Home Blog Page 1395

মৰিগাঁৱৰ চৰ অঞ্চলত জিলা আয়ুক্তৰ প্ৰচেষ্টাত স্থায়ী আশ্ৰয়গৃহ নিৰ্মাণ; বহু বছৰৰ মূৰত শালি খেতিও কৰিছে মৰিগাঁৱৰ কৃষকে

মৰিগাঁও জিলাৰ চৰ অঞ্চলসমূহকে ধৰি বান তথা খহনীয়াপ্ৰৱণ এলেকাসমূহত ৰাজ্য চৰকাৰৰ দ্বাৰা মথাউৰি, বান্ধ আৰু কেতবোৰ ঠাইত প্ৰয়োজন অনুসৰি শ্লুইছ গেট নিৰ্মাণকে ধৰি ভালেমান প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত জিলাখন বানৰ দ্বাৰা বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাই যদিও নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণে প্ৰয়াস অব্যাহত ৰাখিছে।

কেতবোৰ নৈপৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত পানী বঢ়ালৈ চাই জনসাধাৰণ যাতে অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এইবাৰ জিলাখনত বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও জিলা প্ৰশাসনে নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ওখ ঠাইসমূহত স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ একান্ত প্ৰচেষ্টা আৰু উদ্যোগত মৰিগাঁও জিলাৰ কেইবাটাও চৰ অঞ্চলত বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায় হোৱাকৈ স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়াকৈ জিলা আয়ুক্তৰ উদ্যোগত আৰু শৰৎচন্দ্ৰ কাকতি চেৰিটেবল ট্ৰাষ্টৰ আৰ্থিক অনুদানেৰে জিলাখনৰ বৰালীমাৰি চৰত এটা স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।

কেইবাদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত যোৱা ২৭ আগষ্টত বৰালীমাৰি চৰৰ চাৰিওফালে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িবলৈ ধৰে। বাঢ়নী পানীৰ ফলত বৰালীমাৰি চৰ অঞ্চলত বাস কৰা ১২৫ জন লোকে ৭৫ টাকৈ গৰু-ছাগলীসহ চৰ অঞ্চলটোত স্থাপন কৰা স্থায়ী আশ্ৰয় গৃহত আশ্ৰয় লয়। এই আশ্ৰয়গৃহত এটা পাকঘৰ আৰু এটা মজুতকৰণ গৃহও আছে। অনুৰূপ স্থায়ী আশ্ৰয় গৃহৰ নিৰ্মাণৰ কাম জিলাখনৰ লাহৰিঘাট অঞ্চলত অহা নৱেম্বৰ মাহত আৰম্ভ কৰা হ’ব। এই আশ্ৰয় গৃহটোত বান ক্ষতিগ্ৰস্ত লোকসকলে থকা-খোৱা সকলো সুবিধা লাভ কৰাৰ লগতে এটা সুৰক্ষিত ঘৰুৱা পৰিৱেশত আশ্ৰয় ল’ব পাৰিব।

জিলা আয়ুক্তগৰাকীয়ে কয়, ‘অতি সৌভাগ্যৰ কথা যে মৰিগাঁও জিলাখনত এইবাৰ বান পৰিস্থিতিৰ বিশেষ অৱনতি ঘটা নাই। এইবাৰ জিলাখনত বহু বছৰৰ মূৰত ৰাইজে শালি খেতিও কৰিছে। এইয়া জিলাখনৰ কৃষি অৰ্থনীতি বিশেষকৈ কৃষকসকলৰ বাবে এটা ইতিবাচক খবৰ’। বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে জিলাখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ ইয়াৰ অন্যতম কাৰণ বুলি তেওঁ কয়।

জিলা আয়ুক্তগৰাকীয়ে কয় যে, ‘বান পৰিস্থিতিৰ সৃষ্টি নহ’লেও নৈপৰীয়া অঞ্চলসমূহত বাঢ়নী পানীৰ আশঙ্কাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে সদায় প্ৰয়াস চলাই আহিছে’। এইক্ষেত্ৰত ইতিমধ্যে জিলা প্ৰশাসনে কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে বুলি উল্লেখ কৰি তেওঁ কোনো ইচ্ছুক বেচৰকাৰী সংস্থাই এই দিশত কাম কৰিব বিচাৰিলে প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণে সহায় আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে। তেওঁ মানৱীয় দৃষ্টিভংগীৰে বেচৰকাৰী সংস্থাসমূহক এনে কাৰ্যৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে জিলা আয়ুক্তগৰাকীৰ প্ৰচেষ্টাত মৰিগাঁও জিলাৰ বিভিন্ন চৰ অঞ্চলত কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত বহুকেইটা স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এনে স্থায়ী আশ্ৰয় গৃহসমূহত বান ক্ষতিগ্ৰস্ত লোকসকলে অস্থায়ীভাৱে আশ্ৰয় ল’ব পাৰিব।

মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলে জিলা আয়ুক্তগৰাকীৰ এই প্ৰয়াসৰ শলাগ লৈছে। বিশেষভাৱে আশ্ৰয় শিবিৰত সাময়িকভাৱে আশ্ৰয় লোৱা মহিলাসকলে জিলা আয়ুক্তগৰাকীৰ এই প্ৰয়াসৰ উচ্চ প্ৰশংসা কৰি ভৱিষ্যৎ সময়ত তেওঁৰ নেতৃত্বত এনেধৰণৰ কল্যাণমূলক কাৰ্যকলাপ অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে। স্মৰ্তব্য যে নদীৰ পানী বাঢ়িলে নৈপৰীয়া অঞ্চলত বাস কৰা ৰোগাক্ৰান্ত, বয়োজ্যেষ্ঠ, দিব্যাংগ, শিশু আৰু মহিলাসকলে অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

ললিতকলা অকাডেমিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমৰ শিল্পী প্ৰিয়ম তালুকদাৰলৈ

ৰাষ্ট্ৰীয় ললিতকলা অকাডেমিয়ে আয়োজন কৰা ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত অসমৰ ছপাচিত্ৰ শিল্পী প্ৰিয়ম তালুকদাৰে ছপাচিত্ৰ শাখাত ‘ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

যোৱা ২৮ আগষ্ট ২০২৩ তাৰিখে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্ট অতিথি ক্ৰমে অভিনেতা মনোজ যোশী, অভিনেতা পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বীৱেদি আৰু বিশিষ্ট চিত্ৰশিল্পী বাসুদেৱ কামাথৰ গৌৰৱময় উপস্থিতিত প্ৰদান কৰা এই বঁটাত নগদ ২লাখ টকা, অংগবস্ত্ৰ আৰু মানপত্ৰ প্ৰদান কৰে।

তেখেতৰ সৃষ্ট ‘ডমিনেশ্বন ফৰ চেল্ফ চেটিচফেক্সনঃ চিন্স ১৪৪৯ এ. ডি’ শীৰ্ষক কাঠখোদাই মাধ্যমত কৰা ১৫০x১০০চেন্টিমিটাৰ জোখৰ ৰঙীন ছপাচিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

শিল্পী প্ৰিয়ম তালুকদাৰে কোকৰাঝাৰ কলা-সংগীত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মধ্যপ্ৰদেশৰ খৈৰাগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা ছপাচিত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান দিল্লীতে থাকি কলা চৰ্চা কৰি থকা তালুকদাৰে বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কলাকৰ্মৰ যোগেৰে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে।

তেওঁ অংশগ্ৰহণ কৰা কেইখনমান আন্তৰ্জাতিক প্ৰদৰ্শনী হ’ল- ১৮ সংখ্যক আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২৩, পোলেণ্ড, আন্তৰাষ্ট্ৰীয় ছপাচিত্ৰ আৰু শিল্পীপুথি প্ৰৰ্দশনী ২০২২, ক্ৰৱেচিয়া, পঞ্চম আন্তৰাষ্ট্ৰীয় দ্বিবাৰ্ষিক ক্ষুদ্ৰ ইচিং প্ৰদৰ্শনী ‘২০২১, ৰোমানীয়া, দ্বিতীয় আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২১ ইউক্ৰেইনকে ধৰি চীন, ৰাচিয়া আদি প্ৰায় ১৫খন দেশত যোগদান কৰাৰ সুযোগ লাভ কৰিছে।

তাৰোপৰি দেশ বিদেশৰ বিভিন্ন দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা তালুকদাৰে ৮০ আৰু ৮১সখ্যক অল ইণ্ডিয়া ফাইন আৰ্ট এণ্ড ক্ৰাফট চছাইটি পুৰষ্কাৰ, চাউথ চেন্ট্ৰেল জ’ন কালচাৰেল চেন্টাৰ পুৰষ্কাৰকে ধৰি কেইবাটাও সন্মানীয় পুৰষ্কাৰ লাভ কৰিছে। ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ৰিচাৰ্চ ফেলশ্বিপ আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি ৰিছাৰ্চ ফেলশ্বিপ লাভ কৰিছিল।

শিল্পী প্ৰিয়ম তালুকদাৰৰ এই সফলতাত অসমৰ শিল্পী সমাজৰ লগতে ঔংকাৰ চেন্টাৰ ফৰ ক্ৰিয়েটিভ আৰ্টৰ পৰা শিল্পী ত্ৰিদিৱ দত্ত , যোৰহাট, শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচনৰ ৰুদ্ৰাংকুৰ হাজৰিকাই অভিনন্দন জ্ঞাপন কৰিছে।

‘মুম্বাইৰ ছী-লিংক ব্ৰিজতকৈও আটকধুনীয়া হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং’ ! মালিগাঁৱৰ নীলাচল উৰণসেতু মুকলি কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ…

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী সেতু মুকলি হ’ব ২০২৪ চনৰ দুৰ্গা পূজা সময়ত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ।

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন।

পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু !মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন…

মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন।

পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে। ন-বোৱাৰীৰ দৰে সজাই তোলা হৈছে সেতুঁখন। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।

কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনৰ…

আজি বশিষ্ঠ চাৰিআলিস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক যোগদান কার্যসূচী অনুষ্ঠিত হয়। কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনৰ

উক্ত যোগদান কার্যসূচীত যোৱা এবছৰ আগতে তিতাবৰ পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা নিৰ্বাচিত পাৰিষদ তথা পৌৰপতি ৰাজীৱ দত্ত আৰু উপ পৌৰপতি নিপা চুতীয়া লাহন কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন

কেন্দ্ৰীয় চৰকাৰখনৰ লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ তথা সবল নেতৃত্বধীন ৰাজ্য চৰকাৰ দুয়োখনৰ বিৰামহীন উন্নয়ন আৰু প্ৰগতিশীল দ্বাৰা অসমখনক এক অনন্য ৰূপলৈ লৈ যোৱাৰ প্ৰয়াসৰ প্ৰতি নিষ্ঠা দেখুৱাই তথা ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ললিতকলা অকাডেমিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমৰ শিল্পী প্ৰিয়ম তালুকদাৰলৈ…

ৰাষ্ট্ৰীয় ললিতকলা অকাডেমিয়ে আয়োজন কৰা ৬৩ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত অসমৰ ছপাচিত্ৰ শিল্পী প্ৰিয়ম তালুকদাৰে ছপাচিত্ৰ শাখাত ‘ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।যোৱা ২৮ আগষ্ট ২০২৩ তাৰিখে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেখেতক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্ট অতিথি ক্ৰমে অভিনেতা মনোজ যোশী, অভিনেতা পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বীৱেদি আৰু বিশিষ্ট চিত্ৰশিল্পী বাসুদেৱ কামাথৰ গৌৰৱময় উপস্থিতিত প্ৰদান কৰা এই বঁটাত নগদ ২লাখ টকা, অংগবস্ত্ৰ আৰু মানপত্ৰ প্ৰদান কৰে।তেখেতৰ সৃষ্ট ‘ডমিনেশ্বন ফৰ চেল্ফ চেটিচফেক্সন ঃচিন্স ১৪৪৯ এ. ডি’ শীৰ্ষক কাঠখোদাই মাধ্যমত কৰা ১৫০x১০০চেন্টিমিটাৰ জোখৰ ৰঙীন ছপাচিত্ৰখনৰ বাবে ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

শিল্পী প্ৰিয়ম তালুকদাৰে কোকৰাঝাৰ কলা-সংগীত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মধ্যপ্ৰদেশৰ খৈৰাগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা ছপাচিত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। বৰ্তমান দিল্লীতে থাকি কলা চৰ্চা কৰি থকা তালুকদাৰে বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কলাকৰ্মৰ যোগেৰে ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁ অংশগ্ৰহণ কৰা কেইখনমান আন্তৰ্জাতিক প্ৰদৰ্শনী হ’ল- ১৮ সংখ্যক আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২৩, পোলেণ্ড, আন্তৰাষ্ট্ৰীয় ছপাচিত্ৰ আৰু শিল্পীপুথি প্ৰৰ্দশনী ২০২২, ক্ৰৱেচিয়া, পঞ্চম আন্তৰাষ্ট্ৰীয় দ্বিবাৰ্ষিক ক্ষুদ্ৰ ইচিং প্ৰদৰ্শনী ‘২০২১, ৰোমানীয়া, দ্বিতীয় আন্তৰাষ্ট্ৰীয় ত্ৰিবাৰ্ষিক ক্ষুদ্ৰ ছপাচিত্ৰ প্ৰদৰ্শনী ২০২১ ইউক্ৰেইনকে ধৰি চীন, ৰাচিয়া আদি প্ৰায় ১৫খন দেশত যোগদান কৰাৰ সুযোগ লাভ কৰিছে। তাৰোপৰি দেশ বিদেশৰ বিভিন্ন দলীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা তালুকদাৰে ৮০ আৰু ৮১সখ্যক অল ইণ্ডিয়া ফাইন আৰ্ট এণ্ড ক্ৰাফট চছাইটি পুৰষ্কাৰ, চাউথ চেন্ট্ৰেল জ’ন কালচাৰেল চেন্টাৰ পুৰষ্কাৰকে ধৰি কেইবাটাও সন্মানীয় পুৰষ্কাৰ লাভ কৰিছে। ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ৰিচাৰ্চ ফেলশ্বিপ আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় ললিতকলা অকাডেমি ৰিছাৰ্চ ফেলশ্বিপ লাভ কৰিছিল।

শিল্পী প্ৰিয়ম তালুকদাৰৰ এই সফলতাত অসমৰ শিল্পী সমাজৰ লগতে ঔংকাৰ চেন্টাৰ ফৰ ক্ৰিয়েটিভ আৰ্টৰ পৰা শিল্পী ত্ৰিদিৱ দত্ত , যোৰহাট, শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচনৰ ৰুদ্ৰাংকুৰ হাজৰিকাই অভিনন্দন জ্ঞাপন কৰিছে।

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি…

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷

কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰূপে সমুদ্ৰগুপ্ত কাশ্যপৰ নিযুক্তিত ৰাষ্ট্ৰপতিয়ে আজি অনুমোদন জনায়।

আন্তৰিকতাৰে অভিনন্দন ।

গ্ৰীণ টি খাই ওজন কমাব বিচাৰে নেকি? কিন্তু ইয়াৰ ফলত স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা…

গ্ৰীণ টিক স্বাস্থ্যকৰ পানীয় বুলি গণ্য কৰা হয়। কিন্তু যদি আপুনি অধিক গ্ৰীণ টি সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গ্ৰীণ টি খোৱাৰ বহু অসুবিধাও আছে। কাৰণ গ্ৰীণ টিৰ আয়ুৰ্বেদিক গুণ, আমি খাই ভাল পাওঁ। বিশেষকৈ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে গ্ৰীণ টি সেৱন কৰিব পাৰে। কিন্তু আমি এদিনত ২ কাপতকৈ বেছি গ্ৰীণ টি সেৱন কৰা উচিত নহয়। বেছিকৈ গ্ৰীণ টি খোৱাৰ বহু অসুবিধাও আছে-


আমাক দিনটোত ৭ৰ পৰা ৮ ঘণ্টা টোপনি ল’বলৈ পৰামৰ্শ দিয়া দিয়ে। কিন্তু যদি আপুনি প্ৰতিদিনে ২ কাপতকৈ অধিক গ্ৰীণ টি খাই তেন্তে আপুনি টোপনিৰ সমস্যাত পৰিব পাৰে আৰু তেতিয়া আপুনি খিংখিঙীয়া হৈ পৰিব।

অধিক গ্ৰীণ টি সেৱন কৰাটো আমাৰ পেটৰ বাবে ভাল নহয়, ই বদহজম, গেছ, বমি আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বেছিকৈ গ্ৰীণ টি সেৱন কৰিলেও আমাৰ ছালত প্ৰভাৱ পৰিব পাৰে। কাৰণ এই পানীয়ত পোৱা উপাদানসমূহে ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

অত্যধিক গ্ৰীণ টি চাহ খোৱা লোকসকলে প্ৰায়ে ভাগৰুৱা আৰু কম শক্তিৰ সন্মুখীন হয়।

অতিমাত্ৰা গ্ৰীণ টি সেৱন কৰিলে ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে। যাৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।

চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰে লোৱা বিক্ৰম লেণ্ডাৰৰ আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰিলে ইছৰোৱে

চন্দ্ৰযান–৩ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন ফটো তুলিলে ৰ’ভাৰ প্ৰজ্ঞানে। এই ফটো বুধবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিজৰ টুইটাৰত শ্বেয়াৰ কৰিছে।

ইছৰোৱে নিজৰ টুইটত লিখিছে, ‘‘স্মাইল প্লিজ… আজি পুৱা প্ৰজ্ঞান ৰ’ভাৰে বিক্ৰম লেণ্ডাৰৰ ফটো তুলিছে। এই ফটো ৰ’ভাৰে অনব’ৰ্ড নেভিগেচন কেমেৰাৰে (NavCam) লৈছে।’

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1 ! ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1…

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1।

প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ।

লঞ্চ ৰিহাৰ্চেল আৰু বাহনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পন্ন। ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1।