কৰা ২৪ খন দেশৰ ভিতৰত কেৱল ভাৰতীয়সকলেহে ৰাছিয়াৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ৫৭ শতাংশ ভাৰতীয় মস্কোৰ পক্ষত আছে। সমীক্ষাটো চলোৱাৰ সময়ত ২৫ মাৰ্চৰ পৰা ১১ মে’ৰ ভিতৰত ২,৬১১ জন লোকৰ মন্তব্য গ্ৰহণ কৰা হৈছিল আৰু পিছত প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য ভাৰতে এইবেলি জি ২০ সন্মিলনৰো সভাপতিত্ব কৰিছে। এই কথাই মোদীক বিশ্বত অধিক জনপ্ৰিয় কৰি তুলিছে। নানান আন্তঃৰাষ্ট্ৰীয় বিষয়ত মোদীয়ে সক্ৰিয় ভূমিকা গ্ৰহঁণ কৰিছে। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ কেৱল মোদীয়েহে বন্ধ কৰিব পাৰিব বুলি বিভিন্ন জনে মন্তব্য কৰি আহিছে। সেয়ে বিশ্বত মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।

‘কংগ্ৰেছ’ৰ ৫ টা গেৰাণ্টি কেৱল আঁচনি নহয়, এয়া সুশাসনৰ নিশ্চয়তা’: কৰ্ণাটকত ৰাহুল গান্ধী…

কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত ‘গ্ৰুহা লক্ষ্মী’ আঁচনিখন বুধবাৰে মাইচুৰত কংগ্ৰেছৰ নেতৃত্বত কৰ্ণাটক চৰকাৰে আৰম্ভ কৰে। আঁচনি খনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাহুল গান্ধীয়ে কয় যে “কৰ্ণাটকত কংগ্ৰেছৰ ৫টা ‘গেৰাণ্টি’ কেৱল আঁচনি নহয়, সেইবোৰ হৈছে সুশাসনৰ আৰ্হি।” ৰাহুল গান্ধীয়ে কয় “আমি নিৰ্বাচনৰ পূৰ্বে আপোনালোকক আশ্বাস দিছিলো যে কংগ্ৰেছ দল আৰু ইয়াৰ নেতাসকলে তেওঁলোকৰ কথা পালন কৰে। আজি যেতিয়া আমি এই বুটামটো টিপিম ২০০০ টকা পোনপটীয়াকৈ কোটি কোটি মহিলাৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হ’ব,”। তেওঁ লগতে কয়, “আজিৰে পৰা কোটি কোটি মহিলাই প্ৰত্যক্ষ স্থানান্তৰ পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত প্ৰতি মাহে ২০০০ টকা লাভ কৰিব।” “আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে নিৰ্বাচনৰ পিছত কৰ্ণাটকৰ মহিলাসকলে বাছত বিনামূলীয়াকৈ ভ্ৰমণ কৰিব। আঁচনিখনৰ নাম আছিল ‘শক্তি’ আৰু আমি ইয়াক পূৰণ কৰিছো,” ৰাহুল গান্ধীয়ে কয়। তেওঁ কয় যে পাঁচটা আঁচনিৰ ভিতৰত চাৰিখন আঁচনিৰ উদ্দেশ্য আছিল মহিলাসকলক শক্তিশালী কৰা।তেওণ কয় ” ইয়াৰ আঁৰত এটা গভীৰ ধাৰণা আছে”। আঁচনিখনে বিপিএল পৰিয়ালৰ মহিলা মুৰব্বীগৰাকীক মাহিলী ২০০০ টকাৰ সাহায্য প্ৰদান কৰিব।

কৰ্ণাটকৰ মাইচুৰুত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলৰ ভিতৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য নেতাসকলো আছিল। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে আজি কোটি কোটি মহিলাই তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ২০০০ টকা লাভ কৰি উপকৃত হ’ব।কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে ই হ’ব “মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিশ্বৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি”।
কৰ্ণাটকৰ ১.২৮ কোটি পৰিয়ালৰ মুৰব্বী মহিলা এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব বুলি আশা কৰা হৈছে,। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই মঙলবাৰে কৈছিল যে কংগ্ৰেছে ৰাজ্যখনৰ জনসাধাৰণক ঘোষণা কৰা পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰাৰ বাবে তেওঁৰ চৰকাৰৰ ৰাজনৈতিক ইচ্ছা আছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে পাঁচখন আঁচনি ৰূপায়ণৰ বাৰ্ষিক ব্যয় হ’ব প্ৰায় ৫০,০০০ কোটি টকা। ইয়াৰ আগতে কংগ্ৰেছে এই বছৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ জনসাধাৰণক পাঁচটা মুখ্য গেৰাণ্টি দিছিল। পাঁচটা ‘মুখ্য’ গেৰাণ্টি হৈছে সকলো পৰিয়ালৰ বাবে ২০০ একক বিনামূলীয়া বিদ্যুত শক্তি (গ্ৰুহা জ্যোতি); প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীক ২০০০ টকাৰ মাহিলী সাহায্য (গ্ৰুহা লক্ষ্মী); বিপিএল পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে ১০ কিলোগ্ৰাম চাউল বিনামূলীয়া (আন্না ভাগ্য); নিবনুৱা স্নাতক যুৱক-যুৱতীসকলৰ বাবে প্ৰতি মাহে ৩,০০০ টকা আৰু নিবনুৱা ডিপ্লোমা ধাৰকসকলৰ বাবে দুবছৰৰ বাবে ১,৫০০ টকা (১৮-২৫ বছৰ বয়সৰ ভিতৰত ) (যুৱ নিধি) আৰু ৰাজহুৱা পৰিবহন বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ (উচিতা প্ৰয়ানা)ৰ সুবিধা প্ৰদান।

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনক নিলম্বন…

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনক নিলম্বন। নিলম্বিত ৱাজেদ নজৰত শাখাৰ কৰ্মচাৰী।

এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৱাজেদৰ বিৰুদ্ধে। তিনিচুকীয়া সদৰ থানাত POCSO আইনৰ অধীনত ৰুজু হৈ আছে গোচৰ।

বৰ্তমানো পলাতক হৈ আছে ৱাজিদ হুছেইন। আয়ুক্তৰ শ্ব’কজৰ উত্তৰ নিদিয়াৰ বাবে নিলম্বন ৱাজেদ হুছেইনক।

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ! এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন।

আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

আকৌ বৰাকক পৃথক কৰাৰ উকমুকনি। পূৰ্বাঞ্চল নামেৰে গঠন কৰিব নতুন ৰাজ্য…

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণে কঁকাল ভাঙিছে বঙালীৰ। দুগৰাকী অনাবঙালীৰ ভূমিকাৰ অভিযোগ। বিতৰ্কত নেতা প্ৰদীপ দত্ত ৰয়ে বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰাৰ সপোনত বিভোৰ হৈ থকাৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সংবাদমাধ্যমত প্ৰকাশিত বাতৰিমতে বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰায়ে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণে বৰাকৰ বঙালীৰ ককাল ভাঙি দিয়াৰ অভিযোগ তুলি ইয়াৰ পিছত অসমৰ লগত বৰাক থকাৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ গোচৰ চলি থকা বুলি উল্লেখ কৰি দত্ত ৰয়ে ইয়াৰ পাছতো ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰা কাৰ্যক ৰহস্যজনক বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৬ চনত পুনৰ সমষ্টিৰ নিৰ্দ্ধাৰণ হব যদিওঁ ২০০১ ৰ পিয়লৰ আধাৰত তালিকা প্ৰকাশ কৰা কাৰ্যক সন্দেহ প্ৰকাশ কৰে। বৰাক ডেম’ক্ৰেটিক ফ্ৰন্টৰ নেতা গৰাকীয়ে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ দায়িত্বত এগৰাকী অবঙালী আৰু বৰাকৰ এগৰাকী অবঙালী বিধায়কে ডিআৰডিএ বিভাগৰ অবসৰপ্ৰাপ্ত বিষয়াৰ পৰামৰ্শত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন কৰি কয় যে এওঁলোকৰ বৰাকৰ ভৌগলিক জ্ঞান নাই।

দত্ত ৰয়ে গুৱাহাটীত নিৰ্বাচন আয়োগৰ শুনানীত বৰাকৰ দুই শতাধিক অভিযোগ পত্ৰ দিয়াৰ পিছতো গুৰত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে আয়োগৰ বিৰুদ্ধে। তেওঁ বৰাকক অসমৰ পৰা পৃথক কৰি পূৰ্বাঞ্চল নামেৰে নতুন ৰাজ্য গঠনৰ পোষকতা কৰি বিধান সভাৰ ৬০ খন আসনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰে। এই নিৰ্বাচন পূৰ্বাঞ্চল বিধান সভাৰ নিৰ্বাচন বুলি জনা যাব বুলি মন্তব্য কৰে এই গৰাকী বিতৰ্কত নেতা প্ৰদীপ দত্ত ৰয়ে। ইতিপূৰ্বেও এই গৰাকী নেতাই বিতৰ্কত মন্তব্য কৰি বঙালী আৰু অসমীয়া জাতিৰ মাজত মত বিৰোধ সৃষ্টি কৰাৰ অভিযোগত অভিযুক্ত। অসমীয়া বিদ্বেষী মনোভাবৰে পৰিপুষ্ট এই গৰাকী নেতাৰ গোপন অভিসন্ধিৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া লক্ষ্যনীয় হব আগন্তুক সময়ত।

এইবাৰ আকচাই চিনত ৰঙা চীনে সুৰংগ নিৰ্মাণ কৰি থকাৰ ছবিকলৈ বৃদ্ধি পাইছে উদ্বেগ…

চীনে শেহতীয়াকৈ ভাৰতৰ অৰুণাচল আৰু আকচাই চিনক সামৰি প্ৰকাশ কৰা নতুন মানচিত্ৰই ভাৰতক উত্তেজিত কৰি তোলাৰ সময়তে আন এক ভয়াৱহ কথা পোহৰলৈ আহিছে। অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰা বেইজিঙে দাবী লগতে কৈছে যে আকচাই চিনো তেওঁলোকৰেই । ইয়াৰ মাজতে আন এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চীনা সেনাই উত্তৰ লাডাখৰ পৰা ৬০ কিলোমিটাৰ পূবত থকা ডেপচাং অঞ্চলৰ ভূগৰ্ভত সুৰংগ খনন কৰি আছে । সেই ’এলেকাৰ সংকীৰ্ণ নদী উপত্যকাত চীনে সেনা শিবিৰ নিৰ্মাণ কৰাৰ কথাও পোহৰলৈ আহিছে। উল্লেখ্য সেই অঞ্চলটো আকচাই চিনৰ অন্তৰ্গত।আন্তৰ্জাতিক বিশেষজ্ঞসকলৰ মতে, অঞ্চলটোত নদীৰ দুয়োফালে কমেও ১১ টা সুৰংগ পোৱা গৈছে। চীনে যোৱা কেইমাহমানধৰি ইয়াত ঘাটি নিৰ্মাণ কৰিছে। এই কথাও ধাৰণা কৰা হৈছে যে চীনে অঞ্চলটোত ভাৰতীয় সেনাৰ কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবেই চীনে এই পদক্ষেপ গ্ৰহণ কৰিছে।


ইফালে, চীনৰ শেহতীয়াকৈ হোৱা মানচিত্ৰ বিতৰ্ক সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছে যে চীনৰ এনে বিভ্ৰান্তিকৰ মানচিত্ৰ প্ৰকাশ কৰাৰ অভ্যাস পুৰণি । তেওঁ কয় “মানচিত্ৰখন এনেদৰে সলনি কৰিলেই বাস্তৱত একো নহ’ব,। সেই ভূমি ভাৰতৰ, ই ভাৰতৰ হৈয়ে ৰ’ব।” তেওঁ লগতে কয় “চীনে ইয়াৰ মানচিত্ৰত এনে অঞ্চল অন্তৰ্ভুক্ত কৰিছে যিবোৰ তেওঁলোকৰ নহয়। এয়া তেওঁলোকৰ পুৰণি অভ্যাস। ভাৰতীয় ভূখণ্ডক চীনৰ মানচিত্ৰত ৰাখিলেই একো সলনি নহয়। আমাৰ চৰকাৰ দেশৰ সীমাৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত। ” উল্লেখ্য চীনে ২৮ আগষ্টত দেশখনৰ এখন নতুন চৰকাৰী মানচিত্ৰ মুকলি কৰিছে।এই মানচিত্ৰত চীনে অৰুণাচল প্ৰদেশক তেওঁলোকৰ নিজৰ বুলি দাবী কৰিছে। কেৱল সেয়াই নহয়, সমগ্ৰ দক্ষিণ চীন সাগৰ আৰু টাইৱানক চীনৰ মূল ভূখণ্ড হিচাবে দেখুওৱা হৈছে। নতুন মানচিত্ৰত চীনে অৰুণাচলক ‘দক্ষিণ তিব্বত’ বুলি দাবী কৰিছে ৷ চীনে লগতে দাবী কৰিছে যে অৰুণাচল চীনৰ এক অবিচ্ছেদ্য অংশ। বিশ্লেষকসকলৰ মতে চীনে ২০৩৫ ৰ পৰা ২০৪০ চনৰ ভিতৰত অঞ্চলটো দখল কৰাৰ যি পৰিকল্পনা সেয়া সম্পূৰ্ণ কৰিব বিচাৰি আছে। নতুন মানচিত্ৰ তাৰেই আখৰা বুলিও বহুতে মন্তব্য কৰিছে৷চীনৰ এনে আগ্ৰাসী মনোভাৱৰ বাবেই ভাৰতৰ বেছিভাগ সামৰিক তৎপৰতা এতিয়া চীন-কেন্দ্ৰিক হৈ পৰিছে। সীমান্তত চীনা সেনাৰ উপস্থিতিয়ে উদ্বেগ বৃদ্ধি কৰিছে। লক্ষণীয় যে চীনৰ মানচিত্ৰত দক্ষিণ চীন সাগৰৰ পৰা অৰুণাচললৈকে চীনে নিজৰ বুলি দাবী কৰিছে।

বিশ্বকাপৰ গুৱাহাটীৰ ৱাৰ্মআপ মেচৰ টিকট মুকলি…

বিশ্বকাপৰ গুৱাহাটীৰ ৱাৰ্মআপ মেচৰ টিকট মুকলি। BOOKMYSHOWত উপলব্ধ ৱাৰ্মআপৰ টিকট।

২০০, ৩০০, ৫০০, ৭০০ টকাত উপলব্ধ হ’ব টিকট। চাৰিখন ৱাৰ্মআপ মেচৰ বাবে টিকট ক্ৰয় কৰিব লাগিব।

৩০ ছেপ্টেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব অনুশীলন মেচত। বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান অৱতীৰ্ণ হ’ব ৱাৰ্মআপ মেচত।

বনকৰা মহিলাক অত্যাচাৰ উচ্চ পদস্হ আৰক্ষী বিষয়াৰ। নিলম্বিত হ’ল অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত…

ক্ষমতাৰ ৰাগীত বলিয়ান হৈ বনকৰা মহিলাক অমানুষিক অত্যাচাৰ কৰি নিলম্বিত হয় শুভলক্ষ্মী দত্ত। নিজৰ আবাসত বনকৰা মহিলা অনিমা প্ৰজাক গৰম পানী ঢালি, গোপন অংগত জলকীয়া সানি আসুৰিক আনন্দত মতলীয়া চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক আজি গৃহ বিভাগে নিলম্বন কৰে। গৃহ বিভাগৰ সচিব বিশ্বজিত পেগুৱে স্বাক্ষৰ কৰে নিলম্বনৰ নিৰ্দেশত। উল্লেখযোগ্য যে নিৰ্যাতিতা মহিলা গৰাকীৰ এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ সাহস গোটাব পৰা নাছিল।

আৰক্ষীৰ সঞ্চালকপ্ৰধান জিশপি সিঙৰ টুইটৰ পিছত নাজিৰা আদৰ্শ থানাই ৩৬/২০২৩ নম্বৰত গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় যদিও দত্তক বিচাৰি নোপোৱাৰ অজুহাতত গ্ৰেপ্তাৰ কৰা নাছিল। আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে উঠা একাধিক অভিযোগৰ লগতে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই নিলম্বন নকৰাকৈ আৰক্ষী সঞ্চালকপ্ৰধানে ঘোষনা কৰা তদন্তক এক হাস্যকৰ আখ্যা দিছিল। অবশেষত শুভলক্ষ্মী দত্তক আজি চৰকাৰৰ গৃহ বিভাগে নিলম্বন কৰে।​

ময়েই বিক্ৰম লেণ্ডাৰ সৃষ্টিৰ আঁৰৰ মানুহজন! বিক্ৰম লেণ্ডাৰৰ ডিজাইন কৰা বুলি প্ৰচাৰ চলোৱা ইছৰ’ৰ ভুৱা বিজ্ঞানীক গুজৰাটত গ্ৰেপ্তাৰ…

চিকিৎসক ভুৱা, পৰীক্ষাৰ্থী ভুৱা, ভুৱা আৰক্ষী আদি সকলো ওলায় যদিও এইবাৰ বিজ্ঞানীও ওলাল ভুৱা। তাকো খোদ ইছৰ’ৰ বিজ্ঞানী। ইছৰ’ৰ সৈতে জড়িত থাকি চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম সাজি উলিওৱা বুলি দাবী কৰা এজন ভুৱা বিজ্ঞানী আৰক্ষীৰ জালত পৰিছে। উল্লেখ্য লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰিছিল। অৱতৰণৰ পিছদিনা পুৱতি নিশা লেণ্ডাৰ বিক্ৰমৰ পৰা ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত বিচৰণ কৰিবলৈ লৈছিল। প্ৰজ্ঞান ৰভাৰে এতিয়া চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰাৰ কাম কৰি আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ সফলতাৰ বাবে দেশবাসী গৌৰৱান্বিত হৈছে। কিন্তু গুজৰাটৰ বাসিন্দা মিটুল ত্ৰিবেদী নামৰ লোকজনে পৰিস্থিতিৰ সুযোগ লৈ নিজকে ইছৰ’ বিজ্ঞানী বুলি মানুহক আঁভুৱাভাঁৰি আহিছে। চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ অৱতৰণৰ পিছত মিটুলে ত্ৰিবেদীয়ে স্থানীয় সংবাদ মাধ্যমত দাবী কৰিছিল যে তেঁৱেই বিক্ৰম সৃষ্টিৰ আঁৰৰ মানুহজন।


মিটুলে দাবী কৰিছিল যে তেঁৱেই প্ৰথমে বিক্ৰম লেণ্ডাৰ ডিজাইন কৰিছিল। মিতুলে প্ৰমাণ হিচাপে ইছৰ’ৰ নিযুক্তি পত্ৰও দেখুৱাইছিল। বিভিন্ন সাক্ষাৎকাৰত তেওঁ এজন ইছৰ’ বিজ্ঞানী বুলিয়েই পৰিচয় দি আহিছিল। কিন্তু বিষয়টো গুজৰাট আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে জানিব পাৰিলে যে মিটুল ত্ৰিবেদীয়ে ইছৰ’ৰ ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি লৈছিল। ভাৰতীয় আইন অনুসৰি, মিতুলৰ বিৰুদ্ধে চুৰাটৰ অপৰাধ শাখাই জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰে আৰু মিটুলক গ্ৰেপ্তাৰ কৰে।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰাৰ পিছত মিতুলে কেইবাটাও স্থানীয় সংবাদ মাধ্যমৰ আগত নিজকে এজন ইছৰ’ৰ বিজ্ঞানী হিচাপে পৰিচয় দিছিল। সাক্ষাৎকাৰৰ সময়ত মিতুলে কৈছিল যে তেওঁ চন্দ্ৰযান- ৩ৰ বাবে বিক্ৰম লেণ্ডাৰৰ ডিজাইন প্ৰস্তুত কৰিছিল। মিতুলক ২৬ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে ইছৰ’ৰ প্ৰাচীন বিজ্ঞান এপ্লিকেচন বিভাগৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছিল বুলি তেওঁ দাবী কৰিছিল।


মিটুলে দাবী কৰিছিল যে তেওঁ মঙ্গল গ্ৰহৰ বিষয়ে ইছৰ’ই গ্ৰহণ কৰা পৰৱৰ্তী গৱেষণাৰ সৈতেও জড়িত। আৰক্ষীয়ে জনোৱা অনুসৰি মিটুলে নিজকে এজন ইছৰ’ৰ বিজ্ঞানী বুলি দাবী কৰি প্ৰতিষ্ঠানটোৰ সন্মান কলুষিত কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে প্ৰমাণ পাইছে যে তেওঁ কোনো ধৰণে ইছৰ’ৰ সৈতে জড়িত নহয়। মিতুলে এখন ভুৱা নিযুক্তি পত্ৰ তৈয়াৰ কৰি নিজকে এজন ইছৰ’ বিজ্ঞানী হিচাপে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল।

মাজুলী সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তৰুণ চন্দ্ৰ পামেগামৰ স্মৃতি দিৱস পালন…

মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত গড়মূৰ শাখা সাহিত্য সভা আৰু গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত গড়মূৰ শ্ৰী শ্ৰীপীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ব্যাপক কাৰ্যসূচীৰে বুধবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি , মাজুলীৰ পঞ্চ ৰত্নৰ অন্যতম তৰুণ চন্দ্ৰ পামেগামৰ স্মৃতি দিৱস অনুষ্ঠিত হয়। পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথে । প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ বিশেষ আমন্ত্ৰিত কাৰ্যনির্বাহক সদস্য ভূপেন দত্তই । স্মৃতি তৰ্পণ কৰে মাজুলী জিলা সাহিত্য সভাৰ উপ সভাপতি ৰুবি শইকীয়াই। স্মৃতি চাৰণ সভাৰ পৌৰোহিত্য কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথে । মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক বিশিষ্ট লেখক কাৰ্তিক নাথ মুখ্য বক্তা হিচাপে ভাষণ দিয়া সভাত বিশিষ্ট লোকসংস্কৃতিৰ সাধক অমিয় চিৰাঙ, যুগল হাজৰিকা আৰু তৰুণ চন্দ্ৰ পামেগামৰ জীৱন কীৰ্তি সম্পৰ্কত অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধন উপ সমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগনে বক্তব্য ৰাখে।

সভাত মাজুলী জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তুলসী ৰাজখোৱা, ধনভঁৰালী প্ৰণৱজিত মিশ্ৰ, কুঁহিৰ আহ্বায়ক গোলাপ চন্দ্ৰ নাথ, বিষ্ণু জ্যোতি সাহিত্য গোষ্ঠীৰ সভাপতি লক্ষ্যজিত বৰা , গড়মূৰ জিলা সাহিত্য সভাৰ সভাপতি অনিল চৰকাৰ, সন্মিলিত শাখা সাহিত্য সভাৰ সভাপতি দিলীপ দত্ত, নামনি মাজুলী শাখা সাহিত্য সভাৰ সভাপতি খগেন হাজৰিকা, গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামী , জয়ন্ত হাজৰিকা , জিতেন ডেকা, কাজল দত্ত প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকি বক্তব্য আগবঢ়ায় । সেই সভাতেই ২০২৪ বৰ্ষত তৰুণ চন্দ্ৰ পামেগাম দেৱৰ জন্ম শতবর্ষ ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় I মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক কেশৱ কাকতিয়ে আঁত ধৰা অনুষ্ঠানটিৰ জাতীয় সংগীতেৰে ভঙ্গ হয়।