Home Blog Page 1395

পানীত জাহ গৈছে জেংৰাইমুখৰ জলসম্পদ বিভাগৰ কোটি টকীয়া প্ৰকল্প; অবিৰত খহনীয়াক লৈ চিন্তিত জেংৰাইমুখবাসী

মাজুলীৰ জলসম্পদ বিভাগে জেংৰাইমুখ টাউনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা তিনি কোটি টকীয়া বৃহৎ প্ৰকল্পত বৰ্তমান খহনীয়া আৰম্ভ হৈছে। জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপমূৱা আৰু ইয়াৰ সংলগ্ন এলেকাৰ থকা সোৱণশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ নামৰ প্ৰকল্প ২০১৯-২০ বিত্তীয় বৰ্ষত তিনি কোটি টকীয়া অত্যাধুনিক জিঅ’বেগ ৰূপায়ণ কৰে।

আঁচনিৰ প্ৰাককলণমতে ১২শ মিটাৰ দৈৰ্ঘ্যৰ অংশত এই অত্যাধুনিক জিঅবেগ ৰূপায়ণ কৰা হৈছিল যদিও প্ৰকল্প সম্পূৰ্ণ কৰাৰ তিনি বছৰৰ পিছত পুনৰ ভয়ংকৰ খহনীয়া আৰম্ভ হোৱালৈ লক্ষ্য ৰাখি গভীৰ ভাৱে চিন্তিত হৈ পৰিছে জেংৰাইমুখবাসী ৰাইজে।

শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি সোৱণশিৰি, লোহিত তথা খেৰকটীয়া নৈত ফেনেফোটোকাৰে বৃদ্ধি পোৱা জলস্তৰৰ বাবে মাজুলীৰ বিভিন্ন ঠাইত খেতি পথাৰ সম্পূৰ্ণৰূপে পানীৰ তল যোৱাৰ সমান্তৰালভাৱে স্পৰ্শকাতৰ অংশ জেংৰাইমুখত খহনীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে,যোৱা ২০২২ চনত জেংৰাইমুখ তিনিআলিৰ কুমাৰবাৰী অংশত ভয়ংকৰ খহনীয়া হোৱাৰ পিছত চলিত বৰ্ষৰ জুলাইত পুনৰ একেটা স্থানত তীব্ৰ খহনীয়াই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

বৰ্তমান উক্ত অংশত সাময়িকভাৱে খহনীয়া স্থৱিৰ হৈ আছে যদিও ইয়াৰ পৰা নামনিলৈ প্ৰায় ৩০/৪০ মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া আৰম্ভ হোৱাত জেংৰাইমুখ টাউনৰ চৌদিশে এতিয়া খহনীয়াৰ উকমুকণিয়ে অদূৰ ভৱিষ্যতে হ’ব পৰা সম্ভাব্য পৰিস্থিতিক লৈ এতিয়া শংকাৰ সৃষ্টি হৈছে।

বৰ্তমানৰ এই খহনীয়া পৰিস্থিতিক নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক জলসম্পদ বিভাগ মাজুলী সংমণ্ডলে অত্যাধুনিক জিঅবেগ পেলাই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা হাতত লৈছে যদিও পুনৰ জেংৰাইমুখ টাউনৰ সন্মুখভাগ খহনীয়া হোৱাত বিভাগটোৰ সম্পূৰ্ণ ব্যৰ্থতাৰ ছবিয়ে প্ৰকাশ পাইছে৷ সেয়ে সচেতন ৰাইজে শীঘ্ৰে খহনীয়া ৰোধৰ বাবে উন্নত পদক্ষেপ হাতত ল’বলৈ দাবী জনাইছে।

দিশপুৰ মহাবিদ্যালয়ত ৪৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ উচ্চশিক্ষাৰ আগশাৰীৰ অন্যতম প্ৰতিষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।

এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই পতাকা উত্তোলন আৰু উপাধ্যক্ষ ড০ সুনীতা আগৰৱালাই শ্বহীদ তৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ আহ্বায়ক তথা দৰ্শন বিভাগৰ সহযোগী অধ্যাপক ড০ মামণি কলিতাই আঁতধৰা অনুষ্ঠানটোৰ মুকলি সভাত সভাপতিত্ব কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই পোন প্ৰথমে যিসকল বৰেণ্য ব্যক্তিৰ উদ্যোগ তথা অশেষ কষ্টৰ ফলত মহাবিদ্যালয়খন স্থাপন হৈছিল তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে কয় যে, ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশতে সীমাবদ্ধ নাৰাখি কেনেকৈ সৰ্বাংগীন দিশতো আগবঢ়াই নিব পাৰি তাৰ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখাৰ লগতে দিশপুৰ মহাবিদ্যালয়ে সামাজিক দায়বদ্ধতাৰ স্বৰূপ প্ৰকাশৰ বাবে বৃহত্তৰ গণেশগুৰি অঞ্চলত কৰা কৰ্ম সমূহৰ চমু বিশ্লেষণ আগবঢ়ায়।

উক্তমুকলি সভাতনিৰ্দিষ্টবক্তা হিচাপে উপস্থিতথাকেলোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়া। “অসমৰ লোকগীত” শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰি ড০ শইকীয়াই কয় যে নিৰক্ষৰ,চহা আৰু হোজা বুলি যিসকল লোকক কোৱা হয়, তেওঁলোকৰ সাধনা,অতি প্ৰসৰ স্মৃতিশক্তি আৰু দক্ষতাৰ ফলতেই আজিৰ লোকসাহিত্যৰাজিৰ সৃষ্টি। অসমীয়া লোকগীতৰ বিহুগীতৰ পৰা আৰম্ভ কৰি বেলাড,বিয়ানাম আদিৰ অতি তাত্বিককথাবোৰঅতি ৰসাত্মকভাৱে লোকসংস্কৃতিৰ সাধক গৰাকীয়ে বৰ্ণনা কৰে।

অন্যহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ বলেন্দ্ৰ কুমাৰ দাসে কয় যে যি শিক্ষাই আমাক ভাল দিক্ষা নিদিয়ে, তেনে শিক্ষা মূল্যহীন। সুন্দৰৰ যি ভৱিষ্যতৰবাণী, দৰ্শন, সাধনা,উদ্দিপনা অনা ভাৱাবেগ,সেয়াইহে আমাক মানুহৰ শাৰীত থিয় কৰাই।

উক্ত মুকলি সভাতেই দিশপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী “দিশপুৰীয়ান” আৰু তিনিখনকৈ সম্পাদনামূলক গ্ৰন্থ উন্মোচন কৰাৰ উপৰিও মহাবিদ্যালয়ৰ এটা ইউটিউব চেনেল আৰু মহাবিদ্যালয় সংগীত দৃশ্য-শ্ৰব্য মাধ্যমত শুভাৰম্ভ কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিআয়োজন কৰা“ ভাৰতৰ G-20 অধ্যক্ষতাৰ বাবে মোৰ দৃষ্টিভংগী” শীৰ্ষক ৰচনা প্ৰতিযোগিতাত স্থাপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

২০২২-২৩বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক, শ্ৰেষ্ঠ পুথিভঁৰাল, পঢ়ুৱৈ, শ্ৰেষ্ঠবিভাগ, শ্ৰেষ্ঠ শিক্ষক বঁটা আদিও এই সভাতেই প্ৰদান কৰা হয়।

ইয়াৰ পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰসমূহ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলন কৰা হয়।

পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱসৰ বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপ ক ড০ সুমিত্ৰা চৌধুৰী।

কৃতী শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত শৈক্ষিক ৱেবছাইট মুকলি

ছাত্ৰ-ছাত্ৰীৰ উপকৃত হোৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ক হোৱাৰ লক্ষ্যৰে আজি বৰপেটা চহৰত বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্র শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই www.uday4u.com নামৰ এক শৈক্ষিক ৱেবছাইট উদ্বোধন কৰে।

কৃতি শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত তেওঁৰ পুত্ৰ শিক্ষক তথা সমল ব্যক্তি চন্দন কুমাৰ দাসে তৈয়াৰ কৰা website টো উদ্বোধন কৰি শ্ৰী দত্তই শৈক্ষিক ৱেবছাইট বা ইউটিউবৰ বিভিন্ন সমলসমূহৰ প্ৰযোজনীয়তা বাখ্যা কৰি যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি সকলোৱে তেওঁলোকৰ অনুসন্ধিৎসু মনৰ উৎকৰ্ষতাৰ কাৰণে এনেবোৰ সমল ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়।

অতিৰিক্ত আয়ুক্ত লখিমী দত্তই চন্দন কুমাৰ দাসৰ এই প্ৰচেষ্টাই বৰপেটাৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত যথেষ্ট সহায়ক হ’ব বুলি কয়। বিদ্যালয় সমূহৰ উপ পৰিদৰ্শিকা নিয়তি পাঠকে সভাপতিত্ব কৰা সভাত উপস্থিত থাকি সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাংগ ডেকাই এই ভিডিঅ সমূহ আপলোডৰ আগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমল ব্যক্তিসকলৰ দ্বাৰা ভিডিঅ সমূহ পৰিশীলিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে।

তেখেতে চন্দন কুমাৰ দাসৰ এই মহান কাৰ্য্যৰ ভূয়সী প্ৰশংসা কৰে আৰু শিক্ষকসকলক এনেকুৱা ছাত্ৰ ছাত্ৰীৰ উপযোগী ভিডিঅ প্ৰস্তুত কৰি প্ৰেৰণ কৰাৰ বাবে আহ্বান জনায়। আনহাতে বৰপেটা জিলাৰ এফ এল এন প্ৰালোচক মিনাক্ষী দাসে বিদ্যালয়সমূহত যোগান ধৰা এফ এল এন সামগ্ৰীবোৰৰ উপযুক্ত ব্যৱহাৰ সম্পৰ্কে আজি উন্মোচন কৰা ৱেবছাইট www.uday4u.com উপলব্ধ থকা বাবে শিক্ষক তথা সমল ব্যক্তি চন্দন কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰে আৰু কৃতি শিক্ষক তথা তেওঁৰ পিতৃ উদয় চন্দ্ৰ দাসক সোঁৱৰণ কৰি শ্ৰদ্ধা জনায়।

সভাপতিৰ আসনৰ পৰা বিদ্যালয়সমূহৰ উপ পৰিদৰ্শিকা নিয়তি পাঠকে তেওঁৰ ভাষনত নিপুন ব্লক হিচাপত বৰপেটা শিক্ষাখণ্ডৰ শিক্ষক সকলৰ কৰণীয় সম্পৰ্কে বহলাই বাখ্যা কৰে আৰু ৱেবছাইট Uday4U ৰ দ্বাৰা শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলোৱে উপকৃত হ’ব বুলি কয়।

বৰপেটা শিক্ষা খণ্ডৰ ৬ টা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক উপস্থিত থকা সভাখনত খণ্ড সমল ব্যক্তি লীনা বৰ্মণ, প্ৰসেনজিৎ শৰ্মা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কণজিৎ কুমাৰ দাস, নৱদ্বীপ গায়ণ, নবজিৎ কুমাৰ দাস, প্ৰবীন চন্দ্ৰ দাস, হৰ্ষজিৎ দাস, উৎপল বায়ণ আৰু ভাস্কৰ বায়ণ উপস্থিত থাকে।

ISROৰ লক্ষ্য এইবাৰ সূৰ্য; ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য–L1

চন্দ্ৰ অভিযান সফল হ’ল। এইবাৰ ISROৰ সূৰ্যমুখী যাত্ৰা। সূৰ্যৰ অধ্যয়ন কৰাৰ বাবে ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব আদিত্য–L1। সোমবাৰে এই তথ্য সদৰি কৰে ISROয়ে।

শ্ৰীহৰিকোটাৰ লঞ্চ ভিউ গেলাৰীৰ পৰা ইয়াৰ উৎক্ষেপণ চাব পাৰিব। ইয়াৰ বাবে ৱেবছাইটৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব লাগিব।

ইছৰ’ৱে ছচিয়েল মিডিয়া প্লেটফৰ্ম X (পূৰ্বৰ টুইটাৰ)ত ৱেবছাইটৰ ৰিংক উপলব্ধ। লগতে পঞ্জীয়ন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, চন্দ্ৰযান–৩ মিছনৰ পিছতে ইছৰ’ৱে ঘোষণা কৰিলে সূৰ্য মিছনৰ তাৰিখ।

উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিলে চৰকাৰক। ৰাজ্যত বিষাক্ত পানমচলাৰ ৰমৰমীয়া বেহা। কৰ্কট ৰোগৰ অন্যতম কাৰক গুটখা…

নীৰব ঘাতকৰূপী পানমচলাৰ অবাধ ব্যৱহাৰে এটা প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পিছতো নীৰব দৰ্শকৰ ভূমিকা পালন কৰি আহিছে ৰাজ্য চৰকাৰে। আনকি আদালতৰ নিৰ্দেশেও গা লৰাব পৰা নাই চৰকাৰক। উল্লেখযোগ্য যে আম আদমি পাৰ্টিৰ জিতুল ডেকাই ২০২০ বৰ্ষত ভয়ংকৰ মেগনেছিয়াম কাৰ্বনেটযুক্ত পান মচলা বিক্ৰি হৈ থকাৰ বিষয়ে দ্বাৰস্থ হৈছিল গৌহাটী উচ্চ ন্যায়ালয়ৰ। আদালতত স্বয়ং স্বাস্থ্য বিভাগৰ লগতে খাদ্য সুৰক্ষা বিভাগে বিষাক্ত মেগনেছিয়াম কাৰ্বনেটযুক্ত ৪৩ বিধ পান মচলা বিক্ৰি হৈ থকাৰ বিষয়ে স্বীকাৰ কৰিছিল। আনকি মেগনেছিয়াম কাৰ্বনেটে মানৱ শৰীৰত কৰ্কট আৰু হৃদযন্ত্ৰ বন্ধ কৰাৰ বিষয়েও অবগত কৰিছিল। উচ্চ ন্যায়ালয়ে জিতুল ডেকাৰ আবেদনৰ শুনানী গ্ৰহন কৰি অসম চৰকাৰক পান মচলা বিক্ৰিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল ২০২০ চনৰ ২১ নবেম্বৰত।

চৰকাৰে মানৱ জীৱনতকৈ ব্যৱসায়ীৰ স্বাৰ্থক গুৰুত্ব প্ৰদান কৰি আদালতৰ নিৰ্দেশ ধোঁৱাচাঙত তুলি থোৱাত জিতুল ডেকাই পুনৰ গৌহাটি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আদালতে চৰকাৰে বিষাক্ত পান মচলা বিক্ৰিৰ ক্ষেত্ৰত কি ব্যৱস্হা গ্ৰহন কৰিছে সেই বিষয়ে ১২ ছেপ্তেম্বৰত আদালতক অবগত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জিতুল ডেকাই পানমচলা বহিঃৰাজ্যৰ পৰীক্ষা কৰি বিষাক্ত মেগনেছিয়াম কাৰ্বনেট থকাৰ তথ্য আদালতত দাখিল কৰিছিল। তেওঁ চৰকাৰক এই বিষয়ে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ডেকাই জানিবলৈ দিয়ামতে ব্যৱসায়ী সকলে চকুত ধুলি মাৰিবলৈ পানমচলা আৰু জৰ্দা বেলেগে বেলেগে বিক্ৰি কৰি অহা বুলি জানিবলৈ দি কয় যে জৰ্দা আৰু পানমচলা মুখৰ ভিতৰত মিহলি হৈ গুটখা হৈ পৰে। আশ্চৰ্যজনক দিশটো হৈছে মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক পানমচলা বিক্ৰিৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ উদাসীন।

চন্দ্ৰ অভিযানৰ পিছত মহাকাশলৈ ‘ব্যোমমিত্ৰা’ নামৰ মহিলা ৰবট পঠিয়াব ভাৰতে…

ভাৰতে মহাকাশ অভিযানৰ ক্ষেত্ৰত আন এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰী জীতেন্দ্ৰ সিঙে ঘোষণা কৰিছে যে গগনযান অভিযানত এগৰাকী মহিলা ৰবট ‘ ব্যোমমিত্ৰা’ প্ৰেৰণ কৰা হ’ব। জি-২০ সন্মিলন অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “কৰোনা ভাইৰাছ মহামাৰীৰ বাবে গগনযান প্ৰকল্প বিলম্বিত হৈছিল। এতিয়া আমি অক্টোবৰত আমাৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰিম। মহাকাশচাৰীসকলক মহাকাশলৈ পঠোৱাৰ দৰেই তেওঁলোকক ঘূৰাই অনাটোও গুৰুত্বপূৰ্ণ কথা ।” মহাকাশযানখন অক্টোবৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত উৎক্ষেপণ কৰা হ’ব বুলিও তেওঁ কয়। ইয়াৰ দ্বিতীয় পৰ্যায়ত মহাকাশযানখনত ভাৰতে মহিলা ৰবট প্ৰেৰণ কৰিব। বিজ্ঞান দপ্তৰৰ মন্ত্ৰী সিঙে কয় যে ৰবটটোৱে মানুহৰ দৰেই একে কাম কৰিব। যদি সকলো ঠিকে থাকে তেন্তে চলিত বছৰতে ভাৰতে মহাকাশলৈ মহিলা ৰবট ব্যোমমিত্ৰাক প্ৰেৰণ কৰিব।

চন্দ্ৰযানৰ সফলতাৰ দ্বাৰা উৎসাহিত হৈ ইছৰোৱে কেৱল ৰবট প্ৰেৰণৰ লগতে আৰু বহু অভিযান আৰম্ভ কৰিবলৈ গৈ আছে। মিছন আদিত্য এল ১ যান খনে ২ ছেপ্টেম্বৰত সূৰ্য অভিযান আৰম্ভ কৰাৰ কথা। যান খনে কমেও ১২৭ দিনৰ ধৰি সূৰ্যৰ কক্ষপথৰ ফালে আগবাঢ়িব। আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিব। ইয়াৰ পিছতে ই সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ’ব আৰু সূৰ্যৰ বিষয়ে তথ্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব। ইছৰ’ৰ সূৰ্য অভিযানত ভাগ ল’ব আদিত্য এল১ যান খনে। আদিত্য এল১ যান ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ পেডত উৎক্ষেপণৰ বাবে সাজু কৰি তোলা হৈছে । চন্দ্ৰযান ৩ অভিযানৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অহা ১৪ দিনৰ ভিতৰত দেশৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল১ উৎক্ষেপন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ আদিত্য এল১ যানৰ সাম্ভাব্য উৎক্ষেপণৰ তাৰিখ সন্দৰ্ভত আহমেদাবাদৰ স্পেচ এপ্লিকেচন চেণ্টাৰ (এছএচি)ৰ সঞ্চালক নীলেশ এম দেশায়ে শনিবাৰে কয় যে যান খনৰ উৎক্ষেপণ ২ ছেপ্টেম্বৰত কৰাৰ সম্ভাৱনা আছে৷ বাংগালুৰুৰ ইউআৰ ৰাও উপগ্ৰহ কেন্দ্ৰত (ইউআৰএছচি) নিৰ্মাণ কৰা যান খন অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটালৈনিয়া হৈছে আৰু উৎক্ষেপণ পেডত স্থাপন কৰা হৈছে বুলিও তেওঁ কয় । ভাৰতে সূৰ্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আদিত্য-এল ১ অভিযানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়। ইছৰ’ৰ সূৰ্য অভিযানে সৌৰ কাৰ্যকলাপ আৰু মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে পৰ্যবেক্ষণ কৰিব।

মানকাচৰৰ তেলিপাৰাত চাঞ্চল্যঃ পালক পুত্ৰই ৭০ বছৰীয়া বৃদ্ধা মাতৃক ঘৰৰ পৰা মাৰপিট কৰি খেদি অগ্নিসংযোগ কৰাৰ বিৰুদ্ধে থানাত গোচৰ…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ, মানকাচৰ থানাৰ অন্তৰ্গত তেলিপাৰা গাঁৱত ব্যাপক প্ৰতিঞিয়াৰ সৃষ্টি হৈছে। এজাহাৰৰ প্ৰতিলিপিত উল্লেখ কৰা মতে তেলিপাৰাৰ কফিল উদ্দিনৰ পত্নী ছামিনা বেওাৰ নিজৰ দুজনী ছোৱালী আছিল। কিন্তু নিজৰ কোনো পএ সন্তান নোহোৱাত আত্মীয়ৰ পৰা এজন কেচুৱা লৰা সন্তান পালক হিচাপে লৈছিল। সৰুৰে পৰা ছামিনা বেওা নিজৰ সন্তানৰ নিচিনা কৈ আদৰ স্নেহ কৰি ভৰণ পোষণ দি ডাঙৰ দীঘল কৰিছিল । পালক পুএ সন্তান জনৰ নাম আছিল আব্দুল ছামাদে সম্পতিৰ লোভত বৃদ্ধা ৭৫ বছৰীয়া মাতৃক বহুদিন ধৰি শাৰীৰিক, মানশিক আদি নিৰ্যাতন চলাই আছিল সকলো সম্পত্তি তেওঁৰ নামত লবলৈ ।

পালক পাষণ্ড জনে বৃদ্ধা মাতৃ ছামিনা বেওাক মাৰধৰ কৰি নিজৰ ঘৰৰ পৰা উলিয়াই দিয়াত প্ৰাণৰ ভয়ত নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লয়। ইপিনে সেই সুযোগ গ্ৰহণ কৰি বৃদ্ধা মাতৃ গৰাকীৰ ঘৰত কোনো নথকাত পুৱতি নিশা ২ বজাত পাষণ্ড পুত্ৰ আব্দুল ছামাদ আৰু তেওঁৰ সহযোগী ছানোৱাৰ হোছেইন পিতা আব্দুল কাহিয়াব তেলিপাৰা আৰু কুকুৰ মাৰা গাঁও পঞ্চায়তৰ বোৱালীয়া গাওঁৰ অবুৰ উদ্দিনৰ পুএ মজিয়াল হক মোশাৰপ হোছেইন আৰু মোস্তাফিজুৰ বৃদ্ধা মাতৃ গৰাকীৰ ঘৰত অগ্নিসংযোগ কৰি ঘৰখন সম্পূৰ্ণ ৰোপে জ্বলাই দিয়াৰ সন্দেহত মানকাচৰ থানাত উক্ত আচামী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ গোচৰ দিয়ে। ইপিনে বৃদ্ধা মাতৃ গৰাকীৰ ঘৰত জুই লগাই ভষ্মিভুত কৰাত স্থানীয় ৰাইজে আজি ঘটনা স্থলীত উপস্থিত হৈ আচামী সকলক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্লোগানদি আকাশ বতা কপাই তোলে আৰু আৰক্ষীক ঘটনাৰ চৰজমিন তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় । এতিয়া আৰক্ষী আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

এন এইচ টি টি এফত টেবুল টেনিছ খেলুৱৈ সকলৰ মাজত জাৰ্ছী বিতৰণ

গুৱাহাটীৰ বেলতলাস্থিত অসমৰ এক আগশাৰীৰ ক্ৰীড়ানুষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনে (এন এইচ টি টি এফ) সোমবাৰে পেডলাৰ সকলৰ মাজত জাৰ্ছী বিতৰণ কৰে।

বাৰ্ষিক দিনৰ লগত সংগতি ৰাখি ফাউণ্ডেশ্যনটোৱে এই অনুষ্ঠানৰ আয়োজন কৰে। আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ বাটকটীয়া স্বৰূপ নগেন হাজৰিকা আৰু কাঞ্চন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ গৌতম হাজৰিকা আৰু প্ৰতিষ্ঠানটোৰ সভাপতি মদালছা হাজৰিকাই।

বন্তি প্ৰজ্বলন কৰি তেওঁলোকে কয় যে খেলুৱৈ সকলক উৎসাহিত কৰিবৰ বাবেই প্ৰত্যেক বছৰেই এটা দিনত আমি এই কাম হাতত লওঁ। যাতে ইয়াৰ পৰা খেলুৱৈসকলে আৰু অধিক প্ৰেৰণা লাভ কৰে। ইয়াৰ উপৰি আগন্তুক দিনত আমি আৰু নতুন নতুন কাম কৰিবলৈ আগবাঢ়িম।

খেলুৱৈ সকলক এই উপহাৰকণ দিবলৈ পাই আমি যথেষ্ঠ সুখ পাইছোঁ, আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ অনাগত দিনত বিভিন্ন পৰ্য্যায়ৰ টেবুল টেনিছ প্ৰতিযোগিতা সমূহত ভাল ফলাফল দাঙি ধৰে।

লগতে এই অনুষ্ঠানটোত উপস্থিত থাকে ফাউণ্ডেশ্যনৰ সম্পাদক বৰ্ণালী হাজৰিকা, টেবুল টেনিছ খেলুৱৈ ঘৃতাশ্ৰী হাজৰিকা, প্ৰশিক্ষক তথা খেলুৱৈ অভিভাৱকসকল।

বিশ্বৰ দেশসমূহৰ মাজত কিয় চলিছে চন্দ্ৰ বিজয়ৰ প্ৰতিযোগিতা?

চন্দ্ৰত মানৱজাতিৰ পদাৰ্পনৰ প্ৰায় ৫০ বছৰৰ পিছত চন্দ্ৰপৃষ্ঠলৈ যোৱাৰ বাবে বিশ্বৰ দেশসমূহৰ মাজত প্ৰতিযোগিতাই গা কৰি উঠিছে। কিন্তু চন্দ্ৰৰ প্ৰতি বিশ্বৰ বহু দেশ আকৰ্ষিত হৈছে কি? পানী, অক্সিজেন নথকা চন্দ্ৰত পিছে লো, চিলিকন, হাইড্ৰজেন আৰু টাইটেনিয়ামৰ দৰে উপাদান প্ৰচুৰ পৰিমাণে আছে বুলি বিজ্ঞানীসকল পতিয়ন গৈছে। বিজ্ঞানীসকলে এয়া বিশ্বাস কৰে যে বিশ্বব্যাপী হ’ব পৰা বিপৰ্যয়ৰ সময়ত চন্দ্ৰ সভ্যতাৰ বাবে এক নিৰাপদ আস্থান হ’ব পাৰে।

বিশেষকৈ পৃথিৱীত গ্ৰহাণুৰ আঘাত বা বা মহামাৰীৰ সময়ত চন্দ্ৰক বহুতে নিৰাপদ আশ্ৰয়স্থল হিচাবে বাছি ল’ব পাৰিব। যদিহে চন্দ্ৰত জীৱনৰ বাবে অনুসূল পৰিবেশ এটা সৃষ্টি কৰি ল’ব পৰা যায়। বৰ্তমান তিনিখন দেশৰ পৰা চন্দ্ৰলৈ প্ৰায় ছয়টা মহাকাশ অভিযান চলোৱা হৈছে -আমেৰিকা যুক্তৰাষ্ট্ৰ চাৰি খন দক্ষিণ কোৰিয়া এখন যানে চন্দ্ৰৰ কক্ষপথত ঘূৰি আছে। যদিও পূৰ্বৰ মহাকাশযানবোৰে আগতে চন্দ্ৰৰ উত্তৰ অংশতসফলতাৰে অৱতৰণ কৰিছিল, কেৱল ভাৰতৰ চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠৰ আকাংক্ষিত দক্ষিণ মেৰুত ইতিহাস সৃষ্টি কৰি অৱতৰণ কৰিছে।
চন্দ্ৰৰ দক্ষিণ মেৰু পৃথিৱীৰ পৰা দৃশ্যমান নহয়, সেয়েহে তাত থকা মহাকাশযানৰ সৈতে যোগাযোগ স্থাপন কৰাটোও কঠিন। ৰাছিয়াৰ লুনা লেণ্ডাৰ মিছন, যি চন্দ্ৰযান-৩ৰ সৈতে একেলগে চন্দ্ৰৰ দক্ষিণ মেৰুত থাকিব বুলি আশা কৰা হৈছিল, সেই আশা অৱশ্যে পূৰণ নহ’ল। ২০ আগষ্টত চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হয় ৰাছিয়াৰ লুনা ২৫।জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, চীন আৰু ৰাছিয়াৰ দৰে দেশসমূহে শীঘ্ৰেই চন্দ্ৰলৈ কক্ষীয় আৰু লেণ্ডাৰ অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। “চন্দ্ৰৰ দক্ষিণ দিশটো বিজ্ঞানীসকলৰ বাবে বিশেষ আগ্ৰহৰ দিশ। কাৰণ ইয়াৰ চাৰিওফালৰ পৰিবেশে পানী অথবা বৰফ থকাৰ ইংগিত দিছে। সেয়ে সেই অংশটো এসময়ত বিশ্ববাসীয়ে বসবাসৰ বাবে বাছনি কৰিব পাৰিব বুলি বহুতে আশা কৰিছে।


আইআইটি যোধপুৰৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ৰীতাঞ্জলি মোহৰানাই কয় “চন্দ্ৰলৈ যোৱাৰ প্ৰথম কাৰণ হ’ল ই আমাক আন গ্ৰহলৈ সহজে যোৱাত সহায় কৰিব। দ্বিতীয়তে চন্দ্ৰত হিলিয়াম আৰু লিথিয়ামৰ দৰে কিছুমান বিৰল ধাতুৰ প্ৰাচুৰ্য আছে। যি বিশ্বব্যাপী বিজ্ঞানীসকলৰ আগ্ৰহ আকৰ্ষণ হৈ পৰিছে। যিহেতু সমগ্ৰ বিশ্বৰ সম্পদ হ্ৰাস পাইছে, কাইলৈ মানুহৰ বাবেই চন্দ্ৰৰ পৰা তেনেবোৰ সম্পদ লাভ কৰাটো সম্ভৱ হ’ব পাৰে,”। অনন্ত টেকন’লজিছ (এটিএল)ৰ প্ৰতিষ্ঠাপক আৰু চিএমডি ড০ চুব্বা ৰাও পাভুলুৰীয়ে কয় যে চন্দ্ৰত প্ৰচুৰ সম্ভাৱনা আছে। বিশেষকৈ প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত । ভাৰতৰ উৎক্ষেপণ বাহন আৰু উপগ্ৰহৰ ক্ষেত্ৰত ইছৰ’ৰ দীৰ্ঘদিনীয়া অংশীদাৰ হৈ আহিছে এই প্ৰতিষ্ঠানটো। চন্দ্ৰযান-৩ৰ বাবে উৎক্ষেপণ বাহন নিৰ্মানতো এই প্ৰতিষ্ঠানটোৱে অৰিহণা যোগাইছে।

ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত আজি জাপানে চন্দ্ৰলৈ প্ৰেৰণ কৰিব লেণ্ডাৰ…

ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত বিশ্বৰ বহু দেশে এতিয়া চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে। আজি জাপানৰ মহাকাশ সংস্থাই চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ আৰু এক্স-ৰে অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। জাপানীজ এৰোস্পেচ এক্সপ্লোৰেচন এজেন্সিৰ (জেএএক্সএ) স্লিম (স্মাৰ্ট লেণ্ডাৰ ফৰ ইনভেস্টিং মুন)ৰ নেতৃত্বত দেশ খনে এই অভিযান চলাব। চন্দ্ৰৰ বহু অজানা তথ্য লাভ কৰাৰ বাবেই জাপানে এই অভিযান চলাব বুলি জানিব পৰা গৈছে। যাপানৰ এই অভিযানৰ উদ্দেশ্য হৈছে ভৱিষ্যতে চন্দ্ৰৰ অনুসন্ধানৰ বাবে প্ৰয়োজনীয় পিনপইণ্ট লেণ্ডিং প্ৰযুক্তি ব্যৱহাৰ কৰা। যদি জাপানৰ এই প্ৰচেষ্টা সফল হয় তেন্তে জাপান ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰতৰ পিছত চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা পঞ্চম খন দেশ হ’ব।

এই অভিযানে এক্স-ৰে ইমেজিং আৰু স্পেক্ট্ৰোস্কোপী মিছন (এক্সআৰআইএছএম)ক চন্দ্ৰত স্থাপন কৰিব । এই প্ৰযিক্তিয়ে বিজ্ঞানীসকলক তৰা আৰু ছায়াপথৰ প্লাজমা পৰ্যবেক্ষণ কৰাত সহায় কৰিব। উল্লেখ্য জাপানে শনিবাৰে চন্দ্ৰলৈ যান প্ৰেৰণ কৰাৰ কথা আছিল যদিও শেষমুহূৰ্তত সেয়া পিছুৱাই দিয়া হৈছিল । সোমবাৰে জাপানৰ জেএএক্স-এ তানেগাছিমা মহাকাশ কেন্দ্ৰৰ ইয়োশিনোবু উৎক্ষেপণ কমপ্লেক্সৰ পৰা জেএএক্সএৰ এইচ২-এ ৰকেটত চন্দ্ৰলৈ উৎক্ষেপণ কৰিব। জাপানীভাষাত “মুন স্নাইপাৰ” বুলিও জনাজাত স্লিম উৎক্ষেপণৰ ৩ ৰ পৰা ৪ মাহ পিছত চন্দ্ৰৰ কক্ষপথত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। যদি সকলো ঠিকে চলি থাকে তেন্তে যান খনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হ’ব।উল্লেখ্য ভাৰতে চন্দ্ৰ অভিযানৰ বাবে চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ সময়তে ৰাছিয়ায়ো লুনা-২৫ যান প্ৰেৰণ কৰিছিল। কিন্তু উচ্চগতিৰ বাবেই ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈ ধ্বংসপ্ৰাপ্ত হৈছিল।